নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত মিকিৰ বামুণী গ্ৰান্টৰ ৰায়তী ক্ষতিয়ান প্ৰাপ্ত কৃষকক উচ্ছেদ কৰি ‘আজুৰ’ নামৰ এটা বহুজাতিক প্ৰতিষ্ঠানে এটা সৌৰ প্ৰকল্প স্থাপন কৰিবলৈ লোৱা কাৰ্যৰ বিৰুদ্ধে বিগত কেইবামাহ ধৰি স্থানীয় কৃষকৰ লগতে বহু কেইটা দল-সংগঠন সোচ্ছাৰ হৈ পৰে। শেহতীয়াকৈ এই বিষয়টোৱে ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে । আনহাতে এই বিষয়টো সম্পৰ্কত অনুসন্ধান কৰিবৰ বাবে কেইবাজনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাজকৰ্মী তথা পৰিৱেশ কৰ্মী আহি নগাঁৱত উপস্থিত হৈছেহি । এই সকলৰ ভিতৰত গ্ৰীণ নবেল বঁটাৰে সন্মানিত বিশিষ্ট পৰিৱেশ কৰ্মী প্ৰফুল্ল চামান্ত্ৰাই আজি নগাঁৱত আয়োজিত এক সংবাদ মেলত চৰকাৰ আৰু প্ৰশাসনক ক্ষুৰধাৰ সমালোচনা কৰি কয় : চৰকাৰ, আইন আৰু সংবিধান সকলো থকাৰ পিছতো এনে ঘটনা সংঘটিত হোৱাটো দুৰ্ভাগ্যজনক। এই ঘটনাটো যি স্থানত সংঘটিত হৈছে, সেই স্থান তথা সমষ্টিটোৰ জনপ্ৰতিনিধিজন পূৰ্বে দুবাৰকৈ মুখ্যমন্ত্ৰী হৈছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই প্ৰতিনিধিত্ব কৰা বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত স্থানত কৃষকৰ ওপৰত প্ৰশাসনৰ অত্যাচাৰ ধিক্কাৰজনক। জনপ্ৰতিনিধি প্ৰফুল্ল কুমাৰ মহন্তৰ নীৰৱতাকো আমি সমালোচনা কৰিছো।চৰকাৰে বহুজাতিক কোম্পানীক অসমৰ শস্য ভুমি তথা গ্ৰাম্যঞ্চল ধ্বংস কৰাৰ বাবে মুকলি অনুজ্ঞাপত্ৰ দিছে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ কাৰ্যালয়ত আজি অনুষ্ঠিত সংবাদ মেলখনত আন এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিৱেশ কৰ্মী লিঅ চালডানহাই কয় : ঘটনাটোৰ তথ্য বিচাৰি আমি যেতিয়া অসম শক্তি বিতৰণ বিভাগ, ৰাজহ বিভাগ তথা অসম চৰকাৰৰ অন্য প্ৰশাসনিক বিষয়াৰ কাষ চাপিছিলো, তেতিয়া তেওঁলোকে আমাক কোনো তথ্য দিব পৰা নাছিল। এনে লাগিছে যে গোটেই চৰকাৰী যন্ত্ৰটো নীৰৱে আছে। তেওঁ লগতে কয় যেএই ভূমিত কেইবা দশকজুৰি কৃষক সকল আছে। তদুপৰি ই হাতী অহাযোৱা কৰাৰো বাট। ইপিনে, অসমৰ জলবায়ু পৰিৱৰ্তনশীল বুলি মন্তব্য কৰি তেওঁ কয় যে সুৰ্য্যৰ প্ৰত্যক্ষ ৰশ্মি পৰা মৰুভূমি এলেকাত এই সৌৰ প্ৰকল্পটো স্থাপন নকৰি অসমৰ কৃষকৰ শস্য ভুমি ধ্বংস কৰি কিয় ইয়াত সৌৰ প্ৰকল্প স্থাপন কৰিব বিচাৰিছে সেয়া ৰহস্যজনক। বিশিষ্ট পৰিৱেশ কৰ্মীজনে আৰু কয় : অসম চৰকাৰৰ ভূমি আইন আৰু বাস্তৱৰ কাৰ্যকলাপৰ মাজত বৃহৎ পাৰ্থক্য