Breaking

পৰ্যতকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ৰাইনো ইকো ৰিজৰ্ট:জিপলাইনিং,কামাণ্ড নেট , বাৰ্মা ব্ৰিজৰ লগতে আছে দুঃসাহসীক ক্ৰীড়াৰ অনেক সুবিধা

0 2,143

ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ খৈৰানীত নতুনকৈ শুভাৰম্ভণি কৰা ৰাইনো ইকো ৰিজৰ্টে এতিয়া ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।ভাৰত ভূটান সীমান্তৰ পাহাৰীয়া অঞ্চলত অৱস্থিত হোৱা হেতুকে প্ৰাকৃতিক পৰিৱেশৰ মাজত কিছু সময় কটোৱাৰ বাবে বিভিন্ন অঞ্চলৰ পৰা প্ৰকৃতিপ্ৰেমীৰ লগতে বহুতো পৰ্যতকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই ৰিজৰ্ট খন।দুজন যুৱ ব্যৱসায়ীৰ প্ৰচেষ্টাত কেইবাটাও চাংঘৰ আৰু বিভিন্ন প্ৰকাৰ গছ‌ লতিকা আৰু বহু প্ৰজাতিৰ ফুলেৰে সু সজ্জিত ৰাইনো ৰিজৰ্টত কৰ্ম সংস্হাপন লাভ কৰিছে প্ৰায় পঞ্চাশ গৰাকীকৈ উদীয়মান যুৱক যুৱতীয়ে। যদিও ভাৰতৰ ভূটান সীমান্তৰ অঞ্চল বোৰৰ পূৰ্বৰে পৰা যাতায়তৰ সু-ব্যৱস্থা নাই তথাপি ইয়াৰ পৰিবেশ আৰু জলবায়ু শীতল আৰু শুদ্ধসেয়ে ইয়ালৈ সোট বয় বিভিন্ন শ্ৰেণীৰ ৰাইজৰ। কেঁচা ছাহ পাতৰ আমোল মোলাই থকা গোন্ধৰ মাজত প্ৰকৃতিপ্ৰেমী সকলে ইয়াত বিচাৰি পায় মনৰ শান্তি। ৰাইনো ইকো ৰিজৰ্টত উপলব্ধ হৈছে বিভিন্ন সা সুবিধা। শিশু সকলৰ মাজত সমাদৰ লাভ কৰা বিভিন্ন উৎকৰ্ষ সাধনৰ প্ৰক্ৰিয়াৰ লগতে জিপলাইনিং,কামাণ্ডু নেট , বাৰ্মা ব্ৰিজৰ লগতে আছে এডভেনজাৰৰ অনেক সুবিধা। আনফালে দূৰৰ পৰা অহা পৰ্যটকৰ বাবে আছে ৰাতি থাকিব পৰাকৈ সু ব্যৱস্থা। এনে ধৰণেই অতিকৈ পিছপৰা অঞ্চলৰ পৰাই জনপ্ৰিয়তা অৰ্জন কৰি আগবাঢ়ি গৈছে ৰাইনো ইকো ৰিজৰ্ট। জ্যোতি কুমাৰ গয়াৰী আৰু অজিত বসুমতাৰীয়ে নতুন উদ্যম আৰু নতুন চিন্তাৰে মুকলি কৰা ৰিজৰ্ট খন বৰ্তমান সময়ত সমাদৰ লাভ কৰিছে নৱ প্ৰজন্মৰ মাজত। প্ৰকৃতিৰ এটা সুন্দৰ পৰিবেশৰ মাজত অৱস্থিত ৰিজৰ্ট খনত আছে ভোজনালয়, ৰাতি থকাৰ বাবে আছে জুপুৰি ঘৰ, তম্বু আৰু লগতে বিভিন্ন দুঃসাহসী মুলক কাৰ্যকলাপৰ সুবিধা। জ্যোতি আৰু অজিতৰ প্ৰচেষ্টাত মুকলি কৰা ৰিজৰ্ট খনত বৰ্তমান ৪৫ জনকৈ কৰ্মচাৰী কৰ্মৰত হৈ আছে। কৰোণাৰ সন্ত্ৰাসৰ বাবে বৰ্তমান সময়ত বহি ৰাজ্য আৰু বহি জিলাৰ পৰা পৰ্যতক আহিব পৰা নাই যদিও ওচৰৰ অঞ্চলৰ ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছে ৰাইনো ইকো ৰিজৰ্ট। ৭ মাহৰ ভিতৰত গঢ় লৈ উঠা ৰিজৰ্ট খনত আছে বহুতো দুঃসাহসী মুলক কাৰ্যকলাপৰ ব্যবস্থা। জিপলাইনিং, কামাণ্ড নেট, বাৰ্মা ব্ৰিজ, পেদেলিং, চাইকেলিং আদি দুঃসাহসী মুলক কাৰ্যকলাপৰ ওপৰিও প্ৰায় ১৫০ বিঘাৰ পাহাৰীয়া অঞ্চলত ট্ৰেকিঙৰ সুবিধা আছে ৰাইনো ইকো ৰিজৰ্টৰ ভিতৰত।

Leave A Reply