নাজিৰা মহকুমাৰ অন্তৰ্গত গেলেকী আৰক্ষী থানাত তদন্তৰ স্বাৰ্থত অনা তিনিজনকৈ আচামী ক’ভিডত পৰীক্ষা কালত এই ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে । জানিব পৰা মতে আলফা স্বাধীন সংগঠনৰ সৈতে যোগাযোগ ৰক্ষা কৰি অহাৰ অভিযোগত পুলিন বৰগোহাঞি,(৫২) উজ্বল বুঢ়াগোহাঁই, (২৬) আৰু ৰিংকু বুঢ়াগোহাঁই (২৫) ক এমাহৰ পুৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল । শেহতীয়াকৈ গেলেকী আৰক্ষীয়ে তদন্তৰ খাটিৰত নিজৰ জিম্মাত লয় । কিন্তু কালি তিনিও অভিযুক্তক কৰা ক’ভিড পৰীক্ষাৰ ফলাফলত পজিটিভ অহাত আৰক্ষী থানাখনৰো বিষয়া-জোৱানৰ মাজত উদ্বিগ্নতা বৃদ্ধি পাইছে । ইফালে ক’ভিডত আক্ৰান্ত তিনি অভিযুক্তক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে ।
চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে তৃণমূলৰ দুই কেবিনেট মন্ত্ৰীক, ক্ষোভিত মমতা
পশ্চিম বংগত পুনৰ আৰম্ভ নাৰদা ষ্টিং চেপ কেছৰ তদন্ত। আজি সেই তদন্তৰ অন্তৰালতে চিবিআইয়ে হঠাতে তালাচী চলাই ৰাজ্যখনৰ চাৰিগৰাকী নেতাৰ বাসগৃহত। পিছত চাৰিওগৰাকী নেতাকে চিবিআইৰ কাৰ্যালয়লৈয়ো লৈ যায়। আৰু শেষত গ্ৰেপ্তাৰ কৰে।নেতা কেইগৰাকী হৈছে পশ্চিম বংগৰ নতুনকৈ গঠন হোৱা চৰকাৰখনৰ কেবিনেট মন্ত্ৰী ফিৰহাদ হকীম আৰু সুব্ৰত মুখাৰ্জী, তৃণমূল বিধায়ক মদন মিত্ৰ আৰু বিজেপিৰ প্ৰাক্তন নেতা সোবন চেতাৰ্জী।কেবিনেটৰ দুজনকৈ মন্ত্ৰীৰ বাসগৃহত হঠাতে তালাচীৰ লগতে পিছত চিবিআইৰ কাৰ্যালয়লৈয়ো নিয়া কাৰ্যত আৰু শেষত গ্ৰেপ্তাৰ কৰা কাৰ্যত ক্ষোভিত হৈ পৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ক্ষোভতে মমতা বেনাৰ্জীয়েও গৈ উপস্থিত হয় চিবিআইৰ কাৰ্যালয়ত।আৰু কয় মোকো গ্ৰেপ্তাৰ কৰি লোৱা।চাৰিও নেতাক সোধপোচৰ বাবে নিয়াৰ পিছতে ৰাজ্যখনৰ ৰাজনীতিত তোলপাৰ লাগি যায়। গ্ৰেপ্তাৰ কৰাৰ পাছত চাৰিও নেতাৰ সমৰ্থনত প্ৰৰ্দশন হবলৈ ধৰে।
নিউয়ৰ্কত জিলিকিল অসমীয়া ছবি ‘বৰষুণ’
