Home Blog Page 3048

তাহানিৰ আভিজাত্যৰ প্ৰতীক, আজি যেন নষ্টালজিয়া৷এসময়ৰ ভাৰতীয় ৰাজপথৰ সম্ৰাট আজি সকলোৰে বাবে অতিত

 চুবুৰীয়া কোনো এটা শিশুৱে যদি হাতৰ তলুৱাৰে বহুদিনৰ পৰা খামোচ মাৰি ধৰি থকা ধূলিৰ প্ৰলেপখিনি আতঁৰাই গ্লাছেৰে ভিতৰলৈ জুমি চাইছে,কোনোৱে আকৌ তাৰ বুকুত এ বি চি ডি-ক খ গ ঘ-১ ২ ৩ ৪ ৰ আখৰ লিখাৰ আখৰা চলাইছে ৷ বহুতে আকৌ তাৰ আঁৰ লৈ খেলিছে শৈশৱৰ লুকা-ভাকু,চোৰ-পুলিছৰ খেলা ৷ মুঠৰ ওপৰত তাৰ ওপৰেৰে পাৰ হৈ গৈছে ইটোৰ পিছত সিটোকৈ বহুত ফাগুন ৷ আগতে হোৱা হলে আপোনাৰ সন্মুখেৰে দৌৰি থাকিলহেতেঁন সি বীৰদৰ্পে ৷ যাক এসময়ত ৰাজকীয় মৰ্যাদা দিছিল গৰাকীয়ে,তালৈ এতিয়া কেৰাহিকৈয়ো নোচোৱা হ’ল কোনো এজন মানুহে ৷ তাৰ এতিয়া কেৱল এটাই মাঠো কাম- ৰ’দে, বৰষুণে এলাইবাদু হৈ গৰাকীৰ গেৰেজতে পৰি ৰোৱা ৷ মুঠৰ ওপৰত ই এতিয়া গৃহস্থৰ কাৰণে এক ডাঙৰ বুজা ৷ পেলাও বুলিও খালে-ডোঙে ক’তো সহজতে পেলাই দিবও নোৱাৰে কোনেও ৷ হয়,কৱলৈ লোৱা হৈছে হৈছে স্বৰাজোত্তৰ ভাৰতৰ একমাত্ৰ ৰাজকীয় বাহন,শ-শ কিলোমিটাৰ জোৰা পথ অতিক্ৰম কৰিবলৈ যোৱাৰ সময়ত সততে ব্যৱহাৰ কৰা,অতিকৈ আৰামদায়ক,আপোনাৰ মোৰ লগতে সহস্ৰজন যাত্ৰীৰ বহু স্মৃতিৰ সৈতে জড়িত “এম্বেছাডৰ”বা “টেক্সিৰ” কথাই ৷ অভিধানিক অৰ্থত “ৰাজদূত” বা “কটকী” এই এম্বেছাডৰ শব্দটো উচ্চাৰণ হ’লেই সকলোৰে মানসপটত ভাহিঁ উঠে হিন্দুস্থান মটৰ্ছ কোম্পানীৰ বেনাৰত নিৰ্মিত এম্বেছাডৰ গাড়ীখনৰ কথাই ৷ ভাৰতীয় পথৰএটা সময়ত “ভাৰতীয় ৰাজপথৰ ৰজা” নামেৰে পৰিচিত এম্বেছাডৰ গাড়ীখন হিন্দুস্থান মৰ্টছ কোম্পানীয়ে নিৰ্মাণ কৰি উলিয়াইছিল ১৯৫৮ চনত ৷ এই হিন্দুস্থান মৰ্টছ কোম্পানীয়ে নিৰ্মাণ কৰা আভিজাত্যৰ প্ৰতীক স্বৰূপ এম্বেছাডৰ গাড়ীৰ গৰাকী হব পৰাটোও এটা সময়ত অতিকৈ গৌৰৱৰ কথা আছিল ৷ সেই সময়ত এইখনে এম্বেছাডৰ গাড়ীয়েই একমাত্ৰ আভিজাত্যৰ প্ৰতীক আছিল সেইসকল নগৰ-চহৰত বসবাস কৰা গৰাকীৰ বাবে ৷ সময়ৰ সৈতে খোজ মিলাই হিন্দুস্থান মৰ্টছে কোম্পানীয়ে নিৰ্মাণ কৰা এম্বেছাডৰ গাড়ীয়ে লাহে লাহে ভাৰতীয় ৰাজপথৰ সম্ৰাট হৈ সংগ দিছিল শতসহস্ৰলোকক ৷ “মাৰ্ক-৪” ১৯৭৯-৯০,ন’ভা-১৯৯০-৯৯,ক্লাছিক-১৯৯৮-২০১০,এভ্ৰিগ’-২০০৪-১০,গ্ৰেণ্ড-২০০৩-১৩ আদি নতুন নতুন  মডেলেৰে বিশ্বৰ দ্বিতীয় বৃহৎ ভাৰতীয় বজাৰত জনতাৰ চাহিদা পুৰণ কৰা এম্বেছাডৰৰ এটা সময়ত হিন্দুস্থান মৰ্টছে ম’ৰিছ অক্সফ’ৰ্ড থ্ৰীৰ আৰ্হি গ্ৰহণ কৰি এম্বেছাডৰ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছিল ৷ ভাৰতীয় বজাৰলৈ মাৰুতি কোম্পানী নহালৈকে সকলো ঠিকেই আছিল ৷ তেতিয়াৰ সময়ত দেশৰ ৰজাৰ পৰা আৰম্ভ কৰি প্ৰজালৈকে সকলোৱে আৰামদায়ক যাত্ৰাৰ সোৱাদ লৈছিল কেৱল এম্বেছাডৰ গাড়ীত উঠি ৷ বিয়াগোম ৰাজনৈতিক নেতা,মন্ত্ৰী,আমোলা,প্ৰশাসনিক বিষয়া সকলোৰে প্ৰথম পছন্দ আছিল এই এম্বেছাডৰ গাড়ী ৷নিতৌ পৰিৱৰ্তন হোৱা মানুহৰ ৰুচিৰ ওপৰত ভিত্তি কৰি বিশ্বৰ দ্বিতীয় সৰ্ব্ববৃহৎ ভাৰতীয় বজাৰত দেশী-বিদেশী বহুতো কোম্পানীয়ে মেলি দিলে অত্যাধুনিক সা-সুবিধাযুক্ত চাৰিচকীয়া বিলাসী বাহন সমূহ ৷ অৱশেষত ২০১৪ চনৰ ১ এপ্ৰিলত হিন্দুস্থান মৰ্টছে হঠাতে বন্ধ কৰি দিলে এম্বেছাডৰ গাড়ীৰ নিৰ্মাণ ৷ কিয়নো,২০১১-১২ বিৰ্ত্তীয় বৰ্ষত মাত্ৰ ২৫০০ খন এম্বেছাডৰ গাড়ীহে বৃহৎ ভাৰতীয় বজাৰত বিক্ৰী কৰিবলৈ সক্ষম হোৱা হিন্দুস্থান মৰ্টছে সন্মুখীন হৈছিলি সেই বৰ্ষটোত প্ৰায়  ২৯৯.