Home Blog Page 3057

গুৱাহাটীৰ যুৱকৰ সৈতে অভিনেত্ৰী শ্ৰুতি হাচানৰ ডেটিং !

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা গায়ক শ্ৰুতি হাচানে জনপ্ৰিয় ইলাষ্ট্ৰেটৰ আৰু ডুডল শিল্পী সান্তনু হাজৰিকাৰ সৈতে ডেটিং কৰি থকা বুলি জানিব পৰা গৈছে ।

অসম তথা গুৱাহাটীৰ যুৱক সান্তনু হাজৰিকা বৰ্তমান মুম্বাইত ইলাষ্ট্ৰেটৰ আৰু ডুডল শিল্পী হিচাপে কাম কৰি আছে । ২০১৪ চনৰ ৰেড বুল ডুডল আৰ্ট প্ৰতিযোগিতাত তেওঁক শ্ৰেষ্ঠ ডুডল শিল্পীৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছিল।

শ্ৰুতি হাচানৰ জন্মদিনত  সান্তনু হাজৰিকাই অভিনেত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাই ছচিয়েল মিডিয়াত তেওঁলোকৰ এখন ফটো শ্বেয়াৰ কৰে । তদুপৰি,  তেওঁ এটা টুইটা কৰি লিখিছিল –

“শুভ জন্মদিন ৰাজকুমাৰী”

সান্তনু হাজৰিকাই ইনষ্টাগ্ৰামত দিয়া এটা STORY নিজৰ STORYত চেয়াৰ কৰি শ্ৰুতি হাচানে লিখিছিল “মোৰ জন্মদিনক ইমান বিশেষ কৰাৰ বাবে ধন্যবাদ।”

তেওঁলোকৰ ছবি আৰু ছচিয়েল মিডিয়াত হোৱা এইসমূহ কথা বতৰাই ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী সকলৰ মনোযোগ আকৰ্ষণ কৰে আৰু এতিয়া দুয়োজন বি-টাউনৰ চৰ্চাৰ বিষয় হৈ পৰিছে।

অভিনেত্ৰীগৰাকীৰ সৈতে তেওঁৰ সম্পৰ্কৰ সন্দৰ্ভত হাজৰিকাই কয়, “মই বিষয়টোৰ ওপৰত মন্তব্য কৰাৰ পৰা বিৰত থাকিব বিচাৰো কিয়নো মই ইয়াক ব্যক্তিগত ৰাখিবলৈ পছন্দ কৰোঁ।”

অসামৰিক বিমান পৰিবহনৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক যাত্ৰী সেৱাৰ নিষেধাজ্ঞাৰ সময় ২৮ ফেব্ৰুৱাৰীলৈ বৃদ্ধি

অসামৰিক বিমান পৰিবহনৰ সঞ্চালক প্ৰধানে পূৰ্ব নিৰ্ধাৰিত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক যাত্ৰী সেৱাৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাৰ সময় অহা ২৮ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিছে ।

এই নিষেধাজ্ঞা সামগ্ৰী পৰিবাহী বিমান আৰু বিশেষকৈ অসামৰিক বিমান পৰিবহন সঞ্চালকৰ দ্বাৰা অনুমোদিত বিমানৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় ।

চিৰাংত কলা আৰু বিজ্ঞান শাখাৰ নিছিমা আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন হিমন্ত বিশ্ব শৰ্মাৰ

চিৰাং জিলাৰ কয়লা ময়লাত আজি স্বাস্থ্য তথা শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত কলা আৰু বিজ্ঞান শাখাৰ নিছিমা আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ।

বঙাইগাঁৱৰ বাংলাপাৰাৰ মানাহ নৈত অবৈধ খনন, বন বিভাগৰ নিৰ্দেশক অংগুষ্ঠ প্ৰাক্তন পঞ্চায়ত সভাপতিৰ পুত্ৰ আৰু পঞ্চায়ত সদস্যৰ

নৈৰ খনন কাৰ্য্যত শংকিত নৈপৰীয়া

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত বাংলাপাৰাৰ মানাহ নৈত জে ছি পিৰে অবৈধ ভাবে বালি খনন কাৰ্য্য অব্যাহত ৰাখিছে ৩নং গোলাপাৰা বাংলাপাৰা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি আকবৰ আলীৰ পুত্ৰ আহম্মদ আলীৰ লগতে পঞ্চায়ত খনৰ বাংলাপাৰা খণ্ডৰ পঞ্চায়ত সদস্য সোনা মিঞাই।আহম্মদ আলীয়ে পঞ্চায়ত সদস্য সোনা মিঞা আৰু শ্বহিদুল ইছলামৰ সহযোগত বন বিভাগক অংগুষ্ঠ দেখুৱাই অব্যাহত ৰাখিছে এই খনন কাৰ্য্য।

