BREAKING NEWS ডিগবৈৰ টিংৰাই বজাত গ্ৰেণেড বিস্ফোৰণ গুৰুতৰভাবে আহত তিনিজনকৈ ব্যক্তি |
ক’ভিড-১৯ ৰ নীতি-নিৰ্দেশনাৰ মাজত ইটাখোলাত পবিত্ৰ ঈদ-উল-ফিতৰ পালন
দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাৰ ইটাখোলাতো ইছলাম ধৰ্মালম্বী লোকসলকলে আজি ঈদ-উদ-ফিতৰ পালন কৰে। বিগত এমাহ কালযোৰা ৰমজানৰ ৰোজা ৰখাৰ পাছত আজি ঈদ উৎসৱ পালন কৰে স্থানীয় ইছলাম ধৰ্মালম্বী লোকসকলে। ক’ৰোণা মহামাৰীৰ দ্বিতীয় ঢৌৱে ভয়ংকৰ ৰূপ লোৱাৰ ফলত বিগত বছৰ বোৰৰ দৰে এইবাৰ ইটাখোলাৰ ঈদ্গাহৰ পথাৰত সমুহীয়া নামাজ পঢ়াৰ পৰা বিৰত থাকি নিজ নিজ গৃহতেই লোকসকলে ঈদৰ নামাজ পঢ়ে। স্থানীয় ইছলাম ধৰ্মালম্বীলোকে নিজৰ লগতে বিশ্বৰ সকলো লোকৰ হৈ ক’ৰোণা মহামাৰীৰ পৰা পৰিত্ৰান পাবলৈ লগতে ৰাজ্যখনত দেখা দিয়া প্ৰাকৃতিক দুৰ্য্যোগৰ পৰা ৰক্ষা পাবৰ বাবে আল্লাৰ উচৰত প্ৰাৰ্থনা জনায়। যদিও ক’ৰোণা মহামাৰীয়ে ভয়ংকৰ ৰূপধাৰণ কৰিছে তথাপিও সামাজিক দূৰত্ব মানি চলি স্থানীয় ইছলাম ধৰ্মীয় লোকসকলে ঈদৰ বজাৰৰ বাবে স্থানীয় বজাৰসমুহত ভিৰ কৰা পৰিলক্ষিত হৈছিল।
জালিয়াতিৰে ধন আত্মসাতৰ অভিযোগত আটক যুৱক।
মানৱতাৰ কথা কোৱা একাংশ মানৱ দৰদী লোকে যে নিজৰ স্বাৰ্থৰ বাবেই নিজৰ বিবেক তথা অন্তৰাত্মাকো বিক্ৰী কৰিবলৈ কুণ্ঠাবোধ নকৰে সেই কথা সময়ে সময়ে প্ৰমাণিত হৈ আহিছে। তেনে এক চৰ্চা এতিয়া সমগ্ৰ ৰাজ্যত। এটি কণমানি শিশুৰ জটিল চিকিৎসা ব্যয়ৰ বাবে অসমবাসীয়ে আগবঢ়োৱা লক্ষাধিক টকা আত্মসাৎ কৰি এতিয়া চৰ্চালৈ আহিছে চৰাইদেউ জিলাৰ সাপেখাতিৰ এজন যুৱক। এই যুৱকজন Human For Humanity foundation নামৰ এটা সংগঠনৰ সভাপতি। দেখাতো যেন ভদ্ৰ যুৱক। ফেচবুক প্ৰফাইল চালে দেখা যায় যুৱকজন বহুকেইটা সংগঠনৰ লগতো জড়িত। কিন্তু অতি দুৰ্ভাগ্যজনক এয়াই যে ভদ্ৰতাৰ মুখা পিন্ধা এই যুৱকজনৰ মুখাৰ আঁৰত যে আন এখন কুৎসিত মুখা থাকিব পাৰে সেই কথা আপুনি ভাবিবও নোৱাৰিব। যুৱকজনৰ নাম শিশিৰ কুমাৰ গগৈ। ঘৰ চৰাইদেউ জিলাৰ সাপেখাতি বাঘমৰিয়াল গাঁৱৰ। যুৱকজন সম্প্ৰতি ৰঙাঘৰৰ আলহী। এটা জটিল ৰোগত আক্ৰান্ত হৈ বাংগালোৰত চিকিৎসাধীন হৈ থকা মঙ্গলদৈৰ কণমানি জিউলৈ আগবঢ়োৱা ৰাইজৰ ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ অভিযোগত আটক শিশিৰ কুমাৰ গগৈ।তথ্য অনুসৰি মঙ্গলদৈৰ মৃদুল কলিতা নামৰ লোকজনৰ কণমানি সন্তান জিউ এক জটিল ৰোগত আক্ৰান্ত হৈ এতিয়া বাংগালোৰত চিকিৎসাধীন হৈ আছে। জিউৰ চিকিৎসাৰ বাবে প্ৰয়োজন বহু অৰ্থৰ । যাৰ বাবে কণমানি জিউৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰি মৃদুল কলিতাই সামাজিক মাধ্যমযোগে অসমবাসীৰ প্ৰতি আহ্বান জনাইছিল। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিভিন্ন জনে মৃদুল কলিতালৈ অৰ্থ সাহায্য আগবঢ়াইছিল। আনকি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ লগতে বহু কেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ উপৰিও সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ উপৰিও বিভিন্ন জনে জিউক সহায় কৰিবলৈ অসমবাসীৰ প্ৰতি আহ্বান জনাইছিল সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে। তাকে দেখি সাপেখাতিৰ শিশিৰ কুমাৰ গগৈয়ে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনালে সকলোকে। ইমানখিনিলৈকে ঠিকেই আছিল। কিন্তু কি ভুল কৰিলে শিশিৰে ? কিয় আটক হ’ব লগীয়া হ’ল আনৰ দুখত দুখী হোৱা এইগৰাকী মানৱ দৰদী যুৱক। খবৰ অনুসৰি শিশিৰ কুমাৰ গগৈয়ে ফেচবুকত জিউৰ বাবে আৰ্থিক সহায় বিচাৰি দিছিল এটা পোষ্ট। মৃদুল কলিতাই দিয়া পোষ্টটোকেই দিছিল ফেচবুকত। কিন্তু ভুল তাতেই কৰিলে। পোষ্টটোত মৃদুল কলিতাৰ গ’গল পে নম্বৰৰ সলনি শিশিৰে দিলে আন এটা নম্বৰ। যাৰ ফলত ৰাইজে দিয়া বৰঙনি মৃদুল কলিতাৰ সলনি আন নম্বৰত সোমালে। এই সন্দৰ্ভত মৃদুল কলিতাই জানিব পাৰি বাঘৰবাৰী ৰেনেচাঁ ক্লাবৰ সভাপতি নৱ কুমাৰ শৰ্মা, সহ সম্পাদক প্ৰশান্ত ডেকাই গোচৰ তৰিলে মঙ্গলদৈ আৰক্ষীৰ ওচৰত। এই গোচৰৰ ভিত্তিতেই মঙ্গলদৈ সদৰ আৰক্ষী আৰু সাপেখাতি আৰক্ষীয়ে নিজ বাসগৃহৰপৰাই আটক কৰে শিশিৰক। সম্প্ৰতি মঙ্গলদৈ আৰক্ষীয়ে সাপেখাতিৰপৰা মঙ্গলদৈ থানালৈ লৈ গৈছে অধিক তদন্তৰ বাবে।
তৈল উৎপাদন প্ৰতিষ্ঠানত ৯৫ শতাংশ নিযুক্তিৰ দাবী আলফা স্বাধীনৰঅ’এনজিচি, অইল আৰু ভাৰতীয় তৈল নিগমলৈ ৰাজহুৱা জাননী
ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠান অ’এনজিচি, অইল আৰু ভাৰতীয় তৈল নিগমলৈ ৰাজহুৱা জাননী জাৰী কৰিছে আলফা স্বাধীনে। আজি তিনিওটা প্ৰতিষ্ঠানৰ প্ৰতি জাননী জাৰী কৰি আলফা স্বাধীনৰ দাবী মানি ললে সামৰিক অভিযানৰপৰা বিৰত থাকিব অন্যথা সশস্ত্ৰ প্ৰতিবাদৰ বিকল্প নাথাকিব বুলি হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে। সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ হৈ ৰুমেল অসমে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা ৰাজহুৱা ৰাজহুৱা জাননী খনত সাতটাকৈ বিষয় উত্থাপন কৰিছে আলফা স্বাধীনে। জাননী অনুসৰি জন্মলগ্নৰেপৰা এই প্ৰতিষ্ঠান কেইটাই অসমৰ কিমান সম্পদ নিলে আৰু লাভৰ কিমান শতাংশ অসমে পালে তাৰ শুদ্ধ তথ্য মুকলিকৈ প্ৰকাশ কৰাৰ দাবী উত্থাপন