Home Blog Page 3054

শাসনাধীস্থ চৰকাৰৰ বৈষম্যতাৰ বাবেই বিৰোধী বিধায়কৰ সমষ্টিৰ উন্নয়নত হেঙাৰ সৃষ্টি হৈছে

নাজিৰাত ৭ টাকৈ পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভণি কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

বৰ্তমানৰ শাসনাধীস্থ চৰকাৰে ” সকলোৱে লগত সম বিকাশ ” ৰ কথা আওৰাই আহিছে যদিও প্ৰকৃততে  বিৰোধী বিধায়ক থকা সমষ্টি সমূহ উন্নয়নৰ ক্ষেত্ৰত বৈষম্যতাৰ ভাৱে দৃষ্টি নিক্ষেপ কৰি অহাৰ বাবেই সেই সমষ্টি সমূহৰ উন্নয়নত হেঙাৰ সৃষ্টি হৈছে ।

যাৰ বাবে বিগত ২০১৯ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত শাসনাধীস্থ দলৰ বিধায়ক – মন্ত্ৰী থকা সমষ্টি সমূহৰ দৰে উন্নয়নৰ আচনি ৰূপায়ণৰ ক্ষেত্ৰত পৰ্যাপ্ত পুজি আৱণ্টন কৰাৰ ব্যৱস্থা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ জৰিয়তে গোচৰ তৰা হয় ।

এইদৰে কথা আক্ষেপেৰে ব্যক্ত কৰি আজি নাজিৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ৭ টাকৈ পথৰ উন্নয়নৰ কামৰ শুভাৰম্ভণি কৰি অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে , বিগত সময়ত অসমৰ আন আন সমষ্টিৰ লগতে নাজিৰা সমষ্টিৰ বাট – পথ , শিক্ষা , স্বাস্থ্য , খোৱা পানী , নদীৰ গৰাখহনীয়া প্ৰতিৰোধ , ঐতিহাসিক সম্পদৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধন তথা বিভিন্ন উন্নয়ন মূলক কামৰ বাবে সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী , মুখ্যমন্ত্ৰী লৈ বহু বাৰ নিবেদন জনাই পত্ৰ প্ৰদান কৰাৰ লগতে বিধান সভাৰ মজিয়াতো বাৰম্বাৰ উত্থাপন কৰি অহাৰ পিছতো চৰকাৰে বৈষম্যতা মূলক ভাৱে পুজি আৱণ্টন দিয়া নাছিল ।

আন আন সমষ্টিৰ লগতে নাজিৰা সমষ্টিৰ ৰাইজ , দল – সংগঠন আদিয়ে বাৰম্বাৰ পথ অৱৰোধ , প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ অন্তত সমাগত বিধান সভা নিৰ্বাচনৰ প্ৰাকমূহুত্বত ঐতিহাসিক ধোদৰ আলিকে ধৰি মুষ্ঠিমেয় কেইটামান পথ নিৰ্মাণৰ বাবে পুজি মোকলাই দিয়ে । চৰকাৰে বৈষম্যতা সৃষ্টি নকৰি সম বিকাশৰ গতিধাৰাৰে আগবাঢ়ি গলে প্ৰকৃতাৰ্থত ৰাইজৰ বাবে শাসন চলোৱা হ’লহেতেন বুলি বিৰোধী দলপতি গৰাকীয়ে মতপোষণ কৰে ।

আজি নাজিৰাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সমষ্টিটোৰ অন্তৰ্গত ৬৭.৯৯ লাখ টকাৰে ২.৩০ কিলোমিটাৰ লখিমী আলি , ৮৪.৮১ লাখ টকাৰে ৩.৫০ কিলোমিটাৰ জয়খামদাং মলা গাওঁ পথ , ৯৮.৭১ লাখ টকাৰে ১.৬৫ কিলোমিটাৰ ডিমৌ কিনাৰ আলি , ৮৮.৮৬ লাখ টকাৰে ৩.৩০ কিলোমিটাৰ বৰফুকন আলি , ৫৫.৬৩ লাখ টকাৰে ১.২০ কিলোমিটাৰ মহন হাজৰিকা আলি , ১,৩৮.৫৪ লাখ টকাৰে ২.২০ কিলোমিটাৰ ১ নং বৰদুৱৰা আলি , ২,৭২.৭০ লাখ টকাৰে ৩.১০ কিলোমিটাৰ চণ্টক আলিকে ধৰি মুঠ ৭ টা পথৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে ।

