নগাঁৱৰ বামুণী পাহাৰত ১৮ টাকৈ হাতীৰ কৰুণ মৃত্যুৰ পিছত ঘটনাস্থলীত যোৱা কালি উপস্থিত হৈ নিহত হস্তীকুলৰ প্ৰতি সন্মানৰ্থে এটি স্মাৰক স্থাপনৰ আশ্বাস প্ৰদান কৰিছিল বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। কিন্তু বনমন্ত্ৰীৰ এই সিদ্ধান্তক একেমুখে বিৰোধীতা কৰিছে একাংশ প্ৰকৃতিপ্ৰেমী,দল-সংগঠন তথা সমাজ সচেতন লোকে । স্মৃতিসৌধৰ পৰিবৰ্তে হাতীৰ বাবে পাহাৰটো সংৰক্ষণ কৰি বৃক্ষৰোপণ তথা হাতীৰ বাবে খাদ্যৰ ব্যৱস্থা কৰাৰহে প্ৰয়োজন বুলি মন্তব্য কৰিছে সকলোৱে। লগতে বন মন্ত্ৰীৰ এই ঘোষণাক তুলুঙা মন্তব্য আখ্যা দি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিকে অতিশীঘ্ৰেই বিভাগীয় সকলৰ মন-মগজুৰ পৰিবৰ্তন কৰি উচিত সিদ্ধান্ত ল’বলৈ দাবী জনাইছে। বনমন্ত্ৰীয়ে সেই স্থানত স্মৃতিসৌধ নিৰ্মান কৰাৰ কথা বিৰোধিতা কৰি সেই স্থানত বৃক্ষৰোপন কৰি পাহাৰটো পুনৰ উজিজ্বীৱিত কৰাৰহে পোষকতা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিকে। ইফালে, পাহাৰত স্মৃতিসৌধ নিৰ্মাণ হ’লে পৰ্যটকৰ সঘন আগমনে জৈৱবৈচিত্ৰ আৰু বন্যপ্ৰাণী আৱাসস্থলী ধ্বংস হোৱাৰ সম্ভাৱনাই অধিক বুলি মন্তব্য কৰিছে একাংশই। প্ৰকৃতিৰ ক্ষতি কৰি স্মৃতিসৌধ নিৰ্মাণ কৰাৰ বাবে বনমন্ত্ৰীৰ লগতে স্থানীয় বিধায়ক জিতু গোস্বামীয়ে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্ত পৰিহাৰ কৰিবলৈ এতিয়া একেমুখে দাবী উত্থাপন কৰিছে সকলোৱে ।আনপিনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলাৰ উপ-সভাপতি ৰাতুল বৰাই সাংবাদিকক কয় যে যি সময়ত হাতীৰ খাদ্যৰ অভাৱ হৈছে,হাতীৰ অহা-যোৱা পথ দখল কৰা হৈছে ।সেই সময়ত সেই সমূহ কথাত গুৰুত্ব নিদি হাতীৰ বাবে স্মৃতি সৌধ বনাম বুলি ঘোষণা কৰি মানুহৰ ক্ষোভৰ পৰা সাৰিবলৈ বিচৰাটো লজ্জ্বাৰ কথা ।এনে কাম হব নালাগে। এতিয়া নতুন চৰকাৰ আৰু বনমন্ত্ৰীয়ে কিদৰে হাতীৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিব পাৰি হাতীৰ কৰিদৰ কিদৰে দখলমুক্ত কৰিব পাৰি তাতহে গুৰুত্ব দিব লাগে ।ইয়াৰোপৰি কলিয়াবৰৰ প্ৰকৃতিপ্ৰেমী যুৱক লেখনাথ শৰ্মাই তপতজুৰিৰ বামুনী পাহাৰলৈ গৈ ঘটনাস্থলী পৰ্যবেক্ষণ কৰাৰ পিছত বনমন্ত্ৰীৰ এই মন্তব্যৰ বাবে সৰৱ হৈ উঠিছে । টকলা হৈ থকা বামুণী পাহাৰত গছ পুলি ৰোপনৰ লগতে বন সংৰক্ষণ কৰি হাতীৰ উপযুক্ত আৱাসস্থলী গঢ়ি তোলাৰ দাবী উত্থাপন কৰিছে কলিয়াবৰৰ লেখনাথ শৰ্মা নামৰ প্ৰকৃতিপ্ৰেমী যুৱকজনে।উল্লেখ্য যে সকলোৱে এতিয়া বনমন্ত্ৰীয়ে সেই স্থানত স্মৃতিসৌধ নিৰ্মান কৰাৰ কথা বিৰোধিতা কৰি সেই স্থানত বৃক্ষৰোপন কৰি পাহাৰটো পুনৰ উজিজ্বীৱিত কৰাৰ বাবেহে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক দাবী জনাইছে।