কৰিছে। দ্বিতীয়তে এই প্ৰতিষ্ঠানকেইটাৰ পৰিচালন সঞ্চালক পদত যোগ্য থলগিৰি ব্যক্তিৰ বাবে সংৰক্ষণ কৰাৰ দাবী। তৃতীয়তে প্ৰতিষ্ঠান কেইটাত চাকৰি ৯৫% কেৱল থলগিৰিৰ বাবে সংৰক্ষণ কৰাৰ লগতে চাকৰিৰ বাবে অনুষ্ঠিত কৰা যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষা অসমতেই অনুষ্ঠিত কৰাৰ দাবী। আনহাতে তিনিওটা প্ৰতিষ্ঠানৰ চাকৰি নিযুক্তিত চলি থকা অসাধু চক্ৰৰ ৰমৰমীয়া ক’লা বজাৰ বন্ধ কৰাৰ লগতে অসাধু চক্ৰটোক উৎখাত কৰাৰ দাবী জনোৱাৰ লগতে ঠিকাভিত্তিক নিয়োগ কৰা চাকৰি নিয়মীয়া কৰাৰ দাবী আলফা স্বাধীনৰ। আলফা স্বাধীনৰ অভিযোগ অনুসৰি প্ৰতিষ্ঠান কেইটাত ৮০ শতাংশ নিযুক্তি অনৈতিক পথেৰে সম্পন্ন হয় আৰু য’ত একোটা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিত পঁচিশচৰপৰা ত্ৰিশ লাখ টকা উৎকোচ লোৱা হয়। আনহাতে অসমৰ গাঁও সমূহলৈ পাইপযোগে ৰন্ধন গেছৰ যোগান ধৰাৰ লগতে অসমৰ প্ৰাকৃতিক সম্পদৰ লাভ অসমবাসীয়ে ভোগ কৰাতো সুনিশ্চিত কৰিবলৈ দাবী ৰাজহুৱা জাননীৰ জৰিয়তে। প্ৰতিষ্ঠানৰ কেইটাই বিভিন্ন দল-সংগঠনক উৎসৱ-পাৰ্বন আয়োজন কৰিবলৈ দান-বৰঙণি দিয়াৰ বিপৰীতে অসমৰ সামগ্ৰিক বিকাশৰ লগতে বানপীড়িত তথা প্ৰাকৃতিক দুৰ্যোগত পতিত আৰ্তজনৰ সহায়ৰ বাবে প্ৰতিটো প্ৰতিষ্ঠানে প্ৰত্যক্ষ ভাৱে পাঁচ কোটিকৈ টকা আগবঢ়াব লাগিব বুলি ৰাজহুৱা জাননী জাৰি কৰিছে আলফা স্বাধীনে। আলফা স্বাধীনৰ উপ সভাপতি তথা সেনাধ্যক্ষ পৰেশ অসম স্বাক্ষৰিত ৰাজহুৱা জাননী অনুসৰি আলফা স্বাধীনৰ এই বিষয়কেইটা অ’এনজিচি, অইল আৰু ভাৰতীয় তৈল নিগম কৰ্তৃপক্ষই মানি চলাৰ প্ৰতিশ্ৰুতি দিলে প্ৰতিষ্ঠান কেইটাৰ বিৰুদ্ধে আলফা স্বাধীনে অনিৰ্দিষ্ট কাললৈ সামৰিক অভিযানৰ পৰা বিৰত থাকিব অন্যথা সশস্ত্ৰ প্ৰতিবাদৰ বিকল্প নাথাকিব বুলি হুংকাৰ প্ৰদান কৰিছে।
দেৰগাঁৱক মহকুমা ঘোষনা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান গোলাঘাট জিলা আপকুৰ।বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালীক বিশেষ পদক্ষেপ গ্ৰহন কৰিবলৈ অনুৰোধ।
শাসনাধিষ্ঠিত প্ৰতিখন চৰকাৰকে বাৰম্বাৰ আবেদন নিবেদন প্ৰদান কৰি অহাৰ পাছতো আজি পৰ্যন্ত কোনো এখন চৰকাৰে দেৰগাঁৱক মহকুমা গঠন কৰাৰ সিদ্বান্ত কাৰ্যকৰী নকৰিলে ।যোৱা ২০১৯ বৰ্ষৰ ৩০ এপ্ৰিল তাৰিখে আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন (আপকু)ৰ দেৰগাঁৱত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ ৰাজহুৱা সভাত অসম চৰকাৰ সেই সময়ৰ মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী,দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী আৰু টিংখাং সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়া সহ ৰাজ্যৰ বহু কেইজন গন্য মান্য ব্যক্তিৰ উপস্থিতিত গোলাঘাট জিলাৰ দেৰগাঁৱক মহকুমা গঠন কৰিবৰ বাবে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক দাবী জনাই প্ৰস্তাৱ গ্ৰহন কৰা হৈছিল ।