Breaking

প্ৰতিদিনে গুৱাহাটীত ২০ হাজাৰ ক’ভিড টেষ্ট কৰা হ’ব! সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰীৰ

0 2,029

GMCH ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “প্ৰতিদিনে গুৱাহাটীত ২০ হাজাৰ লোকৰ ক’ভিড টেষ্ট কৰা হ’ব। যোৱা সপ্তাহৰ তুলনাত এই সপ্তাহত Covid টেষ্ট বৃদ্ধি কৰা হৈছে। আমাৰ হাতত পৰ্যাপ্ত পৰিমাণে remdesivir আছে। কাইলৈৰ পৰা গুৱাহাটীত ১৪MT অক্সিজেনৰ উত্পাদন বাঢ়িব। GMCHৰ কাৰ পাৰ্কিঙত ২০০ ICU বিচনাৰ কাম কৰি থকা হৈছে আৰু যিমান সোনকালে পৰা যায় ইয়াক মুকলি কৰা হ’ব।  বৰ্তমানলৈ ৰাজ্যখনত  ২৭,৫৬,৪৯০ জন লোকক ক’ভিড ভেকচিন দিয়া হৈছে। আজি আমাৰ হাতত ৩ লাখ ৭০ হাজাৰ ভেকচিন মজুত আছে।আনহাতে চাহ-বাগিচাৰ বাবে শনিবাৰে নতুন SOP প্ৰকাশ কৰা হ’ব। ১৭ মে’ৰ পৰা ৫০ উৰ্ধ্বৰ ব্যক্তিৰ ক’ভিড হ’লেই হাস্পতালত ভৰ্তি হ’ব লাগিব, কিয়নো শেহতীয়া কেইটামান দিনলৈ লক্ষ্য কৰিলে দেখা যায় যে ৫০ উৰ্ধ্বৰ লোকৰ মৃত্যুৰ সংখ্যা বাঢ়িছে।সম্প্ৰতি GMCHত ৭খন ICU বিচনা খালী আছে যদিও দুদিনৰ ভিতৰত ২৮খন ICU বিচনা ইয়াত বাঢ়িব।আনহাতে DRDOক ১৯ কোটি দিয়া হৈছে হাস্পতাল নিৰ্মাণৰ বাবে য’ত ৩০০ খন বিচনা থাকিব আৰু ইয়াৰে ২০০ খন অক্সিজেন বিচনা হ’ব আৰু ১০০ খন ICU বিচনা হ’ব। “

লকডাউন সন্দৰ্ভত এই পৰ্যন্ত কোনো চিন্তা চৰ্চা কৰা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়া আদি ঠাইত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হ’লে, পৰিৱেশ উন্নত নহ’লে নতুন নীতি-নিৰ্দেশনাৰ বিষয়ে চিন্তা-চৰ্চা কৰা হ’ব বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।

Leave A Reply