মৰিয়ম আজমল ৱ’মেন কলেজ অফ চায়েঞ্চ এণ্ড টেকন’লজীৰ অসমীয়া বিভাগৰ উদ্যোগত মহাবিদ্যালয় ইতিহাসৰ ভিতৰতে প্ৰথম “জেংখ্লং মান্দেৰ” শীৰ্ষক এখনি বিভাগীয় ষান্মাষিক বাৰ্তালোচনী উন্মোচন কৰা হয় । বাৰ্তাখন উন্মোচন কৰে ড° ৰেকিবুল হক আজাদে । ৰাজীৱ হুছেইনৰ সম্পাদনাত বিভাগীয় ছাত্ৰীসকলে প্ৰৱন্ধ, গল্প, আৰু কবিতাৰ সমাহাৰত এখন মননশীল বাৰ্তা প্ৰকাশ কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ইমৰান হুছেইন , ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° আৰ কে ৰথ, কৰ্নেল সামিৰ কাঞ্জিলাল, মুনচিফা ফিৰদৌছ খান বৰভূঞা, গৌৰী প্ৰসাদ শৰ্মা, প্ৰেৰনা তালুকদাৰৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপকমণ্ডলী আৰু ছাত্ৰীসকল ৷ বাৰ্তালোচনীখন উন্মোচন কৰি ড° ৰেকিবুল হক আজাদে কয় “এনে ধৰনৰ ব্যতিক্ৰমী সাহিত্যিক কৰ্মই মানুহৰ মন মগজু স্পৰ্শ কৰাৰ লগতে ছাত্ৰী সকলৰ বৌদ্ধিক উত্তৰণত সহায় কৰে । কলেজীয়া দিনৰে পৰাই সাহিত্য চৰ্চা অব্যাহত ৰাখিলে পৰৱৰ্তী পৰ্যায়ত নিজকে এজন ভাল মানুহ হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰিব বুলিও তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য আগৱঢ়াই ৷
উত্তৰ-পূৱৰ কৰ্কট ৰোগৰ প্ৰথমগৰাকী চাৰ্জিকেল অঙ্ক’ল’জিষ্ট এইবাৰ টীয়ক সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী
নিৰ্বাচন সমাগত । চৌদিশে এতিয়া বলিছে নিৰ্বাচনী বতাহ।সপ্ৰয়াসীসকল কাষ চাপিছে সাধাৰণ ভোটাৰ। যোৰহাট লোকসভা সমষ্টিৰ অধীনৰ ১০২ নং টীয়ক বিধানসভা সমষ্টিত এইবাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এগৰাকী বিশষ্ট চিকিৎসকে। উত্তৰ পুৰ্বাঞ্চলৰ প্ৰথমগৰাকী চাৰ্জিকেল অঙ্ক’ল’জিষ্ট তথা টীয়কৰ সুযোগ্য সন্তান যদুনাথ বুঢ়াগোহাঁইয়ে এইবাৰ সমষ্টিটো প্ৰতিনিধিত্বক লৈ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে।বিগত প্ৰায় ৫ বছৰ টীয়কীয়া ৰাইজৰ কাষত থাকি বিভিন্ন সমস্যাৰাজিৰ লগতে স্বাস্থ্য সম্পৰ্কীয় দিশসমুহত সহযোগিতা আগবঢ়াই একপ্ৰকাৰ সকলোৰে প্ৰিয়ভাজন হৈ পৰিছে ডা০ যদুনাথ বুঢ়াগোহাঁই। একেদৰে অধিকাংশ ভোটাৰ ৰাইজেও টীয়কৰ সন্তান তথা মেধা সম্পন্ন বিশিষ্ট চিকিৎসকগৰাকীৰ নেতৃত্ব এইবাৰ আশা কৰিছে।উল্লেখ্য যে, শাসকীয় চৰকাৰৰ মিত্ৰজোঁটৰ অগপ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ দখলত থকা টীয়ক সমষ্টি এইবাৰ বিজেপিয়ে নিজৰ হাতলৈ আনিবলৈ জোৰদাৰ গতিত প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে। আৰু সেই অনুসৰি চিকিৎসক যদুনাথ বুঢ়াগোহাঁইকে প্ৰমুখ্য কৰি ৭ গৰাকীকৈ প্ৰাৰ্থীত্বপ্ৰত্যাশীয়ে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনকেন্দ্ৰীক প্ৰচাৰ।
গৌৰৱ গগৈ নে ৰিপুন বৰা?কোন হ’ব কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? কি ইংগিত সভাপতি ৰিপুণ বৰাৰ?
নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই ৰাজনৈতিক দলসমুহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। সকলোৱে নিজৰ ৰণকৌশল সাজু কৰিছে। বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত ইতিমধ্যে কংগ্ৰেছ, AIUDF, আঞ্চলিক গণ মৰ্চা আৰু বাওপন্থী শক্তি লগ হৈ গঠন কৰিছে মহাজোঁট।
সমান্তৰালভাৱে চৰ্চালৈ আহিছে ব আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ’ব? সঘনাই নাম উচ্চাৰণ হৈছে সাংসদ গৌৰৱ গগৈৰ। এইবাৰ এই সন্দৰ্ভত মুখ খুলিছে কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই। কংগ্ৰেছৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী গৌৰৱ গগৈ নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নত ৰিপুণ বৰাই কয় যে, ‘কংগ্ৰেছে নিৰ্বাচনৰ আগত কোনো মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণা নকৰে ৷ জীতেন্দ্ৰ সিঙে স্পষ্ট কৰি গৈছে কথাবোৰ ৷ গৌৰৱেও বহুবাৰ এই সন্দৰ্ভত স্পষ্ট কৰিছে।’
ইফালে মহাজোঁট গঠন কৰাৰ এমাহ সম্পূৰ্ণ নৌহওতেই যেন লাগিছে মহাযঁট! মহাজোঁটত কংগ্ৰেছ নাই নেকি? এই সন্দৰ্ভত ৰিপুণ বৰাই কয় যে, ‘অজিত কুমাৰ ভূঞা আৰু বাকী দল কেইটাৰ মাজত আলোচনা চলিছে ৷ সেয়া তেওঁলোকৰ অধিকাৰ ৷ সকলো সভাতে কংগ্ৰেছ থাকিব লাগিব বুলি কথা নাই ৷ মহাজোঁটৰ বাবে আমি ক’ৰডিনেশ্যন কমিটী গঠন কৰিছো ৷ কম দিনৰ ভিতৰতে আনুষ্ঠানিকভাবে ঘোষণা কৰিম।’
ইফালে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে কংগ্ৰেছ দলৰ আমন্ত্ৰণ ৰক্ষা কৰা নাই বুলি জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। এই সন্দৰ্ভত বৰাই কয় যে, আমি হতাশ হোৱা নাই ৷ দল দুটাক আমি শেষ মুহূৰ্তলৈ আনিবলৈ চেষ্টা কৰিম ৷ জনগোষ্ঠীয় দলবোৰক আমি মহাজোঁটলৈ আমন্ত্ৰণ জনাইছো ৷ কথা চলি আছে ৷’
পৃথিৱীৰ দিশে আহি আছে আটাইতকৈ ডাঙৰ আৰু বেগী গ্ৰহাণু। বিজ্ঞানী সতৰ্কবাণী! ২০০ বছৰৰ পিছত মাৰ্চত আহিব পৃথিৱীৰ একেবাৰে কাষলৈ।
এই বছৰৰ ২১ মাৰ্চত পৃথিৱীৰ দিশে আহিব এটা গ্ৰহাণু। বিজ্ঞানীৰ মতে, এই গ্ৰহাণু সকলোতকৈ ডাঙৰ আৰু দ্ৰুততম গ্ৰহাণু। ২০০ বছৰৰ পিছত পৃথিৱীৰ একেবাৰে কাষলৈ আহিব এই গ্ৰহাণু। নাছাৰ তৰফৰ পৰা গ্ৰহাণুৰ নাম দিয়া হৈছে Asteroid 2001 FO32।Earth Skyত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, প্ৰতি ছেকেণ্ডত ২১ মাইল গতিত আহিবলৈ ধৰিছে গ্ৰহাণুটো। সেই হিচাপত ২১ মাৰ্চত পৃথিৱীৰ একেবাৰে কাষলৈ আহিব। এই 2001 FO32 গ্ৰহাণুৰ ডায়ামিটাৰ হ’ব ১ কিলোমিটাৰ। ২১ মাৰ্চৰ নিশা ৯.