Breaking

তাহানিৰ আভিজাত্যৰ প্ৰতীক, আজি যেন নষ্টালজিয়া৷এসময়ৰ ভাৰতীয় ৰাজপথৰ সম্ৰাট আজি সকলোৰে বাবে অতিত

0 2,126

 চুবুৰীয়া কোনো এটা শিশুৱে যদি হাতৰ তলুৱাৰে বহুদিনৰ পৰা খামোচ মাৰি ধৰি থকা ধূলিৰ প্ৰলেপখিনি আতঁৰাই গ্লাছেৰে ভিতৰলৈ জুমি চাইছে,কোনোৱে আকৌ তাৰ বুকুত এ বি চি ডি-ক খ গ ঘ-১ ২ ৩ ৪ ৰ আখৰ লিখাৰ আখৰা চলাইছে ৷ বহুতে আকৌ তাৰ আঁৰ লৈ খেলিছে শৈশৱৰ লুকা-ভাকু,চোৰ-পুলিছৰ খেলা ৷ মুঠৰ ওপৰত তাৰ ওপৰেৰে পাৰ হৈ গৈছে ইটোৰ পিছত সিটোকৈ বহুত ফাগুন ৷ আগতে হোৱা হলে আপোনাৰ সন্মুখেৰে দৌৰি থাকিলহেতেঁন সি বীৰদৰ্পে ৷ যাক এসময়ত ৰাজকীয় মৰ্যাদা দিছিল গৰাকীয়ে,তালৈ এতিয়া কেৰাহিকৈয়ো নোচোৱা হ’ল কোনো এজন মানুহে ৷ তাৰ এতিয়া কেৱল এটাই মাঠো কাম- ৰ’দে, বৰষুণে এলাইবাদু হৈ গৰাকীৰ গেৰেজতে পৰি ৰোৱা ৷ মুঠৰ ওপৰত ই এতিয়া গৃহস্থৰ কাৰণে এক ডাঙৰ বুজা ৷ পেলাও বুলিও খালে-ডোঙে ক’তো সহজতে পেলাই দিবও নোৱাৰে কোনেও ৷ হয়,কৱলৈ লোৱা হৈছে হৈছে স্বৰাজোত্তৰ ভাৰতৰ একমাত্ৰ ৰাজকীয় বাহন,শ-শ কিলোমিটাৰ জোৰা পথ অতিক্ৰম কৰিবলৈ যোৱাৰ সময়ত সততে ব্যৱহাৰ কৰা,অতিকৈ আৰামদায়ক,আপোনাৰ মোৰ লগতে সহস্ৰজন যাত্ৰীৰ বহু স্মৃতিৰ সৈতে জড়িত “এম্বেছাডৰ”বা “টেক্সিৰ” কথাই ৷ অভিধানিক অৰ্থত “ৰাজদূত” বা “কটকী” এই এম্বেছাডৰ শব্দটো উচ্চাৰণ হ’লেই সকলোৰে মানসপটত ভাহিঁ উঠে হিন্দুস্থান মটৰ্ছ কোম্পানীৰ বেনাৰত নিৰ্মিত এম্বেছাডৰ গাড়ীখনৰ কথাই ৷ ভাৰতীয় পথৰএটা সময়ত “ভাৰতীয় ৰাজপথৰ ৰজা” নামেৰে পৰিচিত এম্বেছাডৰ গাড়ীখন হিন্দুস্থান মৰ্টছ কোম্পানীয়ে নিৰ্মাণ কৰি উলিয়াইছিল ১৯৫৮ চনত ৷ এই হিন্দুস্থান মৰ্টছ কোম্পানীয়ে নিৰ্মাণ কৰা আভিজাত্যৰ প্ৰতীক স্বৰূপ এম্বেছাডৰ গাড়ীৰ গৰাকী হব পৰাটোও এটা সময়ত অতিকৈ গৌৰৱৰ কথা আছিল ৷ সেই সময়ত এইখনে এম্বেছাডৰ গাড়ীয়েই একমাত্ৰ আভিজাত্যৰ প্ৰতীক আছিল সেইসকল নগৰ-চহৰত বসবাস কৰা গৰাকীৰ বাবে ৷ সময়ৰ সৈতে খোজ মিলাই হিন্দুস্থান মৰ্টছে কোম্পানীয়ে নিৰ্মাণ কৰা এম্বেছাডৰ গাড়ীয়ে লাহে লাহে ভাৰতীয় ৰাজপথৰ সম্ৰাট হৈ সংগ দিছিল শতসহস্ৰলোকক ৷ “মাৰ্ক-৪” ১৯৭৯-৯০,ন’ভা-১৯৯০-৯৯,ক্লাছিক-১৯৯৮-২০১০,এভ্ৰিগ’-২০০৪-১০,গ্ৰেণ্ড-২০০৩-১৩ আদি নতুন নতুন  মডেলেৰে বিশ্বৰ দ্বিতীয় বৃহৎ ভাৰতীয় বজাৰত জনতাৰ চাহিদা পুৰণ কৰা