Breaking

বাঘবৰৰ ভাতনাপইতিত তালিবানী কায়দাৰে ডকাইতি কাণ্ড

0 1,222

দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি চৰ থানাৰ অন্তৰ্গত ভাতনাপাইতি গাওঁৰ একাব্বৰ আলীৰ ঘৰত নিশা সাত জনীয়া ডকাইতৰ দলে কৰিলে চাঞ্চল্যকৰ ডকাইতি কাণ্ড। জানিব পৰা মতে একাব্বৰ আলী ঘৰত নথকা অৱস্থাত যোৱা নিশা ঘৰৰ দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰে ডকাইতৰ দলটি, ঘৰত প্ৰৱেশ কৰিয়েই একাব্বৰ আলীৰ পত্নী আমেলা খাতুনৰ গাত হাত দিয়াত আমেলা খাতুনে টোপনিৰ পৰা সাৰ পাই উঠি চিঞৰ বাখৰ কৰিব খোজতেই মহিলা গৰাকীৰ মুখত সোপা মাৰি ধৰে আৰু হাত ভৰি বান্ধি ল’ই মুখখনো কাপোৰেৰে তালিবানী কায়দাৰে বান্ধি ল’ই টেবুল আৰু ট্ৰাঙ্কৰ চাবি বিচাৰে। পিছত মহিলা গৰাকীয়ে চাবি নিদিয়াতে ক্ষুন্ন হৈ ডকাইতৰ দলে মহিলা গৰাকীক ধৰ্ষণৰ ভাবুকি দি দেহত হাত দিয়া বুলি ভুক্তভোগী মহিলা গৰাকীয়ে প্ৰকাশ কৰে। পিছত ডকাইতৰ দলটোৱে মহিলা গৰাকীক লোৰ ৰডেৰে আঘাত কৰে আৰু ধৰ্ষণৰ কৰাৰ হুমকি দিয়াত ভয়তে মহিলা গৰাকীয়ে চাবিপাত দিয়ে আৰু ডকাইতৰ দলটোৱে নগদ ধন প্ৰায় এক লাখ টকা বিশ হাজাৰ টকাৰ গহনা আৰু প্ৰয়োজনীয় নথি পত্ৰ লৈ যায়।  উল্লেখ্য যে ভুক্তভোগী আমেলা খাতুনে জানিব দিয়া মতে ডকাইতৰ দলত ভাতনাপইতি গাঁৱৰ মদন আলী ওৰফে আবু ছেলিম আৰু ছয়সীমানা গাঁৱৰ জনৈক ইছমাইল নামৰ এজনক চিনি পায় যদিও আন্ধাৰৰ বাবে বাকী বোৰক চিনিব নোৱাৰিলে। ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হৈছে বুলি পৰিয়ালৰ লোকে জনায়।

Leave A Reply