Home Blog Page 3052

দফলাপোটা পানী যোগান আচনিত ২০বছৰে পানী এটুপি পানীও নাই

ওদালগুৰি জিলাৰ পূব প্ৰান্তত বিশুদ্ধ খোৱা পানী যোগানৰ নামত জন স্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ন কৰা আঁচনি সমূহ এক চূড়ান্ত প্ৰহসনলৈ ৰূপান্তৰিত হৈছে । ৰাজহুৱা ধনৰ শ্ৰাদ্ধ পাতি কোটি কোটি টকা খৰচ কৰি ৰাইজক এটুপাল বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ অক্ষম হৈছে  বগাহাতলৈ ৰূপান্তৰিত হোৱা এই বিভাগ । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ টংলা সংমণ্ডল তথা ওদালগুৰি উপ সংমণ্ডলৰ  অধীনস্থ পাউৰীপোটা , শইকীয়া চুবুৰী, পিছতেই বিভাগটোৱে প্ৰায়ে ২০  বছৰ ধৰি এটুপাল বিশুদ্ধ পানী নোলোৱাত আন আন এক আঁচনি হৈছে দফলাপোটা বিশুদ্ধ খোৱা পানী যোগান আঁচনি । 
দফলা পোটা , মাজগাওঁ , মোৱামাৰী, দাহেৰুৱা , আদি গাঁওক বিশুদ্ধ খোৱাপানীৰ আঁচনিটো ৯০  দশকতে  নিৰ্মান কৰা হৈছিল যদিও ৰাইজে আজিও শুঙিবও নাপালে এটুপাল বিশুদ্ধ পানী । বিভাগৰ তৰফৰ পৰা ৰং চুন তেল সানি মেৰামতি কৰি ফুলদানীৰ দৰে সজাই ৰখা হৈছে এই আঁচনিটো । উল্লেখযোগ্য যে অবিভক্ত দৰং জিলাৰ এই বিভাগৰ উপ সংমণ্ডল আছিল ওৰাং আৰু সংমণ্ডল আছিল মঙ্গলদৈ । ওদালগুৰি জিলা সৃষ্টি হোৱাত এই কাৰ্যালয় উঠি ওদালগুৰি উপ সংমণ্ডল আৰু টংলা সংমণ্ডল হয় । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তদানীন্তন বিষয়া কৰ্মচাৰীৰ চৰম হেমাহি,অৱহেলাৰ বাবেই এই আঁচনি সমূহ কাৰ্যক্ষম নহল বুলি ৰাইজে মন্তব্য কৰিছে । এই ক্ষেত্ৰত মাজবাট যুৱ নেতা কিশোৰ শৰ্মাৰ লগত সাংবাদিকৰে হোৱা কথা বাৰ্তাত মাজবাটৰ বিজেপি দলৰ যুৱ নেতা কিশোৰ শৰ্মাই কয় যে এই বিষয়ত বিষয়া  কৰ্মচাৰী সকলে এই নতুন চৰকাৰৰ দিনতো যদি কৰ্মচাৰী সকলে গুৰুত্ব প্ৰদান নকৰে তেন্তে ইয়াৰ তেওঁলোকৰ প্ৰতি চকু ৰাখিব বুলি যুৱ নেতা কিশোৰ শৰ্মাই সদৰী কৰে ।আনহাতে একাংশ মাফিয়াৰ উদ্যোগত চলা পানী  যোগান আচনিৰ বোৰ  সম্পূৰ্ন হোৱাৰ  নামত কেলেংকাৰী হৈ থকা ঘটনা সমুহ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষী বিষয়া সকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিবলৈ নতুন চৰকাৰক ওদালগুৰি জিলা সচেতন নাগৰিক সমিতিয়ে দাবী জনাইছে ৷

শনিবাৰে পুৱাই ভূমিকম্পৰ জোকৰাণি, কঁপাই গ’ল ৰাজ্য

  • ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি।শনিবাৰে পুৱা ৮.৩৪ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলা বুলি জানিব পৰা গৈছে।ভূ-গৰ্ভৰ পৰা ১৪ কিলোমিটাৰ গভীৰতাত ভূমিকম্পটোৰ অভিকেন্দ্ৰ।ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৩.৯।

ক’ভিডপৰিস্হিতি সন্দৰ্ভত পৰ্যালোচনা সভা: ওদালগুৰিত আই চি ইউ বিচনা বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান কৰা হব:মন্ত্ৰী চন্দ্ৰমোহন

