Breaking

নাট্যকাৰ-সাংবাদিক-যুৱ সমাজকৰ্মী অনিৰ্বাণ বৰগোঁহাইৰ অকাল বিয়োগঃ গোগামুখত শোকৰ ছাঁঃ

0 1,491

নাট্যকাৰ, পৰিচালক, যুৱ সমাজকৰ্মী, গোগামুখ প্ৰেছ ক্লাবৰ সভাপতি, সাংবাদিক তথা গোগামুখ বালিগাঁও নিৱাসী অনিৰ্বাণ বৰগোঁহাইৰ আজি অকাল বিয়োগ ঘটিছে ৷ জানিব পৰা মতে ভিন্ন প্ৰতিভা সম্পন্ন অনিৰ্বাণ বৰগোঁহাই দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল ৷ কালি তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত তেওঁক উন্নত চিকিৎসাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসাদিন অৱস্থাতে আজি দুপৰীয়া প্ৰায় ১১-৩০ বজাত তেওঁৰ দেহাৱসান ঘটে ৷ উল্লেখনীয় যে, প্ৰয়াত অনিৰ্বাণ বৰগোঁহাইৰ জন্ম হৈছিল ১৯৭৮ চনত ৷ তেওঁৰ পিতৃৰ নাম হৈছে ভদ্ৰেশ্বৰ বৰগোঁহাই আৰু মাতৃৰ নাম হৈছে বুলুমাই বৰগোঁহাই ৷ প্ৰয়াত বৰগোঁহাই সৰুৰে পৰা সাহিত্য-সামাজিক, সাংস্কৃতিক ক্ষেত্ৰত জৰিত আছিল ৷ বৈদ্যুতিক মাধ্যম ডি ৱাই ৩৬৫, দৈনিক অগ্ৰদূত কাকতৰ লগতে অসমীয়া প্ৰতিদিন কাকতত সাংবাদিকতা জীৱন আৰম্ভ কৰা বৰগোঁহায়ে মৃত্যুৰ মূহূৰ্তলৈকে অসমীয়া প্ৰতিদিন কাকতৰ গোগামুখৰ সংবাদাতা হিচাপে দায়িত্ব পালন কৰি আহিছিল ৷ তেওঁ গোগামুখ প্ৰেছ ক্লাবৰ দুবাৰকৈ সভাপতিৰ আসনত বহাৰ লগতে গোগামুখ ডেনডুন নাট্যগোাষ্ঠীৰ প্ৰতিস্হাপক সভাপতি, গোগামুখ গণনাট্য বাহিনীৰ সম্পাদক আৰু গোগামুখৰ চিনাকি আলোচনীৰ অন্যতম পদপ্ৰদৰ্শক আছিল ৷ নদীবান্ধ বিৰোধী সংগঠন পি এম এছ বি ভি আৰু স্বেচ্ছাসেৱী সংস্হা পৰিবৰ্তনৰো তেওঁ আছিল অন্যতম বাটকটীয়া ৷ তেওঁ গোগামুখত নাট্য আন্দোলনৰ সৃষ্টি কৰি বহিঃ ৰাজ্যৰ গোৱা, কলকাতা আদিত অসমীয়া আৰু মিচিং ভাষাৰ নাট প্ৰদশৰ্ন কৰি গোগামুখৰ লগতে সমগ্ৰ ধেমাজি জিলালৈ সু-নাম কঢ়িয়াই আনিছিল ৷ বিভিন্ন কাকত-আলোচনী ভিন্ন স্বাদৰ প্ৰৱন্ধ, কবিতা লিখিও প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল ৷ ছমাহ পূৰ্বে লখিমপুৰ জিলাৰ ৰূপহী চাউলধোৱাত পৰম্পৰা নামৰ থলুৱা খাদ্যৰ ৰেষ্টুৰেণ্ট এখন খুলি অসমীয়া থলুৱা খাদ্য সম্ভাৰেৰে গ্ৰাহকক আপ্যায়নৰ ব্যৱস্থা কৰাৰ লগতে বনষৌধি গছ-লতা বিক্ৰী কৰি অসমৰ ঔষধি গুণযুক্ত গছ-লতা তথা উদ্ভিদ সমূহ সংৰক্ষণ আৰু সংবৰ্ধনৰ ব্যৱস্থা কৰিছিল ৷ এইগৰাাকী ভিন্ন প্ৰতিভা সম্পন্ন প্ৰয়াত বৰগোঁহাইৰ দেহাৱসানত সমগ্ৰ গোগামুখত গভীৰ শোকৰ ছাঁ পৰিছে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা
জ্ঞাপন কৰিছে ৷ অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অনিৰ্বাণ বৰগোঁহাইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, গোগামুখ আঞ্চলিক ছাত্ৰ সন্হা, টি এম পি কে, মিচিং আগম কৗবাং, এবছু, সদৌ টাই আহোম ছাত্ৰ সন্হা. গোৰ্খা ছাত্ৰ সন্হাৰ গোগামুখ আঞ্চলিক সমিতি সমূহ, লখিমপুৰ জিলা ছাত্ৰ সন্হাৰ হৈ ধনমণি দত্ত, গোগামুখ ছেম্বাৰ্চ অৱ কমাৰ্চ, সোৱণশিৰি মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গ, এন চি ডি মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গ আৰু গোগামুখ প্ৰেছ ক্লাবৰ তৰফৰ পৰা বৰগোঁহাইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোক সন্তপ্ত পৰিয়ালবগৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

Leave A Reply