বোকাখাত মহকুমাৰ অন্তৰ্গত মহুৰামুখৰ বৰটিকাত মিছিং স্বায়ত্ত্ব শাসিত পৰিষদৰ দ্বাৰা আৱন্টিত বৰটিকা কৃষি পথাৰ সেউজ কৰণাৰ্থে “ কৃষি পথাৰ বৈদ্যুতিকৰণ” আচঁনিৰ শুভ উদ্বোধন কৰে কমাৰগাঁও ৰাজ্যিক বিদ্যুত উপ সংমণ্ডলৰ ভাৰ প্ৰাপ্ত বিষয়া নিবেদিতা মাহাতুৱে৷১৪,৫৬,৮৮৭.০০ টকা ব্যয়েৰে দুই কিলোমিটাৰ দৈঘ্যৰে ১০০ কে ভিৰ উক্ত আচঁনি খনে গাওঁখনৰ বহুকেইটা পৰিয়ালক উপকৃত কৰিব বুলি জনায়৷উক্ত অনুষ্ঠানত উপস্থিত থাকে গোলাঘাট জিলা প্ৰাক্তন এম এম কেৰ সভাপতি প্ৰেম কুমাৰ দলে,গোলাঘাট জিলা প্ৰাক্তন টি এম পি কেৰ সভাপতি সুৰেশ বৰি,মিছিৎ ছাত্ৰ সংগঠন টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য প্ৰশান্ত লইং, অভযন্তা ঋতুপৰ্ণ কোঁৱৰ,গণশক্তি অসমৰ বোকাখাত ব্লক সমিতিৰ কাৰ্যকৰী সভাপতি ভোগেশ্বৰ মৰাঙে৷সমাজ সেৱক তথা গোলাঘাট ট্ৰাইবেল সংঘৰ সভাপতি হেমন্ত মৰাংৰ আপ্ৰাণ প্ৰচেষ্টাত উক্ত আচঁনিটো বৰটিকাৰ কৃষি পথাৰত প্ৰদান কৰে মিছিং স্বায়ত্ত্ব শাসিত পৰিষদৰ ২৮ নং ধনশ্ৰী দিচৈৰ সদস্য সুধীৰ চন্দ্ৰ মৰাঙে ৷
উত্তৰাখণ্ডৰ হিম স্খলনৰ ঘটনাত সন্ধানহীন ১৫০জন লােকৰ ১২জন লােকক উদ্ধাৰ
উত্তৰাখণ্ডৰ হিম স্খলনৰ ফলত হঠাৎ হােৱা বানত ৰেইনী, বিৰাজী, আলকাপুৰী আৰু চিনাকা গাঁৱৰ পৰা কালি ৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি ডেৰাডুনৰ ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে প্ৰকাশ কৰিছে। অঞ্চলটোত হােৱা বানৰ পাছত ১৫০জন লােক সন্ধানহীন হৈ আছিল আৰু ইয়াৰে ১২জন লােকক উদ্ধাৰ কৰা হৈছে।
প্রধানমন্ত্রী মোদীয়ে কালি উত্তৰাখণ্ডৰ হিম স্খলনৰ পাছৰ পৰিস্থিতি পর্যালােচনা কৰি সমগ্র দেশ উত্তৰাখণ্ডৰ সৈতে আছে বুলি আশ্বাস প্রদান কৰে। প্রধানমন্ত্রীগৰাকীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্রী ত্রিবেন্দ্র সিং ৰাৱট আৰু অন্যান্য শীর্ষ বিষয়াসকলৰ সৈতে পৰিস্থিতি সন্দৰ্ভত কথা পাতে।
গৃহমন্ত্রী অমিত স্বাহে ৰাজ্যখনৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু ৰাজ্যখনলৈ সকলােধৰণৰ সহায় সহযােগিতা আগবঢ়াব বুলিও প্রকাশ কৰে। শ্বাহে লগতে কয় যে, তেওঁ ইতিমধ্যে মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱতৰ সৈতে কথা পাতিছে আৰু সংশ্লিষ্ট বিষয়াসকলে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে তৎপৰতাৰে কাম কৰি আছে ।
নতুন কৃষি আইন সম্পৰ্কত প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নতুন কৃষি আইনকেইখনে দেশৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলৰ উন্নয়ন সাধন কৰিব।
তেওঁ লগতে কয়, এই নতুন কৃষি আইনকেইখনৰ জৰিয়তে দেশৰ ১২ কোটিতকৈয়ো অধিক ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কৰ আকাংক্ষাসমূহৰ পূৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
দেশত বৰ্তমানলৈ ৫৮ লাখ লোকক কভিড-১৯ ৰ প্ৰতিষেধক প্ৰদান
দেশত বৰ্তমানলৈ ৫৮ লাখতকৈয়ো অধিক লোকক কোৱিড-১৯ ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে ।
কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে যোৱা ২৪ ঘণ্টাত ২৮ হাজাৰতকৈয়ো অধিক স্বাস্থ্যকৰ্মীক এই ছিটা প্ৰদান কৰা হৈছে।
নগাঁও সদৰ সমষ্টিত পৌৰসভা এলেকাৰ ১৪ টাকৈ উন্নয়ন মূলক আঁচনিৰ কামৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ
নগাঁও সদৰ সমষ্টিত পৌৰসভা এলেকাৰ বিভিন্ন অঞ্চলত আজি বিধায়ক ৰূপক শৰ্মাই ১৪ টাকৈ উন্নয়ন মূলক আঁচনিৰ কামৰ আধাৰশিলা স্থাপন কৰে।পৌৰসভাৰ মহলা সমূহত ৰাজ্যৰ স্ব-শিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আঁচনি এচ অ পি ডি ৰ অধীনত নিৰ্মাণ হবলগীয়া কেইবাটাও পথ আৰু সামাজিক অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰে।
উন্নয়ন মূলক আঁচনি সমূহৰ আধাৰশিলা স্থাপন কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে বিগত দিন সমূহত নগাঁও সদৰ সমষ্টিত বিভিন্ন উন্নয়ন মূলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত যৎপৰোনস্তি চেষ্টা কৰি আহিছো।নগাঁও সমষ্টিটো এটি জাকত জিলিকা সমষ্টি হিচাপে গঢ়ি তুলিবৰ বাবে বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰি আহিছো।উন্নয়নৰ ধাৰাবাহিকতা ৰক্ষা কৰি আজিও নগাঁও পৌৰসভাৰ অন্তৰ্গত কেইবাটাও অঞ্চলত কেইবাটাও পথৰ আধাৰশিলাৰ লগতে সামাজিক অনুষ্ঠানৰ আন্ত:গাঠনি উন্নয়নৰ আধাৰশিলা স্থাপনৰ কৰিছো ।আশাকৰিছো এই উন্নয়ন মূলক আঁচনি সমূহৰ জৰিয়তে জনসাধাৰণ উপকৃত হব।
আজি বিধায়ক পৌৰসভাৰ এলেকাৰ বিভিন্ন মহলাত আধাৰশিলা স্হাপন কৰা ১৪ টা আঁচনিৰ পথ আৰু সামাজিক অনুষ্ঠান সমূহ হৈছে২২ নং মহলাৰ বি বি পথ,৩নং মহলাৰ লাউখোৱা পথৰ উপপথ,২২নং মহলাৰ লক্ষী হাজৰিকা পথ,২২ নং মহলাৰ গান্ধী নগৰ পথ,৬ নং মহলাৰ এল এন বি পথ,৬নং মহলাৰ এল এন বি পথৰ উপপথ,৬নং মহলাৰ নামঘৰ পথৰ উপপথ ১,৬নং মহলাৰ আৰ আৰ বি পথৰ উপপথ,৬ নং মহলাৰ ৰূপহী পথ,২০ নং মহলাৰ হোমিঅ’ কলেজৰ সমীপৰ গৰুবাট পথ,২০ নং মহলাৰ কালী মন্দিৰ ,২৬নং মহলাৰ মিলনপুৰ নামঘৰ পথ,২৬ নং মহলাৰ মিলনপুৰ উদ্যানৰ চাৰিসীমা ,বিনাপাণি নাট্য মন্দিৰৰ আন্ত:গাঠনি উন্নয়ন।আনহাতে বিধায়ক গৰাকীয়ে আজি পৌৰসভাৰ ২৬ নং মহলাৰ মিলনপুৰত এটা “ক্ষুদ্ৰ বায়ফ্লক” আঁচনিৰ আধাৰশিলাও স্থাপন কৰে।
অসম চৰকাৰৰ মীন বিভাগৰ উদ্যোগত প্ৰধানমন্ত্ৰীৰ মৎস্য সম্পদ যোজনা আঁচনিৰ অধীনত ৰূপায়ণ হবলগীয়া ক্ষুদ্ৰ বায়ফ্লক আঁচনিৰ আধাৰশিলা অনুষ্ঠানত নগাঁও জিলা মীন উন্নয়ন বিষয়া ড: ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মনো উপস্থিত থাকে।ইপিনে নগাঁও জিলাৰ বৃহত্তৰ দক্ষিণপাট অঞ্চলত ১৯৪৬ চনতে কেইগৰাকীমান সমাজহিতৈষী ব্যক্তিৰ আপ্ৰাণ চেষ্টাত প্ৰতিষ্ঠা লাভ কৰা ঐতিহ্যমণ্ডিত দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খনে ২০২১ বৰ্ষত পয়সত্তৰ বছৰত ভৰি দিলে। ৷
এই উপলক্ষে অনুষ্ঠিত মহাৰজত জয়ন্তীৰ উদ্ধোধনী অনুষ্ঠানত আজি সদৰ সমষ্টিৰ বিধায়ক তথা মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি ৰূপক শৰ্মা উপস্থিত থাকি পুৱা মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন কৰে। বছৰযোৰা কাৰ্যসূচীৰে চলিবলগীয়া মহাৰজত জয়ন্তীৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি বিধায়ক গৰাকীয়ে বিদ্যালয় খনৰ আন্তঃগাঠনি উন্নয়নৰ বাবে ৫ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
বাক্সা জিলাত বিজেপিৰ ব্যাপক নিৰ্বাচনী তৎপৰতা
ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলৰ লগতে বিজেপি দলেও চলাইছে ব্যাপক নিৰ্বাচনী তৎপৰতা ৷ দলটোৱে তৃণমূল পৰ্যায়ত কৰ্মীসকলক লৈ ঠায়ে ঠায়ে অনুষ্ঠিত কৰিছে পৃষ্ঠা প্ৰমুখ সন্মিলন। আজি বাক্সা জিলাৰ ৬৩ নং চাপাগুৰি বিধান সভা সমষ্টিৰ মুছলপুৰত অনুষ্ঠিত হয় সমষ্টিভিত্তিক পৃষ্ঠাপ্ৰমুখ সন্মিলন। সন্মিলনত দলীয় স্থিতি সম্পৰ্কে বুজ লয় দলটোৰ অ’বিচি মৰ্চাৰ সভাপতি বিতোপন ৰাইদঙীয়াই । জিলা বিজেপিৰ উপসভাপতি ৰিদিপ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সন্মিলনত অংশগ্ৰহণ কৰি ৬৩ নং চাপাগুৰী বিধানসভা সমষ্টিৰ মুখ্য পৃষ্ঠপোষক কুমুদ দাসে উদ্বোধনী ভাষণত কয় যে ভাৰতীয় জনতা পাৰ্টী এটা ভাৰতবৰ্ষৰ নহয়, বিশ্বৰে অন্যতম শক্তিশালী ৰাজনৈতিক দল ৷ এই দলত যোগদান কৰি নিজকে ধন্য কৰক ৷ উন্নয়নৰ গতি যদি তৰান্বিত কৰিব লাগে তেনেহলে ভাৰতীয় জনতা পাৰ্টিয়েহে কৰিব লাগিব ৷ উন্নয়নৰ স্বাৰ্থত চাপাগুৰি সমষ্টিত পৰিৱৰ্তন হ’ব বুলি দোহাৰি কংগ্ৰেছ দলৰ মহাজোঁটে উন্নয়ন নহয় বিনাশহে কৰিব বুলি কটাক্ষ কৰে । তদুপৰি তেওঁ এইবাৰ বিজেপি দলে এশ শতাংশই ৰাজ্যত চৰকাৰ গঠন কৰিব বুলি কয় । দাসে লগতে আজি সন্মিলনত অংশগ্ৰহণ কৰা পৃষ্ঠা প্ৰমুখ সকলক সমষ্টিটোৰ প্ৰতিটো পৰিয়াললৈ গৈ খবৰ লবলৈও আহ্বান জনায়। জিলাখনৰ হাজাৰোধিক পৃষ্ঠা প্ৰমুখে অংশ লোৱা সন্মিলনত বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহালৰ লগতে পংকজ দাস, তৰুণ বসুমতাৰী, ৰমেশ দাসকে ধৰি কেবাজনো বিজেপি নেতা উপস্থিত থাকে ৷ উল্লেখ্য যে আজিৰ এই পৃষ্ঠা প্ৰমুখ সন্মিলনে চাপাগুৰি বিধান সভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীক এক নতুন মাত্ৰা প্ৰদান কৰে।###Attachments area
আজি পানবজাৰ মহিলা আৰক্ষী থানাত হাজিৰ হ’ব লাগিব জুবিন গাৰ্গ
অসমৰ দুগৰাকী জনপ্ৰিয় অভিনেত্ৰীক উদ্দেশ্যি আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক । আজি পানবজাৰ মহিলা আৰক্ষী থানাত হাজিৰ হ’ব লাগিব জুবিন ।
সোমবাৰে বিয়লি ৫বজাত পানবজাৰ মহিলা আৰক্ষী থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে, এক ৰাজহুৱা অনুষ্ঠানত জুবিন গাৰ্গে অভিনেত্ৰী নিশিতা গোস্বামী আৰু প্ৰস্তুতি পৰাশৰক উদ্দেশ্যি আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে। মহিলা আয়োগে নিজাববীয়াকৈ গোচৰ তৰিছিল জুবিনৰ বিৰুদ্ধে। ইয়াৰ পূৰ্বে নিশিতা আৰু প্রস্তুতিৰ ভাষ্য গ্ৰহণ কৰিছিল আৰক্ষীয়ে।
বাজেটত আয়কৰ নিয়মৰ কিছু সালসলনি : ৫টা নতুন নিয়ম
এই সালসলনি ১ এপ্ৰিল ২০২১ৰ পৰা কাৰ্যকৰী হ’ব।কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা বাজেটত আয়কৰৰ নিয়মৰ কিছু সালসলনি কৰা হৈছে।কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত ২০২১–২২ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিলে।
সকলোৱে আশা কৰিছিল ক’ৰণা মহামাৰীৰ পৰৱৰ্তী সময়ত ব্যক্তিগত আয়কৰ গাঁঠনিৰ পৰিৱৰ্তন কৰি সাধাৰণ জনতাক সকাহ দিয়াৰ চেষ্টা কৰিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ।
৭৫ বছৰৰ ওপৰত যাৰ বয়স, সেই পেঞ্চনভোগীসকলে আয়কৰ ৰিটাৰ্ণ জমা দিব নালাগে। এই প্ৰবীণ নাগৰিকসকলক সুদৰ পৰা প্ৰাপ্ত আয়ো কৰমুক্ত কৰিছে বাজেটত। এই পৰিৱৰ্তনসমূহ ১ এপ্ৰিল ২০২১ৰ পৰা কাৰ্যকৰী কৰা হ’ব।
ITR ফাইল নকৰিলে দুগুণ TDS আইটিআৰ ফাইলিং বঢ়োৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে TDSৰ কিছু নিয়মৰ পৰিৱৰ্তন কৰিছে। যিসকলে আইটিআৰ ফাইল নকৰে তেওঁলোকৰ বাবে এয়া আৰু কঠোৰ কৰা হৈছে।
ইয়াৰ বাবে চৰকাৰে আয়কৰ আইনে 206AB ধাৰা সংযুক্ত কৰিছে। নতুন আইন অনুসৰি, ITRৰ ফাইল নকৰিলে আপুনি ১ এপ্ৰিল ২০২১ৰ পৰা দুগুণ TDS দিব লাগিব। নতুন বিধি অনুসৰি, যিসকলে আয়কৰ ৰিটাৰ্ণ দাখিল নকৰে তেওঁলোকৰ ওপৰত কৰ সংগ্ৰহৰ উৎস বেছি হ’ব।
মিত্ৰজোঁটৰ চৰকাৰ হলে প্ৰতিখন জিলাতেই হব মেডিকেল কলেজ বিশ্ববিদ্যালয় : বিজেপিক উৎখাতৰ আহব্বান
হিমন্ত বিশ্ব শৰ্মাই বাৰু মঞ্চত কিয় নাচি থাকে? আপুনি ভবাৰ দৰে নিৰ্ৰংবাচনী প্ৰচাৰৰ বাবে নাচি থাকে নেকি মন্ত্ৰী হিমন্ত? আজমলৰ মতে- ৰাতিপুৱা ব্যায়াম কৰিবলৈ পাহৰিলে মঞ্চত নাচি হেনো শৰীৰ চৰ্চা কৰে মন্ত্ৰীজনে। এজন দায়িত্বশীল মন্ত্ৰীৰ এনে নাচোনে এইবাৰ কোনো কাম নিদিয়ে বুলি কটাক্ষ কৰি মন্ত্ৰীজনক বিভাজনৰ ৰাজনীতি পৰিহাৰ কৰিবলৈ আহব্বান জনায়। আজি দৰং জিলাৰ দলগাঁৱত এ আই ইউ ডি এফৰ বিশাল জনসভাত মজিবুৰ ৰহমানৰ হৈ চলোৱা প্ৰচাৰ অভিযানত এইদৰে মন্তব্য কৰে সাংসদ বদৰুদ্দিন আজমলে । দলগাঁৱৰ জনসভাৰ পৰাই নিৰ্বাচনী ৰণশিঙা বজাই আজমলে বিজেপি মিত্রজোঁট চৰকাৰক তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি লয়। তিনিমাহৰ পিছত আমাৰ মিত্ৰজোটৰ চৰকাৰ হব, আমি প্ৰত্যেক জিলাতে ইউনিভাৰছিটি আৰু চিকিৎসা মহাবিদ্যালয় দিয়াৰ আশ্বাস দিয়ে আজমলে ।ঢেকীয়াজুলিত আজি উপস্থিত প্ৰধান মন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰকটাক্ষ কৰি ভাষণ ৰাখে আজমলে । লগতে কয় যে হিমন্তই আমাৰ হস্পিতাল , স্কুল কলেজ বন্ধ কৰিব বিচৰে । হিমন্তই এটা বন্ধ কৰিলে আমি দহটা খুলিম । দলগাঁৱত কংগ্ৰেছৰে গঠবন্ধন আছে যদিও মজিবুৰ ৰহমানকে বিজয়ী কৰাবলৈ আহ্বান জনায় বদৰুদ্দিন আজমলে। আজমলে সন্মুখৰ জনসমূদ্ৰক উদ্দেশ্য কৰি কয় যে, আপোনালোকৰ ৰায় মই মহাজোঁটক জনাম।যদি মহাজোঁট বন্ধনে আমাৰ দাবী নামানে ৰাইজৰ সমৰ্থনত মজিবুৰ ৰহমানক জয়ী কৰাবলৈ ৰাইজৰ পৰা প্ৰতিশ্ৰুতি লয় আজমলে। আজমলৰ এনে মন্তব্যই মহাজোঁটত যে মহাযঁট লগাব তাৰেই ইংগিত বহন কৰিছে। জনসভাত উপস্থিত এআই ইউ ডি এফ ৰ আন আন কেন্দ্রীয় নেতা ক্ৰমে আমিনুল ইছলাম, ৰফিকুল ইছলাম, মাহমুদুল হাছান, বছিৰ আহমেদ কাছিমি,বিধায়ক আমিনুল ইছলাম আদিয়েও বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰাৰ সমান্তৰালভাৱে কংগ্ৰেছৰ বিধায়ক ইলিয়াছ আলীক তীব্ৰ সমালোচনা কৰে। বিধায়ক হিচাপে ইলিয়াছ আলীয়ে কোনো দিনেই ৰাইজৰ কোনো সমস্যা লৈ বিধান সভাত মাত মতা নাই। আনকি বেছিমাৰীত পুলিচৰ গুলিত কৃষক মৃত্যু হোৱা ঘটনা বিষয়ে বিধান সভাত বিধায়ক আমিনুল ইছলামে উত্থাপন কৰাৰ সময়ত ইলিয়াছ আলীয়ে বিৰোধীতা কৰা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। জনসভাত কোৱা ধৰনে বদৰুদ্দিন আজমলে যদি নিজৰ সিদ্ধান্তত অটল থাকে বিৰোধী মহাজোটৰ মাজত মহাযট লাগিব তাৰে ইংগিত দি গল আজমলে। আজমলৰ এনে মন্তব্যৰ পিছত মহাজোঁত কেনে প্ৰভাৱ পেলায় সেয়া লক্ষণীয় হব।
থুকি তামোল আৰু গুচি পানেৰে বৰষাৰ ঘৰত টোপোলা পেলালে ভাস্কৰে
অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু যোৰহাটৰ শিক্ষক ভাস্কৰ বৰুৱাৰ বিয়ালৈ মাজত কেইটামান দিন।

আৰম্ভ হ’ল বিয়াৰ পৰম্পৰাগত নিয়ম ।

দেওবাৰে তামোল-পাণ পেলোৱা নিয়ম সম্পন্ন হ’য় উজানবজাৰস্থিত বৰষাৰাণীৰ ঘৰত ।

22 ফেব্ৰুৱাৰী ২০২১ত সম্পন্ন হ’ব বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ বিবাহ ।










