Home Blog Page 294

US Rejected Mangoes: ভাৰতৰ পৰা প্ৰেৰণ কৰা আম গ্ৰহণ নকৰিলে আমেৰিকাই

US Rejected Mangoes: ভাৰতৰ পৰা প্ৰেৰণ কৰা আম গ্ৰহণ নকৰিলে আমেৰিকাই
US Rejected Mangoes: ভাৰতৰ পৰা প্ৰেৰণ কৰা আম গ্ৰহণ নকৰিলে আমেৰিকাই

ভাৰতৰ পৰা প্ৰেৰণ কৰা কমেও ১৫টা আমৰ চালান চলিত মাহত(US Rejected Mangoes) লছ এঞ্জেলছ, ছান ফ্ৰান্সিস্কো, আটলাণ্টাকে ধৰি আমেৰিকাৰ বিভিন্ন বিমানবন্দৰৰ পৰা ওভতাই পঠিওৱা হৈছে৷ আনহাতে, আমবোৰ দেশলৈ ঘূৰাই অনাৰ ব্যয়ৰ কথা চিন্তা কৰি ৰপ্তানি কৰাসকলে আমবোৰ আমেৰিকাতে পেলাই দিয়াৰ কথা চিন্তা কৰিছে৷ ইয়াৰ ফলত ভাৰতৰ আম ৰপ্তানিৰ ক্ষেত্ৰত বৃহৎ লোকচান ভৰিবলগীয়া হৈছে৷ শেহতীয়াকৈ আমেৰিকাই বিমানবন্দৰৰ পৰা ভাৰতৰ পৰা পঠোৱা বৃহৎ পৰিমাণৰ আম ঘূৰাই পঠিয়াইছে৷

ফলত আম ৰপ্তানিসকলে বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এক প্ৰতিবেদন অনুসৰি চলিত মাহত লছ এঞ্জেলছ, ছান ফ্ৰান্সিস্কো, আটলাণ্টাকে ধৰি আমেৰিকাৰ বিভিন্ন বিমানবন্দৰত ভাৰতৰ পৰা যোৱা কমেও ১৫টা আমৰ চালান বাতিল কৰা হৈছে৷ এই ১৫টা চালানত কিমান আম ৰপ্তানি কৰা হৈছিল সেয়া স্পষ্ট হোৱা নাই৷ অৱশ্যে ইয়াৰ ফলত দেশৰ আম ব্যৱসায়ীসকলৰ প্ৰায় প্ত লাখ মাৰ্কিন ডলাৰৰ লোকচান হ’ব বুলি ধাৰণা কৰা হৈছে, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ৪২.৭২ কোটি টকা৷ বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি মুম্বাইৰ পৰা আম ৰপ্তানিৰ বাবে প্ৰয়োজনীয় সকলো কাগজ-পত্ৰ ৰপ্তানি পূৰ্বে ৮ আৰু ৯ মে’ত সম্পূৰ্ণ কৰা হৈছিল৷ কিন্তু ৰপ্তানি সম্পৰ্কীয় নথি-পত্ৰত অসামঞ্জস্য থকাৰ অভিযোগ উত্থাপন কৰি আমেৰিকাই সেই আম গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে৷ এক কথাত ক’বলৈ গ’লে ভাৰতত উৎপাদিত আমৰ ৰপ্তানি বজাৰখনেই হৈছে আমেৰিকা৷ যিহেতু আম সহজে নষ্ট হয়, সেয়েহে সাধাৰণতে ভাৰতৰ পৰা আমেৰিকালৈ বিমানযোগে আম প্ৰেৰণ কৰা হয়৷ ফলত আম ৰপ্তানিৰো ব্যয় বৃহৎ৷ সেয়েহে আমবোৰ দেশলৈ ঘূৰাই অনাতকৈ আমেৰিকাতে ধবংস কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে৷

India not a dharamshala: ভাৰত কোনো ধৰমশালা নহয়

India not a dharamshala: ভাৰত কোনো ধৰমশালা নহয়
India not a dharamshala: ভাৰত কোনো ধৰমশালা নহয়

