Home Blog Page 3058

অসম মন্ত্ৰী সভাৰ দপ্তৰ বিতৰণ; কোনে লাভ কৰিলে কি কি বিভাগ

অসম মন্ত্ৰী সভাৰ দপ্তৰ বিতৰণ; কোনে লাভ স্বাস্থ্য,‌‌শিক্ষা আদি বিভাগৰ মন্ত্ৰী পদ

১)মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত থাকিব গৃহ আৰু লোকনিৰ্মাণ বিভাগ

২)কেশৱ মহন্তৰ হাতত থাকিব স্বাস্থ্য বিভাগ।

৩) ৰনোজ পেগুক শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন দপ্তৰ ।

৪) কৃষি, পশুপালন,‌‌‌অসম চুক্তি ৰূপায়নৰ দায়িত্ব অতুল বৰাক।

৫) বন, আবকাৰী, আৰু মীন বিভাগৰ দায়িত্ব পৰিমল শুক্লবৈদ্যক।

৬) হস্ততাঁত আৰু ভূমি সংৰক্ষণ বিভাগৰ দায়িত্ব ইউ জি ব্ৰহ্মক।

৭) অজন্তা নেওগক বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ দায়িত্ব।

৮) বিমল বৰাক ক্ৰীড়া আৰু যুৱ কল্যান,সাংস্কৃতিক, শক্তি আৰু পৰ্যটন বিভাগৰ দায়িত্ব দিয়া হৈছে

৯) পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, খাদ্য আৰু অসমৰিক যোগান বিভাগৰ দায়িত্ব ৰঞ্জিত দাসক।

১০) ৰাজহ আৰু দুৰ্যোগ বিভাগৰ দায়িত্ব যোগেন মোহনক।

১১) চাহ জনজাতিৰ উন্নয়ন আৰু শ্ৰম বিভাগৰ দায়িত্ব সঞ্জয় কিষানক।

১২) অশোক সিংঘালক গুৱাহাটী উন্নয়ন,নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে ।

১৩)পীয়ুষ হাজৰিকাক জলসম্পদ,তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে ।

১৪) পৰিবহন,উদ্যোগ,বানিজ্য আৰু সংখ্যালঘু উন্নয়ন বিভাগৰ দায়িত্ব চন্দ্ৰ মোহন পাটোৱাৰীক ।

দুৰ্নীতিৰ দুৰ্গত পৰিণত হৈছে নাজিৰাৰ গেলেকী পঞ্চায়ত

 নাজিৰা মহকুমাৰ গেলেকী গাওঁ পঞ্চায়ত এনে এটা পঞ্চায়ত য’ত প্ৰতিটো কামতেই দুৰ্নীতি হৈ আহিছে । পঞ্চায়তৰ সন্মুখ ভাগত অহা এটা পথৰ নিৰ্মাণক লৈ ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উঠিছে । ৬ লাখ ২৩ হাজৰ টকাত নিৰ্মাণ হ’ব লগা এই পথটো নিৰ্মাণৰ বাবে প্ৰস্তুত কৰা নিৰ্মাণ সমিতিৰ  সভাপতিয়ে কোনো কথা গম নোপোৱাকৈয়ে পঞ্চায়তৰ সচিব উপেন বৰা, সভানেত্ৰী বেবী মাহান্তি তাছা, সহকাৰী অভিযন্তা প্ৰাঞ্জিত ভূঞাই একলগ হৈ বিল পাছ কৰি ধন হৰলোকি কৰাৰ ঘটনাই অঞ্চলটোৰ লোকসকলক ক্ষোভিত কৰি তুলিছে । ৰাইজৰ পৰা জানিব পৰা মতে নিম্নমানৰ পথ নিৰ্মাণক লৈ বিৰোধ কৰাৰ বাবে জাকিৰ হুছেইন নামৰ ব্লক ইটা যোগান ধৰা ঠিকদাৰজনে দিন দুপৰতে গুন্দাগিৰী দেখাই গেলেকী পঞ্চায়তৰ কাৰ্যালয়ত আহি সমীৰণ নামৰ জুনিয়ৰ ইঞ্জিনিয়াৰজনক মুকলি ধমকি দিয়ে, কিন্তু সেই সময়ত উক্ত স্থানত উপস্থিত থকা পঞ্চায়তৰ সচিব উপেন বৰায়েও কোনো বাধা প্ৰদান নকৰাত এক সন্দেহৰ প্ৰশ্ন উঠিছে ৰাইজৰ মাজত । ইয়াৰোপৰি এই উপেন বৰাই পথটোৰ সন্দৰ্ভত যদি নিৰ্মাণ সমিতিৰ   সভাপতিয়ে মুখ খোলে তেন্তে মৃত্যুৰ সন্মুখীন হ’ব লাগিব বুলিও ভাবুকি প্ৰদান কৰে । পঞ্চায়তৰ বিষয় ববীয়াৰ এনেধৰণৰ আচৰণৰ বাবে ৰাইজ ক্ষোভিত হৈ পৰিছে । পঞ্চায়তৰ সচিব, সভানেত্ৰী, সহকাৰী অভিযন্তা আৰু জাকিৰ নামৰ ব্যক্তিজন একলগ হৈ বহুদিনৰ পৰা এই পঞ্চায়তত দুৰ্নীতি কৰি অহা বিষয়টোৱে সকলোৰে চকু কপালত তুলিছে ।এই বিষয়ত প্ৰশাসনৰ বিষয়াই কি ভুমিকা পালন কৰে লক্ষ্যনীয় হৈ ৰব ।