জানিব পৰা মতে মাণিকপুৰস্থিত আই বন সংমণ্ডল  বিভাগৰ লগতে স্থানীয় ৰাইজে খনন কাৰ্য্য বন্ধ কৰিবলৈ নিষেধ কৰাৰ পিছতো দীৰ্ঘদিন ধৰি জে ছি পিৰ সহায়ত  ট্ৰেক্টৰেৰে অবৈধ ভাৱে উক্ত খনন কাৰ্য্য অব্যাহত ৰাখিছে।যাৰ ফলত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ।এনেদৰে খনন কাৰ্য্য অব্যাহত থাকিলে নৈপৰীয়াৰ ঘৰবাৰী বাৰিষাৰ সময়ত নৈৰ বুকুত জাহ যোৱাটো নিশ্চিত । স্থানীয় ৰাইজে বন বিভাগক অৱগত কৰাৰ পিছত বন বিভাগৰ লোক উপস্থিত হৈ জে ছি পি সহ ট্ৰেক্টৰবোৰ জব্দ কৰিবলৈ চেষ্টা কৰে যদিও পঞ্চায়তখনৰ প্ৰাক্তন সভাপতিৰ পুত্ৰ আহম্মদ আলীৰ লগতে বৰ্তমান পঞ্চায়ত খনৰ সদস্য আৰু তেওঁৰ কিছুমান চামুণ্ডাই বন বিভাগৰ লোকৰ লগত বাক বিতণ্ডাত লিপ্ত হৈ জেছেপি সহ ট্ৰেক্টৰবোৰ লৈ পলায়ন কৰে।আহম্মদ আলীৰ লগতেপঞ্চায়ত সদস্য সোনা মিঞাই নথিপত্ৰ বিহীন কেইবাটাও ট্ৰেক্টৰ নৈৰ খনন কাৰ্য্যত ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে।শীঘ্ৰেই প্ৰাক্তন পঞ্চায়ত সভাপতিৰ পুত্ৰ আহম্মদ আলী,পঞ্চায়ত সদস্য আৰু অবৈধ খনন কাৰ্য্যত লিপ্ত থকা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন মহলে।

