আছে গৰু নাবাই হাল ,হোৱাতকৈ নোহোৱাই ভাল ।এই আপ্ত বাক্য শাৰী এতিয়া আখৰে আখৰে প্ৰযোজ্য হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগত। প্ৰণিধান যোগ্য যে ওদালগুৰি জিলা ,টংলা জনস্বাস্থ্য কাৰিকৰী বিভাগ উপ সংমণ্ডল অধীনত কেবল ওৰাং, ৰৌতা আৰু মাজবাটত অঞ্চলতে কুৰি খনৰো অধিক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান কেন্দ্ৰ দীৰ্ঘদিন ধৰি বিকল হৈ আছে । কোটি কোটি টকা ব্যয় কৰাৰ পিছতো জিলা খনৰ ওৰাং, ৰৌতা আৰু মাজবাটৰ ভিন্ন এলেকাত অঞ্চল সমুহৰ ৰাইজক এটুপাল বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ নামত পলাশ বস্তি, দফলা পোটা, নাহৰ ঝাৰ, পাঠকপুৰ ,গৰৈ মাৰী,মেৰাবিল, চিলংখুটি,ৰঙাপানী,ৰৌতা বাগান, ৰৌ মাৰী, কলবাৰী, শইকীয়া চুবুৰী,গেলাবিল ইত্যাদি কুৰি খনৰো অধিক পানী যোগান কেন্দ্ৰ স্থাপন কৰা হৈছিল । কিন্তু স্থাপন কৰা দিনৰে পৰা ৰাইজে এই কেন্দ্ৰ সমুহৰ জৰিয়তে আজি পৰ্য্যন্ত এটুপাল বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম নহল । বৰঞ্চ বিভাৰ্গীয কৰ্তৃপক্ষই কোটি কোটি টকা খৰছ কৰি নিৰ্মাণ কৰা এই পানী যোগান কেন্দ্ৰ সমূহ এতিয়া জহি খহি যোৱাৰ ফলত মুল্যবান সম্পদ সমূহ এপদ এপদকৈ তাতে নোহোৱা হবলৈ আৰম্ভ কৰিছে ।তথাপি বিৰ্ভাগীয় কৰ্তৃপক্ষই পানী যোগান কেন্দ্ৰ কেইটা কাৰ্য্যক্ষম কৰি তোলাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । কিন্তু এই খিনিতে উল্লেখ যোগ্য আৰু পৰিতাপৰ কথা যে ওৰাং, ৰৌতা আৰু মাজবাট বৃহৎ এলেকাক সামৰি স্থাপন কৰা ওৰাং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়টো ওৰাঙৰ পৰা স্থানান্তৰ কৰি মঙলদৈত স্থাপন কৰাৰ ক্ষেত্ৰত বিৰ্ভাগীয বিষয়া সকল কিন্তু পিছ পৰি নাথাকিল । ওৰাঙত থকা কাৰ্য্যালয়টো কৰ্মচাৰী সকলৰ সুন্দৰ আবাস গৃহ,বিষয়া সকলৰ কাৰ্যালয়, গুদামঘৰ ইত্যাদি সকলো বোৰ সুবিধা থকাৰ পাছতো কি উদ্দেশ্যত ওৰাঙৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়টো মঙলদৈ স্থানান্তৰ কৰা হল সেযা এক নুবুজা সাঁথৰ হৈয়ে থাকিল । ওদালগুৰি জিলাৰ টংলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত থকা ওৰাং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়টো মঙলদৈৰ পৰা পুনৰ ওৰাঙত স্থাপন কৰা আৰু কোটি কোটি টকা খৰচ কৰাৰ পিছতো ওৰাং, ৰৌতা ,মাজবাটত বিকল হৈ থকাৰ বিশুদ্ধ খোৱা পানী যোগান কেন্দ্ৰ সমূহ অতি শীঘ্ৰে কাৰ্যক্ষম কৰি তুলিবলৈ বিৰ্ভাগীয কৰ্তৃপক্ষক মাজবাটবাসী ৰাইজে দাবী উত্থাপন কৰিছে ।
বিশ্বৰ মহাসাগৰৰ তালিকাত নতুনকৈ সংযোজন হ’ল আন এখন মহাসাগৰ, আনুষ্ঠানিক স্বীকৃতি
বিশ্বৰ মহাসাগৰৰ তালিকাত অন্তৰ্ভুক্ত হ’ল এখন নতুনকৈ মহাসাগৰ। বিশ্বত থকা ৪ খন মহাসাগৰ হ’ল আটলান্টিক, ভাৰত মহাসাগৰ, প্ৰশান্ত মহাসাগৰ আৰু উত্তৰ মহাসাগৰ। এই মহাসাগৰৰ তালিকাত অন্তৰ্ভুক্ত হ’ল আন এখন মহাসাগৰৰ নাম।
এই পঞ্চম মহাসাগৰ খনৰ নাম হ’ল দক্ষিণ মহাসাগৰ। বিশ্বৰ প্ৰখ্যাত সন্মানীয় আৰু বিশ্বাসযোগ্য মানচিত্ৰ নিৰ্মাতা নেচনেল জিঅগ্ৰাফিকে পঞ্চমখন মহাসাগৰৰ উপস্থিতিৰ কথা ঘোষণা কৰিছে।
উল্লেখ্য যে, পূৰ্বেই দক্ষিণ মহাসাগৰক মান্যতা প্ৰদান কৰা হৈছিল কিন্তু আনুষ্ঠানিক স্বীকৃতি লাভ কৰা নাছিল। ইয়াৰ পিছতেই জিঅ’গ্ৰাফিকৰ এটা ৱেবচাইটত প্ৰকাশ পাইছে যে এন্টাৰ্কটিকাত আগুৰি থকা পানী ভাগকেই দক্ষিণ মহাসাগৰ বুলি চিনাক্ত কৰা হৈছে।
ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ৰৌতাৰ শিশু
ওদালগুৰিৰ ৰৌতাৰ শিশু শিল্পী বোকাৰ পদুম দেৱ প্ৰতিম ডেকা।ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত প্ৰতিযোগিতাত বটা অৰ্জন কৰি অঞ্চলৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম .
ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ঝাৰগাওঁৰ মধ্যবিত্ত পৰিয়ালৰ পুতুল সাগৰ ডেকা আৰু নিৰুপমা ডেকাৰ চতুৰ্থ শ্ৰেণীৰ একমাত্ৰ সন্তান দেৱ প্ৰতিম ডেকাই সংগীত প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা অৰ্জন কৰিবলৈ সক্ষম । উল্লেখ্য যে আনুষ্ঠানিক সংগীত শিক্ষাৰ পৰা বঞ্চিত হৈ পিতৃ মাতৃৰ পৰা সংগীত চৰ্চা কৰি এগৰাকী সুদক্ষ শিল্পী হোৱাৰ স্বপ্নলৈ আগুৱাই গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত যোৱা খ্ৰীষ্টমাছ উপলক্ষে E-Education Pvt.Ltd.য়ে Onnline যোগে অনুষ্ঠিত কৰা সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেৱ প্ৰতিমৰ সুললিত কণ্ঠই দৰ্শকৰ মন মুগ্ধ কৰিবলৈ সক্ষম হৈছে।শিশু শিল্পী দেৱ প্ৰতিম ডেকাই হিন্দী, অসমীয়া,বঙালী ,ইংৰাজী গানৰ লগতে নিজে ঢোল বজাই বিহুগীত অনায়াসে গাই যাব পাৰে।লগতে সমগ্ৰ দেশতে কৰ”ণা ভাইৰাছে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে মহামাৰী ভাইৰাছকলৈ পিতৃয়ে লিখা এটি গীতত দেৱ প্ৰতিম ডেকাই ঢোলৰ তালে তালে সুললিত কণ্ঠৰে কণ্ঠদান কৰা পৰিলক্ষিত হয়।পখিলা খেদা বয়সতেকণমানি দেৱ প্ৰতিম ডেকাৰ এজন সুদক্ষ শিল্পী হোৱাৰ যি দিবাস্বপ্ন সেয়া পূৰণ হওঁক স্থানীয় ৰাইজেও শুভ কামনা জনাইছে ৷
জামুগুৰিহাটত ব্যাপক হাৰত উলংঘা কভি’ড বিধি।
কৰ’ণাৰ ভয়ংকৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ ফালৰ পৰা শোণিতপুৰ জিলাক ৰে’ড ডিষ্ট্ৰিক হিচাপে চিহ্নিত কৰাৰ সময়ত জিলাখনৰ সীমামুৰীয়া অঞ্চল জামুগুৰিহাটো ব্যাপক হাৰত উলংঘা হৈছে কভি’ড বিধি। অঞ্চলটোৰ ৰাজহুৱা প্ৰতিষ্ঠান বেংকৰ লগতে বৰ্তমান কভি’ড ভেকচিনেশ্বন চেন্টাৰত এইদৰেই ৰাইজে উলংঘা কৰিছে কভি’ড বিধি। জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্হলত অৱস্থিত গ্ৰামীণ বিকাশ বেংকৰ লগতে বাপুজী ভৱণত অনুষ্ঠিত কৰা কভি’ড ভেকচিনেশ্বন চেন্টাৰত এইদৰেই পুৱাৰ পৰাই গ্ৰাহকৰে লগতে ভেকচিন লবলৈ অহা লোকে কোনো ধৰণৰ সামাজিক দুৰত্ব মানি নচলাৰ লগতে একাংশই আকৌ মুখৰ সলনি থুতৰিতহে মাক্সখন পৰিধান কৰা পৰিলক্ষিত হৈছে। এনে ধৰণৰ অবিবেচক লোকৰ কৰ্ম কাণ্ডৰ বাবেই অঞ্চলটোত কৰ’ণাৰ দ্ৰুত গণ সংক্ৰমণ হোৱা বুলি স্থানীয় ৰাইজে মন্তব্য প্ৰকাশ কৰিছে। মন কৰিবলগীয়া যে শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো কৰ’ণাৰ ভয়ংকৰ গণ সংক্ৰমণ অব্যাহত আছে আৰু এতিয়ালৈকে প্ৰায় ১৫শতাধিক লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ লগতে ৮ জন লোকৰ মৃত্যু হৈছে ৷
ছয়গাঁও আৰক্ষীয়ে ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ পৰা উদ্ধাৰ কৰিলে তিনি কিশোৰী আৰু এগৰাকী যুৱতী
ছয়গাঁও আৰক্ষীৰ বৃহৎ সাফল্য ৷ ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ পৰা উদ্ধাৰ তিনি কিশোৰী আৰু এগৰাকী যুৱতী ৷ কিশোৰী তিনি গৰাকী আৰু যুৱতী গৰাকীৰ ঘৰ ছয়গাঁৱৰ মাজগুমিত ৷ আনহাতে যুৱতী গৰাকীৰ নাম হ’ল সূৰ্য ভানু ৷ ছয়গাঁও আৰক্ষীয়ে চাৰিওগৰাকীকে বিগত দিনকেইটাত ৰাজস্থান আৰু উত্তৰ প্ৰদেশত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জানিবপৰামতে যোৱা মাহত ছয়গাঁৱৰ মাজগুমিৰ পৰা উক্ত তিনিগৰাকী কিশোৰী আৰু যুৱতী গৰাকী নোহোৱা হয় ৷ এই সন্দৰ্ভত মাজগুমি গাঁৱৰ আজাহাৰ আলী নামৰ লোকজনে যোৱা এক জুনত ছয়গাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷
সেই মৰ্মে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলোৱা অভিযানত যোৱা তিনি জুনত মাজগুমিৰ জয়তন নেছা নামৰ মহিলা গৰাকীক আটক কৰে ৷ নাৰী সৰবৰাহী চক্ৰৰ লগত জড়িত থকা জয়তন নেছাৰ পৰা তথ্যৰ ভিত্তিত তথা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত দুটা আৰক্ষীৰ দলে উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত অভিযান চলাই। এই অভিযানত ৰাজস্থানৰ জয়পুৰৰ পৰা দুজনী আৰু উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ গুমটি নগৰৰ পৰা দুগৰাকীক উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়ামতে এই কিশোৰী তিনি গৰাকী আৰু যুৱতী গৰাকী নাৰী সৰবৰাহী চক্ৰৰ কৱলত পৰিছিল ৷ আনহাতে জয়তন নেছাৰ জীয়েক আৰু জা গৰাকীৰ সহযোগত উক্ত যুৱতী গৰাকী আৰু কিশোৰী তিনি গৰাকীক জয়তন নেছাৰ জৰিয়তে নাৰী সৰবৰাহী চক্ৰৰ হাতত গতাই দিছিল ৷
যুৱ নেতা দিগন্ত ৰাভাৰ নেতৃত্বত অসম গণ পৰিষদ দলত যোগদান
যুৱ নেতা দিগন্ত ৰাভাৰ নেতৃত্বত আজি ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য জনাৰ্দন ৰাভাসহ গোৱালপাৰা জিলাৰ কংগ্ৰেছ দলকে ধৰি বহুকেইটা সংগঠনৰ বিষয়ববীয়া আৰু সদস্যই অগপ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত আজি আনুষ্ঠানিক ভাৱে অসম গণ পৰিষদ দলত যোগদান কৰে। এই উপলক্ষে যোগদানকাৰীসকলক আদৰণি জনাই দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে, যুৱ নেতা দিগন্ত ৰাভাৰ দললৈ আগমনে গোৱালপাৰা জিলাত অসম গণ পৰিষদ দলৰ ভেটি অধিক সুদৃঢ় হব। অগপ দলত যোগদান কৰি দিগন্ত ৰাভাই কয় যে, অসম গণ পৰিষদ দলে অসম উন্নয়ণৰ স্বাৰ্থত সদায় মাত-মাতি আহিছে। অগপ দলে মিত্ৰ শক্তিৰে চৰকাৰ গঠন কৰি অসমৰ স্বাৰ্থত প্ৰতিটো ক্ষেত্ৰতে সফলতাৰে আগবাঢ়িছে। কংগ্ৰেছ দলে এ আই ইউ ডি এফ লগত মিত্ৰতা কৰি অসমৰ জাতীয় জীৱন কলঙ্কিত কৰাই নহয় অসম ধ্বংসৰ বাট মোকলাইছে বুলিও উল্লেখ কৰে। যোগদান কাৰ্য্যসূচীত দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, জেষ্ঠ্য নেতা ফণীভূষণ চৌধুৰীকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় বিষয়ববীয়া আৰু সদস্যৰ লগতে দলৰ ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়া আৰু সদস্য আদি উপস্থিত থাকে।
কোভিড-১৯ৰ তথ্য সম্বলিত ৱেবছাইট covid19dashboardkamrup.in আৰু শৈক্ষিক ইউটিউব চেনেল y-kiran মুকলি
‘কামৰূপ জিলালৈ আহিলে মোৰ মনত এক ইতিবাচক চিন্তাৰ উন্মেষ ঘটে৷ এই জিলাত প্ৰতিটো কাম সম্পাদনৰ ক্ষেত্ৰত সকলোৱে অতি নিষ্ঠাৰে কাৰ্য নিৰ্বাহ কৰিবলৈ চেষ্টা কৰিছে৷’–আজি জিলাখনৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰি অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে এইদৰে কয়৷ জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত এই পৰ্যালোচনা সভাত তেওঁ আৰু কয় ‘আমি সকলো সমস্যাৰ অগ্ৰাধিকাৰ ভিত্তিত সমাধানৰ বাবে নতুনকৈ এখন ‘ভিজন ডকুমেণ্ট’ প্ৰস্তুত কৰিম আৰু অদূৰ ভৱিষ্যতত কামৰূপ জিলাক প্ৰতিটো দিশতে আদৰ্শ জিলা হিচাপে গঢ়ি তোলাৰ বাবে পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিম৷’
জিলাখনৰ স্বাস্থ্য খণ্ডত বিশেষকৈ কোভিড-১৯ প্ৰতিৰোধৰ বাবে তৃণমূল পৰ্যায়লৈকে লোৱা ব্যৱস্থাৱলী সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে৷ আনহাতে ড্ৰাগ্ছ মুক্ত অসম গঢ়াৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা লক্ষ্যত উপনীত হ’বৰ বাবে কামৰূপ জিলাই গ্ৰহণ কৰি থকা পদক্ষেপৰ শলাগ লৈ এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে৷ এই অভিযানত কোনো ক্ষেত্ৰতে যাতে কোনেও অনুগ্ৰহ নিবিচাৰে তাৰ বাবে সংশ্লিষ্ট সকলোকে আহ্বান জনায়৷ তেতিয়াহে এই অবৈধ বেহা সম্পূৰ্ণৰূপে ৰোধ কৰিব পৰা যাব বুলিও তেওঁ কয়৷
