Home Blog Page 3047

হয়বৰগাঁৱত ব্ৰাউন ছুগাৰ সহ আটক ৩ ড্ৰাগছ ব্যৱসায়ী

ড্ৰাগছৰ ঘাটি হিচাপে পৰিচিত হোৱা নগাঁৱত আৰক্ষীয়ে তীব্ৰতৰ কৰিছে অভিযান। বিশেষকৈ নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত এলেকা সমূহত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলাইছে কঠোৰ অভিযান।

আজি নগাঁৱৰ চলচলিত হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুলক কুমাৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে এগৰাকী মহিলা সহ তিনিজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ উপৰিও জব্দ কৰিছে ১২গ্ৰাম ব্ৰাউন ছুগাৰ। আৰক্ষীয়ে আটিকা বেগম নামৰ এগৰাকী মহিলাৰ ঘৰত চলাইছিল অভিযান। আটিকা বেগমৰ ঘৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কুখ্যাত ড্ৰাগছ মাফিয়া জমিৰ আলী আৰু ছাইফুল ইছলামক। জানিবপৰা মতে, আটিকা বেগমে দীৰ্ঘদিনৰে পৰা অঞ্চলটোৰ ড্ৰাগছৰ ব্যৱসায় চলাই আছিল। একাংশ ৰাইজৰ অভিযোগ, ৰহমান নামৰ এগৰাকী আৰক্ষী বিষয়াৰ সৈতে থকা সু সম্পৰ্কৰ বাবেই আটিকা বেগমে দীৰ্ঘদিনে নিৰ্বিঘ্নে চলাই গৈছিল মাৰাত্মক ড্ৰাগছৰ বেহা ।

উত্তৰাখণ্ডত সন্ধানহীন হোৱা অসমৰ যুৱকৰ আজিও সন্ধান নাই

উত্তৰাখণ্ডত হোৱা জলপ্ৰলয়ৰ সময়ত নগাঁও জিলাৰ কামপুৰৰ দুজন যুৱক সন্ধানহীন হৈ পৰাৰ খবৰে  অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে আৰু এজন যুৱক সন্ধানহীন হোৱাৰ তথ্য পোহৰলৈ আহিছে।সন্ধানহীন হোৱা বুলি শেহতীয়াকৈ জানিব পৰা এই যুৱকজনৰ নাম সুশান্ত ডুলি।সুশান্তৰ ঘৰ হোজাই জিলাৰ কাকীত ।সুশান্ত ডুলি উত্তৰাখণ্ডত সন্ধানহীন হোৱা কমল দাসৰ খুলশালী।উল্লেখযোগ্য যে নগাঁও জিলাৰ কামপুৰৰ উত্তৰ চাংচকীৰ একে ঘৰৰে দুই ভাতৃ উত্তৰাখণ্ডত সন্ধানহীন  হোৱা ঘটনাই  ইতিমধ্যে সমগ্ৰ কামপুৰ অঞ্চলত শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে।বৰ্তমানলৈকে কোনো সন্ধান ওলোৱা নাই যুৱক কেইজনৰ।যাৰ বাবে তেওঁলোকৰ পৰিয়ালৰ সদস্য সকল শংকিত হৈ পৰিছে ।উল্লেখযোগ্য যে উত্তৰাখণ্ডত হোৱা জলপ্ৰলয়ে জীৱন্তে উটুৱাই নিয়ে প্ৰায় ১৫০ৰো অধিক লোকক ৷ গ্লেচিয়াৰ বিস্ফোৰণৰ ফলত চামোলী জিলাত ভয়ংকৰ পৰিৱেশ সৃষ্টি হয়।এটা সূত্ৰৰ পৰা জানিব পৰামতে গ্লেচিয়াৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা জলপ্ৰলয়ে পলকতে ধ্বংস স্তুপত পৰিনত কৰিছিল এটা অট্টালিকা ৷সেইখিনি সময়ত অট্টালিকাটোৰ  ভিতৰত ২১ জন লোক আছিল । ইয়াৰ ভিতবত অসমৰো এই তিনিজন যুৱক ক্ৰমে কমল দাস , অমৰজ্যোতি দাস আৰু সুশান্ত ডুলি আছিল।যাৰ বাবে যুৱক তিনিজন জলপ্ৰলয়তে সন্ধানহীন হোৱাৰ আশংকা প্ৰৱলহৈ উঠিছে।আজি কামপুৰৰ দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত উপস্থিত হয় কামপুৰ চক্ৰৰ চক্ৰ বিষয়া সংগীতা বৰঠাকুৰ । চক্ৰবিষয়া গৰাকীয়ে চৰকাৰী ভাৱে কোনো তথ্য পোৱা নাই বুলি জানিব দিছে।সন্ধানহীন কমল দাসৰ এটি পাচঁমহীয়া কণমানি সন্তানো আছে। বৰ্তমানেও সন্ধানহীন হৈ থকা যুৱক তিনিজনৰ পৰিয়ালৰ লোকে যুৱক তিনিজনক উদ্ধাৰ কৰি পৰিয়ালক গটাই দিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছে।অন্যহাতেদি পুত্ৰদ্বয় সন্ধানহীন হোৱাৰ দুখত চিঞৰি চিঞৰি কান্দিছে তেওঁলোকৰ মাতৃয়ে ।

