Home Blog Page 308

অসম কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত । assam cabinet

অসম কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত । assam cabinet
অসম কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত । assam cabinet

গুৱাহাটী, ১০ মে’ ২০২৫: assam cabinet ।
অসম চৰকাৰৰ কেবিনেট বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ আৰু জনকল্যাণমুখী সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সিদ্ধান্তসমূহত ৰাজ্যৰ শিক্ষা, সামাজিক, অৰ্থনৈতিক আৰু উদ্যোগিক খণ্ডক সহায় জনাব পৰা একাধিক নতুন আঁচনি আৰু নীতিগত পৰিবর্তনৰ কথা ঘোষণা কৰা হয়।

ডিব্ৰুগড় বিমানবন্দৰক ড° ভূপেন হাজৰিকাৰ নামত উছৰ্গা

কেবিনেটে ডিব্ৰুগড় বিমানবন্দৰক ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ নামত নামকৰণ কৰাৰ অনুমোদন দিছে। ড° হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন উপলক্ষে এই সিদ্ধান্ত লোৱা হৈছে। এই প্রস্তাৱ বিধানসভাৰ বিশেষ অধিবেশনত উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ’ব।

চাহ বাগিচা কৰ্মীৰ বাবে এককালীন সহায়

“অসম চাহ বাগিচা কৰ্মীৰ আৰ্থিক সহায়তা আঁচনি, ২০২৫”ৰ অধীনত, অসম চৰকাৰে চাহ উদ্যোগৰ ২০০ বছৰ উদযাপন উপলক্ষে প্ৰায় ৭ লাখ চাহ বাগিচাৰ কৰ্মীক ₹৫,০০০ টকাৰ এককালীন আৰ্থিক সহায়তা আগবঢ়াব।

মাষ্টাৰ ৰ’ল আৰু অস্থায়ী কৰ্মচাৰীৰ ঘৰ ভাড়া ভাত্তা

১৩,৮২২ জন মাষ্টাৰ ৰ’ল, সাময়িক আৰু ফিক্সড পে’ কৰ্মচাৰীক ঘৰ ভাড়া ভাত্তাৰ ৫০% প্ৰদান কৰাৰ সিদ্ধান্ত কেবিনেটে অনুমোদন কৰিছে। বহুদিনৰ দাবী আছিল এই ভাত্তাৰ।

“আপোন বাহন” আৰু “আপোন ঘৰ” আঁচনিৰ সম্প্রসাৰণ

২০২৫-২৬ অর্থবছৰৰ বাবে “আপোন বাহন” আঁচনিত ৬০ বছৰৰ ভিতৰত থকা অধিসূচিত সেৱাৰ অধীনৰ চৰকাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীৰ অন্তর্ভুক্তি ঘটিছে। লগতে “আপোন ঘৰ” আঁচনিত ৩০ লাখ টকালৈ ঋণ সীমা বৃদ্ধি কৰা হৈছে।

“মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি”

২০২৫ চনৰ অক্টোবৰ মাহৰ পৰা ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলক প্ৰতিমাহে ₹২,৫০০ টকাৰ সহায় আগবঢ়াব। দিব্যাংগ আৰু গৱেষক শিক্ষাৰ্থীসকলকো এককালীন সাহায্য প্ৰদান কৰা হ’ব।

ইলেক্ট্ৰনিক্স আৰু জলশক্তি খণ্ডত বিনিয়োগৰ নতুন সুযোগ

“Assam Electronics Components Manufacturing Top-Up Scheme, 2025” আঁচনিৰ অধীনত ভাৰত চৰকাৰৰ উদগনিত ৬০% অতিৰিক্ত অনুদানৰ ব্যৱস্থা থাকিব। ইলেক্ট্ৰনিক্স উদ্যোগৰ বিকাশৰ লগতে বিনামূলীয়া ভূমি, এস.জি.এস.টি. ৰেহাই আদি সুবিধাও থাকিব।

পাছফালে, “পাম্পযুক্ত জল সঞ্চয় শক্তি উৎপাদন নীতি, ২০২৫”ৰ অধীনত অসমক জলশক্তি উৎপাদনত এগৰাকী অগ্ৰণী ৰাজ্য ৰূপে গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

