Home Blog Page 3027

দৰঙৰ ধুলাত এচ অ পি উলাংঘা কৰি ক’ৰণাৰ বজাৰ ।সৰহ সংখ্যকৰেই নাই মাক্স , নাই সামাজিক দুৰত্ব ।

ধনৰ লেন দেনত মধ্য ভুগীয়ে চলাইছে বজাৰ ।

৫-১০ মিনিটৰ পথ অতিক্ৰম কৰোতে আৰক্ষী ক লাগে ১ ঘন্টা সময় ।

আৰক্ষীৰ উমান পাই চত্ৰ ভংগ দিলে ৰাইজে ।

ক’ভিড১৯ৰ দ্বিতীয়টো ঢৌৱে ত্ৰাস সৃষ্টি কৰাৰ পিছতো মহামাৰীৰ প্ৰতি ভয় নাই গাওঁ অঞ্চলৰ সহজ সৰল লোকৰ । চৰকাৰৰ নীতি নিৰ্দেশনাক কেৰেপ নকৰি নিয়মিত ভাৱে ধুলাত বহে এখন বজাৰ । এইখনেই ধুলা আৰক্ষী থানাৰ অন্তৰ্গত ওজাগাওত নতুনকৈ অনুষ্ঠিত হোৱা বজাৰ। সদায় আবেলি একাংশ আৰক্ষী বিষয়াক মেনেজ কৰি মধ্যভোগীৰ ছত্ৰ ছায়াত বহে এই বজাৰখন । বজাৰখনত সমাগম হয় শ শ লোকৰ ৷ যত নাই কৰনাৰ আতংক , নাই কোনো নীতি নিয়ম ।সৰহ সংখ্যকৰেই মুখত নাই মাক্স , কাৰোবাৰ যদি আছে সেয়া থুতৰিত , সামাজিক দুৰত্ব কি নাজানে ৰাইজে ৷ এই সন্দৰ্ভত জিলা প্ৰশাসন তথা চক্ৰ বিষয়াক অভিযোগ দিয়াৰ পিচতো গুৰুত্ব নাই বৰমুৰীয়া সকলৰ । অৱশেষত দল সংগঠনৰ ব্যাপক প্ৰতিক্ৰিয়াৰ পিছতহে গা লৰিল ধুলা আৰক্ষীৰ । যি সময়ত এচ অ পি উলাংঘাকাৰীৰ বিৰুদ্ধে প্ৰশাসনে ক্ষীপ্ৰ তাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে তেনে সময়তে ধুলা থানাৰ পৰা মাত্ৰ দুই কি মি দুৰত অনুষ্ঠিত দৈনিক বজাৰ খনত এঘন্টা পিছত আৰক্ষীৰ দল উপস্থিত হৈ বজাৰ খন ভাঙি দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদে ।

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ গাঞ্জা সহ ট্ৰাক জব্দ

গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি ৰাতি পুৱা ৫টা মান বজাত শিমুলটাপুৰ আৰক্ষীয়ে অভিযান চলাই ৫১ পেকেট গাঞ্জা সহ NL-0N 4149 নম্বৰৰ এখন ট্ৰাক জব্দ কৰে। উল্লেখ্য যে শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পল লালহিমছিংগ এক গোপন সূত্ৰৰ ভিত্তিত শ্ৰীৰামপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ৫১ পেকেট গাঞ্জা সহ ট্ৰাকখনক জব্দ কৰে লগতে ট্ৰাকখনৰ চালক মোছলেম উদ্দিন (২৭) আৰু হেণ্ডিমেন ৰুবুল আলী (২৫)ক আটক কৰে৷দুয়োৰে ঘৰ হাইলাকান্দত বুলি জানিব পৰা গৈছে ৷গাঞ্জাভৰ্তি ট্ৰাকখন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই থাকোঁতে আৰক্ষীৰ সন্দেহ হোৱাত গাড়ীখন তালাচী চলোৱাত গাঞ্জা ওলোৱাত গাঞ্জাভৰ্তি ট্ৰাকখন শিমুলটাপু আৰক্ষী চকীলৈ আনে।গাঞ্জাখিনি ওজন কৰাত ৫ কুইন্টল ৭২ কেজি গাঞ্জা উদ্ধাৰ কৰা হয়।গাঞ্জাখিনিৰ মূল্য প্ৰায় 50 লক্ষাধিক টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

