Home Blog Page 3055

কেন্দ্ৰীয় বাজেট অৰ্থনীতি, কৃষিক্ষেত্ৰৰ পৰা আৰম্ভ কৰি শিক্ষা আৰু আন্তঃগাথঁনি উন্নয়নত সহায়ক হ’ব : সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি সংসদত দাখিল কৰে কেন্দ্ৰীয় বাজেট । বাজেটত অসমৰ উন্নয়নৰ বাবে কেইবাটাও বিশেষ প্ৰস্তাৱ সন্নিবিষ্ট কৰা হৈছে । বাজেটত অহা তিনিবছৰত অসমত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ আৰু উন্নয়নৰ বাবে বৃহৎ পৰিমাণৰ পুজিৰ আৱণ্টন দিয়া হৈছে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় বাজেট সন্দৰ্ভত কয় যে, এই বাজেটখন অৰ্থনীতি, কৃষিক্ষেত্ৰৰ পৰা আৰম্ভ কৰি শিক্ষা আৰু আন্তঃগাথঁনি উন্নয়নত সহায়ক হ’ব । মুখ্যমন্ত্ৰীয়ে সংস্কাৰমুখী বাজেট দাখিল কৰাৰ বাবে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ।

উপৰাষ্ট্ৰপতি ভেংকাইয়া নাইডুএ কালি ৰাষ্ট্ৰীয় জনজাতীয় সমাৰােহ আদি মহােৎসৱ মুকলি কৰে

উপৰাষ্ট্ৰপতি ভেংকাইয়া নাইডু এ নতুন দিল্লীৰ দিল্লীহাটত কালি ৰাষ্ট্ৰীয় জনজাতীয় সমাৰােহ আদি মহােৎসৱ মুকলি কৰাৰ পাছত এটা ফেচবুক পষ্টৰ জৰিয়তে জনজাতি লােকসকলৰ বিশেষ পৰিচয় সংৰক্ষণৰ উদ্দেশ্যে বিকাশৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে আহ্বান জনাইছে।

বিশাল জনজাতীয় হস্তশিল্পৰ বিষয়ে উল্লেখ কৰি ভেংকাইয়া নাইডু এ এই লােকসকলৰ আয় বৃদ্ধি কৰাৰ লগতে জীৱন ধাৰণৰ মান উন্নত কৰাৰ আৰু তেওঁলােকৰ হস্তশিল্প তথা বিভিন্ন কৌশলসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ প্রয়ােজনীয়তাৰ ওপৰত গুৰুত্ব আৰােপ কৰে।

মৰিগাঁও নিজ কপাহেৰাত চাওলুং চুকাফা দিৱস সম্পন্ন

মৰিগাঁও জিলাৰ নিজ কপাহেৰাত দুদিনীয়াকৈ চুকাফা দিৱস পালন কৰা হয়। অসম আৰু অসমীয়া জাতি গঠনৰ পুৰুধা পুৰুষ চাওলুং চুকাফাৰ ত্যাগ আৰু বীৰত্বক সুৱঁৰি যোৱা ৩০, ৩১ জানুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে চুকাফা দিৱস উদযাপন কৰা হয়। এয়েলৈ প্ৰথম দিনা সন্ধিয়া ৬ বজাত ফী মুঙ পূজা কৰা হয় মহন বাইলুং সন্মিলন পণ্ডিত পৰিষদৰ দ্বাৰা। দ্বিতীয় দিনা পূৱা  ৯ বজাত পতাকা উত্তোলন কৰে জিলা শিক্ষা বিষয়া কমল জ্যোতি গগৈয়ে। ১০ বজাত চুকাফাৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পন কৰে জিলা টাইপাৰ সভাপতি দিব্যজ্যোতি সন্দিকৈয়ে। ১১ বজাত সমূহীয়া প্ৰাথনা সভা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছতে ১১,৩০ বজাত পৰিচালনা সমিতিৰ সভাপতিৰ ঠগীত চন্দ্ৰ বৰদলৈৰ সঞ্চালনত মুকলি সভা অনুষ্ঠিত হয়। এই সভাত কেন্দ্ৰীয় টাইপা সমিতিৰ সভাপতি দিলীপ গগৈ উপস্থিত থাকি ভাষণ প্ৰদান কৰে। জিলা আৰক্ষী অধীক্ষক নন্দসিঙ বৰকলা উপস্থিত থাকি অসমীয়া জাতীয় জীৱনত চুকাফাৰ অৱদান সম্পৰ্কে কয়।ধন্তি বৰুৱাই উদ্বোধনী ভাষণ দি উপস্থিত সমূহ অতিথিকেঅসমীয়া জাতিৰ বাবে চাওলুং চুকাফাৰ এই দিৱসৰ গুৰুত্বৰ বিষয়ে অৱগত কৰে।সভাত অঞ্চলৰ বিদ্যালয়ৰ অধ্যক্ষ সকলৰ লগতে দুই শতাধিক লোক উপস্থিত থাকে।
খাইৰুল ইছলাম ভূৰাগাঁও মৰিগাঁও 