৬ মিলিয়ন টকাৰ লোকচানৰ ৷ তাৰ পিছতো যেনিবা পঞ্চাশ-ষাঠী খন এম্বেছাডৰ গাড়ী মানুহে কিনিকা নহয় ৷ কিন্ত সেইয়া আজিৰ প্ৰতিযোগিতা পৃথিৱীখনৰ বজাৰৰ বাবে তেনেই নগন্য ৷বহু লোকে আকৌ তাহানিৰ আৰাম দায়ক বাহন,দুৰনিবতীয়া যাত্ৰাৰ বাবে অতিকৈ সুৰক্ষিত বাহন এম্বেছাডৰ পৰিত্যাগ কৰি এতিয়া মাশ্বিৰ্ডিজ, ই’নভা,স্কৰপি’অ,ফৰচুনাৰ,স্কভা,হুণ্ডা,চিটী,ৱাগনাৰ,এছেন্ট,এস্ক ইউ ভি,ক্ৰেটা,হুণ্ডাই এল্কাইজাৰ-মহিন্দা এস্কইউভি-ফৰ্ড-স্কাডা-অ’ডি-টাটা ইণ্ডিকা-বিএমডাব্লিও-ৰেনল্ড-মাৰুতি এল’ট্ৰ-ড্ৰাষ্টাৰ-ক্ৰিয়া চ’নেট-হুণ্ডা জাজ-ৰেঞ্জ ৰ’ভাৰআদিলৈ ঢাপলি মেলিলে আৰু গেৰেজত বা ঘৰৰ চোতালৰ এচুকত ধুলি-মাকতিৰ বুকুত এৰি দিলে পুৰণি এম্বেছাডৰ খন ৷ কিন্ত,তাৰ মাজতে আকৌ বহু লোকৰ বাবে এতিয়াও মৰমৰ এম্বেছাডৰ খন আৰামদায়ক আৰু সুৰক্ষিত ভ্ৰমণ সংগী হৈয়ে আছে ৷ উল্লেখ্য যে চহৰ নগৰৰ পিছত এতিয়া গ্ৰামাঞ্চল সমূহলৈও বহু পৰিৰ্ৱতন আহিছে ৷ পূৰ্বতে নগাঁৱৰ বহু গ্ৰামাঞ্চলৰ একো একোজন চৰকাৰী বিষয়া-অভিযন্ত্ৰা-অধ্যাপক-অধ্যক্ষ আদি সকলৰ ঘৰত আভিজাত্যৰ প্ৰতীক ৰূপে একোখন এম্বেছাডৰ আছিল ৷ কিন্ত,এতিয়া তাহানিৰ এইসকল লোকৰ গৃহত দেখিবলৈ নাই আভিজাত্যৰ প্ৰতীক সেই নষ্টালজিয়া ভৰা ভ্ৰমণৰ সাক্ষী মৰমৰ এম্বেছাডৰ খন ৷ নগাঁৱৰ অৰ্জুনতল কাটনীগাঁৱৰ গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-অভিযন্ত্ৰা কিনাৰাম শইকীয়াৰ গৃহত ক’লা ৰঙৰ তিনিটা সংখ্যাৰে পঞ্জীয়নভুক্ত এখন এম্বেছাডৰ আছিল ৷ বহুদিন এম্বেছাডৰ খন গেৰেজতে পৰি আছিল ৷ কিন্ত বিকল হৈ পৰি থকা নাছিল ৷ অত্যাধীক মৰমৰ মাজেৰে কিনাৰাম শইকীয়াৰ পৰিয়ালটোবে ঘৰতে এম্বেছাডৰখন ৰাখিছিল যদিও মাজে- সময়ে তথা দুই তিনিদিনৰ মুৰে মুৰে নিজে ষ্টাৰ্ট দি ইঞ্জিনটো পৰিস্কাৰ কৰি ৰখোবা ওপৰি চুতালতে ইফাল সিফাল কৰি ৰাখিছিল এম্বেছাডৰখন ৷ অৱশ্যে সময়ৰ সোঁতত সকলো সলনি হোবাৰ লেখীয়াকৈ আৰু ঘৰত এম্বেছাডৰখন ৰখাবলৈ ঠাইৰ অভাৱৰ বাবে আজি চাৰিবছৰ মানৰ আগতে মাত্ৰ কেইবাহাজাৰ টকাৰ বিনিময়ত এজন গাড়ী চালকক বিক্ৰী কৰিলে সেই এম্বেছাডৰ খন ৷ আনহতে,টাউন-মৰিকলং নিৱাসী এসময়ৰ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বহুবছৰ ধৰি সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰা প্ৰয়াত কমল চন্দ্ৰ বৰাৰ গৃহতো মাত্ৰ তিনিটা সংখ্যাৰে পঞ্জীয়নভুক্ত এখন ৰঙীন এম্বেছাডৰ আছিল যদিও বৰ্তমান সময়ৰ গতীত সেইখনো বিক্ৰী কৰিব লগাত পৰিল প্ৰয়াত কমল চন্দ্ৰ বৰাৰ পৰিয়ালবৰ্গ ৷ বহুলোকে তেওঁলোকৰ মৰমৰ এম্বেছাডৰখন গেৰেজত ধুলি মাকতিৰ বুকুত পেলাই থ’লেও এচাম লোকে কিন্ত,ৰাজপথলৈ এম্বেছাডৰ খন উলিয়াই নিনিলেও আটোমটোকাৰীকৈ সাঁচি ৰাখিছিল আপোন গাড়ী খন মৰমতে ৷ চুবুৰীৰ কোনো শিশুয়ে যাতে এম্বেছাডৰখনৰ আইনাত ক খ গ ঘ আৰু এ বি চি ডি ১ ২ ৩ ৪ৰ আখৰা চলাব নোবাৰে,তাৰ প্ৰতি সচেতন হৈ ঢাকি ৰাখিছে এসময়ৰ ৰাজপথৰ সম্ৰাট এম্বেছাডৰ গাড়ীখন ৷ এতিয়া আৰু সেই তাহানিৰ আভিজাত্যৰ প্ৰতীক এম্বেছাডৰ আজিৰ একৈশ শতিকাত মানুহে নিকিনে ৷ যি কেইখন বৰ্তমানে আছে সেইয়া হয়তো কাৰোবাৰ চুতালত ফুলদানি থোবা পাত্ৰ হৈও পৰি আছে ৷ যদি কেতিয়াবা কোনোবাই ৰাজপথত এখন এম্বেছাডৰ চলাই তেতিয়া সকলোৱে জুমিজুমি চাইহে ৷ এতিয়া যেন তাহানিৰ সেই এম্বেছাডৰ সকলোৰে বাবে এক নষ্টালজিয়া মাথোঁ ৷ আকৌ ঘুৰি আহিবনে তাহানিৰ আভিজাত্যৰ প্ৰতীকৰূপী আৰাম দায়ক তথা সুৰক্ষাৰ বাহন নামেৰে সৰ্ব্বজন পৰিচিত   হিন্দুস্থান মটৰ্ছ কোম্পানীৰ বেনাৰত নিৰ্মিত এম্বেছাডৰৰ সেই সোনালী দিনবোৰৰ কথা ৷

