Home Blog Page 3049

জামুগুৰিহাটত ৫ শতাধিক দিব্যাংগ লোকক প্ৰমাণপত্ৰ বিতৰণ বিধায়ক পদ্মৰ

আপোনালোকে কোনেও নিজকে কেতিয়াও শাৰীৰিকভাৱে অক্ষম বুলি নাভাবিব ৷ আপোনালোক শাৰিৰীকভাৱে সক্ষম বাবেই অন্য লোকসকলৰ দৰে চৰকাৰ আপোনালোকক লৈও যথেষ্ট আশাবাদী৷আপোনালোকেও জাতিটোৰ কাৰণে কৰিব লাগিব, সমাজৰ কাৰণে কৰিব লাগিব আৰু দেশৰ কাৰণে কৰিব লাগিব৷তাৰ কাৰণে ঈশ্বৰে আপোনালোকক শক্তি দিয়ক৷মই দৃঢ় বিশ্বাসী যে আপোনালোকো ঈপ্সিত লক্ষ্যত উপনীত হ’ব পাৰিবই৷এই মন্তব্য চতিয়া সমষ্টিৰ  বিধায়ক পদ্ম হাজৰিকাৰ ৷

জামুগুৰিহাটৰ বাপুজি ভৱনত বিশেষভাৱে সক্ষম লোকক অক্ষমতাৰ প্ৰমাণ পত্ৰ বিতৰণৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি উপস্থিত লোকসকলক উদ্দেশ্যি এইদৰে কয় বিধায়কগৰাকীয়ে ৷ উল্লেখ্য যে বিগত বৰ্ষৰ অক্টোৱৰ মাহত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত স্বাস্থ্য বিভাগ,সমাজ কল্যান বিভাগ,কন্যকা আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰ সহযোগত জামুগুৰিহাটৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সমষ্টিটোৰ বিশেষভাৱে সক্ষম লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰি তেঁওলোক যাতে প্ৰমাণপত্ৰৰ অভাৱত চৰকাৰী সা-সুবিধা লাভৰপৰা বঞ্চিত নহয় তাৰবাবে পদক্ষেপ গ্ৰহণ কৰিছিল ৷

সেইসকলৰ মাজৰেই ৫ শতাধিক লোকক বিধায়ক হাজৰিকাই অক্ষমতাৰ প্ৰমাণপত্ৰ বিতৰণ কৰে৷প্ৰমাণপত্ৰ লাভ কৰা প্ৰতিগৰাকী দিব্যাংগ লোকেই কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ আঁচনিসমুহৰ সকলো সুবিধাই লাভ কৰিব বুলি উল্লেখ কৰি বিধায়ক পদ্ম হাজৰিকাই দিব্যাংগ লোকসকল সমাজৰ একো একোজন সম্পদ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ’ব বুলিও আশা ব্যক্ত কৰে৷প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠানটোত নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰা,মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল,পশ্চিম বৰভগীয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মদন কৈৰালা,নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সভাপতি অজিত পায়েং,সৰ্বশিক্ষা অভিযান মিচনৰ সমল ব্যক্তি অজিত নাথ,প্ৰফুল্ল নাথ আৰু হৰি দাহালকে ধৰি বহুসংখ্যক লোক উপস্থিত আছিল৷

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাকপথাৰ আঞ্চলিক সমিতি গঠন

তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী কাকপথাৰ ১ নং সৰুডিৰাক ৰাজহুৱা পেক্ষাগৃহত আজি  অনুষ্ঠিত ছাত্র মুক্তি সংগ্ৰাম সমিতি কাকপথাৰ আঞ্চলিক সমিতিৰ এক সাধাৰণ সভা অনুষ্ঠিত হয় । উক্ত সভাতে  আঞ্চলিক সমিতিখন পুনৰ গঠন কৰে । পদ্মনাথ গোহাঞি বৰুৱা আদর্শ মহাবিদ্যালয়, ৰাঘৱ মৰাণ আদৰ্শ মহাবিদ্যালয়, ডুমডুমা মহাবিদ্যালয়, উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান কাকপথাৰত অধ্যয়নত শতাধিক ছাত্র-ছাত্ৰী আৰু  ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ বহু কেইজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীৰ উপস্থিতিত ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্র সৌৰভজ্যোতি দহোতীয়াক সভাপতি, পদ্মনাথ গোহাঞি বৰুৱা আদৰ্শ মহাবিদ্যালয় ছাত্ৰ মানিক মৰাণক সাধাৰণ সম্পাদক হিচাপে লৈ ৩৩ জনীয়া এখন পূৰ্ণাংগ সমিতি গঠিত হয়। সভাত উপস্থিত থাকে তিনিচুকীয়া জিলা সমিতিৰ সভাপতি পাপু দত্ত আৰু কাকপথাৰ আঞ্চলিক সমিতিৰ মুখ্য উপদেষ্টা উদিপ্ত বাঘ বড়া । 