মাজুলীত প্ৰধানমন্ত্ৰী এক্সটেনচন প্লেনৰ আধাৰত বিদ্যালয়-মহাবিদ্যালয়ত এন চি চিৰ অৰ্ধ ট্ৰোপ মুকলি

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী যোৰহাট জিলাৰ মুখ্য নিৰ্দেশক গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেদীয়াৰ অজিত কুমাৰ বৰা (ভি এচ এম)ৰ পৃষ্ঠপোষকতাত আৰু ৫১ নং এয়াৰ এন চি চিৰ কামাণ্ডিং অফিচাৰ গ্ৰুপ কেপ্তেইন মনাংকুৰ চৌধুৰীৰ তত্বাৱধানত মাজুলী জিলাৰ ৰঙাচাহী মহাবিদ্যালয় , জেংৰাইমুখ মহাবিদ্যালয় আৰু আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি পোন প্ৰথমবাৰ প্ৰধানমন্ত্ৰী এক্সটেনচন প্লেনৰ আধাৰত একোটাকৈ এয়াৰ এন চি চিৰ অৰ্ধ ট্ৰোপ মুকলি কৰা হয় ৷ এই উপলক্ষে আজি স্বচ্ছ ভাৰত অভিযানৰ লগত সংগতি ৰাখি ৰঙাচাহী মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এন চি চিৰ মুখ্য নিৰ্দেশক অজিত কুমাৰ বৰাই তিনিওখন শিক্ষানুষ্ঠানৰ মূৰব্বীৰ হাতত পাৰ্চমেন্ট চাৰ্টিফিকেট অৰ্পণ কৰে ৷ অনুষ্ঠানত বিগ্ৰেদীয়াৰ অজিত কুমাৰ বৰাই উপস্থিত কেডেট সকলক এন চি চিৰ জৰিয়তে নিয়মানুৱৰ্তিতা , একতা আৰু সময়মতে শিক্ষা গ্ৰহণ কৰাৰ লগতে সমাজ আৰু পৰিবেশ-জলবায়ুৰ প্ৰতি সজাগ হৈ গছপুলি ৰোপণৰ দৰে মহান কৰ্মৰ প্ৰতি উদ্বুদ্ধ হ’বলৈ আহবান জনায় ৷ লগতে দেশৰ প্ৰতি শ্ৰদ্ধাশীল হৈ এন চি চিৰ একতা আৰু অনুশাসনৰ প্ৰতি নিজক অৰ্পণেৰে ভাল গুণ সমূহ অবিৰতভাৱে কৰ্মৰত চেষ্টা অব্যাহত ৰাখি নিজৰ লগতে সমাজৰ আৰু দেশৰ নতুন প্ৰজন্মলৈ প্ৰতিভাৰ গুণ সমূহ বিলাই দিবলৈও আহবান জনায় ৷ বিশিষ্ট লেখক , সমালোচক দীপক শইকীয়াই আঁত ধৰা অনুষ্ঠানত জিলা বন প্ৰাধিকাৰী সুশীল কুমাৰ ঠাকুৰীয়া, ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড°নৱ কুমাৰ গাম আৰু বৰ এলেঙি সত্ৰৰ অধিকাৰ পুতুল মহন্তই কেডেট সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰাৰ লগতে যোৰহাট জিলা মুখ্য নিৰ্দেশক  গ্ৰুপ কামাণ্ডাৰ ব্ৰিগেদীয়াৰ অজিত কুমাৰ বৰাৰ উদ্যোগৰ শলাগ লয় ৷ অনুষ্ঠানত উপস্থিত সকলোকে উদ্যোক্তা সকলৰ তৰফৰ পৰা মাস্ক, চেনিটাইজাৰ আৰু উপহাৰ প্ৰদান কৰে ৷ তাৰ পিছতে মহাবিদ্যালয়ৰ চৌহদত বিশিষ্ট ব্যক্তি সকলে গছপুলি ৰোপণ কৰে ৷

