Home Blog Page 293

ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস উদযাপন । Dhakuakhana Higher Secondary School

ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস উদযাপন । Dhakuakhana Higher Secondary School
ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস উদযাপন । Dhakuakhana Higher Secondary School

ঢকুৱাখনা, ২২ মে’, ২০২৫: Dhakuakhana Higher Secondary School । ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস উৎসাহ আৰু উদ্দীপনাৰে উদযাপন কৰা হয়। এই অনুষ্ঠানৰ আয়োজন হয় যুৱ আৰু পাৰিপাৰ্শ্বিক সংঘৰ সমন্বয়ক তথা প্ৰকৃতি লেখক মানস প্ৰতিম দত্তৰ পৰিচালনাত

অনুষ্ঠানটোৰ মুখ্য উদ্দেশ্য আছিল জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব সম্পৰ্কে সামাজিক সচেতনতা বৃদ্ধি কৰা আৰু যুৱ সমাজক পৰিৱেশ সংৰক্ষণৰ বাবে উৎসাহিত কৰা।

দিশ-নিৰ্দেশনা:
প্ৰকৃতি লেখক মানস প্ৰতিম দত্তই জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা সন্দৰ্ভত এক প্ৰেৰণাদায়ক বক্তৃতা আগবঢ়ায়। তেওঁ কয়,

জৈৱ বৈচিত্ৰ্য আমাৰ প্ৰকৃতিৰ মূল স্তম্ভ। ইয়াক সুৰক্ষিত কৰাটো আমাৰ সকলোৰে দায়িত্ব। আমি সৰু সৰু পদক্ষেপৰে এই দায়িত্ব পালন কৰিব পাৰো।

তেওঁ গছপুলি ৰোপণ, পৰিষ্কাৰ পৰিৱেশ বজাই ৰখা, আৰু প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ দৰে সহজ পদক্ষেপৰ দ্বাৰা সকলে জৈৱ বৈচিত্ৰ্য সংৰক্ষণত অংশ গ্ৰহণ কৰিব পাৰি বুলি মত প্ৰকাশ কৰে।

শিক্ষকৰ সহায়তা আৰু অংশগ্ৰহণ:
অনুষ্ঠানত শিক্ষক দিপমজ্যোতি বৰুৱা আৰু বিজয় প্ৰসাদ কানুয়ে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে। তেওঁলোকে জৈৱ বৈচিত্ৰ্যৰ শিক্ষাগত গুৰুত্ব আৰু পৰিৱেশৰ প্ৰতি দায়িত্বশীলতা সম্পৰ্কে আলোচনা কৰে।

স্থানীয় প্ৰসঙ্গ আৰু সচেতনতামূলক কাৰ্যসূচী:
অনুষ্ঠানত ঢকুৱাখনাৰ প্ৰাকৃতিক সম্পদ আৰু স্থানীয় উদ্ভিদ-প্ৰাণীৰ প্ৰজাতি সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। থলুৱা মাছৰ সুৰক্ষা আৰু দায়ৱদ্ধতা সম্পৰ্কেও আলোচনাৰে স্থান পায়।

প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা:
অনুষ্ঠানত তথ্যচিত্ৰ প্ৰদৰ্শন, পৰিৱেশ সচেতনতামূলক প্ৰতিযোগিতা, আৰু গছৰ প্ৰতি কৃতজ্ঞতা কাৰ্যসূচী আয়োজন কৰা হয়, যি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশৰ প্ৰতি সদিচ্ছা আৰু সচেতনতা বৃদ্ধি কৰে।

সমাপ্তি:
অনুষ্ঠানৰ অন্তত সকলো অংশগ্ৰহণকাৰীক ধন্যবাদ জনোৱা হয় আৰু পৰিৱেশ সংৰক্ষণৰ বাবে সমূহ সহযোগিতা আৰু দায়িত্ববোধৰ আহ্বান জনোৱা হয়।

এই অনুষ্ঠানটি ঢকুৱাখনাত জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধি কৰা এক সফল পদক্ষেপ হিচাপে বিবেচিত হৈছে।

নতুন ৰূপত নগাঁৱৰ হয়বৰগাঁও ৰেল ষ্টেচন — ‘অমৃত ভাৰত ষ্টেচন আঁচনি’ৰ অন্তৰ্গত গৌৰৱময় উদ্বোধন । Haibargaon Railway Station 

নতুন ৰূপত নগাঁৱৰ হয়বৰগাঁও ৰেল ষ্টেচন — ‘অমৃত ভাৰত ষ্টেচন আঁচনি’ৰ অন্তৰ্গত গৌৰৱময় উদ্বোধন । Haibargaon Railway Station 
নতুন ৰূপত নগাঁৱৰ হয়বৰগাঁও ৰেল ষ্টেচন — ‘অমৃত ভাৰত ষ্টেচন আঁচনি’ৰ অন্তৰ্গত গৌৰৱময় উদ্বোধন । Haibargaon Railway Station 