পুনৰ ছয়গাঁও আৰক্ষীৰ জালত ড্ৰাগছ সহ আটক এজন

ৰাজ‍্যত অব‍্যাহত আছে অবৈধ ভাৱে ড্ৰাগছৰ বেহা । তেনে সময়তে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলা এক অভিযানত ছয়গাঁৱৰে মহাবীৰ পথাৰৰ নজমুল হ’ক নামৰ এজন যুবকক ড্ৰাগছ সহ আটক কৰে ৷যুবক জনৰ প’ৰা ১৩ টাকৈ নিষিদ্ধ ড্ৰাগছৰ কণ্টেইনাৰৰ লগতে জব্দ কৰে ৫৬ গ্ৰামৰ ড্ৰাগছৰ পেকেট এটা ৷

এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত ড্ৰাগছখিনি বিক্ৰীৰ বাবে গৈৰৈমাৰী মহাবীৰ পথাৰত লৈ গৈ থকা অৱস্থাত আৰক্ষী বিষয়াগৰাকীয়ে আকস্মিকভাৱে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় ৷ধৃত নজমুল হ’কক বৰ্তমান কেন্দ্ৰীয় জেললৈ প্ৰেৰণ কৰা হৈছে ৷

সোণতলীত সদৌ অসম ভিত্তিত দিবা-নৈশ প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগীতাৰ শুভ উদ্ধোধন

দক্ষিণ কামৰূপ জিলাৰ বকো বিধান সমষ্টিৰ অন্তৰ্গত সোণতলীত আজি  সদৌ অসম ভিত্তিত দিবা-নৈশ প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগীতাৰ শুভ উদ্ধোধন কৰা হয়। জানিব পৰা মতে মাহতলী বজাৰ ক্লাৱৰ উদ্যোগ আৰু আৰাফা ৰয়েল একাডেমীৰ সহযোগত ক্ৰিকেট খেলৰ উদ্ধোধনী খেল খন সোণতলীৰ এ দল আৰু বি দলৰ মাজত অনুষ্ঠিত হয়। উক্ত খেল খনৰ উদ্ধোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী গোপী নাথ দাস, সোণতলী টুপামাৰী জিলা পৰিষদৰ সদস্য স্বাহজাহান আলী, সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ৰহমত উল্লাহ,জি কে এছ প্ৰেছ ক্লাৱৰ উপদেষ্টা আজাদ ওচমান গণি, সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ  ড°আবুল কালাম আজাদ উপস্থিত থাকে। আনহাতে চুৰান্ত খেলখন ১২ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হব বুলি সমিতিয়ে জনাইছে৷

অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ সজাগতা সৃষ্টিৰ বাবে মাজুলীত “ৰাইজ মেল এক গণ জাগৰণ” অনুষ্ঠান আয়োজন

