জামুগুৰিহাটৰ কুসুমটোলাৰ যুৱ ব্যৱসায়ী নিৰ্মল মিশ্ৰৰ আজি উচ্চ ৰক্তপাত জনিত কাৰণত মৃত্যু হয়।পুৱা প্ৰায় ৯ মান বজাত নিজ গৃহত গুৰুত্বৰভাৱে অসুস্থ হৈ পৰা যুৱ ব্যৱসায়ী গৰাকীক ততাতৈয়াকৈ পৰিয়ালৰ লোকে উত্তৰ জামুগুৰি চিকিংসালয়ত ভৰ্তি কৰাই যদিও চিকিংসকে ইতিমধ্যে যুৱ ব্যৱসায়ী গৰাকীক মৃত বুলি ঘোষনা কৰে।যুৱ ব্যৱসায়ী গৰাকীৰ মৃত্যুত কুসুমটোলা ব্যৱসায়িক সন্হা,কুসুমটোলা যুৱক সংঘকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত যুৱ ব্যৱসায়ী গৰাকীয়ে মাতৃ পত্নী সহ একমাত্ৰ জীয়ৰী ইহসংসাৰত এৰি থৈ যায়।
বৰপেটাত ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ উদ্দেশ্যে ভিডিঅ’ প্ৰস্তুতৰ অনলাইন প্ৰশিক্ষণ
সমগ্ৰ শিক্ষা, বৰপেটাৰ উদ্যোগত আৰু বৰপেটা জিলাৰ শিক্ষক নয়ন কুমাৰ দাস, প্ৰসেনজিত শৰ্মা আৰু চন্দন কুমাৰ দাসৰ নেতৃত্বত অলপতে ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ ভিডিঅ’ প্রস্তুতকৰণ সম্পর্কীয় এখন অনলাইন প্রশিক্ষণ গুগল মিটৰ জৰিয়তে অনুষ্ঠিত হয়। বৰপেটা মহকুমাৰ বিদ্যালয়সমৃহৰ উপপৰিদৰ্শক হৰেন্দ্ৰনাথ দাসে ভার্চুৱেল প্রশিক্ষণটি উদ্ধোধন কৰে আৰু তেওঁ
সকলো শিক্ষক শিক্ষয়ত্ৰীকে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা ভাৱি অনলাইন পাঠ দান কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানটোত সমগ্ৰ শিক্ষা বৰপেটাৰ জিলা আঁচনি বিষয়া (শিক্ষক প্ৰশিক্ষণ) চিতাংগ ডেকাই ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা বৰ্তমানৰ এই জটিল পৰিস্থিতিত ছাত্র ছাত্রীসকলৰ শৈক্ষিক ক্ষতিপূৰণ কেনেকৈ পূৰ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়ে আৰু বিকল্প ব্যৱস্থাৰ অন্যতম এক আহিলা হিচাপে শিক্ষক সকলক পাঠদানৰ ভিডিঅ’ প্রস্তুত কৰিবলৈ আহ্বান জনায়।
বৰপেটা জিলাৰ শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্রহণ কৰা এই প্রশিক্ষণটিত সমল ব্যক্তিৰূপে ১৯৪৮ নং মধ্য ভলুকাবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা প্ৰাক্তন মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক চন্দন কুমাৰ দাস, ১১২২ নং নাৰ্চাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰসেনজিত শৰ্মা, ৪৩৫ নং বৰকাপলা প্ৰাথমিক বিদ্যালয়ৰ সহ-শিক্ষয়ত্ৰী নিবেদিতা হাজৰিকা, ১৯৬৮ নং মৈঠাবাৰী প্ৰাথমিক বিদ্যালয়ৰ সহ-শিক্ষক নয়ন কুমাৰ দাস, ৪৩ নং বনিয়াকুছী প্ৰা বিদ্যালয়ৰ সহ-শিক্ষয়ত্ৰী ধীৰামনি ডেকা, পশ্চিম ডালৰপথাৰ প্ৰাথমিক বিদ্যালয়ৰ আব্দুল মুটালিব আৰু আব্দুল জলিল উপস্থিত থাকে। প্রশিক্ষণকালত সমল ব্যক্তিসকলে ক’ভিড মহামাৰীৰ পৰিস্থিতিত ৰাজ্যখনৰ ছাত্র-ছাত্রীসকলৰ উপকাৰ হোৱাকৈ কিদৰে পাঠদানৰ ভিডিঅ’ প্ৰস্তুত কৰিব পাৰি তাক হাতে কামে কৰি দেখুৱায়। প্রাথমিক বিদ্যালয়ৰ ভিডিও প্ৰস্তুতকৰণ ক্ষেত্ৰত পাঠসমূহ কণ কণ ছাত্র-ছাত্রীৰ মনোগ্রাহী আৰু সহজে বোধগম্য হোৱাৰ ওপৰতো তেওঁলোকে গুৰুত্ব প্ৰদান কৰে। ভিডিও প্ৰস্তুতকৰণৰ এই প্ৰশিক্ষণত তেওঁ লোকে X-Recorder, WPS, Kinemaster, Print and screen Recording ইত্যাদিৰ ব্যৱহাৰৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। প্ৰায় ৩ ঘণ্টাৰ এই প্ৰশিক্ষণৰ পিছত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ ডায়েট, বৰপেটাৰ প্ৰবক্তা শ্ৰদ্ধাৰ ভানু ডেকাই বিভিন্ন ভিডিও প্ৰস্তুতকৰণৰ ‘এপ’ সম্পৰ্কে শিক্ষক সকলৰ আগত এক বৰ্ণনা দি ভিডিও এদিটিংৰ সকলো প্ৰয়োজনীয় কথা খুব কম সময়ৰ ভিতৰতে মনোগ্ৰাহীকৈ আগবঢ়ায়। তেওঁৰ পিছতে ডায়েট বৰপেটা আন এজন প্ৰবক্তা ৰঞ্জিত কুমাৰ কলিতা মহোদয়ে ভিডিও বনাওতে মন কৰিবলগীয়া গুণগত দিশৰ সকলো কথা মূলত ব্যাকৰণ, উচ্চাৰণ আদিৰ বিষয়ে সকলো শিক্ষক প্ৰশিক্ষাৰ্থীৰ আগত বৰ্ণনা কৰে। তেওঁ অনলাইন শিক্ষাৰ প্রয়োজনীয়তা আৰূ ইয়াৰ মনোবৈজ্ঞানিক তথা কাৰিকৰী দিশৰ ওপৰতো কম সময়তে বহলভাৱে আলোকপাত কৰে। ভার্চুৱেল এই প্রশিক্ষণটিত উপস্থিত থাকি বৰপেটা শিক্ষাখণ্ডৰ সহ-পৰিদৰ্শক নিয়তি পাঠকে
খুবেই আনন্দিত হৈ কয় যে প্রশিক্ষণটিয়ে শিক্ষক সমাজৰ যথেষ্ট উপকাৰ সাধন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষতিপূৰণ পূৰোৱাত সহায় কৰিব। শেষত সকলোৱে সমগ্ৰ শিক্ষা বৰপেটাক এই মহান কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে আৰু এনেকুৱা কাৰ্যসূচী পুনৰ অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়।
ক’ভিডৰ বিৰুদ্ধে কঠোৰ যোৰহাট জিলা প্ৰশাসন দ্ৰোণ কেমেৰাৰে পৰিবেশ নিৰীক্ষণ।