বিমান বন্দৰৰ ব্যক্তিগত কৰণৰ বিৰুদ্ধে অসম জাতীয় পৰিষদ দলৰ তীব্ৰ-প্ৰতিবাদ

কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰকে ধৰি দেশৰ কেইবাটাও লাভজনক বিমান বন্দৰক ব্যক্তিগত কৰণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে আজি তীব্ৰ বিৰোধীতা কৰিছে অসম জাতীয় পৰিষদ দলে। কেন্দ্ৰ আৰু ৰাজ্যত শাসনাধিষ্ঠিত বি জে পি চৰকাৰে পুঁজিপাতিৰ স্বাৰ্থ ৰক্ষাৰ বাবে বিগত সময়ছোৱাত অতি নিৰ্লজ্জভাবে সমগ্ৰ দেশখনৰ সমান্তৰালকৈ অসমতো এটাৰ পাছত আন এটা ৰাজহুৱা সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত গতাবলৈ উঠিপৰি লাগিছে বুলি অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ দলে। অসম জাতীয় পৰিষদ দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক গুৰুতৰ অভিযোগ তুলি কয় যে, ৰাজ্যখনৰ ৰাজহুৱা খণ্ডৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰটো শেহতীয়া ভাৱে প্ৰায় ১৩৮৩ কৌটি টকা ব্যয় সাপেক্ষে আন্ত: গাঁথনিৰ ব্যাপক উন্নয়ন কৰাৰ পাছতো বৰঝাৰ বিমান বন্দৰটো আদানি গ্ৰুপক ৫০ বছৰৰ বাবে গতাই দিবলৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। কিন্ত ইয়াৰ পিছতো জাতি-মাটি-ভেটিৰ শ্ল’গানেৰে ক্ষমতাৰ শাসনত অধিষ্ঠিত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বিকাৰ ভুমিকা গ্ৰহন কৰাটো স্বাভাৱিকতে লজ্জাজনক। উল্লেখ্যনীয় যে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ আন্তৰ্জাতিক বিমান বন্দৰ হিচাপে পৰিগণিত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰটো ব্যক্তিগতকৰণক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি অসম জাতীয় পৰিষদ দলৰ লগতে ভাতৃ-ভগ্নী সংগঠণ মহিলা শক্তি, যুৱ শক্তি আৰু জাতীয় শ্ৰমিক শক্তিয়ে বৰঝাৰ বিমান বন্দৰ চৌহদত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসূচীত অসম জাতীয় পৰিষদ দলৰ কেন্দ্ৰীয়  উপ-সভাপতি দুলু আহমেদ অংশ গ্ৰহন কৰি বৰঝাৰ বিমান বন্দৰ ব্যক্তিগতকৰণক কেন্দ্ৰ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনক কঠোৰভাষাৰে সমালোচনা কৰি বৰঝাৰ বিমান বন্দৰৰ ব্যক্তিগতকৰণৰ হঠকাৰী সিদ্ধান্ত তৎকালে কাৰ্যকৰী হোৱাকৈ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় । উল্লেখ্য যে আজি দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীত নলবাৰী জিলা সমিতিকে ধৰি অসম জাতীয় পৰিষদ দলৰ বিভিন্ন জিলা পৰিষদৰ নেতা-কৰ্মী সকলে অংশ গ্ৰহন কৰি আদানি-আম্বানিৰ মতে দেশ নচলিব, নৰেন্দ্ৰ মোদী হুচিয়াৰ, সৰ্বানন্দ সোণোৱালমুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, বণিক গোষ্ঠীৰ দপদপনি নচলিব, আদানি গ্ৰুপ হুচিয়াৰ, ৰাজহুৱা সম্পদ ব্যক্তিগতকৰণ বন্ধ কৰক আদি প্ৰতিবাদী কাৰ্যসূচীৰ সমান্তৰালকৈ এয়াৰৰ্পট অথৰিটী এম্প’য়িজ ইউনিয়নৰ নেতা  পবিত্ৰ দাসেও ব্যক্তিগতকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ-পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ হাতত বৰঝাৰ বিমান বন্দৰ ব্যক্তিগতকৰণৰ চুক্তি বাতিল কৰিবলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে । আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি দুলু আহমেদ, সাংগঠণিক সম্পাদক মহেশ শৰ্মা, মুখপাত্ৰ অভিজীৎ কমল, যুটীয়া সম্পাদক প্ৰিঞ্চ ফাইজুৰ হককেধৰি অসম জাতীয় পৰিষদ দলৰ বহু নেতাই ভাগ লৈ চৰকাৰৰ বিৰুদ্ধে অনাগত সময়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দি এয়াৰপৰ্টৰ শ্ৰমিক-কৰ্মচাৰীক একগোট হৈ থাকিবলৈ আহ্বান জনায়।