পৰ্যতকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ৰাইনো ইকো ৰিজৰ্ট:জিপলাইনিং,কামাণ্ড নেট , বাৰ্মা ব্ৰিজৰ লগতে আছে দুঃসাহসীক ক্ৰীড়াৰ অনেক সুবিধা

ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ খৈৰানীত নতুনকৈ শুভাৰম্ভণি কৰা ৰাইনো ইকো ৰিজৰ্টে এতিয়া ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।ভাৰত ভূটান সীমান্তৰ পাহাৰীয়া অঞ্চলত অৱস্থিত হোৱা হেতুকে প্ৰাকৃতিক পৰিৱেশৰ মাজত কিছু সময় কটোৱাৰ বাবে বিভিন্ন অঞ্চলৰ পৰা প্ৰকৃতিপ্ৰেমীৰ লগতে বহুতো পৰ্যতকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই ৰিজৰ্ট খন।দুজন যুৱ ব্যৱসায়ীৰ প্ৰচেষ্টাত কেইবাটাও চাংঘৰ আৰু বিভিন্ন প্ৰকাৰ গছ‌ লতিকা আৰু বহু প্ৰজাতিৰ ফুলেৰে সু সজ্জিত ৰাইনো ৰিজৰ্টত কৰ্ম সংস্হাপন লাভ কৰিছে প্ৰায় পঞ্চাশ গৰাকীকৈ উদীয়মান যুৱক যুৱতীয়ে। যদিও ভাৰতৰ ভূটান সীমান্তৰ অঞ্চল বোৰৰ পূৰ্বৰে পৰা যাতায়তৰ সু-ব্যৱস্থা নাই তথাপি ইয়াৰ পৰিবেশ আৰু জলবায়ু শীতল আৰু শুদ্ধসেয়ে ইয়ালৈ সোট বয় বিভিন্ন শ্ৰেণীৰ ৰাইজৰ। কেঁচা ছাহ পাতৰ আমোল মোলাই থকা গোন্ধৰ মাজত প্ৰকৃতিপ্ৰেমী সকলে ইয়াত বিচাৰি পায় মনৰ শান্তি। ৰাইনো ইকো ৰিজৰ্টত উপলব্ধ হৈছে বিভিন্ন সা সুবিধা। শিশু সকলৰ মাজত সমাদৰ লাভ কৰা বিভিন্ন উৎকৰ্ষ সাধনৰ প্ৰক্ৰিয়াৰ লগতে জিপলাইনিং,কামাণ্ডু নেট , বাৰ্মা ব্ৰিজৰ লগতে আছে এডভেনজাৰৰ অনেক সুবিধা। আনফালে দূৰৰ পৰা অহা পৰ্যটকৰ বাবে আছে ৰাতি থাকিব পৰাকৈ সু ব্যৱস্থা। এনে ধৰণেই অতিকৈ পিছপৰা অঞ্চলৰ পৰাই জনপ্ৰিয়তা অৰ্জন কৰি আগবাঢ়ি গৈছে ৰাইনো ইকো ৰিজৰ্ট। জ্যোতি কুমাৰ গয়াৰী আৰু অজিত বসুমতাৰীয়ে নতুন উদ্যম আৰু নতুন চিন্তাৰে মুকলি কৰা ৰিজৰ্ট খন বৰ্তমান সময়ত সমাদৰ লাভ কৰিছে নৱ প্ৰজন্মৰ মাজত। প্ৰকৃতিৰ এটা সুন্দৰ পৰিবেশৰ মাজত অৱস্থিত ৰিজৰ্ট খনত আছে ভোজনালয়, ৰাতি থকাৰ বাবে আছে জুপুৰি ঘৰ, তম্বু আৰু লগতে বিভিন্ন দুঃসাহসী মুলক কাৰ্যকলাপৰ সুবিধা। জ্যোতি আৰু অজিতৰ প্ৰচেষ্টাত মুকলি কৰা ৰিজৰ্ট খনত বৰ্তমান ৪৫ জনকৈ কৰ্মচাৰী কৰ্মৰত হৈ আছে। কৰোণাৰ সন্ত্ৰাসৰ বাবে বৰ্তমান সময়ত বহি ৰাজ্য আৰু বহি জিলাৰ পৰা পৰ্যতক আহিব পৰা নাই যদিও ওচৰৰ অঞ্চলৰ ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছে ৰাইনো ইকো ৰিজৰ্ট। ৭ মাহৰ ভিতৰত গঢ় লৈ উঠা ৰিজৰ্ট খনত আছে বহুতো দুঃসাহসী মুলক কাৰ্যকলাপৰ ব্যবস্থা। জিপলাইনিং, কামাণ্ড নেট, বাৰ্মা ব্ৰিজ, পেদেলিং, চাইকেলিং আদি দুঃসাহসী মুলক কাৰ্যকলাপৰ ওপৰিও প্ৰায় ১৫০ বিঘাৰ পাহাৰীয়া অঞ্চলত ট্ৰেকিঙৰ সুবিধা আছে ৰাইনো ইকো ৰিজৰ্টৰ ভিতৰত।