২২ মে’২০২৫: Haibargaon Railway Station  । ঐতিহাসিক নগাঁৱৰ হয়বৰগাঁও ৰেল ষ্টেচনে আজি লাভ কৰিছে এক আধুনিক আৰু আকৰ্ষণীয় ৰূপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি মুকলি কৰা **‘অমৃত ভাৰত ষ্টেচন আঁচনি’**ৰ অধীনত, দেশজুৰি ১০৩ টাকৈ ৰে’ল ষ্টেচনৰ সৈতে পুনৰ নিৰ্মাণ সম্পন্ন হৈছে এই ষ্টেশনটো।

১৮৮৭ চনত স্থাপিত হয়বৰগাঁও ষ্টেচনক ১৫ কোটি ৮৫ লাখ টকাৰ ব্যয়ত আধুনিক ৰূপত গঢ়ি তোলা হৈছে। প্ৰতিদিনে প্ৰায় ১২০০ যাত্ৰীৰ সমাগম হোৱা এই ষ্টেশনখন নগাঁও চহৰৰ বাণিজ্যিক ক্ষেত্ৰৰ অন্যতম কেন্দ্ৰস্থল

ৰাজ্যবাসীৰ দীঘলীয়া প্ৰত্যাশা পূৰণ হোৱাৰ লগে লগে নগাঁৱৰ ৰাইজে উলহ-মালহ প্ৰকাশ কৰিছে।

🔹 বিশেষ অতিথি হিচাপে উপস্থিত আছিল অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, যিয়ে উত্তৰ-পূব সীমান্ত ৰেল বিভাগৰ এখন বিশেষ নিৰীক্ষণ যানত গৈ নগাঁৱত উপস্থিত হয়।

🔹 লগতে ষ্টেচনটোত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। ষ্টেচনৰ উদ্বোধন অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজনৈতিক মন্তব্য প্ৰকাশ কৰি কয়—
“গৌৰৱ গগৈ সংক্ৰান্তত, ৰাজপুত্ৰৰ দম্ভালি আমাৰ আগত নচলিৱ।”

এই নতুন ৰূপত গঢ়ি উঠা হয়বৰগাঁও ৰেল ষ্টেচনে আগন্তুক দিনত যাত্ৰীৰ সুবিধা আৰু গৌৰৱৰ এক নতুন অধ্যায় আৰম্ভ কৰাৰ আশা প্ৰকাশ কৰিছে ৰেল বিভাগে।

জ্যোতি মালহোত্ৰাৰ সন্দেহজনক ভ্ৰমণ পোহৰলৈ: পাকিস্তানৰ বাবে তথ্য সংগ্ৰহৰ সন্দেহ । YouTuber Jyoti

জ্যোতি মালহোত্ৰাৰ সন্দেহজনক ভ্ৰমণ পোহৰলৈ: পাকিস্তানৰ বাবে তথ্য সংগ্ৰহৰ সন্দেহ । YouTuber Jyoti
জ্যোতি মালহোত্ৰাৰ সন্দেহজনক ভ্ৰমণ পোহৰলৈ: পাকিস্তানৰ বাবে তথ্য সংগ্ৰহৰ সন্দেহ । YouTuber Jyoti

YouTuber Jyoti । ভাৰতীয় গৃহ-সুৰক্ষা সংস্থাসমূহক চিন্তিত কৰি তোলা এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে জ্যোতি মালহোত্ৰাৰ সন্দেহজনক কাৰ্যকলাপ সম্পৰ্কে। উচ্চ পদস্থ চোৰাংচোৱা সূত্ৰৰ অনুসৰি, জ্যোতি মালহোত্ৰাই ২০২৪ চনৰ জুলাই মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত কমেও তিনি বাৰ মুম্বাই ভ্ৰমণ কৰিছিল। এই সময়ছোৱাত তেওঁ পাকিস্তানৰ বাবে স্পৰ্শকাতৰ তথ্য সংগ্ৰহ কৰিছিল বুলি সন্দেহ কৰা হৈছে।

সূত্ৰ অনুসৰি—

  • প্ৰথম ভ্ৰমণ জুলাই মাহত: আহমেদাবাদৰ পৰা কৰ্ণাৱতী এক্সপ্ৰেছৰে মুম্বাই ভ্ৰমণ কৰিছিল। যাত্ৰাৰ সময়ত বিভিন্ন ৰে’ল ষ্টেচন আৰু স্পৰ্শকাতৰ এলেকাৰ ভিডিঅ’ তুলি ৰাখিছিল।
  • দ্বিতীয় ভ্ৰমণ আগষ্ট মাহত: নতুন দিল্লীৰ পৰা ১২১৩৮ পঞ্জাৱ মেইল ৰে মুম্বাই গ’ল। যাত্ৰা কালত পঞ্জাৱ মেইলক দেশ বিভাজনৰ সময়ৰ প্রেমৰ প্ৰতীক বুলি মন্তব্য কৰিছিল আৰু এক ভিডিঅ’ত ৰে’লখনৰ ইতিহাসৰ উল্লেখ কৰিছিল। এইবাৰ AC 2 Tier ডবাত ভ্ৰমণ কৰিছিল।
  • তৃতীয় ভ্ৰমণ ছেপ্টেম্বৰ মাহত: বিলাসী বাছেৰে মুম্বাই গৈ কেইবাদিনো থাকিছিল। সেই সময়ত একাধিক গুৰুত্বপূৰ্ণ স্থানত তোলা ভিডিঅ’ আৰু ফটো এতিয়া তদন্তকাৰী সংস্থাৰ হাতত।