ৰাজ্যৰ ভিতৰত যোৰহাট জিলাত এক ভয়াবহ ৰূপ ধাৰন কৰিছে মহামাৰী ক’ভিডে। ইতিমধ্যে ৰাজ্য প্ৰশাসনে যোৰহাটকে ধৰি মুঠ সাত খন জিলাত কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে ৷ এই ক্ষেত্ৰত বিশেষকৈ যোৰহাট জিলা প্ৰশাসন নিয়ম ভংগকাৰী সকলৰ বিৰূদ্ধে অধিক কঠোৰ হোৱা দেখা পোৱা গৈছে ৷ আজি পুৱাৰে পৰা টীয়কটো তৎপৰ হোৱা দেখা গৈছে প্ৰশাসনক । পুৱা টীয়ক আৰক্ষীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে যাতায়ত কৰা প্ৰত্যেকখন বাহনৰ নথি পত্ৰ পৰীক্ষা কৰে। ইফালে টীয়ক, লাহদৈগড়, কাকজান আদিৰ নগৰৰ লগতে গ্ৰাম্যঞ্চলত সেনাই ফুট মাৰ্চ কৰি ক’ভিড নিয়ম ভংগকাৰী সকলক আতক কৰে ৷ অসম আৰক্ষী, সেনা অৰ্ধ সামৰিক বাহিনী, এন ডি আৰ এফৰ বিশাল বাহিনীয়ে ফুটমাৰ্চ কৰি বিভিন্ন কন্টেনমেন্ট জ’ন সমূহ পৰ্য্যবেক্ষন কৰে৷ ইয়াৰ পূৰ্বেও জিলা উপাযুক্ত, জিলা আৰক্ষী অধিক্ষকে আহি টীয়কৰ বিভিন্ন গ্ৰাম্যঞ্চল বিশেষকৈ যোৰহাটৰ ভিতৰত সৰ্বাধিক ক’ভিড ৰোগী থকা চিন্তামণি গড় অঞ্চলত উপস্থিত হৈ দ্ৰোণ কেমেৰাৰ সহায়েৰে কন্টেইনমেন্ট জ’নৰ ভিতৰৰ পৰিবেশ পৰ্য্যবেক্ষন কৰে ৷
ধৰ্ম অনেক কিন্তু ভগৱান এক। দক্ষিণ কামৰূপ সচেতন মঞ্চৰ বৃক্ষৰোপণ
বিভিন্ন জাতি- জনগোষ্ঠী , ভিন্ন ভাষা, ধৰ্মাৱলম্বীৰ মিলন তীৰ্থভূমি অসম। বৰ্তমান সময়ত ৰাজ্যখনত সমন্বয়ৰ যেন অভাৱ ঘটিছে। দক্ষিণ কামৰূপ সচেতন মঞ্চই সমগ্র দক্ষিণ কামৰূপ অঞ্চলত এক সমন্বয়-সংহতি স্থাপনৰ বাবে এলানি কাৰ্যসূচী লৈছে। আজি সচেতন মঞ্চই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্র পীঠস্থান গীৰ্জাই – গীৰ্জাই বৃক্ষৰোপণ কৰি ভাৱৰ আদান প্ৰদান কৰে। সচেতন মঞ্চৰ উপদেষ্টা তথা সাংবাদিক-লেখক দীপক শৰ্মা, অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, প্ৰচাৰ সম্পাদক ৰঞ্জিৎ মহন্ত, সদস্য সীমান্ত দাস, ধৰ্মেন্দ্ৰ দাস, বিমল নাথৰ নেতৃত্বত গীৰ্জাবোৰত গৈ সমাজ আগবাঢ়ি যোৱাত সমন্বয়ৰ, ঐক্যতাৰ প্ৰয়োজনীয়তা, বৃক্ষৰোপণৰ দায়িত্বৰ ওপৰত আলোচনা কৰে। পলাশবাৰী সমষ্টিৰ ভালাখোৱা ব্যপ্তিষ্ট চাৰ্চ, বৰজুলি ব্যপ্তিষ্ট চাৰ্চ, বৰজুলি ৰোমান কেথলিক চাৰ্চ, পশ্চিম গুৱাহাটী সমষ্টিৰ বালাহপুৰ ব্যপ্তিষ্ট চাৰ্চ, ৰাণীবাৰী ব্যপ্তিষ্ট চাৰ্চ, ৰাণী- মৈৰাপুৰ আসামিচ ব্যপ্তিষ্ট চাৰ্চ, মৈৰাপুৰ ব্যপ্তিষ্ট চাৰ্চত বকুল, আমলখি, ভোমোৰা, শিলিখা, মহানিম, জলফাই আদি গছৰ পুলি ৰোপন কৰে। এই