ভাৰতত স্থায়ীভাৱে বাস কৰাৰ মৌলিক অধিকাৰ কেৱল(India not a dharamshala) ভাৰত কোনো ধৰমশালা নহয়ভাৰতীয় নাগৰিকৰহে আছে৷ এটা গোচৰৰ শুনানিৰ সময়ত এই কথা উল্লেখ কৰে উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ দীপাংকৰ দত্তই৷ ভাৰত কোনো ধৰমশালা নহয়৷ সমগ্ৰ বিশ্বৰ শৰণাৰ্থীক ইয়াত আশ্ৰয় দিব নোৱাৰি৷ উচ্ছতম ন্যায়ালয়ে এটা গোচৰৰ শুনানিৰ সময়ত মৌখিক পৰ্যবেক্ষণত এই কথা উল্লেখ কৰে৷ শ্ৰীলংকাৰ তামিল নাগৰিকক আটক কৰাৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ত গোচৰ ৰুজু হৈছিল৷ উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ বিচাৰপীঠে গোচৰ খাৰিজ কৰাৰ সময়ত এই মত দিয়ে৷ ন্যায়াধীশ দত্তই কয় যে, ‘ভাৰত সমগ্ৰ বিশ্বৰ শৰণাৰ্থীৰ আশ্ৰয়স্থল হৈ পৰিছেনে? আমাৰ নিজা ৰ.চ্ছ্ৰ বিলিয়ন(Supreme Court) [জনসংখ্যা] আছে৷ এইখন ধৰমশালা নহয় যে আমি সমগ্ৰ বিশ্বৰ পৰা অহা বিদেশী নাগৰিকৰ বাবে ব্যৱস্থা কৰিম৷’ এই ক্ষেত্ৰত আবেদনকাৰী, শ্ৰীলংকাৰ তামিল নাগৰিকজন ইউএপিএৰ অধীনত অভিযোগৰ সন্মুখীন হৈছে৷ ইয়াৰ পূৰ্বে মাদ্ৰাজ উচ্ছ ন্যায়ালয়ে কৈছিল যে অভিযুক্তই সাত বছৰৰ কাৰাদণ্ড সম্পূৰ্ণ কৰাৰ লগে লগে ভাৰত এৰি যাব লাগিব৷

এই নিৰ্দেশক প্ৰত্যাহ৩ান জনাই উচ্ছতম ন্যায়ালয়ৰ কাষ চাপিছিল শ্ৰীলংকাৰ নাগৰিকগৰাকীয়ে৷ তেওঁৰ অধিবক্তাই দাবী কৰিছে যে অভিযুক্তই ভিছা লৈ এই দেশলৈ আহিছিল৷ লগতে নিজৰ দেশতে নিজৰ জীৱন বিপদত পৰা বুলিও কয়৷ অধিবক্তাগৰাকীয়ে লগতে আঙুলিয়াই দিয়ে যে অভিযুক্ত গৰাকীক প্ৰায় তিনি বছৰ ধৰি ডিটেনচনত ৰখা হৈছে৷ তেতিয়া ন্যায়াধীশ দত্তই জানিব বিচাৰিছিল যে ভাৰতত থকাৰ সেই ব্যক্তিজনৰ কি অধিকাৰ আছে? বাদীজনৰ অধিবক্তাই কয় যে তেওঁৰ ক্লায়েণ্ট এজন শৰণাৰ্থী আৰু তেওঁৰ পত্নী আৰু সন্তানো ভাৰতত থাকে৷ কিন্তু আদালতে সেই যুক্তি গ্ৰহণযোগ্য বুলি বিবেচনা নকৰিলে৷ ন্যায়াধীশ দত্তই স্পষ্ট কৰি দিয়ে যে সংবিধানৰ ১৯ নং অনুচ্ছেদ অনুসৰি ভাৰতত স্থায়ীভাৱে বাস কৰাৰ মৌলিক অধিকাৰ কেৱল এই দেশৰ নাগৰিকসকলৰহে আছে৷ লোকজনৰ জীৱনলৈ অহা বুললি কোৱা বিপদ সন্দৰ্ভতো আবেদন নাকচ কৰে আদালতে৷ নিজৰ দেশলৈ উভতি গ’লে ব্যক্তিজনৰ জীৱন বিপদত পৰিব বুলি শুনি ন্যায়াধীশ দত্তই কয় , ‘তেন্তে তেওঁ আন এখন দেশলৈ যাওক’৷

Sumi Borah: মুকলি আকাশৰ তললৈ ট্ৰেডিং কুইন চুমী

Sumi Borah: মুকলি আকাশৰ তললৈ ট্ৰেডিং কুইন চুমী
Sumi Borah: মুকলি আকাশৰ তললৈ ট্ৰেডিং কুইন চুমী

জামিন লাভ ট্ৰেডিং কুইন চুমী বৰাৰ।(Sumi Borah)

ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ অন্তিমটো গোচৰত জামিন লাভ চুমীৰ।

ট্ৰেডিং কেলেংকাৰীৰ আটাইকেইটা গোচৰত জামিন লাভ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে চুমি বৰাক।

২০২৪ বৰ্ষৰ ১২ ছেপ্টেম্বৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চুমি বৰাক।

ট্ৰেডিং গোচৰৰ আটাইকেইটাতে জামিন লাভ চুমি বৰাৰ।

শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব চুমি বৰা।

Duliajan News: শীঘ্ৰেই তনু শ্বাহীক গ্ৰেপ্তাৰ নকৰিলে অচল হৈ পৰিব দুলীয়াজান

Duliajan News: শীঘ্ৰেই তনু শ্বাহীক গ্ৰেপ্তাৰ নকৰিলে অচল হৈ পৰিব দুলীয়াজান
Duliajan News: শীঘ্ৰেই তনু শ্বাহীক গ্ৰেপ্তাৰ নকৰিলে অচল হৈ পৰিব দুলীয়াজান