মহুৰামুখৰ বৰটিকাত কৃষি পথাৰ বৈদ্যুতিকৰণ আচঁনিৰ শুভ উদ্বোধন

বোকাখাত মহকুমাৰ অন্তৰ্গত মহুৰামুখৰ  বৰটিকাত মিছিং স্বায়ত্ত্ব শাসিত পৰিষদৰ দ্বাৰা আৱন্টিত বৰটিকা কৃষি পথাৰ সেউজ কৰণাৰ্থে “ কৃষি পথাৰ বৈদ্যুতিকৰণ” আচঁনিৰ শুভ উদ্বোধন কৰে কমাৰগাঁও ৰাজ্যিক বিদ্যুত উপ সংমণ্ডলৰ ভাৰ প্ৰাপ্ত বিষয়া নিবেদিতা মাহাতুৱে৷১৪,৫৬,৮৮৭.০০ টকা ব্যয়েৰে দুই কিলোমিটাৰ দৈঘ্যৰে ১০০ কে ভিৰ উক্ত আচঁনি খনে গাওঁখনৰ বহুকেইটা পৰিয়ালক উপকৃত কৰিব বুলি জনায়৷উক্ত অনুষ্ঠানত উপস্থিত থাকে গোলাঘাট জিলা প্ৰাক্তন এম এম কেৰ সভাপতি প্ৰেম কুমাৰ দলে,গোলাঘাট জিলা প্ৰাক্তন টি এম পি কেৰ সভাপতি সুৰেশ বৰি,মিছিৎ ছাত্ৰ সংগঠন টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য প্ৰশান্ত লইং, অভযন্তা ঋতুপৰ্ণ কোঁৱৰ,গণশক্তি অসমৰ বোকাখাত ব্লক সমিতিৰ কাৰ্যকৰী সভাপতি ভোগেশ্বৰ মৰাঙে৷সমাজ সেৱক তথা গোলাঘাট ট্ৰাইবেল সংঘৰ সভাপতি হেমন্ত মৰাংৰ আপ্ৰাণ প্ৰচেষ্টাত উক্ত আচঁনিটো বৰটিকাৰ কৃষি পথাৰত প্ৰদান কৰে মিছিং স্বায়ত্ত্ব শাসিত পৰিষদৰ ২৮ নং ধনশ্ৰী দিচৈৰ সদস্য সুধীৰ চন্দ্ৰ মৰাঙে ৷