কাৰ্যসূচীত ভালাখোৱা ব্যপ্তিষ্ট চাৰ্চত লাচিত ৰাভা, বিৰাজ ৰাভা, কোহিমা ৰাভা, মিনতি ৰাভা, বৰজুলি ব্যপ্তিষ্ট চাৰ্চত লিন মাৰাক, সঞ্জীব মাৰাক, বৰজুলি ৰোমান কেথলিক চাৰ্চত প্ৰদীপ চাংমা, মলিনা চংমা, মনিল চাংমা, বালাহপুৰ ব্যপ্তিষ্ট চাৰ্চত ইয়ুব ৰাভা, অনিল ৰাভা, দিগন ৰাভা, মুনীন্দ্ৰ ৰাভা, কল্যাণী ৰাভা, অনুপ ৰাভা, মৈৰাপুৰ আসামিচ ব্যপ্তিষ্ট চাৰ্চত মীনা চাংমা, এবলুন চাংমা, মৈৰাপুৰ ব্যপ্তিষ্ট চাৰ্চত পিতৰ মাৰাক, নৰমিচ চাংমা, ৰাণীবাৰী ব্যপ্তিষ্ট চাৰ্চত প্ৰদীপ চাংমা প্ৰমুখ্যে ভালেমান বিশিষ্ট লোকে প্ৰতি গীৰ্জাত অংশ লয়। সচেতন মঞ্চৰ উপদেষ্টা দীপক শৰ্মাই কয়- ধৰ্ম বেলেগ বেলেগ হ’ব পাৰে, কিন্তু ভগৱান এক। ঈশ্বৰক উপাসনা কৰা মাধ্যম বেলেগ বেলেগ হ’ব পাৰে, কিন্তু উদ্দেশ্য এটাই। গছ থাকিলেহে মানুহ জীয়াই থাকিব। গছেহে মানুহক জীয়াই ৰাখিছে। প্ৰতিজন মানুহে গছক সন্মান কৰাৰ লগতে আদৰ সাদৰ কৰা উচিত। মঞ্চৰ অধ্যক্ষ মদন দাসে কয়- সচেতন মঞ্চৰ পৰা গছ ৰুই পৰিৱেশ নিকা কৰি সমগ্র দক্ষিণ কামৰূপ অঞ্চলত মিলনভূমি হিচাপে গঢ়ি তুলিবলৈ যত্ন কৰা হৈছে।
জাগীৰোডত জুৱাৰ ঘাটি উৎখাত, মহিলা সহ গ্ৰেপ্তাৰ চাৰি গৰাকী জুৱাৰী
মৰিগাঁও জিলাৰ জাগীৰোড থানৰ আৰক্ষীয়ে ১১ জুলাইৰ নিশা এটা জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে এগৰাকী মহিলা সহ তিনি জুৱাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ ধন আৰু জুৱাৰৰ কিছু সামগ্ৰী জব্দ কৰিছে।উল্লেখ্য যে এক গোপন খবৰৰ ভিত্তিত কালি নিশা জাগীৰোড থানাৰ উপ পৰিদৰ্শক সীমান্ত পাঠকৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে জাগীৰোডৰ ন খোলা গ্ৰাণ্টত এটা বৃহৎ জুৱাৰৰ ঘাটি উৎখাত কৰাৰ লগতে নিশাই খেদি খেদি তিনিটা জুৱাৰীক আৰু জুৱাৰ ঘাটি বঢ়াবলৈ সুযোগ দিয়া গৃহস্থৰ এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জুৱাৰী কেইটা হৈছে ন খোলা গ্ৰাণ্টৰ ছাইফুল ইছলাম, হিল্লাল আলী, আবুল কালাম আৰু হিল্লাল আলীৰ পত্নী জুৰেনা খাতুন।জানিব পৰা মতে, ন খোলা গ্ৰাণ্টৰ জুৰেনা খাতুনৰ ঘৰত মাহে ২০ হাজাৰ টকাৰ বাবদ জুৱাৰ খেল পাতিবলৈ এটা কোঠা ভাড়াত চলাই আহিছিল। কোভিড প্ৰট’কল ভংগ কৰি স্থানীয় এই মহিলা গৰাকীৰ ঘৰত দীৰ্ঘদিনৰ পৰা এই জুৱাৰ আদ্দা চলি আছিল ।