বি এন সিং পেট্ৰল পাম্পৰ(Duliajan News) বৰ্তমানৰ স্বৰ্তাধিকাৰী কিৰণ শ্বাহীৰ কন্যা তনু শ্বাহীৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষী থানাত বিভিন্ন দল-সংগঠনৰ এজাহাৰ।

তিনিদিনৰ ভিতৰত তনু শ্বাহীক গ্ৰেপ্তাৰ নকৰিলে পৰৱৰ্তী সময়ত বিভিন্ন দল সংগঠনে দুলীয়াজান বন্ধৰ কাৰ্য্যসূচী হাতত ল’ব বুলি মন্তব্য অসমীয়া মহিলা মঞ্চৰ।

২৩ মে’ত দুলীয়াজান বন্ধৰ হুংকাৰ দল-সংগঠনৰ।

বি এন সিঙৰ কন্যা তনু শ্বাহীৰ বিৰুদ্ধে ১০খন এজাহাৰ দাখিল কৰিছে দল-সংগঠনে

অসমীয়া জাতিক কৰা অপমানসূচক মন্তব্যৰ বাবে এজাহাৰ দাখিল

‘সব ফ্রী মে খানে ৱালা আদমী হ্যে, সব দালাল হ্যে’ অসমীয়াক উদ্দেশ্যি এনেধৰণৰ অপমানসূচক মন্তব্য কৰিছিল তনু শ্বাহীয়ে

ইফালে প্ৰাক্তন আছুনেতা শংকৰজ্যোতি বৰুৱাক আৰক্ষী প্ৰশাসনে বিধি উলংঘা কৰি হাতত হেণ্ডকাফ লগোৱা কাৰ্য্যক গৰিহনা দি ১০টা কৈ সংগঠনে স্মাৰকপত্ৰ প্ৰদান কৰে সম জিলা আয়ুক্তক।

Banu Mushtaq: হাৰ্ট লেম্পত প্ৰকাশ পাইছে মুছলমান মহিলাৰ দৈনন্দিন জীৱন

Banu Mushtaq: হাৰ্ট লেম্পত প্ৰকাশ পাইছে মুছলমান মহিলাৰ দৈনন্দিন জীৱন
Banu Mushtaq: হাৰ্ট লেম্পত প্ৰকাশ পাইছে মুছলমান মহিলাৰ দৈনন্দিন জীৱন

কানাড়া সাহিত্যিক বানু মুস্তাকলৈ ২০২৫ বৰ্ষৰ ‘আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা’।(Banu Mushtaq)

কানাড়া গল্প সংকলন হাৰ্ট লেম্পৰ বাবে বুকাৰ বঁটা লাভ বানু মুস্তাকৰ।(Kannada)

মঙলবাৰে লণ্ডনৰ টেট মডাৰ্ণত অনুষ্ঠিত এক অনুষ্ঠানত এই বঁটা লাভ কৰে বানু মুস্তাকে।

কানাড়া সাহিত্য প্ৰথমবাৰৰ বাবে এই সন্মান লাভ কৰিছে বানু মুস্তাকে।

কৰ্ণাটকৰ মুছলমান মহিলাৰ দৈনন্দিন জীৱনক সুন্দৰভাৱে প্ৰতিফলন কৰা ১২টা চুটিগল্পৰ সংকলন বানু মুস্তাকৰ হাৰ্ট লেম্প। অৰ্থাত দক্ষিণ ভাৰতৰ মুছলমান মহিলা আৰু যুৱতীসকলৰ দৈনন্দিন জীৱন আৰু সংগ্ৰামৰ প্ৰতিফলন হৈছে হাৰ্ট লেম্পত।

Mizoram: দেশৰ প্ৰথমখন পূৰ্ণ সাক্ষৰ ৰাজ্যৰূপে পৰিগণিত মিজোৰাম

Mizoram: দেশৰ প্ৰথমখন পূৰ্ণ সাক্ষৰ ৰাজ্যৰূপে পৰিগণিত মিজোৰাম
Mizoram: দেশৰ প্ৰথমখন পূৰ্ণ সাক্ষৰ ৰাজ্যৰূপে পৰিগণিত মিজোৰাম

দেশৰ প্ৰথমখন পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে স্বীকৃতি লাভ মিজোৰামৰ।(Mizoram)

কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে প্রদান কৰিলে মিজোৰামক পূৰ্ণ সাক্ষৰতাৰ স্বীকৃতি।

মিজোৰামে ৯৭% সাক্ষৰতাৰ সীমা অতিক্ৰম কৰিছে।

ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য মিজোৰাম।

মঙলবাৰে মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই মিজোৰামক দেশৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে ঘোষণা কৰে।

