Home Blog Page 3053

নগাঁৱৰ উৰিয়াগাঁৱত বিনামূলীয়া মঞ্চাভিনয় কৰ্মশালাৰ আয়োজন

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ সাংস্কৃতিক কেন্দ্ৰ, নগাঁও-ৰ উদ্যোগত আৰু সুন্দৰম নাট্য গোষ্ঠী, উৰিয়াগাঁও-ৰ সহযোগত অহা ৬ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈকে দুয়ো বেলা দুটা ভাগত সপ্তাহ যোৰা এটি বিনামূলীয়া মঞ্চাভিনয় (Physical theatre)কৰ্মশালাৰ আয়োজন কৰা হৈছে ।

কৰ্মশালাত  মুখ্য প্ৰশিক্ষক হিচাপে গোবিন নাথ (মৰিগাঁও)ৰ লগতে আন কেইবাগৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিব।ইচ্ছুক প্ৰশিক্ষাৰ্থীক সম্পাদক, সুন্দৰম নাট্য গোষ্ঠী, উৰিয়াগাঁও, নগাঁও, পিন-৭৮২০০৩ অথবা ফোন- ৯৯৫৪৬২৮৪৭৪, ৮৬৩৮৫০২০৭৩, ৯৪৩৫৯২৫০৩৭ৰ সৈতে যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে ।

বিৰোধী দলপতিৰ মৰ্যাদা বাহাল থাকিব দেৱব্ৰত শইকীয়াৰ

বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা বাহাল থাকিব দেৱব্ৰত শইকীয়াৰ । বিধানসভা সচিবালয়ে জাৰি কৰিছে এই নিৰ্দেশনা। পূৰ্বৰ দৰে সকলো সা-সুবিধা পাব দেৱব্রত শইকীয়াই। এই লৈ বহুদিন ধৰি চলি আছিল বিতৰ্ক।
ৰায়ৰ পিছতে এতিয়া পূৰ্বৰ সকলো সুবিধা আৰু সন্মান পাব তেওঁ।

SI কেলেংকাৰীৰ সম্পৰ্কত ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি আবেদন পত্ৰ প্ৰেৰণ অভিযান

ৰাজ্য কঁপোৱা  SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত  টিংখাঙৰ দল সংগঠনৰ ধাৰাবাহিক আন্দোলনৰ অংশ হিচাপে আজি ৪ ফেব্ৰুৱাৰী ৰ পৰা ১৫ ফেব্ৰুৱাৰী লৈ এক চহী সংগ্ৰহ অভিযান আৰম্ভ কৰা হৈছে । SI কেলেংকাৰী সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি মুখ্য ন্যায়াধীশলৈ এই সময়ছোৱাত সমষ্টিৰ ৫০ হেজাৰ ভোটাৰৰ পৰা একোখনকৈ  আবেদনত চহী সংগ্ৰহ কৰি প্ৰেৰণ কৰা হব বুলি এক যৌথ প্ৰেছ বিবৃতিত সংগঠন সমূহে জানিবলৈ দিছে । আজি চহী সংগ্ৰহ অভিযানৰ আৰম্ভনি হিচাপে টিংখাঙৰ ৰাজগড়ত ৰাইজৰ চহী সংগ্ৰহ কৰা হয় । অহা ১৫ ফেব্ৰুৱাৰী লৈ সমষ্টিৰ গাঁৱে-ভুঁঞে এই ব্যক্তিগত  আবেদনত চহী সংগ্ৰহ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰা হব বুলি বিবৃতিটোত দল সংগঠনৰ নেতৃত্বই জনাইছে । আজিৰ কাৰ্যসূচীত কা বিৰোধী ঐক্য মঞ্চ, টিংখাং,  আনপা, ৰাইজৰ দল, কংগ্ৰেছ আৰু চিপিআই এম এল ৰ অৰ্ধশতাধিক কৰ্মী সমৰ্থক উপস্থিত থাকে ।

উন্নত জাতৰ বগৰী খেতিৰে স্বাৱলম্বী হৈছে মুছলপুৰৰ ললিত

আৰ্থিক সমস্যাজর্জৰ বহু যুৱক-যুৱতী, পুৰুষ-মহিলাই বহিঃৰাজ্যৰ কোম্পানীত চাকৰি কৰি বা সৰু সুৰা কামৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ উপৰি নিজ ঘৰখন আৰ্থিক ভাৱে টনকিয়াল কৰি তোলাৰ চেষ্টা চলোৱা প্ৰায়ে দেখিবলৈ পোৱা যায় ৷