হােজাইত স্বয়ম আঁচনিৰ অধীনত বাছনিকৃত যুৱক-যুৱতী সকলৰ মাজত অনুমােদন পত্র প্রধান

অসমৰ অন্যান্য জিলাৰ লগত সংগতি ৰাখি আজি হােজাই জিলাতাে হােজাই জিলা প্রশাসনৰ উদ্যোগত শংকৰদেৱ নগৰ স্থিত কাছাৰি ময়দানত অসম চৰকাৰৰ নৱৰূপত স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যােজনাৰ ( স্বয়ম ) আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰা হয়। 
এই শুভাৰম্ভ অনুষ্ঠানত অসম চৰকাৰৰ পার্বত্য উন্নয়ন আৰু খনি বিভাগৰ মন্ত্রী শ্ৰীযুত চুম ৰংহাং মুখ্য অতিথি হিচাবে উপস্থিত থাকি হােজাই জিলাৰ বাছনিকৃত বিভিন্ন আত্মসহায়ক গােটৰ ১২০০ গৰাকী হিতাধীকাৰিৰ মাজত অসম চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱা অনুমােদন পত্র বিতৰণৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে । 
মন্ত্রী গৰাকীয়ে উপস্থিত যুৱক- যুৱতী সকলক উদেশ্যে ভাষণ প্রসংগত উল্লেখ কৰি কয় যে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল  আৰু বিত্ত মন্ত্রী হিমন্ত বিশ্বশর্মাৰ একক প্রচেষ্টাৰ ফলত নৱৰূপত এই স্বয়ম আঁচনি গ্ৰহণ কৰা হৈছে । 
তেওঁ আৰু উল্লেখ কৰে যে , এই আঁচনিৰ উদেশ্য হল স্থানীয় উদ্যোগ আৰু গ্ৰাম্য অর্থনীতিক সৱলীকৰণৰ লগতে যুৱক যুৱতী সকলে আর্থিক দিশত সবল আৰু অত্মনিৰ্ভৰশীল হৈ নিজৰ জীবিকাৰ লগতে আনৰাে নিয়ােগ সৃষ্টিৰ ক্ষেত্ৰত সবল ভূমিকা গ্রহণ কৰিব পাৰে। 
এই অনুষ্ঠানত হােজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ , লামডিং সমষ্টিৰ বিধায়ক  শিবু মিশ্র বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি ভাষণ প্রসংগত যুৱক – যুৱতী সকলে যাতে অসম চৰকাৰে আগবঢ়োৱা এই আর্থিক পুজিৰ সঠিক ব্যৱহাৰ কৰি আত্মনিৰ্ভৰশীল হৈ নিজৰ লগতে দেশখনকো প্ৰগতিৰ পথত আগুৱাই লৈ যােৱাৰ লক্ষ্যৰে কাম কৰি যাবলৈ আহবান জনায়। 
উক্ত অনুষ্ঠানত উপায়তু ডাঃ সদনেক সিং , আই.এ.এচ য়ে আঁচনিখনৰ বিষয়ে বহলাই আলােকপাত কৰে । এই অনুষ্ঠানত অতিৰিক্ত উপায়ক্তদ্বয় ক্রমে জয়ন্ত কুমাৰ বৰা , গৌৰী শংকৰ দাস , হােজাই জিলা পৰিষদৰ সভানেত্রী শ্রীমতী ৰমাবালা দেৱী আৰু বিশিষ্ঠ সমাজকর্মী তথা ভাৰতীয় জনতা পাৰ্টীৰ হােজাই জিলাৰ সভাপতি অনুপ দে প্রমুখ্যে জিলাখনৰ বাছনিকৃত যুৱক – যুৱতী সকলৰ উপৰিও স্থানীয় সমাজ জীৱনৰ বিশিষ্ঠ ব্যক্তি সকল উপস্থিত থাকে।

স্বৰ্গদেউ চ্যুকাফা হাস্পতালত অত্যাধুনিক মেচিন উদ্ধোধন মুখ্যমন্ত্ৰীৰ

শিৱসাগৰৰ ডিমৌত অৱস্থিত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ চ্যুকাফা মাল্টি স্পেচিয়েলিটি হাস্পতালত এক অত্যাধুনিক “মাল্টি চাৰ্জাৰী মাইক্ৰছকোপ” ৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। ডিমৌৰ দিচাং ৰজাবাৰীস্থিত চ্যুকাফা হাস্পতালত জাৰ্মাণৰ পৰা প্ৰায় দেৰ কোটি টকা ব্যয়সাপেক্ষ এই অত্যাধুনিক চিকিৎসা প্ৰযুক্তিৰ যন্ত্ৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে অতি শীঘ্ৰে এই চিকিৎসালয়খন দক্ষিণ পূব এচিয়াৰ অন্যতম উল্লেখযোগ্য চিকিৎসালয় হিচাপে পৰিগণিত হ’ব বুলি আশা প্ৰকাশ কৰে। উক্ত অত্যাধুনিক যন্ত্ৰটোৰ যোগেদি চ্যুকাফা হস্পিতেলত সকলোধৰণৰ চাৰ্জাৰী সম্ভৱ হ’ব।তেওঁ অ এন জি চি কৰ্তৃপক্ষক চিকিৎসালয় চৌহদত স্বৰ্গদেউ চ্যুকাফাৰ এক প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ আহ্যান জনায়। বহুজাতিক প্ৰতিস্থান, তেল, আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা আঁ‌চনিৰ  অধীনত প্ৰায় ২০০ কোটি টকাৰে শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ অন্তৰ্গত ডিমৌৰ ৰজাবাৰীত নিৰ্মাণ কৰা হৈছে এই স্বৰ্গদেউ ছ্যুকাফা মাল্টিস্পেচিয়েলিটি চিকিৎসালয়।বিগত আঢ়ৈ বছৰত ৩০ হাজাৰকৈ ৰোগীক চিকিৎসা সেৱাআগবঢ়াই আহিছে ডিমৌ ৰজাবাৰী স্থিত এই ছ্যুকাফা মাল্টি স্পেচিয়েলিটি চিকিৎসালয় খনে। 