ৰেঞ্জাৰ ভূপেন চন্দ্ৰ দাসৰ চোৰাং কাঠ বেপাৰীৰ গোপন বুজাবুজিত মোক্ষম আঘাত,নগৰবেৰাত ডি, এফ, অ ৰঞ্জিত কোঁৱৰে জব্দ কৰিলে বৃহৎ পৰিমাণৰ চোৰাং কাঠ

কামৰূপ জিলাৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন ঠাইত ৰেঞ্জাৰ ভূপেন চন্দ্ৰ দাসৰ ছত্ৰছায়াত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন  হোৱাৰ মাজতে সোমবাৰে জামলাইৰ পৰা স্বয়ং নৱ নিযুক্ত ডি এফ অ ৰঞ্জিত কোৱৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়। ডি এফ অ ৰঞ্জিত কোঁৱৰে নগৰবেৰালৈ কিবা কামত আহি থকা অৱস্থাত জামলাই পকী দলঙৰ ওপৰেদি তিনিটা অৱৈধ চোৰাং কাঠ ভৰ্তি ঘোঁৰাৰ গাড়ী নগৰবেৰা অভিমুখে আহি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। পিছত ডি এফ অ গৰাকীয়ে নিজৰ গাড়ী ৰখাই চোৰাং কাঠ ভৰ্তি ঘোঁৰাৰ গাড়ী তিনি খন জব্দ কৰি নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত খৱৰ দিয়াত ঘটনাস্থলীত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ এদল বন কৰ্মী উপস্থিত হৈ  গাড়ী সহ চোৰাং কাঠ খিনি নগৰবেৰা ৰেঞ্জা অফিচলৈ আনে। জব্দকৃত চোৰাং কাঠ খিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় লক্ষ্যধিক টকা হব বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে, নগৰবেৰা ৰেঞ্জাৰ ভূপেন চন্দ্ৰ দাসৰ ছত্ৰছায়াতে নগৰবেৰা ৰেঞ্জৰ বিভিন্ন এলেকাত লাখ লাখ টকাৰ চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ লগতে অৱৈধ শিল আৰু বালিৰ মুক্ত ব্যৱসায় চলি থকাৰ গুৰুতৰ অভিযোগ উঠিছে ।মাহেকীয়া কমিছন খাই ৰেঞ্জাৰ ভূপেন চন্দ্ৰ দাসে চোৰাং বেপাৰী সকলক এনে অৱৈধ ব্যৱসায় চলাই থকাৰ অঘোষিত লাইচেঞ্চ দিয়াৰ অভিযোগ উঠিছে।

এন এইচ পি চিয়ে দ্ৰুত গতিত বৃদ্ধি কৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যাঃ ক’ভিড পৰিস্থিতি জটিল হোৱাৰ পিছতো অবিৰাম গতিত এন এইচ পি চিয়ে নিৰ্মাণ চলাই আছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পঃ

