Breaking

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ৰৌতাৰ শিশু

0 1,531

ওদালগুৰিৰ ৰৌতাৰ শিশু শিল্পী বোকাৰ পদুম দেৱ প্ৰতিম ডেকা।ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত প্ৰতিযোগিতাত বটা অৰ্জন কৰি অঞ্চলৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম .
ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ঝাৰগাওঁৰ মধ্যবিত্ত পৰিয়ালৰ পুতুল সাগৰ ডেকা আৰু নিৰুপমা ডেকাৰ চতুৰ্থ শ্ৰেণীৰ একমাত্ৰ সন্তান দেৱ প্ৰতিম ডেকাই সংগীত প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা অৰ্জন কৰিবলৈ সক্ষম । উল্লেখ্য যে আনুষ্ঠানিক সংগীত শিক্ষাৰ পৰা বঞ্চিত হৈ পিতৃ মাতৃৰ পৰা সংগীত চৰ্চা কৰি এগৰাকী সুদক্ষ শিল্পী হোৱাৰ স্বপ্নলৈ আগুৱাই গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত যোৱা খ্ৰীষ্টমাছ উপলক্ষে E-Education Pvt.Ltd.য়ে Onnline যোগে অনুষ্ঠিত কৰা সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেৱ প্ৰতিমৰ সুললিত কণ্ঠই  দৰ্শকৰ মন মুগ্ধ কৰিবলৈ সক্ষম হৈছে।শিশু শিল্পী দেৱ প্ৰতিম ডেকাই  হিন্দী, অসমীয়া,বঙালী ,ইংৰাজী গানৰ লগতে নিজে ঢোল বজাই বিহুগীত অনায়াসে গাই যাব পাৰে।লগতে সমগ্ৰ দেশতে কৰ”ণা ভাইৰাছে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে মহামাৰী ভাইৰাছকলৈ পিতৃয়ে লিখা এটি গীতত দেৱ প্ৰতিম ডেকাই ঢোলৰ তালে তালে সুললিত কণ্ঠৰে কণ্ঠদান কৰা পৰিলক্ষিত হয়।পখিলা খেদা বয়সতেকণমানি দেৱ প্ৰতিম ডেকাৰ  এজন সুদক্ষ শিল্পী হোৱাৰ যি দিবাস্বপ্ন সেয়া পূৰণ হওঁক স্থানীয় ৰাইজেও শুভ কামনা জনাইছে ৷

Leave A Reply