ক’ভিড ১৯ৰ বিৰুদ্ধে যুজঁ দিবৰ বাবে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ বিশ্বনাথ প্ৰশাসনৰ
জিলাখনত ক্ৰমান্বয়ে ক’ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে কিয়নো ইয়াৰ অবিহনে অসামৰিক বা আৰক্ষী প্ৰশাসনে বিছৰা ধৰণৰ ফলাফল পাব নোৱাৰে । সেই হেতুকে জিলাখনৰ চুকে-কোনে প্ৰশাসনে ব্যাপক ৰূপত সজাগতা মূলক প্ৰচাৰ আৰু সভা আয়োজন কৰাৰ ব্যৱস্থা কৰিছে যাতে তেওঁলোকে ৰোগবিধৰ বিষয়ে আৰু এই সন্দৰ্ভত লবলগীয়া সাৱধানতা সম্পৰ্কে অৱগত হয়।সকলো প্ৰশাসনিক বিষয়াকে গ্ৰামাঞ্চল আৰু চাহ বাগিছা সমূহ নিয়মিয়াকৈ ভ্ৰমণ কৰি স্থানীয় লোকৰ সৈতে সজাগতা সভা আয়োজন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বিশ্বনাথৰ উপায়ুক্ত শ্ৰীযুত প্ৰণৱ কুমাৰ শৰ্মাদেৱে নিজেই এনে ধৰণৰ সভাসমূহত অংশগ্ৰহণ কৰি জনসাধাৰণক ৰোগবিধক সহজভাৱে নল’বলৈ আৰু কঠোৰ ভাৱে কোভিডৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে। ‘’ক’ভিড মহামাৰীৰ সময়ছোৱা এক জৰুৰীকালীন সময়। আমি যি কোনো প্ৰকাৰে ইয়াক নিয়ন্ত্ৰণলৈ আনিবই লাগিব, কিন্তু জনসাধাৰণৰ সহযোগ বিনা ই সম্ভৱ নহয়। সেয়েহে আমি সৰ্বসাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰি পৰিস্থিতিৰ গম্ভীৰতা বুজাবলৈ আৰু ক’ভিড-১৯ৰ বিৰুদ্ধে এই যুজঁত তেওঁলোকৰ অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ আমি দিহা কৰিছোঁ’’- উপায়ুক্ত গৰাকীয়ে প্ৰকাশ কৰে।
ইয়াৰ উপৰিও পঞ্চায়ত স্তৰত সামাজিক সংগঠন, আত্ম-সহায়ক গোট, নামঘৰ, গাওঁ বুঢ়া আদিক জড়িত কৰি একেবাৰে সুক্ষ্ম পৰ্যায়ত সজাগতা সৃষ্টিৰ উদ্দেশ্য কেইবাটাও টাস্ক-ফৰ্চ জিলাখনত গঠন কৰা হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ উদ্যোগত নিয়মিয়াকৈ সজাগতা বৃদ্ধিৰ বাবে সভাৰ আয়োজন কৰি থকা হৈছে।সমসাময়িকভাৱে জিলা প্ৰশাসনে ব্যাপক কোভিড পৰীক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যাতে আক্ৰান্ত ৰোগী সকলক চিনাক্ত কৰি পৃথকীকৰণৰ ব্যৱস্থা কৰিব পৰা যায়। ‘’যিমানে আমি পৰীক্ষা বঢ়াই দিম সিমানেই আমি আক্ৰান্ত ৰোগীৰ পৃথকীকৰণ কৰিব পাৰিম আৰু যিমান সোনকালেই আমি আক্ৰান্ত ব্যক্তিৰ পৃথকীকৰণ কৰিব পাৰিম, সিমান সোনকালে আমি ৰোগৰ ব্যাপকতা ৰুধিব পাৰিম’’- শ্ৰীশৰ্মাই লগতে কয়।উল্লেখযোগ্য, জিলাখনত কালিলৈকে নতুনকৈ ৪২ জন ক’ভিড ৰোগীক চিনাক্ত কৰা হয় আৰু ইয়াৰ লগে লগে ৰোগীৰ সংখ্যা ৫৬৮ লৈ বৃদ্ধি পালে।
কোভিড পৰিস্থিতিৰ বুজ লবলৈ বৰপেটাত যোগান মন্ত্ৰী ৰঞ্জিৎ দাস, অত্যাৱশ্যকীয় সামগ্ৰীৰ দামৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ প্ৰশাসনক নিৰ্দেশ