পৰৱৰ্তী সময়তো এই বিষয়ে অৱগত কৰাৰ পাছতো ৰাইজৰ দাবীক কোনো ধৰনৰ গুৰুত্ব প্ৰদান নকৰিলে ৰাজ্য চৰকাৰ খনে ।৮১ খন ৰাজহ গাঁৱেৰে দেৰগাঁও,মিছামৰা,গুৰুযোগনিয়া আৰু কাকডোঙা মৌজাক লৈ দেৰগাঁও ৰাজহ চক্ৰ গঠিত হৈছে ।অনুসুচিত জাতি ,অনুসুচিত জনজাতি ,চাহ জনজাতি,সংখ্যালঘু ,ভাষিক সংখ্যালঘু ,সাধাৰন আৰু অন্যান্য পিছপৰা শ্ৰেনীৰ লোকৰ বসতি প্ৰধান এই ৰাজহ চক্ৰটো বুৰঞ্জীৰ প্ৰতিটো সন্ধিক্ষনতে স্পৰ্শিত হৈছে ইয়াৰ পবিত্ৰ ভুমি ।স্বৰ্গদেউ চাওলুং চ্যুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱ এই দুয়োগৰাকী মহান পুৰুষৰ আদৰ্শৰে ঐতিহ্যময় গৰিমাৰে মহিমামণ্ডিত দেৰগাঁও ।ভাৰত বৰ্ষৰ স্বাধীনতা আন্দোলনৰ অন্যতম শ্বহীদ কমলা মিৰি দেৰগাঁৱৰ নিচেই সমিপৰ ।১৯০২ চনতে গঠিত দেৰগাঁও ৰাজহ চক্ৰ এলেকাত অসম বিখ্যাত মহিমামণ্ডিত খনিকৰ পুথি ,ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্মস্থান ,ৰাষ্ট্ৰীয় আন্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু ব্যক্তিৰ জন্ম এই স্থানত ।এটা মহকুমা গঠন হব পৰাকৈ মাটিকালি আৰু জনসংখ্যা থকাৰ পাছতো ১৯৭৪ চনৰ পৰা কৰি অহা আবেদন নিবেদন কেৱল ভুৱা প্ৰতিশ্ৰুতি হৈ আহিছে ।ইতিমধ্যেই কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়,কেইবাটাও ৰাষ্ট্ৰীয়কৃত বেংক ,অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ,দুটাকৈ উন্নয়ন খণ্ড , এখন আৰক্ষী থানা আৰু এটা আৰক্ষী চকী,পৰিবহন বিষয়াৰ কাৰ্যালয়,বিদ্যুৎ উপসংমণ্ডল বিষয়াৰ কাৰ্যালয়,গড়কাপ্তানী উপ সংমণ্ডলৰ গৃহ আৰু পথৰ কাৰ্যালয় ,কেইবাখনো চিকিৎসালয়,কেইবাখনো উচ্চ শিক্ষাৰ অনুষ্ঠান ,পৌৰ সভাৰ কাৰ্যালয়,কেইবাখনা পশু চিকিৎসালয়ৰ উপৰিও প্ৰতিটো বিভাগৰে কাৰ্যালয় দেৰগাঁও ৰাজহ চক্ৰ এলেকাত আছে ।উল্লেখযোগ্য যে দেৰগাঁৱৰ সোমাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অতিক্ৰম কৰা এই অঞ্চলটোলৈ সিমামুৰিয়া মাজুলী আৰু বোকাখাত সমষ্টিৰো কেইবাখনো ৰাজহ গাঁৱৰ বহুলোক বিভিন্ন কাম কাজৰ বাবে নিতৌ অহা যোৱা কৰে । যোৱা ১৫ আগষ্টৰ দিনা দেৰগাঁৱক মহকুমা হিচাপে ঘোষনা কৰি স্বাধীনতা দিবসৰ উপহাৰ হিচাপে প্ৰদান কৰিবৰ বাবে এক প্ৰেছ বিবৃতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক আহ্বান জনাইছিল আসাম প্ৰেছ কৰেছ পণ্ডেণ্টছ ইউনিয়ন (আপকু) গোলাঘাট জিলা সমিতিৰ সভাপতি নবীন গোহাঁই আৰু সম্পাদক প্ৰনৱ চক্ৰৱৰ্ত্তীয়ে ।