বোকাখাত বিধান সভাৰ মহুৰামুখৰ উত্তৰ মহুৰা গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ ২ নং গৰৈমাৰীত নিৰ্মাণ কৰি থকা অনাময় আঁচনিৰ শৌচালয় নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে মিছিং ছাত্ৰ সংগঠন টি এম পি কেই৷অভিযোগ অনুসৰি জনৈক দাওঁ উপাধিৰ এগৰাকী ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰীৰে শৌচালয় সমুহ নিৰ্মাণ কৰিছে৷বাৰিষা অধ্যুষিত অঞ্চলতোত এনেদৰে অতি নিম্ন মানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা শৌচালয় সমুহ অতি সহজে ভাগি পৰাৰ সম্ভাৱনা ব্যক্ত কৰে টি এম পি কেৰ উত্তৰ মহুৰা আঞ্চলিক সমিতিৰ সভাপতি নয়নমনি মৰাং,সম্পাদক নয়নমনি বৰি,গোলাঘাট জিলা সমিতিৰ উপ-সভাপতি জিতু কুমাৰ বৰিয়ে৷লগতে বিভাগীয় কতৃপক্ষক উক্ত বিষটো উচিত তদন্ত কৰিবলৈ দাবী উত্থান কৰে৷
জুৱা খেলৰ বিৰুদ্ধে বৰডুবি আৰক্ষীৰ অভিযান : নগদ ধনসহ চাৰিজনক আটক
ড্ৰাগ-গাঞ্জাৰ সমান্তৰালকৈ আৰক্ষীয়ে জুৱা খেলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।
বুধবাৰে নিশা বৰডুবিৰ দেওহাল চাহ বাগিচাত জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত ৪ জনকৈ জুৱাৰীক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় । ৰাজ্যৰ কৰনা কালীন পৰিস্থিতিৰ লগতে সান্ধ্য আইনৰ সুযোগ লৈ দীৰ্ঘদিনৰ পৰা দেওহাল চাহ বাগিচাৰ বৃহত্তৰ অঞ্চলটোত জুৱা খেলৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল । বুধবাৰে নিশা বৰডুবি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইন্দেশ্বৰী পেগুৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি ৪ জনকৈ জুৱাৰীক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় । ধৃত জুৱাৰী কেইজন তিনিচুকীয়া জিলাৰ নখৰাই অঞ্চলৰ অমৰজ্যোতি গোঁহাই, বজাতলি গাঁৱৰ মানস হাজৰিকা, বৰলাইপুলি গাঁৱৰ নয়নজ্যোতি গগৈ আৰু মনোজ সোনোৱাল । জুৱাস্থলীৰ পৰা কেইবাহাজাৰ টকাৰ লগতে কেতবোৰ জুৱাখেলত ব্যৱহাৰ কৰা সামগ্ৰী উদ্ধাৰ কৰে । শেহতীয়াকৈ বৰডুবি আৰক্ষীয় ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১৪/১৫ আচাম গেম & বেটিং এক্টৰ ধাৰা আৰু ১০৭/২০২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি ধৃত জুৱাৰী কেইজনক আজি আবেলি তিনিচুকীয়া কাৰাগাৰলৈ নিক্ষেপ কৰে । অন্যহাতেদি জুৱা খেলৰ বৃহৎ চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে ।
ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত দিল্লী নাৰীসৰবৰাহকাৰী এজন যুৱকক আটক
