No menu items!
Home Blog Page 3027

দৌৰবিদ হিমা দাসক উপ-আৰক্ষী অধীক্ষকৰ পদত নিযুক্তি

আজি শুকুৰবাৰে গুৱাহাটীৰ সৰুসজাইত সংহত ক্ৰীড়া নীতি ২০১৭-২০১৮ অসমৰ অধীনত অসম চৰকাৰে দৌৰবিদ হিমা দাসক উপ-আৰক্ষী অধীক্ষকৰ পদত নিযুক্তি দিয়ে।

অৰ্জুন হিমা দাসে ফিনলেণ্ডৰ ২০ বছৰৰ অনূৰ্ধ্ব এথলেটিকছত স্বৰ্ণপদক লাভ কৰিছিল। ২০১৮ চনৰ জাকাৰ্টা এছিয়ান গেমছতো স্বৰ্ণসহ তিনিটা পদক পাইছিল হিমা দাসে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমা দাসক প্ৰদান কৰে নিযুক্তি পত্ৰ। অসম আৰক্ষীৰ পোছাক পিন্ধি উপ-আৰক্ষী অধীক্ষকৰ পদৰ নিযুক্তি পত্ৰ গ্ৰহণ কৰে হিমা দাসে।

হিমা দাসে কয়, তেওঁ আৰক্ষীত যোগ দি এতিয়া খেল নেখেলি চোৰ খেদি ফুৰিব বুলি ভাবিব নালাগে। গৃহ আৰু ৰাজনৈতিক বিভাগৰ দ্বাৰা ৫৮৭ গৰাকীক আৰক্ষী উপ-আৰক্ষী পৰিদৰ্শক পদত নিযুক্তি পত্ৰ প্ৰদান কৰে।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মঞ্চত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্য সচিৱ জিষ্ণু বৰুৱা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, ADGP জি পি সিং, হাৰমীট সিং, এল আৰ বিষ্ণই, ক্ৰীড়া বিভাগৰ আযুক্ত সচিৱ মলয় বৰা উপস্থিত থাকে।

গোলাঘাটত ভাৰতবন্ধৰ সৰ্বাত্মক প্ৰভাৱ

আজি সৰ্বভাৰতীয় ব্যৱসায়ী সন্থাই  আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ অসমৰ বিভিন্ন ঠাইৰ লগতে গোলাঘাট চহৰতো সৰ্বাত্মক ৰূপত পৰা দেখা গল। জি এচ টি ইন্ধনৰ মূল্যবৃদ্ধি আৰু ই ৱে বিলৰ বিৰুদ্ধে ঘোষণা কৰা এই ভাৰত বন্ধৰ প্ৰভাৱত গোলাঘাট চহৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা দেখা গল।

ইফালে ব্যৱসায়ী সন্থাৰ এই বন্ধত সমৰ্থন জনাই অলইণ্ডিয়া ট্ৰেন্সপৰ্টাৰ ৱেলফেয়াৰ এচ’ছিয়েশ্যনে ঘোষণা কৰা চকা বন্ধৰ ফলত   চহৰখনত সকলো চৰকাৰী -বেচৰকাৰী যাতায়ত ব্যৱস্থাও বন্ধ হৈ পৰা পৰিলক্ষিত হ’ল। জি এচ টি আঁচনি জটিলতাৰ বিৰুদ্ধে ঘোষণা কৰা এই বন্ধত চহৰখনৰ সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে গোলাঘাটৰ জনজীৱন।

খোৱা পানীৰ বাবে হাহাকাৰ গঞাৰ, কানসাৰ নাই জনস্বাস্থ্য কাৰিকৰী বিভাগ তথা জনপ্ৰতিনিধিৰ

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ খামেৰী-পলাহৰটাৰী অঞ্চলত দেখা দিছে ভয়াৱহ জলসংকট । এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে। বৃহত্তৰ অঞ্চলটোত খেতি পথাৰত পানী যোগান ধৰাৰ বাবে অগভীৰ নলীনাদ অথবা ছেল মেচিনৰ চলোৱাৰ বাবে ভু-গৰ্ভস্থ পানীৰ স্তৰ নিম্নগামী হোৱাত অঞ্চলটোৰ দমকলৰ পৰা পানী ওলোৱা বন্ধ হৈ পৰিছে।

