Breaking

ওৰাং -মাজবাটত চুলাই ঘাটি উৎখাত আৰক্ষীৰ : শইকীয়া চুবুৰীত ৩০০ লিটাৰ চুলাই মদ নষ্ট ।

0 1,560

মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মাই  চুলাই ঘাটিৰ পৰাই ক’ৰোনাৰ গন সংক্ৰমণ হোৱাৰ নিশ্চিত তথ্য লাভ কৰাৰ পাছত  ৰাজ্য খনত অবৈধ ভাৱে চলি থকা চুলাই মদৰ ঘাটি সমুহ উৎখাত কৰিবলৈ জৰুৰী নিৰ্দেশ জাৰি কৰিছিল । মুখ্যমন্ত্ৰীৰ এই জৰুৰী বাৰ্তা পোৱাৰ পাছতে ওদালগুৰি জিলা আবকাৰী বিভাগে স্থানীয় প্ৰশাসনৰ সহযোগত ভিন্ন অঞ্চলত  ইটোৰ পিছত সিটো চুলাই মদৰ  ঘাটি উৎখাত কৰিছে । ওৰাং আৰক্ষীয়ে একেৰাহে  আজি কেবাদিন ধৰি এই চুলাই মদৰ বিৰুদ্ধে তীব্ৰতৰ  অভিযান চলাই  ২৪ জুলাইত আবেলি ২নং শইকীয়া চুবুৰী গাওঁত কেবাটাও চুলাই মদৰ ঘাটি উৎখাত কৰি ৩০০ লিটাৰ চুলাই মদ নষ্ট কৰাৰ লগতে  ওৰাং আৰক্ষীয়ে  চমুৱা গাওঁ,ভোগদল গেলাবিল  আন কেইবাঠাইতো  অবৈধ চুলাই মদৰ ঘাটি উচ্ছেদ কৰি শ ,শ লিটাৰ চুলাই মদ নষ্ট কৰি পেলোৱাৰ  লগতে বিশাক্ত চুলাই মদ তৈয়াৰ কৰা বহু নিচা জাতীয় সামগ্ৰী উদ্ধাৰ কৰিছে । ওৰাং আৰক্ষীৰ এই চুলাই মদৰ ঘাটি উচ্ছেদ অভিযান  নিতান্তই প্ৰসংশনীয়  পদক্ষেপ যদিও ওৰাং আৰক্ষী থানা এলেকা ধনশ্ৰীঘাট, দফলাপোটা, পাউৰীপোটা,ওৰাং চাহ বাগিছাৰ ১ নং গেট আৰু হাবিগাওঁতো অবাধে চলি আছে চুলাই মদৰ ৰমৰমীয়া বেহা । ইফালে মাজবাট আৰক্ষী  প্ৰশাসনেও চুলাই মদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই  খুচুৰাবাৰী ,বেটিবাৰী চাহ বাগিছাৰ লগতে মাজবাট থানাৰ  পাৰ্শ্বৱৰ্তী এলেকা ওৰাং চাহ বাগিচা, নিচিলামাৰীত শ শ লিটাৰ চুলাই মদ নষ্ট কৰি  চুলাই  মদৰ ঘাটি সমুহ উৎখাত কৰাৰ লগতে  মদ তৈয়াৰ কৰা  বাচন বৰ্তন সমুহ লণ্ড  ভণ্ড কৰে । আনহাতে ফুলগুৰি, মহলীযাপাৰা,নাহৰঝাৰ,লামাবাৰী চেন্টাৰ  ইত্যাদি অঞ্চলত চুলাই মদৰ অবাদ বেহা চলি থকাৰ উপৰিও মাজবাট, লামাবাৰী,বাহিপুখুৰী ,বেটেৰি, বেটিবাৰী, ধনশ্ৰী আৰু ওৰাং চাহ বাগিছাটো একাংশ লোকে  চুলাই মদৰ ঘাটি স্থাপন কৰি অঞ্চল সমুহত মহামাৰী ক’ৰোনাৰ গন সংক্ৰমণেই নহয়  সমাজিক, শৈক্ষিক, অৰ্থনৈতিক পৰিৱেশ বিনষ্ট কৰি আহিছে ।অতি শীঘ্ৰে এই চুলাই মদৰ ঘাটি সমুহ উৎখাত কৰিবলৈ আবকাৰী তথা স্থানীয় প্ৰশাসনক অনুৰোধ জনাইছে ওৰাঙ আৰু   মাজবাট বাসী ৰাইজে ।

Leave A Reply