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সপ্তাহ যোৰা পুথিভঁৰাল সপ্তাহ উদযাপন

গ্ৰন্থগাৰ বিশ্বদৰ্শনৰ মূলদ্বাৰ এই লক্ষ্য শিৰোগত কৰি ১৯৮৫ চনৰ ২৭ জানুৱাৰীত গঠন হোৱা সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাই ইতিমধ্যে ৩৬ বছৰত ভৰি দিছে। ৩৬ বছৰ পুৰ্তি উপলক্ষে কালিৰ পৰা ২ ফেব্ৰুৱাৰী লৈকে ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু পুথিভঁৰাল সপ্তাহ উদযাপন কৰা হৈছে। ৭ দিনীয়াকৈ আয়োজন কৰা এই কাৰ্যসূচী কালি পুৱা পতাকা উত্তোলনৰে সন্থাৰ উপ-সভাপতি হিমাদ্ৰীজ্যোতি দত্তই শুভাৰম্ভ কৰে। ইয়াৰ পিছতে স্মৃতি তৰ্পণ, শোভাযাত্ৰা, বাটৰ নাট পৰিৱেশন আৰু ড° ভূপেন হাজৰিকা আদৰ্শ পুথিভঁৰাল মুকলি কৰা হয়। দিনৰ ১২ বজাত প্ৰাচীৰ পত্ৰিকা মুকলি কৰে প্ৰাক্তন বিধায়ক হৰেন বৰাই। গ্ৰন্থ আৰু প্ৰদৰ্শনী দ্বাৰ মুকলি কৰাৰ পাছত নৱ- নিৰ্মিত সুধাকন্ঠ ড° ভূপেন হাজৰিকা‌ মুকলি মঞ্চ মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। মুকলি মঞ্চ মুকলি কৰি দিয়া ভাষণত বিধায়ক শৰ্মাই কয়- সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাই গ্ৰামাঞ্চলত পুথিভঁৰাল আন্দোলন গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আধুনিক প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ সময়তো গ্ৰন্থৰ চাহিদা কমা নাই। গ্ৰন্থই জ্ঞান প্ৰসাৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। তেওঁ নৱ-প্ৰজন্মক‌ গ্ৰন্থ অধ্যয়নৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায়। বিয়লি দুই বজাৰ পৰা ভূপেন হাজৰিকা মুকলি মঞ্চত পুথিভঁৰাল সপ্তাহৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। কলংপাৰ কাকতৰ মুখ্য সম্পাদক ড° আবু হানিফাই উদ্ধোধন কৰা সভাত অৱসৰপ্ৰাপ্ত অধ্যাপক ড° জ্যোতিৰ্ময় জানা আৰু সত্ৰাধিকাৰ যুগল গোস্বামীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি পুথিভঁৰাল আন্দোলনৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে। সভাত ৰাজনীতি বিদ তথা প্ৰাক্তন বিধায়ক বানেশ্বৰ শইকীয়া, সাহিত্যিক উপন্দ্ৰ বৰকটকি, শিক্ষাবিদ ড° খগেশ্বৰ ভূঞা সমাজকৰ্মী কাৰ্তিক সাহাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।  হিমাদ্ৰী জ্যোতি দত্তই সভাপতিত্ব কৰা আৰু সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই আতধৰা সভাখনত নগাঁও জিলাৰ সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা ২৪ গৰাকী লোকক সম্বৰ্দ্ধনা জনোৱা হয়। সন্ধিয়া সাংস্কৃতিক সম্পাদিকা অনিমা বৰুৱা শৰ্মাৰ পৰিচালনাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। উদ্বোধনী অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচী পৰিচালনা কৰে সন্থাৰ সহকাৰী সম্পাদক দ্বয় খগেন চন্দ্ৰ নাথ আৰু দিলীপ বৰাই। সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ আন কাৰ্যসূচী ক্ৰমে আজি হোজাই জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত শিশু সুৰক্ষা আৰু মহিলা সবলীকৰণৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়। কাইলৈ গোলাঘাট জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত বদন শৰ্মা স্মাৰক বক্তৃতা অনুষ্ঠান, ৩০ জানুৱাৰীত তিনিচুকীয়া জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত জেষ্ঠ নাগৰিক কল্যাণ সম্পৰ্কীয় সজাগতা সভা, ৩১ জানুৱাৰীত মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ  উদ্যোগত যুৱ সমাৰোহ, ১ ফেব্ৰুৱাৰীত শোণিতপুৰ আৰু দৰং জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত মহিলা সবলীকৰণৰ আৰু  শিশুৰ বিকাশত গ্ৰন্থৰ ভূমিকা শীৰ্ষক আলোচনা চক্ৰ আৰু ২ ফেব্ৰুৱাৰীত নগাঁৱস্থ কেন্দ্ৰীয় কাৰ্যালয়ত সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব।

