Home Blog Page 3000

প্ৰথম অনলাইন ৰাষ্ট্ৰীয় উশ্বু চেম্পিয়নশ্বিপত অসমৰ ৯ টা পদক অৰ্জন

প্ৰথম ৰাষ্ট্ৰীয় উশ্বু চেম্পিয়নশ্বিপত অসমে ৫টা সোণৰ পদক, ২টা ৰূপ ২ টা ব্ৰঞ্জসহ ৯ টা পদক লাভ কৰে।
৩০ মে’ ৰ  পৰা ৪  জুনলৈ  উশ্বু এছ’চিয়েশ্যন অফ ইণ্ডিয়াৰ  অধীনত চণ্ডিগড় বিশ্ববিদ্যালয়ৰ সহযোগত উশ্বু এছ’চিয়েচন পাঞ্জাৱে প্ৰথম অনলাইন চেম্পিয়নশ্বিপৰ সফল আয়োজন কৰে । উশ্বু এছ’চিয়েচন অসমৰ প্ৰচাৰ সম্পাদক গনেশ শীলে জানিবলৈ দিয়া মতে অনলাইন চেম্পিয়নশ্বিপখনৰ উদ্ধোধন কৰে  চণ্ডিগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰ এছ ৱাবাই  , অনুষ্ঠানত উশ্বু এছ’চিয়েচন অফ ইণ্ডিয়াৰ সভাপতি ভূপেন্দ্ৰ সিংহ বাজুৱাই অংশগ্ৰহণ কৰে। 
২৫ খন ৰাজ্য মুঠ ৪০০ খেলুৱৈয়ে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনত অসমৰ  আৰহান বৰুৱা ২টা সোণ (চাব জুনিয়ৰ),  দানৰিয়ালি কাব্যা প্ৰতিভা ১টা সোণ (চাব জুনিয়ৰ)মনজয় চেট্ৰি ১ টা সোণ (ছিনিয়ৰ ), নাবনিতা বড়ো (ছিনিয়ৰ ) , আয়ান দত্ত ১টা ৰূপ (চাব জুনিয়ৰ ল’ৰা) , শ্যামলী ডেকা ১টা ৰূপ (চাব জুনিয়ৰ ছোৱালী) , প্ৰাঞ্জল মেধি ১টা ব্ৰঞ্জ (চাব, জুনিয়ৰ ), নিবিৰ ৰঞ্জন বৰুৱা ১টা ব্ৰঞ্জৰ (ছিনিয়ৰ) পদক লাভ কৰে ।

কাৰ্বি আংলঙত ড্ৰাগছৰ সৈতে মাতৃসহ দুই পুত্ৰক আটক

মাতৃ সহ দুই পুত্ৰ কাৰ্বি আংলং আৰক্ষীৰ জালত ৷যোৱা কালি নিশাৰ কাৰ্বি আংলং জিলাৰ বোকাজানত এক অভিযানত  উদ্ধাৰ হয় ড্ৰাগছ৷ আৰক্ষীৰ অভিযানকাৰী দলটোৱে বোকাজানৰ প্ৰভাস শ্বাহ নামৰ লোকজনৰ ঘৰত উদ্ধাৰ কৰে প্ৰায় ১২ গ্ৰাম হেৰ’ইন।বোকাজান আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে হেৰ’ইনখিনি।ঘটনাৰ সৈতে জড়িত প্ৰভাস শ্বাহৰ পত্নী পাৰ্বতী দেৱীৰ (৪৫) লগতে দুই পুত্ৰ ৰামদেৱ শ্বাহ আৰু কপিল শ্বাহক আটক কৰে বোকাজান আৰক্ষীয়ে।জানিব পৰামতে দীৰ্ঘদিন ধৰি বোকাজানত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল এই পৰিয়ালটোৱে।

বন্ধ হ’ল মহানগৰীৰ বন্দনা ছবিগৃহ

অতীত হ’ল মহানগৰীৰ অন্যতম জনপ্ৰিয় চিনেমা হ’ল বন্দনা ছবিগৃহ।বন্দনা চিনেমা হলৰ দেৱালত পৰিল হাতুৰীৰ কোব। বহু পুৰণি স্মৃতি যেন এতিয়া  অতীতৰ গৰ্ভত সোমাই পৰিল। একপ্ৰকাৰ কোৰোণাই চিৰদিনলৈ বন্ধ কৰি দিলে বন্দনা চিনেমা গৃহৰ দুৱাৰ। এসময়ৰ বহু জনপ্ৰিয় অসমীয়া, হিন্দী আৰু ইংৰাজী চিনেমা প্ৰদৰ্শনৰ সাক্ষী হৈ আছিল বন্দনা চিনেমা গৃহ।