ইফালে নিশা আৰক্ষীৰ যোৱাৰ উমান পাই জুৱাৰীৰ দলটো পলাবলৈ চেষ্টা কৰে যদিও খেদি খেদি আৰক্ষীয়ে কৰায়ত্ত কৰে তিনি জুৱাৰীৰ লগতে মহিলা গৰাকীক । অৱশ্যে আন্ধাৰৰ সুযোগ লৈ আন কেইবাটাও জুৱাৰী পলাই যায় । আৰক্ষীয়ে জুৱাৰীৰ কৱলৰ পৰা টাচ পাত , নগদ ৩,০৭০ টকা , কেতবোৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।
মৃত্যুঞ্জয় বাহন কৰ্মচাৰীৰ চাকৰি সুনিশ্চিত কৰা আৰু দৰমহা বৃদ্ধিৰ বাবে আহ্বান
জৰুৰী কালীন এম্বুলেঞ্চ সেৱা ১০৮ ৰ লগত জড়িত কৰ্মচাৰীৰ চাকৰীৰ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ৰাইজ। ২০০৮ চনৰ পৰা ২০২১ চন অৰ্থাৎ আজি প্ৰায় ১২ বছৰে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে চৰকাৰি কৰ্মচাৰীসকলৰ লগত খোজত-খোজ মিলাই প্ৰায় ৩ হাজাৰ ই.এম.টি.ই.আৰ.অ আৰু চালকে জনসাধাৰণক যি কোনো বিপদ শংকুল জৰুৰী কালীন সময়ত দিনে-ৰাতিয়ে মৃত্যুঞ্জয় সেৱা আগবঢ়াই চৰকাৰৰ স্বাস্থ্য বিভাগৰ হৈ অগ্ৰগণী ভুমিকা পালন কৰি আহিছে। একেদৰে জামুগুৰি স্বাস্থ্যকেন্দ্ৰৰ ১০৮ এম্বোলেঞ্চৰ সহকৰ্মি নৱজ্যোতি ভূঞা আৰু সমৰজ্যোতি হাজৰিকাই অঞ্চলটোত প্ৰতিটো মূহূৰ্তত নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই আহিছে। দুইয়োগৰাকীয়ে স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে খৱৰ পোৱা মাত্ৰেই ৰোগীৰ কাষত উপস্থিত হয় আৰু প্ৰয়োজন সাপেক্ষে ৰোগীক নিজে তুলি আনি চিকিৎসালয়লৈ অনাৰ দৃশ্য দেখিবলৈ পোৱা যায়।যোৱাকালি জামুগুৰিহাটস্থিত সংগীয়া মাজৰ চুক গাঁৱৰ এগৰাকী বৃদ্ধ কলিয়া কলিতা (৮৫) নামৰ ৰোগী গৰাকীৰ পৰিয়ালত কোনো নথকাত দুইয়ো গৰাকী কৰ্মচাৰীয়ে নিজে ১০৮ ত তুলি চিকিৎসালয়লৈ আনি দ্বায়িত্ব আৰু কৰ্তব্যৰ নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হৈছে। আনকি বৰ্তমান ক’ভিড পৰিস্থিতিৰ মাজতো এই সকল কৰ্মচাৰীয়ে অসমৰ জনসাধাৰণৰ কাষত অহৰহ থিয় হৈ বিনা দিধাই অক্লান্ত পৰিশ্ৰমৰে ক’ভিড ৰোগীক সৰ্ব প্ৰথমে আৰু প্ৰত্যক্ষ ভাবে এই সেৱা আজিও প্ৰদান কৰি আছে। অতি পৰিতাপৰ বিষয়টো হল এই সকল কৰ্মচাৰী এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ দ্বাৰা নিয়োজিত হোৱা হেতুকে অসমৰ শ্ৰম বিভাগে নিৰ্ধাৰণ কৰি দিয়া নিয়ম অনুসৰি নিম্নতম হাৰতেই দা-দৰমহা লাভ কৰি নিজ পৰিয়ালক বহু ঘাত প্ৰতিঘাতৰ মাজেৰে পোহ-পাল দিবলগীয়া হৈছে। এই দৰমহাৰ ধনৰাশিৰ ওপৰত ভিত্তি কৰি কৰ্মচাৰী সকলক বেংক আদিৰ তৰফৰ পৰা লোন দিয়াতো নহয়েই লগতে চাকৰি কৰাৰ বাবেই অসম চৰকাৰৰ আচনি সমুহৰ পৰাও বঞ্চিত কৰি ৰখা হৈছে।
কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চৰ সূৰ্যোদয় পুথিভঁৰাললৈ গ্ৰন্থ আৰু বাকচ দান
কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ’ অসমৰ এক জনপ্ৰিয় ফেচবুক গোট। নতুন নতুন শিতানেৰে দৈনিক জীপাল হৈ থকা ‘কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ’ গোটৰ উদ্দেশ্য আৰু কৰ্ম সদায়ে চকুত লগা। বিভিন্ন সময়ত সহায়ৰ হাত আগবঢ়াই গোটটোৱে সমাদৰ বুটলিবলৈ সক্ষম হৈছে। আৰ্থিক অনুদান,গ্ৰন্থদান আদি তেওঁলোকে মাজে-সময়ে কৰি আহিছে। ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত পুঠিমাৰী গাঁৱৰ সূৰ্যোদয় পুথিভঁৰাললৈ আজি গোটৰ পৰা গোটৰ হৈ কিৰণ দাসে এটি বাকচ আৰু ৩৫ খন গ্ৰন্থ সূৰ্যোদয় পুথিভঁৰালৰ মুখ্য পৰিচালক পৰেশ দাসৰ হাতত অৰ্পণ কৰে। বৈষ্ণৱ প্ৰাণ ভকত লক্ষীৰাম দুৱৰা দাসে ২৩খন, তুলসী প্ৰভা দাসে ৩খন, নয়নমণি দাসে ২খন,কিৰণ দাসে ৫খন গ্ৰন্থ আৰু এটি বাকচ অৰ্পণ কৰে। পৰেশ দাসে আঁত ধৰা কাৰ্যসূচীত সূৰ্যোদয় পুথিভঁৰালৰ হৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই পুথিভঁৰালৰ পৰিচালক বিনোদ দাসে। অনাগত সময়তো সূৰ্যোদয় পুথিভঁৰালৰ লগত থাকি দিহা-পৰামৰ্শ দিয়াৰ লগতে সহায় সহযোগিতা কৰি থাকিব বুলি গোটৰ হৈ কিৰণ দাসে জানিবলৈ দিয়ে। গ্ৰন্থ, বাকচ অৰ্পণ কৰা সময়ত উপস্থিত থাকে সূৰ্যোদয় পৰিয়ালৰ সদানন্দ দাস, দেচডিমনা দাস,কৰিশ্মা দাস,বনশ্ৰী দাস,সাগৰমনি দাস আদি। অনুষ্ঠানৰ শেষত সূৰ্যোদয় পুথিভঁৰালে ‘কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ’ৰ দীৰ্ঘায়ু কামনা কৰে।
ড্ৰেগন খেতিৰে স্বাৱলম্বী ওদালগুৰিৰ জোনাকী আৰু পৰিমল
ওদালগুৰি জিলাত সেউজ বিপ্লৱৰ সূচনা কৰিছে যদিও বিশ্বজুৰি ক’ভিড-১৯ অতিমাৰীৰ ফলত সৃষ্ট লকডাউনে প্ৰচণ্ড মাধমাৰ শোধাইছে।বহু আশা শ্ৰম ঘামৰ বিনিময়ত আৰ্জিত সামান্য মূলধনেৰে নিজৰ খেতি মাটিত খেতিয়ক সকলে খেতি পথাৰ সেউজীয়া কৰি অনাই বনাই ঘূৰি ফুৰা নিবনুৱা যুৱক বা যুৱতীসকলক খেতিৰ প্ৰতি মন মেলিবলৈ বাধ্য কৰাইছে যদিও কোৰোকালীন সময়ছোৱাত মূৰত প্ৰচণ্ড ৰাম টাঙোন শোধাইছে।