Breaking

গহপুৰৰ এটি দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ কৰুণ জীৱন সংগ্ৰাম : আজিকোপতি লাভ কৰা নাই চৰকাৰী সাহায্য

0 21

দেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক সকলৰ সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন জনকল্যানমূলক আঁচনি গ্ৰহণ কৰি আহিছে যদিও আজিকোপতি চৰকাৰৰ উন্নয়ন মূলক আঁচনিয়ে স্পৰ্শ কৰা বহু দৰিদ্ৰ পৰিয়ালক। এই ক্ষেত্রত গহপুৰ মহকুমাৰ সোণাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত অসম- অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী ককিলাৰ এটি দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ কথা উল্লেখ কৰিব পাৰি। উক্ত গাঁও খনত দীৰ্ঘ দিন ধৰি বসবাস কৰি মৰিয়া গয়াৰী আৰু বুধবাৰী গয়াৰীৰ এগৰাকী জীয়ৰী আৰু চাৰি পুত্ৰ সন্তানৰ ভিতৰত চাৰি গৰাকী সন্তানেই বিশেষ ভাবে সক্ষম।বিশেষ ভাবে সক্ষম তিনি পুত্ৰ আৰু একমাত্ৰ জীয়ৰীয়ে চকুৰে নেদেখে, কাণেৰে নুশুনে আৰু মাত- বোল কৰিব নোৱাৰে। এনে এক অবৰ্ণনীয় অৱস্থাৰ মাজতে দুবছৰ মান পূৰ্বে বিশেষ ভাবে সক্ষম সন্তান কেইটাক নিঠৰুৱা কৰি মৰিয়া আৰু বুধবাৰীয়ে ইহ সংসাৰ এৰি যায়। পিতৃ- মাতৃৰ বিয়োগৰ পিছতে অধিক অসহায় হৈ পৰা পৰিয়ালটিয়ে জীৱন-জীৱিকাৰ বাবে কঠোৰ জীৱন সংগ্ৰামত অৱতীৰ্ণ হ’ব লগা হয়। বৰ্তমান পিতৃ- মাতৃয়ে নিৰ্মাণ কৰি থৈ যোৱা এটা জৰাজীৰ্ণ গৃহত একেলগে বসবাস কৰি থকা দুৰ্দশাগ্ৰস্ত পৰিয়ালটোৱে জীৱিকা নিৰ্বাহৰ ক্ষেত্রত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। উপায়ান্তৰত বিশেষ ভাবে সক্ষম হোৱা স্বত্বেও ডাঙৰ পুত্ৰই সমীপৰ হোটেলত পানী ভাৰীৰ কাম কৰি আৰু জীয়ৰীয়ে খৰি লুৰি- সেইয়া বিক্ৰী কৰি জীৱন- জীৱিকাৰ কঠোৰ তথা কষ্টসাধ্য সংগ্ৰাম অব্যাহত ৰাখিছে। উল্লেখ্য যে উক্ত দুৰ্ভগীয়া পৰিয়ালটোৰ আটাই কেইগৰাকীয়েই নিৰ্বাচনত ভোট দান কৰি আহিছে যদিও দেশৰ দৰিদ্ৰতম নাগৰিক হিচাবে পৰিয়ালটোৱে আজিকোপতি লাভ কৰা নাই কোনো ধৰণৰ বিশেষ চৰকাৰী সাহায্য। এনে ক্ষেত্ৰত পৰিয়ালটোৰ কনিষ্ঠ পুত্ৰ অজিত গয়াৰীৰ লগতে স্থানীয় ৰাইজে চৰকাৰৰ বিভিন্ন জনকল্যাণ মূলক আঁচনিৰ জৰিয়তে দুৰ্দশাগ্ৰস্ত পৰিয়ালটিক সকাহ প্ৰদান কৰিবৰ বাবে বৰ্তমানৰ চৰকাৰ খনক আহ্বান জনাইছে।

Leave A Reply