Home Blog Page 3051

আজিৰ পৰা চাহ বাগিচাত প্ৰযোজ্য হ’ব নতুন কোভিড বিধি। আক্ৰান্ত শ্ৰমিকক কৰিব নোৱাৰিব হোম কোৱাৰেণ্টাইন।

আজিৰ পৰা চাহ বাগিচাত প্ৰযোজ্য হ’ব নতুন কোভিড বিধি। বাগিচাসমূহত দিনে দিনে কোৰোণাৰ সংক্ৰমণ বৃদ্ধি পোৱাত চৰকাৰে বাগিচাৰ বাবে জাৰী কৰিছে নতন কোভিড বিধি।কোৰোণাত আক্ৰান্ত কোনো শ্ৰমিকক কৰিব নোৱাৰিব হোম কোৱাৰেণ্টাইন। উপযুক্ত সুবিধা থকা সমূহিক ভৱন, বিদ্যালয় বা প্ৰেক্ষাগৃহত কোভিড কেয়াৰ চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব।চাহ বাগিচাৰ সকলো বিষয়াই কৰিব লাগিব কোভিড টেষ্ট।

কোভিড কেয়াৰ চেণ্টাৰৰ সকলো দিশ তদাৰক কৰিব লাগিব স্থানীয় স্বাস্থ্য বিষয়া, নাৰ্ছ আৰু আশাকৰ্মীয়ে। সহযোগ কৰিব লাগিব বাগিচা পৰিচালনা কৰ্তৃপক্ষ, জিলা প্ৰশাসনে।
সংশ্লিষ্ট চক্ৰ বিষয়াই এজন বিষয়াক নিৰীক্ষক হিচাপে নিযুক্ত দিব কোভিড কেয়াৰ চেণ্টাৰত। লক্ষণবিহীন ৰোগীকহে বাগিচাৰ কোভিড কেয়াৰ চেণ্টাৰ ৰাখিব পাৰিব।বাগিচাৰ প্ৰতিটো কোভিড কেয়াৰ চেণ্টাৰত থাকিব লাগিব ৩টাকৈ অক্সিমিটাৰ। কোভিডৰ লগতে আন আন ঔষধ থাকিব লাগিব কোভিড কেয়াৰ চেণ্টাৰত।এজন ৰোগীৰ খাদ্যৰ নামত দৈনিক ব্যয় কৰিব লাগিব ৩০০টকা।

Breaking News : ডিফুত ৰাজপথত গুলীচালনা। এজন যুৱক নিহত।

ডিফুৰ ধনশিৰি পথৰ হাতীকেম্পত এজন যুৱকক গুলীয়াই হত্যা।দেৱজিৎ সিনহা নামৰ যুৱকজনক গুলীয়াই হত্যা অচিনাক্ত যুৱকৰ।শূন্য দূৰত্বৰ পৰা পিষ্টলেৰে মূৰত গুলীয়াই হত্যা কৰে দেৱজিৎ সিনহাক।ম’বাইল ব্যৱসায়ী দেৱজিৎ সিনহাৰ ঘৰ ডিফু চহৰৰ শীতলাবাৰীত।ধনশিৰিৰ পৰা বাইকেৰে ডিফুৰ মাহীয়েকৰ ঘৰলৈ গৈ আছিল যুৱকজনযুৱকজনৰ সৈতে বাইকখনত গৈছিল এগৰাকী যুৱতীও।সেই সময়তে হাতীকেম্পত দুই অচিনাক্ত যুৱকে আগ ভেটি ধৰে যুৱকজনক।কিছু সময় তৰ্কা-তৰ্কিত লিপ্ত হোৱাৰ পাছতেই  গুলীয়াই হত্যা কৰে দেৱজিতক।তাৰ পাছতেই দেৱজিতৰ বাইকখন লৈ পলাই যায়  দুই হত্যাকাৰী ।আৰক্ষীয়ে  আৰম্ভ কৰিছে তদন্ত।