সাম্প্ৰতিক কোভিডজনিত পৰিস্থিতিৰ সুযোগ লৈ কোনো ব্যৱসায়ীয়ে যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম অনৈতিকভাবে বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনক সতৰ্ক দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে আজি বৰপেটা জিলাৰ কোভিড পৰিস্থিতিৰ বুজ লোৱাৰ বাবে অহা যোগান মন্ত্ৰী ৰঞ্জিৎ দাসে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পৰ্যালোচনা সভাত অংশলৈ এই নিৰ্দেশ দিয়ে। দাসে নিজৰ ঘৰত আছুতীয়াকৈ থকা কোভিড ৰোগীসকলক আশা কৰ্মী, স্বাস্থ্য কৰ্মী বা আন কোনো লোকৰ দ্বাৰা টেলিফোনযোগে নিয়মীয়াকৈ খা-খবৰ ৰাখিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে। সভাত জিলা প্ৰশাসনৰ তৰফৰ পৰা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে পাৱাৰ পইন্ট প্ৰেজেন্টেচনৰ দ্বাৰা জিলাখনৰ কোভিড পৰিস্থিতিৰ ছবিখন দাঙি ধৰে। সভাৰ আৰম্ভণিতে ভাৰপ্ৰাপ্ত উপায়ুক্ত তেজ প্ৰসাদ ভূষালে মন্ত্ৰী গৰাকীক গামোচা আৰু শৰাইৰে আদৰণি জনায়। ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ আৰু অধীক্ষক ডাঃ দিগন্ত দাসে চিকিৎসালয়খনৰ আৰু যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তীৰ্থনাথ শৰ্মাই বৰপেটা অসামৰিক চিকিৎসালয়ৰ অভাৱ অভিযোগবোৰৰ বিষয়ে মন্ত্ৰী গৰাকীক অৱগত কৰে। সভাত জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ ছিকাৰীয়া, আৰক্ষী অধীক্ষক ডা ৰবীন কুমাৰ সিং, অতিৰিক্ত উপায়ুক্ত সকল, চক্ৰ বিষয়া সকল, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, গড়কাপ্তানি গৃহ, জনসংযোগ, পৰিবহন, খাদ্য আৰু অসামৰিক যোগান, দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণ আদি বিভাগৰ জেষ্ঠ বিষয়া সকলো উপস্থিত থাকে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে। সভাত অংশ লোৱাৰ পূৰ্বে মন্ত্ৰী গৰাকীয়ে বৰপেটা সত্ৰলৈ গৈ সেৱা লয়। উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন মন্ত্ৰীকে একাধিক জিলাৰ কোভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। সেই অনুসৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা অসামৰিক যোগান আদি বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে আজি বৰপেটালৈ আহে। কালি তেওঁ বজালী জিলা ভ্ৰমণ কৰি তাৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে ক’ৰোনাত মৃত্যু হোৱা লোকৰ ঘৰলৈ গৈও খা-খবৰ লৈছিল।
আকৌ বলাৎকাৰৰ ঘটনা, টীয়কৰ চেলেংহাটত কিশোৰী বলাৎকাৰৰ গোচৰত গ্ৰেপ্তাৰ দুই যুৱক