হোজাইৰ মোৰাঝাৰ আৰক্ষীৰ তৎপৰতাত উৎখাত বৃহৎ নাৰী সৰবৰাহকাৰী চক্ৰ

সোমবাৰে নিশা ১০.৩০ বজাত হোজাই উপ আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত মোৰাঝাৰ থানা আৰু দেৱস্থান আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে অভিযান চলাই যমুনাগাঁৱৰ পৰা নাৰী দেহ ব্যৱসায়ী চক্ৰ তথা নাৰী সৰবৰাহকাৰী চক্ৰৰ হাতৰ পৰা উদ্ধাৰ কৰে কেইবাগৰাকীও কিশোৰী আৰু যুৱতীসকলক ৷

বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি তৎকালীনভাৱে অভিযান চলাই উদ্ধাৰ কৰে কিশোৰী আৰু যুৱতীসকলক ৷

আৰক্ষীয়ে নাৰী সৰবৰাহকাৰী চক্ৰৰ এজন যুৱক আৰু তিনিগৰাকী মহিলা আৰু এগৰাকী যুৱতীক আটক কৰিবলৈ সক্ষম হয়৷

এইসকল নাৰী সৰবৰাহকাৰী চক্ৰৰ লগত এটা আন্তৰাষ্ট্ৰীয় চক্ৰ জড়িত হৈ থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷

বহিঃৰাজ্যত বিক্ৰী কৰিবলৈ এই সৰবৰাহকাৰী চক্ৰটোৱে তিনিচুকীয়া তথা ইয়াৰ আশে পাশে থকা অঞ্চলৰ পৰা কৰ্মসংস্থাপন দিয়াৰ চলেৰে ফুচলাই আনিছিল কিশোৰী আৰু যুৱতীসকলক৷

হোজাই উপ আৰক্ষী অধীক্ষক দীপ্তি মালী আৰু মোৰাজাৰ আৰক্ষীৰ সঠিক পদক্ষেপৰ বাবে ৰক্ষা পৰিল ১১ গৰাকীকৈ কিশোৰী ৷

স্থানীয় ৰাইজে আৰক্ষীৰ এই ভূমিকাক প্ৰশংসা কৰি নাৰী সৰবৰাহকাৰী চক্ৰটোৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লবলৈ দাবী জনাইছে ৷

৬০০ গৰাকী নিৰ্বাচিত লেখক-লেখিকাক সম্বৰ্ধনা অসম চৰকাৰৰ

অসম চৰকাৰৰ অসম ভাষা গৌৰৱ আৰু প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত ৰাজ্যৰ সকলো থলোৱা ভাষাৰ ৬০ বছৰৰ অনূৰ্ধ ৬০০ গৰাকী নিৰ্বাচিত লেখক-লেখিকাক সম্বৰ্ধনা পত্ৰৰ লগতে ৫০ হাজাৰকৈ টকা প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে ।