কিন্তু এতিয়াৰে পৰা যেন অতীত হৈ পৰিল সকলো। মহামাৰী কোৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ আৰক্ষী প্ৰশাসনে জাৰি কৰা সান্ধ্য আইনৰ কবলত পৰি গুৱাহাটীৰ পূব প্ৰান্তৰ জনপ্ৰিয় ছবিগৃহ বন্দনা ছবিগৃহ ব্যাপক লোকচানৰ  সন্মুখীন হ’বলগীয়া হয়। বিগত ডেৰ বছৰ ধৰি অন্য ছবি গৃহসমূহৰ দৰে বন্দনা চিনেমা গৃহও বন্ধ হৈ থকা বাবে ইয়াৰ কৰ্তৃপক্ষ সন্মুখীন হৈছিল লোকচানৰ। আৰ্থিকভাৱে জুৰুলা হৈ পৰা স্বত্বাধিকাৰীজনে উপায়হীন হৈ ছবিগৃহটো ভাঙি শ্বপিং মল নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়া চলচ্চিত্ৰপ্ৰেমী  দৰ্শকৰ মাজত স্মৃতি হয় ৰ’ব “বন্দনা” নামটো।

দক্ষিণ শৰনীয়া – বামুনীময়দামত গুৱাহাটী পৌৰনিগমৰ চেনিটাইজেছন

গুৱাহাটী মহানগৰীত কভিদ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত
পৌৰনিগমে বিগত কেইবাদিনধৰি মহানগৰীৰ বিভিন্ন স্হানত ছেনিটাইজ কৰি আহিছে ৷ বিজেপি গুৱাহাটী মহানগৰ জিলাৰ ছেনিটাইজাৰ বিভাগৰ সহযোগত গুৱাহাটী পৌৰনিগমে আজি মহানগৰীৰ গান্ধীমন্ডপ পথ, পুৱ শৰনীয়া ৬নং উপপথ আৰু বামুনীময়দামৰ কেইবাটাও স্হানত ছেনিটাইজ কৰে ৷৷ বিজেপি মহানগৰ জিলাৰ ছেনিটাইজাৰ বিভাগৰ আহ্বায়ক মৃনাল কাকতি সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে গান্ধীমন্ডপৰ নামঘৰ ,শিৱ মন্দিৰ ,কালী মন্দিৰ, ভুমি সংৰক্ষণ কাৰ্য্যলয়, পৌৰনিগমৰ পানী যোগন কেন্দ্ৰৰ চৌহাদৰ লগতে পথচোৱাত ছেনিটাইজ কৰা হয় ৷ স্হানীয় নাগৰিক মনোজ ডেকাৰ সম্পূৰ্ণ
সহযোগত বৃহত্তৰ অঞ্চলৰ লগতে বামনীময়দামৰ প্ৰাগজ্যোতি সাপ্তাহিক কাকতৰ কাৰ্য্যলয়ত ছেনিটাইজ কৰে ৷৷ইয়াৰ পিছত গান্ধীবস্তী আৰু পূৱ শৰনীয়ৰ কেইবাটাও স্হানত স্হানীয় বাসিন্দা মামনি মহন্তৰ
সহযোগিতা বৃহত্তৰ অঞ্চলত ছেনিটাইজ কৰে পৌৰনিগম কৰ্তীপক্ষই ৷৷