অসম গাওঁৰক্ষী দিৱসত বৰপেটা জিলাৰ ভেৰালদিক শ্ৰেষ্ঠ গাওঁৰক্ষী বটা প্ৰদান

২৯ জানুৱাৰী তাৰিখে অসমৰ ঐতিহ্য নগৰী হিচাপে খ্যাত শিবসাগৰ জিলাৰ তলাতল ঘৰৰ বাকৰিত আয়োজিত দুই দিনীয়া কাৰ্যসুচীৰ মুকলি সভাত বৰপেটা জিলাৰ ভেৰালদিক শ্ৰেষ্ঠ গাওঁৰক্ষী বটা প্ৰদান কৰে । জানিব পৰা মতে প্ৰতি বছৰে  ২৮ আৰু২৯ জানুৱাৰীত গাওঁৰক্ষী বাহিনীৰ জন্ম দাতা হৰিনাৰায়ন বৰুৱাক মনত পেলাবৰ বাবে ৰাজ্যিক ভিত্তিত অসমৰ জিলাসমুহত  দুই দিনীয়া কাৰ্যসুচী পালন কৰা হয় আৰু জিলাৰ একোখনকৈ দক্ষ গাওঁৰক্ষী সৎগঠনক পুৰষ্কাৰ দিয়া হয়। এইবাৰো শিবসাগৰত অনুষ্ঠিত কৰা অনুষ্ঠানত  আৰক্ষী সঞ্চালক প্ৰধান আৰু অন্যান্য বিষয়াসকলৰ উপস্হিতিত বৰপেটা জিলাৰ ভেৰালদিক শ্ৰেষ্ঠ বটা প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ।২০২০ বৰ্ষত  জিলাৰ ভিতৰতে উল্লেখযোগ্য  সেৱা আগবঢ়োৱাৰ বাবে বাহিনীৰ সম্পাদক মুনতাজ আলী আহমেদৰ হাতত এখন বটা আৰু প্ৰংশসা পত্ৰ  আগবঢ়ায়। ২০১৭ বৰ্ষতো গুৱাহাটীৰ অধিৱেশন যোগে বৰপেটাৰ  ভেৰালদিক শ্ৰেষ্ঠ গাওঁৰক্ষী বটা প্ৰদান কৰা হৈছিল। উল্লেখযোগ্য যে এই বটা লাভ কৰি কোনো গাওঁৰক্ষী বাহিনীয়ে সন্তোষ হোৱা নাই। কিয়নো নিজৰ জীৱন বিপন্ন কৰি সেৱা আগবঢ়োৱা আৰু অৰ্থ ব্যয় কৰি সামাজিক অনুষ্ঠান পাতি বটাৰ বাবে বাছনি হোৱা বাহিনীক আৰ্থিক বাবে বটা দিবলৈ সকলো জিলাৰ প্ৰতিনিধিয়ে দাবী জনাইছে।

দিল্লীৰ কৃষক আন্দোলনত অংশগ্রহণ কৰা অসমৰ বাৰ গৰাকীৰ বিৰুদ্ধে জামিন বিহীন গোচৰ

অসমৰ পৰা দিল্লীলৈ সোমবাৰে গৈ কৃষক আন্দোলনত যোগ দিছিল অসমৰ বাৰ জনীয়া এটা দলে। পিছত বুধবাৰে সন্ধিয়া উভতি আহি বৰঝাৰ বিমান বন্দৰ কভিড পৰীক্ষা নকৰাৰ অভিযোগত বাৰ গৰাকীৰ বিৰুদ্ধে আজাৰা থানাত  জামিন বিহীন গোচৰ ৰুজু হোৱা লগতে ৰাণীৰ কৃষক নেতা দিনেশ দাসক আজি পুৱাই আটক কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অসমৰ পৰা গৈ দিল্লীত কৃষক আন্দোলনত অংশগ্রহণ কৰিছিল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা বাৰজনীয়া  দলটোৱে। পিছত তাৰ পৰা উভতি আহি বুধবাৰে সন্ধিয়া বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ কভিড পৰীক্ষা নকৰাৰ গুৰুতৰ অভিযোগত আটক হব লগা হল ৰাণীৰ কৃষক নেতা দিনেশ দাস।