ডিব্ৰুগড় জিলাৰ জকাই পুৰণি বলাই গাঁৱৰ এগৰাকী ২৫ বছৰীয়া বিবাহিত মহিলাক অপহৰণ কৰিব আহি আৰক্ষী হাতত ধৰা পৰে দিল্লী এজন যুৱক। যুৱক জনৰ নাম অজিত ৰাজপাল। জানিব পৰামতে কিছুদিন পূৰ্বে নাৰীসৰবৰাহকাৰী ৪১বছৰীয়া অজিত ৰাজপালে ম’বাইলৰ যোগেদি ভিডিঅ’ কল কৰি বোৱাৰী গৰাকীৰ সৈতে চিনাকী হোৱা পিছতে আজি হঠাৎ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হৈ বোৱাৰী গৰাকীক লগত লৈ দিল্লীলৈ নিয়াৰ সময়তে CISFৰ সন্দেহ হোৱাত তাৎক্ষণিক মোহনবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত সোণোৱালক খবৰ দিয়াত বিমান বন্দৰৰ পৰা আটক কৰি লৈ আহে। ম’বাইলত বহু যুৱতীৰ সৈতে ভিডিঅ’ কল কৰাও তথ্য আৰক্ষীয়ে লাভ কৰিছে। ইতিমধ্যে দিল্লী নাৰীসৰবৰাহকাৰী অজিত ৰাজপালৰ বিৰুদ্ধে বৰবৰুৱা আৰক্ষী থানাত স্বামীয়ে গোচৰ ৰুজু কৰিছে।
কাৰাগাৰৰ পৰা মুক্ত হৈ ছেম ষ্টেফৰ্ডৰ ঘৰত গৈ পঞ্চাশ হাজাৰ টকাৰ সাহাৰ্য্য প্ৰদান অখিল গগৈৰ
কাৰাগাৰৰ পৰা মুক্ত হৈয়ে অখিল গগৈ পোনে পোনে ‘কা’ আন্দোলনৰ প্ৰথমজন শ্বহীদ ছেম ষ্টেফৰ্ডৰ ঘৰত গৈ শ্বহীদজনক সেৱা জনাই বিধায়ক হিচাপে নিজৰ প্ৰথম দৰ্মহাৰ পৰা পৰিয়ালক পঞ্চাশ হাজাৰ টকাৰ এককালীন সাহাৰ্য্য প্ৰদান কৰে ।
বিশ্বনাথ জিলা কৃষি বিভাগৰ বৃহৎ পদক্ষেপ।বানাক্ৰান্ত কৃষকৰ বাবে ৬০০ বিঘা মাটিত কঠিয়া পৰাৰ শুভাৰম্ভ
বিগত বছৰৰ দৰে এইবাৰো অসম চৰকাৰে বানাক্ৰান্ত কৃষকৰ বাবে আগতীয়াকৈ শালী ধানৰ কঠীয়া সিঁচাৰ ব্যৱস্থা গ্ৰহন কৰিছে। বিশ্বনাথ জিলা কৃষি বিষয়াৰ তত্বাবধানত তথা গহপুৰ মহকুমা কৃষি বিভাগ আৰু স্থানীয় বিধায়কৰ সহযোগত গহপুৰ মহকুমাত প্ৰায় ৬০০ বিঘা মাটিত আগতীয়াকৈ কঠীয়া সিঁচাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।সেই উপলক্ষ্য আজি পুৱা ১০-৩০ বজাত গহপুৰৰ দক্ষিন কলাবাৰীৰ কুঁহিলাগুৰিত কঠিয়া সিঁচাৰ শুভাৰাম্ভ কৰে গহপুৰৰ বিধায়ক উৎপল বৰাই।অনুষ্ঠানটো আঁত ধৰি বিশ্বনাথ জিলা কৃষি বিষয়া বিজয় দত্তই কয় যেএই অঞ্চলৰ উদীয়মান যুৱক সকলে ৫০ বিঘা মাটিত বানাক্ৰান্ত কৃষকৰ বাবে আগতীয়াকৈ শালি ধানৰ কঠিয়া সিঁচিবলৈ ওলাই অহাটো আদৰনীয়।অসম চৰকাৰৰ কৃষি বিভাগে গহপুৰ মহকুমাৰ বাবে ডি এম-এচ অ পি ডি আৰু আৰ কে ভি আঁচনিত জৰিয়তে উন্নত প্ৰজাতিৰ বাহাদুৰ -১ আৰু বিনা-১ ধানৰ কঠিয়া ৩০০ কুইন্টল প্ৰদান কৰিছে।গহপুৰৰ বানাক্ৰান্ত ৰাইজক এই কঠিয়াই সকাহ দিব।’ কঠীয়া সিঁচা শুভাৰাম্ভ কৰি স্থানীয় বিধায়ক উৎপল বৰাই ডিলাপখৰা যুৱক সংঘৰ সদস্য সকলৰ কৰ্ম প্ৰেৰণাক শলাগ জনায় কয় যে গহপুৰৰ প্ৰায় ৫০ শতাংশ কৃষি ভূমিয়েই দ’ মাটি ।