কাকজানত কভিড ১৯ৰ আতংকৰ মাজতো আশাৰ কিৰণ দেখুৱাইছে এজাক তৰুণ-তৰুণীয়ে

কভিড ১৯ ৰ ভয়াৱহতা সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে বান্ধি দিয়া কঠোৰ নীতি- নিৰ্দেশনাৰ বাবে ৰাজ্যৰ নগৰ-চহৰাঞ্চলৰ সমান্তৰালভাৱে গ্ৰামাঞ্চলতো এতিয়া লকডাউন সদৃশ পৰিবেশ। এই সময়ছোৱাত আপুনি হয়তো নিজ ঘৰতেই থাকি টেলিভিছনৰ মনোৰঞ্জনধৰ্মী অনুষ্ঠান চাই, গ্ৰন্থ পঢ়ি অথবা নিজৰ ভাল লগা কামবোৰত নিজকে আত্মনিয়োগ কৰি পৰিয়ালৰ সৈতে সময়বোৰ কটাইছে। কিন্তু এনে পৰিবেশৰ মাজতে বহুজনে বহুজনৰ কাৰণে মানৱীয় দৃষ্টিভংগীৰে সমাজৰ কাৰণে নিজকে আত্মনিয়োগ কৰিছে।চৰ্চালৈ আহিছে যোৰহাটৰ কাকজান অঞ্চলৰ কেইগৰাকীমান  কলেজীয়া যুৱক-যুৱতী। যিটো সময়ত জীৱশ্ৰেষ্ঠ মানৱৰ কুঠাৰাঘাটত প্ৰকৃতি লঠঙা হৈছে , কভিড-১৯ৰ ভয়াৱহ সংক্ৰমণৰ সময়ত পৃথিৱীয়ে অক্সিজেনৰ কাৰণে হাঁহাকাৰ কৰিব লগা হৈছে , সেই সময়তে এইসকল যুৱক যুৱতীয়ে পৰিবেশ সেউজীয়া কৰাৰ পণ লৈছে । দৈনিক কাহিলি পুৱাতে মুখত মাস্কখন মাৰি,  কান্ধত কোৰখন আৰু হাতত কেইটামান গছপুলি লৈ ওলাই আহে আশা, অজয়, উৰ্বি , সীমাহঁত।তেওঁলোক কোনো প্ৰকৃতিপ্ৰেমী সংগঠন অথবা সেচ্ছাসেৱী সংগঠনৰ সদস্য নহয়। কেৱল মাথোঁ গছ থাকিলেহে মানুহ থাকিব শ্ল’গানটোৱে বাৰুকৈয়ে ক্ৰিয়া কৰা এইসকল তৰুণে মুকলি ঠাইসমুহত ৰোপণ কৰিছে গছপুলি। প্ৰথমেই নিজৰ আপোন গাঁওখনৰ পৰাই আৰম্ভ কৰিছে প্ৰকৃতি সেউজীয়া কৰাৰ সোণোৱালী সপোন।বিভিন্ন স্থানৰ পৰা যুৱককেইজনে গছপুলি সংগ্ৰহ কৰি মুকলি ঠাই পালেই ৰোপণ কৰি প্ৰতিপালনো কৰে। এই সন্দৰ্ভত যুৱক- যুৱতীগৰাকীয়ে অৱগত কৰা অনুসৰি- পহিলাতে কমাৰখাটোৱাল নামৰ নিজ গাওঁখনৰ পৰাই আৰম্ভ কৰা এই কাৰ্যসূচীৰ জড়িয়তে বিভিন্ন স্থানত ৰোপন কৰি যাব গছপুলি।ৰাইজৰ আশা-অজয়,  উৰ্বি ,সীমাহতৰ দৰে তৰুণ প্ৰজন্মৰ হাতৰ পৰশত প্ৰাণ পাই উঠিব প্ৰকৃতিয়ে। নগৰ-চহৰ , গাঁৱৰ পথৰ কাষত মিচিকিয়াই হাঁহিব  এজাৰ, সোণাৰু, কৃষ্ণচূড়া , ৰাধাচূড়াই।

আন্তৰ্জাতিক টাইকোৱানডো খেলুৱৈ জ্ঞানদ্বীপ কলিতাৰ খেলুৱৈলৈ সাহাৰ্য :পূব নলবাৰী কচিং চেণ্টাৰৰ উল্লেখনীয় পদক্ষেপ