ওদালগুৰিত ক’ৰণাত আক্ৰান্ত ৯৭ গৰাকীসহ মুঠ ৯০৫ লৈ বৃদ্ধি :মৃত্যুৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি

ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে  দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা  তথ্য অনুসৰি  ১০মেলৈ   ওদালগুৰিত ৯৭ গৰাকী  কৰোনাত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত দ্বিতীয় পৰ্যায়ত এক এপ্ৰিলৰ পৰা ১০ মেলৈ  আক্ৰান্তৰ সংখ্যা ৯০৫ গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে  বৰ্তমানলৈ ১০মেলৈ   ৮০২ গৰাকীক পৰীক্ষা কৰাৰ পিছত ৯৭ গৰাকী দেহত  কৰোনা ধৰা পৰে।ইয়াৰ ভিতৰৰ ৯৬ গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন  হৈ থকাৰ বিপৰীতে ২৮৯ গৰাকী হোম আইচিলেচনত চিকিৎসাধীন আছে।সুস্হ হৈ উঠা ৪৫ গৰাকীক ঘৰলৈ যাবলৈ দিয়া হয়।ইপিনে কালিৰ তথ্য অনুসৰি ওদালগুৰিৰ কা‍ঁহিবাৰী গাঁওৰ লীনা দৈমাৰী(৮৯),হৰিশিঙাৰ নিজ জকৰা গাঁওৰ অৰুপ নাথ (৩০) আৰু টংলাৰ জালুকবাৰীৰ মহেন্দ্ৰ নাথ শৰ্মা(৬৭),মাজবাটৰ কৰ্ন উপাধ্যায় (৬৫)  নামৰ চাৰি জন লোক ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱাত মাৰ্চ’২১ৰ পৰা এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পালে।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে  সজাগ আৰু সচেতন  হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি  চলিবলৈ স্বাস্হ্য বিভাগে আহ্বান জনায়।সমগ্ৰ জিলাখনত  ১০মেলৈ  ৪৫+ বছৰৰ পৰা উৰ্দ্ধত   ৬১,২৮৬গৰাকী পঞ্জীয়নভুক্ত ব্যক্তিক ভেকচিন প্ৰদান কৰা হৈছে ৷ পুৱাৰে পৰা শাৰী শাৰীকৈ লাইন পাতি  থকা পঞ্জীয়ন ভূক্ত হৈ থকা ১৮-৪৪ বছৰলৈ১৯০০শ গৰাকীক   প্ৰদান কৰা হৈছে ক’ভেস্কিন  ৷ ভেকচিন লৈ যথেষ্ট উৎফুল্লিত  হৈ পৰিছে নব যুৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলে ৷