ধেমাজি জিলাৰ গোগামুখত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ৷ গোগামুখ ব্লক প্ৰাথমিক চিকিৎসালয়ৰ অধীনত ক’ভিড পৰীক্ষাৰ অন্তত ধৰা পৰা   ক’ভিড পজিটিভৰ সংখ্যা বৰ্তমানলৈকে ২৬৮ গৰাকী ৷ ইয়াৰে কেৱল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাতা সংস্হা এন এইচ পি চি মূল কলনি আৰু এন এইচ পি চিৰ অধীনত কাম কৰা পাটেল ইঞ্জিনীয়াৰিং, জি ই ইঞ্জিনীয়াৰিং,  পি ই এছ ইঞ্জিনীয়াৰিঙত কৰ্মৰত বিষয়া-কৰ্মচাৰী, শ্ৰমিকৰ সংখ্যাই হৈছে ১১৩ গৰাকী ৷  প্ৰায় প্ৰতিদিনেই এন এইচ পি চি আৰু এন এইচ পি চিৰ অধীনত কাম কৰা নিৰ্মাতা সংস্হাবোৰৰ পৰা ক’ভিড-১৯ ত আক্ৰান্ত লোক ওলাই আছে যদিও এন এইচ পি চিৰ লগতে এন এইচ পি চিৰ অধীনত কাম কৰা নিৰ্মাতা সংস্হাবোৰে প্ৰকল্প নিৰ্মাণৰ কাম বন্ধ কৰা নাই ৷ বৰং দ্ৰুত তথা অবিৰাম  গতিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম চলাই আছে ৷ জানিব পৰা মতে প্ৰকল্পটোৰ নিৰ্মাণৰত নিৰ্মাতা সংস্হা সমূহত এতিয়াও  বিভিন্ন বিষয়া-কৰ্মচাৰীৰ লগতে অসম-অৰুণাচল প্ৰদেশৰ ৫-৬ হাজাৰ  শ্ৰমিকে কাম কৰি আছে ৷ ইয়াৰে অধিকাংশ শ্ৰমিক ধেমাজি জিলাৰ বৃহত্তৰ গোগামুখ অঞ্চলৰ ৷ এন এইচ পি চি আৰু এন এইচ পি চিৰ উচ্চ পদস্থ বিষয়া-কৰ্মচাৰী সকলে ক’ভিড প্ৰট’কল মানি প্ৰকল্পৰ  কাম কৰি আছে যদিও শ্ৰমিক সকলক কোনো ক’ভিড প্ৰট’কল মানিবলৈ দিয়া নাই ৷ ফলত প্ৰকল্পস্থলীত কৰ্মৰত শ্ৰমিকৰ মাজত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা ৷ আনকি অসম চৰকাৰে জাৰি কৰা ক’ভিড বিধিও উলংঘা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এন এইচ পি চি আৰু এন এইচ পিচি অধীনৰ নিৰ্মাতা সংস্হা সমূহে ৷ ইয়াৰ বিপৰীতে গোগামুখত দ্ৰুত গতিত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে গ্ৰামাঞ্চললৈও এই সংক্ৰমণ বিয়পি পৰিছে ৷ উল্লেখনীয় যে, পাটেল ইঞ্জিনীয়াৰিং, জি ই ইঞ্জিনীয়াৰিং আৰু  পি ই এছ ইঞ্জিনীয়াৰিং হৈছে এন এইচ পি চিৰ অধীনত নতুনকৈ যোগদান কৰা নিৰ্মাতা সংস্হা  আৰু আটাইবোৰ নিৰ্মাতা সংস্হা অসমৰ বাহিৰৰ ৷ এই নিৰ্মাতা সংস্হা সমূহে অধিকাংশ নিৰ্মাণ সামগ্ৰী নতুনকৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প স্থলী গেৰুকামুখলৈ আমদানি কৰাৰ লগতে নিৰ্মাতা সংস্হা সমূহৰ বিষয়া-কৰ্মচাৰী আৰু অভিযন্তা সকলেো গেৰুকামুখলৈ নতুনকৈ আগমণ ঘটিছে ৷ এই বিষয়া-কৰ্মচাৰী সকলৰ পৰাই এন এইচ পিচৰ চৌদিশে ক’ভিড-১৯ সংক্ৰমিত হোৱাৰ আশংকা কৰাৰ বিপৰীতে এই বিষয়া-কৰ্মচাৰী সকলৰ সংস্পৰ্শলৈ অহাৰ পিছতে স্থানীয় শ্ৰমিক সকললৈ ক’ভিড-১৯ সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে ৷  আমাৰ হাতত থকা তথ্যও এই কথা অধিক গাঢ় কৰিছে  আৰু এন এইচ পি চি আৰু ইয়াৰ অধীনস্থ নিৰ্মাতা সংস্হাবোৰে মানৱীয় প্ৰমূল্যবোধ গুৰুত্ব নিদি শ্ৰমিক সকলক ধন অৰ্জনৰ যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷  ইপিনে গোগামুখ ব্লক প্ৰাথমিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেন্টাৰৰ জ’নাল বিষয়া ডাঃ প্ৰফুল্ল ছায়েঙ্গীয়া আৰু আৰু সহকাৰী জ’নাল বিষয়া জ্যোতি প্ৰসাদ দলেয়ে জনোৱা মতে গোগামুখ ব্লক প্ৰাথমিক চিকিৎসালয়ৰ অধীনৰ ক’ভিড পৰীক্ষাত এতিয়ালৈকে মুঠ ২৬৮ গৰাকী পজিটিভ পোৱা গৈছে ৷ তাৰে এন এইচ পি চিৰ মূল কলনিৰ মুঠ ৩০ গৰাকী ক’ভিড পজিটিভ ধৰা পৰাৰ বিপৰীতে লেপ্ট বেংকৰ অৰ্থাৎ এন এইচ পি চিৰ অধীনৰ নিৰ্মাতা সংস্হা সমূহে কাম কৰা স্থলিত মুঠ ৮৩ গৰাকী লোক ক’ভিড পজিটিভ ধৰা পৰিছে ৷ বাকীবোৰ আক্ৰান্ত  গোগামুখৰ বিভিন্ন গাঁৱৰ হোৱাৰ বিপৰীতে লখিমপুৰ জিলাৰ বিভিন্ন গাঁৱৰ লোকো আছেে বুলি জানিবলৈ দিছে ৷ আনপিনে গোগামুখ তাজিক নেপালী গাঁৱত ক’ভিড-১৯ সংক্ৰমণ বৃদ্ধি পোৱাত গাঁওখনক প্ৰশাসনৰ ফালৰ পৰা মিনি কন্টেইন্টমেন জ’ন ঘোষণা কৰা হৈছে ৷ গাঁওখনত ১৫ জনৰো অধিক লোকৰ দেহত মাৰাত্মক কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷

ReplyForward

গণিতৰ জগতত এটি নতুন সুত্ৰৰ সংযোজন বৰপেটাৰ গণিতজ্ঞ নৌচাদ আলীৰ ।পাটিগণিত আৰু জ্যামিতিৰ ওপৰতো তত্ব উদ্ভাৱন।শীঘ্ৰেই প্ৰকাশ পাব গ্ৰন্থ।