সমান্তৰালভাৱে বহিঃৰাজ্যত কৰ্মসংস্থাপন বিচাৰি গৈ আন একাংশ যুৱক-যুৱতী, পুৰুষ-মহিলা বিপথে পৰিচালিত হোৱাৰ বহু উদাহৰণো আছে ৷ কষ্টোপাৰ্জিত ধনৰে আৰ্থিক ভাৱে টনকিয়াল হৈ পিছলৈ ব্যৱসায়-বাণিজ্য আৰম্ভ কৰি স্বাৱলম্বীতাৰ পথ বাছি লোৱাৰো বহু উদাহৰণ আছে ৷

বাক্সা জিলাৰ মুছলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বুনবাৰী গাঁওৰ এনে এজন যুৱক হৈছে ললিত চন্দ্ৰ বড়ো ৷ উন্নত জাতৰ বগৰী খেতিৰে স্বাৱলম্বীতাৰ নিদৰ্শণ দেখুৱাইছে বাক্সাৰ এইগৰাকী যুৱকে ৷ তিনি বিঘা নিজা মাটিত আৰম্ভ কৰা বগৰী খেতিৰ পৰা বছৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে লক্ষাধিক টকা ৷ 

বিগত তিনি বছৰ পূৰ্বে ললিত চন্দ্ৰ বড়োৱে কৃষি বিভাগৰ পৰা লাভ কৰিছিল উন্নত জাতৰ বগৰীৰ পুলি ৷ প্ৰায় তিনি বিঘা মাটিত তিনিশ জোপা বগৰী ৰোপন কৰি ললিত চন্দ্ৰ বড়োই বিগত বৰ্ষৰ ল’ক ডাউনৰ সময়চোৱাত বগৰী বিক্ৰী কৰি লাভ কৰিছিল এক লাখ টকা ৷

এইবছৰো বৰ্তমানলৈ বগৰী বিক্ৰী কৰি অৰ্ধ লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি জানিব দিছে ললিত চন্দ্ৰ বড়োৱে ৷ ললিতে জানিব দিয়া অনুসৰি এজোপা বগৰীত প্ৰায় বিশৰ পৰা পচিশ কিলো বগৰী উৎপাদন হয় ৷ প্ৰতি কিলো বগৰী চল্লিশ টকাৰ পৰা পঞ্চাশ টকা দৰত নিকাছী, মুছলপুৰ, বৰিমাখা, বৰমাকে ধৰি বিভিন্ন বজাৰত বিক্ৰী কৰি আহিছে ৷

তেওঁ লগতে জানিবলৈ দিয়া অনুসৰি বৰ্তমান জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰাও ব্যৱসায়ী আহি বড়োৰ ঘৰৰ পৰাই ক্ৰয় কৰি নিয়ে বগৰী। উল্লেখ্য যে উদীয়মান কৃষক ললিত চন্দ্ৰ বড়োৱে বগৰীৰ উপৰিও এবিঘা মাটিত ভোট জলকীয়া, তিনি বিঘা মাটিত আলু আৰু দহ বিঘা মাটিত সৰিয়হ খেতি কৰি স্বাৱলম্বীতাৰ নিদৰ্শণ দেখুৱাবলৈ সক্ষম হৈছে ৷ ললিত চন্দ্ৰ বড়োৰ পৰা অনুপ্ৰাণিত হৈ এতিয়া অঞ্চলটোৰ কেবাজনো লোকেও বগৰী খেতিৰ লগতে অন্যান্য কৃষি কৰ্মত জড়িত হৈ পৰিছে।

এক কথাত ললিত চন্দ্ৰ বড়োৱে অঞ্চলটোত এটা কৃষি বিপ্লৱৰ সূচনা কৰিছে। ললিত চন্দ্ৰ বড়োৰ দাবী চাকৰি সন্ধানী নিৱনুৱা যুৱক-যুৱতী সকলেও এই বগৰীৰ লগতে অন্যান্য নতুন চাহিদাযুক্ত ফলৰ খেতি কৰি স্বাৱলম্বিতাৰ পথ মুকলি কৰিব পাৰে । যি সময়ত বহু যুৱক-যুৱতীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰি চৰকাৰী চাকৰিৰ পিছত দৌৰিছে তেনে সময়ত অশিক্ষিত হৈয়ো পয়ত্ৰিছ বছৰীয়া ললিতে আৰ্থিকভাৱে কেৱল স্বাৱলম্বী হোৱাই নহয় উঠি অহা প্ৰজন্মক উপাৰ্জনৰ পথৰ সন্ধান দিওঁতাৰ উদাহৰণ হৈ পৰিছে ৷