ক’ভিড১৯ ৰ পৰিস্হিতিৰ বুজ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ১৪মেত  বিয়লি ২.৩০ বজাত ওদালগুৰিত উপস্হিত হয়  অসম চৰকাৰৰ পৰিবহন,উদ্যোগ আৰু বানিজ্য মন্ত্ৰী  চন্দ্ৰ মোহন পাটোৱাৰী। মন্ত্ৰী পাটোৱাৰীয়ে পোনে পোনে ওদালগুৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্হিত হৈ জিলা প্ৰশাসন ,স্বাস্থ্য বিভাগৰ লগতে আৰক্ষী প্ৰশাসনৰ সৈতে মিলিত হয় আৰু পৰ্য্যালোচনা সভাত মন্ত্ৰী গৰাকীয়ে উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ লগতে  স্বাস্থ্য বিভাগৰ জিলা বিষয়াৰ পৰা ওদালগুৰি জিলাৰ ক’ৰোনা পৰিস্হিতি  সন্দৰ্ভত বুজ লয়‌।যুটীয়া সঞ্চালকক ৰেপিট টেষ্ট আৰু ভেকচিন দিয়া ব্যবস্থা প্ৰণালীৰ বৃদ্ধি কৰিবলৈ নিৰ্দেশ মন্ত্ৰী পাটোৱাৰীৰ।চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায় আগবঢ়োৱা হব বুলি তেওঁ পৰ্যালোচনা সভাত আশ্বাস প্ৰদান কৰে। জিলাখনত ক’ৰোনা সন্দৰ্ভত লোৱা ব্যৱস্হাৰ  বুজ লোৱাৰ পিছত স্হানীয় সাংবাদিকৰ সৈতে মুখামুখী হৈ জিলা খনত ক’ভিড ১৯ ৰ পৰিস্হিতিৰ বুজ লোৱাৰ কথা ব্যক্ত কৰি মন্ত্ৰী পাটোৱাৰীয়ে কয় যে-  ওদালগুৰি জিলা অসামৰিক চিকিৎসাসয়ত পৰ্যাপ্ত পৰিমানৰ অক্সিজেন আৰু বিচনাৰ পৰিমান ঠিকে আছে যদিও আই চি  ইউৰ অভাৱ পূৰণ হোৱা নাই। সেয়ে চিকিৎসালয় খনত পাচখন অতিৰিক্ত আই চি ইউ বিচনাৰ ব্যৱস্থা চলি থকা বুলি সাংবাদিকক জানিবলৈ দিয়ে।মন্ত্ৰী গৰাকীয়ে জিলা খনত ৰেপিট টেষ্ট আৰু ভেক্সিনেচনৰ পৰিমান বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিবলৈ  চিকিৎসক সকলক আহ্বান জনাই চিকিৎসাৰ ক্ষেত্ৰত অধিক সচেষ্ট হবলৈ আহ্বান জনোৱাৰ কথা ব্যক্ত কৰি  চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰে সকলো ব্যৱস্হা গ্ৰহন কৰিব বুলিও প্ৰকাশ কৰে । আজিৰ এই পৰ্যালোচনা সভাত মন্ত্ৰী পাটোৱাৰীৰ সৈতে ওদালগুৰিৰ  বিধায়ক গোবিন্দ চন্দ্ৰ  বসুমতাৰী,কলাইগাওঁঁৰ বিধায়ক দুৰ্গাদাস বড়ো ,ওদালগুৰি  জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক (ভাৰপ্ৰাপ্ত) ডা: গনেশ চন্দ্ৰ ব্ৰহ্ম,আৰক্ষী অধীক্ষক ৰিপুল দাসৰ উপৰিও স্বাস্হ্য বিভাগৰ আন বিষয়া সকল উপস্হিত আছিল।