মহামাৰী ক’ৰোনা ভাইৰাচৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে বান্ধি দিয়া নীতি-নিয়মকে সৰোগত কৰি খেলুৱৈ সকল ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। ঘৰতে থাকি অনুশীলন চলাই আছে যদিও খোৱা-লোৱাৰ বিভিন্ন সমস্যা আহি পৰিছে। ২ বজাত সান্ধা আইন ঘোষণা কৰাৰ লগে লগে দিন-হাজিৰা কৰা কিছু খেলুৱৈ তথা অভিভাৱকে কতো কাম কৰিব পৰা নাই। ফলত গভীৰ অৰ্থ সংকটত ভুগিছে এই সকল খেলুৱৈৰ পৰিয়াল। এই কথা উপলদ্ধি কৰি নলবাৰী জিলাৰ অগ্ৰণী ক্ৰীড়া সংগঠন পূব নলবাৰী ক’চিং চেণ্টাৰে খেলুৱৈৰ দুৰ্দশাৰ কথা কিছু হৃদয়ৱান ব্যাক্তিক অৱগত কৰাত কেইবাজনো ব্যাক্তিয়ে ইতিমধ্যে খেলুৱৈ সকলক সহায়ৰ হাত আগবঢ়াইছে আৰু কেইবাজনো ব্যাক্তিয়ে সহায় আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিছে। আজি নলবাৰীৰ গৌৰৱ আন্তৰাষ্ট্ৰীয় টাইকোৱানডো খেলুৱৈ জ্ঞানদ্বীপ কলিতাই দুখীয়া খেলুৱৈৰ পক্ষত থিয় হৈ সাহস আৰু প্ৰেৰণা দিয়াৰ লগতে ২০ জন খেলুৱৈৰ মাজত চাউল-৩ কিলো, ডাইল-১ কিলো, মিঠাতেল-আধা লিটাৰ, আলু-২ কিলো, পিয়াজ-১ কিলো, বুট, বিস্কুট ইত্যাদি অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰে। খাদ্য-সামগ্ৰী বিতৰণ অনুষ্ঠানত উপস্থিত থাকে জ্ঞানদ্বীপ কলিতা, ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলা সমিতিৰ সভাপতি হেমন্ত কুমাৰ বৰ্মন, পূব নলবাৰী ক’চিং চেণ্টাৰৰ সভাপতি দীপক কুমাৰ দাস। খাদ্য-সামগ্ৰী গ্ৰহন কৰি খেলুৱৈ সকল উৎসাহী হৈ পৰে লগতে জ্ঞানদ্বীপ কলিতাৰ মহানুভৱতাক সকলোৱে ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰে।

ধুবুৰী জিলাৰ মাটিফাটা শালকাটা পথ নিৰ্মাণত ব্যাপক অনিয়ম

ধুবুৰী জিলাৰ মাটিফাটা বজাৰৰ পৰা শালকাটা বজাৰলৈ ২.৫৫২ কিঃমিঃ ৰাস্তা ৫ বছৰৰ মেৰামতিৰ বাবে ২০১৮/১৯ বিত্তীয় বৰ্ষত গড়কাপ্তানী বিভাগৰ PMGSY আঁচনিৰ অধীনত ১৫.০৩ লাখ টকা আৱণ্টন দিছিল৷ উল্লেখ্য য়ে, এই একেটা পথ অৰ্থাৎ মাটিফাটা বজাৰৰ পৰা শালকাটা বজাৰলৈ যোৱা পথটোৰ বাবে দুনাই গড়কাপ্তানী বিভাগটোৱে SOPD আঁচনিৰ অধীনত ২০১৯/২০ বিত্তীয় বৰ্ষত মেৰামতিৰ বাবে প্ৰায় ৬৭ লাখ টকা আৱণ্টন দিয়া পৰিলক্ষিত হয়৷ এই কামটোৰ ঠিকা লাভ কৰে আহমেদ নুৰ আলম নামৰ এজন ব্যাক্তিয়ে৷  এই কামটো কৰাৰ বাবে ঠিকা লাভ কৰা ঠিকাদাৰ দুজনৰ ভিতৰত এজনেও সঠিক ভাবে কাম নকৰাৰ বাবে ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে বুলি স্থানীয় ৰাইজে মন্তব্য কৰে৷ কিন্ত বৰ পৰিতাপৰ বিষয় য়ে চৰকাৰে এটা ৰাস্তাৰ বাবে বছৰে বছৰে ইমান টকা আৱণ্টন দিয়াৰ পিছতো কিয় সঠিক ভাবে ৰাস্তাৰ কাম নহয়৷ ৰাইজে অভিযোগ কৰা মতে ৰাস্তাৰ কাম লোৱা ঠিকাদাৰ সকলে ভালভাৱে ৰাস্তাৰ কাম নকৰে গতিকে চৰকাৰে এই ঠিকাদাৰৰ বিৰুদ্ধে উচিত তদন্ত হব লাগে বুলি মত পোষণ কৰে৷ এই অঞ্চলৰ ৰাইজে কিমান কষ্ট কৰি অহাযোৱা কৰি আছে সেই দৃশ্য দেখি আপুনিও ভাবিবলৈ বাধ্য হব য়ে কি কৰি আছে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ গড়কাপ্তানী বিভাগৰ ঠিকাদাৰ সকলে৷ এই দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ সকলোক চৰকাৰ তথা জিলা প্ৰশাসনে নাকি লগাব পাৰিবনে ? চৰকাৰ তথা জিলা প্ৰশাসনে এই ঠিকাদাৰ সকলোৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত হে হব লক্ষণীয়৷