আছে। ভুমি আইনত উল্লেখ আছে যে খিলঞ্জীয়া মানুহ তেতিয়াহে সুৰক্ষিত হ’ব, যেতিয়া ভূমিৰ অধিকাৰ সুৰক্ষিত হয়। কিন্তু বাস্তৱত চৰকাৰে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে। অসমৰ কৃষক সকল বানপানী, দৰিদ্ৰতা আদি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ থাকে। তেনে ক্ষেত্ৰত ভূতৰ ওপৰত দানহ পৰাদি আকৌ কৃষক সকলৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে। সংবাদ মেলত উপস্থিত থকা আন এগৰাকী পৰিৱেশ কৰ্মী ভাৰ্গৱী এছ ৰাওৱে কয়, উদ্যোগ প্ৰতিষ্ঠান প্ৰতিষ্ঠাৰ নামত এনেদৰে কৃষি ভুমি ধ্বংস কৰা কাৰ্যই মহিলা-শিশু সকলৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাব। অসমত এনিমিয়া ৰোগত আক্ৰান্ত লোকৰ সংখ্যা অধিক। গতিকে শ শ বিঘা কৃষি ভুমি ধ্বংস কৰা কাৰ্যই খাদ্যৰ নাটনি ঘটাব আৰু মহিলা-শিশু সকলক পুষ্টিহীনতাত ভোগাব। আৰক্ষী প্ৰশাসনে কৃষকক উচ্ছেদ কৰাৰ নামত মহিলাৰ ওপৰত নিৰ্যাতন চলোৱা কাৰ্যক এছ ৰাওৱে গৰিহণা দি লগতে কয় যে আমেৰিকা আৰু কানাডাৰ যিকেইটা বিত্তীয় প্ৰতিষ্ঠানে আজুৰ কোম্পানীক ধনৰ যোগান ধৰিছে তেওঁঁলোকে কৃষকৰ অধিকাৰ আৰু মানৱ অধিকাৰ খৰ্ব কৰা কাৰ্যত উৎসাহিত কৰিছে আটাইকেইগৰাকী পৰিৱেশ কৰ্মীয়ে বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়লৈ আন্দোলন গঢ়ি তুলিব বুলি জানিবলৈ দিয়ে।সংবাদ মেলত উপস্থিত থকা দিল্লীৰ আন এগৰাকী সামাজিক কৰ্মী অমিত কুমাৰেও অসম চৰকাৰৰ ভূমি নীতিৰ বাখ্যা দাঙি ধৰি চৰকাৰে বাস্তৱত কৰা কাৰ্যক সমালোচনা কৰে।সংবাদ মেলত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমনি বৰা,সম্পাদক প্ৰাগজ্যোতিষ বনিয়া,চি পি আইৰ নগাঁও জিলা সমিতি সম্পাদক ৰাতুল বৰাৰ লগতে ছাত্ৰ নেতা প্ৰৱাল শৰ্মা,কাশ্যপ ফুকন আদি উপস্থিত থাকে।
অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ
অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ। ২৯, ৩০ আৰু ৩১ জানুৱাৰী তাৰিখে শ্ৰী শ্ৰী বটদ্ৰৱা থানত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব এই মহোৎসৱ।
উল্লেখ যোগ্য যে, মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত বটদ্ৰৱা থানত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই মহোৎসৱ । শ্ৰীমন্ত শঙ্কৰদেৱ মহোৎসৱত হাজাৰৰো অধিক লোকৰ সমাগম হ’ব বুলি আশা ৰাখিছে বটদ্ৰৱা থানৰ পৰিচালনা সমিটিয়ে ।
৮ ফেব্ৰুৱাৰীত মহিলাসকললৈ ৰাজ্য চৰকাৰে আগবঢ়াব ৫০ হাজাৰকৈ টকা