মৰিগাঁও জাগীৰোডত অবৈধ ড্ৰাগচ উদ্ধাৰ ! ফৰিদুল ইছলাম নামৰ এজন সৰবৰহকাৰী আটক

জাগীৰোড আৰক্ষীয়ে বৃহস্পতিবাৰে এক গোপন খৱৰৰ ভিত্তিত জাগীৰোড আৰক্ষী চকীৰ অন্তৰ্গত শিলভঙা(পৰ্বত নগৰ)ৰ পৰা ড্ৰাগছ সহ এজন দুৰ্ধষ ড্ৰাগছ সৰবৰহ কাৰীক আটক কৰিবলৈ সক্ষম হয়।পুৰ্বেও ড্ৰাগছৰ সৰবৰহত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হৈ মুক্তি লাভ কৰা অপৰাধী জন শিলভঙাৰ ফৰিদুল ইছলাম বুলি আৰক্ষীয়ে জানিব দিয়ে। জাগীৰোড আৰক্ষীয়ে যোৱা বছৰ একে স্থানৰ পৰা উৎখাট কৰা এটা ড্ৰাগছ সৰবৰহকাৰী দলৰ অনুসন্ধানৰ পৰিপ্ৰেক্ষিতত কালি উক্ত সৰবৰহকাৰী জনক হাতে লোটে ধৰা পেলায়।ইফালে বহুদিন ধৰি এই অঞ্চলৰ লগতে জিলা খনৰ বহু ঠাইত এই জন ফৰিদুল ইছলামে এই অবৈধ ব্যবসায় চলাই আছে বুলিও বিভিন্ন জনে সন্দেহ প্ৰকাশ কৰে।

প্ৰতিদিনে গুৱাহাটীত ২০ হাজাৰ ক’ভিড টেষ্ট কৰা হ’ব! সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰীৰ

GMCH ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “প্ৰতিদিনে গুৱাহাটীত ২০ হাজাৰ লোকৰ ক’ভিড টেষ্ট কৰা হ’ব। যোৱা সপ্তাহৰ তুলনাত এই সপ্তাহত Covid টেষ্ট বৃদ্ধি কৰা হৈছে। আমাৰ হাতত পৰ্যাপ্ত পৰিমাণে remdesivir আছে। কাইলৈৰ পৰা গুৱাহাটীত ১৪MT অক্সিজেনৰ উত্পাদন বাঢ়িব। GMCHৰ কাৰ পাৰ্কিঙত ২০০ ICU বিচনাৰ কাম কৰি থকা হৈছে আৰু যিমান সোনকালে পৰা যায় ইয়াক মুকলি কৰা হ’ব।  বৰ্তমানলৈ ৰাজ্যখনত  ২৭,৫৬,৪৯০ জন লোকক ক’ভিড ভেকচিন দিয়া হৈছে। আজি আমাৰ হাতত ৩ লাখ ৭০ হাজাৰ ভেকচিন মজুত আছে।আনহাতে চাহ-বাগিচাৰ বাবে শনিবাৰে নতুন SOP প্ৰকাশ কৰা হ’ব। ১৭ মে’ৰ পৰা ৫০ উৰ্ধ্বৰ ব্যক্তিৰ ক’ভিড হ’লেই হাস্পতালত ভৰ্তি হ’ব লাগিব, কিয়নো শেহতীয়া কেইটামান দিনলৈ লক্ষ্য কৰিলে দেখা যায় যে ৫০ উৰ্ধ্বৰ লোকৰ মৃত্যুৰ সংখ্যা বাঢ়িছে।সম্প্ৰতি GMCHত ৭খন ICU বিচনা খালী আছে যদিও দুদিনৰ ভিতৰত ২৮খন ICU বিচনা ইয়াত বাঢ়িব।আনহাতে DRDOক ১৯ কোটি দিয়া হৈছে হাস্পতাল নিৰ্মাণৰ বাবে য’ত ৩০০ খন বিচনা থাকিব আৰু ইয়াৰে ২০০ খন অক্সিজেন বিচনা হ’ব আৰু ১০০ খন ICU বিচনা হ’ব। “

লকডাউন সন্দৰ্ভত এই পৰ্যন্ত কোনো চিন্তা চৰ্চা কৰা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়া আদি ঠাইত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হ’লে, পৰিৱেশ উন্নত নহ’লে নতুন নীতি-নিৰ্দেশনাৰ বিষয়ে চিন্তা-চৰ্চা কৰা হ’ব বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।

বোকাখাতৰ নুমলীগড় চাহ বাগিচাক কন্টেইনমেণ্ট জ’ন ঘোষণা

গোলাঘাট জিলাৰ বোকাখাতৰ নুমলীগড় চাহ বাগিচাত ৭২ জন লোকৰ দেহত ক’ভিডৰ সংক্ৰমণ ধৰা পৰাত ইয়াৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে বাগিচাখনৰ দুটা লাইন কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে । কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা চাহ বাগিচাখনৰ বৰ লাইন আৰু ৫ নং লাইন এলেকাক ইয়াৰ অধীনত সামৰি লোৱা হৈছে । বৰ লাইনৰ উত্তৰে ফেক্টৰী অফিচ, দক্ষিণে বিষ্ণু মন্দিৰ, পূবে ধনশিৰী নদী আৰু পশ্চিমে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অঞ্চলক এই কন্টেইনমেণ্ট জ’নৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছে । আনহাতে ৫ নং লাইনৰ উত্তৰ আৰু দক্ষিণে চাহ বাগিচা, পূবে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু পশ্চিমে চাহ বাগিচা এলেকা ইয়াৰ সীমা হ’ব । সমগ্ৰ অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান আৰু আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । উল্লেখযোগ্য যে ইয়াকে লৈ জিলাখনত কন্টেইনমেণ্ট জ’নৰ সংখ্যা ৬টালৈ বৃদ্ধি পাইছে ।