ক’ৰণা মহামাৰীৰ মাজতেই অসম বাসীৰ বাবে এটা ভাল খবৰ। হললৈ অহাৰ পূর্বেই অহা ৪-১৩ জুনলৈ নিউয়ৰ্কত হবলগীয়া ‘নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত এখন অসমীয়া ছবিয়ে দুটাকৈ শিতানত মনোনয়ন লাভ কৰিছে। ‘নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত জিলিকিল ‘বৰষুণ’। শ্ৰেষ্ঠ অভিনেতাৰ লগতে শ্ৰেষ্ঠ পৰিচালকৰ মনোনয়ন লাভ। দ্বীপজ্যোতি কলিতাই শ্ৰেষ্ঠ অভিনেতাৰ শিতানত মনোনয়ন লাভ কৰাৰ লগতে কৃষ্ণ কান্ত বৰাই লাভ কৰিছে শ্ৰেষ্ঠ পৰিচালকৰ মনোনয়ন। সাজ এণ্টাৰটেইনমেণ্ট প্ৰযোটজিত আৰু কৃষ্ণ কান্ত বৰা পৰিচালিত ‘বৰষুণ’ (Song’s For Rain) ক লৈ এতিয়া বহু আশাবাদী অসমৰ জনতা।
জানিব পৰা মতে, দীপজ্যোতি কলিতাৰ লগতে হৰিশ খান্না (গড অন দ্য বেলকনি), সিদ্ধার্থ মেনন (জুন), তন্ময় ধননীয়া (নজৰ বন্ধ) আৰু বিকাশ কুমাৰ (দ্য নট/উলজ্বন)ও শ্রেষ্ঠ অভিনেতাৰ মনোনয়ন লাভ কৰিছে৷
ক’ভিডত মৃত্যু অসমীয়া ছবিৰ পৰিচালক শম্ভু গুপ্তাৰ
মাৰাত্মক ক’ভিডত দেওবাৰে নিশা প্রায় ১০.৫০ বজাত মৃত্যু হয় অসমীয়া চলচ্চিত্র পৰিচালক শম্ভু গুপ্তাৰ৷ ক’ভিডত আক্রান্ত ছবি পৰিচালকগৰাকীক যোৱা ৮ মে’ত মহানগৰীৰ খ্রীষ্টানবস্তিস্থিত এপ’লো হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ ছবি পৰিচালকগৰাকীক ১০ মে’ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত ভর্তি কৰোৱা হয়৷
চিকিৎসাধীন অৱস্থাতে দেওবাৰে নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ ক’ভিডত আক্রান্ত গুপ্তাৰ কন্যা পূবালীক দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত ভর্তি কৰোৱা হয়৷ তেওঁৰ পুত্র নিলয় গুপ্তাও ক’ভিড পজিটিভ৷ নিলয় বর্তমান হোম আইছ’লেচনত আছে৷ নিলয়ৰ মোমায়েকো ক’ভিড আক্রান্ত হৈ হাস্পতালত চিকিৎসাধীন৷
ক’ভিডত আক্ৰান্ত হৈ বোকাজানৰ জ্যেষ্ঠ সাংবাদিক ৰুবুল দিহিঙীয়াৰ মৃত্যু
বোকাজানৰ জ্যেষ্ঠ সাংবাদিক ৰুবুল দিহিঙীয়াৰ মৃত্যু। কোভিডত আক্রান্ত হৈ গুৱাহাটীৰ জি এম চি এইচত মৃত্যু সাংবাদিকগৰাকীৰ। নিশা ১২.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে।
সাংবাদিকতাৰ উপৰি বোকাজানৰ বিভিন্ন সামাজিক কাম-কাজত আগভাগ লৈছিল ৰুবুল দিহিঙীয়াই। ব্যক্তিগত ছেটেলাইট চেনেল NEWS LIVEৰ সংবাদদাতা ৰুবুল দিহিঙীয়াৰ মৃত্যুত সমগ্ৰ বোকাজানত গভীৰ শোকৰ ছাঁ পৰিছে।
জামুগুৰিহাটত হিমন্ত বিশ্ব শৰ্মাৰ আধাৰশিলা ভাঙিলে দূস্কৃতিকাৰীয়ে
চতিয়াৰ চৰ চাপৰিত সন্দেহজনক নাগৰিকৰ দপদপনি অব্যাহত ৷
চতিয়া সমষ্টিৰ চৌকী ঘাটত কোনো দূস্কৃতিকাৰীয়ে এটি আধাৰশিলা ভাঙি পেলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখ্যযে যোৱা বৰ্ষত চতিয়া সমষ্টিৰ অন্তৰ্গত চৌকী ঘাটত এখন আইন মহাবিদ্যালয় স্থাপনৰ উদ্দেশ্যৰে তেতিয়াৰ স্বাস্থ্য, শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ পল্লৱ লোচন দাস আৰু বিধায়ক পদ্ম হাজৰিকাক লগতলৈ এটি আধাৰশিলা স্থাপন কৰে ৷ মহাবিদ্যালয়খনৰ কাম কাজ আৰম্ভ নৌহওঁতেই কোনো দূস্কৃতিকাৰীয়ে আধাৰশিলাটো ভাঙি পেলোৱা বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷ সাংৱাদিকৰ আগত স্থানীয় একাংশ যুৱকে কয়- সমষ্টিটোৰ চৰচাপৰি অঞ্চলত এটা চক্ৰই দীৰ্ঘদিন ধৰি চৰকাৰ বিৰোদ্ধি তথা বিভিন্ন অসমাজিক কাম কাজত জৰিত হৈ আহিছে ৷ সমষ্টিটোৰ দীঘলি চাপৰী,গটাইমাৰী,চৌকী ঘাট,লুঙিবজাৰৰ পৰা যোৱা বৰ্ষত ৫২২ টা সন্দেহজনক পৰিয়ালক উচ্ছেদ কৰি সেই ভূমি স্থানীয় নিবনুৱা সকলক কৃষি কৰ্মৰ বাৱে চৰকাৰে আবণ্টন দিয়াৰ লগতে চৌকী ঘাটত এখন আইন মহাবিদ্যালয় স্থাপনৰ উদ্দেশ্যৰে আধাৰ শিলা কৰে ৷ সম্প্ৰতি উচ্ছেদিত লোক সকলক এই অঞ্চলৰে একাংশই সুৰক্ষা দি অহাৰ কথা আমাৰ দৃষ্টি গোচৰ হৈছে ৷ এইবাৰ মহাজোটৰ চৰকাৰ হব আৰু পুনৰ উচ্ছেদিত ভূমি আমাৰ পৰা কাঢ়ি নিব ৷ এই পৰিকল্পনাৰেই অঞ্চলটোত সেই চক্ৰটোৱে বিভিন্ন দূস্কাৰ্য্য কৰি আহিছে ৷ বিধান সভাৰ নিৰ্ব্বাচনী প্ৰচাৰত সমষ্টিটোৰ ৰাইজ ব্যস্ত থকা সময়তে উক্ত উচ্ছেদিত ভূমিত কৃষি কৰ্ম কৰা ৫২ টা কৃষি গোটৰ খেতি পথাৰৰ পৰা মাকৈ,গমকে ধৰি বিভিন্ন শস্য নিশাৰ ভিতৰত কাটি বস্তাত ভৰাই লৈ গুছি যায় দূস্কৃতিকাৰী সকলে ৷ এই চক্ৰটোৱে আইন মহাবিদ্যালয়ৰ আধাৰশিলা ভাঙি দিয়া কাৰ্য্য কোনো কাৰণতে সহ্য কৰা নহব বুলিও মন্তৱ্য কৰে স্থানীয় একাংশ যুৱকে ৷ ইতিমধ্যে ঘটনাস্থলিত আৰক্ষী উপস্থিতহৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷
নতুন SOP বলৱৎ হোৱাৰ পিছত মাজবাট আৰক্ষীৰ তৎপৰতা
মহামাৰী ক’ভিড -১৯ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে নতুন এচ ও পি জাৰি কৰাৰ সময়ত ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মাজবাট আৰক্ষীয়েও এচ ও পি ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গৈছে। এই লৈ আজি ঠিক এঘাৰ বজাত মাজবাট নগৰখনৰ দোকান -পোহাৰ বন্ধ হোৱাৰ পিছত ১২ বজাৰ লগে লগে তৎপৰ হয় মাজবাট আৰক্ষী। মাজবাট আৰক্ষীয়ে নগৰখনৰ লগতে নিকটৱৰ্তী অঞ্চল সমূহটো আইন ভংগকাৰীক শাস্তি প্ৰদান কৰা দেখা যায়। ইতিমধ্যে দুচকীয়া বাহনত দুজন উঠা মানা আছে যদিও একাংশ মটৰ চাইকেল আৰোহিয়ে দুজন দুজনকৈ উঠি ঘুৰি ফুৰাত মাজবাট আৰক্ষীয়ে উক্ত আৰোহিৰ পৰা জৰিমনা বিহা দেখা যায়। সান্ধ্যাআইন চলি থকা অৱস্থাত বিনা কাৰণত ওলাই অহা আৰু অনাই -বনাই ঘুৰি ফুৰা লোকক কোনো কাৰনতে ৰেহাই দিয়া নহব বুলি মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু সন্দিকৈয়ে জানিবলৈ দিয়ে।
ওদালগুৰি জিলাত ক’ভিড আক্ৰান্তৰ সংখ্যা- ১২৪৭ গৰাকী :তীব্ৰতৰ ৰূপত মৃত্যুৰ সংখ্যা ২৫ গৰাকীলৈ বৃদ্ধি
ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ ক’ভিড ১৯ ৰ মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি ১৬ মেত ওদালগুৰিত ২৬ গৰাকী কভিড ১৯ত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত এক এপ্ৰিলৰ পৰা ১৬ মেলৈ আক্ৰান্তৰ সংখ্যা ১২৪৭ গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে বৰ্তমানলৈ ১৬মেলৈকে ১৭২ গৰাকীক পৰীক্ষা কৰাৰ পিছত ২৬ গৰাকী দেহত কভিড ১৯ ধৰা পৰে।ইয়াৰ ভিতৰৰ ৭২ গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৩৬০ গৰাকী হোম আইশ্যলেশ্যনত চিকিৎসাধীন আছে।সুস্হ হৈ উঠা ৩৪ গৰাকীক ঘৰলৈ যাবলৈ দিয়া হয়।ইপিনে-১৬মেলৈ ৫ গৰাকী ক’ভিড ১৯ ত মৃত্যু হোৱাত শেহতীয়া তথ্য অনুসৰি ওদালগুৰিত মাৰ্চ’২১ৰ পৰা এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ২৫ গৰাকীলৈ বৃদ্ধি পালে।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে সজাগ আৰু অৰ্হনিশে সজাগ সচেতন হৈ ট্ৰিপোল মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি ক’ভিড ১৯ ৰ নীতি নিৰ্দেশনা আদিবোৰ কঠোৰ ভাবে মানি চলিবলৈ স্বাস্হ্য বিভাগে আহ্বান জনায়।আনহাতে ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিনাক্ত কৰণ হোবা দৰিদ্ৰ ,অসহায় ক’ভিড ১৯ ৰোগী সকল দিনক দিনে নূন্যতম,আবশ্যকীয় বা পৰ্য্যাপ্ত পৰিমানৰ ঔষধ পাতি,এন্টিবায়টিক আদিৰ পৰা সৰ্বদিশত সৰ্বতোপ্ৰকাৰে বঞ্চিত,চুড়ান্ত ভাবে প্ৰতাৰিত অবহেলিত হৈ থকাটো এতিয়া নিত্য নৈমত্তিক স্বাভাৱিক ঘটনা হৈ পৰিছে ৷ ফলত দৰিদ্ৰ কভিড ৰোগী সকল নিসহায় হৈ ঔষধপাতিৰ অবিহনে হোম আাইশ্যলেশ্যন হৈ মৃত্যুৰ সৈতে যুজ দি থকাটো দেখিবলৈ পোৱা গৈছে ৷ সমগ্ৰ বিটিচিৰ লগতে ওদালগুৰি জিলা খনত কভিড ১৯ ৰোগীসকলৰ জীৱন দাইনী ঔষধ ক্ৰমে ভিটামিন চি টেবলেট , জিংক 500 এম জি টেবলেট , ইজিথ্ৰমাইচিন 500 টেবলেট , ডস্কিচাইক্লিন 100 এম জি কেপচুল আদিবোৰ নোহোৱা হৈছে ফলত এই ঘোৰ কৰুণা কালৰ সময়ত স্বাস্থ্য কেন্দ্ৰটোত অতি ভয়াবহ সমস্যা হিচাপে দেখা দি আহিছে ৷ তাৰোপৰি হেণ্ড চেনিটাইজাৰ ,N 95,ট্ৰিপোল লেয়াৰ মাস্ক,কেপ,গ্লোভ ,পিপি কিট ,ফেচ শ্লাইড আদিবোৰ স্বাস্থ্য আৰু চিকিৎসা বিষয়া,সমুহীয়া স্বাস্থ্য বিষয়া,এছ ডব্লিউ,বি এইছ, ডব্লিউ,স্বাস্থ্য কৰ্মচাৰী,জি এন এম, এ এন এম,আশা,আশা চুপাৰভাইজাৰ ,আদি কভিড যোদ্ধা সকলক পৰ্য্যাপ্ত পৰিমান যোগান ধৰিবলৈ চৰকাৰ ,সংশ্লিষ্ট বিভাগ,কতৃপক্ষ সমুহক প্ৰদান কৰিবলৈ বিটিএডি সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নব কুমাৰ ডেকাই দাবী জনাইছে ৷বিটিএডিৰ সাংবাদিক ,সংবাদ কৰ্মী সকলকো N95,হেণ্ড ছেনিটাইজাৰ,ট্ৰিপোল লেয়াৰ মাস্ক আদি প্ৰদান কৰি সাংবাদিক,সংবাদ কৰ্মী সকলৰো জীৱন সুৰক্ষা কৰিবলৈ সংগঠনটোৰ সাধাৰণ সম্পাদক নব কুমাৰ ডেকাই সংশ্লিষ্ট বিভাগৰ আহ্বান জনাইছে ৷
ওদালগুৰিত লাখ লাখ টকাৰ ক্ষতিৰ সন্মুখীন হৈ মুৰে কপালে হাত দিব লগা হৈছে কৃষক সকলে
ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ ৰৌতা, মেৰাবিল , গৰৈমাৰী ঠাইৰ লগতে জিলাখনৰ বেছিভাগ অঞ্চলত দৈনন্দিন জীৱন অতিবাহিত কৰিবলৈ কৰ্ম সংস্থাপন বিচাৰি হাবাথুৰি খাই বহিঃৰাজ্যত ব্যক্তিগত প্ৰতিষ্ঠান, শ্বপিং মল , চকীদাৰ ইত্যাদি নানান ধৰণৰ কৰ্মত লিপ্ত থাকি নিজৰ পৰিয়ালক পোহ পালন দি অহা বেছিভাগ যুৱক সকলে বিগত বৰ্ষত ক’ভিড ১৯ ৰ আতংকৰ বাবে নিজ ৰাজ্যলৈ উভতি আহে৷ যুৱক সকলে ঘৰতে থাকি স্বাৱলম্বী হোৱাৰ এক সপোন লৈ আত্মনিৰ্ভৰশীল,হোৱাৰ আশাৰে অঞ্চলটোৰ বহুতো শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে ৰাজ্যৰ ভিতৰতে ওদালগুৰি জিলা খনত বৰ্তমান সৰ্বাধিক উৎপাদন হবলৈ ধৰা তৰমুজ খেতি কৰে বহিঃৰাজ্যৰ পৰা কষ্টেৰে সঞ্চয় কৰি ৰখা ধন ব্যয় কৰি৷ অইন খেতয়কৰ আৰ্হিৰে তেঁওলোকেও ব্যাপক হাৰত টকা খৰছ কৰি শ শ বিঘা মাটিত তৰমুজ খেতি লগাই