৩০ বজাত দেখা যাব দৃশ্য। কিন্তু কাষলৈ আহিলেও পৃথিৱীৰ পৰা প্ৰায় ১.৩ মিলিয়ন মাইল দূৰত থাকিব। আকাৰ-আকৃতিত ডাঙৰ হলেও খালী চকুৰে দেখা নাযাব পাৰে গ্ৰহাণুটো। বিজ্ঞানীৰ অনুমান, ২১ মাৰ্চৰ পিছত আকৌ ৩১ বছৰৰ পিছত অর্থাৎ ২০৫২ চনৰ ২২ মাৰ্চত পুনৰ দেখা যাব Asteroid 2001 FO32ক। বিজ্ঞানীৰ অনুমান, ২১ মাৰ্চৰ পিছত আকৌ ৩১ বছৰৰ পিছত অর্থাৎ ২০৫২ চনৰ ২২ মাৰ্চত পুনৰ দেখা যাব Asteroid 2001 FO32ক। Asteroid 2001 FO32ৰ আছে এক ইতিহাস। প্ৰথমবাৰলৈ ২০০১ চনৰ ২৩ মাৰ্চত এই গ্ৰহাণু আবিষ্কাৰ কৰিছিল Lincoln Near-Earth Asteroid Research-এ। সেই সময়ত জনোৱা হৈছিল যে, প্ৰতি ৮১০ দিন নিজ কক্ষপথত সূৰ্যক পদক্ষিণ কৰে এই গ্ৰহাণুৱে।
জামুগুৰিহাটৰ দীপাটোলাত টুচু মহোৎসৱ উদযাপন
কংগ্ৰেছ চৰকাৰৰ দিনত অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী মাজত সামাজিক ব্যৱধান বৃদ্ধি হৈছিল।যাৰফলত দেশ কঁপোৱা ভীমাজুলি ,চিজুচাৰ দৰে নৰহত্যাৰ কাণ্ড সংঘটিত হৈছিল। কিন্তু শুক্ৰবাৰে ভাৰতীয় জনতা পাৰ্টিৰ শাসনৰ কালত জাতি জনগোষ্ঠী লোকৰ মাজত সদভাৱ সম্প্ৰতিৰ এনাজৰি টনকিয়াল হবলৈ ধৰিলে। মোৰ সমষ্টিত বড়োলোকৰ বাথৈ মহোৎসৱত আদিবাসী সম্প্ৰদায়ৰ লোকে একেখন মঞ্চতে জুমুৰ নৃত্য পৰিবেশন কৰিব পৰা পৰিবেশ ঘুৰি আহিছে। যিটো পৰিবেশ পূবৰ কংগ্ৰেছ চৰকাৰৰ দিনত নাছিল।’ এই মন্তব্য চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ। শুক্ৰবাৰে চতিয়া সমষ্টিৰ দীপাটোলাত অনুষ্ঠিত হোৱা চাহ জনজাতি লোকৰ দ্বিতীয় বাৰ্ষিক টুচু মহোৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেখেতে এইদৰে কয়।চাহ জনগোষ্ঠীয় লোকে অসমৰ সামাজিক ,সাংস্কৃতিক ,অৰ্থনৈতিক দিশলৈ সবল ভূমিকা গ্ৰহণ কৰি অহা বুলি উল্লেখ কৰি চতিয়াৰ বিধায়ক গৰাকীয়ে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে চাহ জনজাতি লোকৰ উন্নয়নৰ বাবে একাধিক উন্নয়নমূলক আঁচনি গ্ৰহণ কৰাৰ বাবে বৰ্তমান চাহজনজাতি লোকে বিজেপি দলক তেওঁলোকৰ অন্তৰত স্থান দিয়া বুলিও মন্তব্য কৰে।শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৩০টাৰো অধিক দলে অংশ গ্ৰহণ কৰা টুচু মহোৎসৱত বিধায়ক হাজৰিকাই টুচু নাচি আনন্দ প্ৰকাশ কৰে।অনুষ্ঠানটিত পূব বৰভগীয়া গাঁও পঞ্চায়তৰ সভাপতি নিতানন্দ দাস,চাহজনজাতি নেতা লালন ওৰাংকে ধৰি বিশিষ্ট লোকসকল উপস্থিত আছিল।
১২ কাৰ্টুন নিচাযুক্ত ঔষধৰ বটল জব্দ। নগাঁও আৰক্ষীৰ অভিযান।
নগাঁও নগৰ আৰক্ষীয়ে শুকুৰবাৰে দুপৰীয়া চহৰ খনৰ চকীটুপত অভিযান চলাই বৃহৎ পৰিমানৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে নগাঁও নগৰ আৰক্ষীৰ এটা অভিযানকাৰী দলে এক নিদিষ্ট খবৰৰ ভিত্তিত চকীটুপ অঞ্চলৰ দেৱ দেৱনাথ নামৰ লোকজনৰ ঘৰত অভিযান চলাই ১২ কাৰ্টুন নিচাযুক্ত ঔষধৰ বটল জব্দ কৰে। অবশ্যে আৰক্ষীৰ অভিযানকাৰী দলটোৱে কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহল। আৰক্ষী অহাৰ উমান পাই ড্ৰাগছ ব্যৱসায়ী দেৱ দেৱনাথে কৌশলেৰে পলায় যাবলৈ সক্ষম হয়। উল্লেখযোগ্য যে দেৱ দেৱনাথে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ অবৈধ ব্যৱসায় চলাই আহিছিল। সম্প্ৰতি নগাঁও আৰক্ষীয়ে দেৱ দেৱনাথৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।
প্ৰধান মন্ত্ৰী, পেট্ৰলিয়াম মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী প্ৰতিকৃতি দাহ।মাজুলীত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবদী কাৰ্যসূচী।
মুল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা যুৱ-ছাত্ৰ পৰিষদৰঃ বিকাশ শইকীয়া , উজনি-মাজুলীঃ ৫ ফেব্ৰুৱাৰীঃ
দ্বীপ জিলা মাজুলীত আজি পেট্ৰল ডিজেল আৰু অন্যান অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিয়ে বনগাঁও চাৰিআলিত ভাৰতৰ প্ৰধানমন্ত্ৰী,কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসুচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসুচীত অংশগ্ৰহণ কৰি জিলা সমিতিৰ সভাপতি মুনিন্দ্ৰ ভূঞা আৰু সাধাৰণ সম্পাদক পবিত্ৰ বৰাই ভাৰত চৰকাৰ আৰু অসম চৰকাৰক সমালোচনা কৰি কয় যে,পৰিবৰ্তন, উন্নয়ণ আৰু চবকা সাথ সবকা বিকাশৰ কথা কোৱা এইখন চৰকাৰ সৰ্বসাধাৰণ ৰাইজৰ লগত নাই। কেৱল পুঁজিপতি কা সাথ চৰকাৰ | এহাতে হিতাধীকাৰী নিৰ্বাচন কৰি পেট্ৰল,ডিজেল আৰু অত্যাবশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ জড়িয়তে ৰাইজকে শোষণ কৰিছে বুলি অভিযোগ তোলে। ৰাইজৰ ধন শোষন কৰি ৰাইজকে পুনৰ প্ৰদান কৰি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব বিচৰা এইখন চৰকাৰৰ দিনতে পেট্ৰলৰ মূল্য শতকৰ ঘৰ অতিক্ৰম আৰু ডিজেলৰ মূল্য শতক চোৱাৰ উপক্ৰম হৈছে। অন্যহাতেদি সৰ্বসাধাৰণৰ নিত্য ব্যৱহায্য সামগ্ৰী সমূহৰো মূল্য বৃদ্ধিয়ে ৰাইজক জলাকলা খুৱাইছে বুলি নেতা দুজনে উল্লেখ কৰে। আজিৰ কাৰ্যসুচীত উপস্থিত থাকি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অলিন হাজৰিকাই কৃষকৰ সমস্যাও সমাধান কৰিব নোৱাৰা কৃষক বিৰোধী এইখন চৰকাৰে গণতান্ত্ৰীক আন্দোলনলৈ ভয় কৰে বুলি উল্লেখ কৰে। কেৱল ভয় ভাবুকি দমনেৰে হিতলাৰী শাসনৰ জড়িয়তে স্বজন তোষণ আৰু একনায়কত্ববাদ চলাইছে বুলি অভিযোগ কৰে। আজি পৰিষদৰ কৰ্মীসকলে ভাৰত চৰকাৰ হায় হায়,প্ৰধানমন্ত্ৰী হুচিয়াৰ,পেট্ৰলিয়াম মন্ত্ৰী,মুখ্যমন্ত্ৰী হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, নিয়ন্ত্ৰণ কৰক আদি শ্লো’গানেৰে প্ৰতিবাদ থলী উত্তাল কৰি তোলে। দক্ষিণপাট,পূৱ মাজুলী আদি আঞ্চলিকৰ আৰু জিলা সমিতিৰ প্ৰায় অৰ্ধশতাধীক প্ৰতিবাদকাৰীয়ে কায্যসুচীত অংশগ্ৰহণ কৰি দুয়োখন চৰকাৰক কঠোৰ সকিয়নি প্ৰদান কৰে।
ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্রতা বিয়নী মেলঃ আঙুৰলতা ডেকা
আমাৰ বিজেপি চৰকাৰৰ দিনত ইমানেই উন্নয়ণৰ কাম হৈছে যে ৰাইজে আকৌ বিজেপি দলৰ চৰকাৰেই বিচাৰিব ৷ গতিকে মিত্ৰজোঁট, মহামিত্ৰ এইবোৰ ক’ৰবাতেই পৰি ৰ’ব ৷ বিজেপিৰ লক্ষ্য আৰু উদ্দেশ্যক কোনেও প্ৰতিহত কৰিব নোৱাৰে ৷” এই মন্তব্য বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ ৷আজি সমষ্টিটোৰ বহুকেইটা পথ আৰু সামাজিক অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰি লগতে তেওঁ কয় যে–আমাৰ মন থাকিলেও চৰকাৰে সহায়টো নিদিলে কেতিয়াবা ৰাইজে বিচৰা ধৰণে আমি কাম কৰিব নোৱাৰো ৷ ইমান ডাঙৰ বিপদ পাৰ হৈ যোৱাৰ পিছতো চৰকাৰে এতিয়া পৰ্যাপ্ত পৰিমাণে ধন আবন্টন দিয়াত ৰাইজৰ ৰাইজৰ অভাৱবোৰ পূৰণ কৰিব পাৰিছো ৷ ইফালে, কালি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মাজত মিত্ৰতাৰ হোৱাৰ কথা ঘোষণা কৰাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়িকাগৰাকীয়ে কয় যে–এনে মিত্ৰতাই একো ক্ষতি কৰিব নোৱাৰে বিজেপি দলক ৷ তেওঁলোকে গুৱাহাটীত একোটাকৈ কাৰ্যালয় খুলি বহিহে আছে ৷ তাৰ বাহিৰে একো বেছি কৰা নাই ।লগতে বিধায়িকা গৰাকীয়ে কয় যে তেওঁলোকৰ এইয়া মিত্ৰতা নহয় আচলতে বিয়নি মেলহে৷ দহ বছৰৰ পিছতহে হয়তো তেওঁলোকৰ মনোবাঞ্ছা পূৰণ হ’ব পাৰে বুলি আশা কৰিব পাৰি ৷ আজি বিধায়িকাগৰাকীয়ে চকলাঘাট, জামুগুৰি আৰু দলংঘাটত নিৰ্মাণ কৰিবলগীয়া তিনিটা গড়কাপ্তানি পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিধায়কৰ আচুতীয়া পুঁজিৰে হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতিৰ প্ৰেক্ষাগৃহ উন্নয়ন, জামুগুৰি পূজা মণ্ডপৰ আন্তঃগাঁথনি উন্নয়ন, কুজিদাঁহ গোপালদেৱ সমাজ সমূহীয়া ভৱন, কমাৰচুক ৰাস মন্দিৰৰ উন্নয়ন, মাজগাঁও আঞ্চলিক ৰাস মন্দিৰৰ আন্তঃগাঁথনি উন্নয়ন, ত্ৰিনয়ন গোষ্ঠীৰ সমূহীয়া ভৱন, নিজ হাতীচোং শ্বহীদ নৰেন্দ্ৰ নাথ বিদ্যাপীঠ আৰু নিজ হাতীচোং মধ্য ইংৰাজী বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণ, হাতীচোং সঞ্জীৱনী সংস্কৃত টোলৰ আন্তঃগাঁথনি উন্নয়নকে ধৰি বহুকেইটা অনুষ্ঠানৰ উন্নয়নমূলক আচঁনিৰ আধাৰশিলা কৰে ৷