নিৰ্বাচন সমাগত। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ইখনৰ পিছত সিখন আঁচনি। কেইদিনমান পূৰ্বে স্বয়ম আঁচনিৰ জৰিয়তে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীলৈ ৫০ হাজাৰকৈ টকা আগবঢ়োৱাৰ পিছত এইবাৰ ৰাজ্য চৰকাৰ সাজু হৈছে ৰাজ্যৰ মহিলাসকললৈ আৰ্থিক অনুদান আগবঢ়াবলৈ।
বুধবাৰে এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহত্ঘোষণা কৰে। অহা ৮ ফেব্ৰৱাৰীত ৰাজ্যৰ মহিলাসকললৈ আগবঢ়োৱা হ’ব ৫০ হাজাৰকৈ টকা। কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলা আত্মসহায়ক গোট সমূহলৈ আগবঢ়োৱা হ’ব এই ধনৰাশি।
মৰাণত সত্ৰীয়া নৃত্য বিদ্যালয়ৰ উদ্বোধন কৰিলে জনপ্ৰিয় কন্ঠ শিল্পী বিপিন চাউদাঙে
সাংস্কৃতিক ক্ষেত্ৰখনত এক সুকীয়া স্থান অধিকাৰ কৰি অহা উজনি অসমৰ মৰাণত আজি অন্য এক সাংস্কৃতিক দিশ সংযোজন ঘটিল। মৰাণত আজিৰে পৰা সত্ৰীয়া নৃত্য কলা এক প্ৰশিক্ষণ বিদ্যালয় আৰম্ভ হ’ল।
সত্ৰীয়া নৃত্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী উদীয়মান যুৱক চন্দন চায়া(চন্দন কোঁৱৰ)ৰ অধ্যক্ষতাত মৰাণহাট জ্যোতিপুৰত “কলা মন্দিৰ” নামেৰে আজিৰে পৰা আৰম্ভ কৰা সত্ৰীয়া নৃত্য প্ৰশিক্ষণ বিদ্যালয়খন ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে জনপ্ৰিয় কন্ঠ শিল্পী বিপিন চাউদাঙে। মৰাণৰ জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰীয়ে অনুষ্ঠানত বন্তি প্ৰজ্জলন কৰে। আহোম জাতীয় গণ মঞ্চ,অসমৰ কেন্দ্ৰীয় সমিতিৰ সহঃকৰী সম্পাদক অকণ ভূঞাই আঁত ধৰা অনুষ্ঠানটিত মৰাণ প্ৰেছ ক্লাৱৰ সম্পাদক কৰুণা ফুকন, আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সহঃকাৰী সম্পাদক দেৱজিৎ গগৈ,মৰাণ মহাবিদ্যালয়ৰ প্ৰবক্তা নবীন গগৈ,সমাজকৰ্মী মোহিনী মোহন লিগিৰা আৰু শিক্ষক ভীমবৰ পাতিৰিয়ে অংশ গ্ৰহণ কৰি শুভেচ্ছা মুলক বক্তব্য ৰাখে।
৭০০০ কিলোমিটাৰ অতিক্ৰম কৰি পুনৰ ভাৰত পালেহি ৰাফেল বিমান
বুধবাৰে নিশা ভাৰত পালেহি তিনিখনকৈ ৰাফেল বিমান। ফ্ৰান্সৰ পৰা ৭,০০০ কিলোমিটাৰ অতিক্ৰম কৰি জামনগৰৰ বিমানঘাটিত অৱতৰণ কৰে তিনিখনকৈ ৰাফেল বিমানে।
ইয়াৰ পূৰ্বে প্ৰথমবাৰৰ বাবে ২৯ জুলাইত ফ্ৰান্সৰ পৰা পাঁচখনকৈ ৰাফেল আনিছিল ভাৰতে।
তাৰ পাছতে ৫ নৱেম্বৰত পুনৰ ভাৰতলৈ তিনিখন ৰাফেল আহি পাইছিল।
বুধবাৰে আহি পোৱা তিনিখন ৰাফেলৰ পাছতে ভাৰতৰ বায়ু সেনাত চামিল হোৱা মুঠ ৰাফেল যুঁজাৰু বিমানৰ সংখ্যা হ’লগৈ ১১খন।
উল্লেখ্য যে, ৫৯ হাজাৰ কোটি টকাৰ বিনিময়ত ফ্ৰান্সৰ সৈতে প্ৰায় ৪বছৰৰ আগতে ভাৰতে ৩৬খন বিমান ক্ৰয়ৰ চুক্তি কৰিছিল ভাৰত চৰকাৰে।
২৩ বছৰে পূৰ্বে ভাৰতে প্ৰথম ক্ৰয় কৰিছিল যুঁজাৰু বিমান।
এতিহাসিক পথৰুঘাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
এতিহাসিক পথৰুঘাটত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।
শ্বহীদ তৰ্পনৰ পাছতেই সংহত প্ৰশিক্ষণ আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ উন্মোচন কৰি মুকলি সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷
মুকলি সভাত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ মুঠ ২২জন প্ৰগতিশীল কৃষকক চৰকাৰীভাৱে সম্বৰ্ধনা জনোৱা হয়।
বোকাখাতত অসামৰিক পৰীক্ষাৰ সজাগতা অনুষ্ঠান
বোকাখাত পুৱতি সাহিত্য সভা ভবনত যোৱা ২৭ জানুৱাৰীত অনুষ্ঠিত হৈ যায় অসম অসামৰিক সেৱা পৰীক্ষাৰ প্ৰস্তুতি সম্পর্কে এক সজাগতা অনুষ্ঠান। সজাগতা অনুষ্ঠানত বোকাখাতৰ দুই মহাবিদ্যালয় জে, দি, এছ, জি মহাবিদ্যালয়, চি, এন, বি মহাবিদ্যালয়ৰ লগতে কমাৰগাঁও মহাবিদ্যালয়ৰ মুঠ ১৫০ গৰাকী স্নাতক চূড়ান্ত বৰ্ষৰ মেধাবী ছাত্র ছাত্ৰীয়ে অংশগ্রহণ কৰে। বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভবানন্দ কলিতাৰ সঞ্চালনাত হোৱা কৰ্মশালাত সমল ব্যক্তি হিচাপে ভাগ লয় বোকাখাত মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত ৰনন্ময় ভৰদ্বাজ আৰু বোকাখাতৰ পৰা সদ্য নির্বাচিত এ, চি, এছ বেদব্ৰত পেগুৱে। এই কৰ্মশালা অনুস্থিত হৈছিল বিজয় কুটুম, ড° বাবুলাল মোৰেৰ তত্বাবধানত।
বামুণী গাওঁ বনাঞ্চলিক বিষয়াৰ সফল অভিযানত জব্দ চোৰাং কাঠ
এচাম ধূৰন্ধৰ প্ৰকৃতিৰ লোকে অহৰহ চলাই আহিছে অসমৰ মুল্যবান সম্পদ ধ্বংসত। এই চামৰ বাবে ধ্বংস হৈছে এফালৰ পৰা বনাঞ্চল। কামৰূপ জিলাৰ পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্য্যালয় অধিনৰ এলেকাটো সঘনাই সংঘটিত হয় মুল্যবান কাঠৰ চোৰাং বেহা। অসাধু চক্ৰই চলাই এই দূষ্কাৰ্য্য।
উল্লেখ্য যে, যোৱা নিশাও অসাধু চক্ৰই সৰবৰাহৰ বাবে লৈ গৈছিল চোৰাং কাঠ ভৰ্তি এখন ডি আই গাড়ী। এই খৱৰ পোৱাৰ লগে লগে জামবাৰীৰ হাতীপাৰাৰ পৰা বামুণী গাওঁ বনাঞ্চলিক বিষয়াই নিশা ১০ বজাত জব্দ কৰে গাড়ী খন ।
জানিব পৰা মতে বনাঞ্চলিক বিষয়া কুশল দাসৰ নেতৃত্বত এটি সজাতি দলে খেদি গৈ পথতে আগচি ধৰে গাড়ী খন। বনাঞ্চলিক বিষয়াৰ এই কাৰ্য্যৰ বাবে সচেতন সমাজে সলাগ লয় বিষয়া জনক।
আজিৰে পৰা ধেমাজিত পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় মেডাম মেফী
ধেমাজি জিলা তাই আহোম ছাত্ৰ সন্হাৰ ধেমাজি সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজি ২৮ জানোৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈকে চাৰিদিনীয়া বৰ্ণিল কাৰ্য্যসুচীৰে ধেমাজি ডি আৰ ডিএ খেল পথাৰত পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় মে-ডাম মে-ফীৰ উদযাপন কৰা হৈছে ৷ কাৰ্য্যসুচী অনুসৰি আজি পুৱা সামুহিক চাফাই অভিযানৰে প্ৰথম দিনা কাৰ্য্যসুচীৰ পাতনি মেলা হয় ৷ ইয়াৰ পাছতে আটাছুৰ উপ সভাপতি দুলাল বৰুৱাৰ দ্বাৰা মুখ্যদ্বাৰ উদ্বোধন কৰা হয় ৷ মৈদাম তপৰ্ণ কৰে আটাছুৰ কাৰ্য্যকৰী সভাপতি খগেন কোঁৱৰে ৷ চ্যুকাফা প্ৰতিমূৰ্তিত মল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰে ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁইয়ে ৷ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগে ৷ ইয়াৰ পাছতে ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা , আই চিঙ লাউ প্ৰতিযোগিতাৰ অনুষ্ঠিত হয় ৷ইফালে সন্ধিয়া সাংস্কৃতিক প্ৰতিযোগিতা অনুস্ঠিত হোৱাৰ লগতে কুসুম কৈলাচৰ সংগীতানুষ্ঠান হ’ব বুলি উদ্যোক্তা সকলে জানিব দিয়ে ৷
আলকাবা ফাউণ্ডেইচনৰ প্ৰশংসনীয় পদক্ষেপ
আলকাবা ফাউণ্ডেইচন সমাজৰ বিভিন্ন স্তৰত বিভিন্ন ধৰণে কাম কৰি সমাজৰ বিভিন্ন জনক সহায় কৰি অহা নতুন কথা নহয়। আলকাবা ফাউণ্ডেইচন বিপদৰ সময়ত সদায় দুখীয়া দৰিদ্ৰৰ ওচৰত।বহুদিন ধৰি দেৰগাঁৱৰ শীতলপথাৰ অঞ্চলৰ ৰাইজে খেতি পাথাৰলৈ যাবলৈ বা অন্য বিভিন্ন কামত বাৰিষা অহা যোৱা কৰিবলৈ বহু কষ্ট ভূগি আহিছে। শীতল পথাৰ কৃষি বান্ধ এক প্ৰকাৰৰ শীতল পথাৰ পৰা নেঘেৰিটিং শিৱদৌল সংযোগী ১৩ কি:মি:এই বান্ধ তথা পথ বাৰিষা পানীৰ তলত দুবি থকাৰ লগতে বোকাময় হৈ থাকে।স্থানীয় ৰাইজে চৰকাৰ তথা বিভাগীয় কতৃপক্ষক আবেদন নিবেদন কৰাৰ পাছতো একো সু ফল নাপালে। শেষত এই কথা গম পাই আলকাবা ফাউণ্ডেইচনৰ সভাপতি আলহাজ ৰাজুমণি হুছেইনে তেওঁলোকৰ কাষত থিয় দিয়ে।আলকাবা ফাউণ্ডেইচনে নিজাববীয়াকৈ প্ৰায় ২ লাখ টকাৰে উক্ত বান্ধ তথা পথটো জেচিবি, দামফাৰ লগাই মাটিৰে ওখ কৰি বান্ধ মেৰামতিৰ কাম আৰম্ভ কৰিছে। এনে ধৰনৰ সামাজিক কামবোৰ অনাগত সময়তো ৰাইজৰ বাবে কৰি যাব বুলি আলকাবা ফাউণ্ডেচনৰ সভাপতি ৰাজুমনি হুছেইনে সাংবাদিকৰ আগত জানিবলৈ দিয়ে।










