Earthquake in Pakistan: পাকিস্তানত ভূমিকম্পঃ এসপ্তাহত চতুৰ্থবাৰৰ বাবে ভূমিকম্প !
যুদ্ধ উত্তেজনাৰ মাজতে পাকিস্তানত ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা ৪.০। ৫ মে’তো ৪.২ প্ৰাবল্যৰ ভূমিকম্পকে ধৰি ধাৰাবাহিক ভূমিকম্পৰ পিছত এইটো চতুৰ্থটো ভূমিকম্প।(Earthquake in Pakistan)
An earthquake with a magnitude of 4.0 on the Richter Scale hit Pakistan at 01.44 am (IST) today: National Center for Seismology (NCS) pic.twitter.com/zAuDQQ2WRQ
Jammu & Kashmir । জম্মু আৰু কাশ্মীৰত আকৌ উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। বুধবাৰে নিশা জম্মুৰ বহু স্থানত ভয়ংকৰ ড্ৰ’ন আক্ৰমণৰ ঘটনা সংঘটিত হয়। স্থানীয় উৎস অনুসৰি, নিশা প্ৰায় ৫-৬ খন বিস্ফোৰণৰ শব্দ শুনা যায়, যাৰ ফলত সমগ্ৰ অঞ্চলতে তীব্ৰ আতংক পৰিলক্ষিত হয়। এই আক্ৰমণৰ পিছতে জম্মুত ব্লেক আউট জাৰি কৰা হয় আৰু এয়াৰ ছাইৰেন বজাই জনগণক ঘৰত থকাৰ নিৰ্দেশ দিয়ে প্ৰশাসনে।
ড্ৰ’ন আক্ৰমণৰ লগে লগে এয়াৰ ডিফেন্স চিষ্টেম সক্ৰিয় কৰা হয় আৰু সতৰ্কবাণী ঘোষণা কৰা হয়। আনহাতে, কাশ্মীৰৰ কুপবাড়া অঞ্চলৰ পৰা সন্ত্ৰাসবাদীসকলে গুলীবৰ্ষ আৰম্ভ কৰে। এই ঘটনাবোৰে এটা বৃহৎ সামৰিক ষড়যন্ত্ৰৰ সংকেত দিছে বুলি আশংকা প্ৰকাশ কৰিছে নিৰাপত্তা সংস্থাসকলে।
উল্লেখযোগ্য যে, পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰস্বৰূপে ভাৰতৰ সেনাই চলাইছিল ‘অপাৰেশ্যন সেন্দূৰ’। তাৰ পাছতে পাকিস্তানে ভাৰতৰ ওপৰত কেইবাটাও মিছাইল নিক্ষেপ কৰে, যদিও সেইবোৰ ভাৰতৰ এয়াৰ ডিফেন্সে সফলতাৰে ধ্বংস কৰে।