ৰাজ্যত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰি থকাৰ সময়তে ললিতৰ এই প্ৰচেষ্টাক সকলো একে মুখে প্ৰশংসা কৰিছে ৷ আনহাতে ল’ক ডাউনৰ প্ৰভাৱত বৰ্তমান বহু লোক আজি কৰ্মসংস্থাপনহীন, বহু যুৱক বাহিৰৰ পৰা আহি নিজ ঘৰত আৱদ্ধ হৈ আছে ৷

অসমৰ মাটি যিহেতু সাৰুৱা বুলি এক সুনাম আছে গতিকে চন পৰি থকা মাটিতে এনেধৰণৰ কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ যথেষ্ট থল আছে বুলি মত পোষণ কৰাৰ লগতে নিজা জৈৱিক পদ্ধতিৰে এই বাগান আগবঢ়াই নিয়াৰ কথা জানিব দিয়ে ললিতে ।

কোনো ধৰণৰ বেংকৰ পৰা ঋণ নোলোৱাকৈ নিজা একক প্ৰচেষ্টাৰে আগবঢ়াই নিয়া এই বগৰী খেতি আৰু বহুলভাৱে আগবঢ়াই নিয়াৰ আশা আছে বুলিও জানিবলৈ দিয়ে ললিত চন্দ্ৰ বড়োৱে ।

বৰদৌলগুৰিত এজেপি,ৰাইজৰ দলক মহাজোঁটত চামিল হবলৈ আহ্বান কংগ্ৰেছ নেত্ৰীৰ

সমাগত বিধান সভাৰ নিৰ্বাচন । দৰং জিলাতো তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ ৷ এই বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ অন্যান্য সমষ্টিৰ দৰে ছিপাঝাৰ সমষ্টিতো  তৎপৰ হৈ পৰিছে ৰাজ্যখনৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ ।

বুধবাৰে বৰদৌলগুৰি যুৱ কংগ্ৰেছৰ সভাপতি ধন ৰাজৰ নেতৃত্বত স্থানীয় কংগ্ৰেছৰ কৰ্মীৰ সহযোগত আয়োজিত কংগ্ৰেছৰ এখন কৰ্মী সভাত বিজেপিৰ বিৰুদ্ধে কেইবাটাও তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়  কংগ্ৰেছ নেত্ৰী সত্যৰানী কলিতাই । 

এইবাৰ ২০২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে বৃহৎ সংখ্যক ভোট লাভ কৰিব বুলি দৃঢ়তাৰে ঘোষণা কৰে ৷  কৰ্মীসভাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত কলিতাই  এইবাৰ ছিপাঝাৰ সমষ্টি মহিলাৰ বাবে সংৰক্ষিত হোৱাৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰি প্ৰবীন কংগ্ৰেছ নেত্ৰী সত্যৰাণী কলিতাই ছিপাঝাৰৰ জীয়াৰী হিচাবে হাইকমাণ্ডৰ ওচৰত সমষ্টিটোৰপৰা টিকট বিচাৰিব বুলি জানিব দিয়ে ৷

নেত্ৰীগৰাকীয়ে এজেপি,ৰাইজৰ দলক মহাজোঁটত চামিল হবলৈ আহ্বান জনায় ৷ এওঁলোকৰ সবল নেতৃত্বই আগন্তুক দিনত কংগ্ৰেছ দলটিক আৰু অধিক শক্তিশালী কৰি তুলিব বুলি কংগ্ৰেছ কৰ্মী সকল আশা প্ৰকাশ কৰিছে ।

বিজেপিৰ দখলৰ পৰা  সমষ্টিটো আগন্তুক নিৰ্বাচনত কেনেকৈ আকৌ নিজৰ দখললৈ আনিব আৰু এইক্ষেত্ৰত কেনেধৰণৰ ৰণকৌশল অৱলম্বন কৰিব সেইটো লক্ষ্যণীয় হব ।

কালিৰ সভাত উপস্থিত থাকে দৰং জিলা কংগ্ৰেছৰ উপ সভাপতি ইছমাইল আলী, বৰদৌলগুৰি মণ্ডল কংগ্ৰেছৰ সভাপতি পবিত্ৰ বৰুৱা, ছিপাঝাৰ ব্লক কংগ্ৰেছৰ ছাহজিদ ৰহমান প্ৰমুখ্যে শতাধিক জ্যেষ্ঠ-কনিষ্ঠ কংগ্ৰেছ নেতা ৷