প্ৰতিটো বাৰিষাতে বানপানীয়ে কৃষক সকলৰ নিজাববীয়াকৈ পৰা কঠিয়া নষ্ট কৰাৰ ফলত দ’ অঞ্চলৰ কৃষক সকলে হাহাকাৰ কৰিব লগা হয়।বহু মাটি উপায়ন্ত হৈ ছনে ৰাখিব লগা হয়।বিগত কেইবছৰৰ পৰা আমাৰ চৰকাৰে কৃষক সকলৰ সমস্যাৰ কথা চিন্তা কৰি কমিউনিটি নাৰ্চাৰীৰ জৰিয়তে কঠিয়া সিঁচি কৃষক সকলক প্ৰদাণ কৰি অহাত কৃষক সকল উপকৃত হৈ আহিছে।লগতে কঠিয়া সিঁচাৰ বাবদ যুৱক তথা কৃষক সকলকো কৃষি বিভাগে খৰচৰ ধন দি আহিছে।এইবাৰো শীঘ্ৰ এই ধন ৰাশি মুকলি কৰি দিব ।অনুষ্ঠানটোত গহপুৰ মহকুমা কৃষি বিভাগৰ কলাবীৰৰ কৃষি সম্প্ৰসাৰন বিষয়া সত্যনাথ ডেকা কৃষি সম্প্ৰসাৰন কৰ্মী মহেন্দ্ৰ শইকীয়া নাগৰ দলে সমাজকৰ্মী নোমল বৰুৱা শৎ শইকীয়া যুৱক সংঘৰ সভাপতি সমুজ্বল দলে সম্পাদক নিৰন ছেত্ৰী জিলা পৰিষদৰ সদস্য লক্ষ্য মিলি আদি উপস্থিত থাকে।ইপিনে আজি মহকুমাটোৰ হেলেম ৰাজহ চক্ৰৰ অৰ্ন্তগত আমতলাটো প্ৰায় ২৫ বিঘা মাটিত কমিউনিটি নাৰ্চাৰীৰ জৰিয়তে জিলা কৃষি বিষয়াৰ উপস্থিতিত কৃষি বিভাগে প্ৰদান কৰা কঠীয়া সিঁচাৰ শুভাৰাম্ভ কৰে বিধায়ক উৎপল বৰাই।
কোভিড প্ৰ’টকলৰ ওপৰত বকোৰ ১০ নং দক্ষিণ বকো গাওঁ পঞ্চায়তৰ উদ্যোগত সজাগতাৰ বাণী প্ৰচাৰ
চৰকাৰী এছ অ পি মানি চলিবলৈ ৰাইজক আহ্বান।
সম্প্ৰতি ক’ৰোণা মহামাৰীৰ আতংকৰ বাবে চৌদিশে সৃষ্টি হৈছে সন্ত্ৰাসৰ। এই ক্ষেত্ৰত ভীতিগ্ৰস্ত নহৈ সকলোকে সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনাইছে চৰকাৰ তথা সচেতন নাগৰিকে। ইফালে ক’ৰোণা মহামাৰী অধিক সংক্ৰমণ নহ’বলৈ আৰু নিজৰ সুৰক্ষা নিজেই লৱলৈ আজি কামৰূপ জিলাৰ বকোত ১০ নং দক্ষিণ বকো গাওঁ পঞ্চায়তৰ উদ্যোগত পঞ্চায়ত এলেকাত প্ৰচাৰ গাড়ীৰে ঘোষণা কৰে কোভিড প্ৰ’টকলৰ নীতি নিৰ্দেশনা তথা পালন কৰিবলগীয়া বাণী। বকো বজাৰৰ নিচেই কাষতে অৱস্থিত ১০ নং দক্ষিণ বকো গাওঁ পঞ্চায়তৰ সচিব ফনীন্দ্ৰ নাৰায়ণ দাসে জনোৱা মতে ; কোভিড মহামাৰীৰ প্ৰ’টকল মানি চৌদিশে ভিবীশিকা সৃষ্টি কৰা ক’ৰোণা ৰোগ অধিক সংক্ৰমণ নহ’বলৈ ৰাইজক সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনায় প্ৰচাৰ গাড়ীৰে কোভিড প্ৰ’টকলৰ নীতি নিৰ্দেশনা তথা বাণী প্ৰচাৰ কৰা হয়। লগতে চৰকাৰী এছ অ পি মানি চলিবলৈ ৰাইজক আহ্বান জনায়। পঞ্চায়ত খনৰ কাৰ্য্যালয় সহায়ক আশ্ৰম বড়োৰ সহযোগত পঞ্চায়ত এলেকাত গাড়ীত মাইক বান্ধি ক’ৰোণা ৰোগৰ পৰা ৰক্ষা পাবলৈ পালন কৰিব লগা বাণী যেনে মাস্ক পৰিধান কৰা ; সময়ে সময়ে হাত চাবোন পানীৰে ধুই থকা ; চেনিটাইজাৰ লগোৱা ; জ্বৰ কাহ হ’লে চিকিৎস্যকৰ লগত যোগাযোগ ৰক্ষা কৰা ; পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা ; আনৰ লগত কথা বতৰা পাতোতে দুৰত্ব বজাই ৰাখি চলা আদি নীতি নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনোৱা হয়। পঞ্চায়তৰ কাৰ্য্যালয়ৰ উদ্যোগত কৰা এই প্ৰচাৰৰ বাবে বকোৰ সচেতন ৰাইজে শলাগ লৈছে পঞ্চায়তৰ সচিব গৰাকীক।
ৰাজপথত সুৰামত্ত জিলা পৰিবহণ বিষয়াৰ অদ্ভুত কাণ্ড : চৰ্চা অব্যাহত
জিলা পৰিবহণ বিষয়াৰ অদ্ভুত কাণ্ড৷ ৰাজপথত সুৰামত্ত জিলা পৰিবহণ বিষয়াৰ অদ্ভুত নৃত্য৷ দৰং জিলাৰ মঙলদৈ সদৰৰ পৰিবহণ বিষয়া সঞ্জীৱ কৃষ্ণৰ কাণ্ডক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা অব্যাহত আছে৷ ঘটনাৰ বিৱৰণি অনুসৰি, ৰাজপথত ডিঙিলৈকে সুৰাপান কৰি উদ্ভণ্ডালি কৰিছিল সঞ্জয় কৃষ্ণই৷
মুখত অশ্লীল-মাত কথা লগতে এক অদ্ভুত নৃত্যও প্ৰদৰ্শন কৰিছিল সঞ্জীৱে৷ এগৰাকী দায়িত্বশীল বিষয়াৰ ৰাজহুৱা স্থানত এনে কৰ্মকাণ্ড কিমান গ্ৰহণযোগ্য? পূৰ্বতেও সহকৰ্মীক ফোনত ভাবুকি দিয়া অশ্লীল কথা-বার্তা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল এইগৰাকী বিষয়াৰ৷ সঞ্জীৱ কৃষ্ণ পূৰ্বৰ মুখ্য সচিব সঞ্জয় কৃষ্ণৰ ভাতৃ৷ তেওঁৰ এনে কৰ্মকাণ্ডক লৈ একেমুখে গৰিহণা আৰু ধিক্কাৰ দিছে জিলাখনৰ সচেতন মহলে৷ কাৰ আশীৰ্বাদত আজিও ইমান দুৰ্নীতি আৰু বিতৰ্কৰ পাছতো পদত অধিষ্ঠিত হৈ আছে, সেয়া এক চিন্তনীয় বিষয় হৈ পৰিছে৷ অতিশীঘ্ৰেই বিতৰ্কিত বিষয়াগৰাকীক বদলি কৰিবলৈ দাবী উত্থাপন কৰিছে দল-সংগঠনে৷
টংলাৰ বগলী নিধন কাণ্ডত জড়িত পৌৰ বিষয়া শান্তনু দাসসহ ৩ জনক গ্ৰেপ্তাৰ
টংলাৰ বগলী নিধন কাণ্ডত জড়িত পৌৰ বিষয়া শান্তনু দাসসহ ৩ জনক গ্ৰেপ্তাৰ
বাক্সাৰ নাগ্ৰীজুলিত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা। নাগ্ৰীজুলিত বৰনদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন।
গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ কাৰণে আজি বাক্সাৰ তামুলপুৰৰ নাগ্ৰীজুলিত উপস্থিত জলসম্পদ মন্ত্ৰী পিষুজ হাজৰিকা।
জলসম্পদ বিভাগৰ অভিষন্তা, উচ্চ পদস্থ বিষয়াক লগত লৈ পৰিদৰ্শন কৰিলে নাগ্ৰীজুলিৰ চাহ বাগিচাৰ সমীপৰ গৰাখহনীয়া অঞ্চল আৰু ২ নং বগৰীখুটিৰ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চল।
নাগ্ৰীজুলি চাহ বাগিচাৰ সমীপত ৰুৰ্কী আইআইটিৰ প্ৰাক্তন অধ্যাপক ড: নয়ন শৰ্মাৰ জেক জেট্টি পদ্ধতিৰে গৰাখহনীয়া ৰোধৰ সফল আঁচনি সমূহ পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।