আদিবাসী সকলৰ বিভিন্ন দল সংগঠনে আজি “কলা দিৱস” উদযাপন কৰে।

আদিবাসী-বড়োৰ গোষ্ঠী সংঘৰ্ষৰ পঁচিশ বছৰ।কিন্তু আজিৰ দিনটো কোনেওঁ‌ পাহৰা নাই।বিগত ১৯৯৬ আৰু ৯৮ চনত সংঘটিত হোৱা হিংসাৰ দাবালন আজিও মানস পটত ভাঁহি থকা চাওতাল সকলৰ বাবে ১৫ মে’ তাৰিখটো আখ্যায়িত হোৱা আদিবাসী জনগোষ্ঠীৰ লোকসলে আজিৰ দিনটো কলা দিৱস  হিচাপে পালন কৰে।ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে সম্পূৰ্ণ কভিড প্ৰটকল মানি আজি গোসাঁইগাওঁ মহকুমাৰ ১ নং হাতীগড় গাওঁত ALL  ADIVASHI STUDENT ASSOCIATION OF ASSAM চমুকৈ AASAA ৰ গুৰুফেলা আঞ্চলিক কমিটিৰ উদ্যোগত কোভিড প্ৰট’কলৰ মাজেৰে অনুষ্ঠিত কৰিবলগীয়া “কলা দিবসত” পতাকা অৰ্ধ উত্তোলন আৰু শ্বহীদ সকলৰ স্মৃতিত শ্বহীদ বেদীত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি প্ৰদান কৰি   অনুষ্টুপীয়া কৈ কলা দিৱস উদযাপন কৰে।
গুৰুফেলা আঞ্চলিক কমিটিৰ উপদেষ্টা ছাবেদ মুৰ্মূই সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে আদিবাসী জনগোষ্ঠীটো আজিৰ দিনত ১৯৯৬ চনত যি আদিবাসী-বড়ো জনগোষ্ঠী দুটাৰ মাজত গোষ্ঠী সংঘৰ্ষৰ সৃষ্টি হৈ, বহুত লোকে শিবিৰত থাকিব লগিয়া হৈছিল আৰু বহুত মানুহ মৃত্যু বৰন কৰিছিল।ঠিক তেনেকুৱা ঘটনা ভৱিষ্যৎত নহয় তাকে কামনা কৰাৰ লগতে  আদিবাসী জনগোষ্ঠীটোক নতুন চৰকাৰ খনে সৰ্বাংগীণ উন্নতি সাধন কৰে সেয়া দাবী জনায়।

জাগুনত এন ,এছ,চি,এন’ৰ দুধৰ্ষ কেডাৰ আটক

 তিনিচুকীয়া জিলাৰ জাগুনত সেনাবাহিনীৰ বৃহৎ সাফল্য।জাগুন নামফাই সংৰক্ষিত বনাঞ্চলত এক অভিযান চলাই ভাৰতীয় সেনাই যোৱা শুক্ৰবাৰে  এন, এছ, চি, এন (আৰ)ৰ  এজন দুধৰ্ষ কেডাৰ আটক কৰিবলৈ সক্ষম হয়। আটকাধীন কেডাৰ জনৰ নাম লক্ষীকান্ত কুম্বাং (২৯) বুলি জানিব পৰা গৈছে।দুদৰ্ষ কেডাৰজন জাগুন কাংকান গাঁওঁ নিৱাসীৰ উমাকান্ত কুম্বাং ৰ পুত্ৰ। তেওঁ ২০২০ চনতে এন, এছ, চি, এন (আৰ) ত যোগদান কৰিছিল যদিও পৰৱৰ্তী সময়ত নতুনকৈ গঠন হোৱা লিবাৰেল ডেমক্ৰেটিক কাউন্সিল অফ মিচিং লেণ্ড চমুকৈ এল, ডি, চি, এম, এল নামৰ উগ্ৰপন্থী সংগঠনটোত যোগদান কৰিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । আটকাধীন কেডাৰ জনৰ পৰা সেনাবাহিনীয়ে জাৰ্মানীত নিৰ্মিত এটা  ৭.৬৫ এমএম পিষ্টলৰ সৈতে কেইবা জাইয়ো গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। সেনাবাহিনীয়ে ইতিমধ্যে কেডাৰ জনক লেখাপানী আৰক্ষী থানাত চমজাই দিছে।