উপায়বিহীন হৈ পথাৰৰ এচুকত খাল খান্দি কোনোমতে গয়াই গোটাইছে দিনটোৰ খোৱা-ধোৱা পানীখিনি। কেইদিনমান পিছত এই সমস্যা আৰু ভয়ানক ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা নথকা নহয়। নগৰবেৰাৰ খামেৰী, পলাহৰটাৰী, কল্যাণপুৰ, অদলা আদি অঞ্চলত প্ৰতি বছৰে এনে সময়ত ধাৰাসাৰ বৰষুণ নোহোৱাকৈ পানীৰ অভাৱ ঘটি আহিছে।

উল্লেখ্য যে অঞ্চলটোত বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান আঁচনি কেন্দ্ৰ স্থাপন কৰিছে যদিও আঁচনিসমূহ  বিকল হৈ থকাত ৰাইজে পানী যোগানৰ পৰা বঞ্চিত হব লগা হৈছে। চৰকাৰে লক্ষ্য লক্ষ টকা খৰচ কৰি নিৰ্মাণ কৰা এইসমূহ আঁচনি ৰাইজক আভুৱা ভৰাই থকাৰ বাহিৰে আন একোৱেই নহয় বুলি ৰাইজে মন্তব্য কৰিছে।

বিগত কেইবা বছৰ ধৰি অঞ্চলটোত খোৱা পানীৰ নাটনি সন্দৰ্ভত সংবাদ মাধ্যমৰ জৰিয়তে সময়ে সময়ে বাতৰি প্ৰকাশ পোৱাৰ পিছতো সংশ্লিষ্ট বিভাগ তথা জনপ্ৰতিনিধিয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ভোক্তভোগী ৰাইজে। পানীৰ হাহাকাৰৰ বাবে ভোক্তভোগী ৰাইজে বিধায়িকা নন্দিতা দাসক ধিক্কাৰ দিয়ে আৰু এই সমস্যা সমাধান নকৰিলে সমাগত বিধান সভাৰ নিৰ্বাচনৰ ভোট নিদিয়ে বুলি ক্ষোভ প্ৰকাশ কৰে।

বছৰে বছৰে হোৱা খোৱা পানীৰ নাটনি দুৰ কৰাৰ বাবে পানী যোগান আঁচনি কেন্দ্ৰসমূহ কাৰ্যক্ষম কৰাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগ, স্থানীয় বিধায়িকা নন্দিতা দাস, নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লগতে ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি অতি সোনকালে অঞ্চলটোত খোৱা পানীৰ যোগান ধৰাৰ দাবী জনাইছেে ভোক্তভোগী ৰাইজে।

পলাতক নিৰৱ মোদীৰ ভাৰত প্ৰত্যাৱৰ্তনৰ পথ মুকলি

ভাৰতৰ বেংকৰ পৰা ১৪ হাজাৰ কোটি টকা লুটি বিদেশলৈ পলায়ন কৰা নিৰৱ মোদীক ভাৰতলৈ অনা দুৱাৰ মুকলি হ’ল ৷ ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ যোজা চলি থকাৰ সময়তে লণ্ডনৰ আদালতে গ্ৰীণ চিগনেল দিলে ৷ পঞ্জাৱ নেছনেল বেংক কেলেংকাৰীৰ খলনায়কক ব্ৰিটেইনৰ আদালতে ভাৰত প্ৰত্যাৱৰ্তনৰ পথ মুকলি কৰে বুধবাৰে ৷

কুখ্যাত ভাৰতীয় হীৰা ব্যৱসায়ী নিৰৱ মোদীক স্বদেশলৈ উভতাই আনিবলৈ লণ্ডনৰ ৱেষ্টমিনষ্টাৰ আদালতে কয় যে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰিব নিৰৱ মোদীক ৷ আদালতে কয় যে ভাৰতলৈ প্ৰত্যৱৰ্তন কৰাত কোনো অসুবিধা থাকিব নোৱাৰে ৷ অসুবিধা থকা বুলি প্ৰচাৰ হোৱা বিষয়টো ভুল ৷