 ২নং মৰিটুনী মিচিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত আজি অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ পৃষ্ঠপোষকতাত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ মাজুলী খণ্ড , কমলাবাৰী (মাজুলী জিলা) ৰ উদ্যোগত অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে এখন “ৰাইজ মেল:এক গণ জাগৰণ” অনুষ্ঠান আয়োজন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে মধ্য মাজুলী পাৰিজাত হাইস্কুলৰ বিজ্ঞান বিষয়ৰ শিক্ষক  যুগল চুতীয়াৰ পৰিচালনাত শংকৰদেৱৰ শিশু নিকেতন কমলাবাৰী আৰু আইলেণ্ড একাডেমীৰ  সাত জন ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা এখন বাটৰ নাট প্ৰদৰ্শন কৰে। বাটৰ নাটৰ পিছতে সভাত সাৰজান নসত্ৰ আৰু ২নং মৰিটুনী মিচিং গাঁৱৰ ৰাইজ,  ছাত্ৰ-ছাত্ৰী, পৰিচালনা সমিতিৰ সভাপতি আৰু অংগনবাদীৰ কেন্দ্ৰ কৰ্মী আৰু সহায়িকাৰ উপস্থিতত এখন সজাগতা সভা অনুস্থিত কৰে। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মাজুলী খণ্ডৰ কেন্দ্ৰ সমন্বয়ক বিকাশ বৰাই আঁতধৰা সভাত সভাপতিত্ব কৰে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ মাজুলীৰ  জিলা সমন্বয়ক তথা মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নাৰায়ণ শৰ্মাই। সভাত বিজ্ঞান কৰ্মী বসন্ত বৰা, মানিক বৰুৱাই কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ  ওপৰত সুন্দৰ মন্তব্য আগবঢ়ায় । সভাত  ৰাজহুৱা ফালৰপৰা  বক্তব্য আগবঢ়ায়  শশীধৰ গামে আৰু ভিতৰুৱা অঞ্চলত এনেধৰণৰ সজাগতা সভা অনুস্থিত কৰা আয়োজক সমিতিক ধন্যবাদ জ্ঞাপন কৰে। তাৰ পিছত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মাজুলী খণ্ডৰ সভাপতি  সত্যনাথ শইকীয়াই বাটৰ নাটৰ অভিনয় কৰা শিশু শিল্পী সাত গৰাকীক মৰমৰ উপহাৰ  আৰু ধন্যবাদ জ্ঞাপন কৰে। তাৰ পিছতে সভাপতিৰ মন্তব্যত ড°নাৰায়ন শৰ্মাই সমাজৰ সকলো স্তৰৰে লোকৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ়াত গুৰুত্ব আৰোপ কৰে আৰু সমাজৰ কু সংস্কাৰ আৰু অন্ধবিশ্বাস বোৰ আঁতৰাই এখন সুস্থ-প্ৰগতিশীল সমাজ গঢ়াৰ দিশত অগ্ৰসৰ হ’বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। শেষত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ মাজুলী খণ্ডৰ সমন্বয়ক বিকাশ বৰাই শলাগৰ শৰাই আগবঢ়াই আৰু অসমৰ জাতীয় সংগীত পৰিবেশনেৰে সভা ভংগ কৰে।।

মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষৰ নামত ভুৱা মেইল একাউন্ট

মাজুলীৰ প্ৰাচীনতম উচ্চ শিক্ষানুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষৰ দৰে সন্মানীয় পদবীত কালিমা সানিবলৈ এক  দুষ্ট চক্ৰই ষড়যন্ত্ৰ ৰচনা কৰাৰ তথ্য পোহৰলৈ আহিছে।

officialmail239@gmail.com নামেৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াক যুক্ত কৰি দুষ্কৃতিকাৰীয়ে ই.মেইল. একাউন্ট খুলি উক্ত একাউন্টৰ পৰা বিভিন্ন জনলৈ অপ্ৰাসংগিক ই.মেইল. বাৰ্তা প্ৰেৰণ কৰাৰ কথা জানিব পাৰি হতচকিত হৈ পৰিছে অধ্যক্ষ গৰাকী।

অধ্যক্ষ গৰাকীয়ে উক্ত মেইলৰ পৰা অহা কোনো বাৰ্তাকে গ্ৰহণ নকৰিবলৈ সংশ্লিষ্ট সকলোৰে প্ৰতি অনুৰোধ জনাই বাতৰি কাকতলৈ এক বিজ্ঞাপ্তি প্ৰেৰণ কৰাৰ লগতে এই সম্পৰ্কে মাজুলী আৰক্ষী থানাত অৱগত কৰাৰ কথা জানিবলৈ দিছে।