অসমীয়া জন-জীৱনৰ লগত সংপিক্ত বাঁহ শিল্পক জীয়াই ৰখা প্ৰয়াস বৰডুমচাৰ এজন যুৱকৰ

 অসম অৰুণাচল প্ৰদেশ সিমান্তৱৰ্তী বৰডুমচাৰ ৰিতুকঁ‌ঠালগুৰি নিৱাসী নৱকান্ত চলিহাৰ অসমীয়া জন-জীৱনৰ লগত সংপিক্ত বাঁহ শিল্পক জীয়াই ৰখা এক অনন্য ব্যতিক্ৰমী প্ৰয়াস |২০০৬ চনতে দুজন বন্ধু ক্ৰমে পৰাগজ্যোতি গোহাঁই আৰু মৃদুল বৰপাত্ৰগোঁহাইৰ সৈতে মিলি তেওঁ ঘৰতে আৰম্ভ কৰে ভলুকা বাঁহৰে সা- সামগ্ৰীৰ সাজি উলিওৱা কাম| কম সময়ৰ ভিতৰতে ভলুকা বাঁহৰে সাজি উলিওৱা  আচবাব-পত্ৰই অঞ্চলটোৰ ৰাইজৰ ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হয়| ভলুকা বাঁহৰে আৰম্ভ কৰা এই ব্যতিক্ৰমী প্ৰতিষ্ঠানখন ৰাইজৰ মাজত এক আকষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে। নিজৰ প্ৰতিভাৰে তেওঁলোকে ভলুকা বাঁহৰে অসমীয়া সমাজত প্ৰচলিত  বিভিন্ন সামগ্ৰীৰ চকী-মেজ, টি-টেবুল, ষ্টুল, বিছনা, শ্ব-কেছ, ডাইনিং ছেট আদি সাজি উলিয়াই ব্যৱসায় চলাই আহিছে| ইয়াৰ দ্বাৰা অসমীয়া জন-জীৱনৰ লগত সংপিক্ত বাঁহ শিল্পক তেওঁলোকে এক সুকীয়া মৰ্যদা দি জীয়াই ৰখা ওপৰিও নিজেও স্বাৱলম্বী হোৱাৰ চেষ্টা অব্যাহত ৰাখিছে|বৰ্তমান তেওঁলোকে সাজি উলিওৱা বাঁহৰ সামগ্ৰীয়ে সমাজত এক সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছে| কুটীৰ শিল্প-কৰ্মৰে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে  স্বাৱলম্বীতা এক আদৰ্শ  ডাঙি ধৰিবলৈ  সক্ষম হোৱা বাৱে অলপতে অনুষ্ঠিত হৈ যোৱা আপকু’ৰ প্ৰতিষ্ঠা দিৱসত  তিনিচুকীয়া জিলা সমিতিৰ আপকু’ৰ তৰফৰ পৰা নৱকান্ত চলিহাক  ৰাজহুৱা ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

ৰ’দত শুকাই বৰষুণত তিতিছে বোকাখাতৰ কৃষকৰ শ্ৰমৰ প্ৰাচুৰ্য,দৰ নাপাই চোতালতে পৰি ৰৈছে হাজাৰ কুইন্টল ৰঙালাউঃ

