Breaking

ক’ভিড ১৯ৰ বিৰুদ্ধে যুজঁ দিবৰ বাবে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ বিশ্বনাথ প্ৰশাসনৰ

0 2,116

জিলাখনত ক্ৰমান্বয়ে ক’ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে কিয়নো ইয়াৰ অবিহনে অসামৰিক বা আৰক্ষী প্ৰশাসনে বিছৰা ধৰণৰ ফলাফল পাব নোৱাৰে । সেই হেতুকে জিলাখনৰ চুকে-কোনে প্ৰশাসনে ব্যাপক ৰূপত সজাগতা মূলক প্ৰচাৰ আৰু সভা আয়োজন কৰাৰ ব্যৱস্থা কৰিছে যাতে তেওঁলোকে ৰোগবিধৰ বিষয়ে আৰু এই সন্দৰ্ভত লবলগীয়া সাৱধানতা সম্পৰ্কে অৱগত হয়।সকলো প্ৰশাসনিক বিষয়াকে গ্ৰামাঞ্চল আৰু চাহ বাগিছা সমূহ নিয়মিয়াকৈ ভ্ৰমণ কৰি স্থানীয় লোকৰ সৈতে সজাগতা সভা আয়োজন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বিশ্বনাথৰ উপায়ুক্ত শ্ৰীযুত প্ৰণৱ কুমাৰ শৰ্মাদেৱে নিজেই এনে ধৰণৰ সভাসমূহত অংশগ্ৰহণ কৰি জনসাধাৰণক ৰোগবিধক সহজভাৱে নল’বলৈ আৰু কঠোৰ ভাৱে কোভিডৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে। ‘’ক’ভিড মহামাৰীৰ সময়ছোৱা  এক জৰুৰীকালীন সময়। আমি যি কোনো প্ৰকাৰে ইয়াক নিয়ন্ত্ৰণলৈ আনিবই লাগিব, কিন্তু জনসাধাৰণৰ সহযোগ বিনা ই সম্ভৱ নহয়। সেয়েহে আমি সৰ্বসাধাৰণ  ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰি পৰিস্থিতিৰ গম্ভীৰতা বুজাবলৈ আৰু ক’ভিড-১৯ৰ বিৰুদ্ধে এই যুজঁত তেওঁলোকৰ অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ আমি দিহা কৰিছোঁ’’- উপায়ুক্ত গৰাকীয়ে প্ৰকাশ কৰে।
ইয়াৰ উপৰিও পঞ্চায়ত স্তৰত সামাজিক সংগঠন, আত্ম-সহায়ক গোট, নামঘৰ, গাওঁ বুঢ়া আদিক জড়িত কৰি একেবাৰে সুক্ষ্ম পৰ্যায়ত সজাগতা সৃষ্টিৰ উদ্দেশ্য কেইবাটাও টাস্ক-ফৰ্চ জিলাখনত গঠন কৰা হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ উদ্যোগত নিয়মিয়াকৈ সজাগতা বৃদ্ধিৰ বাবে সভাৰ আয়োজন কৰি থকা হৈছে।সমসাময়িকভাৱে জিলা প্ৰশাসনে ব্যাপক কোভিড পৰীক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যাতে আক্ৰান্ত ৰোগী সকলক চিনাক্ত কৰি পৃথকীকৰণৰ ব্যৱস্থা কৰিব পৰা যায়।  ‘’যিমানে আমি পৰীক্ষা বঢ়াই দিম  সিমানেই  আমি আক্ৰান্ত ৰোগীৰ পৃথকীকৰণ কৰিব পাৰিম আৰু যিমান সোনকালেই আমি  আক্ৰান্ত ব্যক্তিৰ পৃথকীকৰণ কৰিব পাৰিম, সিমান সোনকালে আমি ৰোগৰ ব্যাপকতা ৰুধিব পাৰিম’’- শ্ৰীশৰ্মাই লগতে কয়।উল্লেখযোগ্য, জিলাখনত কালিলৈকে নতুনকৈ ৪২ জন ক’ভিড ৰোগীক চিনাক্ত কৰা হয় আৰু ইয়াৰ  লগে লগে ৰোগীৰ সংখ্যা ৫৬৮ লৈ বৃদ্ধি পালে।

Leave A Reply