সমগ্ৰ ৰাজ্য কঁপাই যোৱা চুমিলা ৰংহাপী আৰু দীপশিখা হত্যাকাণ্ড ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই যোৰহাট জিলা টীয়কৰ চেলেংহাটৰ হেমলাই চাহ বাগিচাত পুনৰ এগৰাকী কিশোৰীক বলাৎকাৰৰ ঘটনা পোহৰলৈ আহিছে। ভুক্তভোগী কিশোৰীৰ মাতৃৰ ভাষ্য অনুসৰি, যোৱা মাহৰ ১৮ এপ্ৰিলত সমীপৰে বান্ধৱীৰ ঘৰত সন্ধিয়া জন্মদিন খাবলৈ গৈছিল কিশোৰীগৰাকী।বান্ধৱীৰ ঘৰৰ পৰা ওভতাৰ পথত একে অঞ্চলৰে এজন যুৱকে বন্ধুৰ সহযোগত পথৰ কাষৰ এটি পৰিত্যক্ত ঘৰলৈ চোঁচৰাই নি সংঘটিত কৰে অনৈতিক কাণ্ড।কিন্তু পৰিয়ালৰ লোকলৈ ভয় কৰি ঘটনাটো কিশোৰীগৰাকীয়ে গোপনে ৰাখিছিল যদিও মাতৃয়ে বাগিচাৰ আন লোকৰ মুখত শুনিবলৈ পাই কিশোৰীগৰাকীক সোধাত বিৱৰি কয় ঘটনাটো।আনকি এনে কু-কৰ্ম ম’বাইলত ৰেকৰ্ডিং কৰি ছ’চিয়েল মিডিয়াযোগে ভাইৰেল কৰাৰো অভিযোগ তুলিছে। ইতিমধ্যে ভুক্তভোগী কিশোৰী গৰাকীৰ মাতৃয়ে টীয়ক আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত কু-কাণ্ড সংঘটিত কৰা দুই যুৱকক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত টীয়ক আৰক্ষী থানাৰ অধীনৰ চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে অৱগত কৰা অনুসৰি, কিশোৰীগৰাকীৰ মাতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত ৩১৩/১৪ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত চলাইছে আৰু ঘটনা সংঘটিত কৰা দুয়োজন যুৱকক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।ইপিনে অভিযুক্ত যুৱকৰ মাতৃয়ে কিশোৰীগৰাকীৰ পৰিয়ালে ভুৱা গোচৰ জাপি দিয়া বুলি অভিযোগ তুলিছে।এই সন্দৰ্ভত তেওঁ কিশোৰীগৰাকীলৈ দোষ ঠেলি মিছাতেই তেওঁৰ পুত্ৰক দোষী সজোৱা বুলি মন্তব্য কৰে।
মৰিগাঁৱত উপস্থিত মন্ত্ৰী পিযুষ হাজৰিকা শপত গ্ৰহণৰ পিছত প্ৰথম বাৰ গৃহ জিলাত জিলা প্ৰশাসনৰে বৈঠক মন্ত্ৰী পিয়ুষ হাজৰিকা|
শনিবাৰে মৰিগাঁৱত উপস্থিত কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকা অসম চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী হিছাপে দায়িত্ব লোৱা পিছত প্ৰথম বাৰৰ বাবে মৰিগাৱত উপস্থিত হয়।মৰিগাঁৱত উপস্থিত হৈয়ে জিলা খনৰ একমাত্ৰ নৱ নিযুক্ত কেবিনেট মন্ত্ৰী গৰাকীয়ে মৰিগাঁও জিলা প্ৰশাসনৰ লগত এক আলোচনাত অংশ গ্ৰহণ কৰে।মৰিগাঁও উপায়ুক্ত কাৰ্য্যালয় সভা কক্ষত অনিস্থিত এই আলোচনাত অংশ লয় মৰিগাঁও সমষ্টি বিধায়ক ৰামাকান্ত ডেউৰী লগতে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক । প্ৰশাসনৰ লগত আলোচনাৰ পিছতেই নৱ নিযুক্ত মন্ত্ৰী গৰাকী মৰিগাঁও অসামৰিক চিকিৎসালয় পৰ্ৰিদশন কৰে আৰু চিকিৎসালয় খনৰ চিকিৎসক আৰু সকলো স্বাস্থ্য কৰ্মীক যাতে কভিডৰ বাবে যি বোৰ দায়িত্ব সেই সমুহ নিয়াৰিকৈ পালন কৰে অন্যথা বিহিত ব্যৱস্থা লোৱা হৱ বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।