সমবায় নীতিত সংশোধন: ইজ অব ডইং বিজনেছক সহজীকৰণ

অসম সমবায় সমিতি আইন, ২০০৭ অনুসৰি, নতুন আৰু পুৰণি সমবায় সমিতিসমূহৰ পঞ্জীয়ন মাচুল ১%ৰ পৰা হ্ৰাস কৰি ০.৫% কৰা হৈছে, যাৰ ফলত উদ্যোগ আৰু সমবায় খণ্ডত বিনিয়োগ উৎসাহিত হ’ব।

ভাৰত-পাকিস্তানৰ মাজত নহয় যুদ্ধ – ঘোষণা ড’নাল্ড ট্ৰাম্পৰ । donald trump

ভাৰত-পাকিস্তানৰ মাজত নহয় যুদ্ধ – ঘোষণা ড’নাল্ড ট্ৰাম্পৰ । donald trump
ভাৰত-পাকিস্তানৰ মাজত নহয় যুদ্ধ – ঘোষণা ড’নাল্ড ট্ৰাম্পৰ । donald trump

১০ মে’২০২৫–
donald trump । দীঘলীয়া উত্তেজনাপূর্ণ পৰিস্থিতিৰ অন্তত, ভাৰত আৰু পাকিস্তানৰ মাজত সম্ভাৱ্য যুদ্ধৰ আশংকা বৰ্তমানে আঁতৰি পৰাৰ দিশে গৈছে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক বিস্ফোৰক দাবীত কৈছে, “ভাৰত আৰু পাকিস্তান যুদ্ধ নহয়, শান্তিৰ পথ বাচি ল’বলৈ সন্মত হৈছে।”

ট্ৰাম্পে উল্লেখ কৰে যে, “আমি দুয়োখন দেশক যুদ্ধৰ পৰা আঁতৰি শান্তিৰ পথত আহিবলৈ প্ৰচেষ্টা কৰিছিলো, আৰু সেই প্ৰচেষ্টা সফল হৈছে। এতিয়া দুয়োখন দেশ যুদ্ধবিৰতিৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে।”

তেওঁয়ে আগবঢ়োৱা এই বিবৃতি বিশ্ব ৰাজনীতিত যথেষ্ট চৰ্চাৰ সৃষ্টি কৰিছে, বিশেষকৈ ভাৰত-পাকিস্তানৰ সীমান্তত সাম্প্ৰতিক কালছোৱা উত্তেজনাৰ পটভূমিত। ট্ৰাম্পে লগতে কয়, “যি পৰিস্থিতি দুয়োখন দেশতে সৃষ্টি হৈছিল, সেয়া শান্ত কৰাটো প্ৰয়োজন আছিল। আমি যোৱা নিশাৰ পৰা কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰি আহিছিলোঁ আৰু দুয়োখন দেশেই তাৰ সদাৰ্থক প্ৰতিক্ৰিয়া দিছে।”


আমেৰিকাৰ কূটনৈতিক তৎপৰতাৰ সফলতা

আমেৰিকাৰ বৈদেশিক সচিব মাৰ্ক ৰুবিঅ’য়ে প্ৰকাশ কৰিছে যে, এই শান্তি স্থাপন কাৰ্যত তেওঁ নিজেই জে ডি ভেন্সৰ সৈতে একেলগে ভাৰত আৰু পাকিস্তানৰ উচ্চপদস্থ চৰকাৰী বিষয়াসকলৰ সৈতে যোগাযোগ কৰিছিল।

তেওঁ কয়, “আমাৰ আলোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ, ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, পাকিস্তানৰ সেনা প্ৰধান জেনাৰেল অসীম মুনিৰ, ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু পাকিস্তানৰ উপদেষ্টা অসীম মালিকৰ সৈতে অনুষ্ঠিত হৈছিল।”

ৰুবিঅ’য়ে স্পষ্টকৈ কয়, “ভাৰত আৰু পাকিস্তানে তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে আৰু এখন নিৰপেক্ষ স্থানত বহুত দীৰ্ঘকাল ধৰি চলি অহা বিতৰ্কীয় বিষয়বোৰৰ ওপৰত আলোচনা আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে।”

তেওঁয়ে মোদী আৰু শ্বাহবাজ শ্বৰীফৰ বিচক্ষণতা আৰু দৃষ্টিভংগীক শলাগি কৈছে, “এই দুয়ো নেতাই যি দায়িত্বশীলতা আৰু কূটনৈতিক বুদ্ধিমত্তা দেখুৱাইছে, তাক আমি আন্তৰিকভাৱে প্ৰশংসা কৰিছো।”


পাকিস্তানৰ প্ৰতিক্ৰিয়া – যুদ্ধবিৰতিৰ বাবে সন্মতি

পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ইছহাক দাৰে এই খবৰক প্ৰত্যায়িত কৰি এক বিবৃতিত কয়, “আমি যুদ্ধবিৰতি কৰিবলৈ সন্মত হৈছে। ইয়াৰ পিছত বিশ্বমঞ্চত যিয়েই পদক্ষেপ লোৱা হয়, আমি তাক মানি ল’ম।”

তেওঁৰ মতে, পাকিস্তান শান্তিৰ পথ বাচিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, আৰু এই নতুন পদক্ষেপে অঞ্চলটোত স্থায়ী স্থিতিশীলতা আনিবলৈ সহায় কৰিব।


শান্তিৰ বাবে আগবঢ়া আহ্বান

শনিবাৰে পুৱা মাৰ্ক ৰুবিঅ’য়ে পাকিস্তানৰ সেনা প্ৰধান জেনাৰেল অসীম মুনিৰৰ সৈতে হোৱা এক গুৰুত্বপূৰ্ণ আলোচনা সভাত উল্লেখ কৰে, “আপুনি যদি আগুৱাই যায়, তেন্তে ইয়াৰ প্ৰতিক্ৰিয়া পাকিস্তানৰ বাবে বিফলতাজনক হ’ব পাৰে।” ৰুবিঅ’য়ে মুনিৰক এইক্ষেত্ৰত শান্ত হোৱাৰ আহ্বান জনায়।


বিশ্লেষণ আৰু ভবিষ্যৎ দিশ

বিশ্লেষকৰ মতে, এই ঘটনাই দক্ষিণ এছিয়াৰ কূটনৈতিক দিশত এটা গুৰুত্বপূৰ্ণ পৰিবৰ্তন আনিব পাৰে। বহু বছৰ ধৰি চলি অহা সীমান্ত উত্তেজনা, যুদ্ধৰ আশংকা আৰু বিশ্বাসঘাতকতাসমূহৰ মাজত এই যুদ্ধবিৰতিৰ সিদ্ধান্ত শান্তিপূর্ণ সহাৱস্থানৰ বাবে এক আশাৰ পোহৰ কঢ়িয়াই আনিছে।

তথ্য অনুসৰি, দুয়োখন দেশৰে উপ-সচিব পৰ্যায়ৰ আলোচনাৰ বাবে নিৰপেক্ষ স্থান নিৰ্বাচনৰ কাম চলি আছে। আশা কৰা হৈছে, এই আলোচনা দুয়োদেশৰ মাজত নতুন বিশ্বাস আৰু সহযোগিতাৰ যুগ আৰম্ভ কৰিব।

India-Pak War: ভাৰত চৰকাৰৰ কঠোৰ সিদ্ধান্তঃ যিকোনো সন্ত্ৰাসবাদী কাৰ্যক যুদ্ধ হিচাপে গণ্য কৰিব ভাৰতে

India-Pak War: ভাৰত চৰকাৰৰ কঠোৰ সিদ্ধান্তঃ যিকোনো সন্ত্ৰাসবাদী কাৰ্যক যুদ্ধ হিচাপে গণ্য কৰিব ভাৰতে
India-Pak War: ভাৰত চৰকাৰৰ কঠোৰ সিদ্ধান্তঃ যিকোনো সন্ত্ৰাসবাদী কাৰ্যক যুদ্ধ হিচাপে গণ্য কৰিব ভাৰতে

সন্ত্রাসবাদ নিঃশেষ কৰাৰ বাবে তৎপৰ ভাৰত।(India-Pak War)

এতিয়াৰে পৰা যুদ্ধ হিচাপে গণ্য হ’ব সন্ত্ৰাসবাদীৰ কূটাঘাত।

যিকোনো সন্ত্রাসবাদীৰ আক্ৰমণকেই যুদ্ধ বুলি লৈ ল’ব পদক্ষেপ।

সন্ত্রাসবাদীৰ আক্ৰমণৰ কঠোৰ প্ৰত্যাক্রমণ কৰিব ভাৰতে।

ভাৰত চৰকাৰে সন্ত্রাসবাদৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ।

ভাৰত-পাকিস্তানৰ উত্তেজনাময় পৰিৱেশৰ মাজতে এই কঠোৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ।

Himanta Biswa Sarma: ভাৰত-পাকিস্তানৰ যুদ্ধ চলি থকা পৰ্যন্ত নোৱাৰিব বহুকেইটা কাম কৰিব !

Himanta Biswa Sarma: ভাৰত-পাকিস্তানৰ যুদ্ধ চলি থকা পৰ্যন্ত নোৱাৰিব বহুকেইটা কাম কৰিব !
Himanta Biswa Sarma: ভাৰত-পাকিস্তানৰ যুদ্ধ চলি থকা পৰ্যন্ত নোৱাৰিব বহুকেইটা কাম কৰিব !

যুদ্ধ চলি থকা পৰ্যন্ত কেইবাটাও বিষয়ত গুৰুত্ব চৰকাৰৰ।(Himanta Biswa Sarma)

ভাৰত-পাকিস্তানৰ যুদ্ধ চলি থকা পৰ্যন্ত নোৱাৰিব বহুকেইটা কাম কৰিব।


ৰাজহুৱাকৈ চেমিনাৰ পাতিব নোৱাৰিব কোনোৱে।

চৰকাৰী খৰচত কোনো মন্ত্রী-বিষয়াই বিদেশ ভ্রমণ কৰিব নোৱাৰিব।

আৰক্ষীক বাদ দি কোনো চৰকাৰী বিষয়াই কিনিব নোৱাৰিব গাড়ী।


এই কথা আজি সংবাদমেলযোগে সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।

India-Pak tensions: দেশত হোৱা নাই অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ; সমগ্ৰ দেশতে পৰ্যাপ্ত মাত্ৰাত মজুত আছে খাদ্য সামগ্ৰীঃ জনালে কেন্দ্ৰই

India-Pak tensions: দেশত হোৱা নাই অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ
India-Pak tensions: দেশত হোৱা নাই অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ

ভাৰত-পাক যুদ্ধৰ অচিলালৈ(India-Pak tensions) দুষ্ট চক্ৰই অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰিবলৈ চেষ্টা চলাই আছে। এনে সময়তে কেন্দ্ৰই বিষয়টো সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ ঘটা নাই। তেওঁ কয়, ‘মই সকলোকে আশ্বস্ত কৰিব বিচাৰো যে বৰ্তমান আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মজুত সাধাৰণ প্ৰয়োজনীয়তাতকৈ বহুগুণ বেছি পৰিমাণে আছে—সেয়া চাউলেই হওক, ঘেঁহু হওক, বুটেই হওক বা ৰহৰ দাইল, মাছুৰ দাইল বা মুগ দাইলেই হওক।


খাদ্য সামগ্ৰীৰ অভাৱ ঘটা বুলি প্ৰচাৰ হৈ থকা বিভ্ৰান্তিকৰ বাতৰিৰ বলি নহ’বলৈও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সকলোকে সজাগ কৰি দিয়ে। দিছে। সামাজিক মাধ্যমত তেওঁ কয় , ‘দেশত খাদ্যৰ মজুত সম্পৰ্কীয় অপপ্ৰচাৰৰ বাৰ্তাত বিশ্বাস নকৰিব। আমাৰ হাতত প্ৰচুৰ খাদ্য সামগ্ৰী মজুত আছে, যিটো প্ৰয়োজনীয়তকৈ বহু বেছি পৰিমাণে আছে। তেনে বাতৰিত গুৰুত্ব নিদিব। অত্যাৱশ্যকীয় সামগ্ৰী অবৈধভাবে মজুত কৰাসকলৰ বিৰুদ্ধে অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ প্ৰাসংগিক ধাৰাসমূহৰ অধীনত গোচৰ চলোৱা হ’ব।”


উল্লেখ্য বৰ্তমান দেশত চাউলৰ মজুত থাকিবলগীয়া ১৩৫ লাখ মেট্ৰিক টনৰ বিপৰীতে ৩৫৬.৪২ লাখ মেট্ৰিক টন মজুত আছে। একেদৰে ঘেঁহুৰ মজুত থাকিবলগীয়া ২৭৬ লাখ মেট্ৰিক টনৰ বিপৰীতে ৩৮৩.৩২ লাখ মেট্ৰিক টন মজুত আছে । এনেদৰে প্ৰয়োজনীয় মজুত নীতিৰ আধাৰত দেশজোৰা খাদ্য সুৰক্ষা নিশ্চিত কৰা ।

ইয়াৰ উপৰি ভাৰতত বৰ্তমান প্ৰায় ১৭ লাখ মেট্ৰিক টন খোৱাতেল মজুত আছে। ঘৰুৱাভাৱে শীৰ্ষ উৎপাদনৰ বতৰত সৰিয়হৰ তেলৰ উপলব্ধতা যথেষ্ট হয়, যিয়ে খোৱাতেলৰ যোগানক অধিক শক্তিশালী কৰি তুলিছে।

চলি থকা চেনিৰ বতৰ আৰম্ভ হৈছে ৭৯ লাখ মেট্ৰিক টন উৎপাদনৰ জড়িয়তে।পৰৱৰ্তী সময়ত চেনিৰ উৎপাদন ২৬২ লাখ মেট্ৰিক টন হব বুলি অনুমান কৰা হৈছে। ইথানল উৎপাদনৰ বাবে ৩৪ লাখ মেট্ৰিক টন বাদ দি এই অনুমাণ কৰা হৈছে।

বৰ্তমানলৈকে প্ৰায় ২৫৭ লাখ মেট্ৰিক টন চেনি ইতিমধ্যে উৎপাদন কৰা হৈছে। ঘৰুৱা ব্যৱহাৰ ২৮০ লাখ মেট্ৰিক টন আৰু ১০ লাখ মেট্ৰিক টন ৰপ্তানিৰ বাবে ধৰিলে মজুতৰ পৰিমাণ প্ৰায় ৫০ লাখ মেট্ৰিক টন হ’ব বুলি আশা কৰা হৈছে। এই পৰিমাণৰ চেনিৰে দুমাহ সুন্দৰকৈ চলিব পৰা যাব। লক্ষ্যণীয় কথাটো হল অনুকূল বতৰৰ বাবে ২০২৫–২৬ বৰ্ষত চেনিৰ উৎপাদন বহু পৰিমাণে আশাব্যঞ্জক হিচাবে ধৰা দিছে।

INDIA-PAK WAR: ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সেনা মোতায়েন কৰিছে পাকিস্তানে! কৰ্ণেল ছফিয়াই দিলে খবৰ

INDIA-PAK WAR: ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সেনা মোতায়েন কৰিছে পাকিস্তানে! কৰ্ণেল ছফিয়াই দিলে খবৰ
INDIA-PAK WAR: ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সেনা মোতায়েন কৰিছে পাকিস্তানে! কৰ্ণেল ছফিয়াই দিলে খবৰ

শনিবাৰে জম্মু-কাশ্মীৰৰ(INDIA-PAK WAR) বৃহৎ অঞ্চলত কাকৱৰৰ পৰা অব্যাহত আছে প্ৰচণ্ড গোলাবৰ্ষণ। জম্মুৰ শম্ভু মন্দিৰত পাকিস্তানৰ গোলাবৰ্ষণ। ৰাজৌৰীত পাকিস্তানৰ আক্ৰমণত নিহত হৈছে চৰকাৰী জ্যেষ্ঠ বিষয়াসহ তিনিজন লোক। পাকিস্তানৰ সংবাদ মাধ্যমে দাবী কৰিছে যে ভাৰতে পাকিস্তানক আক্ৰমণ কৰিছে। ভাৰতীয় ক্ষেপণাস্ত্ৰই পাকিস্তানৰ তিনিটা বিমান ঘাটিত আঘাত কৰে। ইয়াৰ ভিতৰত ৰাৱালপিণ্ডিত নূৰ খান, সিন্ধ প্ৰদেশৰ চুক্কুৰ, চকৱালৰ মুৰিদ এয়াৰবেছ আদি।

পাকিস্তানে ভাৰতৰ পশ্চিম সীমান্তত সামৰিক নিয়োগ বৃদ্ধি কৰিছে। শনিবাৰে ভাৰতীয় সেনাই এই কথা প্ৰকাশ কৰে। সংবাদমেলত কয় যে পাকিস্তান সেনাই নিজৰ জোৱানক আগুৱাই লৈ যোৱা দেখা গৈছে। ইয়াৰ দ্বাৰা তেওঁলোকৰ আগ্ৰাসী উদ্দেশ্য প্ৰকাশ পাইছে।


কৰ্ণেল ছফিয়াই কয় যে ভাৰতে পাকিস্তানৰ ৰফিকী, মুৰিদ, চাকলালা আৰু ৰহিম ইয়াৰ খানত থকা পাকিস্তান সেনাৰ বিমান ঘাটিত বিমান আক্ৰমণ চলাইছিল। ইয়াৰ উপৰিও চুক্কুৰ আৰু চুনিয়াত থকা পাকিস্তানৰ সামৰিক ঘাটি, পাছৰুৰ আৰু ছিয়ালকোটত থকা বিমান ঘাটিতো আক্ৰমণ কৰা হয়।


বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু সেনাৰ যৌথ বিবৃতিত কোৱা হৈছে যে, ভাৰতৰ পশ্চিম সীমান্তত পাকিস্তানৰ আক্ৰমণ অব্যাহত আছে। ভাৰতীয় সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লোৱা হৈছে। ড্ৰোন আৰু অন্যান্য উপায়েৰে গোলাবৰ্ষণ চলি আছে। ভাৰতে অধিকাংশ আক্ৰমণ নিষ্ক্ৰিয় কৰিছে। আদমপুৰ, উধামপুৰ, ভাটিন্দা আদি একাংশ ঠাইত ক্ষয়-ক্ষতিৰ বাতৰি পোৱা গৈছে। পাকিস্তানী সৈন্যই শ্ৰীনগৰ, আৱন্তীপোৰা, উধামপুৰৰ চিকিৎসা সুবিধা আৰু বিদ্যালয়সমূহক লক্ষ্য কৰি লৈছে।


পাকিস্তানে নিয়ন্ত্ৰণ ৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত সামৰিক নিয়োগ বৃদ্ধি কৰিছে। ভাৰতীয় সেনা আৰু চৰকাৰে যৌথ সংবাদমেলত এই কথা ঘোষণা কৰে।








India-Pakisan War: ‘শূন্য সহনশীলতা’: ব্ৰিটেইনৰ সৈতে আলোচনা জয়শংকৰৰ, বিগ হিন্ট অন একচন এগেইনষ্ট পাকিস্তান

India-Pakisan War: 'শূন্য সহনশীলতা': ব্ৰিটেইনৰ সৈতে আলোচনা জয়শংকৰৰ, বিগ হিন্ট অন একচন এগেইনষ্ট পাকিস্তান
India-Pakisan War: 'শূন্য সহনশীলতা': ব্ৰিটেইনৰ সৈতে আলোচনা জয়শংকৰৰ, বিগ হিন্ট অন একচন এগেইনষ্ট পাকিস্তান

পাকিস্তানৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণৰ প্ৰতিশোধ হিচাবে ভাৰতে আক্ৰমণ অব্যাহত ৰখাৰ সময়তে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে তেওঁৰ ব্ৰিটিছ বিদেশ মন্ত্ৰী ডেভিদ লেমীৰ সৈতে আলোচনা কৰে। আলোচনাত জয়শংকৰে স্পষ্টভাৱে প্ৰকাশ কৰে যে ভাৰতে সন্ত্ৰাসবাদৰ প্ৰতি ‘শূন্য সহনশীলতা’ নীতি বজাই ৰাখিছে।(India-Pakisan War)


শুকুৰবাৰে জয়শংকৰে ব্ৰিটেইনৰ বৈদেশিক সচিব ডেভিদ লেমীৰ সৈতে টেলিফোনিক বাৰ্তালাপত সন্ত্ৰাসবাদ প্ৰতিহতক কৰাৰ ক্ষেত্ৰত ভাৰতে দৃঢ় স্থিতি গ্ৰহণ কৰিছে। এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত জয়শংকৰে কয়, “আজি বিয়লি ব্ৰিটেইনৰ বৈদেশিক সচিবৰ সৈতে ফোন কল কৰিছিলোঁ। আমাৰ আলোচনা সন্ত্ৰাসবাদ প্ৰতিহত কৰাৰ ওপৰত কেন্দ্ৰিত আছিল, যাৰ বাবে শূন্য সহনশীলতা থাকিব লাগিব।”যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে কেইবাজনো লোক আহত হোৱাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে দুয়োগৰাকী নেতাৰ মাজত এই আলোচনা হয়।

উল্লেখ্য বুধবাৰে পুৱা ১:০৫ বজাৰ পৰা ১:৩০ বজাৰ ভিতৰত ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ সমন্বিত প্ৰচেষ্টাৰে পাকিস্তানৰ জয়ছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবা ঘাটিৰ সমূহত আক্ৰমণ চলায় হৈছে। পাকিস্তানৰ ড্ৰ’ন আক্ৰমণক “কাৰ্যকৰীভাৱে নিষ্ক্ৰিয়” কৰা হৈছে । যুদ্ধবিৰতি উলংঘাৰ উপযুক্ত সঁহাৰি দিয়া হৈছে। এডিজি পিআইয়ে লগতে উল্লেখ কৰে যে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সফল প্ৰতিশোধ বুধবাৰে পুৱতি নিশা আৰম্ভ হোৱা অপাৰেচন সিন্দুৰৰ অধীনত সশস্ত্ৰ বাহিনীয়ে কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰ নিষ্ক্ৰিয় কৰে। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ভাৰতীয় সেনাই এল অ’ চি আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত (আই বি)ৰ কাষত বৃহৎ পৰিসৰৰ কাউণ্টাৰ ড্ৰ’ন অভিযানৰ সময়ত ৫০খনতকৈও অধিক পাকিস্তানী ড্ৰ’ন নিক্ষেপ কৰিছিল ।

Airports: দেশৰ ৩২টাকৈ বিমান বন্দৰ বন্ধৰ নিৰ্দেশ ভাৰত চৰকাৰৰ

Airports: দেশৰ ৩২টাকৈ বিমান বন্দৰ বন্ধৰ নিৰ্দেশ ভাৰত চৰকাৰৰ
Airports: দেশৰ ৩২টাকৈ বিমান বন্দৰ বন্ধৰ নিৰ্দেশ ভাৰত চৰকাৰৰ

দেশৰ ৩২টাকৈ বিমান বন্দৰ বন্ধৰ নিৰ্দেশ ভাৰত চৰকাৰৰ।(Airports)

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ এই জৰুৰী নিৰ্দেশনা।

নিৰাপত্তাজনিত কাৰণত এই সিদ্ধান্ত গ্ৰহণ।

দেশৰ ৩২টা অসামৰিক বিমানবন্দৰ ১৪ মে’ৰ মাজ নিশালৈকে সাময়িকভাৱে বন্ধৰ নিৰ্দেশ ভাৰতীয় অসামৰিক বিমান প্ৰাধিকৰণৰ।

বিমান বন্দৰকেইটা হৈছে- উধমপুৰ, আমবালা, অমৃতসৰ, অৱন্তীপুৰা, ভাথিন্দা, ভূজ, বিকানেৰ, ছণ্ডীগড়, হালৱাৰা বিমানবন্দৰ আৰু হিন্দন, জয়ছালমেৰ, জম্মু, জামনগৰ, যোধপুৰ, কান্দলা, কংগৰা, কেছড়, কিষাণগড়, কুল্লু মানালী, লেহ, লুধিয়ানা, মুন্দ্ৰা বিমানবন্দ আৰু নালিয়া, পাঠানকোট, পাটিয়ালা, পোৰবন্দৰ, ৰাজকোট, ছিমলা, শ্ৰীনগৰ, ঠৈছে, উত্তৰলাই বিমানবন্দৰ।

Rajouri News: ৰাজৌৰীত পাকিস্তানৰ আক্ৰমণত নিহত এজন জ্যেষ্ঠ চৰকাৰী বিষয়া

Rajouri News: ৰাজৌৰীত পাকিস্তানৰ আক্ৰমণত নিহত এজন জ্যেষ্ঠ চৰকাৰী বিষয়া
Rajouri News: ৰাজৌৰীত পাকিস্তানৰ আক্ৰমণত নিহত এজন জ্যেষ্ঠ চৰকাৰী বিষয়া

আজি পুৱা পাকিস্তানে(Rajouri News) ৰাজৌৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্যান্য অঞ্চলৰ অসামৰিক অঞ্চলক লক্ষ্য কৰি লোৱাৰ সময়তে জম্মু-কাশ্মীৰ চৰকাৰৰ এজন জ্যেষ্ঠ বিষয়া নিহত হয়। নিহত ব্যক্তিগৰাকী জম্মু-কাশ্মীৰ প্ৰশাসনৰ অতিৰিক্ত জিলা উন্নয়ন আয়ুক্ত। নিহত বিষয়াগৰাকীৰ নাম ৰাজকুমাৰ কুমাৰ থাপা। মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই প্ৰকাশ কৰিছে এই তথ্য।

বিজেপি নেতা ৰবিন্দৰ ৰাইনাই কয় যে ৰাজকুমাৰ কুমাৰ থাপাৰ মৃত্যুত গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ। তেওঁ আছিল অতি সাহসী বিষয়া যিয়ে পৰম আন্তৰিকতাৰে জাতি আৰু সমাজৰ সেৱা কৰিছিল।

২৬ জন নিৰীহক হত্যা কৰা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত লক্ষ্যভিত্তিক আক্ৰমণ চলোৱাৰ পিছতে জম্মু-কাশ্মীৰৰ অসামৰিক অঞ্চলসমূহত সীমান্তৰ সিপাৰৰ পৰা তীব্ৰ গুলীচালনাৰ সন্মুখীন হৈছে।

Earthquake in Pakistan: পাকিস্তানত ভূমিকম্পঃ এসপ্তাহত চতুৰ্থবাৰৰ বাবে ভূমিকম্প !

Earthquake in Pakistan: পাকিস্তানত ভূমিকম্পঃ এসপ্তাহত চতুৰ্থবাৰৰ বাবে ভূমিকম্প !
Earthquake in Pakistan: পাকিস্তানত ভূমিকম্পঃ এসপ্তাহত চতুৰ্থবাৰৰ বাবে ভূমিকম্প !

যুদ্ধ উত্তেজনাৰ মাজতে পাকিস্তানত ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা ৪.০। ৫ মে’তো ৪.২ প্ৰাবল্যৰ ভূমিকম্পকে ধৰি ধাৰাবাহিক ভূমিকম্পৰ পিছত এইটো চতুৰ্থটো ভূমিকম্প।(Earthquake in Pakistan)


নেশ্যনেল চেণ্টাৰ ফৰ ছিজম’লজি (এনচিএছ)ৰ তথ্য অনুসৰি শনিবাৰে নিশা ১:৪৪ বজাত পাকিস্তানত ৪.০ ৰিখটাৰ স্কেলৰ ভূমিকম্প হয়। কোনো ধৰণৰ ক্ষতি বা হতাহতিৰ খবৰ পোৱা নাই।

সোমবাৰে পাকিস্তান আৰু আফগানিস্তানৰ কিছু অংশত ৪.২ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ পিছতে শেহতীয়া ভূমিকম্পৰ সৃষ্টি হৈছে।