ReplyForward

গাড়ীগাঁৱ,জালুকবাৰীত ঘৰতে সকলোৱে পঢ়িলে ঈদ-উল-ফিটৰৰ নামাজ

বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ  পবিত্ৰ  ৰমজান মাহৰ অন্তত পালন কৰি অহা ত্যাগৰ উৎসৱ ” ঈদ – উল – ফিটৰ”ৰ সমূহীয়া নামাজ এইবেলি কতো সম্পন্ন নহল ক’ভিড মহামাৰীৰ বাবে । ক’ভিডৰ  গণ সংক্ৰমণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি গুৱাহাটীৰ আন আন প্ৰান্তৰ দৰে গাড়ীগাঁৱ , জালুকবাৰীকে ধৰি কাষৰীয়া অঞ্চলৰ ইছলাম ধৰ্মী লোক সকলে আজি পুৱা নিজ ঘৰতে তাকো সামাজিক দূৰত্ব বজাই ৰাখি নামাজ আদায় কৰে । এই সন্দৰ্ভত গাড়ীগাৱ ঈদগাহ কমিটিৰ সভাপতি আলহাজ আলতাফ হুছেইন , জালুকবাৰী ঈদগাহ কমিটিৰ সাধাৰণ সম্পাদক আবুল আলীয়ে জানিবলৈ দিয়া মতে  বিগত ২০২০ বর্ষতো ক’ভিড মহামাৰীৰ বাবে নিজ ঘৰতে সকলোৱে পৰিয়ালৰ সদস্য সকলৰ সৈতে নামাজ আদায় কৰিছিল । একেদৰে আজিও ক’ভিডৰ গণ সংক্ৰমণ ৰোধৰ বাবে নিজ ঘৰতে সকলোৱে  নামাজ আদায় কৰিব লগীয়া হয় । অৱশ্যে মহান আল্লাই মানৱ জাতিৰ বাবে অতি শীঘ্ৰেই ভাল দিন আনিব বুলিও দুয়োজন কৰ্মকর্তাই সদৰি কৰি সকলোৱে চৰকাৰৰ নীতি নিৰ্দেশনা মানি নিজ ঘৰতে নামাজ আদায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

চুবুৰীয়া ৰাজ্য অৰুণাচলৰ টিপিৰ চালানেৰে অসমত সৰবৰাহ শিল বালি, অসম চৰকাৰৰ বন বিভাগে হেৰুৱাব লগা হৈছে বছৰি লাখ লাখ টকা ৰাজহ