জেক জেট্টি পদ্ধতি পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে আইআইটিৰ প্ৰাক্তন অধ্যাপক ড: নয়ন শৰ্মাৰ জেক জেট্টি পদ্ধতিৰে বৰনদীৰ গৰাখহনীয়া ৰোধৰ বাবে আঁচনি গ্ৰহণ কৰাৰ বাবে জলসম্পদ বিভাগৰ অভিযন্তা তথা বিষয়া কৰ্মচাৰী সকলক নিৰ্দেশ দিয়ে।
নাগ্ৰীজুলি চাহ বাগিচাৰ সমীপত বান্ধ পৰিদৰ্শন কৰাৰ পিছত ২ নং বগৰীখুটিত ৰাইজে নিজৰ ধন খৰছ কৰি নিৰ্মাণ কৰা বান্ধ এটিও পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।
মন্ত্ৰী গৰাকীয়ে ৰাইজৰ সৈতে মত বিনিময় কৰি গৰাখহনীয়া সমস্যা ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা লব বুলি আস্বাস দিয়ে।
ডঃ নয়ন শৰ্মাৰ জেক জেট্টি পদ্ধতি পৰিদৰ্শন কৰি বৰনদীৰ গৰাখহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ব্ৰহ্মপুত্ৰকে ধৰি অসমৰ বিভিন্ন নদীৰ গৰাখহনীয়া সমূহ জেক জেট্টি পদ্ধতিৰ লগতে অত্যাধুনিক পদ্ধতিৰে কি দৰে গৰাখহনীয়া ৰোধ কৰিব পাৰি তাৰ ওপৰটো পৰীক্ষা নিৰক্ষা চলাই থকা বুলি মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
নাগ্ৰীজুলিৰ পৰা গৈ তামুলপুৰৰ জাৰতালুক, পলোকাটা, নামচৰীয়াত উপস্থিত হৈ পাগলাদিয়া নদীৰ গৰাখহনীয়া অঞ্চল আদিও পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।
অত্যাধুনিক ২০ ছুপাৰ চাকাৰেৰে পৰিষ্কাৰ কৰিব গুৱাহাটীৰ ৫৫১ নলা–নর্দমা
কৃত্রিম বান সমস্যাই মহানগৰবাসীক বছৰৰ পাছত বছৰ ধৰি জলা–কলা খুৱাই আহিছে৷ গুৱাহাটীৰ নলা–নর্দমাসমূহ পৰিষ্কাৰ নকৰাৰ ফলতে এজাক বৰষুণতে কৃত্রিম বানত বুৰ যায় মহানগৰীৰ বিভিন্ন অঞ্চল৷ গুৱাহাটীৰ নলা–নর্দমাসমূহ পৰিষ্কাৰৰ বাবে শ শ কোটি টকা আবণ্টন দিয়াৰ পাছতো আজিপর্যন্ত সমাধান নহ’ল কৃত্রিম বানৰ সমস্যা৷ শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ নলা–নর্দমাসমূহ পৰিষ্কাৰৰ বাবে অত্যাধুনিক মেচিন ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে৷
ইতিমধ্যে ইয়াৰ বাবে পৌৰ নিগমে দিয়া প্রস্তাৱত অনুমোদন দিছে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্রী অশোক সিংহলে৷ গুৱাহাটীৰ ৫৫১টা নলা–নর্দমা পৰিষ্কাৰৰ বাবে ১৩৮ কোটি টকা আবণ্টন দিয়াৰ পাছতো নৱনিযুক্ত পৌৰ আয়ুক্ত দেৱাশিস শর্মাই ঠিকা বাতিল কৰিছিল৷ ইয়াৰ পাছতে পৌৰ নিগমে গুৱাহাটীৰ নলা পৰিষ্কাৰৰ বাবে ছুপাৰ চাকাৰ ক্রয়ৰ পৰিকল্পনা কৰে৷ পৌৰ নিগমৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি কৃত্রিম বান ৰোধ কৰাৰ বাবে ২০খনকৈ ছুপাৰ চাকাৰ ক্রয় কৰিব পৌৰ নিগমে৷ কোটিটকীয়া ছুপাৰ চাকাৰেৰে গুৱাহাটী মহানগৰীৰ ৫৫১টা নলা–নর্দমা পৰিষ্কাৰ কৰি কৃত্রিম বান ৰোধৰ বাবে লোৱা পদক্ষেপ কিমান ফলপ্রসূ হয় সেয়া সময়েহে ক’ব৷