২০০৬ চনৰ কাকপথাৰ গণবিস্ফোৰণত নিহত শ্বহীদৰ প্ৰবিত্ৰ স্মৃতিত “সংকল্প দিৱস” পালন

সমগ্ৰ অসমকে জোকাৰি গৈছিল ২০০৬ চনৰ অজিত মহন্তৰ হত্যাকাণ্ডই ৷ ভাৰতীয় সেনাৰ ১৩ নং গোৰ্খা ৰেজিমেন্টৰ এটা দলে বৰডুমছা থানাৰ অন্তৰ্গত ডিৰাক সোনজানৰ দুটি এমা ডিমা সন্তানৰ পিতৃ ২৩ বছৰীয়া মহন্তক ৪ ফেব্ৰুৱাৰী আটক কৰি নি ৬ ফেব্ৰুৱাৰীত পৰিয়ালৰ অজ্ঞাতে মৰণোত্তৰ পৰীক্ষা কৰি পিছত মৃতদেহ ঘূৰাই দিয়া কাৰ্যৰ প্ৰতিবাদত স্থানীয় ৰাইজে ৭ ফেব্ৰুৱাৰীত অজিত মহন্তৰ হত্যাৰ ন্যায়সংগত বিচাৰ আৰু দোষীয়ে উপযুক্ত শাস্তি পোৱাৰ দাবীত পথ অৱৰোধ কৰে৷ বিক্ষোভ কাৰ্যসূচী আৰম্ভ কৰে যদিও চৰকাৰী কৰ্তৃপক্ষই কোনো সহাঁৰি নজনোৱাত ১০ ফেব্ৰুৱাৰী তাৰিখে প্ৰায় পঞ্চাশ হাজাৰৰো অধিক প্ৰতিবাদী ৰাইজে কাকপথাৰত বিক্ষোভ কাৰ্যসূচী ল’বলৈ আহোঁতে কাকপথাৰ ওপৰ ওৱন গাওঁত চৰকাৰৰ দ্বাৰা নিয়োজিত নিৰাপত্তাৰক্ষীৰ নিৰ্বিচাৰ গুলীবৰ্ষণত ৯ জনকৈ নিৰপৰাধী লোকৰ প্ৰাণ যোৱা ঘটনাক আজিও পাহৰিব পৰা নাই কাকপথাৰবাসী ৰাইজে৷ গণতান্ত্ৰিক দেশ এখনত জনতাই গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাওঁতে খোদ নিজ দেশৰ নিৰাপত্তাৰক্ষীয়ে তপত সীহৰ বুলেট চলোৱা ঘটনা ইতিহাসত বিৰল৷ ২০০৬ চনৰ আজিৰ দিনটোতে কাকপথাৰত ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হৈছিল ৯ জনকৈ নিৰপৰাধী ব্যক্তি ৷ ডিৰাক সোনজানৰ অজিত মহন্ত নামৰ ব্যক্তিজনক সেনাবাহিনীয়ে হত্যা কৰাৰ প্ৰতিবাদত কেইবাদিনো পথ অৱৰোধ কৰাৰ অন্তত কাকপথাৰৰ অভিমুখী প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বীচাৰ গুলিচালনা কৰিছিল সেনাবাহিনীয়ে ৷ থিতাতে নিহত হৈছিল ৮ জন, আৰু উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ নিয়া মনিকা মৰাণ দিল্লী এইছত ৪৫ দিন মৃত্যুৰ সৈতে যুজঁ দি  নিয়তিৰ ওচৰত হাৰ মানে, লগতে বহু ব্যক্তি আহত হৈছিল  ৷ ভাৰতীয় সেনাৰ নিৰ্বীচাৰ গুলিবৰ্ষনত নিহত হোৱা সকল ক্ৰমে মাধুয্য গোহাঁই, দিপন মৰাণ, অনিন্দিতা মুণ্ডা, বিউতী গোহাঁই, কুঞ্জলতা মৰাণ, পখিলী বৰা, ৱাহিদা আহমেদ আৰু গোলাপ বাইলুং ৷ সমগ্ৰ ঘটনাটোত সৰ্বমুঠ ১০ গৰাকী মৃত্যু হৈছিল ৷ ৰাজ্যৰ বিভিন্ন দল সংগঠনে সেইসময়ত মৃত সকলক জাতীয় শ্বহীদ ঘোষণা কৰিছিল ৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা মতে মৃত সকলৰ পৰিয়ালবৰ্গলৈ এটাকৈ চৰকাৰী চাকৰি আৰু আহত সকলক এককালিন সাৰ্হায্য আগবঢ়ালে ৷ কিন্তু বৰ্তমান পাহৰণিৰ গৰ্ভত শ্বহীদ সকল ৷ শ্বহীদ বেদি সমূহৰ অৱস্থা একেবাৰে জৰাৰ্জীণ ৷ আজি ১৫ বৰ্ষ অতিক্ৰম কৰা সময়ত মাত্ৰ কেইটামান দল সংগঠনৰ কেইজনমান নেতাই স্মৰণ কৰিলে জাতীয় শ্বহীদ সকলক ৷ আকৌ সংকল্প ললে শ্বহীদ সকলৰ স্মৃতি জীয়াই ৰখাৰ ৷ শ্বহীদ সকলৰ আত্মীয়ৰো সময় নাই এবাৰ স্মৰণ কৰিবলৈ ৷ সেইসময়ত সংকল্প গ্ৰহণ কৰা ছাত্ৰ নেতা সকল বৰ্তমান বিভিন্ন ৰাজনৈতিক দলৰ বিয়াগোম বিয়াগোম নেতা নাইবা নামি দামী ঠিকাদাৰ,  কিন্তু মনত  পেলাবলৈ আহৰি নাই জাতীয় শ্বহীদ সকলক ৷ শ্বহীদবেদীসমুহ ভালকৈ নিৰ্মাণ কৰি তেওঁলোকৰ স্মৃতি জীয়াই ৰখাৰ আহ্বান জনাইছে সচেতন মহলে ৷ আজিৰ সংকল্প দিৱসত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ নেতৃবৃন্দ । ২০০৬ চনৰ সমগ্ৰ ঘটনাৰ ওপৰত বক্তব্য ৰাখে সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য মৃদুল দহোতিয়া, কাকপথাৰ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা উদিপ্ত বাঘ বড়াই । সংকল্প দিৱসৰ কায্যসূচী আঁত ধৰে সদৌ মৰাণ ছাত্ৰ সন্থা ডিৰাক আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ৰিপুন মৰাণে । 

অৱশেষত প্ৰকাশ বৰুৱাক বহিস্কাৰ কৰিলে ৰাইজৰ দলে

বীৰ লাচিত সেনাৰ পৰা আহি ৰাইজৰ দলত যোগদান কৰা নগাঁৱৰ কা বিৰোধী আন্দোলনৰ নেতা প্ৰকাশ বৰুৱাই ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ সম্পাদকৰ দায়িত্বত আছিল। ৰাইজৰ দলত যোগদান কৰিয়ে নগাঁৱৰ সংখ্যালঘূ অধ্যূষিত অঞ্চলত ৰাইজৰ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে বিগত সময়ছোৱাত বৰুৱাই বিভিন্ন বিতৰ্কিত মন্তব্য প্ৰদান কৰিছিল।অৱশেষত ৰাইজৰ দলে বহিস্কাৰ কৰিলে বিতৰ্কিত নেতা প্ৰকাশ বৰুৱাক। অসমীয়া মহিলাৰ ওৰণিক ইছলামীয় সংস্কৃতিৰ বোৰ্খাৰ পৰা গ্ৰহণ কৰা বুলি বিতৰ্কিত মন্তব্যৰে সামাজিক মাধ্যমত সমালোচিত হোৱা বৰুৱাক পূৰ্বেও সাধাৰণ ৰাইজে গৰিহণা দিছিল।

কিন্তু সোমবাৰে নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ দক্ষিণ খাটোৱালত আৰএছএছৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱ শিশু নিকেতন পৰিচালিত হোৱা বুলি মন্তব্য কৰাৰ লগতে এয়া গুৰুজনাৰ নামত আৰএছএছ ৰ ব্যৱসায় বুলিও মন্তব্য কৰিছিল।এখোপ আগুৱাই গৈ বৰুৱাই ৰাইজৰ দলৰ চৰকাৰ হ’লে অসমৰ সকলো শ্ৰীমন্ত শংকৰদেৱ শিশু নিকেতন বন্ধ কৰি দিয়া হ’ব বুলি ঘোষণা কৰে।

এই ঘটনাৰ পিছতে ৰাইজৰ দলৰ সভাপতি ভাস্কো ডি শইকীয়াই প্ৰকাশ বৰুৱাক নগাঁও জিলা সমিতিৰ সম্পাদকৰ দায়িত্বৰ পৰা নিলম্বন কৰা হয় বুলি প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰে। অৱশ্যে বাতৰি প্ৰকাশ হোৱাৰ পিছতহে প্ৰকাশ বৰুৱাক নিলম্বন কৰাৰ পদক্ষেপ লোৱা ৰাইজৰ দলৰ নেতৃত্বই পূৰ্বে কিয় পদক্ষেপ লোৱা নাছিল বুলিও সাধাৰণ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এইবাৰ সমষ্টিয়ে সমষ্টিয়ে বাছ যাত্ৰা কৰি বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাব শীৰ্ষ কংগ্ৰেছ নেতাই

এইবাৰ চাইকেল নচলাই কংগ্ৰেছ নেতাই । এইবাৰ সমষ্টিয়ে সমষ্টিয়ে বাছ যাত্ৰা কৰি বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাব শীৰ্ষ কংগ্ৰেছ নেতাই।  কংগ্ৰেছৰ ‘অসম বচাও আহক’ কাৰ্যসূচীৰ অধীনত শীৰ্ষ নেতাই বাছেৰে কৰিব যাত্ৰা। বুধবাৰে এই সন্দৰ্ভত ৰাজীৱ ভৱনত আয়োজন কৰা হয় এখন সংবাদমেল।অহা ১২ ফেব্ৰুৱাৰীত বটদ্ৰৱা সমষ্টিৰ পৰা বাছেৰে যাত্ৰা আৰম্ভ কৰিব সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। সেইদৰে  দেৱব্ৰত শইকীয়াই ১২ ফেব্ৰুৱাৰীত শিৱসাগৰৰ পৰা আৰম্ভ কৰিব বাছ যাত্ৰা। সাংসদ গৌৰৱ গগৈয়ে ১৩ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা আৰম্ভ কৰিব যাত্ৰা। সুস্মিতা দেৱে শিলচৰৰ পৰা যাত্ৰা আৰম্ভ কৰি বৰাকৰ তিনিখন জিলা সামৰি ল’ব।ইফালে নিৰ্বাচনৰ প্ৰাক ক্ষণত এতিয়া উদুলি মুদুলি পৰিৱেশ ৰাজীৱ ভৱনত। নতুন নতুন বেনাৰ পোষ্টাৰ লগাই আটক ধুনীয়াকৈ সজাই তুলিছে প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়টো ।

৫ বছৰীয়া কিশোৰীক নৃশংসভাৱে ধৰ্ষণ কৰি হত্যা, ধৰ্ষণকাৰীক ফাঁচীৰ নিৰ্দেশ

এবছৰৰ পাছত ন্যায় পালে পিংকলাই । হোজাইৰ শংকৰদেৱ নগৰ জিলা ও সত্ৰ ন্যায়ধীশ আদালতৰ ঐতিহাসিক ৰায়দান।

বিগত বৰ্ষৰ ২৭ ফেব্ৰুৱাৰীত হোজাই দাৰিয়া বস্তিত সংঘটিত হোৱা এক জঘন্য ধৰ্ষণও হত্যাকাণ্ডৰ গুৰুত্বপূৰ্ণ ৰায়দান হোজাইৰ শংকৰদেৱ নগৰ জিলা ও সত্ৰ ন্যায় ধীশ আদালতৰ।

দাৰিয়া বস্তিত পিংকলা দেৱী নামৰ এগৰাকী পাঁচ বছৰীয়া কিশোৰীক আতি নৃশংস ভাৱে ধৰ্ষণ কৰি হত্যা কৰিছিল একে গাঁৱৰে নিবাসী চন্দন হৰিজন নামৰ এক পাষণ্ডই।

ঘটনাৰ সংক্ৰান্তত কিশোৰীগৰাকীৰ পিতৃ প্ৰকাশ শৰ্মাৰ হোজাই আৰক্ষী থানাত গোচৰ নং১৬৪/২০ত এজাহাৰ দাখিল কৰিছিল। বুধবাৰে লংকা শংকৰদেৱ নগৰ জিলা ও সত্ৰ ন্যায়ধীশ এচ.চানাবায়া দেউৰী আদালতত চন্দন হৰিজনক দোষী সাব্যস্ত কৰি ফাঁচীৰ নিৰ্দেশ জাৰি কৰে।