সমগ্ৰ তিনিচুকীয়া জিলাখনতে বন বিভাগ কাৰ্যত এক অস্তিত্বহীন বিভাগ হিচাপেই পৰিগণিত হৈছেগৈ| জিলাখনৰ বন বিভাগৰ অস্তিত্বহীনতাৰ বাবেই বন দস্যু সকলে দিনে নিশাই অব্যাহত ৰাখিছে বনজ  সম্পদৰ  লুণ্ঠনৰাজ | বন বিভাগৰ আইন অনুসৰি বহিঃৰাজ্য পৰা অহা শিল ,বালি ভৰ্তি বাহন সমূহে অসমত প্ৰৱেশ কৰিলে অসম চৰকাৰৰ পৰা কৰ পৰিশোধ কৰি  বৈধ অনুমতি পত্ৰ চালান আদি ল’ব লাগে| কিন্তু শিল ,বালি ব্যৱসায়ৰ লগত জড়িত  মাফিয়া চক্ৰই বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী সহযোগত অৰুণাচলৰ টিপি , চালানৰে অসমত সৰবৰাহ কৰি আহিছে শিল , বালিৰ ওপৰিও অন্যন্য বনজ সম্পদ| চুবুৰীয়া প্ৰদেশ অৰুণাচলৰ পৰা মাৰ্ঘেৰিটাৰ হৈ জিলাখনৰ বিভিন্ন প্ৰান্তলৈ শিল, বালি আদি সৰবৰাহ হৈ আহিছে| বনজ সম্পদ কঢ়িয়াই অনা এই বাহনসমূহৰ নাই অসম চৰকাৰৰ পৰা ল’ব লগীয়া কোনো বৈধ নথি পত্ৰ| বনজ সম্পদ ভৰ্তি এই বাহন সমূহৰ চালকসমূহে প্ৰদৰ্শন কৰা টিপি ,চালান আদি লক্ষ্য কৰিলেই এই কথা স্পষ্ট হৈ পৰিব| চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা জাগুন  লেখাপানী , মাৰ্ঘেৰিটাকে আদি কৰি  আটাইকেইটা বনাঞ্চলিক কাৰ্যলয়ৰ সন্মূখেৰে পাৰ হৈ বাহন সমূহ বিভিন্ন অঞ্চললৈ যায় যদিও বন বিভাগৰ কোনো এখন  তালাচি চকীতে কোনো ধৰণৰ বাধা সন্মূখীন নোৱাকৈ বাহনসমূহ সৰবৰাহ হোৱালৈ চাই বন বিভাগৰ একাংশ লোক জড়িত থকা সন্দেহ প্ৰকাশ কৰিছে স্থানীয় দল বহু সংগঠনে| বন বিভাগৰ এনে একাংশ দূৰ্নীতি পৰায়ণ বিষয়া কৰ্মচাৰী বাবেই অসম চৰকাৰে বছৰি হেৰুৱাব লগা হৈছে লাথ লাখ টকা চৰকাৰী ৰাজহ|অবৈধ ভাৱে বনজ সম্পদ সৰবৰাহ হৈ থকা এনে বাহন সমূহৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাৱী জনাইছে আছু’ৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে|

শুৱালকুছি ত বান্দৰৰ উপদ্ৰৱ, বান্দৰৰ আক্ৰমণত আহত সাংবাদিক

 বস্ত্ৰনগৰী শুৱালকুছি ত দিনক দিনে বান্দৰৰ উপদ্ৰৱ ব্যৃদ্ধি পোৱাত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। গাওঁ খনত ব্যৃদ্ধি পোৱা বান্দৰৰ আক্ৰমণ প্ৰতাক্ৰমন ত কেবাজনো লোক আহত হোৱাৰ লগতে বস্ত্ৰনগৰী শুৱালকুছি ত কিছু বছৰ পূৰ্বে এজন লোক তিনিমহলীয়া অট্টালিকা ৰ পৰা নিহত পৰ্য্যন্ত হৈছিল। শেহতীয়াকৈ  এজাক বান্দৰৰ আক্ৰমণ ত অট্টালিকা ৰ পৰা পৰি শুৱালকুছি প্ৰেছ ক্লাবৰ পদ্ম তথা গুৱাহাটী ৰ পৰা প্ৰকাশিত দৈনন্দিন বাৰ্তা কাকতৰ শুৱালকুছি স্থ সাংবাদিক হৰেন চন্দ্ৰ বৈশ্য ৰ সো ভৰি ভাগি আহত হয়। স্থানীয় ৰাইজে ভয়াবহ ভাবে বাঢ়ি অহা বান্দৰৰ উপদ্ৰৱ ৰোধ কৰাৰ ব্যৱস্থা কৰিবলৈ বন বিভাগক আহ্বান জনাইছে অন্য থা আৰু অধিক ভয়াবহ অৱস্থাৰ সৃষ্টি হ’ব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।

আলফা (স্বাঃ)ৰ দ্বাৰা অপহৃত ONGC-ৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ পত্নীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাঃ)ৰ দ্বাৰা অপহৃত অ’ এন জি চিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ পত্নীক সাক্ষাৎ কৰে।তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ উপস্থিতিত মাজুলীৰ আৱৰ্ত ভৱনত ড০ শৰ্মাই শইকীয়াৰ পত্নী আৰু ভায়েকক সাক্ষাৎ কৰে।সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীয়ে তেওঁলোকক আশ্বাস দিয়ে যে অসম চৰকাৰে অ’ এন জি চিৰ কৰ্মচাৰীজনক উদ্ধাৰ কৰিবলৈ সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে।ম্যানমাৰৰ সীমান্তৱৰ্তী নাগালেণ্ডত অপহৰণকাৰীসকলৰ সৈতে হোৱা গুলীচালনাৰ পিছত উগ্ৰপন্থীৰ কৱলৰ পৰা আন দুজন অপহৰণকাৰীক সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰিছিল যদিও ৰিতুল শইকীয়াক উদ্ধাৰ কৰিব পৰা নাছিল।