২০২০ – ২১বৰ্ষৰ ৰাজ্যিক স্ব-অধিকাৰ উন্নয়ন ( সাধাৰণ ) আচনিৰ অধীনত পথকেইটাৰ নিৰ্মাণৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰৱীণ শিক্ষাবিদ ঊমা কোৱৰ , প্ৰশান্ত কলিতা , নকুল গগৈ , নাগেশ্বৰ চাংমাই , চন্দ্ৰ গগৈ ড০ ৰাজেন্দ্ৰ মোহন দেৱশৰ্মা , প্ৰশান্ত বৰকটকী , লক্ষীনাথ সন্দিকৈ , মুনমী গগৈ , যোগ গগৈ , চুৰেণ ফুকন , বুদ্ধেশ্বৰ বৰা , মৃদুল বৰগোঁহাই আদিকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে সংশ্লিষ্ট এলেকাত অনুষ্ঠিত অনুষ্ঠানত বক্তব্য দাঙি ধৰি বিধায়ক তথা বিৰোধী দলপতিগৰাকীৰ প্ৰচেষ্টাক শলাগ জনায় । 

মাজুলীৰ মথাউৰি,পথ নিৰ্মাণ তথা কামাখ্যা মন্দিৰৰ উন্নয়নৰ বাবে ১,৩৭৫ কোটি টকা আৱণ্টন

বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ মথাউৰি আৰু পথ নিৰ্মাণ তথা শক্তিশালী কামাখ্যা মন্দিৰৰ উন্নয়নৰ বাবে পঞ্চদশ বিত্ত আয়োগে মুঠ ১,৩৭৫ কোটি টকাৰ আবণ্টনত অনুমোদন দিছে। পঞ্চদশ বিত্ত আয়োগৰ অধ্যক্ষ এন কে সিঙে কালি সদনত এই সম্পৰ্কীয় প্ৰতিবেদন দাখিল কৰে।

৫ ফেব্ৰুৱাৰীত ২৯,৭০০ গৰাকী শিক্ষকক নিযুক্তি

আজি জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ শিক্ষাবিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সংবাদমেলত শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশীকৰণৰ লগতে বিভিন্ন পৰ্যায়ত অভিলেখসংখ্যক শিক্ষক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে মন্ত্ৰী শৰ্মাই।

৫ ফেব্ৰুৱাৰীত সৰুসজাইত বৃহৎ নিযুক্তি সমাৱেশ অনুষ্ঠিত কৰি অভিলেখসংখ্যক ২৯,৭০০ গৰাকী শিক্ষকক নিযুক্তি দিয়াৰ কথা ঘোষণা ৰাজ্য চৰকাৰৰ। এই সকলৰ ভিতৰত নতুনকৈ নিযুক্তি দিয়া হ’ব ১৩২১৭ গৰাকী শিক্ষকক। নিযুক্তি দিয়া সকলৰ ৪,৪৯৩ গৰাকী হ’ব প্ৰাথমিক টেট শিক্ষক আৰু ২১৩৯ গৰাকী উচ্চ মাধ্যমিক টেট শিক্ষক। নতুনকৈ নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ তালিকা প্ৰকাশ কৰা হ’ব ৪ ফেব্ৰুৱাৰীত ।

সংবাদমেলত ১৬৯৮ খন প্ৰাথমিক বিদ্যালয় আৰু ২১০৭ খন মাধ্যমিক বিদ্যালয় প্ৰাদেশীকৰণৰ কথাও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। প্ৰাদেশীকৰণৰ ফলত প্ৰাথমিক পৰ্যায়ত ৩,৩০৯ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী উপকৃত হোৱাৰ লগতে মাধ্যমিক পৰ্যায়ত উপকৃত হ’ব ৬,৫৮৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী। 