কিন্তু আজি পৰ্যন্ত কোনো ধৰনৰ সুফল নোপোৱাত নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ এক প্ৰেছ বিবৃতি যোগে অতি শীঘ্ৰে দেৰগাঁৱক মহকুমা ঘোষনা কৰিবৰ বাবে দাবী জনাইছে আপকু গোলাঘাট জিলা সমিতিৰ সভাপতি নবীন গোহাঁই আৰু সম্পাদক হেমন্ত শইকীয়াই ।এই ক্ষেত্ৰত দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীক বিশেষ পদক্ষেপ গ্ৰহন কৰিবৰ বাবেও সংগঠনটোয়ে আহ্বান জনায় ।
দুমুনীচকীৰ ঈদগাহ ময়দান সমূহত দেখা গল এক নিমাও মাও পৰিবেশ। ঘৰতে পালন কৰিলে পবিত্ৰ ঈদ উল ফিতিৰৰ নামাজ
আজি পবিত্ৰ ঈদ-উল-ফিটৰ। এমাহ ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰা এই পবিত্ৰ ঈদৰ উৎসৱ ম্লান পৰা দেখা গৈছে। জাক জমকতাৰ বিপৰীতে ঈদগাহ ময়দান সমূহত দেখা গল এক নিমাও মাও পৰিবেশ। ৰাজ্য চৰকাৰৰ নিৰ্দেশৰ প্ৰতি সন্মান জনাই প্ৰতি গৰাকী ইছলাম ধৰ্মালম্বী লোকে ঘৰুৱাভাবে আদায় কৰিলে ঈদৰ নামাজ। দৰঙৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক মাৰুৱাচকী ইদগাহ ময়দানত কোনো লোক উপস্থিত নোহোৱা পৰিলক্ষিত হৈছে। ইয়াৰ বিপৰীতে ঘৰৰ পৰাই ঈদৰ নামাজ আদায় কৰিছে বুলি জানিব পৰা গৈছে।যাৰবাবে বৃহত্তৰ দুমুনীচকী অঞ্চলৰ ৰাইজৰ একমাত্ৰ ইদগাহ ময়দানত সূচনা হৈছে এক নিমাওমাও পৰিবেশ।
হৃদয়বিদাৰক! নগাঁও জিলাৰ বঢ়মপুৰত ২০ টা বনৰীয়া হাতীৰ মৃত্যু
নগাঁও জিলাৰ বঢ়মপুৰত এক কৰুণ ঘটনা।বামুনী পাহাৰৰ দুৰ্গম ওখ চুৰাটত এটা বনৰীয়া হাতীৰ জাকৰ মৃত্যু।
প্ৰায় ২০ টাকৈ হাতীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।প্ৰাৰ্থমিক অনুসন্ধানত বজ্ৰপাতৰ ফলত মৃত্যু হোৱা বুলি জানিব দিয়ে বনবিভাগে।
নগাঁৱৰ বন বিভাগে আজি বিয়লি গ্ৰামাঞ্চলৰ লোকৰ পৰা জানিব পাৰি পাহাৰটোত অনুসন্ধান কৰাৰ ব্যবস্থা কৰিছিল।অতি দুৰ্গম স্থান হোৱাৰ বাবে বনবিভাগও বহু অসুবিধাৰ সন্মুখীন হয়।
উল্লেখ্য যে, বঢ়মপুৰত প্ৰকৃতিৰ বুকুত ২০ টাকৈ হাতী হেৰাই যোৱা সন্দৰ্ভত তেজপুৰৰ প্ৰকৃতি প্ৰেমী দিলিপ নাথে চি বি আইৰ তদন্তৰ আহ্বান অসম চৰকাৰক।
আনহাতে, নগাঁও জিলাৰ বঢ়মপুৰৰ তপতজুৰি পাহাৰত বজ্ৰপাতৰ ফলত ২০টা বন্যহস্তীৰ কৰুণ মৃত্যুৰ বাতৰি অত্যন্ত দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে। বন্যপ্ৰাণীৰে সমৃদ্ধ আমাৰ বনাঞ্চলৰ বাবে এয়া এক বৃহৎ ক্ষতি বুলি তেওঁ কয়।