৪৮ বছৰীয়া নিৰৱে ২০১৯ চনৰ ১৯ মাৰ্চত লণ্ডনৰ কাৰাগাৰত কাৰাবন্দী হৈ আছে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য ড০ লীলাকান্ত নাথ । আচাৰ্য ৰাজ্যপাল জগদীশ মুখীয়ে নিযুক্তি দিলে ড০ নাথক ।

ভাৰপ্ৰাপ্ত উপাচাৰ্য আৰ এন এছ যাদৱে ২৮ ফেব্ৰুৱাৰীত ল’ব অৱসৰ । ফাৰ্মাচিটিউকেল বিভাগৰ অধ্যাপক ড০ লীলাকান্ত নাথ । জ্যেষ্ঠতাৰ ভিত্তিত লীলাকান্ত নাথক এই দায়িত্ব আচাৰ্যৰ । দুৰ্নীতিৰ অভিযোগত নিলম্বিত হৈ আছে উপাচাৰ্য ৰঞ্জিত তামুলী ।

কণ্ঠশিল্পী নীড় দিপাংকৰ মৃত্যু

কণ্ঠশিল্পী নীড় দিপাংকৰ মৃত্যু

আকস্মিকভাৱে মৃত্যু ঘটে শিল্পীগৰাকীৰ

শিৱসাগৰৰ বাসভৱনত শুই থকা অৱস্থাতে মৃত্যু শিল্পীগৰাকীৰ

কেইবাটাও জনপ্ৰিয় গীতত কণ্ঠদান কৰিছিল নীড় দিপাংকৰে

তেওঁৰ উল্লেখযোগ্য এলবামৰ ভিতৰত, টুপ টুপ, চিঞৰ, নীলিমাৰে
কোলাত আদি

আজি বিয়লি ঘোষণা হ’ব অসমৰ নিৰ্বাচনৰ দিন

আজি বিয়লি ঘোষণা হ’ব অসমৰ নিৰ্বাচনৰ দিন

বিয়লি ৪.৩০ বজাত মুখ্য নিৰ্বাচনী আয়ুক্তৰ সংবাদমেল

অসমকে ধৰি ৫ ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে বলৱত্‍ হ’ব আচৰণ বিধি

আজি হিমা দাসক উপ আৰক্ষী অধীক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

আজি ২৬ ফেব্ৰুৱাৰী তাৰিখে ধিং এক্সপ্ৰেছ খ্যাত অসম গৌৰৱ হিমা দাসক আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হব উপ আৰক্ষী অধীক্ষকৰ নিযুক্তি পত্ৰ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নিযুক্তি পত্ৰ প্ৰদান কৰিব ।

হিমাৰ লগতে মুঠ ৫৯৭ গৰাকী লোকক প্ৰদান কৰা হব আনুষ্ঠানিক ভাৱে নিযুক্তি পত্ৰ। পদ সমূহ হৈছে উপ পৰিদৰ্শক।

গুৱাহাটী মহানগৰৰ স্থিত কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ইণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হব এই অনুষ্ঠান।

য’ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি নিযুক্তি পত্ৰ সমূহ প্ৰদান কৰিব।

কাজিৰঙাত পৰ্যটকক হাতীৰ প্ৰচণ্ড খেদা : ভালুকৰ আক্ৰমণত বনকৰ্মী আহত

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰ দিনটোত দুটা পৃথক ঘটনা সংঘটিত হয় ৷ পুৱাৰ ভাগত কাজিৰঙা দৰ্শনৰ বাবে অহা এটা পৰ্যটক দলক এটা বনৰীয়া হাতীয়ে প্ৰচণ্ড খেদা লয় ৷ দেশীয় পৰ্যটন দলটিয়ে এখন জীপচীৰে উদ্যানখনৰ অগৰাতলী বনাঞ্চলত জীপ ছাফাৰী কৰি থকা সময়তে এটা প্ৰচণ্ড মখনা হাতীয়ে খেদি আহে ৷ জীপচীখনত থকা বনকৰ্মীয়ে শূন্যলৈ গুলী চলোৱাত বৃহৎ মখনা হাতীতো আতৰি যায় আৰু দৈব্যক্ৰমে পৰ্যটকৰ দলটো ৰক্ষা পৰে ৷ আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি বিয়লি ভাগত পুনৰ আন এক ঘটনা সংঘটিত হয় ৷ কৰ্তব্য সম্পাদন কৰি থকা বনকৰ্মীক এটা ভালুকে অতৰ্কিতে আক্ৰমণ কৰি আহত কৰে ৷