তদন্তকাৰী সংস্থাসমূহে জ্যোতি মালহোত্ৰাৰ ম’বাইল আৰু লেপটপৰ পৰা উদ্ধাৰ কৰিছে সকলো ভ্ৰমণৰ সবিশেষ, যাৰ ভিতৰত স্পৰ্শকাতৰ তথ্য আৰু গোপন কন্টেণ্টো আছে। উল্লেখযোগ্য যে, জ্যোতিয়ে পূৰ্বে নষ্ট কৰি পেলোৱা ডিভাইচৰ পৰা পুনৰ ডাটা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তদন্তকাৰী বিষয়াই

তদন্তত স্পষ্ট হৈছে যে, জ্যোতি মালহোত্ৰাই পাকিস্তানৰ বাবে ভাৰতৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ ভিডিঅ’ আৰু ফটো সংগ্ৰহ কৰিছিল। এই তথ্য পোহৰলৈ অহাৰ পাছত সুৰক্ষা সংস্থাসমূহ অধিক সতর্কতা অবলম্বন কৰিছে আৰু তদন্ত অধিক গভীৰ কৰি তোলা হৈছে।

এই সন্দেহজনক কাৰ্যকলাপে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সুৰক্ষা ক্ষেত্ৰত গভীৰ চিন্তা উদ্ৰেক কৰিছে।

১৭খন জিলাত Yellow Alert, ৪খন জিলাত Orange Alert জাৰি । Assam Weather Update

১৭খন জিলাত Yellow Alert, ৪খন জিলাত Orange Alert জাৰি । Assam Weather Update
১৭খন জিলাত Yellow Alert, ৪খন জিলাত Orange Alert জাৰি । Assam Weather Update

Assam Weather Update । অসমত বতৰে ল’ব কালৰূপ! ১৭খন জিলাত Yellow Alert, ৪খন জিলাত Orange Alert জাৰি

অসমত পুনৰ বতৰ খৰাপ হোৱাৰ আশংকা। বতৰ বিজ্ঞান বিভাগে ৰাজ্যৰ বিভিন্ন ঠাইত ধাৰাসাৰ আৰু অতিপাত বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰি Yellow Alert আৰু Orange Alert জাৰি কৰিছে।

Yellow Alert জাৰি কৰা জিলাসমূহত সম্ভাৱিত ধাৰাসাৰ বৰষুণৰ আশংকা প্ৰকাশ কৰা হৈছে। এই জিলাসমূহ হৈছে —

  • কোকৰাঝাৰ
  • চিৰাং
  • বাক্সা
  • বঙাইগাঁও
  • বৰপেটা
  • নলবাৰী
  • কামৰূপ (গ্ৰাম্য)
  • কামৰূপ (মহানগৰ)
  • গোৱালপাৰা
  • পশ্চিম কাৰ্বি আংলং
  • কাৰ্বি আংলং
  • ডিমা হাচাও
  • কাছাৰ
  • শিৱসাগৰ
  • চৰাইদেউ
  • ডিব্ৰুগড়
  • তিনিচুকীয়া

অন্যফালে, Orange Alert জাৰি কৰা জিলাসমূহত অতিপাত বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। এই জিলাসমূহ হৈছে —

  • দক্ষিণ শালমাৰা
  • ধুবুৰী
  • শ্ৰীভূমি
  • হাইলাকান্দি

বতৰ বিজ্ঞান বিভাগে ৰাজ্যবাসীক সতৰ্ক থকাৰ আহ্বান জনাইছে। বিশেষকৈ নদীৰ কাষৰ অঞ্চল আৰু ভূমি পৰিস্কলনৰ আশংকা থকা এলেকাত ৰৈ থকা লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ অসুস্থ, চিকিৎসালয়ত ভৰ্তি ।zubeen garg

প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ অসুস্থ, চিকিৎসালয়ত ভৰ্তি
প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ অসুস্থ, চিকিৎসালয়ত ভৰ্তি

zubeen garg । জনপ্ৰিয় গায়ক, সংগীতকাৰ আৰু অভিনেতা জুবিন গাৰ্গক পেটৰ বিষ আৰু জ্বৰজনিত অসুস্থতাৰ বাবে নিশা গুৱাহাটীস্থ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰা হৈছে।

বুধবাৰে নিশা তেওঁৰ নতুন ছবি **‘ভাইমন দা’**ৰ বিশেষ প্ৰিমিয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি থাকোতেই হঠাৎ অসুস্থ হৈ পৰে শিল্পীগৰাকী। তাৰ পাছতেই তৎকালীনভাৱে নেমকেয়াৰ হাস্পতাললৈ লৈ যোৱা হয় আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি ভৰ্তি কৰোৱা হয়।