মাৰ্চৰ পৰা অসমত আৰম্ভ হ’ব বৈদ্যুতিক ৰে’লৰ চলাচল

অসমবাসীলৈ সুখবৰ কঢ়িয়াই আনিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেই । অহা মাৰ্চ মাহৰ শেষৰ পৰা বৈদ্যুতিক ৰে’লৰ চলাচল আৰম্ভ হ’ব অসমত।

শব্দ আৰু বায়ু প্ৰদুষণ মুক্ত বৈদ্যুতিক ৰে’লেৰে যাতায়াত কৰিলে পূৰ্বৰ তুলনাত অতি কম সময়ৰ ভিতৰত নিজৰ গন্তব্য স্থানলৈ গতি কৰিব পাৰিব যাত্ৰীসকলে।

বৈদ্যুতিক ৰে’ল চলাচলৰ বাবে দিনে-নিশাই বৈদ্যুতিকৰণৰ কাম অব্যাহত ৰাখিছে ৰঙিয়া ৰে’ল বিভাগৰ কৰ্মচাৰীসকলে। ৰঙিয়া সংমণ্ডলৰ অধীনৰ নিউ বঙাইগাঁও-চাংসাৰি, নিউ বঙাইগাঁও-যোগীঘোপা ষ্টেচনৰ ওপৰেদি পাৰ হৈ যোৱা বৈদ্যুতিক তাঁৰত উচ্চ ক্ষমতাসম্পন্ন ২২ কে ভি ভল্টৰ বিদ্যুৎ সংযোগ কৰা হ’ব।

২৪ ঘণ্টাই সজীৱ হৈ থকা এই বৈদ্যুতিক তাঁৰৰ ২ মিটাৰৰ ভিতৰত অকৰ্তৃত্বশীলভাৱে কাম কৰা, ষ্টেচনৰ বৈদ্যুতিক সামগ্ৰী স্পৰ্শ কৰা আদিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৰে’ল বিভাগে।

ISROএ বিকশাই তােলা প্রযুক্তিসমূহ ব্যৱসায়িক ব্যৱহাৰৰ বাবে হস্তান্তৰকৰণ প্ৰক্ৰিয়া আন্তঃগাঠনি তৈয়াৰ কৰিছে চৰকাৰে

চৰকাৰে ISROএ বিকশাই তােলা প্রযুক্তিসমূহ ব্যৱসায়িক ব্যৱহাৰৰ বাবে এক প্রযুক্তি হস্তান্তৰকৰণ প্ৰক্ৰিয়াৰ আন্তঃগাঠনি তৈয়াৰ কৰিছে । পৰমাণু শক্তি আৰু মহাকাশ বিভাগৰ কেন্দ্রীয় ৰাজ্য মন্ত্রী জিতেন্দ্র সিংএ কয় যে প্রায় ৩৬৩টা প্রযুক্তি ২৩৫টাতকৈও অধিক উদ্যোগলৈ হস্তান্তৰিত কৰা হৈছে ।

লগতে মন্ত্ৰী গৰাকীয়ে কয় যে চৰকাৰে ভাৰতীয় মহাকাশ সংস্থাই ব্যক্তিগত পর্যায়ত মহাকাশ সম্পর্কীয় কাম-কাজৰ অগ্ৰগতিৰ বাবে ৰাষ্ট্ৰীয় পর্যায়ত এটি Atonomus Nodal Agency গঠন কৰিছে ।

ড০ সিঙে আৰু কয় যে প্রথম মানৱীয় মিছন গংগাযান দুখনকৈ মানৱবিহীন বিমানত অৱতৰণ কৰােৱা হ’ব ।

বাংগালুৰুত আয়ােজিত এছিয়াৰ সর্ববৃহৎ বিমান প্রদর্শনী

এৰাে ইণ্ডিয়াৰ আপাহতে অনুষ্ঠিত বায়ু সেনা বাহিনীৰ মুৰব্বীসকলৰ সমাৱৰ্তনত ভাষণ দি এয়াৰ চীফ মার্শ্বেল আৰু কে এছ ভদৌৰীয়াই কয় যে প্রযুক্তিৰ উন্নয়নৰ ফলত বায়ু সেনা বাহিনীৰ শক্তি বৃদ্ধিৰ লগে লগে বিপদৰ পৰিসৰাে সলনি হৈছে ।

