Breaking

ৰাইজৰ দলৰ তৃণমূল কৰ্মীৰ ব্যতিক্ৰমী প্ৰতিবাদঃ অখিল গগৈক বিনাদোষত জে’লত ভৰাই থোৱাৰ বাবে বিগত দুটা বছৰ দাঢ়ি-চুলি নকটাকৈ প্ৰতিবাদ সাব্যস্ত :

0 1,318

বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ সাংগঠনিক সম্পাদক হল   ধনজিৎ বৰ্মন । পিছে  সৰ্থেবাৰীৰ  লচিমাৰ এইগৰাকী ধনজিৎ বৰ্মনে তেওঁৰ  প্ৰিয় নেতা অখিল গগৈক জে’লত ভৰাই থোৱাৰ বাবে নিজৰ দাঢ়ি -চুলি নকটাৰ লৈছিল সংকল্প । যেতিয়ালৈকে অখিল গগৈক মুকলি কৰি দিয়া নহ’ব তেতিয়ালৈকে চুলি -দাঢ়ি নকটাৰ সংকল্প লৈ বিগত প্ৰায় দুটা বছৰে এইদৰে ভোবোকাৰ দাঢ়ি- চুলিৰে ফুৰিছিল  সাংগঠনিক  কাম কৰি । আৰু ইতিমধ্যেই  জে’লৰ পৰা অখিল গগৈ মুকলি হোৱাত আনন্দিত হৈ আজি আনুষ্ঠানিকভাবে  নিজৰ দাঢ়ি চুলি কাটি প্ৰতিবাদৰ সামৰণি মাৰিলে বৰ্মনে। এই প্ৰতিবাদস্থলিত উপস্থিত  হৈ  সৰুক্ষেত্ৰীৰ ৰাইজৰ দলৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত  অধ্যাপক  পৰেশ  ভূঞা , মানব অধিকাৰ সংগ্ৰাম  সমিতিৰ  অধ্যক্ষ  আদিত্য লহকৰ আদিয়ে ভাষণ প্ৰদান কৰে । আৰু এইদৰেই আজি নিজৰ দাঢ়ি চুলি কাটি এইদৰে নিজৰ প্ৰতিজ্ঞা সমাপ্ত কৰা কাৰ্যই বিভিন্ন মহলত চৰ্চিত হৈছে

Leave A Reply