Breaking

ওৰাঙৰ শ্ৰী সত্য সাই সেৱা কমিটিৰ উদ্যোগত তেজপুৰ চিকিৎসালয়ত ২৫০গৰাকীক ফলমুল বিতৰণ

0 1,247

২৪জুলাইত  গুৰু পূৰ্ণিমা উপলক্ষে অসম শ্ৰী সত্য সাই সেৱা কমিটীৰ ৰাজ্যিক সভাপতি  সত্যেন শৰ্মা দেবৰ তত্বাৱধানত তেজপুৰ, বিশ্বনাথ চাৰিআলি, ওৰাং, দৰং আৰু তামুলপুৰ শ্ৰী সত্য সাই সেৱা কমিটীৰ নেতৃত্বত তেজপুৰ মেডিকেল কলেজ ত ২৫০ গৰাকী কভিড ৰোগী সকলৰ মাজত ফলমূল, গাখীৰ, খেজুৰ, বিস্কুট আৰু ORS বিতৰণৰ ব্যবস্থা কৰা হয় । উক্ত বিতৰণ অনুষ্ঠানত ভাগ লৈ তেজপুৰ সত্য সাই সেৱা কমিটিৰ তৰফৰ পৰা ডক্তৰ পি কে শৰ্মা, ডাঃ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মা,(কনভেনৰ)  বিজয় বৰা, (তেজপুৰ আৰু বিশ্বনাথ চাৰিআলিৰ জিলা সভাপতি) আৰু  অংশুমান শৰ্মা । ওৰাং, শিঙৰী আৰু তামোল পুৰ  কমিটিৰ তৰফৰ পৰা ক্ৰমে  ধৃতিমান বৰুৱা (দৰং ওদালগুৰিৰ জিলা সভাপতি) পংকজ শৰ্মা, ভূপেশ ডেকা, ঝুলন শৰ্মা, দীপক নেৱাৰ, কৃষ্ণ বছনেত, জিতুমণি গায়ন আৰু  জিংকুমনি গায়ন । তিনিবাৰ কৰি ঔম কাৰ  ব্ৰহ্ম গায়ত্ৰী আৰু শ্ৰী সাই গায়ত্ৰী মন্ত্ৰৰে এই বিতৰণ কায্যসুচিৰ অনুষ্ঠান আৰম্ভণি কৰা হয় ।  এই বিতৰণ কায্য সূচি অনুষ্ঠানত সহযোগ কৰে  তেজপুৰ মেডিকেল কলেজৰ তৰফৰ পৰা  ডক্তৰ মাধৱ ৰাজবংশী (মুখ্য তত্বাৱধায়াক তেজপুৰ মেডিকেল কলেজ ) ডক্তৰ,  নাৰ্ছ আৰু স্বাস্থ্য কৰ্মী সকলে ।

Leave A Reply