আজি ৰাতিপুৱা পূৱা ৭:৫৩ মিনিটত অহা ভয়ংকৰ ভূমিকম্পৰ জোকাৰণীয়ে সমগ্ৰ ৰাজ্যত তীব্ৰ আতংক সৃষ্টি কৰে।ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত বহু অঞ্চলত বহু লোকৰ পকী ঘৰৰ বেৰ, গ্লাছ, ভাঙি যোৱাৰ লগতে বটাবাৰী গাওঁৰ খৈৰাপাৰা চুবাৰ সমীপত আজি অহা ভূমিকম্পৰ ফলত মাটি ফাটি পানী ওলোৱা ঘটনাই জনগণৰ মাজত আতংকৰ সৃষ্টি কৰে।
ভূঁইকম্পৰ ফলত নগাঁৱত বিস্তৰ ক্ষতি সাধন
বুধবাৰে হোৱা ভূঁইকম্পৰ ফলত নগাঁৱত বিস্তৰ ক্ষতি সাধন। নগাওঁ চহৰৰ কাঠমিল চাৰিআলিত দুটাকৈ বাসগৃহত সৃষ্টি হয় বৃহৎ ফাটৰ লগতে বাসগৃহ দুটা বেঁকা হৈ ঢলি পৰে।
তামুলপুৰত ভূমিকম্প জোকাৰিৰ ফলত হাহাকাটা- বালাবাৰীত প্ৰকাণ্ড ফাট।
তামুলপুৰত ভূমিকম্প জোকাৰিৰ ফলত হাহাকাটা- বালাবাৰীত প্ৰকাণ্ড ফাট। পাগলাদিয়া নদীৰ দলঙৰ দুই ফালে পথত প্ৰকাণ্ড ফাট। মাটি ফুটি ওলাইছে পানী আৰু বালি। হাহকাটা বালাবাৰীৰ তপন তালুকদাৰৰ গৃহতো প্ৰকাণ্ড ফাট। শংকিত সমগ্র অঞ্চল বাসী।
ডিব্ৰুগড়ত ভয়াবহ অগ্নিকাণ্ড
ডিব্ৰুগড়ত ভয়াবহ অগ্নিকাণ্ড। বহু দোকান জুইত জাহ।
ডিব্ৰুগড় কল ৰোডত অগ্নি কাণ্ড। MD ইডৰিছ, MDহাকিম, সংগীত, K.K ইলেকট্ৰিক আদিকে কৰি বহু কেইটা বাস গৃহ সম্পূৰ্ণ ৰূপে ভস্মিভূত।
অগ্নি নিবাপিন বাহিনী চেষ্টা জুই নুমোৱা। বৰ্তমনলৈকে কমা নাই জুই।
BCPL পৰাও বহু বাহন আহি জুই নুমুৱা চেষ্টা।
কিহৰ কাৰণে জুই লাগিল গম পোৱা হোৱা নাই।
ব্যস্ত অঞ্চল কল ৰোডত সকলো দোকান বজাৰ খালি কৰিবলৈ ডিব্ৰুগড় জিলা প্ৰশাসনৰ নিৰ্দেশ।
চাবুৱাত লোহমৰ্ষক হত্যাকাণ্ড:স্বামীয়ে চোকা অস্ত্ৰৰে হানি হত্যা কৰিলে পত্নীক:আক্ৰমণ কৰিলে দুবছৰীয়া কন্যাক
মঙ্গলবাৰে নিশা চাবুৱাত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ।
স্বামীয়ে চোকা অস্ত্ৰৰে হানি খুঁচি হত্যা কৰিলে পত্নীক।
আনকি চোকা অস্ত্ৰৰে খুচি আহত কৰিলে নিজ দুবছৰীয়া কণমানি কন্যা পৰিস্মিতা নায়কক। ঘটনাৰ স্হান চাবুৱাৰ নেপালীপট্টি।জানিব পৰামতে অজিত নায়ক নামৰ ব্যক্তিজনে এইটো বাসগৃহতে বিচনাতে চোকা অস্ত্ৰৰে খুচি নিহত কৰে পত্নী মনিষা নায়কক। তেজে তুমৰলি হৈ পৰে সমগ্ৰ বিচনা। আনহাতে কণমানিটিৰ কান্দোন শুনাৰ পাছতহে ৰাতিপুৱাহে পোহৰলৈ আহে সমগ্ৰ ঘটনা। ইয়াৰ পাছতে ঘটনাস্থলীত চাবুৱা আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী অজিত নায়কক।
