মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত সোণাৰি আৰু মাহমৰা বিধানসভা সমষ্টিৰ কৃষক গোটৰ মাজত আজি কৃষি বিভাগৰ দ্বাৰা ট্ৰেক্টৰ বিতৰণ কৰা হয়। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে নিজে চালকৰ আসনত বহি ট্ৰেক্টৰ বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে। সোণাৰি সমষ্টিৰ অন্তৰ্গত লংপতীয়াত ৰাজসাহায্যযুক্ত এই ট্ৰেক্টৰসমূহ বিতৰণ কৰা হয়। শালি খেতিৰ আৰম্ভণিতে কৃষি বিভাগে এই ট্ৰেক্টৰ বিতৰণ কৰা কাৰ্যই কৃষকসকলক উপকৃত কৰিব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে। লংপতীয়া বজাৰগৃহত অনুষ্ঠিত হোৱা ট্ৰেক্টৰ বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক গৰাকীয়ে কয়, “অসমক কৃষি ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰিবলৈ হ’লে খেতিয়ক ৰাইজক সবাংগীন উত্তৰণত গুৰুত্ব দিয়াটোৰ অত্যন্ত দৰকাৰী ৷ প্ৰতিখন গাঁৱৰ কৃষকসকল শক্তিশালী হলেহে অসম শক্তিশালী হ’ব ৷সেয়েহে “মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা” ৰ অধীনত ৰাজ্য কৃষক গোট সমূহক দিয়া হৈছে একোখনকৈ আধুনিক টেক্টৰ ৷এই টেক্টৰ সমূহৰ ব্যৱহাৰৰ ফলত কৃষকসকল স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত হৈছে ৷” উল্লেখ্য যে, চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা টেক্টৰ বিতৰণ কায্যসুচীত চৰাইদেউ জিলা কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷
জামুগুৰি ইউকো বেংকত দালালীৰ দপ-দপনি, ঋণ দিয়াৰ নামত নিবনুৱা যুৱকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ইউকো বেংকত ঋণ দিয়াৰ নামত বৃহৎ দূৰ্নীতি সংঘটিত হৈছে ৷ বেংকটোৰ একাংশ বিষয়া কৰ্মচাৰীয়ে ঋণ দিয়াৰ নামত দালালীৰ জৰিয়তে সৰ্ব্বসাধাৰণ ৰাইজৰ পৰা উৎকোষ লৈ থকাৰ গুৰুত্বৰ অভিযোগ পোহৰলৈ আহিছে ৷ শেহতীয়াকৈ এই দালালী চক্ৰটোৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী থানাতো এক গোচৰ ৰুজু কৰা হৈছে ৷ ভূক্তভোগী ঘটনাৰ বিৱৰণী অনুযায়ী জামুগুৰিহাটৰ হাটিঙা অমৰাকচা নিৱাসী প্ৰণৱ জ্যোতি ভূঞাঁ নামৰ নিবনুৱা যুৱক জনৰ পৰা বেংকৰ পৰা ঋণ দিয়াৰ নামত নগদ পঁছিশ হেজাৰ টকা উৎকোষ লয় যোৱা বৰ্ষৰ ডিচেম্বৰত ৷ জামুগুৰি ইউকো বেংকত অস্থায়ী ভিত্তিত কৰ্মৰত কৰ্মচাৰী গৌতম চাহা নামৰ ব্যক্তি গৰাকীয়ে প্ৰণৱক এক লাখ নব্বৈ হেজাৰ টকা বেংকৰ পৰা ঋণ দিয়াৰ চুক্তিৰে উকা দলিলত চহীও কৰাই লয় ৷ সেই অনুসৰি প্ৰণৱৰ সকলো নথি পত্ৰ এই গৰাকী গৌতম চাহাই হাত কৰি লয় ৷ পৰবৰ্ত্তী সময়ত ঋণ বিছাৰি গৌতম চাহাৰ ওচৰলৈ প্ৰণৱে বাটকুৰি বাই থাকে যদিও আজিকোপতি ঋণ লাভ নকৰিলে।