বিহালীৰ ৩ গড়াহনীয়া হটস্পট পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাৰ:‌৫ বছৰৰ ভিতৰত বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পিযুষ হাজৰিকাৰ

সমগ্র ৰাজ্যত কৰণাৰ সমান্তৰালকৈ এতিয়া বান আৰু গড়াখহনীয়াৰ সন্ত্ৰাস ৷ বান আৰু খহনীয়াই এতিয়া সৰ্বস্ৰান্ত কৰিছে ৰাইজক ৷ সমগ্ৰ অসমৰ লগতে ৭৭ নং  বিহালী সমষ্টিতো বিভিন্ন  অঞ্চলত বান গৰাখহনীয়াৰ ফলত নৈ পৰীয়া অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে। 
আনহাতে দেওবাৰে  বিহালীৰ খহনীয়াৰ জৰ্জৰিত স্থান বুৰৈ নদীৰ খহনীয়া স্থান  লালপুখুৰী, বটিয়ামাৰী  আৰু আৰু গাংথোন  শান্তিপুৰ পৰিদৰ্শন কৰে জল সম্পদ  মন্ত্ৰী পিয়ুষ হাজৰিকাই ৷ হাজৰিকাই  বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বুৰৈ নদী  আৰু বৰগাং নদী গৰাখহনীয়া পৰিস্থিতি বুজ লৈ উক্ত অঞ্চলত সমূহত অনাগত দিনত বিজ্ঞান সন্মত ভাৱে প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিশ্বনাথ চাৰিআলি জল সম্পদ বিভাগক নিৰ্দেশ দিয়ে ।
 অসম চৰকাৰৰ জনসংযোগ আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক সংগ দিয়ে ।তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰঞ্জিত দত্ত, জিলা উপায়ুক্ত, বিভাগীয় অভিযন্তা সকলে ।

ছছিয়েল মিডিয়াত মূখ্য মন্ত্ৰীক গালি পাৰি ৰঙা ঘৰৰ আলহী হল ছাত্ৰ মুক্তিৰ জিলা সভাপতি ফেৰদৌছ আলী জিন্না

ছছিয়েল মিডিয়াত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি যোৱা নিশা মৰিগাঁও জিলা ছাত্ৰ মুক্তি সমিতিৰ কাৰ্যকৰী সভাপতি গ্ৰেপ্তাৰ হয় তেওঁৰ নিজ বাসভৱন টেঙাগুৰিৰ পৰা । ছাত্ৰ মুক্তিৰ মৰিগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতিক ফিৰদৌজ আলী জিন্নাহক আটক আৰক্ষীৰ ।সমাজিক মাধ্যমত মূখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটু সমালোচনা কৰাৰ অপৰাধত মৰিগাঁও আৰক্ষীয়ে নিশা হাতীলৰুৱা পথাৰ  বাস গৃহৰ পৰা লআটক কৰে ছাত্ৰ মুক্তিৰ নেতাজনক । তেওঁ শেহতীয়াভাবে মূখ্যমন্ত্ৰী শমাই ঘোষণা কৰা আচনি সন্দৰ্ভত সমালোচনা কৰিবলৈ গৈ মূখ্যমন্ত্ৰ  তথা , অন্যান্য মন্ত্ৰী সকলক দৌৰাই দৌৰাই পিটিব লাগে বুলি মন্তব্য কৰিছিল ।

