Breaking

নিউয়ৰ্কত জিলিকিল অসমীয়া ছবি ‘বৰষুণ’

0 2,054

ক’ৰণা মহামাৰীৰ মাজতেই অসম বাসীৰ বাবে এটা ভাল খবৰ। হললৈ অহাৰ পূর্বেই অহা ৪-১৩ জুনলৈ নিউয়ৰ্কত হবলগীয়া ‘নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত এখন অসমীয়া ছবিয়ে দুটাকৈ শিতানত মনোনয়ন লাভ কৰিছে। ‘নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত জিলিকিল ‘বৰষুণ’। শ্ৰেষ্ঠ অভিনেতাৰ লগতে শ্ৰেষ্ঠ পৰিচালকৰ মনোনয়ন লাভ। দ্বীপজ্যোতি কলিতাই শ্ৰেষ্ঠ অভিনেতাৰ শিতানত মনোনয়ন লাভ কৰাৰ লগতে কৃষ্ণ কান্ত বৰাই লাভ কৰিছে শ্ৰেষ্ঠ পৰিচালকৰ মনোনয়ন। সাজ এণ্টাৰটেইনমেণ্ট প্ৰযোটজিত আৰু কৃষ্ণ কান্ত বৰা পৰিচালিত ‘বৰষুণ’ (Song’s For Rain) ক লৈ এতিয়া বহু আশাবাদী অসমৰ জনতা।

      জানিব পৰা মতে, দীপজ্যোতি কলিতাৰ লগতে হৰিশ খান্না (গড অন দ্য বেলকনি), সিদ্ধার্থ মেনন (জুন), তন্ময় ধননীয়া (নজৰ বন্ধ) আৰু বিকাশ কুমাৰ (দ্য নট/উলজ্বন)ও শ্রেষ্ঠ অভিনেতাৰ মনোনয়ন লাভ কৰিছে৷

Leave A Reply