ইফালে হত্যাকাৰী অজিত নায়কে চোকা অস্ত্ৰৰে খুচি গুৰুতৰভাৱে আহত কৰে নিজা দুবছৰীয়া কন্যা পৰিস্মিতা নায়কক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে লৈ যোৱা হৈছে AMCH-লৈ। আনফালে ঘৰত অসহায় হৈ পৰি ৰৈছে এতিয়া এই দুটি মৰমলগা পাঁচমহীয়া কন্যা সন্তান। অৱশ্যে বৰ্তমান সময়লৈকে হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। ইতিমধ্যে এই হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে এতিয়া সমগ্ৰ চাবুৱাতে।
আমি পিন্ধা মাস্কখন ‘মাস্ক’ হয়নে? ই আমাক ৰক্ষা কৰেনে? বিশেষজ্ঞ চিকিৎসকৰ ভাষ্য শুনক।
আমি পিন্ধা মাস্কখন ‘মাস্ক’ হয়নে? ই আমাক ৰক্ষা কৰেনে? বিশেষজ্ঞ চিকিৎসকৰ ভাষ্য শুনক।
”যোগান বিভাগৰ অকালমৃত্যু”:অসম জাতীয় পৰিষদৰ দ্বাৰা যোগান বিভাগৰ শৱযাত্ৰা আৰু ব্ৰহ্মপুত্ৰত বিসৰ্জন
ক’ভিড্ মহামাৰীৰ এই বিভীষিকাময় সময়ছোৱাত ভূতৰ ওপৰত দানহ পৰাদি অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ অতিপাত মূল্যবৃদ্ধিয়ে জনসাধাৰণক চাৰিওফালৰ পৰা টেঁটুত চেপা দি ধৰিছে ৷ এফালে ক’ভিদ আতংক আনফালে বজাৰত বস্তুৰ জুইছাই দাম, ফলত জনসাধাৰণৰ নাজল-নাথল অৱস্থা।ক’ভিদ-হৈ নমৰিলেও নাখায় মৰাটো খাটাং বুলি আজি বহুতেই ভাবিবলৈ বাধ্য হৈছে।কিন্তু এনে পৰিস্থিতিটো চৰকাৰ- প্ৰশাসন নিৰ্বিকাৰ। মূল্য বৃদ্ধি ৰোধ কৰাৰ কোনো ব্যৱস্থাই নাই। আজি অস্তিত্বহীন যোগান বিভাগ। চৰকাৰে এই বিভাগটো বিলুপ্ত কৰা হ’ল বুলি ঘোষণা কৰাৰ পূৰ্বেই যেন ইয়াৰ অপমৃত্যু হ’ল। এক কথাত অকাল মৃত্যু। সেয়েহে অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলা আৰু জিলা খনৰ জাতীয় যুৱ শক্তিৰ সদস্য সকলে আজি অকাল মৃত্যু হোৱা যোগান বিভাগৰ শৱযাত্ৰা কৰি বিভাগটোক ব্ৰহ্মপুত্ৰত উটুৱাই দিয়ে। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ৰাইজৰ বিপদ কালত অসম জাতীয় পৰিষদ দল কোনো কাৰণতে হাত সাৱটি বহি নাথাকে বুলি চৰকাৰ-প্ৰশাসনলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে।জনসাধাৰণক আওমৰণে মৰিবলৈ এৰি দি অসাধু ব্যৱসায়ী চক্ৰক পৰিস্থিতিৰ সুযোগলৈ অসৎ উপায়েৰে ধন ঘটাৰ সুবিধা কৰি দিয়াটো যদি তাৎক্ষণিক ভাৱে বন্ধ কৰি মূল্যবৃদ্ধি ৰোধ কৰা নহয় তেন্তে তেতিয়া দলে ৰাইজে যি নিৰ্দেশ দিব তাকে পালন কৰিব।ৰাইজে বিচাৰিলে দলে নিজে হাতে-কামে ব্যৱস্থা লবলৈ বাধ্য থাকিব। আজিৰ কাৰ্যসূচীৰ অন্তত অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলাৰ সভাপতি সঞ্জীৱ বৰা, সম্পাদকদ্বয় প্ৰণৱ ডেকা, আছিফ আলী আৰু মহানগৰ যুৱশক্তিৰ সভাপতি শৈলেন কলিতা, সম্পাদকদ্বয় জিন্টু কলিতা আৰু মনোজ কলিতাই তীব্র ক্ষোভৰে এই কথা প্ৰকাশ কৰে।
হোজাই ভয়ংকৰ অঘটন৷ কাম কৰি থকাৰ সময়তে ঘৰৰ চাঁদ ভাগি থিতাতে মৃত্যু শ্রমিকৰ
হোজাই সংঘটিত ভয়ংকৰ অঘটন৷
হোজাই চহৰৰ কালীবাৰীত এজন শ্রমিকৰ মৃত্যু।
কাম কৰি থকাৰ সময়তে ঘৰৰ চাঁদ ভাগি আবদ্ধ হৈ থিতাতে মৃত্যু হয় মিথুন মণ্ডল নামৰ যুৱক।
কালিবাৰীৰ বিজয় দেৱনাথৰ গৃহত সংঘটিত হৈছে এই ঘটনা৷
বিজয় দেৱনাথে এমাহ পূৰ্বে দিয়া চাঁদ খোলাৰ কামত আজি নিয়োজিত কৰা হৈছিল শ্ৰমিককেইজনক৷
কাম কৰি থকাৰ সময়তে ঘৰৰ চাঁদ ভাগি যোৱাত চাদৰ তলত আৱদ্ধ হৈ পৰে শ্ৰমিক পিতা-পুত্ৰ সহ আন এজন৷
চাঁদৰ তলত আৱদ্ধ হৈ থিতাতে মৃত্যুক আঁকোৱালি লয় মিথুন মণ্ডল নামৰ যুৱকজনে৷ আনহাতে পিতৃ ধিৰান মণ্ডল আৰু আনজন শ্ৰমিক নাৰায়ন দাসো গুৰুতৰভাৱে আহত হয়৷
ঘটনাস্থলীত হোজাই আৰক্ষী আৰু SDRF বাহিনী উপস্থিত হৈ জেচিবিৰ সহায়ত শ্ৰমিকজনৰ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷
আহত দুয়োজন শ্ৰমিকেক হোজাই FRU ত ভৰ্তি কৰা হয়৷
উক্ত ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷
কৰ্পূৰ,লং,আজৱাইন আৰু ইউকেলিপটাছৰ তেলে দেহত অক্সিজেনৰ পৰিমান বৃদ্ধি কৰে? সচা নে মিছা? DB FACTCHECK
কৰ্পূৰ,লং,আজৱাইন আৰু ইউকেলিপটাছৰ তেলে অক্সিজেনৰ পৰিমান বৃদ্ধি কৰাৰ কোনো বৈজ্ঞানীক প্ৰমান নাই।
দাবীটোৰ সত্যতা জানিবলৈ আমি আমি চৰকাৰ তথা বিশ্ব স্বাস্থ্য সংস্থাই ভাইৰেল দাবীটোৰ দৰে তেনেকুৱা কোনো নিয়ম ঘোষণা কৰিছে নেকি চালো। আমি এই সম্পৰ্কত তেনেকুৱা একো তথ্য নাপালো। তাৰ পিছত নিতৌ কোভিড ৰোগীৰ চিকিৎসা কৰি থকা খ্যাতিমান চিকিৎসক তথা গৱেষক ডা হিম্মতৰাে বাৱাস্কৰৰ সৈতে ভাইৰেল মেছেজটোৰ সত্যতা জানিবলৈ যোগাযোগ কৰিলো। তেওঁ স্পষ্ট কৰি দিলে যে মেছেজটো সম্পূৰ্ণৰূপে ভিত্তিহীন।
“যেতিয়া আমি কোভিড ১৯ৰ দৰে বিশ্বব্যাপী মহামাৰীৰ সৈতে যুঁজ কৰি থাকো,তেতিয়া মানুহে তেনেকুৱা মেছেজত বিশ্বাস কৰিব নালাগে। তথাকথিত সেই ঘৰুৱা উপচাৰসমুহ কৰ’ণাভাইৰাছৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰভাৱী নহয়।” ফেনত তেখেতে তেনেকৈ ক’লে।
কৰ্পূৰ হৈছে এবিধ টাৰপিন,যিটো সাধাৰণতে ক্ৰিম,মলম আৰু লোচনত ব্যৱহাৰ কৰা হয়।যদিও ইয়াক বিষ,খজুৱতী আৰু সুৰসুৰণিত ব্যৱহাৰ কৰা হয়, কিন্তু ইয়াৰ কোনো ভাল বৈজ্ঞানীক প্ৰমান নাই যে কৰ্পূৰ তেনেকুৱা আন কামত ব্যৱহাৰ কৰিব পাৰি। যদি আপুনি ইয়াৰ মাত্ৰাধিক ব্যৱহাৰ কৰে,তেনেহ’লে ই পাৰ্শ্বক্ৰিয়া কৰিব পাৰে।
লং যদিও স্বাস্থ্যৰ বাবে ভাল,তথাপি ই কোভিড১৯ ৰোগত চিকিৎসাৰ বাবে ব্যৱহাৰ হোৱাৰ কোনো বৈজ্ঞানীক গৱেষণালব্ধ প্ৰমান নাই। একেধৰণে আজৱাইন হৈছে আজৱাইন নাম উদ্ভিদৰ গুটি। ইয়াত ভাৰতীয় খাদ্যত ব্যৱহাৰ কৰা হয়। সীমিত পৰিমানৰ কিছু গৱেষণাই কয় যে ই কাঁহ নিবাৰক হিচাপে বা হাওঁ-ফাওঁলৈ উশাহৰ পৰিমান বৃদ্ধিত সহায় কৰে। মানুহৰ স্বাস-প্ৰস্বাসজনিত ৰোগ বা কাঁহৰ ক্ষেত্ৰত আজৱাইনে কেনেধৰণৰ প্ৰতিৰোধ গঢ়ে তাৰ বাবে বিস্তাৰিত গৱেষণাৰ প্ৰয়োজন আছে।
আইএএনএছৰ তৰফৰ পৰা ড: নৰোত্তম কুমাৰৰ উদ্ধৃতিত কোৱা হৈছে,” মই এই মিশ্ৰনবোৰ সম্পৰ্কত সচেতনভাৱে নজৰ ৰাখিছো আৰু সম্পূৰ্ণৰূপে বিভ্ৰান্ত হৈছো। হোম আইছ’লেছনত থকা ৰোগীৰ বাবে তেনেকুৱা এটা উপচাৰ হৈছে এচামুচ ডালচিনিৰ গুড়ি গৰম পানীৰ সৈতে গ্ৰহন কৰা। ডালচিনিয়ে পেটৰ ভিতৰত কাৰ্বন ডাই অক্সাইডৰ পৰিমান বঢ়াই দিয়ে আৰু যাৰ ফলত ৰক্ত পৰিবাহী নলী বন্ধ হৈ ৰক্তপ্ৰৱাহ ৰৈ যাব পাৰে। ই গ্ৰীষ্মকালত হিতে বিপৰীত হ”ব পাৰে।”
পালমোনোলোজিষ্ট ড: সূৰ্য কান্তে ৰাইজক হোৱাটছএপৰ দিহা পালন নকৰি চিকিৎসকৰ সহায় ল’বলৈ আহ্বান জনায়।
আমি আনকি কোভিড ১৯ ৰোগীৰ চিকিৎসাত নিয়োজিত ডা: বালানুজ মজুমদাৰৰ সৈতে যোগাযোগ কৰোতে তেওঁৱো কৈছে যে এম্বুলেন্সত তেনেকুৱা কিবা মিশ্ৰন মজুত ৰখা কথাটো তেওঁ শুনায়ে নাই।গতিকে ভাইৰেল মেছেজটো বৈজ্ঞানীক গৱেষণালব্ধ নহয়। আমি আমাৰ পাঠকসকল তেনেকুৱা সত্যাসত্য নিৰূপিত নোহোৱা কথা বিশ্বাস নকৰিবলৈ আহ্বান জনাও।
চুমিলাক ন্যায় প্ৰদানৰ স্বাৰ্থত আমি কি কৰিব পাৰো? ‘ডিবি’ নিউজৰ জনমত গঠনৰ এক ক্ষুদ্ৰ প্ৰয়াস!
আহক একগোট হওঁ!
ছোচিয়েল মিডিয়াত চুমিলা ৰংহাংপিক ন্যায় প্ৰদান কৰাৰ বাবে জনমত গঠন কৰাত অসমৰ সংবাদ মাধ্যমৰ ভূমিকাক লৈ আলোচনা চলি থকাৰ মাজতে আমি দৈনন্দিন বাৰ্তা গ্ৰুপ আৰু ডিবি নিউজে আপোনালোকক আহ্বান জনাওঁ যে আপোনালোকৰ পৰামৰ্শ আমাক জনাওক। আমি আপোনালোকৰ লগত আছো