ওদালগুৰি জিলাৰ স্বপনগাঁও, কালাঝাৰ,ৰৌতা ,বটা বাৰী আদিত উন্নত জাতৰ ষ্ট’বেৰী,তৰমুজ, চাহ ,ৰবৰ খেতিৰে পথাৰ ভৰি পৰিছে কিন্তু চৰকাৰৰ বহু প্ৰত্যাশিত পথাৰো আমাৰ বজাৰো আমাৰ আঁচনি ধোঁৱা চাঙত উঠিছে।যাৰফলত খেতিয়ক সকলে মূৰে কপালে হাত সাৱটি বহি থকাৰ বাদে অন্য উপায় নোহোৱা হৈছে।তথাপিও হাত সাৱটি বহি নাথাকি ওদালগুৰি চহৰৰ বাসিন্দা ওদালগুৰি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰৱক্তা জোনাকী দৈমাৰীয়ে কালাঝাৰ অঞ্চলত সাত বিঘা মাটিত উন্নত জাতৰ ড্ৰেগনৰ খেতি কৰি সুন্দৰ নিদৰ্শন দেখুৱাই সেউজ বিপ্লৱ গঢ়ি তুলি আন দহ গৰাকী উচ্চ শিক্ষাৰে শিক্ষিত যুৱক তথা যুৱতীৰ দৃষ্টি আকৰ্ষণ কৰিছে।আনহাতে ভৈৰৱকুণ্ডৰ স্বপন গাঁৱত জলসিঞ্চন বিভাগৰ কৰ্মচাৰী হৈয়ো পৰিমল দৈমাৰী নামৰ ব্যক্তিজনে নিজৰ খেতি পথাৰত উন্নত জাতৰ ড্ৰেগনৰ খেতি কৰি স্বাৱলম্বী হ’বলৈ যুৱক -যুৱতীসকলক বাট কাটি দি মহৎ আদৰ্শ দেখুৱাই সুনাম কঢ়িয়াই আনিছে।বিশ্বব্যাপী কোৰোনা সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত খেতিয়ক সকলৰ অৱস্থা পানীত হাঁহ নচৰা কৰি তুলিছে।কাৰণ খেতি আছে ফলো আছে নাই উৎকৃষ্ট বজাৰ।যাৰফলত ড্ৰেগন ফল পকি সৰি আলাই আথানি হৈছে।বিটিআৰ বা অসম চৰকাৰ কৃষি বিভাগে খেতিয়ক সকলক সকাহ দিবলৈ কি পদক্ষেপ গ্ৰহণ কৰে সেইটোহে লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে।
ক’ভিডৰ সহায়কাৰী ঔষধৰ গবেষণাত জিলিকিছে সোণাৰিৰ যুৱক
সমগ্ৰ বিশ্বত ত্ৰাস সৃষ্টিকাৰী ক’ভিড মহামাৰীৰ ভয়াৱহ প্ৰকোপৰ মাজতে আশাৰ সঞ্চাৰ আনিছে VEDICAL 9, শীৰ্ষক ইন্দো-জাৰ্মান কোম্পানী Vedicinals India pvt ltd ৰ NUTRACITICALS MEDICINE য়ে। যিয়ে COVID19 ৰ সহযোগী চিকিৎসাৰ ঔষধ ৰূপে প্ৰয়োগ কৰিব পাৰিব বুলি গৱেষণাত আশা প্ৰকাশ কৰা হৈছে । বিশেষকৈ দীর্ঘদিনীয়া ক’ভিড১৯ ৰ লগতে ক’ভিডৰ পিছৰ সময়ছোৱাৰ ব্যাধি এই NUTRACITICALS MEDICINE য়ে নাইকিয়া কৰিব বুলি নিৰ্ধাৰণ কৰা হৈছে। প্ৰাকৃতিক বনৌষধি যুক্ত উদ্ভিদৰ পৰা লোৱা ৯ টা বিশেষ সক্ৰিয় অণু (MOLECULE)ৰে তৈয়াৰ কৰা হৈছে এই NUTRACITICALS MEDICINE । উল্লেখযোগ্য এই ঔষধৰ গৱেষণা আৰু সম্পূৰ্ণ গৱেষণাৰ প্ৰতিবেদন প্ৰস্তুতত জাৰ্মানী,পুনে আৰু হাইদৰাবাদৰ তিনিটা কোম্পানীৰ লগতে