কেৱল সেয়াই নহয় মহাবিদ্যালয় প্ৰাদেশীকৰণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মুঠ ৩৩ খন মহাবিদ্যালয় প্ৰাদেশীকৰণ কৰাৰ ফলত ৬৯৩ গৰাকী অধ্যাপক উপকৃত হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে ২৬৬খন উচ্চ মাধ্যমিক বিদ্যালয় আৰু ৪খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাদেশীকৰণৰ কথা ঘোষণা কৰা হয় সংবাদমেলত। পূৰ্বে প্ৰাদেশীকৰণ হোৱা বিদ্যালয়ৰ ৪,৯৯৬জন শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ হ’ব বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। 

সংবাদমেলত শিক্ষকৰ বাবে আন এক বিশেষ সুবিধাৰ কথা ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিক্ষকসকলে ১০ দিন চাকৰি কৰি অৱসৰ ল’লেও গ্ৰেচুইটি দিয়াৰ লগতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক ১০ লাখ টকা দিয়া হ’ব বুলিও উল্লেখ মন্ত্ৰীগৰাকীৰ। লগতে নিযুক্তিৰ ১২ বছৰলৈ শিক্ষকসকলে বিদ্যালয় বদলি কৰিব নোৱাৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ভয়ংকৰ পথ দুৰ্ঘটনা : হালোৱাটিঙত শিল কঢ়িওৱা ট্ৰাক বাগৰাক লৈ চাঞ্চল্য

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলা অন্তৰ্গত বিভিন্ন প্ৰান্তৰ সমূহ বাট-পথত নিতৌ বৃদ্ধি পাব ধৰিছে পথ দুৰ্ঘটনা । নাজিৰা মহকুমা অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে । প্ৰাপ্ত তথ্য অনুসৰি নাগালেণ্ডৰ পৰা হালোৱাটিং ৬১নং ৰাষ্ট্ৰীয় ঘাইপথেৰে শিল কঢ়িওৱা এখন এইছ্‌ আৰ ৩৮ ইউ ৬৫৬৯নম্বৰৰ বহিঃৰাজ্যৰ অভিজ্ঞতাহীন চালকেৰে চালিত ট্ৰাক দুৰ্ঘটনাক লৈ চাঞ্চল্য । হালোৱাটিং লাহদৈগড় মিচিং তিনি আলিত উক্ত ট্ৰাকখন বাগৰি পৰাৰ ফলত ৬১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ব্যাপক হাৰত যান যঁতৰ সৃষ্টি হয় । যদিও দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই । পৰৱৰ্তী সময়ত হালোৱাটিং আৰক্ষী থানা ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ সন্দৰ্ভত বন বিভাগক খবৰ দি  চালকক জিম্মাত লৈ দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন আৰক্ষীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

বিধায়ক ৰূপক শৰ্মাৰ প্ৰচেষ্টাত নগাঁও চহৰত আকৰ্ষণীয় ৰূপত নিৰ্মাণ হৈছে ক্লক টাৱাৰ

৩ ফেব্ৰুৱাৰীত নগাঁও সদৰ সমষ্টিত মন্ত্ৰী ড: হিমন্তবিশ্ব শৰ্মাৰ চাইকেল ৰেলী

মধ্য অসমৰ গুৰুত্বপূৰ্ণ চহৰ হিচাপে বিবেচিত নগাঁও চহৰৰ  মাজ মজিয়াত নিৰ্মাণ কৰা হৈছে এটি ক্লক টাৱাৰ । নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ বিশেষ তৎপৰতাত ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ সমীপৰ পুৰণি ৩৬ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী চাৰিআলিত আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে এই ক্লক টাৱাৰটো। নিশা ৰঙীন আলোকসজ্জাৰে চমক সৃষ্টি কৰা ক্লক টাৱাৰটোৱে নগাঁও চহৰৰ সৌন্দর্য বৰ্ধনত এক বিশেষ মাত্ৰা প্ৰদান কৰাৰ লগতে জনসাধাৰণৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব বুলি বিধায়ক ৰূপক শৰ্মাই আশা প্ৰকাশ কৰে ।