বৰ্তমান জুবিন গাৰ্গ অভিজ্ঞ চিকিৎসকৰ এটা দলেৰে পৰিচালিত তত্বাবধানত আছে। চিকিৎসকৰ পৰা পোৱা তথ্য অনুসৰি তেওঁৰ অৱস্থা স্থিৰ ।

শিল্পীগৰাকীৰ দ্ৰুত আৰোগ্য কামনা কৰি সামাজিক মাধ্যমত উদ্বেগ প্ৰকাশ কৰিছে অনুৰাগীয়ে ।

কামপুৰত পৰকীয়া প্ৰেমৰ পৰিণতি :: পত্নী আৰু প্ৰেমিক শিক্ষকক নৃশংসভাবে হত্যা কৰি হত্যাকাৰীৰ আত্মসমৰ্পণ ।

কামপুৰত পৰকীয়া প্ৰেমৰ পৰিণতি :: পত্নী আৰু প্ৰেমিক শিক্ষকক নৃশংসভাবে হত্যা কৰি হত্যাকাৰীৰ আত্মসমৰ্পণ ।
কামপুৰত পৰকীয়া প্ৰেমৰ পৰিণতি :: পত্নী আৰু প্ৰেমিক শিক্ষকক নৃশংসভাবে হত্যা কৰি হত্যাকাৰীৰ আত্মসমৰ্পণ ।

২১ মে’ ২০২৫: নগাঁও জিলাৰ কামপুৰৰ পাছনিজাৰত কালি নিশা পৰকীয়া প্ৰেমৰ বাবে সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডই বৃহত্তৰ কামপুৰৰ সভ্য সমাজক লজ্জানত কৰিছে । পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে ৰডেৰে কোবাই কোবাই হত্যা কৰিলে পত্নী আৰু এজন প্ৰেমিক শিক্ষকক ৷ খবৰ অনুসৰি, কামপুৰ পৌৰসভাৰ ৬ নং মহলাৰ একেটা ঘৰৰে দুটা পৃথক কোঠাত ভাড়াতীয়া হিচাপে থকা জয়কান্ত দাসৰ পত্নী গীতাৰাণী দাস আৰু শিক্ষক ভাস্কৰ নাথৰ মাজত অবৈধ সম্পৰ্ক গঢ় লৈ উঠিছিল৷

কৰ্মসূত্ৰে গুৱাহাটীৰ এটা কোম্পানীত থকা গীতাৰাণীৰ স্বামী জয়কান্তই কালি নিশা তেওঁৰ ভাড়াঘৰৰ ভিতৰত পত্নী গীতাৰাণী আৰু ভাস্কৰ নাথক একেলগে অসংযত  অৱস্থাত নিজ চকুৱে দেখা পাই ৰডেৰে কোবাই কোবাই হত্যা কৰে। হত্যাকাণ্ড সংঘটিত কৰি জয়কান্ত নাথে নিশাই কামপুৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে । জয়কান্ত দাসৰ প্ৰকৃত ঘৰ দেৱ নাৰিকলী আৰু তেওঁৰ পত্নীৰ ঘৰ তুলসীমুখ দেউৰী গাঁৱত বুলি জানিব পৰা গৈছে।

তেওঁলোকৰ ষষ্ঠ শ্ৰেণীত পঢ়া পুত্ৰ সন্তান এটিও আছে। ইফালে, নিহত টেট শিক্ষক ভাস্কৰ নাথৰ ঘৰ মঙ্গলদৈৰ চিপাঝাৰত বুলি জানিব পৰা গৈছে। হত্যাৰ বলি হোৱা ভাস্কৰ নাথ কামপুৰ পুঠিমাৰীৰ এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল। আনহাতে, হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে নিশাই উচ্চপদস্থ আৰক্ষীৰ দল উক্ত স্থানত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰি আজি মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। ইতিমধ্যে হত্যাকাৰী জয়কান্ত দাসক আৰক্ষীয়ে আজি জে’ল-হাজোতলৈ প্ৰেৰণ কৰে।

এই হত্যাকাণ্ডৰ খবৰ পোৱাৰ পিছতে কামপুৰ অঞ্চলৰ যথেষ্ট সংখ্যক সচেতন লোক ভাড়াঘৰটিত উপস্থিত হৈ এই ঘটনা সমাজৰ বাবে অতি ক্ষতিকাৰক বুলি অভিহিত কৰি ঘটনাটোক একেমুখে ধিক্কাৰ দিয়ে আৰু এনে ধৰণৰ অপকৰ্ম ৰোধ কৰাৰ ক্ষেত্ৰত সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰি যুৱ সমাজক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

অসম সাহিত্য সভাৰ, প্ৰথম বাৰৰ বাবে আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্ম দিবস উদযাপন,প্ৰশস্তি গীত উদ্বোধন,”পতঞ্জলি মহাভাষ্য”ৰ উন্মোচন ।asom sahitya sabha