বকোৰ বৰুৱা গাৱঁত উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, বৰুৱা গাওঁ গাওঁ পঞ্চায়তৰ সভাপতি আক্ৰাম হুছেইনৰ
কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ ৫৪ নং বৰুৱা গাওঁ গাওঁ পঞ্চায়তৰ অন্তৰ্গত চতুৰ্থ দশ বিত্তীয় আয়োগৰ ২০২০-২১ বৰ্ষৰ আৱন্টিত ধনেৰে তিনিটা কৈ ৰাস্তা নিৰ্মাণৰ কামৰ আধাৰশিলা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বৰুৱা গাওঁ গাওঁ পঞ্চায়তৰ সভাপতি আক্ৰাম হুছেইন। ছমৰীয়া উন্নয়ন খণ্ডৰ জৰিয়তে আৱন্টন পোৱা ২নং ৱাৰ্ডৰ শিংৰাবড়ী ঈদগাহৰ পৰা শুক্টাটাৰী ঈদগাহলৈ ৮ লাখ,৬ নং ৱাৰ্ডৰ আক্ৰাম হুছেইনৰ ঘৰৰ পৰা ২নং কাৰিগাও তিনিআলি লৈ পাঁচ লাখ, আৰু ৪নং ৱাৰ্ডৰ ২নং কাৰিগাও তিনিআলিৰ পৰা ১নং কাৰিগাও তিনিআলি লৈ আঠ লাখ টকাৰ ৰাস্তা নিৰ্মাণ হ’ব ৷ উদ্বোধনী অনুষ্ঠানত উক্ত কাম বিভাগীয় নীতি – নিয়ম অনুযায়ী সঠিক ৰূপত কৰিবলৈ ৰাস্তাত নিয়োজিত শ্ৰমিক সকলক আহ্বান জনায় পঞ্চায়তৰ সভাপতি আক্ৰাম হুছেইনে।অনুষ্ঠানটোত পঞ্চায়ত সচিব বিৰাজ কলিতা,জি পি চি আবজাল হুছেইন,টেষ্ট কালেক্টৰ ছায়াদ আলী, ইঞ্জিনিয়াৰ ভুপেন বড়ো,সদস্য আজিজুল হক,হাবিজুৰ ৰহমান প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তিয়ে অংশ গ্ৰহন কৰে ৷
কিমান নিষ্ঠুৰ হলে এগৰাকী মাতৃয়ে জন্ম হোৱাৰ পাছতেই নিজ সন্তানক দলিয়াই দিব পাৰে দলঙৰ পৰা
দলগাঁৱত সংগতি হৈছে এইটো অমানৱীয় কাণ্ড।নিজ সদ্যোজাত সন্তানক দলিয়াই থৈ যায় পৃতি-মাতৃয়ে।দৰঙৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত খাৰুপেটীয়াৰ নিকটৱৰ্তী টাংনী দলঙৰ তলত নৱজাতক শিশুটিৰ মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।আৰু তাৰ পিছতেই হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় ।ইতিমধ্যে আৰক্ষী শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মাৰণোওৰ পৰীক্ষাৰ বাবে মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ কৰিছে।কোনো পৃতি-মাতৃয়ে হয়তো নিজৰ কলংক ঢাকিবৰ বাবে সদ্যোজাত দেৱ শিশুটিক এনেদৰে পলাই থয় যোৱাৰ সন্দেহ স্থানীয় লোকৰ।শিশুটিৰ হাতত থকা এখন এখন কাজগৰ ভিত্তিত জানিব পৰা গৈছে শিশুটি এটি লৰা সন্তান।ফেব্ৰুৱাৰী 2 তাৰিখে জন্ম পাইছিল এই দুৰ্ভগীয়া শিশুটি।মানৱ সমাজক লজ্জানত কৰা উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি এতিয়া তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।








