Breaking

মৰিগাঁৱত দেশভক্ত দিৱস উদযাপন

0 1,241

মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ক’ভিড বিধি মানি অনুষ্টুপীয়াকৈ দেশভক্তি দিৱস উদযাপন কৰা হয় | জিলা উপায়ুক্ত সীমাৰেখা ভূঞাৰ পৌৰাহিত্যত দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুস্পমাল্য প্ৰদানেৰে অনুস্থিত আজিৰ সভাত মৰিগাঁও জিলাৰ বিশিষ্ট গৱেষক সাহিত্যিক মনেশ্বৰ দেউৰী আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে লগতে মৰিগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলনীৰ কাৰ্যকৰী সভাপতি যিতেন শৰ্মা আৰু সাংবাদিক বিৰিঞ্চি শৰ্মায়ো ভাষণ প্ৰদান কৰে | সভাত অতিৰিক্ত উপায়ুক্ত সকল, সহকাৰী আয়ুক্ত সকল, মহকুমাধিপতি সদৰ লগতে উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থকে |

Leave A Reply