শেষত প্ৰণৱে জমা দিয়া নথি পত্ৰ সমুহ হেৰাল বুলি কৈ গৌতম চাহা পলাবলৈ ললে ৷ উপায়ন্তৰ হৈ প্ৰণৱে জামুগুৰি আৰক্ষী থানাত গৌতম চাহাৰ ঠগ-প্ৰৱঞ্চঁনাৰ বিৰুদ্ধে যোৱা ৩১ মেত এখন এজাহাৰ দাখিল কৰে ৷ প্ৰণৱ জ্যোতি ভূঞাঁই জানিবলৈ দিয়ামতে গৌতম চাহা নামৰ ব্যক্তি গৰাকীয়ে জামুগুৰি অঞ্চলৰ বহুতো নিবনুৱাৰ পৰা বেংকৰ পৰা ঋণ দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ আছে ৷ বেংকৰ পৰা ঋণলৈ ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হব খোজা প্ৰণৱে এতিয়া আৰক্ষীৰ পদক্ষেপলৈ বাট চাইছে ৷ চাকৰী মনোবৃত্তি ত্যাগ কৰি কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হব খোজা প্ৰণৱ জ্যোতি ভূঞাঁৰ দৰে যুৱকক উচিত ন্যায় প্ৰদানৰ বাৱেও জামুগুৰি আৰক্ষীক অঞ্চলটোৰ সচেতন মহলে দাৱী জনাইছে ৷ আনহাতে গ্ৰাহক ৰাইজক দূব্যৱহাৰ কৰি অহা বেংকটোৰ বিষয়া কৰ্মচাৰী সকলকো নাকী লগাবলৈ উৰ্দ্ধতন কতৃপক্ষক দাবী জনাইছে অঞ্চলটোৰ সচেতন মহলে ৷
বিশিষ্ট সমাজকৰ্মী শ্ৰীদেৱেশ্বৰ দলৈৰ বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক তথা বিশিষ্ট সমাজকৰ্মী শ্ৰীদেৱেশ্বৰ দলৈৰ আজি নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৮ বছৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
ৰাজ্য চৰকাৰে ক্রয় কৰক নগাঁও–কাছাৰ কাগজ কল !প্রদ্যুৎ বৰদলৈ
অসম চৰকাৰক নগাঁও আৰু কাছাৰ কাগজ কল দুটা ক্রয়ৰ পৰামর্শ দিছে নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে৷ এই সম্পর্কত সাংসদ বৰদলৈয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক এক পত্রত সেই পৰামর্শ আগবঢ়াই কয় যে চৰকাৰী লিকুইডেটৰৰ ফ্ল’ৰ মূল্যত অসম চৰকাৰে কাগজ কল দুটা নিজে অধিগ্রহণ কৰি লওক৷ সেইদৰে অতি কম পৰিসৰৰ মাটিত বহুৱাব পৰা অত্যাধুনিক আৰু নিপুণ যন্ত্রপাতি আনি আজিৰ যুগৰ চাহিদা থকা কাগজ উৎপাদন কৰা, আমোলাতান্ত্রিক মেনেজমেণ্টৰ সলনি ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্ব গ্রহণ কৰি প্রফেছনেল মেনেজমেণ্ট ব্যৱস্থা প্রৱর্তন আৰু কাগজ কলৰ পৰিসীমাত অব্যৱহূত হৈ থকা, ৰাহি হোৱা আৰু আশে–পাশে থকা অতিৰিক্ত, উদ্বৃত্ত মাটি একলগ কৰি গুৱাহাটীৰ সমীপৱর্তী আৰু ফ’ৰলেনকে আদি কৰি সুন্দৰ যোগাযোগ ব্যৱস্থাৰে সংযুক্ত জাগীৰোডৰ দৰে ঠাইত কেৱল ক্ষুদ্র পৰিসৰৰ উদ্যোগৰ বাবে এক নতুন ঔদ্যোগিক জ’ন গঢ়ি তোলাৰ পৰামর্শ আগবঢ়ায়৷