আনহাতে নগাঁও চহৰৰ সৌন্দর্য বৰ্ধনৰ বাবে নিৰ্মাণ কৰা ক্লক টাৱাৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাত সন্তুষ্টি প্ৰকাশ কৰি বিধায়ক শৰ্মাই কয় যে ৰাজ্যখনৰ ভিতৰতে নগাঁও চহৰক জাকতজিলিকা চহৰ হিচাপে গঢ়ি তুলিবৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই অহা হৈছে । নগাঁও চহৰৰ বাট,পথ,নলা ,নৰ্দমা খোৱাপানী যোগান আদি প্ৰয়োজনীয় ব্যৱস্থা সমূহ ন-ৰূপত নিৰ্মাণ কৰাৰ  সমন্তৰালকৈ ঐতিহ্যমণ্ডিত চহৰখনৰ সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰতো মনোনিবেশ কৰি আহিছো।ইয়াৰে অংশ হিচাবে নগাঁও মহাবিদ্যালয় চাৰিআলিত এটি ক্লক টাৱাৰো নিৰ্মাণ কৰা হৈছে।

উল্লেখযোগ্য যে অহা ৩ ফেব্ৰুৱাৰীৰ সন্ধিয়া  বিত্তমন্ত্রী ড:  হিমন্তবিশ্ব শৰ্মাই ‘আমাৰ নগাঁও আমাৰ গৌৰৱ’ এই বাক্য শাৰী খোদিত কৰা ক্লক টাৱাৰটোৰ শুভ উদ্বোধন কৰিব। উদ্ধোধনী অনুষ্ঠানত অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাইও অংশগ্ৰহণ কৰিব।

ইপিনে সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ কৰা চাইকেল ৰেলী অহা ৩ ফেব্ৰুৱাৰীত নগাঁও সদৰ সমষ্টিত অনুষ্ঠিত কৰিব।পুৱা ১০ বজাত নগাঁও চহৰৰ নেহৰুবালিৰ পৰা যাত্ৰা আৰম্ভ হব লগা চাইকেল ৰেলীটোৱে সদৰ সমষ্টিৰ অন্তৰ্গত ডাকৰঘাট,দক্ষিণপাট হৈ পাখিমৰীয়া মৌজাৰ আটাইকেইটা পঞ্চায়তত পৰিভ্ৰমণ কৰিব।

নগাঁও জিলা বিজেপিৰ সুত্ৰৰ পৰা জানিব পৰা মতে মন্ত্ৰী ড: শৰ্মাই উক্ত দিনা সৰ্বমুঠ ২৫ কিলোমিটাৰ পথ চাইকেলৰে যাত্ৰা কৰিব। মন্ত্ৰী গৰাকীয়ে ৩ ফেব্ৰুৱাৰীৰ সন্ধিয়া চহৰখনৰ নগাঁও ছোৱালী মহাবিদ্যালয়ত নিৰ্মাণ হবলগীয়া ছাত্ৰী নিবাসৰ আধাৰশিলাও স্হাপন কৰাৰ লগতে  নগাঁও বঙ্গালী সন্মিলনীত অনুষ্ঠিত এক অনুষ্ঠানতো  অংশগ্ৰহণ কৰিব।

আনহাতে উক্ত দিনা  পুৱা ভাগত মন্ত্ৰী গৰাকীয়ে বেবেজীয়া পঞ্চায়তৰ বিৰহ বেবেজীয়া -শেনছোৱা সংযোগী গড়কাপ্তানী পথটোৰ আধাৰশিলা স্হাপন কৰিব বুলি জানিব পৰা গৈছে।

অৰূপজ্যোতি হাজৰিকাৰ “ময়ো সুনাগৰিক হব বিচাৰো” শীৰ্ষক গ্ৰন্থৰ অভিলেখ

যোৰহাট জিলাৰ টীয়কৰ এগৰাকী কবি নিবন্ধকাৰ অৰূপজ্যোতি হাজৰিকাই শৈশৱ আৰু কৈশোৰৰ পৰা সাহিত্য চৰ্চা কৰি বৰ্তমান চৰকাৰী কৰ্মব্যস্ততাৰ মাজতো প্ৰকাশ কৰি উলিয়াইছে প্রায় ডেৰকুৰীৰো অধিক গ্ৰন্থ।

অসমৰ বিভিন্ন প্ৰান্তত আয়োজিত সাহিত্য প্ৰতিযোগিতাত শতাধিক পুৰস্কাৰ পাবলৈ সক্ষম হোৱা হাজৰিকাৰ বহু গ্ৰন্থ অসমৰবহুকেইটা সম্ভ্ৰান্ত প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে।