বায়ু সেনাবাহিনীৰ মুৰব্বী গৰাকীয়ে অভিৱৰ্তনত অংশগ্রহণ কৰা সদস্যসকলক কয় যে ভাৰতীয় বায়ুসেনাই এটা সংহত বায়ু কামাণ্ড নিয়ন্ত্রণ প্রণালী বিকশাই তুলিছে যাৰ জৰিয়তে ৰাডাৰ বা AWACS ব্যৱস্থাক একেটা পৰিসৰতে সামৰি ল’ব পৰা যায়।

জাতীয়তাবাদী সত্তা হেৰুৱাই পেলোৱা আছুৰ জাতীয় সত্তা এতিয়া কফিনৰ ভিতৰত প্ৰেতাত্মা হ’ল : মন্ত্ৰী অতুল বৰা

সদৌ অসম ছাত্ৰ সন্থাই জাতীয়তাবাদী সত্তাক কফিনত ভৰাই শেষ গজালটো মাৰি দুই গজ মাটিৰ তলত পুতি পেলালে ৷ আছুৰ জাতীয় সত্তা এতিয়া প্ৰেতাত্মা হ’ল ৷ প্ৰেতাত্মা আকৌ আছুৰ শৰীৰলৈ উভতি নাহে ৷ আছুৰ সাধাৰণ সম্পাদক শঙ্কৰ জ্যোতি বৰুৱাই অসম গণ পৰিষদক মঙ্গলবাৰে শেষ সকিয়ণি প্ৰদানৰ পাছত আজি বোকাখাতত অগপৰ সভাপতি তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী, স্থানীয় বিধায়ক অতুল বৰাই আছুৰ প্ৰতি পুনৰ শেষ সকিয়ণি প্ৰদান কৰে ৷ অসম গণ পৰিষদক আছুৰ সাধাৰণ সম্পাদক শঙ্কৰ জ্যোতি বৰুৱাই অগপই আছুক সমালোচনা কৰাৰ পৰা বিৰত থকাৰ শেষ সকিয়ণি আৰু অগপৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাক প্ৰাক্তন আছু নেতা বুলি ক’লৈ লাজ লগাৰো উচিত প্ৰত্তুত্বৰ দিলে মন্ত্ৰী অতুল বৰাই ৷ সদৌ অসম ছাত্ৰ সন্থা এতিয়া অৰাজনৈতিক বা জাতীয় সংগঠন হৈ থকা নাই ৷ ৰাজনৈতিক পোচাক পিন্ধা আছুৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ আনক সমালোচনা কৰাৰো কোনো অধিকাৰ নাই ৷ আছুৱে কৰি অহা ভুল বিলাকহে আমি সময়ে সময়ে সোঁৱৰাই আহিছো বুলি মন্তব্য কৰে অতুল বৰাই ৷ শ্ৰীকৃষ্ণই কৰিলে লীলা আৰু আনে কৰিলে ধৰি বান্ধি কিলা বুলিও আছুক তীৰ্যক মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে আজি দিনটো স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা ব্যস্ত থাকে বোকাখাত পৌৰসভাৰ চাৰিটা ৱাৰ্ডত ৷ চাৰিটা ৱাৰ্ডৰ ১৬ পথৰ ইটোৰ পাছত সিটো পথৰ ফিটা কাটি গৈছে আৰু নাৰিকলো ভাঙি গৈছে অবিৰত ভাৱে ৷ ক’তো ৰ’বলৈ সময় নাই ৷ কোনোটো পথৰ যদি আধাৰশিলা কৰিছে, কোনোটো পথৰ সম্পূৰ্ণ হোৱাৰ বাবে উন্মোচন কৰিছে ৷ ইয়াৰ মাজতে মন্ত্ৰীগৰাকীয়ে বোকাখাত কৈলাখাট আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত বেটমিন্টন ৰ্ৰতিযোগিতাতো অংশ গ্ৰহণ কৰে ৷ ইয়াৰ পূৰ্বে মধ্য গড়মূৰ বূঢ়া নামঘৰত অনুষ্ঠিত বৰ্দ্ধিত এঘাৰখেলীয়া সমিতিৰ উদ্যোগত অনুষ্ঠিত অষ্টম অষ্ট প্ৰহৰ অবিৰত ভাগৱত পাঠ অনুষ্ঠানত উপস্থিত হৈ নেদেখাজনৰ ওচৰত সেৱা লয় ৷ নামঘৰটি উন্নয়ণৰ বাবে বিধায়ক পুঁজিৰ ডেৰলাখ টকাৰ লগতে বৰ্দ্ধিত এঘাৰখেলীয়া সমিতিৰ বাবে এক লাখ টকাৰ অনুদান আগবঢ়ায় ৷

সোণাৰি মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তিত অনিয়মৰ অভিযোগ !

সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা সোণাৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পদৰ বাবে অনুষ্ঠিত হোৱা সাক্ষাৎকাৰত অনিয়ম হোৱা বুলি পোহৰলৈ অহা এটা খবৰে এতিয়া তোলপাৰ লগাইছে শিক্ষানুষ্ঠান খনৰ ভিতৰচ’ৰাত। কিয়নো চৰাইদেউ জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান সোণাৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পদত নিযুক্তিৰ নামত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে সম্প্ৰতি। মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক গৰাকীৰ লগতে বিভাগটোৰ সহকাৰী অধ্যাপক পদৰ আবেদনকাৰীয়ে এই অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি মঙ্গলবাৰে সোণাৰি মহাবিদ্যালয়ত উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক পদৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল। সাক্ষাৎকাৰৰ বাবে আবেদন কৰা ষোল্ল গৰাকী আবেদকাৰীৰ ভিতৰত তেৰজন উপস্থিত আছিল  সাক্ষাৎকাৰত। কিন্তু অতি তাৎপৰ্যপূৰ্ণ কথা যে সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱা আবেদনকাৰী সকলৰ মাজৰে এগৰাকীয়ে উপযুক্ত নথিপত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰাৰ পাছতো নিৰ্বাচনী সমিতিয়ে তেওঁক নিৰ্বাচন কৰিলে সহকাৰী অধ্যাপক পদৰ বাবে। যাৰ ফলত এতিয়া তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক গৰাকীৰ লগতে সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱা আবেদনকাৰীয়ে। মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ফনীন্দ্ৰ বৰুৱাই জানিবলৈ দিয়া অনুসৰি আবেদনকাৰী সকলৰ নথিপত্ৰ পৰীক্ষণৰ সময়ত ডিব্ৰুগড়ৰ সুমন গগৈ নামৰ প্ৰাৰ্থী গৰাকীয়ে উপযুক্ত নথি-পত্ৰ প্ৰদৰ্শন কৰিব পৰা নাছিল যাৰ বাবে তেওঁৰ অৰ্হতা থকা স্বত্বেও সাক্ষাৎকাৰত অৱতীৰ্ণ হ’ব নোৱাৰিব বুলি টোকা লিখা হৈছিল। কিন্তু কেইগৰাকী প্ৰাৰ্থীকেই নিৰ্বাচনী সমিতিয়ে উপযুক্ত বিবেচনা কৰি সহকাৰী অধ্যাপক পদৰ বাবে নিৰ্বাচিত কৰে। মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক গৰাকী নিজেই সেই সমিতিখনত থকাত এই কথাৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছিল যদিও সমিতিখনৰ আনসকল সদস্যই কোনো ধৰণৰ গুৰুত্ব নিদিলে। যাৰ ফলত এতিয়া তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে মুৰব্বী অধ্যাপক গৰাকীয়ে। মন কৰিবলগীয়া যে মহাবিদ্যালয় খনৰ সহকাৰী অধ্যাপক পদৰ সাক্ষাৎকাৰ গ্ৰহণৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰপৰা দুগৰাকী জ্যেষ্ঠ অধ্যাপকক মনোনীত কৰা লগতে বিভাগটোৰ মুৰব্বী অধ্যাপক তথা মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকী সহ এখন সমিতি গঠন কৰা হৈছিল। কিন্তু সেই সমিতিখনলৈ মনোনীত সদস্য কেইগৰাকীয়ে  উপযুক্ত নথি-পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰা প্ৰাৰ্থীক নিৰ্বাচিত কৰাৰ অভিযোগ উত্থাপন কৰিছে মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক গৰাকীয়ে।  ইফালে সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ জানিবলৈ বিচৰাত সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে সাক্ষাৎকাৰত অনিয়ম হোৱাৰ কথা অস্বীকাৰ কৰে। সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট নকৰিবলৈহে আহ্বান জনায় অধ্যক্ষ গৰাকীয়ে।