ক’ৰ’ণাত আক্ৰান্ত হৈ সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান মৃণাল দাসৰ মৃত্যু
ৰাজ্যত মহামাৰী ক’ৰ’ণাই ভয়াবহতাৰূপ ধাৰণ কৰাৰ সময়তে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ গাননিক বিষয়া মৃণাল দাস ক’ৰ’ণাত আক্ৰান্ত হৈ আজি পুৱাই মৃত্যুক সাবতি লয় ।তেখেতৰ মৃত্যুত সদৌ অসম টে’ট শিক্ষক যৌথ মঞ্চই গভীৰ শোক প্ৰকাশ কৰািছে । গুৱাহাটীস্তিস্থ চিকিৎসা মহাবিদ্যালয়ত ক’ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা দাস (৫৪)অৱশেষত মৃত্যুৰ সতে যুঁজি হাৰ মানি আজি পুৱা প্ৰায় সাত মান বজাত তেখেতে ইহলীলা সম্বৰণ কৰে৷ তেখেতৰ মৃত্যুৱে কৰ্মচাৰী সমাজখনত এক বিশাল শূন্যতাত পৰিণত হৈছে । অতি অমায়িক স্বভাৱৰ ব্যক্তি দাসে পৰিষদৰ কাম কাজ সুন্দৰ ভাৱে সম্পাদন কৰাৰ লগতে পৰিষদৰ সকলো ভাতৃ সংগঠনৰ লগত সু_সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হৈছিল৷ সদৌ অসম টে’ট শিক্ষক যৌথ মঞ্চৰ সভাপতি শ্ৰীবিনোদ বড়ো, কাৰ্যকৰী সভাপতি শ্ৰীবিশ্বজিৎ ৰয়, সম্পাদক শ্ৰীনিৰ্মল বৰুৱা, মুখ্য উপদেষ্টা শ্ৰীবিচিত্ৰ নাথ, ম. মতিউৰ ৰহমান, সহ: সম্পাদক শ্ৰীতাপস দাসে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷ মৃত্যু সময়ত দাসে পত্নী ‘পুত্ৰ :এগৰাকী কন্যা সহ বহু আত্মীয়ক ইহসংসাত এৰি থৈ যায় ।
এজন বিধায়কৰ পত্নীৰ মহানুভৱতা ,পথাৰত কৰ্মৰত হালোৱা-ৰোৱনীৰ বাবে ঘৰত ৰন্ধা দুপৰীয়াৰ আহাৰ নিজে ঠেলাত নি খোৱালে তৃপ্তিৰে এসাজ ৷
নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিমাঞ্চলৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাবুকধৰা-নদলবৰীৰ এগৰাকী কৰ্মোদ্যমী মহিলা ৷ ক’ৰোনা মহামাৰীৰ দ্বিতীয় লহৰৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতে এইগৰাকী উদ্যমী তথা মানৱদৰদী মহিলাই নিজ গৃহত নিজ হাতেৰে ৰন্ধা বেঞ্জনেৰে পথাৰত কাম কৰি থকা হালোবা-ৰোৱনী সকলক তৃপ্তিৰে এসাজ খোৱাবৰ বাবে আশাৰে তৈয়াৰ কৰিছে নানা ৰকৰমৰ বেঞ্জন ৷ এই মহিলা গৰাকী আকৌ কোনো সাধাৰণ মহিলা নহয় ৷ তেওঁ হৈছে আকৌ অসম বিধান সভালৈ দ্বিতীয় বাৰৰ বাবে নিৰ্বাচিত মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ ধৰ্মপত্নী লুজেমাই দেউৰী ৷ বৰ্তমান এজন জনপ্ৰতিনিধিৰ পত্নী হৈও আজি তেওঁ কৰি গৈছে একাংশ দৈনিক পথাৰত পৰিশ্ৰম কৰা লোকৰ বাবে কিছু মাত্ৰ প্ৰয়াস ৷ বিগত বহু বছৰ ধৰি পূৰ্ৱৰ দৰেই মহিলা গৰাকীয়ে আজিও এই ধাৰাবাহিকতা ৰক্ষা কৰি গৈছে আৰু এই ধৰণৰ সামাজিক কাম কাজ সমূহত নিজকে জৰিত কৰি ৷ এজন পুৰুষ বা মহিলাই কেতিয়াও নিজৰ শিপা পাহৰিব নালাগে ৷ যি মানুহে বা পুৰুষ মহিলাই নিজৰ শিপা পাহৰে সেই মানুহক সমাজেও সমালোচনা কৰে ৷ আৰু সেই বাণীকেই যেন সাৰোগত কৰি ৰাখি বৰ্তমানৰ মৰিগাঁৱৰ সদৰ সমষ্টিৰ পৰা দ্বিতীয় বাৰৰ বাবে বিধায়ক ৰূপে নিৰ্বাচিত হোবা ৰমাকান্ত দেউৰীৰ পত্নীয়ে । পূৰ্ৱৰ দৰে আজিও পথাৰত কাজ কৰি থকা হালোৱা-ৰোৱনীৰ বাবে দুপৰীয়াৰ সাজ লৈ যোৱাৰ মূহুৰ্তত বিধায়ক ৰমাকান্ত দেউৰীৰ উদ্যমী পত্নী লুজেমাই দেউৰীকদেখিবলৈ পোবা গল আজি কেইবাদিনো ধৰি চাবুকধৰাৰ নদলবৰী ঘৰ খনৰ পৰা ঠেলাত কেইজনমান সংগীৰ সৈতে পথাৰত হালোৱা-ৰোৱনী সকলক এনেদৰে দুপৰীয়া সাজ বিতৰণ কৰিবলৈ যোৱাৰ মুহুত্বত ৷ তেওঁ এতিয়াও পূৰ্বৰ দৰেই এনে নিত্যনৈমিত্তিক কৰ্ম কৰি গৈছে মনত কোনো সংশয় নোহোৱাকৈ । তেওঁৰ মনত নাই কোনো ভেম,নাই অহংকাৰ,মনত নাই কোনো সংকোচভাব ৷ এইক্ষেত্ৰত মহিলা গৰাকীয়ে কাৰোৰে পৰা ঘৰত পোবা নাই বাধাবিঘিণি ৷ ঘৰত চুবুৰীয়া মহিলা কেইগৰাকীৰ লগতে তেওঁ নিজ হাতে ৰন্ধা ভাজি,দালি,ভাত,শাকৰ ভাজি,চালাদ,আচাৰ,পাপৰ আদিৰে অপ্ৰায়ণ কৰোবালে হালোৱা ৰোৱনী সমূহক ৷ এই ধৰনৰ কাম কৰি উদ্যমী মহিলা গৰাকীয়ে মনত অত্যন্ত পৰমতৃপ্তি লাভ কৰা বুলি জানিব পৰা গৈছে ৷ তেওঁক এইক্ষেত্ৰত সহায় সহযোগীতা আগবঢ়াই আহিছে ওচৰ চুবুৰীয়া কেইজন যুৱক আৰু চুবুৰীয়া কেইগৰাকীমান উদ্যমী মহিলাই ৷ ক’ৰোনা মহামাৰীৰ ভয়াৱহতাৰ সময়তো ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ নাথাকি এতিয়া সমাজৰ বাবে এনেদৰে কাম কৰিবলৈ উলাই অহা বাবে লুজেমাই দেউৰীৰ এই প্ৰসংশনীয় পদক্ষেপক সমগ্ৰ চাবুকধৰা-নদলবৰীৰ ৰাইজেই প্ৰসংশা কৰিছে ৷
কৰিয়াজানত বন্য হস্তীয়ে একে নিশাই ভাঙি তহিলং কৰিলে ৪ টাকৈ বাসগৃহ *বন্য হস্তী আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা দুটি শিশু*
তিনিচুকীয়া জিলাৰ কৰিয়াজনত বন্য হস্তী তাণ্ডৱ|আজি যোৱা নিশা খাদ্য সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা এটা বন্য হস্তীয়ে ভাঙি তহিলং কৰিলে ৪ টাকৈ বাসগৃহ| প্ৰাপ্ত খৱৰ অনসৰি যোৱা নিশা প্ৰায় ১০:৩০ৰ পৰা পুৱতি নিশা ১:০০ বজাৰ লৈকে বন্য হস্তীটোৱে অঞ্চলটোত উপদ্ৰপ চলাই বিস্তৰ ক্ষতিসাধন কৰে|পেঙেৰী আঞ্চলিক বন বিভাগৰ অন্তৰ্গত কৰিয়াজানত বন্য হস্তীটোৱে ঘৰৰ বেৰ ফালি চাউল, দাইল,আলু,কল আদি খাই তহিলং কৰাৰ উপৰিও ঘৰৰ ভিতৰৰ গডৰেছ,টেবুল, চকী আদি ভাঙি তচনচ কৰা লগতে বাৰীৰ গছ-গছনি ভাঙি থৈ যায়।