জিলাখনৰ প্ৰতিটো ক্ষেত্ৰৰ সমস্যাসমূহ উন্মোচিত কৰাৰ বাবে অহা ৪৫ দিনৰ ভিতৰত এখন ভিজন ডকুমেণ্ট প্ৰস্তুত কৰি উলিয়াবলৈ তেওঁ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে৷ এই ক্ষেত্ৰত সংশ্লিষ্ট, সাংসদ, বিধায়ক, বিভিন্ন বিভাগ, অনুষ্ঠান-প্ৰতিষ্ঠানৰ মূৰব্বী, বুদ্ধিজীৱী, সাংবাদিক আৰু সমাজ কৰ্মীসকলৰ পৰা লিখিত প্ৰতিবেদন বিচাৰিবলৈও তেওঁ আহ্বান জনায় যাতে কোনো সমস্যা অন্তৰ্ভুক্ত নোহোৱাকৈ নাথাকে৷
বানপানীৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰি তেওঁ কয় যে এইবাৰ সাহায্য সামগ্ৰীৰ পৰা অনুদান বিতৰণলৈকে সকলো ক্ষেত্ৰতে উপায়ুক্তক ক্ষমতা প্ৰদান কৰা হৈছে৷ গতিকে এই ক্ষেত্ৰত এইবাৰ বিলম্ব নহয়৷ কামৰূপ জিলা প্ৰশাসনে সফলতাৰে এই কাৰ্য সম্পন্ন কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ দৃঢ়তা প্ৰকাশ কৰে৷ বৰ্তমানেও বানপানীৰ ক্ষেত্ৰত স্পৰ্শকাতৰ হৈ থকা ঠাইৰ প্ৰতিৰোধমূলক কাৰ্যসমূহ তৎকালীনভাৱে সম্পাদন কৰিবলৈ নিৰ্দেশ দি এই ক্ষেত্ৰত পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিও ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে৷
সভাত উপস্থিত থকা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ তথা জিলা দিশা সমিতিৰ অধ্যক্ষা কুইন ওজা, মঙলদৈ লোসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, বিধায়কবৃন্দ ক্ৰমে ভৱেশ কলিতা, ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাস, সুমন হৰিপ্ৰিয়া, দিগন্ত কলিতা আৰু হেমাংগ ঠাকুৰীয়াই দাঙি ধৰা বিভিন্ন সমস্যা আৰু সমাধানৰ ক্ষেত্ৰত ল’বলগীয়া ব্যৱস্থা সম্পৰ্কে আগবঢ়োৱা পৰামৰ্শসমূহো গুৰুত্ব সহকাৰে গ্ৰহণ কৰা হয়৷
উল্লেখযোগ্য যে জিলাখনৰ কোভিড সম্পৰ্কীয় সম্পূৰ্ণ তথ্য ৰাইজে সহজে লাভ কৰাৰ অৰ্থে আজিৰ সভাত covid19 dashboardkamrup.in শীৰ্ষক ৱেবছাইট আৰু কামৰূপ সমগ্ৰ শিক্ষাৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে y-kiran শীৰ্ষক এটা Youtube channel মুকলি কৰা হয়৷
পৰ্যালোচনা সভাৰ লগতে অনুষ্ঠিত হোৱা জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতি চমুকৈ দিশাৰ সভাখনত সভাপতিত্ব কৰি সমিতিৰ অধ্যক্ষা তথা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই মহাত্মা গান্ধী এনৰেগা, পিএমএৱাই জি, জল জীৱন মিছন, স্বচ্চ ভাৰত অভিযান, প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা, সাংসদ আদৰ্শ গ্ৰাম যোজনা, পি এম কিষাণ, অসম দৰ্শন, অসম মালাকে ধৰি শিক্ষা, সমাজ কল্যাণ আদি সকলো বিভাগৰ আঁচনিসমূহ সমপৰ্কত বিস্তাৰিতভাৱে পৰ্যালোচনা কৰে৷
সভাত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে সমগ্ৰ আঁচনি সম্পৰ্কত বিস্তৃত ব্যাখ্যা আগবঢ়ায়৷
আজিৰ সভাত জিলাখনৰ অভিভাৱক সচিব ডঃ কে কে দ্বিবেদীও উপস্থিত থাকি বিভিন্ন পৰামৰ্শ আগবঢ়ায়৷
সভাত দিশাৰ সদস্যসকলৰ উপৰি জিলা আৰক্ষী অধীক্ষক আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে৷
ইতিহাসৰ বাটেৰে তাম্ৰেশ্বৰ দেৱালয়…
প্ৰবাহিত সময়ৰ আহ্বানত সৃষ্টি হয় ইতিহাস। সময়ৰ বুকুতেই অঙ্কিত হয় ইতিহাসৰ ছৱি আৰু যুগ যুগান্তৰলৈ সাক্ষী
হৈ ৰয়।
আজিৰ সমাজে কল্পনা কৰিব পৰাতকৈ বহু আগতেই ৰচিত হৈছিল অসমৰ ইতিহাস। থন ধৰি উঠিছিল বহু
উল্লেখযোগ্য স্থান। কালৰ সোঁত সেইবোৰ লয় পাইছিল। আকৌ বিশেষ সময়ত উদ্ধাৰ হৈছিল সেই ঐতিহাসিক স্থানৰ
অৱশেষৰ।
অসমৰ অন্যতম পৌৰাণিক স্থান তাম্ৰেশ্বৰ দেৱালয়ো ইতিহাসে ঢুকি নোপোৱা দিনতেই স্থাপিত হৈছিল।
অসমৰ দৰঙ জিলাৰ সদৰ মঙ্গলদৈ চহৰৰ পৰা ৩৬ কিলোমিটাৰ পশ্চিমে আৰু খৈৰাবাৰীৰ পৰা ৩-৪ কিলোমিটাৰ
পূৱলৈ ওদালগুৰি জিলাৰ দেউৰীপাৰা গাৱত তাম্ৰেশ্বৰ নামৰ ঐতিহাসিক দেৱালয়খন অৱস্থিত। এক সুন্দৰ সেউজীয়া
নান্দনিক পৰিবেশেৰে আৱৰা এই অঞ্চলটো, বিশেষকৈ এই দেৱালয়ৰ খনৰ জৰিয়তে বহিৰ্জগতৰ ওচৰত চিনাকী হৈ পৰিছে।
অসমৰ ৰাজধানী গুৱাহাটী চহৰৰ পৰা ইয়াৰ দূৰত্ব ৫২ কিলোমিটাৰ।
আজিৰ পৰা প্ৰায় হাজাৰ বছৰ আগতেই এই দেৱালয় প্ৰতিষ্ঠা হয় বুলি অনুমান কৰা হৈছে। অসমৰ ইতিহাস আৰু
ঠায়ে ঠায়ে উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক তথ্য-প্ৰমাণ সমূহৰ পৰা এই কথা অনুধাৱন কৰা যায় যে প্ৰাচীন কালৰে পৰা অসমত
(যদিও সেই সময়ত অসম নাছিল) শিৱ আৰু শক্তিৰ আৰাধনাৰ লগতে ভিন ভিন দেৱ-দেৱীৰ পূজা আৰাধনা আদিৰ যথেষ্ট
প্ৰভাব আছিল আৰু তাৰেই ফল স্বৰূপে ঠায়ে ঠায়ে সৰু বৰ মঠ-মন্দিৰ, উপাসনা স্থলী নিৰ্মাণ কৰা হৈছিল। তাম্ৰেশ্বৰ মন্দিৰো
নিশ্চয় ইয়াৰ ব্যতিক্ৰম নাছিল।
ৰামায়ণ আৰু মহাভাৰতত প্ৰাগজ্যোতিষপুৰৰ বিষয়ে উল্লেখ থকালৈ চাই খ্ৰীষ্টাব্দ প্ৰথম শতিকা বা তাৰো আগৰে
পৰা অসমত মঠ-মন্দিৰ নিৰ্মাণ হৈছিল বুলি ভাবিব পাৰি বা এইদৰেও ভাবিব পাৰি যে খ্ৰীষ্টীয় প্ৰথম শতিকাৰ বহু আগতেই
এই অঞ্চলত থকা ভিন ভিন সভ্যতাৰ ফলত নগৰ-চহৰ গা কৰি উঠিছিল। কালৰ সোঁতত তাৰে বহুতো হয়তো ধ্বংস হ’ল
আৰু প্ৰমাণস্বৰূপে আমি আজি তাৰ ভগ্নাৱশেষ সমূহহে দেখিবলৈ পাইছো।
প্ৰত্নতত্ত্ব বিভাগৰ জৰীপ আৰু তথ্য অনুসৰি তাম্ৰেশ্বৰ দেৱালয়ৰ চৌহদত উদ্ধাৰ হোৱা ভগ্নাৱশেষ সমূহ ১১শ-১২শ
খ্ৰীষ্টাব্দত নিৰ্মিত কোনো স্থাপত্যৰ সাক্ষী। এই স্থানত উদ্ধাৰ হোৱা ভগ্নাৱশেষ আৰু তাত থকা শিল্পকৰ্ম সমূহেই তাৰ উদাহৰণ।
একে সময়তে তথাপিও তাত উদ্ধাৰ হোৱা কিছু ভাস্কৰ্য আৰু শিল্প কৰ্মৰ পৰা এই ঠাই আৰু পুৰণি বুলি ভবাৰো থল আছে। এই
দেৱালয়ৰ বিষয়ে পোৱা তথ্য, নানা শিল্পকৰ্ম, ভগ্নাৱশেষ আৰু তাত থকা ভাস্কৰ্য সমূহৰ অধ্যয়ন কৰি এটা সিদ্ধান্তলৈ আহিব
পাৰি যে এসময়ত ইয়াত এক বিশাল স্থাপত্য আৰু এক উন্নত মানৰ সাংস্কৃতিক কেন্দ্ৰ আছিল। ইতিমধ্যে ইয়াত উদ্ধাৰ হোৱা
কিছুসংখ্য শিল্পকৰ্ম ৰাজ্যিক সংগ্ৰহাললৈ স্থানান্তৰ কৰি সংৰক্ষণ কৰা হৈছে আৰু কিছু কিছু ভগ্নাৱশেষ বা আন শিল্পকৰ্ম
স্হানীয়ভাবে সংগ্ৰহালয় সজাই প্ৰত্নতত্ত্ব বিভাগৰ দ্বাৰা সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।
আহোম স্বৰ্গদেউৰ সকলৰ পৃষ্ঠপোষকতাত সেই সময়ৰ অসমৰ বহু দৌল দেৱালয়ৰ উ্ন্নয়ন সাধন কৰা হৈছিল।
ধ্বংসপ্ৰাপ্ত বহু দেৱালয় পুনৰ্নিৰ্মাণ কৰা হৈছিল। দেৱালয়ত থকা তাম্ৰপত্ৰত উল্লেখ থকা মতে ১৭০৮ খ্ৰীষ্টাব্দত আহোমৰজা
গৌৰীনাথ সিংহই এই দেৱালয়লৈ ৯৬০বিঘা মাটি দান কৰে।
অনুমান কৰা মতে, অতীজতে এই স্থানত এক মন্দিৰ বা দেৱালয় আছিল। মূলত এই দেৱালয়ত শিৱৰ আৰাধনা
কৰা হৈছিল আৰু মন্দিৰৰ গভীৰ গৰ্ভগৃহত শিৱলিংগ প্ৰতিস্থিত আছিল। সেই অনুমান আৰু আৰ্হি অনুসৰিয়েই বৰ্তমান নকৈ
নিৰ্মাণ কৰা মন্দিৰৰ গৰ্ভগৃহও গভীৰ। আজিও একেদৰে গৰ্ভগৃহত শিৱৰ পূজা অৰ্চনা হয়। মন্দিৰৰ গৰ্ভগৃহ গৰ্ভগৃহতেই
শিৱলিঙ্গৰ লগতে একে স্থানৰ উদ্ধাৰ হোৱা অন্যান্য দেৱদেৱীৰ ভাস্কৰ্যও সংগ্ৰহিত হৈ আছে। সংগ্ৰহিত ভাস্কৰ্যৰ ভিতৰৰ
গণেশ, দূৰ্গা, বিষ্ণু আদিয়েই প্ৰধান।
আন আন ভাস্কৰ্যৰ সৈতে উদ্ধাৰ হোৱা এটি বিশেষ ধৰণৰ ভাস্কৰ্যই তাম্ৰেশ্বৰ দেৱালয়ৰ বিষয়ে কিছু কথা দকৈ
ভাবিবলৈ প্ৰেৰণা যোগায়। এই ক্ষুদ্ৰাকৃতিৰ ভাস্কৰ্যটো বহুতে এক শিৱলিঙ্গ বুলি দাবী কৰিছে। দেখাত ই এক সৰ্পবেষ্টিত
শিৱলিঙ্গ। এটুকুৰা শিলত কটা মূল লিঙ্গটোৰ চাৰিওফালে ফণা মেলি থকা কেইডাল মান সাপৰ আকৃতি প্ৰত্যক্ষ কৰা হয়।
অসমৰ আন আন ঠাই উদ্ধাৰ হোৱা ভাস্কৰ্যক সৈতে ইয়াৰ কিছু প্ৰভেদ আছে। আনহাতে এই শিল্পকৰ্ম আনবোৰৰ দৰে মসৃণ