কম্পিউটাৰ শিক্ষকক বিচাৰি ছাত্ৰ ছাত্ৰীৰ হাহাকাৰ

যিটো সময়ত সমগ্ৰ দেশতে ছাত্ৰ ছাত্ৰী সকলে অনলাইন ক্লাছত ব্যস্ত হব লগীয়াত পৰিছে তেনে সময়তে ৰাজ্যৰ হেজাৰ হেজাৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাজীৱ গান্ধী কম্পিউটাৰ শিক্ষা আঁচনিৰ অধীনত কম্পিউটাৰ কক্ষ থকাৰ পাছতো এতিয়া ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়ৰ কম্পিউটাৰ ৰুমত কম্পিউটাৰ  শিকিবলৈ শিক্ষকক বিচাৰি হাহাকাৰ কৰি থকা ঘটনাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শৈক্ষিক মহলত। উল্লেখযোগ্য যে ২০০৩ চনতে ৰাজ্যৰ বিদ্যালয় সমূহত ৰাজীৱগান্ধী কম্পিউটাৰ স্বাক্ষৰতা অভিযান আঁচনিৰ জৰিয়তে কম্পিউটাৰ শিক্ষা আৰম্ভ কৰা হৈছিল। এমত্ৰনৰ অধীনত কেবাটাও ব্যক্তিগত প্ৰতিষ্ঠানৰ জৰিয়তে শ শ শিক্ষক নিযুক্তি দিয়া হৈছিল যদিও বছৰ বছৰ ধৰি শিক্ষকতা কৰা এই সকল শিক্ষকৰ চাকৰিৰ ম্যাদ যোৱা দুই তিনিটা বছৰত পৰ্যায় ক্ৰমে শেষ হয়। পুনৰ নিযুক্তিৰ বাবে কম্পিউটাৰ শিক্ষক সকলে বহু প্ৰতিবাদ, আন্দোলন কৰাৰ পাছত সৰ্বানন্দ সোনোৱাল চৰকাৰে যোৱা বছৰত বাণীকান্ত কম্পিউটাৰ স্বাক্ষৰতা আঁচনিৰ জৰিয়তে প্ৰায় এঘাৰশ শিক্ষকক পুনৰ নিযুক্তি দিয়ে যদিও সূক্ষ্ম কাৰণত দুই সহস্ৰাধিকৰো অধিক শিক্ষক বাদ পৰি যায় এই চাকৰিৰ পৰা। সম্প্ৰতি হাতত চাকৰিৰ বাবে উপযুক্ত অৰ্হতা লৈও নিজৰ চাকৰিৰ বাবে ৰৈ থাকিব লগা হৈছে এই সকল শিক্ষকে। ইফালে  বিদ্যালয় সমূহত কম্পিউটাৰৰ সুব্যৱস্থা থকাৰ পাছতো কম্পিউটাৰ শিকিবলৈ ছাত্ৰ ছাত্ৰী সকলে শিক্ষকক নাপায় হাহাকাৰ কৰিব লগা হৈছে। বহু বিদ্যালয়ত একাংশ ছাত্ৰ ছাত্রীয়ে কম্পিউটাৰ বিজ্ঞান ঐচ্ছিক বিষয় হিচাবে লৈ এতিয়া শিক্ষকক নাপাই হাহাকাৰ কৰিব লৈছে। আনহাতে, ৰাজীৱ গান্ধী কম্পিউটাৰ শিক্ষা আঁচনিৰ অধীনত ২০১৩ চনত ৭৫০ জন উচ্চ শিক্ষিত কম্পিউতাৰ শিক্ষকক এমত্ৰনৰ দ্বাৰা ঠিকা ভিত্তিক হিচাবে নিযুক্তি দিয়া হৈছিল। সেই সময়ত এই সকল শিক্ষকক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা স্নাতকলৈ নিম্নতম ৫০ শতাংশ নম্বৰ আৰু কম্পিউটাৰ ডিপ্লোমা বাধ্যতামূলক কৰি আৰু নিযুক্তিৰ পূৰ্বে পৰীক্ষা লৈ বাছনি কৰি চাকৰিত নিয়োগ কৰিছিল। ২০১৬ চনত এই সকল শিক্ষকৰ চাকৰিৰ ম্যাদ উকলি গৈছিল যদিও শেহতীয়াকৈ ৰাজ্য চৰকাৰে বাণীকান্ত কম্পিউটাৰ শিক্ষা আঁচনিৰ জৰিয়তে নিয়োগ কৰা কম্পিউটাৰ শিক্ষকৰ পৰা বাদ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এই ৭৫০ গৰাকী উচ্চ শিক্ষিত ও সু অৰ্হতা সম্পন্ন শিক্ষকে। অভিযোগ মতে, বাণীকান্ত কাকতি আঁচনিত চাৰি বছৰ কম্পিউটাৰ শিক্ষক হিচাপে কাম কৰাৰ অভিজ্ঞতা বিচাৰিছিল যদিও এই সকল শিক্ষকৰ মাত্ৰ দুই- এমাহ অভিজ্ঞতা কম থকাৰ কাৰণে চৰকাৰে নাটকীয় ভাবে বঞ্চিত কৰে নতুন আঁচনিটোত নিযুক্তি দিয়াৰ পৰা। যাৰ কাৰণে নিজৰ চাকৰি হেৰুৱাই এতিয়া পৰিয়াল পোহপালৰ বাবে হাহাকাৰ কৰিব লগাত পৰিছে এওঁলোক । বাণীকান্ত আঁচনিত এই সকল শিক্ষকে নিজৰ নাম অন্তৰ্ভুক্ত হব বুলি সম্পূৰ্ণ আশ্বস্ত আছিল যদিও চাকৰিৰ পৰা বঞ্চিত হৈ মানসিক ভাৱে ভাগি পৰিছে তেওঁলোকে। অতি শীঘ্ৰে ৰাজীৱ গান্ধী কম্পিউটাৰ স্বাক্ষৰতা অভিযানত কাম কৰা সমূহ শিক্ষকক বাণীকান্ত কম্পিউটাৰ আঁচনিৰ অধীনত নিযুক্তি দিবলৈ সব কে সব কা বিকাশৰ কথা কোৱা চৰকাৰ খনৰ কথা কোৱা চৰকাৰ খনৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ জনাইছে ।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ দক্ষিণ বৰভাগ আঞ্চলিক সমিতিৰ উদ্যোগত চিত্ৰাংকণ আৰু ৰচনা প্ৰতিযোগিতা

