Home Blog Page 2941

BREAKING:আৰক্ষীৰ গুলীত আহত ধৰ্ষণকাৰী চৈয়দ আলী : আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ বিচাৰোতে দুই ভৰিত গুলীচালনা

গুলীবিদ্ধ পাঠা। মৰিগাঁৱৰ ভোৰাগাঁৱৰ ৯ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰা ৬৫ বছৰীয়া অপৰাধী চৈয়দ আলি ওৰফে পাঠা পুৱতি নিশা গুলীবিদ্ধ । মৰিগাঁও আৰক্ষীয়ে অপৰাধীজনক ভোৰাগাঁৱৰ বালিডোঙাত ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে লৈ গৈ থাকোঁতে পলাবলৈ চেষ্টা কৰে আৰু আৰক্ষীয়ে গুলী চালনা কৰে । দুয়োটা আঠুঁতে গুলী লগা পাঠাক GMCH ত ভৰ্তি।

ওৰাং,ৰৌতা মাজবাটত বন মহোৎসৱত পালন বন বিভাগৰ

১জুলাইত ওদালগুৰি জিলাৰ  ওৰাং, ৰৌতা আৰু মাজবাটত  ৭২ সংখ্যক বন মহোৎসৱ পালন কৰে মাজবাট বন বিভাগে। এই বন মহোৎসৱৰ লগত সংগতি ৰাখি মাজবাট বন বিভাগে  বিভিন্ন অঞ্চলত  গছ পুলি ৰোপন কৰে ।  আম, মধুৰীআম ,শিলিখা, জাম,কঠাল  ইত্যাদি মুল্যবান ফল মূল ৰোপন কৰাৰ উপৰিও তিতাচপা,হলখ,গমাৰী ,শাল, চেগুন আদি অৰুনাচল ৰূপা পথৰ দাঁতিত গছ ৰুই মাজবাট বন বিভাগে বন মহোৎসৱ কাৰ্য্যসূচী ৰূপায়ন কৰিছে । ইফালে  মাজবাট বনাঞ্চলিক কাৰ্যালয়ৰ বিট অফিচাৰ মিন্টু বড়োই  ওৰাং, ৰৌতা আৰু মাজবাটৰ কেইবাঠাইতো গছ পুলি বিতৰণ কৰি বন মহোৎসৱৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰে । ৭২ সংখ্যক এই বন মহোৎসৱ কাৰ্যসূচী আজি ১ জুলাইৰ  পৰা ৭ জুলাই লৈকে বন মহোৎসৱ কাৰ্যসূচী পালন কৰা হব বুলি মাজবাট আঞ্চলিক বন বিভাগৰ বিট অফিচাৰ মিন্টু বড়োই জানিবলৈ দিছে ।

বকোৰ বালিঝাৰত প্ৰকৃতিপ্ৰেমীৰ মহানুভৱতা।চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ দূস্পাপ্য চৰাই।

ৰাজ্যৰ সৌন্দৰ্য্য বৰ্ধন তথা আপুৰুগীয়া সম্পদৰ ভিতৰত একাধিক চৰাইৰ নাম প্ৰকাশ কৰিব পাৰি। তেনে এবিধ চৰাইৰ নাম হৈছে কোড়া চৰাই। এই কোড়া চৰাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে কামৰূপ জিলাৰ বকোৰ বৰুৱা বালিঝাৰ এলেকাতো পোৱা যায়। কিন্তু এই সুন্দৰ তথা প্ৰকৃতিৰ সৌন্দৰ্য্য বৰ্ধন কৰা চৰাই বিধৰ ওপৰত কোপোত দৃষ্টি পৰে একাংশ চোৰাং চিকাৰীৰ। উল্লেখ্য যে ; প্ৰতিদিনে চোৰাং চিকাৰীয়ে এনে চৰাই নিধন কৰি অহা লক্ষ্য কৰি আহিছে অঞ্চলটোৰ একাংশ প্ৰকৃতিপ্ৰেমী তথা সমাজ সচেতন ৰাইজে।যোৱা কালি আবেলি তেনে এগৰাকী চোৰাং চিকাৰীৰ পৰা দুটা কোড়া চৰাই উদ্ধাৰ কৰে বালিঝাৰ বজাৰত আশ্ৰুফ আলী ; ইমাৰ আলী ; মফিদুল হক ; ৰহিজ আলী ; আজিজুৰ হক আৰু আব্দুল আজিজ নামৰ একাংশ প্ৰকৃতিপ্ৰেমীয়ে। ইফালে জানিব পৰা মতে ; চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ কৰা কোড়া চৰাই দুটা মুকুলি আকাশত এৰি দিয়ে উদ্ধাৰকাৰী সকলে। এই কাৰ্য্যই অঞ্চলবাসী ৰাইজৰ মাজত স্বস্তিৰ নিশ্বাস পেলাইছে।