মাৰ্ঘেৰিটাত কোন এই ক’ভিড পটকল ভংগকাৰী : সংবাদ সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক দূ-ব্যৱহাৰ
সমগ্ৰ তিনিচুকীয়া জিলাতে ভয়াবহ গতিত বৃদ্ধি পাৱলৈ ধৰিছে ক’ভিড আক্ৰান্ত ৰোগী সংখ্যা | জিলাখনৰ অন্তৰ্গত মাৰ্ঘেৰিটাতো দিনক দিনে বৃদ্ধি পাৱলৈ ধৰিছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা| বিগত ২৪ ঘণ্টাত কিশোৰসহ বহু কেইজন লোক আক্ৰান্ত হৈছে ক’ভিডত| ইয়াৰ পিছতো যেন সচেতন নহয় মাৰ্ঘেৰিটাৰ একাংশ লোক তথা খুচৰা ব্যৱসায়ী| বাৰে বাৰে ভংগ কৰি গৈছে চৰকাৰে জাৰি কৰা কভিড পটকল |চৰকাৰে নগৰ অঞ্চলত দিনৰ ১১ বজাৰ লগে লগে দোকান পোহাৰসমূহ বন্ধ কৰিবলৈ নিৰ্দেৰ্শ জাৰি কৰিছে যদিও চৰকাৰী এই নিদৰ্শনাক মাৰ্ঘেৰিটা নগৰৰ একাংশ ব্যৱসায়ীয়ে ভংগ কৰি আহিছে| মাৰ্ঘেৰিটাৰ বজাৰত একাংশ লোকে ১১ বজাৰ পিছতো দোকান খুলি ৰখা বুলি খৱৰ লাভ কৰি সাংবাদিকে উক্ত দোকানকেইখনলৈ যোৱাত সাংবাদিকক দেখি একাংশই দোকানসমূহ বন্ধ কৰি আঁতৰি পলাই যায় যদিও একাংশই দোকান খুলি ৰাখে | সাংবাদিকৰ দলে দোকানৰ গৰাকীক দোকান খুলি ৰখা সম্পৰ্কত প্ৰশ্ন কৰাত সাংবাদিকসকলক ব্যৱসায়ী সকলে দূ-ব্যৱহাৰ কৰা অভিযোগ উত্থাপিত হৈছে| ক’ভিড পটকল ভংগকাৰী এনে ব্যৱসায়ী বিৰুদ্ধে ব্যৱস্থাগ্ৰহণৰ দাৱী জনাইছে অঞ্চলটোৰ সচেতন মহলে |
বৰপেটাৰ চতলাত কফ ছিৰাপ সহ নিচাজাতীয় টেবলেট উদ্ধাৰ।
ড্ৰাগচ্ মুক্ত অসম গঢ়িবলৈ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোৱা পদক্ষেপক সহযোগ কৰিছে বৰপেটাৰ চতলাৰ ৰাইজেও। নিচাজাতীয় দ্ৰব্য, ড্ৰাগচ্ বিৰোধী অভিযান অধিক তীব্ৰতৰ কৰি
বৰপেটা জিলা প্ৰশাসনে আটক কৰিছে বহুকেইগৰাকী ড্ৰাগছৰ লগত জড়িতৰ অভিযুক্ত ।
অভিযান। আৰক্ষীৰ এই অভিযানক সফল কৰিবলৈ বুধবাৰে সন্ধিয়া বৰপেটা জিলাৰ মাজদিয়া আৰক্ষী চকীৰ অন্তৰ্গত চতলাত এজন যুৱকে অবৈধ কফ চিৰাপ আৰু নিচাজাতীয় টেবলেট বিক্ৰী কৰি থকাৰ সময়ত স্থানীয় একাংশ যুৱকে হাতেলোটে ধৰি আৰক্ষীক খবৰ দিয়ে। তাৰ পিছতে মাজদিয়া আৰক্ষী চকীত খবৰ কৰাত আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত আহি অভিযুক্ত নিচাজাতীয় দ্ৰব্য সৰবৰাহকাৰী এগৰাকীক আটক কৰি থানালৈ নিয়ে । মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে জানিবলৈ দিয়ামতে ধৃত যুৱকজন চতলা গাঁৱৰ আবুল কালাম আজাদ(৩৯) । ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে ৭২০ টা নিচাজাতীয় টেবলেট আৰু ২০টা কফ চিৰাপৰ বটল জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ধৃত যুৱকজনে বহু বছৰ ধৰি চতলা অঞ্চলত ড্ৰাগছ সৰবৰাহৰ অভিযোগত পূৰ্বতে জে’লৰ ভাত খাব লগা হৈছিল বুলি জানিব পৰা গৈছে। ধৃত আবুল কালাম আজাদৰ বিৰুদ্ধে মাজদিয়া আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি জানিবলৈ পোৱা গৈছে। সম্প্ৰতি অধিক তথ্যৰ বাবে ধৃত যুৱকজনক সোধাপোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
ইপিনে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ সমীপত যতিগাঁওত ব্ৰাউন চুগাৰসহ বঙাইগাওৰ দুই ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ হৈছে ।
বুধবাৰে এক গোপন সূত্ৰৰ পম খেদি বৰপেটা জিলা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত নগৰ পৰিদৰ্শক মুনীন্দ্ৰ নাৰায়ণ দাসৰ প্ৰচেষ্টাত দুই ড্ৰাগচ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। বৰপেটা জিলা সদৰ থানাৰ ভাৰপ্ৰাপ্ত নগৰ পৰিদৰ্শক মুনিন্দ্ৰ নাৰায়ণ দাসে অতি সাধাৰণ পোচাকত ছদ্মবেশত দুই ড্ৰাগচ সৰবৰাহকাৰীৰ লগত ড্ৰাগচ’ৰ মুল্য নিৰ্ধাৰণ কৰি থকাৰ সময়তেই তেওঁৰ লগত যোৱা সহযোগী সকলে দুই যুৱকক আগচি ধৰি কৰায়ত্ত কৰে। জানিব পৰামতে বৰপেটা মেডিকেল কলেজ হস্পিটাল চৌহদত বৰপেটা আৰক্ষীয়ে অভিযান চলায় অতি গোপন ভাবে। আৰক্ষীৰ এই অভিযানত ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ হয় বঙাইগাওৰ দুই ড্ৰাগছ ব্যৱসায়ী যুৱক। ধৃত ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে আশ্ৰাফুল ইছলাম আৰু মোজাহিদুল ইছলাম বুলি জানিব পৰা যায়। বঙাইগাৱৰ অভয়াপুৰীৰ লেংটিচিঙাত ঘৰ বুলি স্বীকাৰ কৰে দুই ড্ৰাগছ ব্যৱসায়ীয়ে। চাবোনৰ কেচত ভৰাই বিক্ৰীৰ বাবে বৰপেটা মেডিকেল কলেজ হস্পিটাল চৌহদত ৰৈ থকা অৱস্থাতে আৰক্ষীয়ে পূৰ্ব পৰিকল্পনা মতে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ ব্যৱসায়ী দুজনক। বৰপেটা মেডিকেল কলেজ হস্পিটাল চৌহদত ড্ৰাগছ ব্যৱসায়ী আটকৰ ঘটনাক লৈ বৰপেটা চহৰত একপ্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি হয় যদিও ড্ৰাগচৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ এই অভিযানক বিভিন্ন জনে প্ৰশংসা কৰে।