কোনো দিনে একো ক্ৰীড়া নেখেলা এজন সফল ক্ৰীড়া সংগঠকৰ কথাৰে।

কিমান উৎসাহী হলে, কিমান কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিব পাৰিলে বা খেলৰ প্ৰতি শ্ৰদ্ধা আৰু মৰম থাকিলে এজন ক্ৰীড়া নেখেলা ল’ৰাই সফল ক্ৰীড়া সংগঠক হচাপে প্ৰতিস্থিত হ’ব পাৰে সেই কথা নলবাৰী জিলাৰ জাজিয়াবাৰী গাওঁৰ প্ৰয়াত প্ৰফুল্ল দাস আৰু কামিনি দাসৰ লৰা হিতেশ দাসে প্ৰমান কৰি দেখুৱাইছে। ১৯৭৮ চনত জন্ম গ্ৰহন কৰা হিতেশে বিগত ২৫ বছৰে পূব নলবাৰী ক’চি চেণ্টাৰৰ সম্পাদক হিচাপে গুৰু দায়িত্ব পালন কৰি প্ৰায় ৫০ গৰাকী খেলুৱৈক ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ ৰূপে গঢ় দিছে, ৫২ জন খেলুৱৈয়ে জীৱন-জীৱিকাৰ পথ পাইছে, শতাধিক খেলুৱৈয়ে জিলা দলক প্ৰতিনিধিত্ব কৰিছে, খেলুৱৈ সকলে আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত দেখুওৱা পাৰদৰ্শীতাৰ ভিত্তিতে বছৰ বছৰ ধৰি ক্ৰীড়া জলপানী পাবলৈ সক্ষম হৈছে। এই কথা অসমৰ ভলীবল প্ৰেমী সকলে আটায়ে জানে। অসমৰ ভলীবল জগতত খুড়া হিচাপে পৰিচিত হিতেশ দাসৰ ভলীবল খেলক লৈ কৰা ত্যাগৰ কথা সৰ্বজন বিদিত। ভলীবলৰ লগত লাগি থাকি জীৱিকাৰ পথ হিচাপে বাছি লোৱা সৰু পান দোকান এখনেৰে চলি থকা হিতেশে খেলুৱৈ সকলৰ অভাৱ-অভিযোগ সমূহ দূৰ কৰাৰ বাবে পানদোকান খনো বন্ধ হৈ গৈছে। বিয়লী ৩ বজাত হেজাৰ বিপদ-অসুবিধাকো নেওচি খেলপথাৰত উপস্থিত হোৱাটো হিতেশৰ এক দায়িত্ব আৰু কৰ্তব্যত পৰিনত হৈছে। ভলীবলত সঠিক পাম্প আছে নে নাই, খেলপথাৰৰ মাৰ্কিং ঠিকেই আছে নে নাই, খেলুৱৈ সকল আহিছে নে নাই, কাৰ কি অসুবিধা হৈছে এই সমস্ত কথা হিতেশৰ নখ দৰ্পনত। সকলো সমস্যা সমাধান কৰি অনুশীলনৰ বাবে প্ৰস্তুত কৰি তোলা হয় খেলপথাৰ। অনুশীলন শেষ হোৱাৰ পিছতো হিতেশৰ দায়িত্ব শেষ নহয়। খেলুৱৈ সকলে ভালদৰে পঢ়িছে নে নাই, ঘৰত খোৱাৰ যোগাৰ আছে নে নাই এই সকলো কথাৰ বুজ লোৱাৰ দায়িত্ব তেওঁ নিজেই মূৰ পাতি লৈ আহিছে। যাৰ বাবে তেওঁ খেলুৱৈ সকলৰ অভিভাৱক হৈ পৰিছে। খেলুৱৈ সকলেওঁ নিজৰ সকলো সমস্যাৰ কথা দ্বিধাহীন ভাৱে হিতেশৰ লগত আলোচনা কৰে। যাৰ বাবে পূব নলবাৰী ক’চিং চেণ্টাৰৰ খেলপথাৰত শতাধিক খেলুৱৈ আজিওঁ বিনামূলীয়া ভাৱে প্ৰশিক্ষণ লৈ আছে। হিতেশে প্ৰথম অৱস্থাত ভলীবল খেলা নাছিল যদিও পিছলৈ ক’চিং চেণ্টাৰটোৰ সভাপতি দীপক কুমাৰ দাসৰ পৰা ভলীবলৰ প্ৰাথমিক জ্ঞান আয়ত্ব কৰি ভলীবল প্ৰশিক্ষক গনেশ শৰ্মাৰ পৰা ভলীবলৰ স্কীল সমূহ ভালদৰে শিকি বুজি লৈ এতিয়া এজন প্ৰশিক্ষকৰ ভুমিকা পালন কৰি আহিছে। খেলুৱৈ সকলে ভলীবলৰ স্কীল সমূহ শুদ্ধ ভাৱে শিকাৰ ওপৰত হিতেশে আজিওঁ খেলপথাৰত বহুত কষ্ট কৰি আহিছে। নলবাৰী ক্ৰীড়া সন্থাৰ ভলীবলৰ নিৰ্বাচক হিচাপে হিতেশে বহুবছৰ ধৰি সূচাৰু ৰূপে দায়িত্ব পালন কৰি আহিছে। ইয়াৰ উপৰিও হিতেশ এজন ৰাজ্যিক পৰ্য্যায়ৰ ভলীবল ৰেফাৰী হিচাপে জনপ্ৰিয়। জীৱনৰ বহুত গুৰুত্বপূৰ্ণ বয়স ক্ৰীড়াৰ নামত দি তেওঁ এতিয়া নিজৰ জীৱনক লৈ যথেষ্ট আৰ্থিক সংকটত ভুগি আছে। ক্ৰীড়াৰ নামত সৰ্বস্ব ত্যাগ কৰা মানুহৰ সংখ্যা তেনেই কম। ইয়াৰ ভিতৰত নিশ্চিত ভাৱে হিতেশৰ নাম অন্যতম হিচাপে বিবেচিত হ’ব। নিজৰ দুখ লুকুৱাই ৰাখি খেলুৱৈৰ স্বাৰ্থ সদায় উৰ্ধত ৰাখি কাম কৰি গৈ থকা এজন সফল ক্ৰীড়া সংগঠকৰ বৰ্তমান নিজৰ পৰিয়ালটো পোহপাল দিব নোৱাৰা অৱস্থা হোৱাটো সঁচাকৈ দুৰ্ভাগ্যজনক। প্ৰচাৰ বিমুখ এনে ক্ৰীড়া সংগঠক সকলোকো চৰকাৰে কৰ্মসংস্থাপন দিয়াৰ বাবে ক্ৰীড়ামহলে দাবি উথ্বাপন কৰিছে।

লাহৰীঘাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ !

আজি মৰিগাঁও জিলাৰ  লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিত বড়োৰ নেতৃত্বত যোৱা আৰক্ষী দলে বৰখাবলৰ পৰা ৩৯ টা ভৰ্তি কন্টেইনাৰ আৰু২৩ টা খালি কন্টেইনাৰ উদ্ধাৰ কৰে ! এই ড্ৰাগছ খিনি বৰখাবলৰ এঘৰত লুকাই ৰাখিছিল !অৱশ্যে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই !

চিৰাঙত বোমাতংক ,প্ৰায় পাঁচ ঘন্টীয়া বোমাতংকই গোটেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিলে ।

চিৰাং জিলা সদৰ কাজলগাঁৱত বুধবাৰে ৰাতিপুৱাৰে পৰা প্ৰায় পাঁচ ঘন্টীয়া বোমাতংকই গোটেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিলে ।

গুৱাহাটীৰ পৰা অহা বোমা বিশেষজ্ঞৰ দলে সন্দেহ যুক্ত বোমা সদৃশ সামগ্ৰীটো উদ্ধাৰ কৰা স্থানৰ পৰা চিৰাং পুলিচ ৰিজাৰ্ভ পথাৰত আনি পৰীক্ষা কৰাৰ পিছত সন্দেহ যুক্ত বোমাটোৰ পৰা মাটি ওলায় ।

এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে চিৰাং জিলাৰ আৰক্ষী অধীক্ষক গৌৰব উপাধ্যায়ে। তাৰ পিছতেই ৰাতিপুৱাৰ পৰা চলি থকা পাঁচ ঘন্টীয়া বোমাতংকৰ অৱসান ঘটে ।

আৰক্ষী অধীক্ষক জনে কয় যে যি দুষ্ট চক্ৰই এই কাণ্ড সংঘটিত কৰিছে তাৰ উচিত তদন্ত কৰা হব ।