“ৰেহাই দিয়া নহ’ব বিজেপি চৰকাৰক!”জেলৰ পৰা ওলায়ে হুংকাৰ অখিল গগৈৰ।

কোনো অপশক্তিয়ে ছিপাঝাৰৰ কৃষি প্ৰকল্প বন্ধ কৰিব নোৱাৰে : পদ্ম হাজৰিকা

”কোনো অপশক্তিয়ে ছিপাঝাৰৰ প্ৰস্তাৱিত কৃষি প্ৰকল্পৰ কাম বন্ধ কৰিব নোৱাৰে। কৃষি প্ৰধান ৰাজ্যখনত কৃষিৰ জৰিয়তে আগবঢ়াই নিবলৈ মুখ্যমন্ত্ৰী তথা আমাৰ চৰকাৰৰ ই এক প্ৰয়াস। অসমীয়া যুৱকক স্বাৱলম্বী কৰিবলৈ আমি দূৰদৰ্শীতাৰে কাম কৰিব লাগিব ।” এইদৰে কয় বিধায়ক তথা অধ্যক্ষ পদ্ম হাজৰিকাই। আজি মঙলদৈ জিলা পুথিভঁৰালত এখন কৃষক সভাত বক্তব্য দাঙি ধৰি হাজৰিকাই কয় যে নেতিবাচক চিন্তাৰে নহয় ইতিবাচক চিন্তাৰে আমি আগবাঢ়িব লাগিব। এখন আৰ্দশ কৃষি পাম গঢ়ি তুলিবলৈ যি যি আনুসাংগিক সা সুবিধাৰ প্ৰয়োজন সেয়া চৰকাৰে যোগান ধৰিব। বিজ্ঞান সন্মত আৰু জৈৱিক পদ্ধতিৰে নিবনুৱা যুৱক যুৱতীক সংস্থাপনৰ লক্ষ্যৰে এখন আদৰ্শ কৃষি পাম গঢ়ি তোলা হব বুৰিও কয় ।। এতিয়া বহিৰাজ্যৰ পৰা কৃষিজাত সামগ্ৰী আমদানি কৰা হৈছে, সেয়া বাদ দি আমাৰ সামগ্ৰী বহিঃৰাজ্যলৈ পঠোৱাৰ ব্যৱস্থা কৰা হব। উক্ত ভূমিত কোনো বৃহৎ উদ্যোগ প্ৰতিষ্ঠা কৰা নহয় বুলি দৃঢ়তাৰ কৈ হাজৰিকাই কয় যে উক্ত বহুমুখী প্ৰকল্পৰ জৰিয়তে মীন পালন , দুগ্ধ উৎপাদন আদিত গুৰুত্ব দিয়া হব। তাৰোপৰি বাহ গছ ৰোপনৰো আঁচনি হাতত লৈছে বুলি জানিব দিয়ে। বিধায়ক তথা ছিপাঝাৰ বহুমুখী কৃষি প্ৰকল্পৰ অধ্যক্ষ হাজৰিকাই এনে এক বাস্তৱ মুখী প্ৰকল্প ৰূপায়নৰ সময়তে একাংশ সংকীৰ্ণ মনৰ লোকে বিধি পথালি দিয়া পৰিলক্ষিত হৈছে বুৰি কয় । এই প্ৰকল্প ৰূপায়ণত কোনো শক্তিয়ে দিব নোৱাৰিব বুলি তেওঁ দৃঢ়তাৰে কয়। অহা ১৫ দিনৰ ভিতৰতে প্ৰথম পৰ্যায়ত ১০০০ বিঘা ভূমিত প্ৰকল্পৰ কাম আৰম্ভ হব বুলি তেওঁ জানিব দিয়ে। ছিপাঝাৰৰ সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী সভাপতিত্বত অনুষ্ঠিত সভাখনত ডঃ ৰাজবংশীয়ে বক্তব্য আগবঢ়ায় ছিপাঝাৰৰ বহুমুখী কৃষি প্ৰকল্প অসমৰ ভিতৰতে এখন আদৰ্শ কৃষি পাম হব বুলি কয়। ইয়াৰ জৰিয়তে থলুৱা যুৱকক কৃষিকৰ্মৰ জৰিয়তে মাছ, মাংস, কণী আদি উৎপাদনৰ বৃহৎ প্ৰকল্প লোৱা হৈছে । ইয়াত কোনো খিলঞ্জীয়া লোকেই তেওঁলোকৰ দখলাকৃত ভূমি নেহেৰুৱায় বুলি কৈ বৰঞ্চ সংগঠিত কৃষি কৰ্মৰ বাবে অধিক কৃষি ভূমি লাভ কৰিব বুলিহে কয়। কোনো কাৰণতে সন্দেহ জনক নাগৰিকক ভূমি বিক্ৰী, বন্ধকী দি অপশক্তিক কৃষি কৰ্ম কৰিবলৈ দিয়া নহব বুলিও দৃঢ়তাৰে কয় । শতাধিক কৃষক উপস্থিত থকা সভাখনত জিলা উপায়ুক্ত প্ৰভাতী থাওচেন, দৰং জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ৰমেন চন্দ্ৰ মালাকাৰ, প্ৰাক্তন বিধায়ক গুৰুজ্যোতিদাস, বিজেপি নেতা ৰাণা বশিষ্ঠ , মন্টু ডেকা আদি উপস্থিত থাকে।