মিজোৰাম বিশ্ববিদ্যালয় (এম জি ইউ)ত অনুষ্ঠিত এক অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীৰ উপস্থিতিত এই ঘোষণা কৰে লালডুহোমাই।

Nagaon News: নগাঁৱত মঞ্চস্থ “তলসৰা এজাক তৰা বুটলি”

Nagaon News: নগাঁৱত মঞ্চস্থ "তলসৰা এজাক তৰা বুটলি"
Nagaon News: নগাঁৱত মঞ্চস্থ "তলসৰা এজাক তৰা বুটলি"


নগাঁৱৰ ‘অবিনশ্বৰ গোষ্ঠী’ৰ নিবেদনত(Nagaon News) নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ১৯ মে’ৰ নিশা “তলসৰা এজাক তৰা বুটলি” নামৰ এখনি সামাজিক নাটক মঞ্চস্থ কৰা হয়। যুৱ প্ৰজন্মৰ এগৰাকী সফল অভিনেত্ৰী তথা ইতিপূৰ্বে পাঁচখনকৈ নাট ৰচনাৰে নাট্যপ্ৰেমীসকলৰ মাজত পৰিচিত হৈ পৰা তুহিনকন্যা বৰাৰ কলমত এইবাৰ প্ৰাণ পাই উঠিছে “তলসৰা এজাক তৰা বুটলি” নামৰ এই নাটখনি। নাট্যকাৰগৰাকীয়ে নাটখনি ৰচনাৰ লগতে পৰিচালনাও কৰা এই নাটখনি বাস্তৱধৰ্মী হ’লেও প্ৰকাশভঙ্গী বা প্ৰতিটো দৃশ্য উপস্থাপন শৈলী কিছু সুকীয়া। এনে ক্ষেত্ৰত সাধাৰণ শ্ৰেণীৰ দৰ্শক পোনচাটেই নাটকৰ মাজত সোমাই পৰিবলৈ অসুবিধা পাব পাৰে। নাটখনিৰ বিষয়ে ক’বলৈ গ’লে নিবিৰ আৰু কঁহুৱা নামৰ এহাল ডেকা-গাভৰু জীৱনৰ সন্ধানত একেটি পথত লগ হয়। তেওঁলোকৰ অন্তৰ্নিহিত পৰিচয়ৰ সন্ধান আৰু অতীতৰ সৈতে ইয়াৰ যুগসূত্ৰ স্থাপন কৰাৰ চেষ্টাই নাটখনিৰ মূল উদ্দেশ্য। নাটকখনে মানুহৰ জীৱনৰ অর্থ, অতীতক আলিংগন কৰাৰ সাহস, জীৱনৰ প্ৰকৃত সত্যৰ সন্মুখীন হোৱাৰ অভিজ্ঞতা আৰু অনুভৱ উদ্ভাসিত হৈছে। সাধাৰণ দৰ্শকৰ দৃষ্টিকোণেৰে চাবলৈ গ’লে নাটখনিৰ মাজেৰে মানৱ জীৱনত সচৰাচৰ সংঘটিত কিছুমান ঘটনা-পৰিঘটনাক একো একোটা বিষয় হিচাপে তুলি ধৰিবলৈ প্ৰয়াস কৰা হৈছে। নাটখনিৰ চৰিত্ৰ মাত্ৰ দুটা। ইয়াৰে এটা চৰিত্ৰত অভিনয় কৰিছে নাট্যকাৰ তুহিনকন্যা বৰাই নিজে আৰু আনটো চৰিত্ৰত হৃদয়দ্বীপ গগৈয়ে।