পৰিয়াল পৰিচয় পত্ৰত অসমীয়া ভাষাক এলাগি:জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
বিটিআৰ’ৰ ওদালগুৰি জিলাত যিবোৰ নতুন পৰিয়ালৰ মাজত পৰিয়াল পৰিচয় পত্ৰ বিতৰণ কৰা হৈছে তাত অসমীয়া ভাষাক এলাগি কৰি বড়ো আৰু বাঙালী ভাষাহে ব্যৱহাৰ কৰা হৈছে বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা সমিতিয়ে তীব্ৰ ভাষাৰে প্ৰতিবাদ জনাই ওদালগুৰি জিলা উপায়ুক্তৰ জৰিয়তে বিটিআৰ প্ৰধান প্ৰমোদ বড়োলৈ ১৩মেত এখনি স্মাৰকপত্ৰ প্ৰদান কৰে।জিলা সমিতিৰ সভাপতি কন্ঠ কুমাৰ দাস আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মন্টু কুমাৰ তালুকদাৰে স্মাৰক পত্ৰত উল্লেখ কৰি কয়- বিটিআৰ’ৰ দ্বিতীয় জিলা ওদালগুৰিত পৰিয়াল পৰিচয় পত্ৰত অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত ৰাজ্যিক অসমীয়া ভাষাটোক বিটিআৰ চৰকাৰে অবহেলা কৰাত আমি সংগঠন হিচাপে দুখ প্ৰকাশ কৰিছোঁ আৰু বৰ্তমান সময়ত এয়া এক উদ্বেগজনক ,প্ৰৰোচনামূলক কথা।সেয়ে বিটিআৰ প্ৰশাসনে অতি স্পৰ্ষকাতৰ বিষয়টো গুৰুত্ব সহকাৰে মৰ্যদা অক্ষুন্ন ৰাখি অসমীয়া ভাষা সন্নিবিষ্ট কৰি নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ ছপা কৰি বিতৰণ কৰিবলৈ দাবী জনাই।অন্যথা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিয়ে গনতান্ত্ৰিকভাবে তীব্ৰ আন্দোলন গঢ়ি তোলা হব বুলি ১৩মেত স্মাৰক পত্ৰ যোগে বিটিআৰ প্ৰধানলৈ সকিয়াই দিয়ে।
ওদালগুৰিত ক’ৰণাত আক্ৰান্ত ৪৫ গৰাকীসহ মুঠ ১০৬৭ গৰাকী :মৃত্যুৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি
ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি ১৩মেলৈ ওদালগুৰিত ৪৫ গৰাকী কৰোনাত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত দ্বিতীয় পৰ্যায়ত এক এপ্ৰিলৰ পৰা ১৩মেলৈ আক্ৰান্তৰ সংখ্যা ১০৬৭গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে বৰ্তমানলৈ ১৩মেলৈ ৫৪২ গৰাকীক পৰীক্ষা কৰাৰ পিছত ৪৫ গৰাকী দেহত কৰোনা ধৰা পৰে।ইয়াৰ ভিতৰৰ ৮৭ গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৩০২ গৰাকী হোম আইচিলেচনত চিকিৎসাধীন আছে।সুস্হ হৈ উঠা ৪৯ গৰাকীক ঘৰলৈ যাবলৈ দিয়া হয়।ইপিনে শেহতীয়া তথ্য অনুসৰি ওদালগুৰিত দুজন লোক ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱাত মাৰ্চ’২১ৰ পৰা এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা১৯ জনলৈ বৃদ্ধি পালে।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে সজাগ আৰু সচেতন হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি চলিবলৈ স্বাস্হ্য বিভাগে আহ্বান জনায়।