বহিৰাজ্যত কৰ্মৰত অসমৰ যুৱকৰ মৃতদেহ উদ্ধাৰ ৷

পৰিয়ালৰ লোকৰ পৰা জানিব পৰামতে বোকাজান মহকুমাৰ অন্তৰ্গত ৩ নং হলৌখোৱা কলিয়াবিলৰ দেৱৰাজ চবৰৰ দ্বিতীয় পুত্ৰ জিম্বু চবৰ নামৰ ২৭ বছৰীয়া যুৱক জনে বিগত ৭ বছৰ ধৰি তামিলনাডুত কম্পেনীত কৰ্মৰত অৱস্থাত আছিল ৷ বিগত সময়ত তামিলনাডুৰ পৰা যুৱক জনৰ ঘৰৰ লগত যোগাযোগ থিকেথাকেই ছলি আছিল ৷ কিন্তু যোৱা এসপ্তাহ ধৰি ল’ৰা জনৰ লগত ঘৰখনে ফোনত যোগাযোগ কৰিব পৰা নাছিল ৷
হৎথাতে পৰিয়ালৰ ঘৰৰ মবাইল নম্বৰত ৯৪৯৮১০১০৪৮ নম্বৰটোৰ পৰা তামিলনাডু পৰমাৰ্থি থানাৰ পৰা অহা এটা ফোন কল আৰু লৰাজনৰ একপি ফটোৱে পৰিয়াল লোকসকলৰ লগতে গাৱঁবাসীক হতচকিত কৰি তুলিছে ৷
ফোন যোগে পৰিয়ালৰ লোকক তামিলনাডুৰ আৰক্ষীয়ে জনোৱামতে যুৱক জনৰ মৃতদেহ এটা নলাৰ পৰা উদ্ধাৰ কৰি চিনাক্ত কৰি পৰিয়ালৰ লোকক খৱৰ জনাইছে ৷ বৰ্তমান যোৱক জনৰ মৃতদেহ তামিলনাডুৰ কোনোবা চিকিৎসালয়ৰ মৰগত পৰি আছে ৷
দৰিদ্ৰ দুৰ্ভগীয়া পৰিয়ালটোৱে ৰহস্যজনক ভাৱে যুৱক জনৰ মৃতদেহটোৰ ফটো দেখি সন্দেহ প্ৰকাশ কৰিছে যে কোনোবাই নিৰ্মম ভাৱে হত্যা কৰিছে তেওঁলোকৰ পুত্ৰক ৷
তামিলনাডুৰ পৰা কেনেকৈ যুৱক জনৰ মৃতদেহটো ঘৰলৈ আনিব পাৰে তাৰ উপায় বিছাৰি স্হানীয় পুলিচ প্ৰশাসনৰ কাষ চপাৰ লগতে অসম চৰকাৰক পুত্ৰৰ মৃতদেহটো আনি দিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোক সকলে ৷

মৰিগাঁৱৰ জালুগুটিত বৃহৎ পৰিমাণৰ ড্ৰগছ সহ ড্ৰাগছ ব্যৱসায়ী ইকবাল ইছেইনক আটক ৷

আজি পুৱাই মৰিগাঁৱৰ জালুগুটিত চলিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ জিলাখনৰ সৰ্বত্ৰে ড্ৰাগছে ভয়াৱহ ৰূপ ধাৰণ কৰা সময়তে মৰিগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি মৰিগাঁও ABI ব্ৰাঞ্চৰ আৰক্ষীয়ে জালুগুটি আৰক্ষী পহৰা চকীৰ সহযোগত জালুগুটি মিলনপটীৰ ইকবাল হুছেইন নামৰ ড্ৰাগছ ব্যৱসায়ী জনৰ ঘৰত প্ৰথমে অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নিসিদ্ধ ড্ৰাগছ ৷ ইয়াৰ লগতে এই ব্যৱসায়ৰ লগত জড়িত থকা ইকবাল ইছেইনক আৰক্ষীয়ে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে ৷