সঁচা অৰ্থত দুয়োৰে অভিনয় নিখুঁত হৈছে। নাটখনি সুন্দৰ পৰিকল্পনাৰে সজালে প্ৰাঞ্জল প্ৰতীম মহন্তই। সহ: পৰিচালক হিচাপেও আছিল পৰিকল্পক প্ৰাঞ্জল প্ৰতিম মহন্ত। সংগীত সংৰচনা আৰু প্ৰয়োগত হৃদয় কৈলাশ (নীল) সফল হৈছে বুলিব পাৰি। সংগীত ব্যৱস্থাপনা নিশান কাশ্যপৰ। নাটখনিৰ আৱহ সংগীতত কন্ঠ নিগৰাইছে অনুৰাগ বৰুৱা (নিয়ৰ), নিলোৎপল বৰ্মন আৰু পৰিনান্ধি জিমা চুলতানাই। পোহৰ পৰিকল্পনা আৰু নিয়ন্ত্ৰণ সোনমণি শৰ্মাৰ। সঠিক পোহৰ পৰিকল্পনা আৰু মসৃণ নিয়ন্ত্ৰণে নাটখনি ছৱিময় কৰি তুলিছে। সাজ-সজ্জা লয়ন ৰঞ্জন শইকীয়া, প্ৰত্যাশা শৰ্মাৰ। নেপথ্যত সহায় কৰিছে বেদান্ত নেওগ, প্ৰজ্ঞানব্ৰত কলিতাই। নাটখনিৰ কলা-কুশলীসকলৰ মাজত নাম নাথাকিলেও নাটখনি মঞ্চস্থৰ বেলিকা প্ৰধান অৰিহণা আছে ‘অবিনশ্বৰ গোষ্ঠী’ৰ সাধাৰণ সম্পাদক, বিশিষ্ট নাট্যশিল্পী দীপক বৰাৰ। তিনি শতাধিক নাট্যপ্ৰেমী দৰ্শকেৰে পৰিপূৰ্ণ প্ৰেক্ষাগৃহটোৰ সমূহ দৰ্শকেই ১ ঘন্টা ২০ মিনিট দৈৰ্ঘ্যৰ নাটখনি মনোযোগেৰে উপভোগ কৰাটো লক্ষণীয়। দৰ্শকৰ দৃষ্টিকোণেৰে চাবলৈ গ’লে এগৰাকী যুৱ নাট্যকাৰ হিচাপে তুহিন কন্যা বৰাৰ উজ্জ্বল ভৱিষ্যতৰ ছবি পৰিস্ফুট হৈ পৰিছে। দৰ্শকৰ ৰুচিবোধ আৰু সাম্প্ৰতিক সময়ৰ নাটকৰ ধাৰাৰ প্ৰতি লক্ষ্য ৰাখি বিষয়বস্তু উপস্থাপনৰ কৌশল, যথাসময়ত উপযুক্ত সংলাপ সৃষ্টি, প্ৰয়োজনবোধে অতিৰিক্ত চৰিত্ৰ সংযোজন আদি দিশ সমূহে স্বাভাৱিকতে নাটক এখনি পৰিপূৰ্ণ কৰি তোলাত সহায়ক হয় আৰু সেয়া উদীয়মান নাট্যকাৰ গৰাকীয়ে নিশ্চয়কৈ অনুভৱ কৰিছে বুলিব পাৰি।

কিন্তু নাটখনিত ভাবনাক বেছি অগ্ৰাধিকাৰ দিয়া বাবে দুটি চৰিত্ৰৰ মাজেৰে বিষয়বস্তুয়ে গতি কৰাত কোনো কোনো ক্ষেত্ৰত যেন উজুটি খাবলগা হৈছে এনে ভাব হয়। সীমিত সা-সুবিধাৰ মাজেৰে তথা সময়ৰ প্ৰতি লক্ষ্য ৰাখি হয়তো এটা ‘ছেটিংছ’তে নাটখনি সম্পন্ন কৰা হ’ল বুলি ভবাৰ থল আছে। যিয়েই নহওক, সামগ্ৰিকভাৱে নাটখনিয়ে দৰ্শকক সন্মোহিত কৰিব পাৰিছে। শেষত ক’ব পাৰি– দৰ্শকে এখন ভাল নাটক উপহাৰ পালে আৰু নাটখনি মঞ্চস্থৰ বেলিকা প্ৰথম খোজতে অনাকাংক্ষিত ভাবে যি দুই এক সৰু-সুৰা খুটি-নাটি ৰৈ গৈছে সেয়া ভালকৈ মন দিলে অধিক মনোৰম হ’ব।

Guwahati News: গীতে-মাতে, কথাই-কবিতাই সহমৰ্মিতাৰ দিন উদযাপন

Guwahati News: গীতে-মাতে, কথাই-কবিতাই সহমৰ্মিতাৰ দিন উদযাপন
Guwahati News: গীতে-মাতে, কথাই-কবিতাই সহমৰ্মিতাৰ দিন উদযাপন

১৯ মে’ সোমবাৰে উত্তৰ পুৰুষৰ মঞ্চ, অসমে(Guwahati News) মঞ্চৰ এগৰাকী উপদেষ্টা, পঞ্জীয়ন সমিতিৰ সভাপতি, অৱসৰী অধ্যাপক, ড° অনিমা বৰাৰ জন্মদিনটো “সহমৰ্মিতাৰ দিন” হিচাপে উলহ-মালহেৰে পালন কৰে। এবাৰ সাক্ষাৎকাৰ এটিত ড° বৰাই কৈছিল সুখী জীৱনৰ বাবে দৰকাৰী বিষয় হ’ল — সহনশীলতা, বুজাবুজি, সহমৰ্মিতা। সহমৰ্মিতা মানে সহানুভূতিশীলতা, লোকৰ দুখত সমভাগী হোৱা। তেখেতৰ কথাৰ আঁত ধৰি মঞ্চই প্ৰতি বছৰে “সহমৰ্মিতাৰ দিন” হিচাপে পালনৰ যো-জা কৰে।