বন্য হস্তীটোৱে প্ৰৱল বৰষুণৰ মাজতে বন্য হস্তীটোৱে প্ৰথমে কৰিয়াজানৰ অৰূপ বৰা ঘৰৰ বেৰ ফালি ঘৰৰ চাউল আদি খোৱাৰ উপৰিও ঘৰৰ আচবাব পত্ৰ ভাঙি পেলাই | ইয়াৰ পিছতে নিবাৰণ বৰাৰ ঘৰতো বেৰ ভাঙি উপদ্ৰপ চলায়| বন্য হস্তীটোৰ এই আক্ৰমণত ঘৰৰ ভিতৰত শুই থকা দুটি কণমানি শিশু সৌভাগ্য ক্ৰমে ৰক্ষা পৰে|নিশা পুনৰ হাতীটোৱে ১১:০০ মান বজাতে কাতিৰাম বৰাৰ পাকঘৰৰ বেৰ ফালি সোমাই চাউল,ডাইল, বাচন বৰ্তন লগতে ঘৰৰ আচবাব পত্ৰ ভাঙি থৈ যায়। ইয়াৰ পাছতো ক্ষান্ত নোহোৱা বন্য হস্তীটোৱে ডম্বৰু বৰাৰ বাৰিৰ কলগছৰ খেতিত উপদ্ৰপ চলোৱা লগতে ০১:০০ মান বজাত নিপন বৰাৰ পাক ঘৰৰ বেৰ ফালি বস্তু বাহনি তচনচ কৰে। বৰষুণ কম হোৱা পিছত গাঁৱৰ লোকলকলে বন্য হস্তী জাকটোক অৰণ্যৰ ফালে আঁতৰাই পঠাবলৈ সক্ষম হয় । উল্লেযোগ্য যে এইদৰে বন্যহস্তিয়ে বাৰম্বাৰ কৰিয়াজান অঞ্চলত ৰাইজৰ ঘৰ-দুৱাৰ ভাঙি, খেতি-বাতি নষ্ট কৰি সন্ত্ৰাস সৃষ্টিআহিছে। অঞ্চলবাসীয়ে বন বিভাগৰ লগতে স্থানীয় আৰক্ষীৰ প্ৰশাসনক বাৰম্বাৰ অভিযোগ দাখিল কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো সঁহাৰি নোপোৱা বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰিছে |
বিহালী আৰক্ষীৰ বৃহৎ সাফল্য।বৰগাং মৰাণ গাৱৰ অপহৃত চাৰি শিশু উদ্ধাৰ ইটানগৰত।অপৰাধীক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ
বিহালী আৰক্ষী থানা অন্তর্গত বৰগাংমৰাণ গাওঁ আৰু টংবাৰী গাওঁৰ পৰা বিগত ছয়মাহৰ ভিতৰত অপহৰণ কৰি নিয়া হয় চাৰি টাকৈ শিশু ।
ইফালে এই ৪ টা শিশু উদ্ধাৰ বাবে অহৰহ চেষ্টা কৰিছিল বৰগাং মৰণা গাওঁৰ গাওঁৰক্ষী বাহিনী লগতে বিহালী আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া আৰু বিহালী আৰক্ষী চক্র বিষয়া। এই বিহালী আৰক্ষী আৰু আৰক্ষী চক্ৰ বিষয়া নেতৃত্বত উদ্ধাৰ কৰিবলৈ সক্ষম হয় অপহৰণ হোৱা ৪ টা শিশু ।
জানিব পৰা মতে যোৱা ৬ মে তাৰিখে বৰগাং মৰণা গাওঁ গাওঁ ৰক্ষী বাহিনী আৰু ৰাইজৰ সহযোগত বৰগাং মৰাণ গাওঁৰ ইফৰান খান (২০)আৰু চুমন দাস(১৫)ক আটক কৰি আৰক্ষীক চমজাই দিয়াৰ পিছত আৰক্ষীয়ে নেৰানেপেৰা তদন্ত কৰি ফলত ১২ মে”ত মিকিৰ চাং ডফলাগড়ৰ আশিষ পানিকা ওৰফে বাবু আৰু চত্রং নেপালী , অসম অৰুণাচল সীমান্ত গহপুৰৰ হলেঙি গেটৰ কুখ্যাত মানৱ সৰবৰাহ কাৰী মহিলা জোস্না দেউৰী(২৮),তেওৰ স্বামী দামোদৰ দেউৰীক আটক কৰে কৰিছিল বিহালি আৰক্ষীয়ে হলঙি গেটৰ আৰক্ষী সহযোগত।ইফালে এই কুখ্যাত মহিলা গৰাকীক আৰক্ষীয়ে আটক কৰি আৰক্ষীয়ে সোধপোছ আৰম্ভ কৰে।!আৰক্ষীৰ তীব্র হেচাত যোৱা কালি অৰুনাচলৰ প্ৰদেশৰ ইটানগৰৰ পৰা শিশু কেইটা আনি শিশু সৰবৰাহ কাৰী মহিলা জোস্নাৰ ঘৰত থৈ যায় চক্ৰটোৱে। তাৰ পিছত আৰক্ষীয়ে শিশু কেইটা বিহালী লৈ আহি আজি সস্বাস্থ্য পৰীক্ষা কৰে কৰি আদালতত হাজিৰ কৰি শিশুক পৰিয়ালক চমজাই দিয়াৰ ব্যৱস্থা কৰিছে ।
