Breaking

নাজিৰাৰ প্ৰবীণ এথলেট দণ্ডী ফুকনৰ পৰলোক

0 2,037

নাজিৰাৰ ৰাজপথত শুভ্ৰ ধুতী পাঞ্জাৱী চোলা পৰিধান কৰি নিতৌ চাইকেল চলাই এক ক্ৰীড়াৰ মানসিকতা প্ৰদৰ্শন কৰি অহা শতবৰ্ষমুখী খেলুৱৈ দণ্ডী ফুকনৰ কালি বিয়লি ১২-৪৫ বজাত নগৰৰ ওপৰ নাজিৰা ১ নং ৱাৰ্ডৰ বাসগৃহত পৰলোক প্ৰাপ্তি ঘটে । মৃত্যুৰ সময়ত প্ৰায় শতবৰ্ষত উপনীত দণ্ডী ফুকনে মাষ্টাৰ্ছ এথলেট হিচাপে ২০১১ চনত চণ্ডীগড়ত অনুষ্ঠিত পাঁচ কিঃমিঃ খোজ কঢ়া প্ৰতিযোগিতাত ৰাজ্যক প্ৰতিনিধিত্ব কৰি অসম ৰাজ্যলৈ ভাৰতীয় মাষ্টাৰ্ছ এথলেটিকছ ফেদাৰেচনৰ ৰূপৰ পদক কঢ়িয়াই আনিছিল । ২০০৫ চনত বি টি এ ডিত অনুষ্ঠিত অসম ভেটাৰ্ন এমেচাৰ এথলেটিক চেম্পিয়নশ্বিপত দহ কিঃমিঃ খোজ কাঢ়ি সোণৰ পদক, কোকৰাঝাৰৰ কাজলগাঁৱত এশ মিটাৰ আৰু পাঁচ কিঃমিঃ দৌৰত ৰূপৰ পদক, ২০১০ চনত মৰাণত দুশ মিটাৰ দৌৰত সোণ আৰু গৃহ জিলা শিৱসাগৰ, লখিমপুৰ, চিলাপথাৰ আদিকে ধৰি ৰাজ্যৰ ভিন্ন স্থানৰ মাষ্টাৰ্ছ এথলেটিকছত যোগদান কৰি কেইবাটিও পদক জয় কৰিছিল । নিতৌ পুৱা চাইকেল চলোৱা অভ্যাস প্ৰদৰ্শন কৰি নাজিৰা বাসীৰ মাজত জনপ্ৰিয় হোৱাৰ লগতে এক উজ্জল হাঁহিৰে সকলোকে সন্মোহিত কৰিছিল । স্বাধীনতা আন্দোলনক কিশোৰ অৱস্থাত প্ৰত্যক্ষ কৰিবলৈ পোৱা দণ্ডী ফুকনে স্বাধীন দেশৰ চৰকাৰত চিপাহী হিচাপে অন্তৰ্ভূক্ত হৈছিল । ৰাষ্ট্ৰীয় প্ৰবীণ এথলেটৰ স্বীকৃতি  হিচাপে নাজিৰা মহকুমা প্ৰশাসনে ২০০৬চনত  তেওঁক স্বাধীনতা দিৱসত ৰাজহুৱাভাৱে সন্মানিত কৰিছিল । এটি বৃদ্ধ পেনচনৰ স্বীকৃতিৰ বাহিৰে অত্যুৎসাহী ক্ৰীড়া সত্বা দণ্ডী ফুকনক অসম চৰকাৰে কোনো ক্ৰীড়া জলপানি বা ক্ৰীড়া পেনচন জীৱন কালতে প্ৰদান নকৰিলে । তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসংখ্য লোকে তেওঁৰ বাসগৃহত ভিৰ কৰেহি । নাজিৰা জিলা ক্ৰীড়া সন্থাৰ সম্পাদক গোপাল গগৈয়ে সন্থাৰ হৈ গভীৰ শোক প্ৰকাশ কৰিছে ।  নাজিৰাৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া , প্ৰাক্তন মন্ত্ৰী ড০ হেম প্ৰভা শইকীয়া ,  নাজিৰাৰ কেইবাটিও ক্ৰীড়া সংঘ, তাই সাংস্কৃতিক কেন্দ্ৰ আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে । এই সংসাৰত তেওঁ শয্যাগত পত্নী প্ৰভাৱতী ফুকন সহ ছয়গৰাকীকৈ জী-জোৱাঁই আৰু নাতি নাতিনীক এৰি থৈ গৈছে । 

Leave A Reply