অনামিকা দুৱৰা” ৰ স্ৰষ্টা জনপ্ৰিয় কবি পল শেনচোৱাৰ অকাল মৃত্যু

“তোমাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ পাইছো, অনামিকা দুৱৰা” আদি জনপ্ৰিয় কবিতাৰ স্ৰষ্টা যুৱ প্ৰজন্মৰ জনপ্ৰিয় কবি পল শেনচোৱাৰ কালি ৩৭ বছৰ বয়সত অকাল মৃত্যুক সাৱটি লয়। কালিৰ পৰা পেটৰ বিষত আক্ৰান্ত কবি জনৰ স্বাস্থ্যৰ আকস্মিক অৱনতি ঘটাত কালি পৰিয়ালৰ লোকে ডিব্ৰুগড়ৰ সৃষ্টি নাৰ্চিং হোমত ভৰ্তি কৰায় যদিও নিশা ৮ বজাত ডিব্ৰুগড়তে শেষ নিশ্বাস ত্যাগ কৰে। এসময়ত জনপ্ৰিয় আলোচনী, “মায়া” ৰ সহ সম্পাদকৰ দ্বায়িত্ব পালন কৰা শেনচোৱাৰ বহু কবিতা জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গে আবৃত্তি কৰিছিল। বিশেষকৈ তোমাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ পাইছো, অনামিকা দুৱৰাৰ সতে মোৰ অন্তিম আলাপ ইত্যাদি কবিতাই ৰাজ্যজুৰি বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। গড়গাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তুলসী শেনচোৱাৰ একমাত্ৰ পুত্ৰ পল শেনচোৱাই মৃত্যুৰ সময়ত পিতৃ মাতৃ আৰু পত্নীক ইহ সংসাৰত এৰি থৈ গৈছে। জনপ্ৰিয় কবিজন যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।

দাৰিদ্ৰ্যৰ কৰুণ পৰিণতিত আত্মহত্যা ! নিজে সজা জুপুৰীত উদ্ধাৰ পিতৃ-কন্যাৰ অৰ্দ্ধগলিত মৃতদেহ

নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত সাতচৈ গ্ৰান্ট বৰচাপৰিত পৰহি  বিয়লি  পিতৃ আৰু কন্যাৰ অৰ্দ্ধগলিত মৃতদেহৰ উদ্ধাৰৰ এক কৰুণ আৰু বিভৎস ঘটনাই সমগ্ৰ নাজিৰা মহকুমাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কালি গধূলি ঘটনাৰ বিষয়ে  নাজিৰা আদৰ্শ আৰক্ষী থানা অৱগত হৈ ঘটনা স্থলীত উপস্থিত হয় । ঘটনাৰ বিৱৰণি মতে বিহাৰী বাক্তি (৫১) নামৰ লোকজনে বৰফুকন গাঁঁও পঞ্চায়তৰ  সাতচৈ গ্ৰান্ট বৰচাপৰি এলেকাত নিজে এডোখৰ মাটি বাচি লৈ এটি নৰাৰ জুপুৰী সাজি লৈ কন্যাৰ সৈতে বসবাস কৰি আহিছিল আৰু জীৱিকা হিচাপে অনিয়মীয়াকৈ হাজিৰা কাম কৰি পেট প্ৰৱৰ্তাইছিল । সততে স্থানীয় লোকৰ সৈতে সংস্পৰ্শ নাৰাখি দূৰে দূৰে কাম কৰি ফুৰা লোকজনৰ কন্যা দেৱান্তী বাক্তি (১৪)য়েও এনেদৰে কিবা-কিবি কামত ঘূৰি ফুৰিছিল ।  পৰহি বিয়লি স্থানীয় লোকে হঠাৎ বিহাৰী বাক্তি আৰু দেৱান্তী বাক্তিৰ বাসগৃহটোৰ পৰা বিভৎস গোন্ধ ভাঁহি অহাৰ লগতে জুপুৰীটোৰ দুৱাৰত অজস্ৰ মাখিৰ সমাহাৰ দেখি সন্দেহত নাজিৰা আৰক্ষীক অৱগত কৰে । আত্মহত্যা বুলি সন্দেহ কৰা হোৱা ঘটনাত পিতৃৰ ওলমি থকা, মৃতদেহৰ কাষতে ১৪ বছৰীয়া কন্যাৰ মৃতদেহটো পৰি ৰৈছিল । জয়সাগৰস্থ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত ৰাইজৰ দ্বাৰা কাৰ্য্যবাহী দণ্ডাধীশৰ উপস্থিতিত সমাধিস্থ কৰা হয় । এই ঘটনাই সমগ্ৰ নাজিৰাতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে ক্ৰমাৎ লকডাউন অভিমুখে গতি কৰা পৰিস্থিতিত এচাম লোকৰ দুবেলা দুমুঠি আহাৰ যোগাৰ  হোৱাটো যে বন্ধ হৈ পৰিব সেয়া এক চিন্তনীয় বিষয় হৈ পৰিছে । স্থানীয় লোকৰ ভাষ্যমতে পূৰ্বতে নাজিৰাৰ ভিতৰুৱা অঞ্চল ধোবাবিলৰ ওচৰত বসবাস কৰা বিহাৰী বাক্তিয়ে বসবাস কৰা ভূমি বিক্ৰী কৰি পোনৰ বৰচাপৰিত থিতাপি লৈছিল । অৰুণোদয়, চৰকাৰী ৰেচন কাৰ্ড আদিৰ কোনো সুবিধা নোহোৱা অৱস্থাত পিতৃ-কন্যাই বহু সময়ত নিয়মীয়া খাদ্য খাবলৈ নেপাইছিল । স্থানীয় লোকে অভাৱ আৰু দাৰিদ্ৰ্যৰ বাবেই এই আত্মহত্যৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে । 