নহয়। হয়তো বহুদিন মাটিৰ তলত পোত খাই থকা বাবে ইয়াৰ মসৃণতা হ্ৰাস পাব পাৰে নাইবা কোন অপৈণত শিল্পীয়ে ইয়াৰ
পূৰ্ণ ৰূপ দিবলৈ চেষ্টা কৰাৰ বাবে ই অশোধিত ৰূপতেই ৰৈ গ’ল। ই কোনো জনজাতীয় শিল্পকৰ্মৰো নিদৰ্শন হব পাৰে। যদি
সেয়েই হয় তাম্ৰেশ্বৰ দেৱালয়ত চৌহদত ধ্বংসপ্ৰাপ্ত হোৱা স্থাপত্য সম্পৰ্কে সকলো কথা নকৈ ফঁহিয়াই চোৱাৰ প্ৰয়োজন হব।
আনহাতে মুল মন্দিৰৰ বাহিৰত অ’ত ত’ত সিঁচৰতি হৈ পৰি আছে নানান শিল্পকৰ্মৰ ভগ্নাৱশেষ। তাৰে কিছু সম্পূৰ্ণ
আৰু কিছু অপূৰ্ণ। ভাবিব পাৰি হয়তো কোনো বিশেষ কাৰণত কাম সম্পূৰ্ণ নকৰাকৈয়ে শিল্পীসকল তাৰপৰা আঁতৰি যাব
লগীয়া হ’ল নাইবা কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলক নিৰ্মিয়মাণ অৱস্থাতেই এই স্থাপত্য কালৰ সোঁতত জাহ গ’ল, যাৰ ফলত
কিছু শিল্পকৰ্ম অসম্পূৰ্ণ হৈয়েই ৰ’ল।
স্থানীয় লোকৰ ভা্ষ্যমতে, কিছুবছৰ আগতে একে স্থানতে নতুনকৈ মন্দিৰ নিৰ্মাণ কৰাৰ বাবে খনন কাৰ্য চলোৱাৰ
সময়ত ভূ-পৃষ্ঠৰ নিচেই তলতে কিছু পৌৰাণিক স্থাপত্যৰ ভগ্নাৱশেষ উদ্ধাৰ হৈছিল। পিছলৈ সংশ্লিষ্ট বিভাগক এই বিষয়ে
অৱগত কৰা হয় যদিও উদ্ধাৰ কাৰ্য এতিয়ালৈকে সীমিত কৰি ৰখা হৈছে। অদূৰ ভবিষ্যতে হয়তো ইয়াৰ কাম আগবাঢ়িব
আৰু আমি নতুন নতুন কথা জানিবলৈ পাৰিম।
একালত ঐতিহাসিক প্ৰাগজ্যোতিষপুৰৰ লগতে দৰঙ ৰা্জ্যৰ গৰিমাও সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল তেনে ক্ষেত্ৰত
তাম্ৰেশ্বৰৰ দৰে ঠাইত উচ্চ পৰ্যায়ৰ গৱেষণা কৰাৰ থল আছে, যিয়ে সমগ্ৰ পৃথিৱীবাসীক পুনৰবাৰ দৰং জিলাৰ গৌৰৱময়
ইতিহাসৰ বিষয় অৱগত কৰাবলৈ সক্ষম হব।
স্থানীয় লোকৰ মতে এতিয়াৰ পৰা তিনি-চাৰি দশক আগতে এই স্থান ঘন অৰণ্যৰে আৱৰা আছিল। আশে-পাশে
আছিল জনজাতীয় লোকসকল বিশেষকৈ বড়ো জনগোষ্ঠীৰ লোকসকল। এই মন্দিৰত উদ্ধাৰ হোৱা ভাস্কৰ্য কিছুমানত
জনজাতীয় শিল্পকৰ্মৰো প্ৰভাৱ দেখা যায়।
সুন্দৰ প্ৰাকৃতিক পৰিবেশেৰে আবৰা মন্দিৰৰ চৌহদত সোমালেই এক নীৰৱতাই বিৰাজ কৰা পৰিলক্ষিত হয়।
শিলিখা আদি ডাঙৰ ডাঙৰ গছৰ ছাঁয়াই গোটেই পৰিবেশটো শীতলাই ৰাখে। মন্দিৰৰ মূল প্ৰৱেশদ্বাৰৰ বাহিৰত বাওঁফালে
পথৰ দাঁতিতেই কিছু ভগ্নাৱশেষ সজাই ৰখা হৈছে। চৌহদটোৰ সন্মুখভাগত পকী দেৱাল নিৰ্মাণ কৰা হৈছে যদিও পিছফালে
মাত্ৰ কাঁটাতাঁৰৰ বেৰ দি ৰখা হৈছে। চৌহদৰ পৰা মন্দিৰলৈ সোমাব পৰাকৈ ইটাৰে পদপথ নিৰ্মাণ কৰা হৈছে। মুল তোৰণ পাৰ
হৈ অলপ আগলৈ পথটি সোঁফাললৈ ঘূৰি দুভাগ হৈ এভাগ মন্দিৰলৈ আৰু আনভাগ অতিথিশালালৈ গৈছে। উল্লেখয়োগ্য যে
দূৰণীবটীয়া যাত্ৰী আৰু পৰ্যটকৰ বাবে এই দেৱালয়ত এটা অতিথিশালাৰ ব্যৱ্স্থা আছে। এই পদপথৰ দুয়োফালে কিছু
ভগ্নাৱশেষ বা অতীতৰ শিল্পকৰ্ম মুক্ত আকাশৰ তলত উন্মুক্ত ভাবে ৰাখি থোৱা হৈছে। এইদৰে বৰষুণত তিতি ৰ’দত শুকাই
যোৱাৰ লগতে ধূলি বালিৰ আঘাতক এই সুন্দৰ শিল্পকৰ্মসমূহ যে খুউব কম সময়তে ধ্বংস হব সেই কথা সহজেই অনুমেয়।
ইতিমধ্যে একেবাৰে সুক্ষ্ম কামবোৰ প্ৰায় নষ্ট হৈ গৈছে।
বাওঁফালে এখন সৰু টিনৰ চালি সজাই তাতে এটা গনেশৰ বিগ্ৰহ স্থাপন কৰাৰ লগতে কিছু ভগ্নাৱশেষ অপ্ৰণালীবদ্ধ
ভাবে সংৰক্ষণ কৰা হৈছে।
আন আন দেৱালয়ৰ সমূহৰ দৰেই তাম্ৰেশ্বৰ দেৱালয় চৌহদতো আছে এক বিশাল নিৰ্মল পানীৰ পুখুৰী। দেৱালয়ৰ
সকলো মাঙ্গলিক কাম কাজৰ বাবে এই পুখুৰীৰ পানী ব্যৱহাৰ কৰা হয়। শতিকা পুৰণি এই পুখুৰীৰ পানী একেবাৰে ফটফটীয়া
আৰু তলিলৈকে দেখা যায়। মন্দিৰৰ সোঁফালে সুবিশাল পুখুৰী আৰু এই পুখুৰীৰ পাৰতেই কিছু বছৰ আগতে নিৰ্মিত প্ৰত্নতত্ত্ব
বিভাগৰ সংগ্ৰহালয় আৰু আগলৈ এটা জিৰণি চ’ৰা। এই সংগ্ৰহালয় দৰ্শনাৰ্থীৰ বাবে প্ৰতিদিনেই মুকলি কৰি ৰখা হয়।