আনপিনে সমগ্ৰ জিলাখনত কভিড ভেকচিন দি থকা হৈছে ৷যদিও আবশ্যক অনুসৰি ভেকচিন নথকাৰ বাবে ভেকচিন লবলৈ আগ্ৰহী সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈ আহিছে ৷তাৰ বাবে ১৩মে ওদালগুৰি জিলাৰ জিলা নিৰ্বাচনী বিষয়া দেৱাশীষ বৰঠাকুৰে ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ওৰাং প্ৰাথমিক বিদ্যালয়ৰ ভেকচিন কেন্দ্ৰত ক’ভেস্কিন লৈছে ৷ইতিমধ্যে ওৰাং আৰু ধনশ্ৰীঘাটৰ ভেকচিন কেন্দ্ৰত যোৱা ৭,৮ আৰু ১৩মেলৈ ১৮বছৰৰ পৰা ৪৪বছৰলৈ মুঠ ৬৭০গৰাকীক ক’ভেস্কিন প্ৰদান কৰা হৈছে বুলি স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা গৈছে ৷
কাকজান চাহবাগিচাৰ সমবায় সমিতিৰ এজেন্টৰ বিৰুদ্ধে অভিযোগ নাকচ কৰিলে স্থানীয় ৰাইজে
যোৰহাট জিলা হোলোঙাপাৰ গাঁও পঞ্চায়তৰ সমবায় সমিতিৰ অন্তৰ্গত কাকজান চাহ বাগিচাৰ সুলভ মূল্যৰ সামগ্ৰীৰ এজেণ্ট অনিল কুমাৰ গুপ্তাৰ বিৰুদ্ধে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ( আছা) ই যি অভিযোগ আনিছে সেইখিনি ভিত্তিহীন বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে । জানিবলৈ দিয়া মতে কাকজান চাহ বাগিচাৰ বাসিন্দা তথা সমবায় এজেন্ট অনিল কুমাৰ গুপ্তাৰ বাসগৃহত যোৱা ৭ মে’ তাৰিখে সুলভ মূল্যৰ দোকানৰ এখন অসামৰিক খাদ্য সামগ্ৰী বিতৰণ তথা তদাৰক সমিতিৰ গঠনৰ উদ্দেশ্য এখন সভা স্থানীয় ৰাইজৰ মাজত অনুষ্ঠিত হয়। সভাত উত্তম কালন্দীক সভাপতি,সঞ্জু তাঁতীক উপ-সভাপতি আৰু অনিল কুমাৰ গুপ্তাক সম্পাদক হিচাপে লৈ এখন খাদ্য বিতৰণ সমিতি গঠন কৰে । উল্লেখ যে ইয়াৰ আগতে ৩০/১/২০২০ তাৰিখে স্থানীয় ৰাইজৰ উপস্থিতিত সমবায় সমিতি খনৰ খেলিমেলি সন্দৰ্ভত এখন সভা অনুষ্ঠিত হৈ স্থানীয় গ্ৰাহক ৰাইজে এজেন্ট অনিল কুমাৰ গুপ্তাক ভৱিষ্যতে কোনো খেলিমেলি নকৰিবলৈ সতৰ্ক কৰি সকলো ক্ষমাদান কৰে । গ্ৰাহক সকলে জনোৱা মতে বাগিছা অঞ্চলৰ সমবায় সমিতি খন বনুৱা ৰাইজৰ দ্বাৰা পৰিচালনা হয় । বৰ্তমান ক’ভিড পৰিস্থিতিত চাউল আৰু অন্যান্য সামগ্ৰী ৰাইজে নাপালে জীয়াতু ভুগিব লগীয়া হ’ব । সেয়েহে ৰাইজৰ সিদ্ধান্ত অনুসৰি সমবায় খনৰ কামকাজ চলি থাকিব লাগিব । কোনো সংগঠনে ব্যক্তিগত লাভালাভৰ বাবে সমিতি খনৰ সামগ্ৰী বিতৰণ কাৰ্য বন্ধ কৰিবলৈ দিয়া ন’হব । ইতিমধ্যে দুয়োখনৰ সভাৰ প্ৰতিলিপি খাদ্য আৰু অসামৰিক যোগান বিভাগৰ যোৰহাট কাৰ্যালয়ক জমা দিয়া আছে। সেয়েহে কোনো সংগঠনৰ মিছা অভিযোগত বিভাগীয় বিষয়া সকলে গ্ৰাহক আৰু স্থানীয় ৰাইজৰ মাজত অশান্তি সৃষ্টি নকৰিবলৈ আহ্বান জনায় ।









