Breaking

দেৱালত চিত্ৰ অংকন কৰি লাভলীনালৈ শুভকামনা জনোৱা হ’ল টীয়কত

0 1,403

 ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলাৰ টীয়কতো অসম সন্তান লাভলীনা বৰগোঁহাই(Lovelina Borgohain)ক লৈ উচাহৰ ঢল বৈছে । টকিঅ’ অলিম্পিক(Tokyo olympic)ত পদক অৰ্জনৰে যাতে লাভলীনাই অসমলৈ গৌৰৱ কঢ়িয়াই আনে তাৰ বাবে খেলুৱৈ গৰাকীক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে টীয়কৰ মাজ মজিয়াত দেৱালত অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ যোৰহাট জিলা সমিতিয়ে লাভলীনাৰ চিত্ৰ অংকন কৰিছে । এতিয়া সকলোৱে আশা কৰিছে অসমৰ প্ৰথম মহিলা হিচাপে অলিম্পিকত অংশ গ্ৰহণৰে অসমৰ মান বৃদ্ধি কৰা লাভলীনাই পদক জয় কৰি আৰু অধিক সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হওক ৷

Leave A Reply