নামৰূপত আটক ড্ৰাগছ সেৱন কাৰী যুবকক
সমগ্ৰ দেশতে ড্ৰাগছ,বিৰোধী অভিযান চলি থকা সময়তে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত নামৰূপত কালি নামৰূপ আৰক্ষীয়ে লালপাগুৰি ঘাটৰ পৰা তিনিজন ড্ৰাগছ সেৱন কাৰী যুবকক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় জিলাৰ কাৰাগাৰালৈ প্ৰেৰন কৰে।
IPC 70/21 sec 270a NDPS ACT ভিত্তিত তেওঁলোকক মহামান্য আদলতলৈ পেৰণ কৰিছে।তেওঁলোকৰ পৰা চিৰিঞ্জ, অলপ মান ড্ৰাগছ আৰু মোৱাইল ফোন জ্বব্দ কৰে।
উত্তৰ পূব কয়লা ক্ষেত্ৰ মুকলি কৰিবলৈ মুখ্যমন্ত্ৰী ও স্থানীয় বিধায়কলৈ আহ্বান মাৰ্ঘেৰিটা আঞ্চলিক সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ।
সমগ্ৰ ৰাজ্যজুৰি আৱ্যাহত থকা ক’ৰনা মহামাৰীৰ ভয়াবহ সংক্ৰমণ ৰোধ কৰিবলৈ অসম চৰকাৰে লোৱা পদক্ষেপৰ বাবে মাৰ্ঘেৰিটা আঞ্চলিক সোনোৱাল কছাৰী ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে।তেখেতৰ নেতৃত্বতে অসমে উন্নতি শীখৰত আৰোহন কৰিবলৈ সক্ষম হব বুলি আশা ব্যক্ত কৰিছে | আজি সংবাদ মাধ্যমৰ জৰিয়তে সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ হৈ সভাপতি জাহ্নুশ্যাম সোনোৱালে শীঘ্ৰেই “উত্তৰ পূৱ কয়লা ক্ষেত্ৰ” মুকলি কৰি মাৰ্ঘেৰিটাৰ অৰ্থনৈতিক সংকট দুৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে অসম চৰকাৰক শীৰ্ঘ্ৰে আলোচনা কৰিবলৈ আহ্বান জনাইছে। এই ক্ষেত্ৰত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা লগতে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী বলিষ্ঠ পদক্ষেপ গ্ৰহণৰ পোষকতা কৰিছে | উল্লেখ্যে যে – বিগত কেইবাবছৰ ধৰি মাৰ্ঘেৰিটা অৰ্থনীতি মূল ভেঁটি স্বৰূপ মাৰ্ঘেৰিটাৰ “উত্তৰ পূৱ কয়লা ক্ষেত্ৰ” বন্ধ হৈ আছে। ই মাৰ্ঘেৰিটাৰ লগতে সমগ্ৰৰ তিনিচুকীয়া জিলাৰ অৰ্থনীতিত ই এক ঋণাত্মক কাৰক প্ৰভাৱ পেলাইছে। মাৰ্ঘেৰিটাৰ প্ৰায় সংখ্যক ব্যক্তি প্ৰত্যক্ষ নাইবা পৰোক্ষ ভাৱে উত্তৰ পূৱ কয়লা ক্ষেত্ৰৰ লগত জড়িত হৈ আছে। কয়লা উদ্যোগ বন্ধ পৰিপেক্ষিতত ক’ৰোনা ভয়াবহ মহামাৰীৰ সময়ত অঞ্চলবাসীয়ে এমুঠি অন্ন,এটি বস্ত্ৰৰ বাবে হাহাকাৰ কৰিব লগীয়া পৰিস্থিতি সন্মুখীন হৈছে ।সেয়েহে ছাত্ৰ সংগঠনটোৰ নৱনিৰ্বাচিত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে মাৰ্ঘেৰিটাৰ বিধায়ক শ্ৰীযুত ভাস্কৰ শৰ্মা আৰু সাংসদ ৰামেশ্বৰ তেলীলৈ আহ্বান জনাইছে | ক’ৰোনা মহামাৰীৰ শেষ হোৱাৰ লগে লগেই পোন প্ৰথমেই মাৰ্ঘেৰিটাৰ “উত্তৰ পূৱ কয়লা ক্ষেত্ৰ”ৰ মুকলিৰ বাবে ব্যবস্থা গ্ৰহণ কৰি, পুনৰ পূৰ্বৰ দৰে কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰক আৰু মাৰ্ঘেৰিটাৰ অৰ্থনৈতিক দিশটো পুনৰ জীৱিত কৰি মাৰ্ঘেৰিটাৰ দুৰ্ভগীয়া পৰিয়ালৰ মাজত হাঁহিৰ খলকনি সৃষ্টি কৰক। কিন্তু এই ক্ষেত্ৰত কয়লা অবৈধ খনন যাতে নহয় ইয়াৰ বাৱে বিভাগীয় কতৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব লাগিব। ক’ৰোনা মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা আৰ্থিক ভাৱে দুৰ্বল পৰিয়াল সমূহক ক্ষতিপূৰণ দিবলৈয়ো ছাত্ৰ সংগঠনটোৱে চৰকাৰলৈ আহ্বান জনাইছে ।
অচিৰে বন বিভাগৰ ৩ হাজাৰ খালী পদত নিযুক্তি
এক লাখ যুৱক–যুৱতীক নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰিয়ে খালী হৈ থকা ৩,০০০ পদ পূৰণ কৰিব বন বিভাগে৷ এই কথা স্পষ্ট কৰিলে বনমন্ত্রী পৰিমল শুক্লবৈদ্যই৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে বিগত বর্ষত বিভাগে ১,২৫০টা পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷ উক্ত বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি প্রক্রিয়া আৰম্ভ কৰাৰ লগতে বনপালক আৰু বনৰক্ষীৰ পদসমূহো পূৰণ কৰা হ’ব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত দিয়া নির্দেশনা অনুসৰি ইতিমধ্যে বিভাগৰ খালী হোৱা প্রায় ৩,০০০ পদৰ সবিশেষ বিত্ত বিভাগলৈ প্রেৰণ কৰা হৈছে৷
ইফালে, প্রধান মুখ্য বন সংৰক্ষক এ এম পি সিঙে জানিবলৈ দিয়া মতে খালী হোৱা ৩,০০০ পদৰ বিপৰীতে বিভাগে অচিৰেই বিজ্ঞাপন প্রকাশ কৰিব৷ সেই অনুসৰি লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব৷ শীর্ষ বিষয়াজনৰ মতে বিভাগত বনপালক আৰু বনৰক্ষীৰ অধিক পদ খালী আছে৷ গতিকে এই পদসমূহ অচিৰেই পূৰণ কৰা হ’ব৷ উল্লেখ্য যে নগাঁও জিলাৰ বামুণী পাহাৰত ১৮টাকৈ হাতীৰ মৃত্যু সন্দর্ভত আজি প্রথমখন প্রতিবেদন বিভাগীয় মন্ত্রীৰ হাতত দাখিল কৰে বন বিভাগে৷ এই উপলক্ষে পাঞ্জাবাৰীস্থিত বিভাগৰ মুখ্য কার্যালয় অৰণ্য ভৱনত এখন সংবাদ মেল আয়োজন কৰা হয়৷ এই সংবাদ মেলত বনমন্ত্রী শুক্লবৈদ্যই প্রকাশ কৰা মতে বজ্র পৰিয়ে মৃত্যু হৈছিল ১৮টাকৈ হাতীৰ৷