লাহৰীঘাটৰ দুখন গাঁৱক কনটেইনমেন্ট জ’ন ঘোষণা কৰিলে জিলা প্ৰশাসনে

মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনস্হ  বৰিবন্ধা আৰু ভূৰাগাঁও ৰাজহ চক্ৰৰ পোকালাগি গাঁৱত  যোৱা কালি  ১০ মেত   একে দিনাই  ১৮ জনৰ কৰোনা RAT টেষ্টত পজেটিভ হোৱাৰ পিছত  প্ৰশাসনে   দুয়োখন  গাঁৱতে   ১৫ দিনলৈ কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে জিলা প্ৰশাসনে

অসমত কোৰোণাৰ ভয়ংকৰ ৰূপঃ কালিৰ দিনটোত মৃত্যুক সাৱটিলে ৭৭জন ৰোগীয়ে, মুঠ আক্ৰান্তৰ সংখ্যা ৫,৮০৩

সোমবাৰৰ দিনটোত ৰাজ্যত কোৰোণাত আক্ৰান্ত হ’ল ৫৮০৩ জন লোক।কেৱল কালিৰ দিনটোতে কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে অভিলেখ সংখ্যক ৭৭ জন ৰোগীয়ে।কেৱল কামৰূপ মহানগৰ জিলাতে ১৪৮১ জন লোকৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি।

তিনিচুকীয়াৰ জাগুনত গ্ৰেনেড বিস্ফোৰণ, নিহত এজন কিশোৰ!

তিনিচুকীয়াৰ জাগুনত গ্ৰেনেড বিস্ফোৰণ। জাগুনৰ কথা ৰিজাৰ্ভৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা। নদীৰ কাষত পৰি থকা গ্ৰেনেডটো এটি কিশোৰে হাতত তুলি লওঁতেই বিস্ফোৰণ ঘটে। এই বিস্ফোৰণত ১২ বছৰীয়া সুৰজ হাজং নামৰ কিশোৰজন নিহত হোৱা বুলি জানিব পৰা গৈছে। এই বিস্ফোৰণত এজন আহত হৈছে। আহতজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল, শিক্ষাৰ্থীক উত্তীৰ্ণ কৰা হ’ব দ্বিতীয় বৰ্ষলৈ

ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হ’ল অসম উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা।পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ সকলো পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰা হ’ব দ্বিতীয় বৰ্ষলৈ।AHSEC য়ে ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে।

সাপ্তাহিক বজাৰ বন্ধই গ্ৰামাঞ্চলৰ চহা কৃষক ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱন যাত্ৰালৈ অশনি সংকেত,উদিগ্ন দৰিদ্ৰ কৃষক বনুৱা

ক’ভিড-১৯ৰ দ্বিতীয় লহৰে সমগ্ৰ দেশৰ লগতে অসমৰ কেবাখনো জিলাত সংক্ৰমনে প্ৰভাৱ বিস্তাৰ কৰিছে।ডিব্ৰুগড় জিলাতো ক’ৰনাৰ সংক্ৰমনে ভয়াবহ ৰূপ ধাৰণ কৰি বিপদাপন্ন কৰি তুলিছে।এই ক’ৰনা গণ সংক্ৰমন ৰোধৰ প্ৰতি ডিব্ৰুগড় জিলাৰ প্ৰশাসনে সাপ্তাহিক বজাৰ সমূহ বন্ধৰ নিৰ্দেশ দিয়াৰ পিছত আজি জিলাৰ সাপ্তাহিক বজাৰ সমূহ বন্ধ হৈ পৰে।আনকি ডিব্ৰুগড় চৌকিডিঙ্গী দৈনিক বজাৰ ডিকম বজাৰ,ঘোৰামৰা বজাৰ, লাহোৱাল বজাৰখনো বন্ধ হৈ পৰা পৰিলক্ষিত হয়।ক’ভিড মহামাৰীৰ গণ সংক্ৰমনৰ ৰোধৰ পৰিপ্ৰৰেক্ষিতত সাপ্তাহিক বজাৰ সমূহ বন্ধ দিয়াত আজি গ্ৰামাঞ্চলৰ ক্ষুদ্ৰ ব্যৱসায়ী ‘ গাৱত উৎপাদিত শাক পাচলিকে ধৰি শস্যজাত সামগ্ৰী বিক্ৰী কথমপি পেট প্ৰৱৰ্তন কৰা সকলে জীৱনৰ জীৱিকাৰ পৰা বঞ্চিত হোৱা বুলি এই প্ৰতিবেদকক জানিবলৈ দিয়ে।বিশেষকৈ গাৱঁলীয়া চহা কৃষক ‘বনুৱা ‘আৰু ক্ষুদ্ৰ ব্যৱসায় কৰি দুবেলা দুমুঠি আহাৰ যোগাৰ কৰা দৰিদ্ৰ বহু লোকে সাপ্তাহিক বজাৰ’ ডিব্ৰুগড় দৈনিক চৌকিডিঙ্গী বজাৰ আৰু অভাৰব্ৰীজৰ বজাৰ,ডিকম বজাৰত শাক পাচলি ‘কৃষিজাত সামগ্ৰী ‘হাহঁ কুকুৰা আদি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি পেট প্ৰবৰ্টায় আহিছে।কিন্তু সাপ্তাহিক বজাৰ আৰু ডিব্ৰুগড় চৌকিডিঙ্গী আৰু অভাৰব্ৰিজৰ দৈনিক বজাৰ,ডিকম বজাৰ বন্ধৰ ফলত গ্ৰামাঞ্চলৰ পৰা শাক পাচলিকে ধৰি শস্যজাত দ্ৰৱ্য ‘হাহঁকুকুৰা বিক্ৰী কৰি জীৱন আৰু জীৱিকা নিৰ্বাহ কৰা সকলৰ জীৱনকৈ অমানিশা নামি আহিল বুলি বহু ক্ষুদ্ৰ ব্যৱসায়ীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু ক’ভিড  বিধি মানি ‘আৰু ক’ভিড প্ৰটকলৰ মাজেৰে সাপ্তাহিক বজাৰ চলিৱ পৰা বিকল্প পদক্ষেপ বাবে অসমৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী’ আৰু ডিব্ৰুগড় জিলা প্ৰশাসনক আহবান জনাইছে ।