Breaking

জালিয়াতিৰে ধন আত্মসাতৰ অভিযোগত আটক যুৱক।

0 2,241

 মানৱতাৰ কথা কোৱা একাংশ মানৱ দৰদী লোকে যে নিজৰ স্বাৰ্থৰ বাবেই নিজৰ বিবেক তথা অন্তৰাত্মাকো বিক্ৰী কৰিবলৈ কুণ্ঠাবোধ নকৰে সেই কথা সময়ে সময়ে প্ৰমাণিত হৈ আহিছে। তেনে এক চৰ্চা এতিয়া সমগ্ৰ ৰাজ্যত। এটি কণমানি শিশুৰ জটিল চিকিৎসা ব্যয়ৰ বাবে অসমবাসীয়ে আগবঢ়োৱা লক্ষাধিক টকা আত্মসাৎ কৰি এতিয়া চৰ্চালৈ আহিছে চৰাইদেউ জিলাৰ সাপেখাতিৰ এজন যুৱক। এই  যুৱকজন Human For Humanity foundation নামৰ এটা সংগঠনৰ সভাপতি। দেখাতো যেন ভদ্ৰ যুৱক। ফেচবুক প্ৰফাইল চালে দেখা যায় যুৱকজন বহুকেইটা সংগঠনৰ লগতো জড়িত। কিন্তু অতি দুৰ্ভাগ্যজনক এয়াই যে ভদ্ৰতাৰ মুখা পিন্ধা এই যুৱকজনৰ মুখাৰ আঁৰত যে আন এখন কুৎসিত মুখা থাকিব পাৰে সেই কথা আপুনি ভাবিবও নোৱাৰিব। যুৱকজনৰ নাম শিশিৰ কুমাৰ গগৈ। ঘৰ চৰাইদেউ জিলাৰ সাপেখাতি বাঘমৰিয়াল গাঁৱৰ। যুৱকজন সম্প্ৰতি ৰঙাঘৰৰ আলহী। এটা জটিল ৰোগত আক্ৰান্ত হৈ বাংগালোৰত চিকিৎসাধীন হৈ থকা মঙ্গলদৈৰ কণমানি জিউলৈ আগবঢ়োৱা ৰাইজৰ ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ অভিযোগত আটক শিশিৰ কুমাৰ গগৈ।তথ্য অনুসৰি মঙ্গলদৈৰ মৃদুল কলিতা নামৰ লোকজনৰ কণমানি সন্তান জিউ এক জটিল ৰোগত আক্ৰান্ত হৈ এতিয়া বাংগালোৰত চিকিৎসাধীন হৈ আছে। জিউৰ চিকিৎসাৰ বাবে প্ৰয়োজন বহু অৰ্থৰ । যাৰ বাবে কণমানি জিউৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰি মৃদুল কলিতাই সামাজিক মাধ্যমযোগে অসমবাসীৰ প্ৰতি আহ্বান জনাইছিল। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিভিন্ন জনে মৃদুল কলিতালৈ অৰ্থ সাহায্য আগবঢ়াইছিল। আনকি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ লগতে বহু কেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ উপৰিও সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ উপৰিও বিভিন্ন জনে জিউক সহায় কৰিবলৈ অসমবাসীৰ প্ৰতি আহ্বান জনাইছিল সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে। তাকে দেখি সাপেখাতিৰ শিশিৰ কুমাৰ গগৈয়ে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনালে সকলোকে। ইমানখিনিলৈকে ঠিকেই আছিল। কিন্তু কি ভুল কৰিলে শিশিৰে ? কিয় আটক হ’ব লগীয়া হ’ল আনৰ দুখত দুখী হোৱা এইগৰাকী মানৱ দৰদী যুৱক। খবৰ অনুসৰি শিশিৰ কুমাৰ গগৈয়ে  ফেচবুকত জিউৰ বাবে আৰ্থিক সহায় বিচাৰি দিছিল এটা পোষ্ট। মৃদুল কলিতাই দিয়া পোষ্টটোকেই দিছিল ফেচবুকত। কিন্তু ভুল তাতেই কৰিলে। পোষ্টটোত মৃদুল কলিতাৰ গ’গল পে নম্বৰৰ সলনি শিশিৰে দিলে আন এটা নম্বৰ। যাৰ ফলত ৰাইজে দিয়া বৰঙনি মৃদুল কলিতাৰ সলনি আন নম্বৰত সোমালে। এই সন্দৰ্ভত মৃদুল কলিতাই জানিব পাৰি বাঘৰবাৰী ৰেনেচাঁ ক্লাবৰ সভাপতি নৱ কুমাৰ শৰ্মা, সহ সম্পাদক প্ৰশান্ত ডেকাই গোচৰ তৰিলে মঙ্গলদৈ আৰক্ষীৰ ওচৰত। এই গোচৰৰ ভিত্তিতেই মঙ্গলদৈ সদৰ আৰক্ষী আৰু সাপেখাতি আৰক্ষীয়ে নিজ বাসগৃহৰপৰাই আটক কৰে শিশিৰক। সম্প্ৰতি মঙ্গলদৈ আৰক্ষীয়ে সাপেখাতিৰপৰা মঙ্গলদৈ থানালৈ লৈ গৈছে অধিক তদন্তৰ বাবে।

Leave A Reply