উৎপাদন কৰিছে৷ কিন্তু পৰিতাপৰ বিষয় যে উৎপাদিত তৰমুজ ক্ৰেতাৰ অভাৱত বজাৰত বিক্ৰী নোহোৱা ঘটনাই কৃষক সকলৰ কপালৰ ঘাম মাটিত পৰিছে । আটাইতকৈ পৰিতাপৰ বিষয়টো হল যে তেওঁলোকৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি ব্যাপক হাৰত তৰমুজ উৎপাদন কৰিছে যদিও অৱশেষত এতিয়া সঠিক বজাৰ নোপোৱাৰ বাবে চিন্তিত হৈ পৰিছে কৃষক সকল৷এতিয়া প্ৰতিকেজি ৩টকাত দিব লগীয়া হোৱাত কৃষক সকলে মূৰে কপালে হাত দি বহি থাকিব লগা হৈছে উচিত মুল্য নাপাই লোকচানৰ সন্মুখীন হৈ চৰম হতাশা আৰু নিৰাশাত ভুগিব লগীয়া কৃষক সকলে এই ক্ষেত্ৰত নৱ নিৰ্বাচিত কৃষি মন্ত্ৰীৰ লগতে চৰকাৰ পক্ষই দুখীয়া কৃষকক কিছু সকাহ দিয়াৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰক অনুৰোধ জনায়৷
সংবাদ প্ৰতিষ্ঠানৰ মূখ্য কাৰ্যালয়ত বন্ধন বেংকৰ মাস্ক-ছেনিটাইজাৰ বিতৰণ
দেশজুৰি তীব্ৰগতিত কৰ’নাৰ গণসংক্ৰমণ অব্যাহত
২০২০ চনতকৈও অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ’না ভাইৰাছে৷ ক’ভিড-১৯ত হাজাৰ হাজাৰ লোক আক্ৰান্ত হোৱাৰ লগতে বহু লোকে প্ৰাণ হেৰুৱাইছে৷ দিনে দিনে বাঢ়ি গৈছে আক্ৰান্ত ৰোগীৰ সংখ্যা৷ প্ৰশাসনে কৰ’নাৰ সংক্ৰমণ হ্ৰাস কৰিবলৈ জাৰি কৰিছে নতুন SOP৷ কিন্তু এই ভয়াৱহ দিনতো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ লোকসকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সম্পাদন কৰি গৈছে নিজৰ কৰ্তব্য৷ নিজৰ জীউটো বুকুত বান্ধি কৰ’না বাতৰিকে ধৰি বিভিন্ন বাতৰি যোগান ধৰিছে বিভিন্ন অঞ্চললৈ গৈ৷ এইদায়িত্বশীল লোকসকলৰ কথা ভবাটো আমাৰ সকলোৰে দায়িত্ব৷ সেয়ে বন্ধন কৰ্তৃপক্ষ ওলাই আহিছে লোকসকলক কিছু সকাহ দিবলৈ৷ যোৱাবৰ্ষতো বন্ধনৰ তৰফৰ পৰা সংবাদ মাধ্যমৰ লোকসকলৈ বন্ধন বেংকে আগবঢ়াইছিল মাস্ক আৰু ছেনিটাইজাৰ৷ এইবাৰো কৰ’না মহামাৰী ভয়াৱহতালৈ চাই বন্ধন বেংকৰ তৰফৰ পৰা গুৱাহাটীত থকা অসমৰ প্ৰতিটো সংবাদ প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয়লৈ গৈ বেংকৰ হৈ বন্ধন বেংকৰ ছিনিয়ৰ মাৰ্কেটিং মেনেজাৰ অজয় কুমাৰ শীল আৰু সমাজকৰ্মী নিতুল শৰ্মাই মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে৷ বন্ধন কৰ্তৃপক্ষৰ এই মহানুভৱতাৰ শলাগ লয় সংবাদ মাধ্যমৰ লোকসকলে৷










