Breaking

ৰেঞ্জাৰ ভূপেন চন্দ্ৰ দাসৰ চোৰাং কাঠ বেপাৰীৰ গোপন বুজাবুজিত মোক্ষম আঘাত,নগৰবেৰাত ডি, এফ, অ ৰঞ্জিত কোঁৱৰে জব্দ কৰিলে বৃহৎ পৰিমাণৰ চোৰাং কাঠ

0 2,068

কামৰূপ জিলাৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন ঠাইত ৰেঞ্জাৰ ভূপেন চন্দ্ৰ দাসৰ ছত্ৰছায়াত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন  হোৱাৰ মাজতে সোমবাৰে জামলাইৰ পৰা স্বয়ং নৱ নিযুক্ত ডি এফ অ ৰঞ্জিত কোৱৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়। ডি এফ অ ৰঞ্জিত কোঁৱৰে নগৰবেৰালৈ কিবা কামত আহি থকা অৱস্থাত জামলাই পকী দলঙৰ ওপৰেদি তিনিটা অৱৈধ চোৰাং কাঠ ভৰ্তি ঘোঁৰাৰ গাড়ী নগৰবেৰা অভিমুখে আহি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। পিছত ডি এফ অ গৰাকীয়ে নিজৰ গাড়ী ৰখাই চোৰাং কাঠ ভৰ্তি ঘোঁৰাৰ গাড়ী তিনি খন জব্দ কৰি নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত খৱৰ দিয়াত ঘটনাস্থলীত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ এদল বন কৰ্মী উপস্থিত হৈ  গাড়ী সহ চোৰাং কাঠ খিনি নগৰবেৰা ৰেঞ্জা অফিচলৈ আনে। জব্দকৃত চোৰাং কাঠ খিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় লক্ষ্যধিক টকা হব বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে, নগৰবেৰা ৰেঞ্জাৰ ভূপেন চন্দ্ৰ দাসৰ ছত্ৰছায়াতে নগৰবেৰা ৰেঞ্জৰ বিভিন্ন এলেকাত লাখ লাখ টকাৰ চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ লগতে অৱৈধ শিল আৰু বালিৰ মুক্ত ব্যৱসায় চলি থকাৰ গুৰুতৰ অভিযোগ উঠিছে ।মাহেকীয়া কমিছন খাই ৰেঞ্জাৰ ভূপেন চন্দ্ৰ দাসে চোৰাং বেপাৰী সকলক এনে অৱৈধ ব্যৱসায় চলাই থকাৰ অঘোষিত লাইচেঞ্চ দিয়াৰ অভিযোগ উঠিছে।

Leave A Reply