তদুপলক্ষে ড° বৰাৰ মহানগৰীৰ জাপৰিগোগস্থিত নিজা বাসগৃহত অনুষ্ঠিত হোৱা এই বিশেষ দিনটো বন্তি প্ৰজ্বলন কৰে উত্তৰ পুৰুষৰ মঞ্চৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ড° মৰমী বৰঠাকুৰ তালুকদাৰে। বন্তি প্ৰজ্বলকৰ ভাষণত কেইবাখনো গ্ৰন্থৰ ৰচয়িতা, অৱসৰী অধ্যাপক বৰঠাকুৰে কয় যে এনে অনুষ্ঠানে ভগ্নপ্ৰায় সমাজখনলৈ এটি ভাল বাৰ্তা কঢ়িয়াই আনিব বুলি উত্তৰ পুৰুষৰ মঞ্চৰ এনে পদক্ষেপৰ প্ৰশংসা কৰে। মঞ্চৰ সাধাৰণ সম্পাদক হৰেকৃষ্ণ হালৈয়ে আঁ‌ত ধৰা অনুষ্ঠানটো অনাতাঁৰ শিল্পী শিখামণি দত্তৰ এটি উদ্বোধনী গীতেৰে আৰম্ভ হয়।


ইয়াৰ পিছতে ড° অনিমা বৰাৰ জন্মদিনৰ উপহাৰ হিচাপে মঞ্চৰ তৰফৰ পৰা এখনি বুটা বচা ফুলাম গামোচাৰে উষ্ম আদৰণি জনায় মাহেকীয়া আলোচনী ‘জোনাক’ৰ মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱাই, চেলেং চাদৰ প্ৰদান কৰে মঞ্চৰ সক্ৰিয় কৰ্মী ববিতা বৈশ্য লহকৰে, এটি স্মাৰক প্ৰদান কৰে মঞ্চৰ উপদেষ্টা ড° মৰমী বৰঠাকুৰ তালুকদাৰে, এখন আটক-ধুনীয়া সম্বৰ্ধনা পত্ৰ প্ৰদান আৰু পাঠ কৰে পুলকেশ ৰায় বৰুৱাই, মিঠাইৰ টোপোলা দিয়ে অহিৰণ অন্তৰীপ হালৈয়ে । লগতে ববিতা বৈশ্য লহকৰে এটি শুভেচ্ছামূলক কবিতা ফ্ৰেমত বন্ধাই প্ৰদান কৰে। তাৰ পিছতে এটি ডাঙৰ কে’ক কাটি সকলোৱে ড° অনিমা বৰা বাইদেউক জন্মদিনৰ শুভেচ্ছা জনাই।


এই সোণসেৰীয়া অনুষ্ঠানটোত ড° বৰাৰ সৰু জোৱাই জয়দেৱ পাঠক, ডাঙৰ জীয়াৰী ডাঃ নৱমিতা বৰা, অনাতাঁৰ শিল্পী ৰঞ্জিতা বিশ্বৱাল আৰু কম্পীমণি ডেকাই সুমধুৰ গীত পৰিৱেশনৰে পৰিবেশটো সতেজ কৰি তোলে। কবিতা আবৃত্তি কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰে জনপ্ৰিয় আবৃত্তিকাৰ নৱ ডেকাই। সহমৰ্মিতাৰ দিনটোত উপস্থিত থাকি ভাষণ প্ৰদান কৰে ক্ৰমে উত্তৰ পুৰুষৰ মঞ্চৰ সন্মানীয় সভাপতি ড° দিব্যজ্যোতি মহন্ত, প্ৰখ্যাত চিকিৎসক ডাঃ জোতি প্ৰসাদ কলিতা, ডাঃ চুভেন্দু বিশ্বৱাল, ফুকন ৰাজবংশী, কস্তুৰী বৰাই, ৰঞ্জিত সিনহা। আন কেইগৰাকীমান অভ্যাগত উপস্থিত থকা অনুষ্ঠানটোৰ মধ্যমণি ড° অনিমা বৰাই সদৌ শেষত নিজৰ জন্মদিনটো এনেদৰে আকৰ্ষণীয় ৰূপত পালন কৰাত নিজকে ধন্য হোৱা বুলি প্ৰকাশ কৰে আৰু মঞ্চৰ এই কাৰ্যৰ শলাগ হয়। শেষত ৰসাল কথাৰে মনোভাৱ ব্যক্ত কৰি শলাগৰ শৰাই আগবঢ়ায় কবি, লেখক পুলকেশ ৰায় বৰুৱাই।

দেৰগাঁৱৰ বৰুৱাবামুণগাঁৱৰ পৰিত্যক্ত চেনীকল পৰিদৰ্শন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ । Himanta Biswa Sarma

