Breaking

মাৰ্ঘেৰিটাত ড্ৰাগছৰ ৰমৰমীয়া বেহাৰৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

0 2,072

সমগ্ৰ তিনিচুকীয়া জিলাখনতে ড্ৰাগছৰ অবাধ প্ৰচলনে উঠি অহা নৱ প্ৰজন্মক ধ্বংস মূখলৈ লৈ গৈছে|দেওবাৰে মাৰ্ঘেৰিটাৰ লিডুত ড্ৰাগছৰ বাবেই  সংঘটিত হৈছে এক জঘন্য কাণ্ড |ড্ৰাগছ আসক্ত  নিজ পুত্ৰৰ  হাততে শাৰিৰীক ভাবে  আক্ৰমণৰ বলি হব লগা হৈছে বৃদ্ধা মাতৃ | ইয়াৰ পিছতো কিন্তু আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ উত্থাপিত হৈছে| ড্ৰাগছ ব্যৱসায়ীসকলে  সান্ধ্য আইনৰ সুযোগ লৈ ড্ৰাগছ সৰবৰাহ কৰা গুৰুতৰ অভিযোগ তিনিচুকীয়া জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ| জিলাখনত অবাধ গতিত প্ৰচলন হৈ থকা ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাৱী জনাইছে|

Leave A Reply