গণিতৰ জগতত আন এক নতুন সুত্ৰৰ সংযোজন কৰি বিশ্বৰ ভিতৰতে প্ৰথম সূত্ৰ উদ্ভাৱনৰ দাবী কৰিছে বৰপেটাৰ গণিতজ্ঞ নৌচাদ আলীয়ে । ২০১৭ বৰ্ষতে উদ্ভাৱন কৰা এই সুত্ৰটো সবিস্তাৰে প্ৰমাণ কৰি অলপতে এখন গ্ৰন্থও উলিয়াইছে। এই গ্ৰন্থখন অচিৰেই প্ৰকাশ পাব। এই গ্ৰন্থখনত তেওঁৰ উদ্ভাৱিত সুত্ৰৰ যোগেৰে সপ্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰমত থকা জটিল সুত্ৰৰ সহজ আৰু বাস্তৱধৰ্মী ৰূপ দিছে বুলি জানিবলৈ পোৱা গৈছে। পাটিগণিত আৰু জ্যামিতিৰ ওপৰতো তত্ব উদ্ভাৱন কৰি ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা পাটিগণিত আৰু জ্যামিতিত অনেক ভুল থকাৰ কয় । পাঠ্যপুথি প্ৰস্তুতিত বিষয় জ্ঞান নথকা গণিতজ্ঞ জড়িত থকাৰ অভিযোগ তুলি গণিতজ্ঞ নৌচাদ আলীয়ে প্ৰমাণ হিচাপে অষ্টম শ্ৰেণীৰ গণিতৰ পাঠ্যপুথিৰ অধ্যায় ৮ত থকা পৰিমাণৰ তুলনা আৰু অধ্যায় ১১ ত জ্যামিতিৰ লেখকৰ কথা দাঙি ধৰে। । তেওঁৰ মৌলিক সংখ্যা নিৰ্ণয়ৰ সুত্ৰমতে যদি এটা বাস্তৱিক সংখ্যা n>1, 2n_2 ৰ উৎপাদক হয় তেন্তে n এটা মৌলিক সংখ্যা হয়। পূৰ্বব মতে, যদিহে কোনো এটা সংখ্যাৰ মাত্ৰ দুটাহে উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে হয়, তেন্তে সেই সংখ্যাাটো মৌলিক সংখ্যা হয়। তেওঁৰ মতে এতিয়াালৈকে মৌলিক সংখ্যা নিৰ্ণয়ৰ কোনো সুত্ৰ এতিয়ালৈকে উলিওৱা হোৱা নাই। গণিতৰ জগতত এইটোৱে প্ৰথম সুত্ৰ যাৰ জড়িয়তে মৌলিক সংখ্যা নিৰ্ণয় কৰিব পৰা যায়। এই সু্ত্ৰ সম্বলিত এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে যিখনে আনুষ্ঠানিকভাৱে অলপতে উন্মোচন হব । ইয়াকে লৈ চৌদিশে আলোড়ন সৃষ্টি হৈছে। গণিতজ্ঞ নৌচাদ আলীৰ নতুন সুত্ৰ প্ৰকাশে শিক্ষাৰ্থীক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে। এই সুত্ৰৰ মাধ্যমত ছাত্ৰ ছাত্ৰী, গণিতজ্ঞৰ বহু ভুলৰ সংশোধন হব বুলিও আত্মবিশ্বাস তেওঁৰ। বিগত ৪০ বছৰৰ সাধনাৰ ফলত এই সুত্ৰ আবিস্কাৰ কৰা সম্ভৱ হৈছে বুলি কয়। বৰপেটাৰ সৰ্থেবাৰীৰ অন্তৰ্গত চতলা গাওঁৰ চিন্তাবিদ তথা গণিতজ্ঞ নৌচাদ আলীৰ এই সুত্ৰৰ উদ্ভাৱনে ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত। মৌলিক সংখ্যা নিৰ্ণয়ৰ ওপৰত উদ্ভাৱন কৰা এই সুত্ৰটোৱে গণিতৰ জগতত তোলপাৰ লগাইছে। এই সুত্ৰটোৱে ছাত্ৰ ছাত্ৰীৰ সময় ৰাহি কৰোৱাৰ লগতে বৌদ্ধিক বিকাশত সহায় কৰাৰ লগতে এক বিপ্লৱৰ সূচনা কৰিব বুলি বৰপেটাৰ ভেল্লাৰ সাংবাদিক আজিজুল হক আগত মতপোষণ কৰে গণিতজ্ঞ নৌচাদ আলীয়ে। । দেশৰ গণিতজ্ঞসকলোক এই সুত্ৰটো ভালকৈ গবেষণা কৰাৰ লগতে সকলোকে এই সুত্ৰটো আদৰি লবলৈ আহ্বান জনায় তেওঁ। যদি তেওঁৰ এই সুত্ৰটো শুদ্ধ হয় তেন্তে গণিতৰ জগতত তেওঁৰ লগতে অসমৰ নাম উজলি থাকিব বুলি ৰাইজে আশাব্যক্ত কৰে। উল্লেখযোগ্য যে যি সময়ত ৰাজনীতি, সমাজনীতি আদিত সাধাৰণ ৰাইজ ব্যতিব্যস্ত হৈ পৰিছে সেই সময়তে এইগৰাকী বিৰল প্ৰতিভাই মগ্ন হৈ পৰিছে গণিতৰ নতুন নতুন তথ্য আৱিষ্কাৰ কৰাত। গণিতৰ নতুন নতুন সুত্ৰ আবিস্কাৰ কৰি কি দৰে ছাত্ৰ ছাত্ৰীক উপকৃত কৰিব পাৰি তাৰ চিন্তাত নিমগ্ন হৈ আছে এই গৰাকী গণিতজ্ঞই। দীৰ্ঘদিনীয়া গভীৰ চিন্তা, সাধনা তথা গৱেষণা কৰি তেওঁ অৱশেষত সফল হোৱাৰ দিশত । যিটোৰ জৰিয়তে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ লগতে গণিতজ্ঞসকলো উপকৃত হোৱাৰ সম্ভাৱনা প্ৰকট। গণিতজ্ঞ নৌচাদ আলীৰ এই অৱদানে গণিতৰ জগতত কেনে ধৰণৰ বিপ্লৱ আনে সেইয়া লক্ষণীয় হব। 

ৰাঙ্গাপানীত কাঠৰ দলং নিৰ্মাণত পঞ্চায়ত প্ৰতিনিধিৰ ব্যাপক দুৰ্নীতি, তদন্তৰ দাবীত উত্তাল প্ৰতিবাদ

