Breaking

ৰঙিয়াৰ গাৱে-ভূঞে অভিযান কামৰূপ আৰক্ষী প্ৰশাসনৰ।

0 2,048

ক’ভিডৰ নতুন প্ৰটʼকল বলৱৎ কৰিবলৈ ব্যপক তৎপৰ হৈ পৰিছে কামৰূপ জিলা প্ৰশাসন ।  কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক হিতেশ চন্দ্ৰ ৰয় আৰু বিষয়া আচিফ মহম্মদ হুচেইন,ৰঙিয়া মহকুমা আৰক্ষী বিষয়া মৃগাক্ষী ডেকাৰ সহযোগত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰতন দাস সহ আৰক্ষীৰ এক বৃহৎ দলে আজি দিনৰ ২:००বজাৰ পৰা ৰঙিয়া চহৰৰ মাজমজিয়াৰে তিনিআলী হৈ গোগমালাচা ,বিহাপাৰা পুনৰ ষ্টেচন ৰোডৰ পৰা উদিয়ানাহৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সামৰণী মাৰে । ৰঙিয়াৰ গাৱে গাৱে অভিযান চলাই প্ৰথম বাৰৰ বাবে নিয়মনমনা লোক সকলক বুজনি দিয়া দেখা যায় । আনহাতে এই অভিযান কালত একাংশ অসচেতন লোকে দোকান পোহাৰ খুলি ৰখা পৰিলক্ষিত হয় , একাংশ মাক্স পৰিধান নকৰা লোকক বিনামূলীয়াকৈ মাক্স বিতৰণ কৰাৰ ওপৰিও অভিযান কালত ৰঙিয়াৰ নিকটৱৰ্তী উদিয়ানা কাদিমী মছজিদৰ ইমামক সাক্ষাৎ কৰি ঘৰে ঘৰে ঈদৰ নামাজ আদায় কৰাৰ বাবে আহ্বান জনাই। কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক গৰাকীয়ে। অহাকালিৰ পৰা অধিক কঠোৰ হʼব বুলি ঘোষণা কৰে কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক গৰাকীয়ে ।

Leave A Reply