উল্লেখযোগ্য যে হাজৰিকাৰ সাহিত্যৰ ধাৰা বহুমুখী। গল্প, কবিতা, প্ৰবন্ধৰ লগতে তেওঁ লিখি উলিয়াইছে বহু শিশু সাহিত্য। শেহতীয়াকৈ লক ডাউনৰ সময়ত তেওঁ লিখি উলিওৱা ‘ময়ো সুনাগৰিক হব বিচাৰো’ গ্ৰন্থখনে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছে।

বৰ্তমান সমাজ ব্যৱস্থাত শৃংখলিট ৰূপত এজন সু নাগৰিক সম্পৰ্কীয় বহু লিখা সন্নিৱিষ্ট গ্ৰন্থখন এটা পষেকতে প্ৰথম সংস্কৰণ শেষ হৈছে বুলি জানিব পৰা গৈছে। হাজৰিকাই সংবাদ মাধ্যমক জনোৱা মতে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত তেওঁৰ দ্বিতীয় সংস্কৰণ শীঘ্ৰে প্ৰকাশ হব। 

সংগীত শিল্পী বুধিন চাংমাই স্মৃতিচাৰণ সভা সম্পন্ন

যোৰহাট জিলা বাম ঢেকীয়াখোৱাত অৱস্থিত বিষ্ণুজ্যোতি সংগীত চিত্ৰকলা প্ৰেক্ষাগৃহত সোমবাৰে প্ৰয়াত সংগীত শিল্পী বুধিন চাংমাইৰ এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ।

বিষ্ণুজ্যোতি সংগীত চিত্ৰকলা বিদ্যালয় আৰু মধ্য যোৰহাট মইনা পাৰিজাতৰ সহযোগত আয়োজিত সভাখনত সভাপতিত্ব কৰে প্ৰাক্তন শিক্ষক জীৱেশ্বৰ বৰপাত্ৰয়ে । প্ৰয়াত শিল্পীজনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে পবিত্ৰ মংগলাচৰণ আৰু জীৱেশ্বৰ বৰপাত্ৰ আৰু মধ্য যোৰহাট মইনা পাৰিজাতৰ উপ -সভাপতি পংকজজ্যোতি বৰুৱাই ।

স্মৃতিচাৰণ সভাখনিত উপস্থিত থাকে প্ৰয়াত বুধিন চাংমাইৰ সংগীত যাত্ৰাৰ গুৰু আৰু সংগীসকল ক্ৰমে নীৰৱ গগৈ, শিৱপ্ৰসাদ শইকীয়া, দিলীপ দাস, জিনু শইকীয়া, প্ৰণতি বৰপাত্ৰ, অনিল শইকীয়া, প্ৰভাত ৰঞ্জন গগৈ, দীপক বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি।

এটি সমৱেত সংগীতেৰে আৰম্ভ কৰা সভাখনিত বিশিষ্ট লোক সকলে প্ৰয়াত শিল্পী জনাৰ জীৱন আৰু অমৰ সৃষ্টি বিষয়ে এক বহুমূলীয়া আলোকপাত আগবঢ়াই । সভাত প্ৰয়াত শিল্পী জনাৰ বিয়োগত বিষ্ণুজ্যোতি সংগীত বিদ্যালয়ে এটি শোক-প্ৰস্তাৱ বিদ্যালয়ৰ সঞ্চালক নৱকৃষ্ণ বৰাই পাঠ কৰি সভাৰ সভাপতিত্বৰ দ্বাৰা শিল্পী জনাৰ সুযোগ্য কন্যা হাতত অৰ্পণ কৰে।

বিদ্যালয়ৰ অধ্যক্ষ নয়নমনি ভট্টাচাৰ্য আৰু সঞ্চালক নৱকৃষ্ণ বৰাই আদ্যশ্ৰাদ্ধ দিনাই এখনি স্মৰণিকা প্ৰকাশ কৰা লগতে আৰ্থিক অনুদান দিয়া হ’ব বুলি ঘোষণা কৰে । সভাখনিত বিভিন্ন ক্ষেত্ৰৰ সমল ব্যক্তি, অভিভাৱক-অভিভাৱিকা উপস্থিত থাকি সৌস্তব বৃদ্ধি কৰে ।

