Breaking

ধল পানীয়ে দুখন বাঁহৰ সাঁকো বুৰাই পেলোৱাত ব্যাহত দক্ষিণ বৰপেটা-নগৰবেৰাৰ যাতায়াত

0 2,099

যোৱা তিনি চাৰি দিন ধৰি হোৱা  বৰষুণৰ পানীত সৃষ্টি হোৱা ধলে বৰপেটা জিলাৰ বাঘবৰ আৰু চেঙা সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ কেইবাটাও বাঁহৰ সাঁকো বুৰ যোৱাৰ লগতে দক্ষিণ বৰপেটা-নগৰবেৰা সংযোগী দুখন বৃহৎ বাঁহৰ সাঁকো উটুৱাই নিয়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা। ব্ৰহ্মপুত্ৰ-জলজলি সংযোগী নদীত আকস্মিক ভাৱে জলস্তৰ বৃদ্ধি পোৱাত দক্ষিণ বৰপেটাৰ অৰ্ধ লক্ষাধিক লোক যাতায়াতৰ ক্ষেত্ৰত অভাৱনীয় সমস্যাৰ সন্মুখীন হব লগীয়া হৈছে। ধল পানীয়ে দক্ষিণ বৰপেটা-নগৰবেৰা সংযোগী দুখন বৃহৎ বাঁহৰ সাঁকো উটুৱাই নিয়াত একাংশ যাত্ৰীয়ে নাৱেৰে যাতায়াত অব্যাহত ৰাখিলেও বাইক আৰোহী শ শ যাত্ৰীয়ে দুই তিনি ঘন্টালৈকে অপেক্ষা কৰিব লগীয়া হৈছে। সৰ্বসাধাৰণ যাত্ৰী সকলে ঘন্টাৰ পিছত ঘন্টা অপেক্ষা কৰি কোনোমতে পাৰাপাৰ হব পাৰিছে যদিও সমস্যাত পৰিছে ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ জৰুৰীকালীন সেৱাত নিয়োজিত লোক সকলে। আহুকালৰ সন্মুখীন হোৱা একাংশ যাত্ৰীয়ে উপায়ন্তৰ হৈ এবুকু পানী ভাঙি কোনোমতে পাৰ হোৱাও পৰিলক্ষিত হৈছে। নগৰবেৰা-দক্ষিণ বৰপেটা সংযোগী দুয়োখন বাঁহৰ সাঁকো ধল পানীয়ে উটুৱাই নিয়াত যাতায়াত ব্যাহত হৈ পৰাত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে দুয়োটা অঞ্চলৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে চৰ-চাপৰি অঞ্চলৰ কৃষক সকলে । ক্ষুদ্ৰ ব্যৱসায়ী সকলে অতিৰিক্ত ব্যয় বহন কৰি সামগ্ৰী পাৰ কৰিবলগীয়া হোৱাত কৰোনা কালৰ এই জটিল সময়তো অনিচ্ছাকৃতভাৱে হলেও অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আংশিক পৰিমানে হলেও বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। তদুপৰি বিগত দুটা দিনত চৰ-চাপৰিত উৎপাদিত কৃষিজাত সামগ্ৰীৰ লগতে পাচলি সমুহ নগৰবেৰালৈ অনাত ভীষণ সমস্যাত পৰিছে। বৰপেটাৰ চৰাঞ্চলত উৎপাদিত পাচলিৰ অধিকাংশই নগৰবেৰাত পাইকাৰী আৰু খুচুৰা ভাৱে বিক্ৰী কৰা হয় যদিও সম্প্ৰতি যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰাত পাচলি উৎপাদক সকলে পাচলি সমুহ বিক্ৰীৰ বাবে নগৰবেৰালৈ আনিবলৈ সক্ষম হোৱা নাই। ধল পানীয়ে দুখনকৈ বাঁহৰ সাঁকো উটুৱাই নিয়াত যাতায়াতৰ ক্ষেত্ৰত দক্ষিণ বৰপেটাৰ অৰ্ধ লক্ষাধিক লোক সৰ্বস্তৰত হাহাকাৰ কৰিব লগীয়া হৈছে। অঞ্চলটোৰ ব্যাহত হৈ পৰা যাতায়াত ব্যৱস্থা সুচল কৰিবলৈ ৰাইজে জিলা প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । ৰাাইজৰ এনে সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষণীয় ।

Leave A Reply