সংগ্ৰহালয়ত সংগ্ৰহিত ভগ্নাৱশেষ আৰু ভাস্কৰ্যসমূহৰ ভিতৰত বিভিন্ চক্ৰ, সৰু সৰু মানৱ প্ৰতিকৃতি, নৰ্তকীৰ প্ৰতিকৃতি,
মন্দিৰ খুঁটাৰ বিভিন্ন অংশ আদি। মাত্ৰ কেইবছৰমানৰ আগতে নিৰ্মাণকৰা সংগ্ৰহালয়টোৰ বৰ্তমানৰ অৱস্থা বৰ সন্তোষজনক
নহয়। অতি সোনকালে মেৰামতিৰ ব্যৱস্থা নকৰিলে ভগ্নাৱশেষৰ তালিকাখন আৰু অলপ দীঘলীয়া হোৱাৰ সম্ভাৱনা নুই
কৰিব নোৱাৰি।
মন্দিৰ সোঁফালে গাতে লাগি থকা পুখুৰীটোৰ মাটিকালি প্ৰায় সাত বিঘা। তাহানিৰে পৰা মন্দিৰ পূজা-পাটল বা আন
কামৰ বাবে প্ৰয়োজনী পানী এই পুখুৰীৰ পৰা ব্যৱহাৰ হৈছিল আৰু এতিয়াও তাৰ ব্যতিক্ৰম নহয়। এই বিশাল পুখুৰীটোত
অজস্ৰ পদুমফুলৰ লগতে অনেক জলজ উদ্ভিদ পোৱা যায়। পদুম আৰু ভেট ফুলৰ লগতে বহু চিনাকী অচিনাকী ফুলেৰে
জকমকাই থকা পুখুৰীটোলৈ জাৰকালি যথেষ্ট সংখ্যক পৰিভ্ৰমী চৰাইৰ আগমন হয়।
এক শান্ত আৰু নিৰিবিলি পৰিবেশে আৱৰি থকা তাম্ৰেশ্বৰ দেৱালয় চৌহদ চিত্ৰ আৰু আলোকচিত্ৰ শিল্পী সকলৰ বাবেও
এক আকৰ্ষণীয় স্থান।
মূলত দেৱাদিদেৱ শিৱৰ আৰাধনা স্থা হলেও গোটেই বছৰটোৰ ভিন ভিন সময়ত এই স্থানত কেইবাটাও উৎসৱ
পালন কৰা হয়। অসমীয়া দিনপঞ্জী মতে বহাগৰ ৫ তাৰিখে উদ্যাপন হোৱা দেউলৰ পৰাই বছৰটোৰ অনুষ্ঠান সমূহ আৰম্ভ
হোৱা বুলি ধৰিব পাৰি। একে মাহতেই বুদ্ধ পূৰ্ণিমাও ইয়াত পালন কৰা হয়। মূল উৎসৱ শিৱৰাত্ৰি।
ইয়াৰ উপৰিও এই দেৱালয়ত আহাৰ মাহত অম্বুবাচী, ভাদ মাহত জন্মাষ্টমী, বিশ্বকৰ্মা পূজা, কাতি মাহত নিয়মীয়া
ভাগৱত পাঠ, মাঘ মাহত গায়ত্ৰী যজ্ঞ, প্ৰতি পূৰ্ণিমাতে নিয়মীয়া নাম-প্ৰসংগ আদিৰ আয়োজন কৰা হয়। দেৱালয়ৰ পূজা-
পাৰ্বণ আদিত কোনোধৰণৰ বলি বিধান নহয়।
আন যিয়েই নহওঁক, তাম্ৰে্শ্বৰ দেৱালয় চৌহদত উদ্ধাৰ হোৱা সৰু বৰ ভগ্নাবশেষ সমূহৰ পৰা সাধাৰণ ভাবেই এটা
ধাৰণা কৰিব পাৰি যে, দূৰ অতীতত এই ঠাইত এটা সুন্দৰ শিল্পকৰ্মৰে সমৃদ্ধ বিশাল স্থাপত্য আছিল। আছিল এক অতি উন্নত
সাংস্কৃতিক কেন্দ্ৰ। কিন্তু দূৰ্ভাগ্য এয়ে যে বৰ্তমান মাত্ৰ কেইটামান ভগ্নাৱশেষৰ বাহিৰে এই গৌৰৱময় স্থানৰ কোনো তথ্যই
পাবলৈ নাই। নাই কোনো জীৱন্ত সাক্ষী। তথাপি যদি ধৰি লোৱা হয় অনুমানেই অধ্যয়নৰ আধাৰ, তেনেহ’লে জনমানসত
প্ৰচলিত বিভিন্ন অনুমানৰ ওপৰত ভিত্তি কৰি হলেও কিছু কথা ফঁহিয়াই চাব পাৰি।
মুঠতে দৰঙ জিলা তথা অসমৰ ইতিহাসত তাম্ৰেশ্বৰ দেৱালয়ৰ অহিৰণা যথেষ্ট আছে সেয়া সহজেয় অনুমেয়।
তখাপিও প্ৰণালীবদ্ধ গৰেষণা আৰু অধ্যয়নে অধিক তথ্য পোহৰলৈ আনিব আৰু নতুন প্ৰজন্মক ইতিহাসৰ প্ৰতি অধিক
আকৰ্ষিত কৰিব। আনহাতে, এই ইতিহাস প্ৰসিদ্ধ অঞ্চলটোৰ উন্নয়নে অসমৰ পৰ্যটন উদ্যোগৰ ক্ষেত্ৰতো কিছু বিকাশ সাধন
কৰিব।
স্পষ্ট নীতি নিৰ্দেশনাৰ অভাৱত ভুগিছে শাৰীৰিক নিৰ্দেশক সকল
যেতিয়ালৈকে বিদ্যালয় সমূহত ক্ৰীড়াক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা নহয় তেতিয়ালৈ অসমৰ ক্ৰীড়াৰ উন্নতি হ’ব নোৱাৰে এই কথা বাৰে বাৰে সচেতন ক্ৰীড়াপ্ৰেমী ৰাইজে কৈ আহিছে। ইতিমধ্যে অইন ৰাজ্যসমূহত ক্ৰীড়াক বিদ্যালয় সমূহত বাধ্যতামূলক বিষয় হিচাপে লৈ ৰাজ্য তথা দেশত মানৱ সম্পদ গঢ়াৰ পৰিকল্পনা হাতত লৈ কাম কৰি আছে। অসমত এই সুবিধাটো হোৱা নাই বাবে সূপৰিকল্পিত ভাৱে আচঁনি প্ৰস্তুত কৰিব পৰা নাই। ক্ৰীড়াক আগবঢ়াই নিয়াৰ স্বাৰ্থত বিভিন্ন কাৰ্যপন্থা হাতত লোৱা হৈছে যদিও আশা কৰা ধৰনে সূফল পোৱাত ব্যাৰ্থ হৈছে। বিদ্যালয় সমূহত যিমানখিনি শাৰীৰিক নিৰ্দেশকৰ প্ৰয়োজন সেই অনুপাতে যথেষ্ট কম সংখ্যক শাৰিৰীক নিৰ্দেশক সকলে কাম চলাই থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে যি সকল শাৰীৰিক নিৰ্দেশক কৰ্মৰত অৱস্থাত আছে তেওঁলোকলৈও চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ স্পষ্ট নীতি নিৰ্দেশনা নাই। যাৰ বাবে শাৰীৰিক নিৰ্দেশক সকলে বিদ্যালয় সমূহত বিদ্যালয় সপ্তাহত নুন্যতম ক্ৰীড়া কাৰ্য সমাপন কৰি গোটেই বছৰটোৰ বাবেই ক্ৰীড়াক পিঠি দিবলগীয়া হৈছে। বিদ্যালয় সপ্তাহতো ক্ৰীড়া সামগ্ৰীৰ অভাৱতে হওঁক বা বিদ্যালয় প্ৰধানৰ সদইচ্ছাৰ অভাৱতে হওঁক ৰসতে নাম থবলগীয়া হৈছে ক্ৰীড়াক। অৱশ্যে ইয়াৰ মাজতো কিছু শাৰীৰিক নিৰ্দেশকে বিদ্যালয়ৰ ক্ৰীড়াৰ কাম-কাজ সম্পন্ন কৰাৰ পিছতো অনুষ্ঠান সমূহে অনুষ্ঠিত কৰি অহা বিবিধ ক্ৰীড়া প্ৰতিযোগিতাতো অংশ গ্ৰহন কৰি ক্ৰীড়াক আগবঢ়াই নিয়া কাৰ্যত সহযোগিতা আগবঢ়াই আহিছে। বিদ্যালয় সমূহত ক্ৰীড়াৰ কোনো কাম-কাজ নথকাৰ সুবিধা লৈয়ে কিছুমান বিদ্যালয়ৰ প্ৰধানে শাৰীৰিক নিৰ্দেশক সকলক পাঠ্যপুথিৰ পাঠদান কাৰ্যত নিয়োগ কৰিছে। কিছুমান বিদ্যালয়ৰ কাৰ্যলয়ত শাৰীৰিক নিৰ্দেশক সকল বহাৰ বাবে চকীৰো অভাৱ হোৱা দেখা গৈছে। যিটো অতিকৈ দুৰ্ভাগ্যজনক কথা। এনেদৰে ক্ৰীড়া কি ভাৱে আগবাঢ়িব সেয়াহে বিচাৰ্যৰ বিষয়। ক্ৰীড়াৰ প্ৰাৰম্ভীক কাম-কাজৰ বাবে শাৰিৰীক নিৰ্দেশক সকল অতি দক্ষ হিচাপে বিবেচিত হৈছে। ইয়াৰ উদাহৰণ ধিং এক্সপ্ৰেছ খ্যাত হিমা দাস। তেওঁকো এজন শাৰীৰিক নিৰ্দেশকে উলিয়াই আনিছিল। এওঁলোকে কোন ছাত্ৰ-ছাত্ৰীয়ে কি খেল খেলিলে উপকৃত হ’ব সেই কথা ভালদৰে জানে। গতিকে এই সকলক ক্ৰীড়াৰ নামত সূপৰিকল্পিত ভাৱে ব্যাৱহাৰ কৰি ক্ৰীড়াক আগবঢ়াই নিবলৈ বিশেষ আঁচনি প্ৰস্তত কৰা উচিত। অন্যথা ক্ৰীড়া এই ভাবেই চলি থাকিব ঠিকেই কিন্তু ফলাফলৰ নামত থাকিব বৃহৎ শুন্য। সচেতন আৰু সক্ৰিয় জিলা ক্ৰীড়া বিষয়াৰ নিৰ্দেশত আজিওঁ বিভিন্ন জিলাত খেলুৱৈৰ মাজত বিভিন্ন ইভেন্টৰ প্ৰশিক্ষণ অব্যাহত ৰাখিছে শাৰীৰিক নিৰ্দেশক সকলে। তেওঁলোকে ক্ৰীড়াৰ নামত কাম কৰাৰ অদম্য হেপাহ বুকুত বান্ধিয়েই ক্ৰীড়া বিষয়ক পাঠ্যক্ৰম গ্ৰহন কৰি সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হৈ আহিছিল। আনকিছুমানে আকৌ নিজৰ খৰছত ক্ৰীড়া বিষয়ৰ পাঠ্যক্ৰম গ্ৰহন কৰি সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হৈ আজিও কৰ্মসংস্থাপনৰ অভাৱত ঘৰতে হাহ-হুমুনিয়াহ কাঢ়ি বহি আছে। গতিকে এই বিলাক কথাৰ ওপৰত চৰকাৰে বিহিত ব্যাৱস্থা গ্ৰহণ কৰি ক্ৰীড়াক আগবঢ়াই নিব পাৰে বুলিও একাংশই মন্তব্য আগবঢ়াইছে। সুস্থ সবল সমাজ গঢ়াত ক্ৰীড়াই মুখ্য ভূমিকা পালন কৰিব পাৰে। সেয়েহে কোৱা হয় সুস্থ শৰীৰে সুস্থ মনৰ জন্ম দিব পাৰে, সুস্থ মনেহে সুস্থ চিন্তা-চৰ্চা কৰিব পাৰে আৰু সুস্থ চিন্তা-চৰ্চাইহে সমাজ খনক ভালদৰে পৰিচালিত কৰিব পাৰে। গতিকে সুস্থ শৰীৰৰ বাবে খেলা-ধুলা নিত্যান্তই প্ৰয়োজনীয়। এজন খেলুৱৈয়ে ৰাষ্ট্ৰীয় বা আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ নাযাব পাৰে কিন্তু ক্ৰীড়াৰ জড়িয়তে নিজকে সুস্থ ৰাখি সমাজখন নিৰোগী কৰি গঢ়ি তোলাত অংশীদাৰ হ’ব পাৰে। নতুন চৰকাৰ খনে ক্ৰীড়াক অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। আশা কৰা হৈছে ক্ৰীড়াৰ জড়িয়তেই মানৱ সম্পদ গঢ় লৈ উঠক, ক্ৰীড়াৰ জড়িয়তেই সমাজখন নিৰোগী স্বাস্থৱান কৰি গঢ়ি তোলক। ইয়াৰ বাবে পৰ্য্যাপ্ত পৰিমানৰ শাৰীৰিক নিৰ্দেশক নিয়োগ কৰাৰ উপৰিও অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ দ্বাৰা বিজ্ঞান সন্মত দীৰ্ঘকালিন প্ৰশিক্ষণৰ ব্যাৱস্থা নিশ্চিত ভাৱে প্ৰয়োজন হ’ব। লগতে শাৰীৰিক নিৰ্দেশকৰ বাবে চৰকাৰী ভাৱে স্পষ্ট নীতি-নিৰ্দেশনা প্ৰয়োগ কৰিলে অসমৰ ক্ৰীড়াও ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত ভাল ফলাফল কঢ়িয়াই আনিব পাৰিব বুলি আশা কৰিব পাৰি।