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, দক্ষিণ বৰভাগ আঞ্চলিক সমিতিৰ উদ্যোগত কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি চিত্ৰাংকণ আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। দুটাকৈ শাখাত অনুষ্ঠিত কৰা দুয়োটা প্ৰতিযোগিতাত প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতা সমূহ শেষ হোৱাৰ পিছত বঁটা বিতৰণ কৰ্যসূচী অনুষ্ঠিত কৰা হয়। চিত্ৰাংকণ প্ৰতিযোগিতাৰ নিম্ন শাখাত প্ৰথম স্থান লাভ কৰে মঃ চাজিদ উল্লাহে, দ্বিতীয় স্থান লাভ কৰে কৃতাৰ্থ কলিতাই,তৃতীয় স্থান লাভ কৰে কুলদিপ দাসে। চিত্ৰাংকণ প্ৰতিযোগিতাৰ উচ্চ শাখাত প্ৰথম স্থান লাভ কৰে ভাৰ্গৱ তালুকদাৰে, দ্বিতীয় স্থান লাভ কৰে বনজিত দাসে, তৃতীয় স্থান লাভ কৰে দেৱাশীষ পাটোৱাৰীয়ে। আকৌ, ৰচনা প্ৰতিযোগিতাৰ নিম্ন শাখাত প্ৰথম স্থান লাভ কৰে পূৰ্ণিমা দাসে, তৰালী দাসে, তৃতীয় স্থান লাভ কৰে কৃতাৰ্থ কলিতাই। উচ্চ শাখাত প্ৰথম স্থান লাভ কৰে দেৱাশীষ পাটোৱাৰীয়ে, দ্বিতীয় স্থান লাভ কৰে জ্যোতিৰাজ বেজবৰুৱাই, তৃতীয় স্থান লাভ কৰে ভাৰ্গৱ তালুকদাৰে। বৰভাগ আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী জ্যোতিষ্মিতা শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত উক্ত সভাত উদ্বোধক হিচাপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ সাংগঠনিক সম্পাদক তাজিমউদ্দিন আহমেদ, মুখ্য অতিথি তথা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বৰভাগ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি কুলেশ চন্দ্ৰ ডেকা। লগতে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বৰভাগ আঞ্চলিক সমিতিৰ যুটীয়া সম্পাদক জিয়াউল ৰহমান, সংগঠনিক সম্পাদক বিৰু আলী আৰু বিতোপন হালৈ, সমাজসেৱা সম্পাদক দেৱাশিষ কলিতা, দক্ষিণ বৰভাগ শাখা সমিতিৰ সভাপতি প্ৰাঞ্জল হালৈ আৰু সাধাৰণ সম্পাদক বিকাশ দাস, উপ-সভাপতি পল্লৱ দাস, ভাস্কৰজ্যোতি দাস, কংকণ হালৈ আৰু চাহিদুল আলি আদি। প্ৰেৰণাদায়ক বক্তৱ্যৰে সমাপন হোৱা উক্ত সভাত স্থান প্ৰাপ্ত সকলক কিতাপৰ টোপোলা আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়।

বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অসমৰ বাবে দিলে সুখবৰ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ডিজিটেল পদ্ধতিৰে দাখিল কৰিলে ২০২১-২০২২বৰ্ষৰ বাজেট । সংসদত প্ৰথমবাৰৰ বাবে দাখিল কৰা হ’ল কাগজবিহীন বাজেট। ২০২১-২২ৰ বাজেটত অসমৰ বাবে বিশেষ পেকেজ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। আগন্তুক তিনিটা বৰ্ষৰ ভিতৰত অসমত ১৩০০ কিলোমিটাৰৰ নতুন ঘাইপথ নিৰ্মাণৰ প্ৰস্তাৱ এই বাজেটত। লগতে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে মুঠ ৩৪০০কোটি টকা ধাৰ্য কৰা হ’ল বাজেটত। অসম, তামিলনাডু, পশ্চিমবংগ আৰু কেৰালাৰ ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত ঘোষণা কৰা হ’ল বিশেষ পেকেজ। তামিলনাডুত ১.০৩ লাখ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হ’ব ৩৫০০কিলোমিটাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ। লগতে কেৰালাৰ ১১০০ কিলোমিটাৰৰ আন্তঃগাঁথনিৰ নিৰ্মাণৰ বাবে ধাৰ্য কৰা হয় ৬৫ হাজাৰ কোটি। তাৰোপৰি পশ্চিমবংগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ বাবে মুঠ ২৫০০০কোটিৰ বাজেট ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ।

অসম গাওঁৰক্ষী দিৱসত বৰপেটা সদৰ থানাৰ চক্ৰ সংগঠকক শ্ৰেষ্ঠ গাওঁৰক্ষী বঁটা প্ৰদান

অসমৰ ঐতিহ্য নগৰী হিচাপে খ্যাত শিবসাগৰ জিলাৰ তলাতল ঘৰৰ বাকৰিত আয়োজিত ২৮ আৰু ২৯ জানুৱাৰী তাৰিখে দুই দিনীয়া কাৰ্যসুচীৰে মুকলি সভাত বৰপেটা সদৰ থানাৰ চক্ৰ সংগঠক যোগেন দাসক শ্ৰেষ্ঠ গাওঁৰক্ষী বঁটা প্ৰদান কৰে ।  প্ৰত্যেক বছৰে ২৮  আৰু ২৯ জানুৱাৰীত গাওঁৰক্ষী বাহিনীৰ জন্ম দাতা হৰিনাৰায়ন বৰুৱাক সোঁবৰণত বাবে ৰাজ্যিক ভিত্তিত অসমৰ জিলা সমুহত  দুই দিনীয়া কাৰ্যসুচীৰে পালন কৰে আৰু জিলাৰ একোখনকৈ দক্ষ চক্ৰ সংগঠকক পুৰস্কাৰ কৰে । এইবাৰো শিবসাগৰত অনুষ্ঠিত কৰা অনুষ্ঠানত  আৰক্ষী সঞ্চালক প্ৰধান,কেইবাগৰকী বিধায়ক মন্ত্ৰী সহ অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে বৰপেটা সদৰ থানাৰ চক্ৰ সংগঠক যোগেন দাসক আনুষ্ঠানিকভাৱে শ্ৰেষ্ঠ বটা প্ৰদান কৰে ।২০২০ বৰ্ষত  জিলাৰ ভিতৰতে উল্লেখযোগ্য দক্ষতাৰে সেৱা আগবঢ়োৱাৰ বাবে বৰপেটা সদৰ থানাৰ চক্ৰ সংগঠক যোগেন দাসক হাতত এখন বটা আৰু প্ৰংশসা পত্ৰ  আগবঢ়ায়।

চলিত খাৰিফ বিপণন বৰ্ষত দেশৰ প্রায় ৮৬ লাখ কৃষক লাভান্বিত

চলিত খাৰিফ বিপণন বৰ্ষত দেশৰ প্রায় ৮৬ লাখ ৭৯ হাজাৰ কৃষক লাভান্বিত হৈছে। এই সময়চোৱাত কৃষকসকলে এক লাখ ১২ হাজাৰ ৭০৯ কোটি টকাৰ ন্যূনতম সমর্থন মূল্য লাভ কৰিছে। কেন্দ্রীয় কৃষি মন্ত্রালয়ে এই বিষয়ে প্রকাশ কৰি কৈছে যে দেশৰ ১৬ খন ৰাজ্যত নিয়াৰিকৈ ধানৰ ক্রয় প্রক্রিয়া অব্যাহত আছে।