অখিল গগৈৰ মুক্তিত জন্মগাঁও লুখুৰাখনত অবতৰীয়া দীপাৱলী।

আজি পুৱাৰ ভাগত কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ NIAৰ গোচৰত দোষমুক্ত হোৱাৰ পিছতে মৰিয়নিৰ লুখুৰাখনস্থিত অখিল গগৈৰ গৃহত ভিৰ কৰে গুণমুগ্ধই। গাঁওবাসীয়ে ফটকা ফুটাই আবতৰীয়া দেৱালী পালন কৰাৰ লগতে গাঁও বাসীৰ লগতে কৃষক নেতাৰ মাতৃ প্ৰিয়দা গগৈয়ে কেক কাটি আনন্দ প্ৰকাশ কৰে। আজি ন্যায়লয়ৰ ৰায়ক আদৰণি জনাই আবেগিক হৈ অখিল মাতৃ প্ৰিয়দা গগৈয়ে এইয়া সততাৰ জয় বুলি উল্লেখ কৰে।কেতিয়াবা ন্যায়লয়ৰ ওপৰত কিঞ্চিত হলেও আস্থাহীন হৈ পৰিছিল যদিও আজিৰ ৰায়দানৰ পিছত নিজৰ সন্তোষ্টি প্ৰকাশ কৰিলে অখিল গগৈৰ বৰ্ষীয়ান মাতৃ প্ৰিয়দা গগৈয়ে। তেওঁ লগতে ভগৱানক তেওঁ কৰা প্ৰাৰ্থনাৰ বাবেই আজি পুত্ৰই মুকলি আকাশৰ তললৈ আহিবলৈ সফল হল বুলি উল্লেখ কৰি ভগৱানক সেৱা জনাই।