অসম সাহিত্য সভাৰ, প্ৰথম বাৰৰ বাবে আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্ম দিবস উদযাপন,প্ৰশস্তি গীত উদ্বোধন,"পতঞ্জলি মহাভাষ্য"ৰ উন্মোচন ।asom sahitya sabha
অসম সাহিত্য সভাৰ, প্ৰথম বাৰৰ বাবে আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্ম দিবস উদযাপন,প্ৰশস্তি গীত উদ্বোধন,"পতঞ্জলি মহাভাষ্য"ৰ উন্মোচন ।asom sahitya sabha

২১ মে’ ২০২৫ঃ asom sahitya sabha । ব্ৰিটিছ পণ্ডিত মেক্সমুলাৰ বা উইলিয়ামছৰ সৈতে তুলনামূলকভাৱে প্ৰখৰ মেধাসম্পন্ন প্ৰাচ্য পণ্ডিত আনন্দৰাম বৰুৱাৰ বুদ্ধিমত্তা আৰু উদ্ভাৱনী সক্ষমতাৰ সামঞ্জস্য বিচাৰ কৰিলে চকমপ্ৰদ অভিজ্ঞতা লভিব পৰা যায়। আনন্দৰাম বৰুৱাৰ প্ৰথম কাম হিচাপে বিবেচিত , তেওঁ প্ৰণয়ন কৰা ইংৰাজী-সংস্কৃত অভিধানৰ বাছকবনীয়া শব্দ নিৰ্মাণৰ জৰিয়তে। যেনে: তড়িৎ বাৰ্তাবাহক , উপ প্ৰতি সমাহৰ্তা, উপায়ুক্ত আদি যিবিলাক শব্দ কাহানিও পৃথিৱীৰ কোনো ভাষাত নাছিলেই বুলি জন্ম দিৱস অনুষ্ঠানত মুখ্য বক্তাৰূপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° মালিনী গোস্বামীয়ে।

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়, চন্দ্ৰকান্ত সন্দিকৈ ভৱন যোৰহাট আৰু অসম সাহিত্য সভা গুৱাহাটী কাৰ্যালয়ৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হোৱা ক্ষণজন্মা বিশ্ববন্দিত পণ্ডিত, অসমৰ ১ম গৰাকী স্নাতক, চিভিলিয়ান আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্ম দিৱস উপলক্ষে আজি বিয়লি”অসম সাহিত্য সভা”ৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সহযোগত দুপৰীয়া ১ বজাত গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত আয়োজন কৰা হয় এক শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান। উক্ত অনুষ্ঠানতে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীৰ অহোপুৰুষাৰ্থত বাণীবদ্ধ হোৱা আনন্দৰাম বৰুৱাদেৱৰ জীৱন আধাৰিত প্ৰশস্তি গীতটি অসম সাহিত্য সভাৰ সকলো জিলা সাহিত্য সভা, শাখা সাহিত্য সভা আৰু অন্যান্য প্ৰতিষ্ঠানত আজি মুকলি কৰাৰ লগতে বিশ্ববাসীলৈ উছৰ্গিত কৰা হয়।

অসম সাহিত্য সভাৰ প্ৰতি শ্ৰদ্ধাশীল, অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ অনুৰাগী ৰাইজৰ উপস্থিতিত। লগতে উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি উন্মোচন কৰা হয় অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত আৰু অসম সাহিত্য সভাৰ সদস্য মহীয়ান মহেশ্বৰ হাজৰিকাই অসমীয়ালৈ অনুবাদ কৰা ” পতঞ্জলি মহাভাষ্য ” ৰ তিনিটা খণ্ডৰ। এই তিনিটা খণ্ডৰ উন্মোচন কৰে যথাক্ৰমে: অসম সাহিত্য সভাৰ মাননীয় প্ৰাক্তন সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকা আৰু সংস্কৃত পণ্ডিত, প্ৰাক্তন উপাচাৰ্য ড° দীপক কুমাৰ শৰ্মাই। অনুষ্ঠানৰ শোভা বৰ্দ্ধন কৰি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ড° ৰবীন দেৱ শৰ্মা, ড° ৰাজেন শৰ্মা, শ্ৰী ময়ুৰ বৰা, অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱা, কামৰূপ মহানগৰ জিলাৰ সভাপতি প্ৰফুল্ল বৰ্মন, সম্পাদক অৰুন মহন্ত, গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ডক্তৰ সঞ্জীৱ কুমাৰ শৰ্মা। অনুবাদ প্ৰকল্প উপ-সমিতিৰ আহ্বায়ক হৃদয়ান

Operation Sindoor: ভাৰতে ইচ্ছা কৰিলেই গোটেই পাকিস্তানক উৰুৱাই দিব পাৰে

Operation Sindoor: ভাৰতে ইচ্ছা কৰিলেই গোটেই পাকিস্তানক উৰুৱাই দিব পাৰে
Operation Sindoor: ভাৰতে ইচ্ছা কৰিলেই গোটেই পাকিস্তানক উৰুৱাই দিব পাৰে