ৰাজ্যখনৰ আন আন অঞ্চলৰ লগতে বাৰিষা উপৰ্যুপৰি অহা বানত ডুব যায় বোকাখাত মহকুমা। কৃষিৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো মহকুমাটোৰ কৃষক সকলে বছৰটোৰ ভালেখিনি সময় বানপানীৰ লগতে বন্যজন্তুৰ উপদ্ৰৱ, খৰাং আদি অলেখ সমস্যাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। যোৱা বছৰ কেইটাৰ দৰে এইবাৰ অনুৰূপ সমস্যাৰ সন্মুখীন হৈছে বোকাখাত মহকুমাৰ বহু কৃষক তথা কৃষি গোট সমূহ। বিশেষকৈ এইবাৰ বোকাখাত মহকুমাৰ নৈপৰীয়া কৃষক সকলে বহলুৱা ভিত্তিত ৰঙালাও খেতি কৰি যথেষ্ট উৎপাদন কৰিলে যদিও বৰ্তমান উপযুক্ত বজাৰৰ অভাৱত মূৰে কপালে হাত দিব লগীয়া হৈছে। মহকুমাটোৰ ধনশিৰি আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ উৰ্বৰ কৃষি ভূমিত কৃষক ৰাইজে ধান, মাহ, সৰিয়হ ,আলু, কচু, কবি, মটৰ আদি বহু কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ মানসেৰে আত্মনিয়োগ কৰি আহিছে যদিও ইতিমধ্যে বহু চৰ্চিত ‘পথাৰ আমাৰ বজাৰো আমাৰ’ আপ্ত কথাষাৰে কৃষক সমাজক যেন ভেঙুচালিহে কৰিছে। কৰ’না-কালীন সময়ত আৰু চৰকাৰী বাধা নিষেধে এইবাৰো মাধমাৰ শোধাইছে বোকাখাতৰ কৃষকৰ মূৰত। উপযুক্ত দৰ আৰু বজাৰ নাপাইপথাৰতে নষ্ট হৈছে কুইন্টলে কুইন্টলে, টনে টনে ৰঙালাউ। ৰ’দত শুকাই, বৰষুণত তিতিছে কৃষকৰ শ্ৰমৰ প্ৰাচূৰ্য। চোতালত দ’মাই থোৱা ৰঙালাউৰ এতিয়া দাম নাই। ৪, ৫, ৬ টকা দৰত বেচিব লগা হৈছে ৰঙালাউ। মূৰৰ ঘাম মাটিত পেলাই বিশাল ব্যয়েৰে ব্যৱসায়িক লাভৰ আশাৰে বৃহৎ পৰিমাণৰ মাটিত ৰঙালাউ খেতি কৰি, এতিয়া খেতি চপোৱাৰ বতৰত মূৰে কপালে হাত দিছে বোকাখাতৰ মৰিয়াহোলাৰ কৃষকে। অঞ্চলটোৰউদ্যমী যুৱ কৃষক ললিত দত্তই উৎপাদন কৰিছে প্ৰায় তিনি হাজাৰ কুইন্টল ৰঙালাউ। কিন্তু বজাৰ নাই। মৰিগাঁও নগাঁৱৰ একাংশ মধ্যভোগী বেপাৰীক হাতে ভৰিয়ে ধৰি ৪ টকা,৫ টকা,৬ টকা কেজি দৰত বিক্ৰী কৰিছে ৰঙালাউ। এনেকুৱা পৰিস্থিতিত পৰি উপায়ান্ত কৃষক ৰাইজে উৎপাদিত ফচল বিক্ৰী কৰিব লগীয়াত পৰিছে নগন্য দৰত।  ললিত দত্তই প্ৰায় এহেজাৰ কুইন্টল ৰঙালাউ বিক্ৰী কৰিছে। পাঞ্জাৱ বডী ট্ৰাকেৰে দুই ট্ৰাক ৰঙালাউ পঠাইছে কলিকতালৈ। দত্তই জনাইছে যে যোৰহাট, দেৰগাঁও,বোকাখাতৰ বজাৰতো বিক্ৰী হৈছে কিছু ৰঙালাউ। ইফালে অঞ্চলটোৰ ঘৰে ঘৰে চোতালতে পৰি আছে কেইবাহাজাৰ কুইন্টল ৰঙালাউ। বৰ্তমান ঘৰুৱা বজাৰ কৰোনা কালীন  বন্ধৰ বাবে স্তব্ধ হৈ পৰিছে। এবেলা  বজাৰ বহিলে পাইকাৰী বজাৰত বহুত লোকচান হয় বুলি তেওঁ জানিবলৈ দিয়ে। যোৱা বছৰ লকডাউনৰ সময়ত বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাৰ প্ৰত্যক্ষ সহযোগত এইসকল কৃষকে  উৎপাদিত ফচল বিক্ৰীৰ সুবিধা পাইছিল । এইবাৰো সংকতৰ সময়ত মন্ত্ৰী গৰাকীৰ প্ৰত্যক্ষ সহযোগিতা কামনা কৰিছে মহকুমাটোৰ কৃষকে।