দেৰগাঁৱৰ বৰুৱাবামুণগাঁৱৰ পৰিত্যক্ত চেনীকল পৰিদৰ্শন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ । Himanta Biswa Sarma
দেৰগাঁৱৰ বৰুৱাবামুণগাঁৱৰ পৰিত্যক্ত চেনীকল পৰিদৰ্শন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ । Himanta Biswa Sarma

২০ মে’২০২৫ : Himanta Biswa Sarma । মঙলবাৰে দেৰগাঁৱত দিনজোৰা কাৰ্যসূচীৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্বশৰ্মা।দেৰগাঁৱত উপস্থিত হৈ পোনপ্ৰথমে তেওঁ পৰিত্যক্ত অৱস্থাত থকা বৰুৱাবামুণগাঁৱৰ চেনিকল পৰিদৰ্শন কৰে । সেই সময়ছোৱাতে তাত থকা কেইবাটাও পৰিয়ালৰ সৈতে মত বিনিময় কৰাৰ পাছতে সাংবাদিকক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীয়ে কয়, বৰুৱাবামুণগাঁৱৰ চেনিকলৰ পৰিত্যক্ত ভূমি সংৰক্ষণ কৰা হ’ব আৰু তাত থকা পৰিয়ালৰ সমস্যাসমূহ আলাপ-আলোচনাৰ মাজেৰে পৰৱৰ্তী সময়ত সমাধান কৰাৰ লগতে ৰাজ্য চৰকাৰে সংৰক্ষিত কৰিবলগা এই ভূমিত উদ্যোগ স্থাপন কৰা হ’ব ।

ইয়াৰ ফলত ৰাইজ উপকৃত হ’ব । চৰকাৰী যিসমূহ পৰিত্যক্ত মাটি আছে, সেইসমূহ পৰ্যায়ক্ৰমে সংৰক্ষণ কৰা হ’ব যাতে ইয়াৰ পৰা ৰাইজ উপকৃত হ’ব পাৰে।আনহাতে, সাংবাদিক সকলে সৈনিক স্কুল স্থাপন প্ৰসংগত মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ প্ৰসংগত কয়, সৈনিক স্কুল স্থাপন কৰাৰ নীতি-নিয়ম বহু সলনি হ’ল। সমগ্ৰ প্ৰক্ৰিয়াটো এন জি অ’ৰ অধীনলৈ গুচি গৈছে।ইয়াৰ উপৰি বুধবাৰে যোৰহাটত অনুষ্ঠিত হ’বলগীয়া বিজেপিৰ বৰ্ধিত সাংগঠনিক সভাৰ বিষয়েও সাংবাদিকৰ সন্মুখত উল্লেখ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।তাৰ পিছত মুখ্যমন্ত্ৰী ৰাওনা হয় দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীলৈ। উক্ত পুলিচ একাডেমীত তেওঁ অসম আৰক্ষী অধীক্ষক সন্মিলনত অংশগ্ৰহণ কৰে।

সন্মিলনত ৰাজ্য আৰু দেশৰ বৰ্তমান পৰিস্থিতিত আৰক্ষীৰ দায়িত্ব সম্পৰ্কে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে বুলি আৰক্ষীৰ এক বিশেষ সূত্ৰত প্ৰকাশ। উল্লেখ্য যে ১৯৫৫ চনত সমবায় হিচাপে আৰম্ভণি কৰা বৰুৱাবামুণগাঁও চেনিকলটোৰ শিলান্যাস কৰাৰ পাছত ১৯৫৮ চনৰ পৰা এক দীঘলীয়া সময় ধৰি কাৰ্যক্ষম হৈ আছিল উদ্যোগটো। সমবায়ৰ ৰূপত চলি থকা এই চেনিকলটো ১৯৯৩ চনত বন্ধ হৈ পৰাৰ পাছত এগৰাকী অনা অসমীয়া ব্যৱসায়ীয়ে চেনিকলটো চলাইছিল যদিও ১৯৯৬ চনত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ।সমান্তৰালভাৱে কুঁহিয়াৰ খেতিৰ বাবে বিখ্যাত হৈ পৰা দেৰগাঁৱৰ বিভিন্ন অঞ্চলৰ কৃষকসকলেও পৰ্যায় ক্ৰমে বন্ধ কৰে কুঁহিয়াৰ খেতি ।