ভাৰতে ইচ্ছা কৰিলেই গোটেই পাকিস্তানক উৰুৱাই দিব পাৰে৷( Operation Sindoor) ইছলামাবাদৰ বুকুত কঁপনি তুলি এনে মন্তব্য কৰিছে ভাৰতৰ এগৰাকী শীৰ্ষ সামৰিক বিষয়াই৷ ভাৰতে যোৱা ৭ মে’ৰ মাজনিশা ‘অপাৰেচন সিন্দূৰ’ আৰম্ভ কৰিছিল৷ এই প্ৰতিআক্ৰমণত পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটিসমূহ নিৰ্বাচিতভাৱে ধবংস কৰা হৈছিল৷ ইয়াৰ পিছত পাকিস্তানেও গুলীচালনা আৰম্ভ কৰে৷ একেৰাহে চাৰি দিন ধৰি দুয়োখন দেশৰ মাজত এই সংঘাত অব্যাহত আছিল৷ পিছলৈ অৱশ্যে দুয়োপক্ষই যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে৷ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাপূৰ্ণ পৰিস্থিতি পূৰ্বৰ তুলনাত অলপ শান্ত হৈছে৷ সেই পৰিৱেশত ভাৰতৰ শীৰ্ষ সেনা বিষয়াগৰাকীয়ে পাকিস্তানক সতৰ্কবাণী শুনাইছে৷ ভাৰতৰ সামৰিক শক্তিৰ কথা তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰিছে৷ তেওঁ কয়, ভাৰতে ইচ্ছা কৰিলে সমগ্ৰ পাকিস্তানক উৰুৱাই দিব পাৰে৷ আৰু তেনে পৰিস্থিতিত পাক সেনাই লুকাই থাকিবলৈ দ গাঁত বিচাৰিব লাগিব।

সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাৰতীয় সেনাৰ ডি জি এয়াৰ ডিফেন্স লেফটেনেণ্ট জেনেৰেল চুমেৰ ইভান ডি(Sumer Ivan D’Cunha) কুনহাই কয় যে সমগ্ৰ পাকিস্তান ভাৰতৰ হাতৰ মুঠিত আছে৷ ভাৰতৰ ইচ্ছা কৰিলে সমগ্ৰ পাকিস্তানত আঘাত কৰিব পৰা সামৰিক শক্তি আছে। ‘যদি পাক সেনাই ৰাৱালপিণ্ডিৰ পৰা মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰে তেন্তে তেওঁলোকে লুকাই থাকিবলৈ দগাঁত বিচাৰিব লাগিব৷’ সমগ্ৰ পাকিস্তান দখল কৰিব পৰাকৈ ভাৰতৰ হাতত যথেষ্ট অস্ত্ৰ-শস্ত্ৰ আছে বুলি দাবী কৰে বিষয়াগৰাকীয়ে৷ গতিকে সমগ্ৰ পাকিস্তান ভাৰতৰ সামৰিক ক্ষেত্ৰৰ ভিতৰত আছে৷ পাকিস্তানৰ সেনাই তেওঁলোকৰ মুখ্য কাৰ্যালয় ৰাৱালপিণ্ডিৰ পৰা খাইবাৰ পখতুনখোৱালৈ স্থানান্তৰিত কৰক বা য’তেই নকৰক কিয়, ভাৰতৰ হাতৰ পৰা সাৰি যাব নোৱাৰিব৷ শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক উত্তেজনাৰ মাজতে ভাৰতীয় সেনাই মূলতঃ সীমান্তৰ কেইবাটাও পাকিস্তানী বিমান ঘাটিক লক্ষ্য কৰি আক্ৰমণ চলায়৷ অৱশ্যে পাকিস্তান সেনাৰ মুখ্য কাৰ্যালয় ৰাৱালপিণ্ডিতো এই আক্ৰমণ চলা বুলি কোৱা হৈছে৷

এই অভিযানৰ সফলতাৰ কাৰণ আছিল উন্নত থলুৱা প্ৰযুক্তি যেনে দীৰ্ঘ দূৰত্বৰ ড্ৰোন আৰু অন্যান্য বিভিন্ন অস্ত্ৰ৷ সেই প্ৰসংগটোৰ কথা উল্লেখ কৰি লেফটেনেণ্ট ডি’কুনহাই কয় যে, ‘পাকিস্তানে চাৰি দিনত পশ্চিম সীমান্তত প্ৰায় ৮০০১ পৰা ১০০০টা ড্ৰ’ন আক্ৰমণ সংঘটিত কৰিছিল৷’ কিন্তু ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ সমন্বিত প্ৰচেষ্টাত সকলো ড্ৰ’ন সফলতাৰে ধবংস হ’ল৷ ‘যদিও তেওঁলোকে জনবসতিপূৰ্ণ অঞ্চলক লক্ষ্য কৰি লৈছিল, আমি নিশ্চিত কৰিছিলো যে সাধাৰণ নাগৰিকৰ কোনো ক্ষতি নহয়৷’ মন কৰিবলগীয়া যে যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে৷ আক্ৰমণৰ বাবে পাকিস্তানক দোষাৰোপ কৰি ভাৰতে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে৷

Russia-Ukraine: যুদ্ধই প্ৰতি সপ্তাহত ৫ হাজাৰ লোকৰ প্ৰাণ কাঢ়িছে?