ক’ভিড পৰিস্থিতিৰ পৰ্যালচনাৰ বাবে ধুবুৰীত মন্ত্ৰী অজন্তা নেওগ

অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি ধুবুৰী জিলাৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে৷ আজি দুপৰীয়া ধুবুৰীত উপস্থিত হোৱাৰ পিছতে মন্ত্ৰী গৰাকীয়ে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কেবাজনো জনপ্ৰতিনিধি, জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাসহিতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ উপস্থিতত জিলাখনৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে৷ জিলা উপায়ক্ত আৰু স্বাস্থ্য বিভাগৰ ধুবুৰী জিলাৰ যুটীয়া সঞ্চালকে সভাত ধুবুৰীৰ ক’ভিড পৰিস্থিতি আৰু ক’ভিড চিকিৎসাৰ আন্তঃগাথনিৰ ব্যাখ্যা আগবঢ়াই৷ ধুবুৰীত আই চি ইউ বিচনাৰ ব্যৱস্থা নথকা, চিকিৎসক- স্বাস্থ্যকৰ্মীৰ নাটনি, জিলাখনলৈ পৰ্যাপ্ত ক’ভিড প্ৰতিষেধকৰ যোগান,  গ্লোভছ, পি পি ই কিট আদি পৰ্যাপ্ত পৰিমাণে যোগান ধৰাৰ বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক অৱগত কৰি প্ৰয়োজনীয় পদক্ষেপ লোৱা হ’ব বুলি জিলাখনৰ ক’ভিড পৰিস্থিতি পৰ্যবেক্ষণৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে সভাত মন্তব্য কৰে৷ তেওঁ ধুবুৰীত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঠনি কোভিড চিকিৎসাত ব্যৱহাৰ কৰাৰ পোষকতা কৰে৷ তেওঁ কয় যে যোৱা ১২ মে’ৰ পৰা ধুবুৰীত ক’ভিড পজিটিভৰ হাৰ ৭ শতাংশ হৈছে আৰু এয়া অতি উদ্বেগজনক৷ ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে মন্ত্ৰী অজন্তা নেওগে৷ ক’ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে নিৰ্ধাৰণ কৰা বাধা-নিষেধ কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক পৰামৰ্শ দিয়ে মন্ত্ৰীগৰাকীয়ে৷ তেওঁ কয়-‘ক’ভিডক লৈ আতংকিত হ’ব নালাগে৷ কিন্তু সাৱধান হোৱাৰ বাহিৰে ইয়াক প্ৰতিৰোধ কৰাৰ আন উপায় নাই৷’ মন্ত্ৰীগৰাকীয়ে প্ৰতিদিনে ধুবুৰীৰ ক’ভিড পৰিস্থিতিৰ শেহতীয়া খবৰ তেওঁক অৱগত কৰিবলৈ জিলা উপায়ুক্তক আহ্বান জনায়৷ ক’ভিড নিয়ন্ত্ৰণত জড়িত বিষয়াসকলক তেওঁলোকে সন্মুখীন হোৱা যিকোনো অসুবিধা বা পৰামৰ্শ দ্বিধাহীন ভাৱে যিকোনো সময়ত ফোনযোগে অৱগত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷ বৈঠকত উপস্থিত থাকে গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান, গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ, পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক ছামচুল হুদা, প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহী, অশ্বিনী ৰায় সৰকাৰ প্ৰমুখ্যে কেবাজনো বৰ্তমান আৰু পূৰ্বৰ জনপ্ৰতিনিধি৷ তেওঁলোকক ৰাইজৰ মাজত সজাগতা সৃষ্টিত বিশেষ ভূমিকা লবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷ পৰ্যালোচনা বৈঠকত  জিলা উন্নয়ণ আয়ুক্ত বনশ্ৰী নাথ, অতিৰিক্ত উপায়ুক্ত পল্লৱ মজুমদাৰ, ধ্ৰুৱজ্যোতি দাস, মৃদুল যাদৱ প্ৰমুখ্যে কেবাজনো বিষয়া উপস্থিত থাকে৷ পৰ্যালোচনা বৈঠকৰ পিছতে মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰে৷ তেওঁ সাংবাদিকসকলক ক’ভিড সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিত লোৱা ভূমিকাৰ বাবে ধন্যবাদ জনায় আৰু ভৱিষ্যতেও এই দায়িত্ব পালন কৰি যাবলৈ  আহ্বান জনায়৷ মন্ত্ৰীগৰাকীয়ে ধুবুৰী অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি তাত ক’ভিডৰ চিকিৎসাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়৷