কৰোণাৰ ভয়াবহতাৰ মাজতেই নগৰবেৰাৰ ৰাঙ্গাপানীত কভিড প্ৰট’কল মানি পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজে সাৱস্ত্য কৰিলে তীব্ৰ প্ৰতিবাদ। ছমৰীয়া উন্নয়ন খণ্ডৰ অধীনস্থ নগৰবেৰাৰ  ৰাঙ্গাপানীত এখন ফুটব্ৰীজ নিৰ্মানৰ কামত পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত অভিযোগ মৰ্মে ৪৬ নং ৰাঙ্গাপানী গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় বৰ্ষৰ ধনেৰে  ৯,২৯,০৮৮/- টকাৰ এখন কাঠৰ ফুট ব্ৰীজ আৱন্টন কৰা হৈছিল যদিও  পঞ্চায়ত সভানেত্ৰীৰ তত্বাৱধানত ৯ নং ৱাৰ্ডৰ সদস্যা জেচমিনাৰ স্বামী মিজানুৰে পালমৰাকৈ কোনোমতে  ৩ লাখ টকা মান ব্যয় কৰি ফুটব্ৰীজ’ নিৰ্মাণ কৰি বাকী সমূদায় ধন উদৰস্থ কৰে। আনহাতে পত্নীৰ পদবীৰ বলত খামিডাঠ মিজানুৰে ৱাৰ্ডৰ প্ৰতিটো কামতে দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰো  অভিযোগ। নিম্ন মানৰ ফুটব্ৰীজ নিৰ্মাণ কৰাৰ বাবে  ৰাইজে পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে। “দলংৰ কামৰ দুৰ্নীতি বন্ধ কৰক, ৱাৰ্ড মেম্বাৰ জেচমিনা হায়- হায়, ৱাৰ্ড মেম্বাৰৰ স্বামী মিজানুৰৰ মইমতালি নচলিব, দলংৰ দুৰ্নীতিৰ তদন্ত লাগিবই” আদি শ্ল’গানেৰে প্ৰতিবাদকাৰীয়ে পৰিবেশ মুখৰিত কৰি তোলে। দলং নিৰ্মাণত সংঘটিত হোৱা দুৰ্ণীতিৰ তদন্ত কৰি দোষীক শাস্তিৰ দাবী জনালে স্থানীয় সচেতন ৰাইজে। প্ৰশ্ন হয় ,নৱগঠিত চৰকাৰৰ পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগে ৰাইজৰ এনে প্ৰতিবাদৰ ভিত্তিত উল্লেখিত দুৰ্নীতিৰ তদন্তৰ দিহা কৰিবনে ?

ধল পানীয়ে দুখন বাঁহৰ সাঁকো বুৰাই পেলোৱাত ব্যাহত দক্ষিণ বৰপেটা-নগৰবেৰাৰ যাতায়াত

যোৱা তিনি চাৰি দিন ধৰি হোৱা  বৰষুণৰ পানীত সৃষ্টি হোৱা ধলে বৰপেটা জিলাৰ বাঘবৰ আৰু চেঙা সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ কেইবাটাও বাঁহৰ সাঁকো বুৰ যোৱাৰ লগতে দক্ষিণ বৰপেটা-নগৰবেৰা সংযোগী দুখন বৃহৎ বাঁহৰ সাঁকো উটুৱাই নিয়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা। ব্ৰহ্মপুত্ৰ-জলজলি সংযোগী নদীত আকস্মিক ভাৱে জলস্তৰ বৃদ্ধি পোৱাত দক্ষিণ বৰপেটাৰ অৰ্ধ লক্ষাধিক লোক যাতায়াতৰ ক্ষেত্ৰত অভাৱনীয় সমস্যাৰ সন্মুখীন হব লগীয়া হৈছে। ধল পানীয়ে দক্ষিণ বৰপেটা-নগৰবেৰা সংযোগী দুখন বৃহৎ বাঁহৰ সাঁকো উটুৱাই নিয়াত একাংশ যাত্ৰীয়ে নাৱেৰে যাতায়াত অব্যাহত ৰাখিলেও বাইক আৰোহী শ শ যাত্ৰীয়ে দুই তিনি ঘন্টালৈকে অপেক্ষা কৰিব লগীয়া হৈছে। সৰ্বসাধাৰণ যাত্ৰী সকলে ঘন্টাৰ পিছত ঘন্টা অপেক্ষা কৰি কোনোমতে পাৰাপাৰ হব পাৰিছে যদিও সমস্যাত পৰিছে ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ জৰুৰীকালীন সেৱাত নিয়োজিত লোক সকলে। আহুকালৰ সন্মুখীন হোৱা একাংশ যাত্ৰীয়ে উপায়ন্তৰ হৈ এবুকু পানী ভাঙি কোনোমতে পাৰ হোৱাও পৰিলক্ষিত হৈছে। নগৰবেৰা-দক্ষিণ বৰপেটা সংযোগী দুয়োখন বাঁহৰ সাঁকো ধল পানীয়ে উটুৱাই নিয়াত যাতায়াত ব্যাহত হৈ পৰাত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে দুয়োটা অঞ্চলৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে চৰ-চাপৰি অঞ্চলৰ কৃষক সকলে । ক্ষুদ্ৰ ব্যৱসায়ী সকলে অতিৰিক্ত ব্যয় বহন কৰি সামগ্ৰী পাৰ কৰিবলগীয়া হোৱাত কৰোনা কালৰ এই জটিল সময়তো অনিচ্ছাকৃতভাৱে হলেও অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আংশিক পৰিমানে হলেও বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। তদুপৰি বিগত দুটা দিনত চৰ-চাপৰিত উৎপাদিত কৃষিজাত সামগ্ৰীৰ লগতে পাচলি সমুহ নগৰবেৰালৈ অনাত ভীষণ সমস্যাত পৰিছে। বৰপেটাৰ চৰাঞ্চলত উৎপাদিত পাচলিৰ অধিকাংশই নগৰবেৰাত পাইকাৰী আৰু খুচুৰা ভাৱে বিক্ৰী কৰা হয় যদিও সম্প্ৰতি যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰাত পাচলি উৎপাদক সকলে পাচলি সমুহ বিক্ৰীৰ বাবে নগৰবেৰালৈ আনিবলৈ সক্ষম হোৱা নাই। ধল পানীয়ে দুখনকৈ বাঁহৰ সাঁকো উটুৱাই নিয়াত যাতায়াতৰ ক্ষেত্ৰত দক্ষিণ বৰপেটাৰ অৰ্ধ লক্ষাধিক লোক সৰ্বস্তৰত হাহাকাৰ কৰিব লগীয়া হৈছে। অঞ্চলটোৰ ব্যাহত হৈ পৰা যাতায়াত ব্যৱস্থা সুচল কৰিবলৈ ৰাইজে জিলা প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । ৰাাইজৰ এনে সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষণীয় ।

