Breaking

দৰঙৰ ধুলাত এচ অ পি উলাংঘা কৰি ক’ৰণাৰ বজাৰ ।সৰহ সংখ্যকৰেই নাই মাক্স , নাই সামাজিক দুৰত্ব ।

0 2,037

ধনৰ লেন দেনত মধ্য ভুগীয়ে চলাইছে বজাৰ ।

৫-১০ মিনিটৰ পথ অতিক্ৰম কৰোতে আৰক্ষী ক লাগে ১ ঘন্টা সময় ।

আৰক্ষীৰ উমান পাই চত্ৰ ভংগ দিলে ৰাইজে ।

ক’ভিড১৯ৰ দ্বিতীয়টো ঢৌৱে ত্ৰাস সৃষ্টি কৰাৰ পিছতো মহামাৰীৰ প্ৰতি ভয় নাই গাওঁ অঞ্চলৰ সহজ সৰল লোকৰ । চৰকাৰৰ নীতি নিৰ্দেশনাক কেৰেপ নকৰি নিয়মিত ভাৱে ধুলাত বহে এখন বজাৰ । এইখনেই ধুলা আৰক্ষী থানাৰ অন্তৰ্গত ওজাগাওত নতুনকৈ অনুষ্ঠিত হোৱা বজাৰ। সদায় আবেলি একাংশ আৰক্ষী বিষয়াক মেনেজ কৰি মধ্যভোগীৰ ছত্ৰ ছায়াত বহে এই বজাৰখন । বজাৰখনত সমাগম হয় শ শ লোকৰ ৷ যত নাই কৰনাৰ আতংক , নাই কোনো নীতি নিয়ম ।সৰহ সংখ্যকৰেই মুখত নাই মাক্স , কাৰোবাৰ যদি আছে সেয়া থুতৰিত , সামাজিক দুৰত্ব কি নাজানে ৰাইজে ৷ এই সন্দৰ্ভত জিলা প্ৰশাসন তথা চক্ৰ বিষয়াক অভিযোগ দিয়াৰ পিচতো গুৰুত্ব নাই বৰমুৰীয়া সকলৰ । অৱশেষত দল সংগঠনৰ ব্যাপক প্ৰতিক্ৰিয়াৰ পিছতহে গা লৰিল ধুলা আৰক্ষীৰ । যি সময়ত এচ অ পি উলাংঘাকাৰীৰ বিৰুদ্ধে প্ৰশাসনে ক্ষীপ্ৰ তাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে তেনে সময়তে ধুলা থানাৰ পৰা মাত্ৰ দুই কি মি দুৰত অনুষ্ঠিত দৈনিক বজাৰ খনত এঘন্টা পিছত আৰক্ষীৰ দল উপস্থিত হৈ বজাৰ খন ভাঙি দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদে ।

Leave A Reply