ৰঙিয়াত ব্যতিক্ৰম ৰূপত মুকলি হʼল AZ হোম কেয়াৰ চাৰ্ভিচ

কেয়াৰ চাৰ্ভিচেচ নামৰ এটি সংস্থাই তেঁওলোকৰ ব্যাৱসায়ৰ শুভ উদ্বোধন কৰে । স্থানীয় যুৱক তথা প্ৰতিষ্ঠানটোৰ স্বত্তাধীকাৰি আলম হুচেইনে জানিবলৈ দিয়ামতে এই সংস্থাটোৰ দ্বাৰা সমগ্ৰ ৰঙিয়া অঞ্চলৰ লোকসকলক গাড়ীৰ ড্ৰাইভাৰ,হেণ্ডিমেনৰ পৰা আদি কৰি বাদ্যযন্ত্ৰী,ফটোগ্ৰাফাৰ, ৰাজমিস্ত্ৰী, ৰংমিস্ত্ৰী, ইলেক্ট্ৰীচিয়ান,প্লাম্বাৰ,নাপিত,বিউটিচিয়ান,দিন হাজিৰা কৰা মানুহ ইত্যাদি আৰু বহুতো সুবিধা উপলব্ধ কৰাব ।

পৰৱৰ্তী পৰ্যায়ত মোবাইল এপযোগে এই সকলো সুবিধা লাভ কৰিব পাৰিব বুলি জনোৱাৰ উপৰিও উক্ত প্ৰতিষ্ঠানটোত থলুৱা যুৱক যুৱতীক নিযুক্ত কৰা হব বুলিও জানিবলৈ দিয়ে ।

দুমুনিচকী আঞ্চলিক ছাত্ৰ সন্থাই দাহ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি

তেজপুৰ আৰু শুৱালকুচিত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা অৱস্থাত সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীক আৰক্ষীয়ে কৰা বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদত সোমবাৰে সন্ধিয়া ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত  দুমুনিচকীত দুমুনিচকী আঞ্চলিক ছাত্ৰ সন্থাই  গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ন কৰে। উক্ত কাৰ্যসূচীত সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক মোজাম্মিল হক, দুমুনিচকী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ইনজামুল হক চৌধুৰী, সাধাৰণ সম্পাদক মিনাৰুল হকৰ লগতে ছাত্ৰ সন্থাৰ কৰ্মী সকল উপস্থিত থাকে ।

ইটাখোলাত বিবাহিত মহিলাক যৌন নিৰ্যাতন

বিশ্বনাথ জিলাৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত টেঙাবস্তিত এগৰাকী বিবাহিতা মহিলাক যৌন নিৰ্যাতনৰ চেষ্টা চলোৱা ঘটনাই সমগ্ৰ ইটাখোলাত চাঞ্চল্যকৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ৩০ জানুৱাৰীৰ নিশা বিবাহিত মহিলা গৰাকীক আব্দুল ৰহমানে  ঘৰত মহিলাগৰাকীৰ স্বামী মহম্মদ ৰেজাউদ্দিন নথকাৰ সুযোগ গ্ৰহণ কৰি ঘৰৰ দেৱাল বগাই অনাধিকাৰভাৱে প্ৰৱেশ কৰি মহিলা গৰাকীক যৌন নিৰ্যাতন চলাই। অসহায় মহিলা গৰাকী চিৎকাৰ শুনি নিশাই স্থানীয় লোকে ওলাই অহাত আব্দুল ৰহমান নামৰ লোকজন হাতে-লোটে ধৰা পৰাত ৰাইজে উত্ত্ম-মাধম সোধাই। এই সন্দৰ্ভত নিৰ্যাতিত মহিলা গৰাকীয়ে ইটাখোলা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। পিছত এজাহাৰৰ ভিত্তিত ইটাখোলা আৰক্ষী চকীয়ে গোচৰ ৰুজু কৰি আব্দুল ৰহমানক কৰায়ত্ব কৰি জেল হাজুতলৈ প্ৰেৰণ কৰে।