উত্তৰাখণ্ডৰ হিম স্খলনৰ ঘটনাত সন্ধানহীন ১৫০জন লােকৰ ১২জন লােকক উদ্ধাৰ

উত্তৰাখণ্ডৰ হিম স্খলনৰ ফলত হঠাৎ হােৱা বানত ৰেইনী, বিৰাজী, আলকাপুৰী আৰু চিনাকা গাঁৱৰ পৰা কালি ৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি ডেৰাডুনৰ ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে প্ৰকাশ কৰিছে। অঞ্চলটোত হােৱা বানৰ পাছত ১৫০জন লােক সন্ধানহীন হৈ আছিল আৰু ইয়াৰে ১২জন লােকক উদ্ধাৰ কৰা হৈছে।

প্রধানমন্ত্রী মোদীয়ে কালি উত্তৰাখণ্ডৰ হিম স্খলনৰ পাছৰ পৰিস্থিতি পর্যালােচনা কৰি‌ সমগ্র দেশ উত্তৰাখণ্ডৰ সৈতে আছে বুলি আশ্বাস প্রদান কৰে। প্রধানমন্ত্রীগৰাকীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্রী ত্রিবেন্দ্র সিং ৰাৱট আৰু অন্যান্য শীর্ষ বিষয়াসকলৰ সৈতে পৰিস্থিতি সন্দৰ্ভত কথা পাতে।

গৃহমন্ত্রী অমিত স্বাহে ৰাজ্যখনৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে‌ আৰু ৰাজ্যখনলৈ সকলােধৰণৰ সহায় সহযােগিতা আগবঢ়াব বুলিও প্রকাশ কৰে। শ্বাহে লগতে কয় যে, তেওঁ ইতিমধ্যে মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱতৰ সৈতে কথা পাতিছে আৰু সংশ্লিষ্ট বিষয়াসকলে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে তৎপৰতাৰে কাম কৰি আছে ।

নতুন কৃষি আইন সম্পৰ্কত প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নতুন কৃষি আইনকেইখনে দেশৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলৰ উন্নয়ন সাধন কৰিব।

তেওঁ লগতে কয়, এই নতুন কৃষি আইনকেইখনৰ জৰিয়তে দেশৰ ১২ কোটিতকৈয়ো অধিক ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কৰ আকাংক্ষাসমূহৰ পূৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

দেশত বৰ্তমানলৈ ৫৮ লাখ লোকক কভিড-১৯ ৰ প্ৰতিষেধক প্ৰদান

দেশত বৰ্তমানলৈ ৫৮ লাখতকৈয়ো অধিক লোকক কোৱিড-১৯ ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে যোৱা ২৪ ঘণ্টাত ২৮ হাজাৰতকৈয়ো অধিক স্বাস্থ্যকৰ্মীক এই ছিটা প্ৰদান কৰা হৈছে।

নগাঁও সদৰ সমষ্টিত পৌৰসভা এলেকাৰ ১৪ টাকৈ উন্নয়ন মূলক আঁচনিৰ কামৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও সদৰ সমষ্টিত পৌৰসভা এলেকাৰ বিভিন্ন অঞ্চলত আজি বিধায়ক ৰূপক শৰ্মাই ১৪ টাকৈ উন্নয়ন মূলক আঁচনিৰ কামৰ আধাৰশিলা স্থাপন কৰে।পৌৰসভাৰ মহলা সমূহত ৰাজ্যৰ স্ব-শিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আঁচনি এচ অ পি ডি ৰ অধীনত নিৰ্মাণ হবলগীয়া  কেইবাটাও পথ আৰু সামাজিক অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰে।

