Breaking

ড্ৰেগন খেতিৰে স্বাৱলম্বী ওদালগুৰিৰ জোনাকী আৰু পৰিমল

0 1,551

ওদালগুৰি জিলাত সেউজ বিপ্লৱৰ সূচনা কৰিছে যদিও বিশ্বজুৰি ক’ভিড-১৯ অতিমাৰীৰ ফলত সৃষ্ট লকডাউনে প্ৰচণ্ড  মাধমাৰ শোধাইছে।বহু আশা  শ্ৰম ঘামৰ বিনিময়ত  আৰ্জিত সামান্য মূলধনেৰে নিজৰ খেতি মাটিত খেতিয়ক সকলে খেতি পথাৰ সেউজীয়া কৰি অনাই  বনাই ঘূৰি ফুৰা নিবনুৱা যুৱক বা যুৱতীসকলক খেতিৰ প্ৰতি মন মেলিবলৈ বাধ্য কৰাইছে যদিও কোৰোকালীন সময়ছোৱাত মূৰত প্ৰচণ্ড ৰাম টাঙোন শোধাইছে।ওদালগুৰি জিলাৰ স্বপনগাঁও, কালাঝাৰ,ৰৌতা ,বটা বাৰী  আদিত উন্নত জাতৰ ষ্ট’বেৰী,তৰমুজ, চাহ ,ৰবৰ খেতিৰে পথাৰ ভৰি পৰিছে কিন্তু  চৰকাৰৰ বহু প্ৰত্যাশিত পথাৰো আমাৰ বজাৰো আমাৰ আঁচনি ধোঁৱা চাঙত উঠিছে।যাৰফলত খেতিয়ক সকলে মূৰে কপালে হাত সাৱটি বহি থকাৰ বাদে অন্য উপায় নোহোৱা হৈছে।তথাপিও হাত সাৱটি বহি নাথাকি ওদালগুৰি চহৰৰ বাসিন্দা ওদালগুৰি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰৱক্তা জোনাকী দৈমাৰীয়ে কালাঝাৰ অঞ্চলত সাত বিঘা মাটিত উন্নত জাতৰ ড্ৰেগনৰ খেতি কৰি সুন্দৰ নিদৰ্শন দেখুৱাই সেউজ বিপ্লৱ গঢ়ি তুলি আন দহ গৰাকী উচ্চ শিক্ষাৰে শিক্ষিত যুৱক তথা যুৱতীৰ দৃষ্টি আকৰ্ষণ কৰিছে।আনহাতে ভৈৰৱকুণ্ডৰ  স্বপন গাঁৱত জলসিঞ্চন বিভাগৰ কৰ্মচাৰী হৈয়ো পৰিমল দৈমাৰী নামৰ ব্যক্তিজনে নিজৰ খেতি পথাৰত উন্নত জাতৰ  ড্ৰেগনৰ খেতি কৰি স্বাৱলম্বী হ’বলৈ যুৱক -যুৱতীসকলক বাট কাটি দি মহৎ আদৰ্শ দেখুৱাই সুনাম কঢ়িয়াই আনিছে।বিশ্বব্যাপী কোৰোনা সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত খেতিয়ক সকলৰ অৱস্থা পানীত হাঁহ নচৰা কৰি তুলিছে।কাৰণ খেতি আছে ফলো আছে নাই উৎকৃষ্ট বজাৰ।যাৰফলত ড্ৰেগন ফল পকি সৰি আলাই আথানি হৈছে।বিটিআৰ বা অসম চৰকাৰ কৃষি বিভাগে খেতিয়ক সকলক সকাহ দিবলৈ কি পদক্ষেপ গ্ৰহণ কৰে সেইটোহে লাখ টকীয়া  প্ৰশ্ন হৈ পৰিছে।

Leave A Reply