অসমৰ চৰাইদেউ জিলাৰ সোণাৰিৰ যুৱক অমৃত প্ৰীতম ভূঞাই বিশেষ ভূমিকা গ্ৰহণ কৰিছে। অমৃত প্ৰীতম ভূঞা আৰু তেওঁৰ সতীৰ্থ ড° বেভৱ চাবলে VEDICLINICAL-19 ঔষধৰ COMPUTIONAL BIOLOGY & INSILICO DRUG DISCOVERY ৰ সম্পূৰ্ণ গৱেষণাৰ লগতে ঔষধৰ বাবে প্ৰয়োজনীয় সম্পূৰ্ণ শৰীৰৰ ৭১ টা বিশেষ ভূমিকাক সামৰি শ্বেতপত্ৰ প্ৰস্তুত কৰিছে।বিদেশত উচ্চ শিক্ষা গ্ৰহণ কৰা অমৃত প্ৰীতম ভূঞা ষ্টাৰ্ট আপ কোম্পানী “Mr. Biologist”ৰ স্বত্বাধিকাৰী। কোম্পানীটোৰ ৱেবচাইটত প্ৰকাশ পোৱা অনুসৰি অনুসৰি অসম সন্তান অমৃত প্ৰীতম ভূঞাই তেওঁলোকৰ DIRECTOR OF BOARD তো স্থান লাভ কৰিছে। FSSI চৰ্টিফিকেটৰ সৈতে এই Nutraceuticals ইতিমধ্যে গ্ৰাহকৰ বাবে অনলাইনত উপলব্ধ হৈছে ঔষধবিধ। এই সন্দৰ্ভত সবিশেষ তথ্য http://www.vedicinals.com ত বৰ্ণনা কৰা হৈছে। মন কৰিবলগীয়া যে, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় ডিজিটেল আলোচনীত প্ৰকাশ পোৱা তথ্য অনুসৰি আৰু ইতিমধ্যে সম্পূৰ্ণ হোৱা HUMAN CLINICAL TRIAL ৰ সফলতাই প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে মহামাৰী COVID19 আৰু ইয়াৰ পাৰ্শব্বিক ক্ৰিয়াৰ ৰ সৈতে যুঁজিবলৈ।
সদৌ অসম ট্ৰাইবেল সংঘ আৰু জনজাতি সুৰক্ষা সমন্বয়ৰক্ষী সমিতিয়ে কেবিনেট মন্ত্ৰী ড° ৰনোজ পেগুক সাক্ষাৎ
সদৌ অসম ট্ৰাইবেল সংঘ আৰু জনজাতি সমন্বয়ৰক্ষী সমিতিৰ ৩০ জনীয়া এটা সজাতিদলে অসম চৰকাৰৰ শিক্ষা তথা ভৈয়াম জনজাতি মন্ত্ৰী ডা° ৰণোজ পেগুক জনতা ভৱনত সাক্ষাত কৰি ৯দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ অৰ্পন কৰে। তেওঁলোকৰ দাবী সমূহ হ’ল….
১/ অসম ভূমি আৰু ৰাজহ আইনৰ দশম অধ্যায়ৰ অধীনত গঠিত ট্ৰাইবেল বেল্ট ব্লকত সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰা বিষয় সন্দৰ্ভত ৰাজ্য চৰকাৰে জনজাতি সকলৰ অধিকাৰ যাতে খৰ্ব নহয় তাৰ প্ৰতি লক্ষ্য ৰখাৰ দাবী জনোৱা হয়।
২/ সংৰক্ষণ আইন অনুযায়ী ১২১৫৫ টা জনজাতিৰ বাবে সংৰক্ষিত বেকলগ পদ পূৰণৰ বাবে বিশেষ নিয়োগ আচনি প্ৰস্তুত কৰা,
৩/ ট্ৰাইবেল বেল্ট ব্লকৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা,
৪/ বন অধিকাৰ আইনমতে জনজাতি বনবাসী সকলক ভূমি স্বত্ব প্ৰদান কৰা,
৫/ মহকুমা ভূমি উপদেষ্টা সমিতিত জনজাতি সদস্য অন্তর্ভুক্ত কৰা