কি কি ‘ফৰ্মুলা’ৰে মেট্ৰিক পাছ কৰিব এইবাৰ। শিক্ষামন্ত্ৰীৰ সংবাদমেল।

অখিল গগৈৰ মুক্তিক জাতীয় পৰিষদৰ আদৰণি

ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আজি কাৰাগাৰৰ পৰা মুক্তি পোৱা কাৰ্যক অসম জাতীয় পৰিষদে আদৰণি জনাইছে৷ দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)ই অখিল গগৈৰ বিৰুদ্ধে আদালতত প্ৰমাণ দাখিল কৰি নোৱাৰা ঘটনাই এন আই এ-ক যে চৰকাৰে আক্ৰোশ পূৰণ আৰু দমনৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে, সেয়া উদঙাই দিলে৷ অখিল গগৈৰ সুস্বাস্থ্য কামনা কৰি ভূঞাই অখিল গগৈৰ মুক্তিক গণতন্ত্ৰৰ জয় হিচাপে আখ্যায়িত কৰে৷

গৰৈমাৰীত অনাময় আঁচনিৰ শৌচালয় নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ টি এম পি কেৰ

বোকাখাত বিধান সভাৰ মহুৰামুখৰ উত্তৰ মহুৰা গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ ২ নং গৰৈমাৰীত নিৰ্মাণ কৰি থকা অনাময় আঁচনিৰ শৌচালয় নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে মিছিং ছাত্ৰ সংগঠন টি এম পি কেই৷অভিযোগ অনুসৰি জনৈক দাওঁ উপাধিৰ এগৰাকী ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰীৰে শৌচালয় সমুহ নিৰ্মাণ কৰিছে৷বাৰিষা অধ্যুষিত অঞ্চলতোত এনেদৰে অতি নিম্ন মানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা শৌচালয় সমুহ অতি সহজে ভাগি পৰাৰ সম্ভাৱনা ব্যক্ত কৰে টি এম পি কেৰ উত্তৰ মহুৰা আঞ্চলিক সমিতিৰ সভাপতি নয়নমনি মৰাং,সম্পাদক নয়নমনি বৰি,গোলাঘাট জিলা সমিতিৰ উপ-সভাপতি জিতু কুমাৰ বৰিয়ে৷লগতে বিভাগীয় কতৃপক্ষক উক্ত বিষটো উচিত তদন্ত কৰিবলৈ দাবী উত্থান কৰে৷

জুৱা খেলৰ বিৰুদ্ধে বৰডুবি আৰক্ষীৰ অভিযান : নগদ ধনসহ চাৰিজনক আটক

ড্ৰাগ-গাঞ্জাৰ সমান্তৰালকৈ আৰক্ষীয়ে জুৱা খেলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।
বুধবাৰে নিশা বৰডুবিৰ দেওহাল চাহ বাগিচাত জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত ৪ জনকৈ জুৱাৰীক হাতে-লোটে  আটক কৰিবলৈ সক্ষম হয় । ৰাজ্যৰ কৰনা কালীন পৰিস্থিতিৰ লগতে সান্ধ্য আইনৰ সুযোগ লৈ দীৰ্ঘদিনৰ পৰা দেওহাল চাহ বাগিচাৰ বৃহত্তৰ অঞ্চলটোত জুৱা খেলৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল । বুধবাৰে নিশা বৰডুবি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইন্দেশ্বৰী পেগুৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি ৪ জনকৈ জুৱাৰীক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় । ধৃত জুৱাৰী কেইজন তিনিচুকীয়া জিলাৰ নখৰাই অঞ্চলৰ অমৰজ্যোতি গোঁহাই, বজাতলি গাঁৱৰ মানস হাজৰিকা, বৰলাইপুলি গাঁৱৰ নয়নজ্যোতি গগৈ আৰু মনোজ সোনোৱাল । জুৱাস্থলীৰ পৰা কেইবাহাজাৰ টকাৰ লগতে কেতবোৰ  জুৱাখেলত ব্যৱহাৰ কৰা সামগ্ৰী উদ্ধাৰ কৰে । শেহতীয়াকৈ বৰডুবি আৰক্ষীয় ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১৪/১৫ আচাম গেম & বেটিং এক্টৰ ধাৰা আৰু ১০৭/২০২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি ধৃত জুৱাৰী কেইজনক আজি আবেলি তিনিচুকীয়া কাৰাগাৰলৈ নিক্ষেপ কৰে । অন্যহাতেদি জুৱা খেলৰ বৃহৎ চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে ।