আজি পবিত্ৰ ঈদ-উল-ফিটৰ। এমাহ ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰা এই পবিত্ৰ ঈদৰ উৎসৱ ম্লান পৰা দেখা গৈছে। জাক জমকতাৰ বিপৰীতে ঈদগাহ ময়দান সমূহত দেখা গল এক নিমাও মাও পৰিবেশ। ৰাজ্য চৰকাৰৰ নিৰ্দেশৰ প্ৰতি সন্মান জনাই প্ৰতি গৰাকী ইছলাম ধৰ্মালম্বী লোকে ঘৰুৱাভাবে আদায় কৰিলে ঈদৰ নামাজ। দৰঙৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক মাৰুৱাচকী ইদগাহ ময়দানত কোনো লোক উপস্থিত নোহোৱা পৰিলক্ষিত হৈছে। ইয়াৰ বিপৰীতে ঘৰৰ পৰাই ঈদৰ নামাজ আদায় কৰিছে বুলি জানিব পৰা গৈছে।যাৰবাবে বৃহত্তৰ দুমুনীচকী অঞ্চলৰ ৰাইজৰ একমাত্ৰ ইদগাহ ময়দানত সূচনা হৈছে এক নিমাওমাও পৰিবেশ।
হৃদয়বিদাৰক! নগাঁও জিলাৰ বঢ়মপুৰত ২০ টা বনৰীয়া হাতীৰ মৃত্যু
নগাঁও জিলাৰ বঢ়মপুৰত এক কৰুণ ঘটনা।বামুনী পাহাৰৰ দুৰ্গম ওখ চুৰাটত এটা বনৰীয়া হাতীৰ জাকৰ মৃত্যু।
প্ৰায় ২০ টাকৈ হাতীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।প্ৰাৰ্থমিক অনুসন্ধানত বজ্ৰপাতৰ ফলত মৃত্যু হোৱা বুলি জানিব দিয়ে বনবিভাগে।
নগাঁৱৰ বন বিভাগে আজি বিয়লি গ্ৰামাঞ্চলৰ লোকৰ পৰা জানিব পাৰি পাহাৰটোত অনুসন্ধান কৰাৰ ব্যবস্থা কৰিছিল।অতি দুৰ্গম স্থান হোৱাৰ বাবে বনবিভাগও বহু অসুবিধাৰ সন্মুখীন হয়।
উল্লেখ্য যে, বঢ়মপুৰত প্ৰকৃতিৰ বুকুত ২০ টাকৈ হাতী হেৰাই যোৱা সন্দৰ্ভত তেজপুৰৰ প্ৰকৃতি প্ৰেমী দিলিপ নাথে চি বি আইৰ তদন্তৰ আহ্বান অসম চৰকাৰক।
আনহাতে, নগাঁও জিলাৰ বঢ়মপুৰৰ তপতজুৰি পাহাৰত বজ্ৰপাতৰ ফলত ২০টা বন্যহস্তীৰ কৰুণ মৃত্যুৰ বাতৰি অত্যন্ত দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে। বন্যপ্ৰাণীৰে সমৃদ্ধ আমাৰ বনাঞ্চলৰ বাবে এয়া এক বৃহৎ ক্ষতি বুলি তেওঁ কয়।
পৰিয়াল পৰিচয় পত্ৰত অসমীয়া ভাষাক এলাগি:জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
বিটিআৰ’ৰ ওদালগুৰি জিলাত যিবোৰ নতুন পৰিয়ালৰ মাজত পৰিয়াল পৰিচয় পত্ৰ বিতৰণ কৰা হৈছে তাত অসমীয়া ভাষাক এলাগি কৰি বড়ো আৰু বাঙালী ভাষাহে ব্যৱহাৰ কৰা হৈছে বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা সমিতিয়ে তীব্ৰ ভাষাৰে প্ৰতিবাদ জনাই ওদালগুৰি জিলা উপায়ুক্তৰ জৰিয়তে বিটিআৰ প্ৰধান প্ৰমোদ বড়োলৈ ১৩মেত এখনি স্মাৰকপত্ৰ প্ৰদান কৰে।জিলা সমিতিৰ সভাপতি কন্ঠ কুমাৰ দাস আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মন্টু কুমাৰ তালুকদাৰে স্মাৰক পত্ৰত উল্লেখ কৰি কয়- বিটিআৰ’ৰ দ্বিতীয় জিলা ওদালগুৰিত পৰিয়াল পৰিচয় পত্ৰত অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত ৰাজ্যিক অসমীয়া ভাষাটোক বিটিআৰ চৰকাৰে অবহেলা কৰাত আমি সংগঠন হিচাপে দুখ প্ৰকাশ কৰিছোঁ আৰু বৰ্তমান সময়ত এয়া এক উদ্বেগজনক ,প্ৰৰোচনামূলক কথা।সেয়ে বিটিআৰ প্ৰশাসনে অতি স্পৰ্ষকাতৰ বিষয়টো গুৰুত্ব সহকাৰে মৰ্যদা অক্ষুন্ন ৰাখি অসমীয়া ভাষা সন্নিবিষ্ট কৰি নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ ছপা কৰি বিতৰণ কৰিবলৈ দাবী জনাই।অন্যথা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিয়ে গনতান্ত্ৰিকভাবে তীব্ৰ আন্দোলন গঢ়ি তোলা হব বুলি ১৩মেত স্মাৰক পত্ৰ যোগে বিটিআৰ প্ৰধানলৈ সকিয়াই দিয়ে।
ওদালগুৰিত ক’ৰণাত আক্ৰান্ত ৪৫ গৰাকীসহ মুঠ ১০৬৭ গৰাকী :মৃত্যুৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি
ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি ১৩মেলৈ ওদালগুৰিত ৪৫ গৰাকী কৰোনাত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত দ্বিতীয় পৰ্যায়ত এক এপ্ৰিলৰ পৰা ১৩মেলৈ আক্ৰান্তৰ সংখ্যা ১০৬৭গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে বৰ্তমানলৈ ১৩মেলৈ ৫৪২ গৰাকীক পৰীক্ষা কৰাৰ পিছত ৪৫ গৰাকী দেহত কৰোনা ধৰা পৰে।ইয়াৰ ভিতৰৰ ৮৭ গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৩০২ গৰাকী হোম আইচিলেচনত চিকিৎসাধীন আছে।সুস্হ হৈ উঠা ৪৯ গৰাকীক ঘৰলৈ যাবলৈ দিয়া হয়।ইপিনে শেহতীয়া তথ্য অনুসৰি ওদালগুৰিত দুজন লোক ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱাত মাৰ্চ’২১ৰ পৰা এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা১৯ জনলৈ বৃদ্ধি পালে।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে সজাগ আৰু সচেতন হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি চলিবলৈ স্বাস্হ্য বিভাগে আহ্বান জনায়।আনপিনে সমগ্ৰ জিলাখনত কভিড ভেকচিন দি থকা হৈছে ৷যদিও আবশ্যক অনুসৰি ভেকচিন নথকাৰ বাবে ভেকচিন লবলৈ আগ্ৰহী সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈ আহিছে ৷তাৰ বাবে ১৩মে ওদালগুৰি জিলাৰ জিলা নিৰ্বাচনী বিষয়া দেৱাশীষ বৰঠাকুৰে ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ওৰাং প্ৰাথমিক বিদ্যালয়ৰ ভেকচিন কেন্দ্ৰত ক’ভেস্কিন লৈছে ৷ইতিমধ্যে ওৰাং আৰু ধনশ্ৰীঘাটৰ ভেকচিন কেন্দ্ৰত যোৱা ৭,৮ আৰু ১৩মেলৈ ১৮বছৰৰ পৰা ৪৪বছৰলৈ মুঠ ৬৭০গৰাকীক ক’ভেস্কিন প্ৰদান কৰা হৈছে বুলি স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা গৈছে ৷
কাকজান চাহবাগিচাৰ সমবায় সমিতিৰ এজেন্টৰ বিৰুদ্ধে অভিযোগ নাকচ কৰিলে স্থানীয় ৰাইজে
যোৰহাট জিলা হোলোঙাপাৰ গাঁও পঞ্চায়তৰ সমবায় সমিতিৰ অন্তৰ্গত কাকজান চাহ বাগিচাৰ সুলভ মূল্যৰ সামগ্ৰীৰ এজেণ্ট অনিল কুমাৰ গুপ্তাৰ বিৰুদ্ধে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ( আছা) ই যি অভিযোগ আনিছে সেইখিনি ভিত্তিহীন বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে । জানিবলৈ দিয়া মতে কাকজান চাহ বাগিচাৰ বাসিন্দা তথা সমবায় এজেন্ট অনিল কুমাৰ গুপ্তাৰ বাসগৃহত যোৱা ৭ মে’ তাৰিখে সুলভ মূল্যৰ দোকানৰ এখন অসামৰিক খাদ্য সামগ্ৰী বিতৰণ তথা তদাৰক সমিতিৰ গঠনৰ উদ্দেশ্য এখন সভা স্থানীয় ৰাইজৰ মাজত অনুষ্ঠিত হয়। সভাত উত্তম কালন্দীক সভাপতি,সঞ্জু তাঁতীক উপ-সভাপতি আৰু অনিল কুমাৰ গুপ্তাক সম্পাদক হিচাপে লৈ এখন খাদ্য বিতৰণ সমিতি গঠন কৰে । উল্লেখ যে ইয়াৰ আগতে ৩০/১/২০২০ তাৰিখে স্থানীয় ৰাইজৰ উপস্থিতিত সমবায় সমিতি খনৰ খেলিমেলি সন্দৰ্ভত এখন সভা অনুষ্ঠিত হৈ স্থানীয় গ্ৰাহক ৰাইজে এজেন্ট অনিল কুমাৰ গুপ্তাক ভৱিষ্যতে কোনো খেলিমেলি নকৰিবলৈ সতৰ্ক কৰি সকলো ক্ষমাদান কৰে । গ্ৰাহক সকলে জনোৱা মতে বাগিছা অঞ্চলৰ সমবায় সমিতি খন বনুৱা ৰাইজৰ দ্বাৰা পৰিচালনা হয় । বৰ্তমান ক’ভিড পৰিস্থিতিত চাউল আৰু অন্যান্য সামগ্ৰী ৰাইজে নাপালে জীয়াতু ভুগিব লগীয়া হ’ব । সেয়েহে ৰাইজৰ সিদ্ধান্ত অনুসৰি সমবায় খনৰ কামকাজ চলি থাকিব লাগিব । কোনো সংগঠনে ব্যক্তিগত লাভালাভৰ বাবে সমিতি খনৰ সামগ্ৰী বিতৰণ কাৰ্য বন্ধ কৰিবলৈ দিয়া ন’হব । ইতিমধ্যে দুয়োখনৰ সভাৰ প্ৰতিলিপি খাদ্য আৰু অসামৰিক যোগান বিভাগৰ যোৰহাট কাৰ্যালয়ক জমা দিয়া আছে। সেয়েহে কোনো সংগঠনৰ মিছা অভিযোগত বিভাগীয় বিষয়া সকলে গ্ৰাহক আৰু স্থানীয় ৰাইজৰ মাজত অশান্তি সৃষ্টি নকৰিবলৈ আহ্বান জনায় ।
ৰঙিয়াৰ গাৱে-ভূঞে অভিযান কামৰূপ আৰক্ষী প্ৰশাসনৰ।
ক’ভিডৰ নতুন প্ৰটʼকল বলৱৎ কৰিবলৈ ব্যপক তৎপৰ হৈ পৰিছে কামৰূপ জিলা প্ৰশাসন । কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক হিতেশ চন্দ্ৰ ৰয় আৰু বিষয়া আচিফ মহম্মদ হুচেইন,ৰঙিয়া মহকুমা আৰক্ষী বিষয়া মৃগাক্ষী ডেকাৰ সহযোগত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰতন দাস সহ আৰক্ষীৰ এক বৃহৎ দলে আজি দিনৰ ২:००বজাৰ পৰা ৰঙিয়া চহৰৰ মাজমজিয়াৰে তিনিআলী হৈ গোগমালাচা ,বিহাপাৰা পুনৰ ষ্টেচন ৰোডৰ পৰা উদিয়ানাহৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সামৰণী মাৰে । ৰঙিয়াৰ গাৱে গাৱে অভিযান চলাই প্ৰথম বাৰৰ বাবে নিয়মনমনা লোক সকলক বুজনি দিয়া দেখা যায় । আনহাতে এই অভিযান কালত একাংশ অসচেতন লোকে দোকান পোহাৰ খুলি ৰখা পৰিলক্ষিত হয় , একাংশ মাক্স পৰিধান নকৰা লোকক বিনামূলীয়াকৈ মাক্স বিতৰণ কৰাৰ ওপৰিও অভিযান কালত ৰঙিয়াৰ নিকটৱৰ্তী উদিয়ানা কাদিমী মছজিদৰ ইমামক সাক্ষাৎ কৰি ঘৰে ঘৰে ঈদৰ নামাজ আদায় কৰাৰ বাবে আহ্বান জনাই। কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক গৰাকীয়ে। অহাকালিৰ পৰা অধিক কঠোৰ হʼব বুলি ঘোষণা কৰে কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক গৰাকীয়ে ।
বিশ্বনাথত আইন অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী ।
অসম চৰকাৰৰ প্ৰথমখন কেবিনেটৰ পিছত যি নতুন এচ .অ. পি. প্ৰকাশ কৰিছিল তাৰ পিছত বিশ্বনাথ আৰক্ষী আজি কঠোৰ হোৱা পৰিলক্ষিত হৈছে । দিনৰ দুই বজাৰ পিছত ব্যক্তিৰ চলাচলত যি বাধা প্ৰদান কৰা হৈছিল তাক লৈ সক্ৰিয় হৈছে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপুল কুমাৰ বড়ো। যি সকল ব্যক্তি বিনা কাৰণত নিয়ম উলংঘা কৰি ওলাই আহিছে তেওঁলোকক সোধ পোচ কৰাৰ লগতে নতুন নিয়মাৱলীৰ বিষয়ে বুজাই পঠিয়ায়। এনেদৰে যদি বিশ্বনাথবাসীয়ে আইন উলংঘা কৰে তেনেহলে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা লব বুলিও জনায়।
মাৰ্ঘেৰিটাত কৃষি ভূমি বিনষ্ট কৰি অবৈধ ভাবে স্থাপন ইটাভাটা।
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত কৃষিভূমি বিনষ্ট কৰি অবৈধ ভাবে ইটাভাটা স্থাপনৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে। মাৰ্ঘেৰিটা নগৰৰ পৰা কেই কিলোমিটাৰ মান নিলগৰ ঐতিহ্যমণ্ডিত ৰাজখোৱা পথাৰৰ কৃষিভূমি ধ্বংস কৰি একমাত্ৰ ব্যক্তিগত মুনাফা লুটাৰ স্বাৰ্থতেই “এ বি” নামেৰে এটা ইটাভাটা স্থাপন কৰাৰ অভিযোগ তুলিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়ে। মাৰ্ঘেৰিটাৰ আৰক্ষীৰ থানাৰ অন্তৰ্গত কেটেতং গাও পঞ্চায়তৰ অধীনৰ ঐতিহ্যমণ্ডিত ৰাজখোৱা পথাৰত “এ বি” নামেৰে এটা ইটাভাটা খোলাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে।যি সময়ত কৃষিভূমি ৰক্ষাৰ বাবে নতুনকৈ ভূমি আইন প্ৰৱৰ্ত্তন কৰা হৈছে তেনে সময়তে কাৰ সাহসত চৰকাৰী কোনো ধৰণৰ নথি পত্ৰ অবিহনে শ শ বিঘা ৰোপিত মাটিৰ ধ্বংস কৰি ইটাভাটা স্থাপন কৰিছে বুলি চি এম এচ এচৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি পাপু দত্তই প্ৰশ্ন উত্থাপন কৰিছে।অবৈধ ভাবে নিৰ্মাণ কৰা ইটাভাটা বন্ধ কৰিবৰ বাবে দাবী উত্থাপন কৰাৰ লগতে মহকুমাধিপতি আৰু ৰাজহ চক্ৰ বিষয়াকো নিৰ্মীয়মান অৱস্থাত থকা ভাটাটো অনতিপলমে বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
আজি মুক্তি পাব ছলমানৰ নতুন ছবি ‘ৰাধে’
ক’ভিড পৰিস্থিতিৰ বাবে বিগত বছৰত ছলমান খানৰ কোনো ছবি মুক্তি পোৱা নাছিল।এইবাৰো তাৰ ব্যতিক্ৰম নহয়। দেশত ক’ভিড মহামাৰীৰ দাবানলৰ বাবে বিশাল পর্দাৰ পৰিৱৰ্তে OTT-তেই মুক্তি পাবলৈ ওলাইছে ‘ৰাধে’। প্রাথমিক পৰ্যায়ত ছবিৰ প্রযোজক-অভিনেতা ছলমন খান আৰু পৰিচালক প্রভু দেবাই ‘ৰাধে’ক বিশাল পর্দাতেই মুক্তি দিয়াৰ পোষকতা কৰিছিল। কিন্তু বাৰে বাৰে তাৰিখ দিয়া সত্ত্বেও মহামাৰীৰ পৰিপ্ৰেক্ষিতত পিছুৱাবলগীয়া হৈছে ছবিখনৰ মুক্তিৰ তাৰিখ।দুর্গাপূজা, দীপাৱলী পাৰ হৈ অৱশেষত বৃহস্পতিবাৰ ঈদৰ দিনাই মুক্তি পাবলৈ ওলাইছে বহুল প্রতীক্ষিত ছবি ‘ৰাধে’।
বতৰৰ আগজাননীঃ অসমকে ধৰি বিভিন্ন ৰাজ্যত ২–৩ দিন ধৰি হ’ব প্ৰবল বৰষুণ
অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত অহা দুই–তিনি দিন ধৰি বিজুলী–ঢ়েৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ ভূ–বিজ্ঞান মন্ত্রালয়ে প্রকাশ কৰা আগজাননী অনুসৰি প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে উত্তৰাখণ্ড, পশ্চিমবংগ, ওড়িশা, অৰুণাচল প্রদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্রিপুৰা, কর্ণাটকৰ বিভিন্ন অঞ্চল, তামিলনাডু আদি অঞ্চলত৷ মন্ত্রালয়ৰ বিবৃতিত প্রকাশ পোৱা মতে, বৰষুণ, বিজুলী–ঢ়েৰেকনিৰে ব্রজপাত আদিয়ে পঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, জম্মু–কাশ্মীৰ, লাডাখ, হিমাচল প্রদেশ, তেলেংগানা আদি ৰাজ্যত প্রচণ্ড প্রভাৱ পেলাব পাৰে৷