কাজলগাঁৱৰ জিলা ন্যায়াধীশৰ আদালতৰ সন্মূখৰ কাজলগাঁও – বেংতল সংযোগী গঢ়কাপ্তানী পথৰ দাঁতিত ৰাতিপুৱা আঠ বজাৰ বোমা সদৃশ সামগ্ৰী প্ৰত্যক্ষ কৰাৰ পিছত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছিল ।

আৰু আজিৰ এই ঘটনা সন্দৰ্ভত চিদলী বিধান সভাৰ নৱনিৰ্বাচিত বিধায়ক জয়ন্ত বসুমাতাৰীয়ে কয় যে বিটিআৰ শান্তি চুক্তিৰ পিছত এই এলেকাত এক শান্তিৰ পৰিৱেশ ঘুৰি আহিছিল আৰু এই শান্তি পৰিবেশত এনেধৰণৰ কাণ্ড কৰি যি দুষ্ট চক্ৰই এক আতংকময় পৰিবেশ সৃষ্টি কৰাৰ অপচেষ্টা কৰিলে তাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আৰক্ষী তথা জিলা প্ৰশাসনক আহ্বান জনায় ।

উল্লেখ যে বোমা সদৃশ সামগ্ৰীটোৰ ওপৰত কলমেৰে ৩৬ হেণ্ড গ্ৰেণেড বুলি লিখা আছিল ।

তাকে লৈ আৰক্ষীৰ মাজত এক প্ৰশ্নৰ উদ্বেগ হৈছে ।

এতিয়া প্ৰশ্ন হয় কোনে কি উদ্দেশ্যৰে এই বোমাতংকৰ সৃষ্টি কৰিলে এয়া এতিয়াও পোহৰলৈ অহা নাই যদিও আৰক্ষীৰ তদন্তৰ পিছত হে জনা যাব ইয়াৰ আঁৰত কোন জড়িত হৈ আছে ।

সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদকৰ মৃত্যু

সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদকৰ মৃত্যু,প্ৰাঃ ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক সমীৰণ বৰদলৈৰ আজি পুৱা মৃত্যু, যোৰহাটৰ বাসগৃহত পুৱা ৭ বাজি ১২ মিনিটত মৃত্যু,কিছুদিন ধৰি ৰোগাক্ৰান্ত হৈ আছিল সমীৰণ বৰদলৈ, বৰদলৈৰ মৃত্যুত অসম সাহিত্য সভাৰ ৩ দিনীয়া শোক , ৩ দিনলৈ কাৰ্যালয়ৰ পতাকা অৱনমিত হৈ থাকিব , তেওঁৰ মৃত্যুত সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাৰ শোক প্ৰকাশ

ৰঙিয়াৰ অন্যতম ড্ৰাগছ সৰবৰাহকাৰী ৰাজা, গাগাৰ ঘৰত আৰক্ষীৰ অভিযান।উদ্ধাৰ ড্ৰাগছ সহ ব্ৰাউন চুগাৰ

