Breaking

অত্যাধুনিক ২০ ছুপাৰ চাকাৰেৰে পৰিষ্কাৰ কৰিব গুৱাহাটীৰ ৫৫১ নলা–নর্দমা

0 2,020

কৃত্রিম বান সমস্যাই মহানগৰবাসীক বছৰৰ পাছত বছৰ ধৰি জলা–কলা খুৱাই আহিছে৷ গুৱাহাটীৰ নলা–নর্দমাসমূহ পৰিষ্কাৰ নকৰাৰ ফলতে এজাক বৰষুণতে কৃত্রিম বানত বুৰ যায় মহানগৰীৰ বিভিন্ন অঞ্চল৷ গুৱাহাটীৰ নলা–নর্দমাসমূহ পৰিষ্কাৰৰ বাবে শ শ কোটি টকা আবণ্টন দিয়াৰ পাছতো আজিপর্যন্ত সমাধান নহ’ল কৃত্রিম বানৰ সমস্যা৷ শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ নলা–নর্দমাসমূহ পৰিষ্কাৰৰ বাবে অত্যাধুনিক মেচিন ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে৷

ইতিমধ্যে ইয়াৰ বাবে পৌৰ নিগমে দিয়া প্রস্তাৱত অনুমোদন দিছে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্রী অশোক সিংহলে৷ গুৱাহাটীৰ ৫৫১টা নলা–নর্দমা পৰিষ্কাৰৰ বাবে ১৩৮ কোটি টকা আবণ্টন দিয়াৰ পাছতো নৱনিযুক্ত পৌৰ আয়ুক্ত দেৱাশিস শর্মাই ঠিকা বাতিল কৰিছিল৷ ইয়াৰ পাছতে পৌৰ নিগমে গুৱাহাটীৰ নলা পৰিষ্কাৰৰ বাবে ছুপাৰ চাকাৰ ক্রয়ৰ পৰিকল্পনা কৰে৷ পৌৰ নিগমৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি কৃত্রিম বান ৰোধ কৰাৰ বাবে ২০খনকৈ ছুপাৰ চাকাৰ ক্রয় কৰিব পৌৰ নিগমে৷ কোটিটকীয়া ছুপাৰ চাকাৰেৰে গুৱাহাটী মহানগৰীৰ ৫৫১টা নলা–নর্দমা পৰিষ্কাৰ কৰি কৃত্রিম বান ৰোধৰ বাবে লোৱা পদক্ষেপ কিমান ফলপ্রসূ হয় সেয়া সময়েহে ক’ব৷

Leave A Reply