Breaking

লাহৰীঘাটৰ বৰালিমাৰীত ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াৰ তাণ্ডৱ

0 1,150

 মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ বৰালিমাৰীত  বিগত এটা সপ্তাহে অঞ্চলটোত অব্যাহত থকা খহনীয়াৰ ফলত গৃহহীন হৈছে বহু পৰিয়াল। খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে আন কেইবাটাও পৰিয়াললৈ। খহনীয়াৰ আতংকত বিনীদ্ৰ ৰজনী অতিবাহিত কৰিব লগা হৈছে নৈপৰীয়া ৰাইজে। কিন্তু এই ক্ষেত্ৰত মৰিগাঁও জিলা প্ৰশাসন তথা জিলা জলসম্পদ বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে নৈপৰীয়া লোকে। উল্লেখ্য স্বাধীনতাৰ পিছৰে পৰাই লাহৰীঘাট অঞ্চলত অব্যাহত থকা খহনীয়াৰ ফলত লাহৰীঘাট-ভূৰাগাঁও ৰাজহচক্ৰ অন্তৰ্গত ৫০খনতকৈ অধিক গাওঁ ব্ৰহ্মপুত্ৰৰ বুকুত নি:শেষ হৈছে যদিও আজিলৈকে কোনো এখন চৰকাৰে লাহৰীঘাট অঞ্চলৰ খহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ সদিচ্ছা প্ৰকাশ কৰা পৰিলক্ষিত নহল।খাইৰুল ইছলাম ভূৰাগাঁও মৰিগাঁও

Leave A Reply