এম্বেছাডৰৰ এটা সময়ত হিন্দুস্থান মৰ্টছে ম’ৰিছ অক্সফ’ৰ্ড থ্ৰীৰ আৰ্হি গ্ৰহণ কৰি এম্বেছাডৰ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছিল ৷ ভাৰতীয় বজাৰলৈ মাৰুতি কোম্পানী নহালৈকে সকলো ঠিকেই আছিল ৷ তেতিয়াৰ সময়ত দেশৰ ৰজাৰ পৰা আৰম্ভ কৰি প্ৰজালৈকে সকলোৱে আৰামদায়ক যাত্ৰাৰ সোৱাদ লৈছিল কেৱল এম্বেছাডৰ গাড়ীত উঠি ৷ বিয়াগোম ৰাজনৈতিক নেতা,মন্ত্ৰী,আমোলা,প্ৰশাসনিক বিষয়া সকলোৰে প্ৰথম পছন্দ আছিল এই এম্বেছাডৰ গাড়ী ৷নিতৌ পৰিৱৰ্তন হোৱা মানুহৰ ৰুচিৰ ওপৰত ভিত্তি কৰি বিশ্বৰ দ্বিতীয় সৰ্ব্ববৃহৎ ভাৰতীয় বজাৰত দেশী-বিদেশী বহুতো কোম্পানীয়ে মেলি দিলে অত্যাধুনিক সা-সুবিধাযুক্ত চাৰিচকীয়া বিলাসী বাহন সমূহ ৷ অৱশেষত ২০১৪ চনৰ ১ এপ্ৰিলত হিন্দুস্থান মৰ্টছে হঠাতে বন্ধ কৰি দিলে এম্বেছাডৰ গাড়ীৰ নিৰ্মাণ ৷ কিয়নো,২০১১-১২ বিৰ্ত্তীয় বৰ্ষত মাত্ৰ ২৫০০ খন এম্বেছাডৰ গাড়ীহে বৃহৎ ভাৰতীয় বজাৰত বিক্ৰী কৰিবলৈ সক্ষম হোৱা হিন্দুস্থান মৰ্টছে সন্মুখীন হৈছিলি সেই বৰ্ষটোত প্ৰায়  ২৯৯.৬ মিলিয়ন টকাৰ লোকচানৰ ৷ তাৰ পিছতো যেনিবা পঞ্চাশ-ষাঠী খন এম্বেছাডৰ গাড়ী মানুহে কিনিকা নহয় ৷ কিন্ত সেইয়া আজিৰ প্ৰতিযোগিতা পৃথিৱীখনৰ বজাৰৰ বাবে তেনেই নগন্য ৷বহু লোকে আকৌ তাহানিৰ আৰাম দায়ক বাহন,দুৰনিবতীয়া যাত্ৰাৰ বাবে অতিকৈ সুৰক্ষিত বাহন এম্বেছাডৰ পৰিত্যাগ কৰি এতিয়া মাশ্বিৰ্ডিজ, ই’নভা,স্কৰপি’অ,ফৰচুনাৰ,স্কভা,হুণ্ডা,চিটী,ৱাগনাৰ,এছেন্ট,এস্ক ইউ ভি,ক্ৰেটা,হুণ্ডাই এল্কাইজাৰ-মহিন্দা এস্কইউভি-ফৰ্ড-স্কাডা-অ’ডি-টাটা ইণ্ডিকা-বিএমডাব্লিও-ৰেনল্ড-মাৰুতি এল’ট্ৰ-ড্ৰাষ্টাৰ-ক্ৰিয়া চ’নেট-হুণ্ডা জাজ-ৰেঞ্জ ৰ’ভাৰআদিলৈ ঢাপলি মেলিলে আৰু গেৰেজত বা ঘৰৰ চোতালৰ এচুকত ধুলি-মাকতিৰ বুকুত এৰি দিলে পুৰণি এম্বেছাডৰ খন ৷ কিন্ত,তাৰ মাজতে আকৌ বহু লোকৰ বাবে এতিয়াও মৰমৰ এম্বেছাডৰ খন আৰামদায়ক আৰু সুৰক্ষিত ভ্ৰমণ সংগী হৈয়ে আছে ৷ উল্লেখ্য যে চহৰ নগৰৰ পিছত এতিয়া গ্ৰামাঞ্চল সমূহলৈও বহু পৰিৰ্ৱতন আহিছে ৷ পূৰ্বতে নগাঁৱৰ বহু গ্ৰামাঞ্চলৰ একো একোজন চৰকাৰী বিষয়া-অভিযন্ত্ৰা-অধ্যাপক-অধ্যক্ষ আদি সকলৰ ঘৰত আভিজাত্যৰ প্ৰতীক ৰূপে একোখন এম্বেছাডৰ আছিল ৷ কিন্ত,এতিয়া তাহানিৰ এইসকল লোকৰ গৃহত দেখিবলৈ নাই আভিজাত্যৰ প্ৰতীক সেই নষ্টালজিয়া