উন্নয়ন মূলক আঁচনি সমূহৰ আধাৰশিলা স্থাপন কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে বিগত দিন সমূহত নগাঁও সদৰ সমষ্টিত বিভিন্ন উন্নয়ন মূলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত যৎপৰোনস্তি চেষ্টা কৰি আহিছো।নগাঁও সমষ্টিটো এটি জাকত জিলিকা সমষ্টি হিচাপে গঢ়ি তুলিবৰ বাবে বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰি আহিছো।উন্নয়নৰ ধাৰাবাহিকতা ৰক্ষা কৰি আজিও নগাঁও পৌৰসভাৰ অন্তৰ্গত কেইবাটাও অঞ্চলত কেইবাটাও পথৰ  আধাৰশিলাৰ লগতে সামাজিক অনুষ্ঠানৰ আন্ত:গাঠনি উন্নয়নৰ আধাৰশিলা স্থাপনৰ কৰিছো ।আশাকৰিছো এই উন্নয়ন মূলক আঁচনি সমূহৰ জৰিয়তে জনসাধাৰণ উপকৃত হব।

আজি  বিধায়ক পৌৰসভাৰ এলেকাৰ বিভিন্ন মহলাত আধাৰশিলা স্হাপন কৰা ১৪ টা আঁচনিৰ  পথ  আৰু সামাজিক অনুষ্ঠান সমূহ হৈছে২২ নং মহলাৰ বি বি পথ,৩নং মহলাৰ লাউখোৱা পথৰ উপপথ,২২নং মহলাৰ লক্ষী হাজৰিকা পথ,২২ নং মহলাৰ  গান্ধী নগৰ পথ,৬ নং মহলাৰ এল এন বি পথ,৬নং মহলাৰ এল এন বি পথৰ উপপথ,৬নং মহলাৰ নামঘৰ পথৰ উপপথ ১,৬নং মহলাৰ আৰ আৰ বি পথৰ উপপথ,৬ নং মহলাৰ ৰূপহী পথ,২০ নং মহলাৰ হোমিঅ’ কলেজৰ সমীপৰ গৰুবাট পথ,২০ নং মহলাৰ কালী মন্দিৰ ,২৬নং মহলাৰ মিলনপুৰ নামঘৰ পথ,২৬ নং মহলাৰ মিলনপুৰ উদ্যানৰ চাৰিসীমা ,বিনাপাণি নাট্য মন্দিৰৰ আন্ত:গাঠনি উন্নয়ন।আনহাতে বিধায়ক গৰাকীয়ে আজি পৌৰসভাৰ ২৬ নং মহলাৰ মিলনপুৰত এটা “ক্ষুদ্ৰ বায়ফ্লক” আঁচনিৰ আধাৰশিলাও স্থাপন কৰে।

অসম চৰকাৰৰ মীন বিভাগৰ উদ্যোগত প্ৰধানমন্ত্ৰীৰ মৎস্য সম্পদ যোজনা আঁচনিৰ অধীনত ৰূপায়ণ হবলগীয়া ক্ষুদ্ৰ বায়ফ্লক আঁচনিৰ আধাৰশিলা অনুষ্ঠানত নগাঁও জিলা মীন উন্নয়ন বিষয়া ড: ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মনো উপস্থিত থাকে।ইপিনে নগাঁও জিলাৰ বৃহত্তৰ দক্ষিণপাট অঞ্চলত ১৯৪৬ চনতে কেইগৰাকীমান সমাজহিতৈষী ব্যক্তিৰ আপ্ৰাণ চেষ্টাত প্ৰতিষ্ঠা লাভ কৰা ঐতিহ্যমণ্ডিত দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খনে ২০২১ বৰ্ষত পয়সত্তৰ বছৰত ভৰি দিলে। ৷

এই উপলক্ষে অনুষ্ঠিত মহাৰজত জয়ন্তীৰ‌ উদ্ধোধনী অনুষ্ঠানত আজি সদৰ সমষ্টিৰ বিধায়ক তথা মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি ৰূপক শৰ্মা উপস্থিত থাকি পুৱা মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন কৰে। বছৰযোৰা কাৰ্যসূচীৰে চলিবলগীয়া মহাৰজত জয়ন্তীৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি বিধায়ক গৰাকীয়ে বিদ্যালয় খনৰ আন্তঃগাঠনি উন্নয়নৰ বাবে ৫ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

বাক্সা জিলাত বিজেপিৰ ব্যাপক নিৰ্বাচনী তৎপৰতা

 ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলৰ লগতে বিজেপি দলেও চলাইছে ব্যাপক নিৰ্বাচনী তৎপৰতা ৷ দলটোৱে তৃণমূল পৰ্যায়ত কৰ্মীসকলক লৈ ঠায়ে ঠায়ে অনুষ্ঠিত কৰিছে পৃষ্ঠা প্ৰমুখ সন্মিলন। আজি বাক্সা জিলাৰ ৬৩ নং চাপাগুৰি বিধান সভা সমষ্টিৰ মুছলপুৰত অনুষ্ঠিত হয় সমষ্টিভিত্তিক পৃষ্ঠাপ্ৰমুখ সন্মিলন। সন্মিলনত দলীয় স্থিতি সম্পৰ্কে বুজ লয় দলটোৰ অ’বিচি মৰ্চাৰ সভাপতি বিতোপন ৰাইদঙীয়াই । জিলা বিজেপিৰ উপসভাপতি ৰিদিপ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সন্মিলনত অংশগ্ৰহণ কৰি ৬৩ নং চাপাগুৰী বিধানসভা সমষ্টিৰ মুখ্য পৃষ্ঠপোষক কুমুদ দাসে উদ্বোধনী ভাষণত কয় যে ভাৰতীয় জনতা পাৰ্টী এটা ভাৰতবৰ্ষৰ নহয়, বিশ্বৰে অন্যতম শক্তিশালী ৰাজনৈতিক দল ৷ এই দলত যোগদান কৰি নিজকে ধন্য কৰক ৷ উন্নয়নৰ গতি যদি তৰান্বিত কৰিব লাগে তেনেহলে ভাৰতীয় জনতা পাৰ্টিয়েহে কৰিব লাগিব ৷ উন্নয়নৰ স্বাৰ্থত চাপাগুৰি সমষ্টিত পৰিৱৰ্তন হ’ব বুলি দোহাৰি কংগ্ৰেছ দলৰ মহাজোঁটে উন্নয়ন নহয় বিনাশহে কৰিব বুলি কটাক্ষ কৰে । তদুপৰি তেওঁ এইবাৰ বিজেপি দলে এশ শতাংশই ৰাজ্যত চৰকাৰ গঠন কৰিব বুলি কয় । দাসে লগতে আজি সন্মিলনত অংশগ্ৰহণ কৰা পৃষ্ঠা প্ৰমুখ সকলক সমষ্টিটোৰ প্ৰতিটো পৰিয়াললৈ গৈ খবৰ লবলৈও আহ্বান জনায়। জিলাখনৰ হাজাৰোধিক পৃষ্ঠা প্ৰমুখে অংশ লোৱা সন্মিলনত বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহালৰ লগতে পংকজ দাস, তৰুণ বসুমতাৰী, ৰমেশ দাসকে ধৰি কেবাজনো বিজেপি নেতা উপস্থিত থাকে ৷ উল্লেখ্য যে আজিৰ এই পৃষ্ঠা প্ৰমুখ সন্মিলনে চাপাগুৰি বিধান সভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীক এক নতুন মাত্ৰা প্ৰদান কৰে।###Attachments area