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত প্ৰতিদিনেই আটক কৰিবলৈ সক্ষম হৈছে শতাধিক ড্ৰাগছ সৰবৰাহকাৰী। ইয়াৰ মাজতেই ৰঙিয়া আৰক্ষীৰ মূৰৰ কামোৰণী হৈ পৰা অন্যতম ড্ৰাগছ সৰবৰাহকাৰী ৰাজা আৰু গাগাক বিছাৰি শনিবাৰে নিশা অভিযান চলাই অপৰাধী দুজনৰ ঘৰৰ পৰা ৫.৪० গ্ৰাম ব্ৰাউন চুগাৰ,১৩.००গ্ৰাম সন্দেহজনক মৰফিন( ড্ৰাগছ) ড্ৰাগছৰ কন্টেইনাৰ, চিৰিঞ্জ ইত্যাদি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ কৰা নিচাজাতীয় সামগ্ৰীসমূহৰ বজাৰ মূল্য প্ৰায় ৫० হাজাৰ টকা হʼব বুলি জনাই ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে।  নিশা আৰক্ষী অহাৰ উমান পাই এই অপৰাধী দুজন পলাই যাবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে জাহনাৰা বেগম আৰু ভাতৃ মিন্টু আলীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহা এই ৰাজা আৰু গাগা দুই ভাতৃ বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে প্ৰতিজন ধৃত ড্ৰাগছ আসক্তই ৰাজা আৰু গাগাৰ পৰা এই মাৰাত্মক ড্ৰাগছ ক্ৰয় কৰা বুলি আৰক্ষী তথা ৰাইজৰ আগত স্বীকাৰ কৰি আহিছে। আনহাতে শনিবাৰে দিনৰ ভাগতো ৰঙিয়াৰ নিকটৱৰ্তী তুলসীবাৰীৰ বিশ্বজিৎ দে আৰু আঙ্কুশ দাস নামৰ দুজন  অতি কম বয়সীয়া ড্ৰাগছ আসক্ত যুৱকক চিৰিঞ্জ আৰু কন্টেইনাৰ সহ আটক কৰি আৰক্ষীক চমজাই দিছিল ইয়াৰ পিছতেই অঞ্চলটোত এক উত্তেজনাপূৰ্ণ পৰিবেশৰ সৃষ্টি হৈছিল। ৰাইজে আৰক্ষী আৰু একাংশ ফাৰ্মাচীৰ বিৰুদ্ধেও সৰৱ হৈ পৰা দেখা গৈছিল। অভিযোগ উত্থাপন হৈছিল যে এই ফাৰ্মাচী সমূহে অবৈধভাৱে চিৰিঞ্জ আৰু কন্টেইনাৰ সমূহ বিক্ৰী কৰি আহিছে, যাৰ ফলত বহু কমবয়সীয়া লʼৰা-ছোৱালীয়ে সহজতে এই মাৰাত্মক ড্ৰাগছৰ কবলত পৰি নিজৰ জীৱন ধ্বংস কৰিছে।

ভয়াৱহ:বিদ্যালয় চৌহদত উদ্ধাৰ ২১৫ টি শিশুৰ মৃতদেহ

গাৰ নোম শিয়ৰি উঠা এটা ঘটনা, এখন বিদ্যালয় চৌহদত উদ্ধাৰ হৈছে ২১৫ টা কৈ মৃতদেহ । যি ঘটনাই বহু লোকৰে হৃদয় কপাই তুলিছে। এই ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে কানাডাৰ এখন বিদ্যালয়ত।

কবৰ দিয়া অৱস্থাত উদ্ধাৰ এই শ শ শিশুৰ মৃতদেহ। যি খন বিদ্যালয় চৌহদত এইদৰে ২১৫ শিশুৰ মৃতদেহ উদ্ধাৰ হৈছে সেই বিদ্যালয় এটা সময়ত কানাডাৰ ভিতৰতে অন্যতম আবাসিক বিদ্যালয় হিচাপে নাম আছিল। সমগ্ৰ দেশৰেই শিক্ষাৰ্থী এই বিদ্যালয়ত পঢ়িবলৈ আহিছিল।

এনেদৰে বৃহৎ সংখ্যক শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাক চাই চৌহদৰ ভিতৰত অন্য ঠাইত আৰু শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে উদ্ধাৰকাৰী দলে।

এই বিদ্যালয়ত অতি কঠোৰ শাসন চলিছিল, কেৱল ইংৰাজী ভাষাৰ ব্যৱহাৰ হৈছিল,। কোনোৱে যদি ইয়াৰ বাহিৰে অন্য ভাষাৰ ব্যৱহাৰ কৰিছিল, তেন্তে সেই শিশুৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলিছিল।

যি অত্যাচাৰৰ ফলত ৬০০০ ৰো অধিক শিশুৰ মৃত্যু হোৱা বুলি তথ্য পোৱা যায়। আনকি শিশুৰ ওপৰত যৌন নিৰ্যাতনো চলাৰ প্ৰমাণ পোৱা গৈছিল। যাৰ বাবেই ২০০৮ চনত কানাডা চৰকাৰে সংসদৰ ওচৰত ক্ষমা বিচাৰিছিল।

এইদৰে বৃহৎ সংখ্যক শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা দেখি বৰ্তমানৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডেউ দুক প্ৰকাশ কৰি কয় যে, ই দেশৰ সকলোতকৈ কলা অধ্যায়।