আজি পুৱাই আজাৰা আৰক্ষীয়ে ৰাণী আৰক্ষীৰ সহযোগত দীনেশ দাসক ঘৰৰ পৰাই আটক কৰি লৈ আহে। অসমৰ পৰা যোৱা বাৰজনীয়া দলটোৰ দীনেশ দাস আৰু অনুৰূপা ডেকা বৰুৱাসহ আটাইকেইগৰাকীৰ বিৰুদ্ধে বৰঝাৰ বিমান বন্দৰৰ কভিড টীমৰ তত্ত্বাবধায়কে কভিড নিয়ম ভংগ কৰাৰ বাবে এজাহাৰ দাখিল কৰিছিল আজাৰা থানাত। 

আনহাতে আজাৰা আৰক্ষীয়ে দাসৰ পৰিয়ালক আটক কৰাৰ কাৰণ জনোৱা নাই বুলিও তেওঁৰ পত্নীয়ে অভিযোগ তুলিছে। এই বাৰজনীয়া দলটোৰ বিৰুদ্ধে ৫৬/২১ নম্বৰত জামিন বিহীন গোচৰ ৰুজু হোৱা বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে। আজাৰা আৰক্ষীয়ে আজি পুৱাই  দীনেশ দাসক আটক কৰি আজাৰা থানালৈ লৈ অহাৰ কিছু সময় পিছতেই বাকী সতীৰ্থসকলৰ সন্ধানত তেওঁক পুনৰ মহানগৰীৰ ফালে লৈ যোৱা হয় ।

বৰ্তমানলৈ আজাৰা আৰক্ষীয়ে দীনেশ দাসক ক’ত ৰাখিছে অথবা কি অভিযোগত আটক কৰিলে সবিশেষ জানিবলৈ দিয়া নাই যদিও প্ৰকৃততে কভিড পৰীক্ষা নকৰাৰ অপৰাধতেই এতিয়া চৰম শাস্তি ভোগ কৰিব লাগিব নেকি এইসকলে । নে ইয়াৰ আৰত ৰজাঘৰীয়াৰ  অন্য উদ্দেশ্যে নিহিত হৈ আছে তাক লৈ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ৰঙিয়াত ম’হ কঢ়িওৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত

আজি পুৱতিনিশা ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা স্বস্তি হস্পিতালৰ সন্মুখত গুৱাহাটী অভিমুখি এ এছ-०১-জেচি- ৫৪৮৬ নম্বৰৰ ম’হ কঢ়িওৱা ট্ৰাক এখন দুৰ্ঘটনাগ্ৰস্ত হয় ।

উল্লেখ যোগ্য যে ট্ৰাকখনত ২৪ টাকৈ ম’হ আছিল । ইয়াৰ ভিতৰত ২ টাকৈ ম’হৰ মৃত্যু হৈছে । বাকী ২২ টা ম’হ ৰঙিয়া মূৰাৰাৰ স্থানীয় যুৱক সকলৰ সহযোগত উদ্ধাৰ কৰি বৰ্তমান ৰঙিয়াৰ ভাৰত পেট্ৰলিয়াম ডিপʼৰ কাষৰ এটা ঠাইত সুৰক্ষা দি ৰাখিছে । মন্ত্ৰী ভবেশ কলিতাই ঘটনাস্থলিত উপস্থিত হৈ মহকুমা প্ৰশাসনক ম’হকেইটা সুৰক্ষিত হৈ থকাৰ স্বাৰ্থত প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । ট্ৰাক খনৰ চালক হেণ্ডিমেন বৰ্তমানেও পলাতক অৱস্থাত আছে, যাৰবাবে ট্ৰাকখন ক’ৰ পৰা কলৈ গৈ আছিল জানিব পৰা হোৱা নাই । প্ৰথম অৱস্থাত আৰক্ষীয়ে মহকেইটা চুৰি কৰি অনা বুলি সন্দেহ প্ৰকাশ কৰিছিল যদিও অধিক তদন্তৰ পিছতহে প্ৰকাশ পাব মহকেইটাৰ প্ৰকৃত তথ্য ।