মাৰ্ঘেৰিটাত ড্ৰাগছৰ ৰমৰমীয়া বেহাৰৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

সমগ্ৰ তিনিচুকীয়া জিলাখনতে ড্ৰাগছৰ অবাধ প্ৰচলনে উঠি অহা নৱ প্ৰজন্মক ধ্বংস মূখলৈ লৈ গৈছে|দেওবাৰে মাৰ্ঘেৰিটাৰ লিডুত ড্ৰাগছৰ বাবেই  সংঘটিত হৈছে এক জঘন্য কাণ্ড |ড্ৰাগছ আসক্ত  নিজ পুত্ৰৰ  হাততে শাৰিৰীক ভাবে  আক্ৰমণৰ বলি হব লগা হৈছে বৃদ্ধা মাতৃ | ইয়াৰ পিছতো কিন্তু আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ উত্থাপিত হৈছে| ড্ৰাগছ ব্যৱসায়ীসকলে  সান্ধ্য আইনৰ সুযোগ লৈ ড্ৰাগছ সৰবৰাহ কৰা গুৰুতৰ অভিযোগ তিনিচুকীয়া জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ| জিলাখনত অবাধ গতিত প্ৰচলন হৈ থকা ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাৱী জনাইছে|

কোৰোণা ৰোগীৰ বাবে অক্সিজেন, ঔষধ, খাদ্য সামগ্ৰী যোগান ধৰিব অসম জাতীয় পৰিষদে

ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোৰোণা মহামাৰীয়ে। কোৰোণাৰ ভয়াৱহ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰক সাদ্য অনুসৰি সদায় কৰিছে সকলোৱে। তাৰ মাজতে সোমবাৰে অসম জাতীয় পৰিষদৰ নেতৃত্বই সংবাদমেল সম্বোধন কৰি, কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। কোৰোণাত আক্ৰান্ত ৰোগীৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে আঞ্চলিক ৰাজনৈতিক দলটো।কোৰোনাৰ কালত চৰকাৰে কেনেদৰে সহায় কৰিব,তাৰ পৰিকল্পনা কৰিছে অসম জাতীয় পৰিষদে। সেইদৰে  কোভিড আক্ৰান্ত ৰোগীক সহায়ৰ বাবেও পৰিকল্পনা কৰিছে লুৰিণজ্যোতি গগৈৰ নেতৃত্বাধীন নতুন আঞ্চলিক ৰাজনৈতিক দলটোৱে।প্ৰতিখন জিলাতেই কভিড কোষ গঠন কৰিব অসম জাতীয় পৰিষদে। আৰু এই কোভিড কোষে প্ৰতিখন জিলাৰ কভিড ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যক অক্সিজেন, ঔষধ, খাদ্য সামগ্ৰী যোগান ধৰিব।কোভিডৰ পৰা ৰাজ্যবাসীক কিছু সকাহ দিয়াৰ উদ্দেশ্যৰে জিলাভিত্তিক কোভিড কোষ গঠন কৰিছে জাতীয় পৰিষদে

নগাঁৱত মহামাৰী কভিড-১৯ৰ সংহাৰ অব্যাহত :আজি ১৬৯ গৰাকী আক্ৰান্ত: চাৰি গৰাকীৰ মৃত্যু ,মৃত্যুৰ সংখ্যা ২৯জনলৈ বৃদ্ধি

সমগ্ৰ নগাঁও জিলাত  মহামাৰী কভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দৈনিক বৃদ্ধি পাবলৈ ধৰিছে। ফলত পৰিস্থিতিয়ে জটিলৰ পৰা জটিলতাৰ দিশে গতি কৰিছে। আজিৰ দিনটোত  পুনৰ ১৬৯ জন লোকৰ দেহত ক’ভিড- ১৯ৰ উপস্থিতি নতুনকৈ ধৰা পৰিছে। এতিয়ালৈকে  কৰোনাৰ দ্বিতীয় লহৰত নগাঁও জিলাত  ৪৮৬১ গৰাকী লোক আক্ৰান্ত হৈছে। বৰ্তমানেও ক’ৰোণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২২৬০জন। আজি জিলাখনৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য বিভাগে ১০৭৯ৰেট টেষ্ট আৰু ১৮ গৰাকীৰ আৰ টি পি চি আৰ জৰিয়তে কভিড পৰীক্ষা কৰে। ইয়াৰে ১৬১ গৰাকী ৰেপিট টে’ষ্টৰ আৰু ৮ গৰাকী আৰ টি পি চি আৰৰ জৰিয়তে কভিডত আক্ৰান্ত বুলি ধৰা পৰে। আজিৰ দিনটোত আক্ৰান্ত সকলৰ ১৫৬ জনক নিজ নিজ গৃহতে আছুতীয়াভাৱে পৰ্যবেক্ষণত ৰখাৰ উপৰিও ১৩ গৰাকী ব্যক্তিক নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত চিকিৎসা ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। ইফালে, আজি কভিড আক্ৰান্ত হৈ চাৰিগৰাকীৰ মৃত্যু হয়। মৃত্যু হোৱা লোককেইজ হৈছে নগাঁও চহৰৰ ৰামকৃষ্ণ পথৰ প্ৰদীপ দাস(৪৫),ধিংৰ গোবিন্দ দাস(৫৫),চাপনলাৰ ৰহিমা বেগম(৫৮) আৰু উত্তৰ হয়বৰগাঁৱৰ হিতেশ্বৰ লিগিৰা(৫৫) বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে।মৃত ব্যক্তি কেইগৰাকী কোভিডত আক্ৰান্ত হৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।উল্লেখযোগ্য যে বৰ্তমান লৈকে নগাঁও জিলাত কোভিড ১৯ত আক্ৰান্ত হৈ ২৯গৰাকীকৈ লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে।