Breaking

”যোগান বিভাগৰ অকালমৃত্যু”:অসম জাতীয় পৰিষদৰ দ্বাৰা যোগান বিভাগৰ শৱযাত্ৰা আৰু ব্ৰহ্মপুত্ৰত বিসৰ্জন

0 323

ক’ভিড্ মহামাৰীৰ এই বিভীষিকাময় সময়ছোৱাত ভূতৰ ওপৰত দানহ পৰাদি অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ অতিপাত মূল্যবৃদ্ধিয়ে জনসাধাৰণক চাৰিওফালৰ পৰা টেঁটুত চেপা দি ধৰিছে ৷ এফালে ক’ভিদ আতংক আনফালে বজাৰত বস্তুৰ জুইছাই দাম, ফলত জনসাধাৰণৰ নাজল-নাথল অৱস্থা।ক’ভিদ-হৈ নমৰিলেও নাখায় মৰাটো খাটাং বুলি আজি বহুতেই ভাবিবলৈ বাধ্য হৈছে।কিন্তু এনে পৰিস্থিতিটো চৰকাৰ- প্ৰশাসন নিৰ্বিকাৰ। মূল্য বৃদ্ধি ৰোধ কৰাৰ কোনো ব্যৱস্থাই নাই। আজি অস্তিত্বহীন যোগান বিভাগ। চৰকাৰে এই বিভাগটো বিলুপ্ত কৰা হ’ল বুলি ঘোষণা কৰাৰ পূৰ্বেই যেন ইয়াৰ অপমৃত্যু হ’ল। এক কথাত অকাল মৃত্যু। সেয়েহে অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলা আৰু জিলা খনৰ জাতীয় যুৱ শক্তিৰ সদস্য সকলে আজি অকাল মৃত্যু হোৱা যোগান বিভাগৰ শৱযাত্ৰা কৰি বিভাগটোক ব্ৰহ্মপুত্ৰত উটুৱাই দিয়ে। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ৰাইজৰ বিপদ কালত অসম জাতীয় পৰিষদ দল কোনো কাৰণতে হাত সাৱটি বহি নাথাকে বুলি চৰকাৰ-প্ৰশাসনলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে।জনসাধাৰণক আওমৰণে মৰিবলৈ এৰি দি অসাধু ব্যৱসায়ী চক্ৰক পৰিস্থিতিৰ সুযোগলৈ অসৎ উপায়েৰে ধন ঘটাৰ সুবিধা কৰি দিয়াটো যদি তাৎক্ষণিক ভাৱে বন্ধ কৰি মূল্যবৃদ্ধি ৰোধ কৰা নহয় তেন্তে তেতিয়া দলে ৰাইজে যি নিৰ্দেশ দিব তাকে পালন কৰিব।ৰাইজে বিচাৰিলে দলে নিজে হাতে-কামে ব্যৱস্থা লবলৈ বাধ্য থাকিব। আজিৰ কাৰ্যসূচীৰ অন্তত অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলাৰ সভাপতি সঞ্জীৱ বৰা, সম্পাদকদ্বয় প্ৰণৱ ডেকা, আছিফ আলী আৰু মহানগৰ যুৱশক্তিৰ সভাপতি শৈলেন কলিতা, সম্পাদকদ্বয় জিন্টু কলিতা আৰু মনোজ কলিতাই তীব্র ক্ষোভৰে এই কথা প্ৰকাশ কৰে।

Leave A Reply