স্বাধীনতাৰ ৭৪ বছৰ পিছতো তামুলপুৰৰ কাউলীতমটঙা নৈৰ ওপৰত নহ’ল এখন দলং।

দেশ স্বাধীন হোৱাৰ ৭৪ বছৰ পিছতো ভূটান সীমান্তৰ কুমাৰীকাটা- কাউলী গড়কাপ্তানী পথৰ মাজেৰে বৈ যোৱা মটঙা নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ নকৰাত সম্প্ৰতি যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগি আহিছে সীমান্তৰ  হেজাৰ হেজাৰ লোকে ৷ সম্প্ৰতি দলং নথকাৰ বাবেই বাৰিষাৰ আৰম্ভণিতে ভূটান পাহাৰৰ পৰা বৈ অহা মটঙা নৈৰ কোবাল সোঁতৰ মাজেদি বিপদসংকুল ভাৱে যাতায়ত কৰিব লগা হৈছে স্থানীয় ৰাইজে। বাইকৰ ওপৰত মানুহ নহয় মানুহৰ কান্ধত  বাইক উঠাই ভৰা নৈ পাৰ কৰিব লগা হৈছে দুচকীয়া বাহন,চাইকেল আদি  । আনহাতে এনে বিপদ সংকুল যাতায়তত অলপ ভুল মানেই হ’ব পাৰে ভয়ংকৰ অঘটন৷ স্থানীয় ৰাইজৰ অভিযোগ বিগত সময়ছোৱাত ৰাজ্যত বহু চৰকাৰ আহিল  আৰু গ’ল৷ কিন্তু আজিলৈ  কোনো এখন চৰকাৰেই মটঙা নৈৰ ওপৰত  এখন স্থায়ী পকী দলং নিৰ্মাণৰ ব্যৱস্থা নকৰিলে ৷ কেৱল নিৰ্বাচনৰ সময়ত ৰাইজক মুখ দেখুওৱা  জনপ্ৰতনিধি সকলেও নললে কোনো পদক্ষেপ ৷  কুমাৰীকাটা -কাউলী সংযোগী অতি গুৰুত্বপূৰ্ণ পথটোৰ মাজত থকা মটঙা নৈৰ ওপৰত আজিলৈ এখন পকী দলং নিৰ্মাণ নোহোৱাৰ  ফলত সীমান্তৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে  অতি বিপদসংকুল ভাৱে অব্যাহত ৰাখিছে যাতায়ত। স্থানীয় ৰাইজে জনোৱা মতে, ইতিমধ্যে ভৰ বাৰিষা মটঙা নৈ পাৰ হ’বলৈ যাওঁতে নৈৰ প্ৰবল সোঁতে উটুৱাই নিয়াত কেবাজনো লোকৰ মৃত্যুও হৈছে ৷ আনহাতে  দলং নথকাৰ বাবে বাৰিষা কুমাৰীকাটা-কাউলী পথেৰে যাতায়ত ব্যৱস্থা ব্যাহত হৈ এম্বুলেন্স সেৱা বন্ধ হৈ  গৰ্ভৱতী মহিলাৰ লগতে আন আন দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোকৰ উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু ঘটিছে বুলিও  বুলিও একাংশ লোকে জানিবলৈ দিছে। বিগত সময়ছোৱাত স্থানীয় ৰাইজে  ৰাজ্য চৰকাৰ,বিটিচি চৰকাৰ,স্থানীয় বিধায়ক,সাংসদ, কাৰ্যবাহী সদস্য,এমচিএলক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো মটঙা নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ নকৰাত বৃহত্তৰ অঞ্চলটোৰ  ৰাইজৰ  ৰাজ্যৰ মুখ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা তথা বিটিচি প্ৰধান প্ৰমোদ বড়োলৈ বিনম্ৰ অনুৰোধ  আমাক এখন পকী দলং নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা সুচল কৰি দিয়ক ৷###