এনএছ চি এন(কে-য়া)ৰ কৱলত চাৰিজনকৈ ব্যক্তি

নগা উগ্ৰপন্থী সংগঠন এনএছচিএন (কে-য়া) অপহৰণ কৰিলে দুই গাড়ী চালকক। এজন অসমৰ আনজন নগালেণ্ডৰ মন জিলাৰ বাসিন্দা। নগালেণ্ডৰ মন জিলাৰ লংৱাৰপৰা পংচাও লৈ নিৰ্মীয়মান ১৮ কিলোমিটাৰ জোৰা এটা পথৰ নিৰ্মাণ কাৰ্যত জড়িত আছিল দুয়োজন লোক। এঘাৰ মে’ৰ নিশাই অপহৰণ কৰিলে দুই ঠিকাভিত্তিক বাহন চালকক । অসমৰ লোকজনৰ নাম বিকাশ আৰু আনজন নগালেণ্ডৰ মন জিলাৰ ফুকাহি চু-হা বুলি জানিব পৰা গৈছে। দুয়োজন ক্ৰমে জেচিবি আৰু ডাম্পাৰ চালক। পথটো নিৰ্মাণৰ বাবে নিৰ্ধাৰিত ৩৬ কোটি টকা বাজেটৰ পৰা ঠিকাদাৰক ৫ শতাংশ দাবী জনাইছে এনএছচিএন (কে-য়া), অন্যথা নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়াৰ হুংকাৰ। ইফালে পথ নিৰ্মাণত জড়িত দুয়োজন অপহৃত লোকক মুকলি কৰি আনিবলৈ যোৱা নগালেণ্ডৰ লংৱা গাঁৱৰ মানকাই আৰু নকচা নামৰ আন দুজন লোককো কালিৰেপৰা আৱদ্ধ কৰি ৰাখিছে উগ্ৰপন্থী সংগঠনটোৱে। এই চাৰিওজনকে মুকলি কৰাৰ বিনিময়ত ৫০ লাখ টকা দাবী এনএছচিএন (কে-য়া)ৰ।

ডিগবৈৰ টিংৰাইত বিস্ফোৰণত নিহতৰ আত্মীয়লৈ ৫ লাখ টকাকৈ সাহাৰ্য। ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ।

ডিগবৈৰ টিংৰাইত গ্ৰেনেড  বিস্ফোৰণত নিহতৰ আত্মীয়লৈ ৫ লাখ টকাকৈ সাহাৰ্য ঘোষণা ৰাজ্য চৰকাৰৰ। আজি ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে।মন্ত্ৰী সঞ্জয় কিষাণ আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ সৈতে বিস্ফোৰণথলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী শৰ্মাই। এই ঘটনাৰ সৈতে যিয়েই জড়িত আছে তেওঁলোকক তদন্ত কৰি শীঘ্ৰে কৰায়ত্ত কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী শৰ্মাই। সংবাদমাধ্যমৰ আগত শৰ্মাই কয় যে দোষী সকলোৱে আইন মতে শাস্তি পাব।মুখ্যমন্ত্ৰীয়ে ঘটনাটোত নিহত সুৰজিত তালুকদাৰৰ পিতৃ-মাতৃকো সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। আনহাতে ডিব্ৰুগড়ত চিকিৎসালয়ত চিকিৎসাধীন আন দুজনৰ চিকিৎসাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব বুলি ঘোষণা কৰে।

ডিগবৈৰ বিস্ফোৰণ, আলফা (স্বাঃ)ৰ বিবৃতি

শুকুৰবাৰে ডিগবৈ টিংৰাইত সংঘটিত হয় গ্ৰেনেড বিস্ফোৰণ। টিংৰাইৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত সংঘটিত হোৱা বিস্ফোৰণটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৩ জনকৈ লোক। আনহাতে ইয়াৰে এজন ডিগবৈ চিকিৎসালয়লৈ নি থকা অৱস্থাতে নিহত হৈছে। বিস্ফোৰণ সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতে ঘটনাস্থলী পৰিদর্শন কৰে স্থানীয় বিধায়ক সুৰেন ফুকনে। ঘটনা সংঘটিত হোৱাৰ পাছতে অনেকে সন্দেহৰ আঙুলি তুলিছিল আলফা (স্বাঃ)লৈ। পিছে কিছু সময়ৰ পাছতে আলফা (স্বাঃ)এ এক বিবৃতিযোগে এই গ্ৰেনেড বিস্ফোৰণ কাণ্ডৰ লগত কোনো প্ৰকাৰে জড়িত নহয় বুলি মত প্ৰকাশ কৰে।