এক লাখ যুৱক–যুৱতীক নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰিয়ে খালী হৈ থকা ৩,০০০ পদ পূৰণ কৰিব বন বিভাগে৷ এই কথা স্পষ্ট কৰিলে বনমন্ত্রী পৰিমল শুক্লবৈদ্যই৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে বিগত বর্ষত বিভাগে ১,২৫০টা পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷ উক্ত বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি প্রক্রিয়া আৰম্ভ কৰাৰ লগতে বনপালক আৰু বনৰক্ষীৰ পদসমূহো পূৰণ কৰা হ’ব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত দিয়া নির্দেশনা অনুসৰি ইতিমধ্যে বিভাগৰ খালী হোৱা প্রায় ৩,০০০ পদৰ সবিশেষ বিত্ত বিভাগলৈ প্রেৰণ কৰা হৈছে৷
ইফালে, প্রধান মুখ্য বন সংৰক্ষক এ এম পি সিঙে জানিবলৈ দিয়া মতে খালী হোৱা ৩,০০০ পদৰ বিপৰীতে বিভাগে অচিৰেই বিজ্ঞাপন প্রকাশ কৰিব৷ সেই অনুসৰি লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব৷ শীর্ষ বিষয়াজনৰ মতে বিভাগত বনপালক আৰু বনৰক্ষীৰ অধিক পদ খালী আছে৷ গতিকে এই পদসমূহ অচিৰেই পূৰণ কৰা হ’ব৷ উল্লেখ্য যে নগাঁও জিলাৰ বামুণী পাহাৰত ১৮টাকৈ হাতীৰ মৃত্যু সন্দর্ভত আজি প্রথমখন প্রতিবেদন বিভাগীয় মন্ত্রীৰ হাতত দাখিল কৰে বন বিভাগে৷ এই উপলক্ষে পাঞ্জাবাৰীস্থিত বিভাগৰ মুখ্য কার্যালয় অৰণ্য ভৱনত এখন সংবাদ মেল আয়োজন কৰা হয়৷ এই সংবাদ মেলত বনমন্ত্রী শুক্লবৈদ্যই প্রকাশ কৰা মতে বজ্র পৰিয়ে মৃত্যু হৈছিল ১৮টাকৈ হাতীৰ৷
লাহৰীঘাটত পত্নীক যৌতুকৰ বাবে কেৰাচিন ঢালি হত্যা কৰা স্বামী জিন্নত আলী ক জেললৈ প্ৰেৰণ
মৰিগাঁও জিলাৰ লাহৰীঘাটত স্বামীয়ে কেৰাচিন দি জ্বলাই হত্যা কৰিলে পত্নীক !যোৱা ২২ মে ত লাহৰীঘাট থানাৰ অন্তৰ্গত অমৰাগুৰিত জিন্নত আলীয়ে পত্নী জোনমনি বেগমৰ শৰীৰত কেৰাচিন ঢালি জ্বলাই দিছিল !গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কালি মৃত্যু হয় !উল্লেখ্যৱ৮ মাহ পুৰ্বে টেঙাগুৰি গাৱঁৰ হবিবুৰৰ কন্যা জোনমনি বেগমক অমৰাগুৰি গাঁৱৰ জিন্নত আলীৰ লগত বিবাহ হৈছিল !পৰিয়ালৰ লেকৰ অভিযোগ তেতিয়াৰ পৰাই স্বামীয়ে জোনমনিক যৌতুক দাবী কৰি স্বামী অত্যাচাৰ কৰি আহিছে !অৱশেষত স্বামী আৰু পৰিয়ালৰ লোকে মিলি জোনমনিক হত্যা কৰে বুলি অভিযোগ তুলিছে ! ইতিমধ্যে জোনমনিৰ পৰিয়ালে লাহৰীঘাট থানাত এজাহাৰ দাখিল কৰিছিল ।আৰু সেই এজাহাৰৰ ভিত্তিত লাহৰীঘাট আৰক্ষীয়ে পলাতক পত্নী হত্যা কাৰীক যোৱা নিশা গ্ৰেপ্তাৰ কৰি ধৃত জিন্নত আলীৰ বিৰূদ্ধে case no – 300/21 us 489(a) /307 , 304 (b) ধাৰাৰ অধীনত আজি জেল হাজোতলৈ প্ৰেৰণ কৰে ।