কালক্ৰমত এই চেনিকলটোৰ যন্ত্ৰাংশসমূহো জহি-খহি গৈ অস্তিত্বহীন হৈ পৰে বৰুৱাবামুণ গাঁও সমবায় চেনিকলটো ।ফলত পৰিত্যক্ত হৈ পৰি থাকে চেনিকলটোৰ প্ৰায় ৫৫০ বিঘা ভূমি । ইয়াৰ মাজতে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই এই ভূমিখণ্ডত এখন সৈনিক স্কুল খোলাৰ প্ৰস্তাৱ উত্থাপন কৰিছিল যদিও সেয়া বিভিন্ন কাৰণত এই পৰ্যন্ত হৈ উঠা নাই ।মুখ্যমন্ত্ৰী উক্ত স্থানত উপস্থিত হৈ ভূমিৰ নক্সা প্ৰত্যক্ষ কৰাৰ পাছত পৰ্যায়ক্ৰমে এই পৰিত্যক্ত মাটিখিনি প্ৰথমে উলিয়াই লৈ চাৰিওকাষে পকীবেৰ নিৰ্মাণ কৰি পৰৱৰ্তী সময়ত উদ্যোগ স্থাপনৰ বাবে ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰে ।আনহাতে, বৰ্তমান পৰ্যন্ত চেনিকলৰ কোৱাৰ্টাৰত বসবাস কৰি থকা প্ৰায় ২০ টাকৈ পৰিয়ালকো পুনৰ সংস্থাপন দিয়াৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে ।এই সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় এডভাণ্টেজ আছাম 2.0ৰ পাছত অসমত বহু উদ্যোগ আহিছে আৰু তেওঁলোকে ভূমি বিচাৰি আছে । যোৱাকালি নুমলীগড়ত দুটা উদ্যোগৰ বাবে ভূমি আবণ্টন দিছোঁ । যিহেতু অসমত আৰু বহু উদ্যোগ আহিবলগীয়া আছে, যাৰ বাবে চৰকাৰী ভূমিসমূহ বাউণ্ডেৰী ৱাল নিৰ্মাণ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে যাতে কোনেও বেদখল কৰিব নোৱাৰে,এই ভূমি যথেষ্ট গুৰুত্বপূৰ্ণ । ইয়াত কিছু লোকৰ ম্যাদীপট্টাৰ ভূমি আছে । তেওঁলোকৰ সৈতে আলোচনা কৰি তাৰ পৰা বেলেগ ঠাইলৈ নি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ক্ষতিপুৰণ দিয়া হ’ব ।এই ৫৫০ বিঘা ভূমি ভাল উদ্যোগ স্থাপন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

বেলতলা বজাৰ ঘটনা: প্ৰাণ হেৰুৱা অঞ্জু ৰংপিৰ পৰিয়ালক ৪ লাখ টকাৰ আৰ্থিক সহায় । Jayanta malla baruah

বেলতলা বজাৰ ঘটনা: প্ৰাণ হেৰুৱা অঞ্জু ৰংপিৰ পৰিয়ালক ৪ লাখ টকাৰ আৰ্থিক সহায় । Jayanta malla baruah
বেলতলা বজাৰ ঘটনা: প্ৰাণ হেৰুৱা অঞ্জু ৰংপিৰ পৰিয়ালক ৪ লাখ টকাৰ আৰ্থিক সহায় । Jayanta malla baruah

গুৱাহাটী, ২০ মে’: Jayanta malla baruah । বেলতলা বজাৰত সংঘটিত দুঃখজনক ঘটনাত প্ৰাণ হেৰুৱা অঞ্জু ৰংপিৰ পৰিয়ালৰ ওচৰলৈ মঙ্গলবাৰে সন্ধ্যা ৮ বজাত উপস্থিত হয় ৰাজ্যৰ নগৰ বিকাশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।বেলতলা বজাৰত সংঘটিত দুঃখজনক ঘটনাত গাৰ্ডৱাল বাগৰি নিহত হোৱা মহিলাগৰাকী অঞ্জু ৰংপিৰ সোণাপুৰৰ বাসগৃহত এতিয়া এক শোকাকুল পৰিৱেশ। পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছিল অঞ্জু ৰংপিয়ে, যাৰ আকস্মিক মৃত্যুৱে পৰিয়ালটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

মন্ত্ৰীগৰাকীয়ে বৰপিটোলি গাঁও, তেঘেৰিয়া, কেত্ৰীস্থিত অঞ্জু ৰংপিৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালজনৰ সদস্যসকলৰ সৈতে দেখা কৰি সান্ত্বনা জ্ঞাপন কৰাৰ উপৰিও মুখ্যমন্ত্ৰীৰ সহায় তহবিলৰ পৰা ৪ লাখ টকাৰ চেক হস্তান্তৰ কৰে।

এই সহায়ৰ ভিতৰত জিলা দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ পৰা ২ লাখ টকা আৰু মুখ্যমন্ত্ৰীৰ সহায় তহবিলৰ পৰা ২ লাখ টকা ধৰি মুঠ ৪ লাখ টকা আৰ্থিক অনুদান অঞ্জু ৰংপিৰ পৰিয়ালক প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে, বেলতলা বজাৰত সংঘটিত এই হৃদয়বিদাৰক ঘটনাই ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছিল। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই সহানুভূতিপূৰ্ণ পদক্ষেপে প্ৰয়োজনৰ সময়ত চৰকাৰ জনসাধাৰণৰ লগত আছে বুলি পুনৰ এটা বাৰ্তা প্ৰদান কৰে।