Russia-Ukraine: যুদ্ধই প্ৰতি সপ্তাহত ৫ হাজাৰ লোকৰ প্ৰাণ কাঢ়িছে?
Russia-Ukraine: যুদ্ধই প্ৰতি সপ্তাহত ৫ হাজাৰ লোকৰ প্ৰাণ কাঢ়িছে?

শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি(Russia-Ukraine)ভ্‌লাদিমিৰ পুটিনৰ সৈতে বাৰ্তালাপ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে৷ পিছত ট্ৰাম্পে পুটিনৰ সৈতে ইতিবাচক আলোচনা হোৱা বুলি কয়৷ তেওঁ লগতে কয় যে আমেৰিকাই এই যুদ্ধ বন্ধ কৰিব বিচাৰে৷ ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত পুনৰ মন্তব্য কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে৷ সোমবাৰে প্ৰায় দুঘণ্টা ধৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্‌লাদিমিৰ পুটিনৰ সৈতে ফোনত কথা পাতিছিল ট্ৰাম্পে৷

পুটিনৰ সৈতে ফোন কলৰ অন্তত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত বিভিন্ন মন্তব্য কৰে৷ এই যুদ্ধৰ পৰিস্থিতি এই পৰ্যায়লৈ অনাৰ বাবে তেওঁ জো বাইডেনৰ প্ৰশাসনকো দোষাৰোপ কৰে৷ মস্কো আৰু কিয়েভৰ মাজত সংঘাতৰ সন্দৰ্ভত ট্ৰাম্পে কয় যে, ‘প্ৰতি সপ্তাহত গড়ে ৫ হাজাৰ যুৱ সৈনিকৰ মৃত্যু হৈছে। আমি ইয়াক ৰোধ কৰিবলৈ চেষ্টা কৰিছো৷’ ৰাছিয়া-ইউক্ৰেইন যুদ্ধত মধ্যস্থতা কৰাৰ বাবে আমেৰিকাই কৰা প্ৰচেষ্টা নতুন নহয়৷ ইয়াৰ পূৰ্বেও তেওঁ বিভিন্ন সময়ত ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ বিষয়ে মন্তব্য কৰিছিল৷ সোমবাৰে পুটিনৰ সৈতে ফোন কলৰ পিছত ট্ৰাম্পে ঘোষণা কৰে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধবিৰতিৰ আলোচনা তৎক্ষণাৎ আৰম্ভ হ’ব৷ যদিও তেওঁ আলোচনা তৎক্ষণাৎ আৰম্ভ হোৱাৰ সন্দৰ্ভত কোনো মন্তব্য নকৰিলেও পিছত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইউক্ৰেইনৰ সৈতে সংঘাতৰ অন্ত পেলাবলৈ আগ্ৰহী বুলি কয়৷ ৱাশ্বিংটনত দিয়া ভাষণৰ সময়ত ট্ৰাম্পে কয় যে, ‘ভ্‌লাদিমিৰ পুটিন নামৰ এজন অতি ভাল ব্যক্তিৰ সৈতে মোৰ চমু কথা-বতৰা হৈছিল৷

আমাৰ মাজত ইতিবাচক কথা-বতৰা হৈছিল আৰু মই ভাবো [যুদ্ধবিৰতিৰ ওপৰত] কথাবোৰ আগবাঢ়িছে৷’ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, ‘আমি [যুদ্ধ] বন্ধ কৰিব বিচাৰো৷ তাত প্ৰকৃত ৰক্তস্নান চলি আছে৷ মই উপগ্ৰহৰ ছবিবোৰ দেখিছো, কিমান ভয়ংকৰ। এইটো আমাৰ যুদ্ধ নহয়৷ আমি সকলো কৰি আছো৷’ প্ৰসংগত তেওঁ পূৰ্বৰ বাইডেন প্ৰশাসনকো আঙুলিয়াই দিয়ে৷ ট্ৰাম্পে দাবী কৰে যে তেওঁ পূৰ্বৰ প্ৰশাসনৰ পৰিঘটনাৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে৷ বাইডেন প্ৰশাসনে কেনেকৈ এনে পৰিস্থিতিৰ সৃষ্টি হ’বলৈ দিলে সেয়াও প্ৰশ্ন উত্থাপন কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে৷ দৰাচলতে যোৱা শুকুৰবাৰে ইস্তানবুলৰ ৰয়েল পেলেচত কোনো মধ্যস্থতাকাৰী অবিহনে যুদ্ধবিৰতিৰ প্ৰস্তাৱৰ ওপৰত ৰাছিয়া আৰু ইউক্ৰেইনে প্ৰথমবাৰৰ বাবে মুখামুখি আলোচনা অনুষ্ঠিত কৰিছিল৷ কিন্তু দুয়োপক্ষৰ মাজত হোৱা প্ৰথমখন আলোচনা ফলপ্ৰসূ নহ’ল৷ ইয়াৰ পিছত যুদ্ধবিৰতিৰ বাবে পুনৰ সক্ৰিয় হৈ পৰে ট্ৰাম্প৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়েও ট্ৰাম্প-পুটিনৰ ফোন কলৰ পিছত ছ’চিয়েল মিডিয়াত পোষ্ট কৰে৷ জেলেনস্কিয়ে দাবী কৰে যে সোমবাৰে তেওঁ দুবাৰকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে কথা পাতিছিল৷

জেলেনস্কিয়ে দাবী কৰে যে ট্ৰাম্পে পুটিনৰ সৈতে হোৱা বৈঠকৰ পূৰ্বে তেওঁৰ সৈতে ফোনত কথা পাতিছিল৷ পিছত ইউৰোপৰ বিভিন্ন দেশৰ নেতা আৰু ট্ৰাম্পৰ সৈতে ফোনত কথা পাতিছিল৷ অৱশ্যে জেলেনস্কিৰ সৈতে হোৱা ফোন কলৰ বিষয়ে ট্ৰাম্পে একো উল্লেখ কৰা নাই৷ জেলেনস্কিয়ে কয় যে ইউক্ৰেইন সদায় শান্তিৰ পক্ষত আছে৷ যদি ৰাছিয়াই হত্যা বন্ধ নকৰে, যদি বন্দীসকলক মুকলি কৰি নিদিয়ে, যদি পুটিনে পুনৰ অবাস্তৱ দাবী উত্থাপন কৰে, তেন্তে বুজিব লাগিব যে ৰাছিয়াই যুদ্ধখন দীঘলীয়া কৰিব বিচাৰিছে৷

International Tea Day 2025: আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসঃ চাহ প্ৰিয় নে আপোনাৰ ?

International Tea Day 2025: আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসঃ চাহ প্ৰিয় নে আপোনাৰ ?
International Tea Day 2025: আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসঃ চাহ প্ৰিয় নে আপোনাৰ ?

ৰাতিপুৱা খালী পেটত চাহ খোৱাটো বিপদজনক, বেছিভাগ ভাৰতীয় মানুহেই দিনটো আৰম্ভ কৰে চাহ একাপ খাই। চাহ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।(International Tea Day 2025)

বেছিভাগ মানুহেই ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চাহ খাবলৈ ভাল পায়। কিছুমানে কয় যে চাহ নাখালে ভালেই নালাগে। কিন্তু আপুনি জানেনে খালী পেটত চাহ খালে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। বেছিভাগ মানুহেই দিনটোত কেইবাকাপপো চাহ খায় যদিও ৰাতিপুৱা খালী পেটত চাহ খালে বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। চাহৰ দ্বাৰা লিভাৰত কেনে প্ৰভাৱ পৰিব পাৰে জানো আহক।

ৰাতিপুৱা খালী পেটত চাহ খালে যকৃতত প্ৰভাৱ পৰিব পাৰে। খালী পেটত চাহ খালে চৰ্বিযুক্ত যকৃত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। সঠিক সময়ত চাহ খালে শৰীৰৰ কোনো ক্ষতি নহয়। ৰাতিপুৱা ব্ৰেকফাষ্টৰ ১ৰ পৰা ২ ঘণ্টাৰ পিছত চাহ খালে শৰীৰৰ কোনো ক্ষতি নহয়।


টেনিন চাহত পোৱা যায়, গতিকে খালী পেটত দৈনিক চাহ খালে ই অন্ত্ৰৰ ক্ষতিও কৰিব পাৰে। চাহত থকা টেনিনেও যকৃতত প্ৰদাহৰ সমস্যা বৃদ্ধি কৰিব পাৰে। খালী পেটত চাহ খালে গেছ আৰু পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে।

যদি আপুনি চাহ খাই বৰ ভাল পায় তেন্তে ৰাতিপুৱা সাৰ পোৱাৰ পিছত প্ৰথমে ব্ৰেকফাষ্ট কৰক। ব্ৰেকফাষ্টত স্বাস্থ্যকৰ বস্তু খাব লাগে। ব্ৰেকফাষ্ট কৰাৰ ১ৰ পৰা ২ ঘণ্টাৰ পিছত চাহ খাব পাৰে। যদি আপুনি প্ৰতিদিনে ব্ৰেকফাষ্টৰ ১ৰ পৰা ২ ঘণ্টাৰ পিছত চাহ খায়, তেন্তে আপোনাৰ স্বাস্থ্যৰ কোনো ক্ষতি নহ’ব। গৰমৰ দিনত ২ৰ পৰা ৩ কাপ চাহহে খাব লাগে। ৪ৰ পৰা ৫ কাপ চাহ আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হব পাৰে।