উদ্যানখন কহঁৰা বনাঞ্চলৰ দুসুতি বন শিবিৰ এলেকাত দুজন বনকৰ্মীয়ে নদীৰ পাৰেৰে কৰ্তব্য সম্পাদন কৰি থকা অৱস্থাতে ভালুকে অতৰ্কিতে উদ্যানখনৰ অস্থায়ী বনকৰ্মী মনোজ গগৈক আক্ৰমণ কৰে ৷ হাতত থকা বন্দুকটো ভালুকৰ মুখৰ সন্মুখত পাতি দিয়াৰ বাবে কম পৰিমাণে আহত হয় মনোজ গগৈ ৷ লগত থকা আনজন বনকৰ্মীয়ে শূন্যলৈ গুলী চলোৱাত ভালুকটো সেই স্থানৰ পৰা পলাই যায় ৷ পৰৱৰ্তি সময়ত কম পৰিমাণে আহত অস্থায়ী বনকৰ্মী মনোজ গগৈক বন বিভাগৰ এম্বুলেঞ্চেৰে বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক  চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ বৰ্তমান অস্থায়ী বনকৰ্মী মনোজ গগৈ বিপদমুক্ত বুলি জানিব পৰা গৈছে ৷

বিটিআৰত নদীৰ বুকুত অবৈধ শিল,বালিৰ খনন দুষ্ট চক্ৰৰ

অসমৰ প্ৰকৃতিৰ মুক্ত দান শিল,বালি যদিও হয় তথাপি এনেবোৰৰ পৰা ৰাজ্য চৰকাৰৰ বন বিভাগে বছৰি কোটি -কোটি টকা ৰাজহ সংগ্ৰহ কৰি আহিছে কিন্তু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন চমুকৈ(বিটিআৰৰ) বাকসা জিলাৰ মানস নদীৰ মৈথাবাৰী ,খাগৰাবাৰী,আৰু মানস ৰাষ্ট্ৰীয় উদ্যাণৰ বনভোজ থলীত দিনে নিশাই ২৪ঘণ্টায়ে জেচিবি,ফকলেণ্ডে শিল,বালি এটা চক্ৰই খনন কৰি দাম্পৰে-দাম্পৰে চালান বিহিন ভাৱে সৰবৰাহ কৰি আহিছে বিগত এক মাহ ধৰি। উল্লেখযোগ্য যে খাগৰাবাৰী শিল, বালি মহলৰ মালিক পুলেন ব্ৰহ্মই যোৱা সাত বছৰ ধৰি প্ৰতি তিনি মাহৰ মূৰে ১৮ লাখ আৰু তাৰ সমান্তৰালভাৱে চুণবাৰী শিল,বালিৰ মহলদাৰ জেণ্ডাৰ ব্ৰহ্ময়ে ও কোৱাটাৰলি ৫ লাখকৈ বাকসা বন সংমণ্ডল বিষয়া কাৰ্য্যালয়ত ৰাজহ জমা দি শিল,বালি সৰবৰাহ কৰি আহিছে যদিও এটা চক্ৰয়ে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৰ নাম অবৈধ ভাৱে শিল,বালি খননৰ কৰ্মক একাংশ ৰাইজৰ মাজত চৰ্চিত হোৱাৰ অভিযোগ উঠিছে। উক্ত অবৈধ শিল,বালি খননৰ কৰ্ম ৰোধ কৰা দিশত গুৰুত্ব দিবলৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়োক একাংশ সচেতন বিটিআৰবাসীয়ে আহ্বান জনাইছে।