ভৰা ভ্ৰমণৰ সাক্ষী মৰমৰ এম্বেছাডৰ খন ৷ নগাঁৱৰ অৰ্জুনতল কাটনীগাঁৱৰ গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-অভিযন্ত্ৰা কিনাৰাম শইকীয়াৰ গৃহত ক’লা ৰঙৰ তিনিটা সংখ্যাৰে পঞ্জীয়নভুক্ত এখন এম্বেছাডৰ আছিল ৷ বহুদিন এম্বেছাডৰ খন গেৰেজতে পৰি আছিল ৷ কিন্ত বিকল হৈ পৰি থকা নাছিল ৷ অত্যাধীক মৰমৰ মাজেৰে কিনাৰাম শইকীয়াৰ পৰিয়ালটোবে ঘৰতে এম্বেছাডৰখন ৰাখিছিল যদিও মাজে- সময়ে তথা দুই তিনিদিনৰ মুৰে মুৰে নিজে ষ্টাৰ্ট দি ইঞ্জিনটো পৰিস্কাৰ কৰি ৰখোবা ওপৰি চুতালতে ইফাল সিফাল কৰি ৰাখিছিল এম্বেছাডৰখন ৷ অৱশ্যে সময়ৰ সোঁতত সকলো সলনি হোবাৰ লেখীয়াকৈ আৰু ঘৰত এম্বেছাডৰখন ৰখাবলৈ ঠাইৰ অভাৱৰ বাবে আজি চাৰিবছৰ মানৰ আগতে মাত্ৰ কেইবাহাজাৰ টকাৰ বিনিময়ত এজন গাড়ী চালকক বিক্ৰী কৰিলে সেই এম্বেছাডৰ খন ৷ আনহতে,টাউন-মৰিকলং নিৱাসী এসময়ৰ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বহুবছৰ ধৰি সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰা প্ৰয়াত কমল চন্দ্ৰ বৰাৰ গৃহতো মাত্ৰ তিনিটা সংখ্যাৰে পঞ্জীয়নভুক্ত এখন ৰঙীন এম্বেছাডৰ আছিল যদিও বৰ্তমান সময়ৰ গতীত সেইখনো বিক্ৰী কৰিব লগাত পৰিল প্ৰয়াত কমল চন্দ্ৰ বৰাৰ পৰিয়ালবৰ্গ ৷ বহুলোকে তেওঁলোকৰ মৰমৰ এম্বেছাডৰখন গেৰেজত ধুলি মাকতিৰ বুকুত পেলাই থ’লেও এচাম লোকে কিন্ত,ৰাজপথলৈ এম্বেছাডৰ খন উলিয়াই নিনিলেও আটোমটোকাৰীকৈ সাঁচি ৰাখিছিল আপোন গাড়ী খন মৰমতে ৷ চুবুৰীৰ কোনো শিশুয়ে যাতে এম্বেছাডৰখনৰ আইনাত ক খ গ ঘ আৰু এ বি চি ডি ১ ২ ৩ ৪ৰ আখৰা চলাব নোবাৰে,তাৰ প্ৰতি সচেতন হৈ ঢাকি ৰাখিছে এসময়ৰ ৰাজপথৰ সম্ৰাট এম্বেছাডৰ গাড়ীখন ৷ এতিয়া আৰু সেই তাহানিৰ আভিজাত্যৰ প্ৰতীক এম্বেছাডৰ আজিৰ একৈশ শতিকাত মানুহে নিকিনে ৷ যি কেইখন বৰ্তমানে আছে সেইয়া হয়তো কাৰোবাৰ চুতালত ফুলদানি থোবা পাত্ৰ হৈও পৰি আছে ৷ যদি কেতিয়াবা কোনোবাই ৰাজপথত এখন এম্বেছাডৰ চলাই তেতিয়া সকলোৱে জুমিজুমি চাইহে ৷ এতিয়া যেন তাহানিৰ সেই এম্বেছাডৰ সকলোৰে বাবে এক নষ্টালজিয়া মাথোঁ ৷ আকৌ ঘুৰি আহিবনে তাহানিৰ আভিজাত্যৰ প্ৰতীকৰূপী আৰাম দায়ক তথা সুৰক্ষাৰ বাহন নামেৰে সৰ্ব্বজন পৰিচিত   হিন্দুস্থান মটৰ্ছ কোম্পানীৰ বেনাৰত নিৰ্মিত এম্বেছাডৰৰ সেই সোনালী দিনবোৰৰ কথা ৷

Leave A Reply