ত আৰক্ষী সূত্ৰ প্ৰকাশ ইফৰাং খান আৰু চুমন দাসে শিশু সকলক ফুচলাই নি বাবুক গতাই দিয়ে আৰু বাবুৱে গহপুৰ হলঙি গেটৰ জোস্না দেউৰীক দিয়ে আৰু জোস্নাই অৰুনাচলৰ গংগাৰ এখন দোকানত আনিয়া মালা নামৰ এগৰাকী ব্যক্তিক গতাই দিয়ে ।!পিছক আনিয়াই বিভিন্ন জনক শিশু বিলাকক দিয়ে ।
জানিব পৰা মতে এগৰাকী শিশুৰ বাবদ তেওলোকে ৮০হেজাৰৰ পৰা ৯০হেজাৰ টকা লাভ কৰে !এই টকা উক্ত চক্ৰটোৰ সকলোৱে ভাগ কৰে ।
বিহালী থানাৰ ভাৰপ্রাপ্ত বিষয়া কমল বড়ো আৰু চক্র পৰিদর্শক ৰিষেশ্বৰ শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ দলে শিশু খিনিক উদ্ধাৰ কৰা কার্যক অঞ্চলটোৰ ৰাইজে প্রসংশা কৰিছে
ক’ভিড নীতি নিয়ম ভঙ্গ কৰা লোকৰ বিৰুদ্ধে নাজিৰা প্ৰশাসনৰ বিশেষ অভিযান
সাম্প্ৰতিক ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত লখিমী দত্তৰ তত্বাৱধানত চক্ৰ বিষয়া শান্তনু গগৈ, সহকাৰী আয়ুক্ত প্ৰীতম গগৈ, ৰুবী কুমাৰী ৰায়, তন্ময় চেতিয়া, চক্ৰ বিষয়া (সংলগ্ন) অনুৰাগ গগৈ আৰু নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ত্ৰিদীপ কুমাৰ দত্ত সহ এক বিশেষ দল গঠন কৰা হয়। এই দলে আজি নাজিৰা, গেলেকী আৰু শিমলুগুৰিৰ অঞ্চলত এক অভিযান চলাই। এই অভিযানত তেখেত সকলে বিভিন্ন হাট বজাৰ, হোটেল, চেলুন আদি পৰিদৰ্শন কৰে আৰু কভিদ নীতি নিয়ম সমূহ ৰাইজে মানি চলিছেনে নাই সেই বিষয়ে বুজ লয়। লগতে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব মানি চলা, সঘনাই হাত চেনিটাইজ কৰাৰ ওপৰত ও গুৰুত্ব আৰোপ কৰে। মহকুমাধিপতি লখিমী দত্তই কয় যে – “ক’ভিডৰ এই যুঁজত আমি যৌথ ভাৱে যুঁজিব লাগিব অন্যথা ই এক ভয়াবহ ৰূপত পৰিণত হব। ৰাইজে ইয়াৰ গভীৰতা বুজি নাপালে প্ৰশাসনৰ চেষ্টা কেতিয়াও ফলপ্ৰসূ নহব। গতিকে আজিৰ এই অভিযানত আমি সকলোকে একত্ৰিত কৰি ক’ভিডৰ বিৰুদ্ধে যুঁজিবৈ আহ্বান জনাইছো।”উল্লেখ্য যে, মহকুমাধিপতি লখিমী দত্তৰ নিৰ্দেশ মৰ্মে নাজিৰা পৌৰ সভাৰ কাৰ্য্য – বাহী বিষয়া সুজাতা গগৈয়ে কাৰ্যালয়ৰ কৰ বিভাগৰ কৰ্মচাৰীৰ সহযোগত আজি নাজিৰা নগৰৰ দৈনিক বজাৰ পৰিদৰ্শন কৰাৰ ওপৰিও খাদ্য সামগ্ৰী যেনে মাছ, মাংস, শাক – পাচলি আদিৰ মূল্য পৰ্যবেক্ষন কৰে । পৌৰ সভাৰ কাৰ্য্য – বাহী বিষয়াই নাজিৰাৰ দৈনিক বজাৰৰ লেচীক মাছ – মাংসৰ প্ৰতিদিনৰ মূল্য নিৰীক্ষণ কৰিবলৈ লগতে ক’ভিডৰ অজুহাত লৈ যাতে কোনো ধৰণৰ অদ্ভূত মূল্য বৃদ্ধি নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ আৰু সজাগ হবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে নাজিৰা নগৰৰ সমূহ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বতাধিকাৰী সকলক কভিদ -১৯ৰ নিয়ম সমূহ কঠোৰ ভাৱে মানি চলিবলৈ আহ্বান জনায়।











